Home Blog Page 3165

পুনৰ খাকী পোছাকত কালিমা এজন আৰক্ষী বিষয়াই

দৈনন্দিন বাৰ্তা সেৱাঃ SI কেলেংকাৰীৰ উত্তেজনা মাৰ নাযাওতে পুনৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষী বিষয়াই৷ উত্কোচলৈ হাতে-লোতে গ্ৰেপ্তাৰ হ’ল ASI পংকজ বৰা৷৷ বৰ্তমান জেৰা অৱ্যাহত মৰিগাঁও সদৰ থানাৰ তদন্তকাৰী বিষয়া পংকজ বৰাক৷ ৰক্ষকে ভক্ষকৰ ৰূপত এনেদৰে অৱৰ্তীন হোৱাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

.

ফিডিঙ ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ, বানাক্ৰান্তক খাদ্য সামগ্ৰীৰ লগতে চেনটেৰী নেপকিন মাক্স বিতৰণ

দৈনন্দিন বাৰ্তা সেৱা, নগাওঁঃ নগাওঁ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ফিডিঙ ইণ্ডিয়া নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাৰ সহযোগত সমাজৰ দৰিদ্র লোকৰ মাজত খাদ্য আৰু খাদ্য সামগ্রী বিতৰণ কৰি আহিছে৷ ফিডিঙ ইণ্ডিয়াৰ নগাওঁ জিলা শাখাই কালি বটদ্ৰৱা সমষ্টিৰ বৰভেটিত প্ৰায় ডেৰশতাধিক বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্রীৰ লগতে নেপকিন আৰু মাস্ক বিতৰণ কৰে৷

কালি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ অনুষ্ঠানত ফিডিঙ ইণ্ডিয়াৰ নগাঁও জিলা শাখাৰ প্ৰিয়াংশী প্ৰিয়া বৰা, মহৰ্ষি বিশাল, বিদিশা শ‌ইকীয়া, জুবেৰ ইছলাম, চাদিক হুছেইন, জোনাব আহমেদ, দিপীকা আদি উপস্থিত থাকে। বিগত চাৰি মাহ ধৰি সংস্থাটোৱে বিয়া সবাহত ৰাহি হোৱা খাদ্য সংগ্ৰহ কৰি দৰিদ্ৰ অঘৰী লোকৰ মাজত বিতৰণ কৰি আহিছে। নগাওঁৰ এই সকল মানৱ দৰদী ছাত্ৰ ছাত্ৰীৰ এনে মহানুভৱতাক ৰাইজে ভূয়সী প্ৰশংসা কৰে৷

চৰকাৰী চাকৰীয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, বিধায়ক পদ্ম হাজৰিকা

দৈনন্দিন বাৰ্তা সেৱা,জামুগুৰিহাটঃ চৰকাৰৰ ঘৰৰ কেইটামান চাকৰীয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে৷ কৃষি কৰ্মৰ জৰিয়তহে নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিব৷ ৰাজ্যৰ গাখীৰ, মাছ, মাংসৰ বজাৰখন আমি প্ৰথমে দখল কৰাৰ পৰিকল্পনা লৈছো। অসমত প্ৰয়োজনীয় সকলো মাছ, মাংস গাখীৰ আমাৰ ৰাজ্যতে উপাদনৰ লক্ষ্য লব লাগিব৷ দেওবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত অনুষ্ঠিত বিজেপিৰ বিশ্বনাথ জিলাৰ মহিলা মৰ্চ্চাৰ এক সভাত এনেদৰে মন্তব্য আগবঢ়াই বিধায়ক পদ্ম হাজৰিকাই৷

বিশ্বনাথ জিলাৰ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী লীণা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, বিশ্বনাথ জিলাৰ বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, প্ৰাক্তন সভাপতি পৰেশ বৰকাকতী, পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰায় অবসৰী অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ, ডা° ৰঞ্জন গগৈ উপস্থিত থাকে৷ সভাত সভানেত্ৰী লীণা শইকীয়াই আগন্তুক ২০২১ নিৰ্ব্বাচনত বিশ্বনাথ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি বিজেপিয়ে দখল কৰাৰ লগতে অসমত পুনৰ বিজেপি দলৰ চৰকাৰ হব বুলি মন্তৱ্য কৰে৷

ডিৰাক মাইথং মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত কুমচাং বনাঞ্চলত বৃক্ষৰোপণ

দৈনন্দিন বাৰ্তা সেৱা, ডিৰাকঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ডিৰাক মাইথং মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আজি কুমচাং বনাঞ্চলত এক বৃক্ষৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰে। মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্ৰ সকলে হাতে হাতে একোটাকৈ গছ পুলি লৈ বিদ্যালয়খনৰ নাতিদূৰত থকা কুমচাং বনাঞ্চলত বিভিন্ন ফলমূলৰ লগতে বিভিন্ন ধৰনৰ গছ পুলি ৰোপণ কৰে। চিৰসেউজ বনাঞ্চলসমূহৰ গছ-গছনিসমূহ কাটি পৰিৱেশ বিনষ্ট কৰি অহা পৰিলক্ষিত হোৱাৰ সময়তে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যক আগত ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিমল মৰাণে সাংবাদিকৰ অৱগত কৰে। মৰাণে অনাগত দিনত স্থানীয় ৰাইজক বনাঞ্চলখন ৰক্ষাৰ হকে বৃক্ষ ৰোপণকে আদি কৰি বিভিন্ন কায্যসূচী গ্ৰহণ কৰি বনাঞ্চলখন সেউজীয়া কৰি তোলে।

ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৫ লাখৰ ঘৰ

ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ ৫৫,৭২২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ ধৰা পৰাৰ লগতে ৫৭৯ জন লোকৰ মৃত্যু হৈছে। দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭৫,৫০,২৭৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰিতে মৃত্যু হৈছে ১,১৪,৬১০ জনৰ৷

সাংবাদিকতা এৰি ৰাজনীতিলৈ এইবাৰ খগেন কলিতা

দৈনন্দিন বাৰ্তা সেৱাঃ সাংবাদিকতা এৰি এইবাৰ ৰাজনীতিত ভৰি দিলে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই। কিছুদিন পূৰ্বে সাংবাদিকতা ত্যাগ কৰা খগেন কলিতাই আজি ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুত বৰদলৈকে ধৰি ভালে সংখ্যক জ্যেষ্ঠ নেতা-কৰ্মীৰ উপস্থিত আনু্ষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত সপ্তম সমাৱৰ্তন দিৱস উদযাপন

দৈনন্দিন বাৰ্তা সেৱাঃ সোমবাৰে অসম ডাউন টাউন ইউনিভাচিটিৰ সপ্তম সমাবর্তন দিবস উদযাপন৷ কোৰোনাৰ আতংকৰ মাজতো প্ৰতি বছৰ দৰে এইবাৰো সপ্তম সমাবৰ্তম দিৱস পালন কৰি বিশ্ববিদ্যালৰ অফিচিয়েল ইউটিউব মাধ্যমেৰে প্ৰকাশ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপাচাৰ্য ড০ এন. এন. দত্ত, ড০ অমৰজ্যোতি চৌধুৰী আৰু ড০ নন্দিতা চৌধিৰী উপস্থিত থকাৰ লগতে শৈক্ষিক পৃথিৱী, উদ্যোগ আৰু বিশ্ববিদ্যালয়ৰ সন্মানীয় ট্ৰাষ্টী সদস্যসকলৰ অন্যান্য সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে৷

বিশ্ববিদ্যালয়ৰ সংগীতৰ লহৰৰ সৈতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এই শৈক্ষিক অনুষ্ঠানৰ আৰম্ভ কৰা হয়। চলিত বৰ্ষৰ ৬৪৭ জন স্নাতক আৰু ২০৯ স্নাতোকোত্তৰৰ লগতে ৪ গৰাকীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়৷ প্ৰতি বছৰে স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থী সকলক উত্সাহ জনোৱাৰ উদ্দেশ্যেৰ টাউন বিশ্ববিদ্যালয়ৰ সপ্তম সমাবর্তন উদযাপন কৰি আহিছে৷

মুখ্যমন্ত্ৰীৰ প্ৰাক্তন বিত্তীয় পৰামৰ্শদাতা তথা অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ বিয়োগ, ৰাজ্যত শোকৰ ছাঁ

দৈনন্দিন বাৰ্তা সেৱাঃ সোমবাৰে মাজনিশা মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰাক্তন বিত্তীয় পৰামৰ্শদাতা তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ জয়ন্ত মাধৱে গুৱাহাটীৰ এপ’ল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট অৰ্থনীতিবিদ গৰাকীৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্তীৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ৷ নেডফিৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালকৰ গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯১বছৰ৷ দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ, হৃদৰোগ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল অৰ্থনীতিবিদ গৰাকী৷ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ পদক্ষেপ লোৱাৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷

ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল’ব সমুজ্জল ভট্টাচাৰ্যই

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল’ব ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দেওবাৰে খোদ এই কথা সাংবাদিকৰ আগত সদৰী কৰে। উল্লেখ কৰিব পাৰি যে বহু দিন ধৰি অসুস্থ হৈ থকাৰ বাবে ঘৰতে চিকিত্সাধীন হৈ আছিল আছুৰ জ্যেষ্ঠ নেতাগৰাকী।

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০০,৭০৯ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ৩১৮ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০০,৭০৯ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭১,৬৮০ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৮,১৫৮ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৬৯ জন লোক।