Home Blog Page 3160

ব্যয় বহন কৰিব পাৰিলে আপুনিও পাব জেড প্লাছ নিৰাপত্তা

দৈনন্দিন বাৰ্তা সেৱাঃ কিছুদিনৰ পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশ জাৰি কৰিছিল যি নাগৰিকৰ জীৱনৰ প্ৰতি আশংকা আছে আৰু যিসকেল নিজৰ নিৰাপত্তা ব্যয় বহন কৰিব পাৰে, একমাত্ৰ তেওঁলোককে জেড প্লাছ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা উচিত। বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই হিমাংশু অগ্ৰৱাল নামৰ লোক এজনে উচ্চতম ন্যায়ালয়ত তৰা এটা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

হিমাংশু অগ্ৰৱালে অভিযোগ অনুসৰি আম্বানী ভ্ৰাতৃদ্বয়ৰ নিৰাপত্তাৰ বাবে দেশৰ জনসাধাৰণৰ ধন ব্যৱহাৰ হৈ আহিছে। তেওঁলোক যথেষ্ট ধনী আৰু নিজৰ নিৰাপত্তাৰ খৰচ নিজে বহন কৰাত সক্ষম। গতিকে আম্বানী ভ্ৰাতৃদ্বয়ক দিয়া চৰকাৰী জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হওক। মুকেশ আম্বানী আৰু অনিল আম্বানীৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰৰ বাবে জনোৱা আবেদন বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন জনালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে জীৱনৰ সংশয় থাকিলে আৰু সংশ্লিষ্ট চৰকাৰী নিৰাপত্তাৰ ব্যয় বহন কৰিব পাৰিলে ব্যক্তিবিশেষক জেড প্লাছ নিৰাপত্তা প্ৰদান কৰা হ’ব।

১ নৱেম্বৰত প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন দায়িত্ববাহী জীতেন্দ্ৰ সিং অসমলৈ

দৈনন্দিন বাৰ্তা সেৱাঃ চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন দায়িত্ববাহী জীতেন্দ্ৰ সিং আহি আছে অসমলৈ৷ ১ নৱেম্বৰত অসমলৈ আহিব জীতেন্দ্ৰ সিং৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰ দায়িত্ববাহী হিচাপে নিযুক্তি পোৱাৰ পিছত এয়া হ’ব জীতেন্দ্ৰ সিঙৰ প্ৰথমটো অসম ভ্ৰমণ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত শৰণ শিবিৰ


দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ কাছাৰ জিলাৰ এলেখাগুল আঞ্চলিক নামঘৰত ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু যুৱ সমাজৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচিৰে ধৰ্মীয় সভা আৰু শৰণ শিৱিৰ অনুষ্ঠিত হয়৷ প্ৰতিকুল বতৰকো নেওঁচি দূৰদূৰণিৰ পৰা আহি সমবেত হোৱা দুই শতাধিক ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু যুৱক-যুৱতী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসমৰ বৰাক উপত্যকাৰ তিনিওখন জিলাৰ প্ৰধান সংগঠক নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰে ৰাজ্যিক সমাজৰ প্ৰধান সম্পাদক শ্রীমন্ত ভূঞাই৷

মুখ্য অতিথিৰ আসন অলংকৃত কৰে ৰাজ্যিক সমাজৰ তথা তত্বপৰিষদৰো সভাপতি  দীনেশ মহন্তই৷ মুখ্য অতিথিৰ ভাষণত সভাপতি গৰাকীয়ে বৰাক উপত্যকাৰ তিনিখন জিলাত থকা ২৪ খন অসমীয়াভাষী গাঁৱত গুৰুজনাৰ আদৰ্শৰে প্ৰতিস্থিত ৯ টা নামঘৰত শৰণ, ভজন-ভক্তিৰে নামপ্ৰসঙ্গৰ ধাৰা অব্যাহত ৰখা শাখা আঞ্চলিক আৰু জিলাৰ সমূহৰ ভক্তপ্ৰাণ ৰাইজ, আই আৰু যুৱ সমাজৰ প্ৰতি সাধুবাদ জ্ঞাপনৰে সেইদিনাৰ বাবে প্ৰস্তুত কৰা শৰণ ২৬ জনৰ, ভজন ৬ জনৰ তালিকা দেখি সন্তোষ প্ৰকাশ কৰে৷

এসময়ৰ ৰাজ্যিক শৰণাচাৰ্য্য বলো বৰাই গুৰুধৰ্ম প্ৰচাৰৰ বাবে আগবঢ়োৱা সেৱাক শ্রদ্ধাৰে সোঁৱৰে৷ আনহাতে সভাপতিৰ ভাষণত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসমৰ ইতিবৃত্তৰে ৪ তত্বৰ মূল আধাৰ হৰিনাম মহত্বৰ ব্যাখ্যা সংক্ষেপে দাঙি ধৰে৷ পূৰ্বতে এখন জিলা হিচাপে থকা সমাজখনৰ কলেৱৰ চাই তেওঁলোকৰ অনুৰোধ মৰ্মে(ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আৰু সাধাৰণ পৰিষদ সভাৰ অনুমোদন সাপেক্ষে) এইসভাৰ মূখ্য অতিথিৰ আসনৰ পৰাই হৰিধ্বনিৰ জৰিয়তে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিখন পূৰ্ণাঙ্গ জিলা ঘোষণা কৰে৷

পূৰ্বৰ তিনিওখন জিলাৰ প্ৰধান সংগঠক, নামাচাৰ্য্য, উক্ত সভাৰ সভাপতি ঘিলাইজান আঞ্চলিকৰ নিৰঞ্জন হাজৰিকাক(তত্বপৰিষদৰ অনুমোদন সাপেক্ষে) সভাই শৰণাচাৰ্য্য দায়িত্বও অৰ্পন কৰে৷ শৰণ শিৱিৰ অনুষ্ঠানত ৰাজ্যিক শৰণাচাৰ্য্য হলধৰ ডেকায়েও ভক্তিমাৰ্গত শৰণ-ভজনৰ শব্দাৰ্থ, পদাৰ্থ, তত্বাৰ্থ, নিহিতাৰ্থ, গুঢ়াৰ্থৰ মাজেৰে পৰমাৰ্থলৈ গতি কৰাৰ উপায়ৰ বিষয়ে গুৰুবাণীৰে অতি সহজ-সৰল ভাৱে দাঙি ধৰাৰ অন্তত শৰণ আৰু ভজন পৃথক পৃথককৈ প্ৰদান কৰে৷

আই পি এল’ত আজি মুম্বাই বনাম বাংগালোৰ, প্ৰথমতে কোনে প্ৰৱেশ কৰিব প্লে অফত!

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি মুম্বাইৰ মুখামুখি হ’ব বাংগালোৰ। চলিত বৰ্ষত দুয়োটা দলে ১১ খন খেলৰ ৭ খনত জয়ী হৈছে। নেট ৰান ৰেট আৰু ১৪ পইণ্টৰে পইন্ট তালিকাত ১ নম্বৰত স্থানত মুম্বাই থকাৰ বিপৰীতে বাংগালোৰে পইন্ট তালিকাৰ ২ নম্বৰত স্থানত অৱস্থান কৰিছে।

আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২০ বৰ্ষৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল আমি দেখিবলৈ পাম। আজিৰ মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ খেলখনত যিটো দলে বিজয়ী হব সেই দলটোৱে প্লে অফলৈ উত্তীৰ্ণ হব।

দুয়োটা দলৰ মাজত অনুষ্ঠিত প্ৰথমখন খেল এক ৰোমাঞ্চকৰ পৰ্য্যায়ত দ্ৰ হৈছিল। পিছত অনুষ্ঠিত চুপাৰ অভাৰত বিজয়ী হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। আজিৰ মুম্বাই বনাম বাংগালোৰ খেলখন আবু ধাবীৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ

দৈনন্দিন বাৰ্তা সেৱাঃ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম সোমবাৰে বিচিচিআইয়ে ঘোষণা কৰে। সুনীল যোশী নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়েঅষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা নৱেম্বৰ–ডিচেম্বৰত খেলিবলগীয়া ৩খন টি-২০, ৩খন এদিনীয়া,আৰু ৪ খন টেষ্ট শৃংখলালৈ ঘোষণা কৰিলে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম৷

অষ্ট্ৰেলিয়া ভ্ৰমনৰ বাবে ঘোষনা কৰা ভাৰতীয় দলত মিডিল অৰ্ডাৰ বেটছমেন সূৰ্য কুমাৰ যাদৱে স্থান লাভ নকৰাৰ পিছতে বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ। নিজৰ টুইটাৰ একাউন্ট যোগে বিচিচিআইক সমালোচনা কৰে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে।

নিজৰ টুইটাৰত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লিখে-নাজানো ভাৰতীয় দলত স্থান লাভৰ বাবে সূৰ্য্যকুমাৰে কি কৰিব লাগিব। তেওঁ প্ৰতিখন আইপিএল আৰু ৰঞ্জী ছিজনত ভাল প্ৰদৰ্শন কৰি আহিছে। মই বিচিচিআইৰ সকলো নিৰ্বাচককে তেওঁৰ ৰেকৰ্ড এবাৰ পৰ্যবেক্ষন কৰিবলৈ আহ্বান জনাও।

অসমৰ দৰিদ্ৰ শিক্ষাৰ্থী সকললৈ আহি আছে স্মাৰ্টফোন

দৈনন্দিন বাৰ্তা সেৱাঃ মঙলবাৰে জনতা ভৱনত ৰাজ্যৰ শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ বিদ্যালয়সমূহ খোলাৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কোৰোনা মহামাৰীৰ ফলত যোৱা ৭ মাহে বন্ধ হৈ থকা বিদ্যালয়-মহাবিদ্যালয় সমূহৰ পাঠদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কোৰোনাৰ বাবে শিক্ষা বিভাগে আগবঢ়োৱা অনলাইল পাঠদানৰ পৰা ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীসকেল যাতে বঞ্চিত হব লগা নহয় তাৰ বাবে অতি সোনকালে ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলক স্মাৰ্টফোন প্ৰদান কৰাৰ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে কোৰোনাত আক্ৰান্ত

দৈনন্দিন বাৰ্তা সেৱাঃ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালৰ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক দক্ষিন মুম্বাইৰ বোম্বে হস্পিতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে কিছুদিনৰ পূৰ্বে দলৰ যোগদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক মাস্ক নিপিন্ধাকৈ ফটো উঠা দেখা গৈছে।

মিঞা সংগ্ৰহালয় বিতৰ্ক, নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ স্থিতিস্পষ্ট

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকা মিঞা সংগ্ৰহালয় সন্দৰ্ভত আজি নিজৰ স্থিতি স্পষ্ট কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কয় যে ডাঃ হিমন্ত বিশ্ব শৰ্মাই উক্ত বিষয়টোৰ অপ-ব্যাখ্যা কৰিছে। কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শংকৰদেৱ কলাক্ষেত্ৰত ‘মিঞা সংগ্ৰহালয়’ স্থাপনৰ দাবী কৰা বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত এইবাৰ বিতৰ্কিত প্ৰসংগত নিজৰ স্থিতিস্পষ্ট কৰিছে বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

নাজিৰা সমষ্টিৰ বিধায়ক শইকীয়াৰ মতে বিষয়টো সন্দৰ্ভত অনাহকত বিজেপিয়ে বিতৰ্কৰ সৃষ্টি কৰি নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে। তেওঁ শইকীয়াই লগতে কয় যে অসম বিধানসভাৰ শিক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ বৈঠকত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে এই প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু বৈঠকত প্ৰস্তাৱটো গৃহিত হৈছিল। উক্ত ১৫ জনীয়া সমিতিৰ ৮ গৰাকী সদস্যই শাসকদলৰ বিধায়ক।

তেনে ক্ষেত্ৰত বিষয়টোক বিজেপিয়ে নিৰ্বাচনী ইছ্যু কৰিব খোজাৰ কোনো যুক্তি নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় চৰ-চাপৰিত কেৱল মিঞা লোকেই বসবাস নকৰে। উজনি অসম আৰু উত্তৰ অসমৰ বিভিন্ন চৰ-চাপৰিত মূল সুঁতিৰ অসমীয়াৰ লগতে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় লোকো বাস কৰি আহিছে।আনহাতে সম্প্ৰতি নামনিৰ চৰাঞ্চলত মুছলমান লোকৰ বসতি অধিক।