Home Blog Page 3176

মদনপুৰ টোল গেটত উতপ্ত পৰিস্থিতি, ভাঙি লণ্ড ভণ্ড কৰিলে মদনপুৰ টোল প্লাজা

কামৰূপ জিলাৰ চাংসাৰি থানা এলেকাৰ মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী,প্ৰতিবেশী আৰু সাধাৰণ জনতাক পণবন্দী কৰি  স্থাপন কৰা মদনপুৰ টোলগেটত আজি পুৱাই হাতে-হাতে লোৰ ৰ’ড,লাঠীলৈ অহা ৪০-৫০ জনীয়া যুৱকৰ দ’ল এটাই মুখত কাপোৰ বান্ধি  উন্মত্ত ৰূপলৈ ভয়ংকৰ আক্ৰমন কৰি ইয়াৰ বিভিন্ন সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰোপৰি অগ্নিও সংযোগোৰে কাম-কাজ স্তব্ধ কৰি তোলে । লক্ষণীয়ভাৱে পূৰ্বৰ এম.বি.কনচৰিয়াম নামৰ ফাৰ্মখনৰ স্থানত নিবিদাৰ জৰিয়তে মুম্বাইৰ ঈগল ইনৰ্ভা নামৰ প্ৰতিষ্ঠানটোৱে সপতাহত ১.৮ কোটি টকা ৰাজহৰ বিপৰীতে আজিৰ পৰা এবছৰৰ বাবে দায়িত্ব লাভ কৰি আজি পূজা-অৰ্চনা কৰি কাম-কাজ আৰম্ভ কৰাৰ পিছত উন্মাদ দ’লটোৱে চি.চি.কেমেৰাৰ সংযোগ বিচ্ছিন্ন আৰু চাৰ্ভাৰ কোঠা লণ্ডভণ্ড কৰি পুৱা ৯-৩০ বজাৰ পৰা প্ৰায় ডেৰঘণ্টা জুৰি  এই যুৱকৰ দলটোৱে হাতেহাতে ৰদ-লাঠী আদি লৈ ভাঙি চিঙি লণ্ড ভণ্ড কৰে মদনপুৰ টোলগেট । ইয়াতো ক্ষান্ত নাথাকি এই উন্মত্ত যুৱকৰ দ’লটোৱে কেচ কাউণ্টাৰত  অগ্নিসংযোগ অাৰু শৌচাগাৰ-প্ৰস্ৰাৱগাৰো ভাগি-ছিগি লণ্ড-ভণ্ড  কৰে । আৰ.এছ.এছ আৰু বজৰংগ দ’ল,বি.জে.পি আৰু এগৰাকী মন্ত্ৰীৰ  পৃষ্ঠপোষকতাত বহি:ৰাজ্যৰ প্ৰতিষ্ঠানে টোলগেটতোৰ দায়িত্ব লাভ কৰাৰ অভিযোগ তুলি একমাত্ৰ ইয়াৰ  বিৰোধিতা আৰু প্ৰতিবাদতে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানে এই দায়িত্ব লাভ কৰা আৰু কৰ্মৰত স্থানীয় কৰ্মচাৰীসকলক ছাটাই কৰাৰ অভিযোগ কৰিলেও উপস্থিত স্থানীয় কৰ্মচাৰীয়ে পোনছাটেই এই অভিযোগ খণ্ডন কৰে । ইয়াৰ বিপৰীতে এই আক্ৰমনকাৰী সকলে গুণ্ডাগিৰী আৰু দাদাগিৰীৰে টোলগেটতোৰ  পূৰ্বৰ লেছীৰ পৰা দৈনিক,সাপ্তাহিক আৰু মাহেকীয়া ভিত্তিত লাভ কৰি অহা গুণ্ডাকৰৰ পৰা বঞ্চিত হোৱাৰ আশংকাতে কাৰ্যত: এই গুণ্ডাকৰ কৰ নৱীকৰণৰ ষড়যন্ত্ৰতহে এই চৰকাৰী সম্পদত আক্ৰমন চলোৱাৰ অভিযোগ উঠিছে । ইপিনে আণক্ৰমনকাৰী বাহিনীটোৱে সুপৰিকল্পনাৰে টোলগেট লণ্ডভণ্ড আৰু অগ্নিসংযোগ  কৰি নিজৰ লক্ষ্যত উপনীত হৈ নিৰবিঘ্নে ভিলেইনৰ দৰে আতৰি যোৱাৰ পিছতহে প্ৰতিবাদথলীত সংশ্লিষ্ট কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ  বিষয়া ড° অংকিতা শৰ্মা আৰু আৰক্ষী উপস্থিত হয় । ইয়াৰ কিছু সময় পিছত পৰিস্থিতি ক্ষান্ত হোৱাত বিভিন্ন যন্ট্ৰপাতিৰ যোৰা-টাপলি মাৰি পুণৰ কৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হয় ।

আৰক্ষীৰ ভূমিকাকলৈ গভীৰ ৰহস্য –

জনতাৰ তীব্ৰ প্ৰতিবাদক সামান্যতমো গুৰুত্ব নিদিয়াকৈ চৰম অনিয়মৰে মুকলি কৰা এই টোলগেটোত আজি চলোৱা এই সুপৰিকল্পিত এই আক্ৰমনৰ সময়ত আশ্বৰ্যজনকভাৱে ইয়াত এগৰাকীও আৰক্ষীৰলোক উপস্থিত নথকাত স্থানীয় চাংসাৰি থানাৰ লগতে কামৰূপ জিলা আৰক্ষীৰ ভূমিকাকলৈয়ো গভীৰ ৰহস্য অাৰু সন্দেহৰ সৃষ্টি হৈছে।তাৎপৰ্যপূৰ্ণভাৱে ইয়াত ল’কডাউনৰ মাজতে বিভিন্ন সংগঠন,ৰাইজৰ প্ৰতিবাদক নেওঁচি যোৱা ১৬ জুনত এই টোলগেটতো মুকলি কৰাৰ পিছৰে পৰা স্থানীয় আৰক্ষীয়ে ইয়াত লেছী আৰু টোলগেটক  সুৰক্ষা দিয়াৰ বাবে আৰক্ষীৰ এটা বাহিনীক ইয়াত প্ৰতি নিয়ত নিয়োজিত কৰি ৰখা হৈছিল । কিন্তু আজি ৰাজহুৱা সম্পত্তিৰ ওপৰত চলোৱা এই আক্ৰমনৰ ঘটনাৰ কিছু সময় আগলৈ ইয়াত আৰক্ষীৰ দ’লটো মোতায়েন কৰি ৰখা হৈছিল যদিও আশ্বৰ্যজনকভাৱে ঘটনাৰ কিছু সময় পূৰ্বে দ’লটো অন্তৰ্ধান হৈ পৰিছিল । ইয়াৰোপৰি আক্ৰমনকাৰী দ’লটোৱে বীৰদৰ্পে মুক্ত গুণ্ডাগিৰীৰে  ।

ইয়াৰ পৰা আতৰি যোৱাৰ পিছত থেৰোগেৰোকৈ ইয়াত কমলপুৰ থানাৰ (পৰিদৰ্শক) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু চাংসাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয় ঘটনাস্থলীত উপস্থিত হয় যদিও তেওঁলোক তেনেই নিষ্ক্ৰিয় হৈ থাকে । অকল এয়াই নহয়,এই টোলগেটোলৈ এখন বাছত আহি থকা অৱস্থাত প্ৰায় ২৫ জনীয়া কৰ্মচাৰীৰ দ’ল এটাক এখন এক্স.ইউ.ভি বাহনত অহা ৮ জনীয়া দ’ল এটাই কমলপুৰ থানাৰ অন্তৰ্গত দলমাগেটত যোৱানিশা আগছি ধৰি প্ৰায় ৫১ টা মবাইল কাঢ়ি লয় । ইয়াৰ লগতে এই দুৰ্বৃত্তৰ দ’লটোৱে কৰ্মচাৰীৰ দ’লটোক পিস্তলৰেও আক্ৰমন কৰি আতৰি যায় । ইয়াত আতংকিত হৈ কৰ্মচাৰীৰ দ’লটোৱে উভতি যায় যদিও টোলগেটৰ অন্যলোকে তেওঁলোকক  ওভটাই কমলপুৰ থানালৈ আনি ঘটনাৰ বিষয়ে মৌখিকভাৱে অৱগত কৰায় । টোলগেটৰ লেছী সলনি হোৱাৰ লগে লগে ঘটা এই আক্ৰমনৰ ঘটনাই টোলগেটকলৈ হৱ পৰা ভয়ানক পৰিস্থিতিৰ আগজাননী দিয়াৰ পিছতো আৰক্ষীয়ে বিষয়টোক অৱহেলাহে কৰি লোৱা দুৰ্বল স্থিতি আদিৰ কাৰণে পৰিকল্পিত এই আক্ৰমন জিলাখনৰ আৰক্ষীৰ জ্ঞাতসাৰে আৰু অদৃশ্য কৃপাতে হ’ল নেকি সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে । আন এক আশ্বৰ্যৰ বিষয় এইযে ইয়াত মুক্ত গুণ্ডাগুৰীৰে পূৰভবৰ লেছীয়ে ডকাইতৰ দৰেকৈ ধন সংগ্ৰহ কৰি অহাৰ পিছতো জিলা আৰু থানাখনৰ আৰক্ষীয়ে এইবোৰ নেদেখাৰ ভাওঁ দি আহিছিল ।  

লেছী সলনিৰ পিছতে আছুক উচতনি দিছিল  মধ্যভোগী দালালে –

 এইবোৰৰ উপৰি এই টোলগেটৰ লেছীৰ দায়িত্ব অন্য সংস্থাই লাভ কৰাটো নিশ্চিত হোৱাৰ পিছতেই মাহেকত নিজাকৈ লক্ষাধিক টকাৰ লগতে সংবাদ মাধ্যমৰ নামতো বহু হাজাৰ টকা অাত্মসাৎ  কৰি অহা  মধ্যভোগী দালালেও আছু,যুৱছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতিক টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ বাবে উচতনি দিয়াৰো খৱৰ পোৱা গৈছে । জানিব পৰামতে,টোলগেটটোত খান্দহ খোৱা বালি তল যোৱাৰ বাবে দিয়া হৈছে এই উচতনি । যিয়েই নহওঁক আজিৰ এই মুক্ত গুণ্ডাগিৰীৰে ৰাজহুৱা সম্পত্তি ধ্বংস কৰা এই ঘটনাকলৈ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত নানান প্ৰশ্নচিহ্নৰ উদয় হৈছে ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সফলতা : নগাঁৱত আনন্দৰ বন্যা : স্বচ্ছ-নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে পৰিয়ালৰ লগতে বিধায়ক ৰূপক শৰ্মাই

নগাঁও, ২৫ডিচেম্বৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত ১০৩ নম্বৰ স্থানৰে উজ্বলিল নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰ। নগাঁও চহৰৰ হয়বৰ গাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰে বায়’টেকনলীজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে, অতি সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সাফল্যই নগাঁৱত সকলোকে আনন্দিত কৰি তুলিছে। ৰাকেশৰ পিতৃ ৰমেশ ঠাকুৰ পেছাত নাপিত। হয়বৰগাঁৱৰ সেউজ বিবাহ ভৱনৰ সমীপতে এখন সৰু চেলুন চলাই জীৱন নিৰ্বাহ কৰা ৰমেশ ঠাকুৰ পুত্ৰৰ এই সাফল্যত আৱেগিক হৈ পৰিছে। পুত্ৰৰ এই সাফল্যৰ বাবে ভগৱানক ধন্যবাদ জনালে ৰাকেশৰ মাতৃ শকুন্তলা দেৱীয়ে। পিতৃ-মাতৃৰ মতে সৰুৰে পৰা ৰাকেশক কোনোদিনে শোৱাৰ পৰা জগাব লগা অথবা পঢ়িবলৈ ক’ব লগা হোৱা নাছিল। আনহাতে এপিএছচিত স্থান লাভ কৰি নিজকে ভাগ্যৱান বুলিও ব্যক্ত কৰে ৰাকেশে। ইয়াৰ পূৰ্বেও এবাৰ ৰাকেশে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অসম প্ৰশাসনিক সেৱাৰ তালিকাত স্থান লাভ কৰা ৰাকেশে অনাগত সময়ত সমাজৰ বাবে কাম কৰিব বিচাৰে। ৰাকেশে লগতে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত তেঁওৰ দৰে দুখীয়া পৰিয়ালৰ ছাত্ৰই অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত নিযুক্তি লাভ কৰাটো চৰকাৰখনৰ স্বচ্ছতাৰ নিদৰ্শন বুলিও মন্তব্য কৰে। ভৱিষ্যতে অসমৰ বাবে নিষ্ঠাৰে কাম কৰি যাব বুলিও ৰাকেশে সংবাদ মাধ্যমক মন্তব্য কৰে। ইপিনে এপিএছচিৰ পৰীক্ষাত সফলতা অর্জন কৰা ৰাকেশ কুমাৰ ঠাকুৰৰ বাসগৃহত আজি  উপস্থিত হৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৰাকেশক অভিনন্দন জ্ঞাপন কৰে। আনহাতে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত অসম লোকসেৱা আয়োগত সাধন হোৱা সংস্কাৰৰ বাবেই ৰাকেশ কুমাৰ ঠাকুৰৰ দৰে সাধাৰণ পৰিয়ালৰ যুৱকে এপিএছচিৰ দৰে পৰীক্ষাত সফলতা অর্জন সম্ভৱ হোৱা বুলিও বিধায়ক শৰ্মাই মন্তব্য কৰে । ইয়াৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে ।

গৰৈমাৰীৰ বাতাহিদিয়াত শৈক্ষিক সজাগতা সভা

সোণতলী, ২৫ ডিচেম্বৰ : দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয় প্ৰাংগনত আজি দিনযোৰা কাৰ্যসূচীৰে এখনি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ বাতাহিদিয়া গাঁও পঞ্চায়তৰ এলেকাধীন নয়াপাৰাস্থিত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা শৈক্ষিক সজাগতা সভাত সভাপতিত্ব কৰে বাতাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাব আলীয়ে ৷ বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হোছেইনে উদ্দেশ্য ব্যাখ্যা কৰা শৈক্ষিক সজাগতা সভাত লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা ছামছুল আলম ভূঞা, পৰিষদৰ সভাপতি ছামছুল হক, সম্পাদক আমিন জাহিদুল ইছলামৰ উপৰিও লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ অধীনস্থ কেইবাখনো বিদ্যালয়ৰ শিক্ষকে ভাষন প্ৰদান কৰে ৷ 

৩০ ডিচেম্বৰত বিজুলী ভৱন ঘেৰাও কৰিব বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে : চাকৰি নিয়মীয়াকৰণৰ দাবী

জামুগুৰিহাট, ২৫ডিচেম্বৰ : অসম শক্তি খণ্ডত অস্থায়ী ভাৱে কৰ্মৰত একাংশ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হৈও আজি ১০ মাহে বিভাগে নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অহা ৩০ ডিচেম্বৰত এই সকল অস্থায়ী কৰ্মচাৰীয়ে গুৱাহাটীৰ বিজুলী ভৱনত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে অসম শক্তি খণ্ডৰ এপিডিচিএল, এপিজিচিএল আৰু এজিচিএলতত  অস্থায়ী কৰ্মী হিচাপে কাম কৰা কৰ্মচাৰীৰ মাজৰ পৰা তথ্য ভিত্তিক ভাৱে পাঁচ বছৰৰ অভিজ্ঞতা সম্পন্ন কৰ্মচাৰী সকলৰ মাজত লিখিত পৰীক্ষা অনুষ্ঠিত কৰি ৬৯২ জন কাৰ্য্যলয় তথা ক্ষেত্ৰ সহায়ক আৰু ৩৪০ জনক সহায়ক হিচাপে বিভাগে নিয়মীয়াকৰণৰ বাবে  নিৰ্বাচিত কৰে আৰু পৰবৰ্তী সময়ত তেওঁলোকৰ নথি পত্ৰ পৰীক্ষণৰ কামো সম্পূৰ্ণ কৰে। কিন্তু ন্যায়ালয়ৰ স্থগিতাদেশৰ দোহাই দি যোৱা ১০ মাহে এই সকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি বিভাগে নিয়মীয়াকৰণ নকৰাৰ ফলত এতিয়া গভীৰ অনিশ্চয়তাত ভুগিছে এইসকল কৰ্মচাৰী। ইয়াৰে বহু সংখ্যকৰে চাকৰিৰ বয়সৰ সীমা অতিক্ৰম হৈছে। সেয়েহে এই সকল নিয়মীয়াকৰণৰ বাবে নিৰ্বাচিত হৈ থকা কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি শীঘ্ৰেই নিয়মীয়াকৰণৰ লগতে নিযুক্তি পত্ৰ দিব নোৱাৰালৈকে এক বিশেষ ব্যৱস্থাৰ জৰিয়তে নথিপত্ৰ পৰীক্ষণৰ পাছৰ পৰা পাৰিতোষিক প্ৰদানৰ দাবীৰে  অহা ৩০ ডিচেম্বৰত গুৱাহাটীৰ বিজুলী ভৱনত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব। লগতে বিভাগৰ উৰ্দ্ধতন কৃৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰদান কৰিব।

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ম চমুকৈ আমছুৰ

হোজাই, ২৫ ডিচেম্বৰ : অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়। এইবাৰ কিন্তু নতুনকৈ সংখ্যালঘু এলেকাৰ বহু শিক্ষা অনুষ্ঠানৰ নামৰ পাছফালে ৰাজ্য শিক্ষা বিভাগে এই ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো সংযোজন কৰাৰ লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ  বিস্ফোৰক অভিযোগ ৷ অভিযোগ  সন্দৰ্ভত আমছুৰ হোজাই জিলা সমিতিয়ে এক সংবাদমেল সম্বােধন কৰি সংখ্যালঘু লোকৰ ওপৰত চৰকাৰৰ এই ক্ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ  উত্থাপন কৰে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোৱাৰ হুছেইনে সম্বােধন কৰা সংবাদমেল খনত কয় যে চৰকাৰে বৰ্তমানে সংখ্যালঘু দুখীয়া ছাত্ৰ-ছাত্ৰীক মাইনৰিটি প্ৰি মেট্ৰিক স্কলাৰস্পিপ পোৱাৰ পৰা বঞ্চিত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে ৷ সংখ্যালঘু প্ৰধান এলেকা সমূহত থকা বিদ্যালয় সমূহৰ ভিতৰত যি সমূহ বিদ্যালয়ৰ পৰা ১০০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয় এই স্কলাৰস্পিচৰ বাবে আবেদন কৰিছে সেইসমূহ বিদ্যালয় এতিয়া সন্দেহজনক স্কুললৈ ৰূপান্তৰিত হৈছে বুলি কয় ৷ বৰ্তমানলৈকে হোজাই জিলাত ৬১ খন আৰু নগাওঁ জিলাত ৩১৮ খন স্কুল নামৰ পাছত  ৰহস্যজনক ভাৱে সন্দেহজনক শব্দটো লগাইছে ৷ এই সন্দেহজনক শব্দটোৱে এতিয়া সংখ্যালঘু ৰাইজৰ মাজত আংতকৰ সৃষ্টি হৈছে বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷ এই সমূহ স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হব বুলি অভিভাৱক সকল চিন্তিত হৈ পৰিছে বুলিও কয় নেতা গৰাকীয়ে ৷তাৰোপৰি বৰ্তমান সময়ত সংখ্যালঘু ছাত্ৰ বৃত্তি আবেদনৰ প্ৰক্ৰিয়াটো শিক্ষা বিভাগে জটিল কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক ইয়াৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ বিস্ফোৰক অভিযোগ কৰে৷ গতিকে চৰকাৰে অতি শীঘ্ৰে এই বৈশম্যমূলক আচৰন বন্ধ কৰিবলৈ সংবাদমেলযোগে  চৰকাৰলৈ আহবান জনায় ৷ ইফালো যোৱা বৰ্ষত হোজাই জিলাত সংখ্যালঘু ছাত্ৰবৃত্তি ত সংগঠিত হোৱা দুৰ্ণীতি সন্দৰ্ভত হোজাই জিলা আৰক্ষী অধীক্ষকক লিখিত আকাৰে অভিযোগ দিয়াৰ পাছতো আজিলৈকে কোনো সুফল পোৱা নগল বুলি আমছুৱে  অভিযোগ উত্থাপন কৰে ৷

ডবকা SBI বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাৱে আহত প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভানেত্ৰী ৰিনা বেগম চৌধুৰী

ডবকা, ২৪ ডিচেম্বৰ : আজি সন্ধিয়া হোজাই জিলাৰ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডবকা SBI বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় কংগ্ৰেছ নেত্ৰী। গুৰুতৰভাৱে আহত ৰহিমা বেগম  চৌধুৰী ওৰফে ৰিনা বেগম । ৰিনা বেগম বিন্নাকান্দি ব্লক মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী আছিল। ভাতৃ নুৰ খানো আহত হয়। নগাঁৱৰ পৰা মোৰাঝাৰ কপাহবাৰী নিজ গৃহলৈ যাওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। ই ৰিক্সাৰ ভুলৰ বাবেই সংঘটিত হৈছে দুৰ্ঘটনাটো। ই ৰিক্সাৰ চালক আলিম উদ্দিনক আটক কৰিছে আৰক্ষীয়ে । ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে আৰাম্ভ কৰিছে তদন্ত। ৰিনা বেগমক উন্নত চিকিৎসাৰ বাবে হোজাই হাম হস্পিতাললৈ প্ৰেৰণ কৰে।

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ : গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা প্ৰদান কৰিব শ্বাহে ।

আমিনগাঁৱতেই মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ । একেটা স্থানতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বহিব বৈঠকত । বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বহিব বৈঠকত । দেওবাৰে পুৱা কামাখ্যা দৰ্শন কৰি ইম্ফললৈ যাব অমিত শ্বাহ ।

টংলাৰ সাংস্কৃতিক কৰ্মী, অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ-সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বটাঁ : টংলা আছুৰ লগতে বিভিন্ন সংগঠনৰ শুভেচ্ছা

টংলা, ২৫ ডিচেম্বৰ : অসমৰ সাংস্কৃতিক জগত তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্র- সন্থাৰ বিশেষ সন্মান।প্ৰতি বছৰে  সদৌ অসম ছাত্র-সন্থাৰ মজিয়াৰ পৰা বিশেষ ভাবে অসমৰ  সাহিত্য-সাংস্কৃতিৰ সাধক হিচাপে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ব্যক্তিক এই “পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক ২০২০” বটাঁ” আগবঢ়াই আহিছে। এইবেলি আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা, নাট্য শিল্পী সকলোৰে পৰিচিত ওদালগুৰি জিলাৰ টংলাৰ নিবাসী পবিত্ৰ ৰাভালৈ। বটাঁৰ বাবে মনোনীত হোৱাৰ বাবে সদৌ অসম ছাত্ৰ-সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতা গৰাকীয়ে। এই সন্মান লাভ কৰি অনাগত দিনবোৰত অধিক উৎসাহ উদ্যমেৰে অসমৰ সাংস্কৃতিক জগতখনলৈ কাম কৰি যোৱাৰ সাহস পাব বুলি মন্তব্য কৰে অভিনেতা গৰাকীয়ে। অভিনেতা পবিত্ৰ ৰাভাই দাপোন দা মিৰৰ উদ্যোগত “আমাৰ গাঁৱ”ত সমাজত অৱহেলিত “বিশেষ ভাৱে সক্ষম সৰ্বকায়” যুৱক -যুৱতী সকলক বিগত কেইবা বছৰ ধৰি সমাজত মৰ্য্যাদা সহকাৰে জীয়াই থাকিবলৈ ফলপ্ৰসু পদক্ষেপ গ্ৰহন কৰি আহিছে। সদৌ অসম ছাত্ৰ সন্থাই অহা ২৭ ডিচেম্বৰ ২০২০ তাৰিখে অভিনেতা পবিত্ৰ ৰাভাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰে সন্মানীত কৰিব বিচৰা সিদ্ধান্তক আছুৰ সহকাৰী সাধাৰন সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য ,সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থা, টংলা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি জিলাবাসী ৰাইজে আদৰনি জনাই সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ২৭  ডিচেম্বৰত প্ৰদান কৰি অহা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এইবেলি টংলাৰ সুসন্তান, কৃতী খেলুৱৈ, চিত্ৰশিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক, ৰিয়েল হিৰু এৱাৰ্ড লাভ কৰোতা,  ৰাম চন্দ্ৰ ৰাভা আৰু  নাগেশ্বৰী ৰাভাৰ কণিষ্ঠ পুত্ৰ , ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা পবিত্ৰ ৰাভাক প্ৰদান কৰিব। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষনা কৰাৰ লগে লগেই  তেখেতৰ জলাহস্থিত “আমাৰ গাৱত ” সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰন সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য উপস্থিত হৈ তেখেতক ফুলাম গামোচা শৰাই প্ৰদান কৰি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। টংলা আঞ্চলিক ছাত্ৰ সন্থা, কলাইগাও আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা প্ৰেছ গিল্ড, টংলা প্ৰেছ ক্লাৱ, টংলা প্ৰেছ গিল্ড ৰ তৰফৰ পৰাও ফুলাম গামোচাৰে আদৰনি জনাই। 

১২ জানুৱাৰীত ৫০ হাজাৰ টকাকৈ লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে

১২ জানুৱাৰীত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহকত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ বাবেও দিলে ভাল খবৰ । ৭ লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ লগতে প্ৰতিটো একাউণ্টত ২ৰ পৰা ৩ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিবছৰে চাহ শ্ৰমিকে লাভ কৰিব লাভ কৰিব এই অনুদান ।

হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত লংকাত নলিনী বালা দেৱীৰ স্মৃতি দিৱস উদযাপন

হোজাই, ২৪ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ কাব্যজগতৰ এগৰাকী চিৰ নমস্য কবি নলিনী বালা দেবীৰ স্মৃতি দিৱস হোজাই জিলা সাহিত্য সভাই লংকাত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা সভা লংকা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত শাখা কাৰ্যালয়ৰ প্ৰাঙ্গনত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত স্মৃতি দিৱসটি অনুষ্টিত কৰা হয়। পূৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপৰি ড০ গুনেশ্বৰ শইকীয়াই। দিনৰ ২ বজাত অনুষ্টিত শ্রদ্ধাঞ্জলি অনুষ্টানত কবি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি, উপন্যাসিক ড০ সাৰদানন্দ দেৱগোস্বামীয়ে। উপস্থিত বিশিষ্ট অতিথি সকলে পুষ্পাঞ্জলি প্ৰদান কৰাৰ পাছত জিলা সভাপতি ড০ গুনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্টিত স্মৃিতি চাৰণ সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে লংকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ইন্দ্ৰমোহন হাজৰিকা। নিৰ্দিষ্ট বক্তাগৰাকীয়ে অসমীয়া কাব্যজগতৰ মহান ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ জীৱন আলেখ্যৰ লগতে তেখেতৰ কবিতাৰ ভাৱ আৰু শব্দ চয়নৰ সম্পৰ্কে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিত শশীপ্ৰভা শইকীয়া, অজন্তা তামূলী ফুকন, ৰস্মিৰেখা নেওগ, কল্পনা দেৱী গোস্বামী আদিয়ে নলিনীবালা দেৱীৰ কেইটি কালজয়ী কবিতা পাঠ কৰাৰ লগতে শিল্পি বিন্দিয়া কোৰে নিলিনীবালা দেৱীৰ এটি গীত পৰিবেশন কৰে। জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আত ধৰা অনুষ্ঠানটিত ড০ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথ, ইছমাইল আলী আদি অতিথি সকলেও বক্তব্য আগবঢ়ায়।