Home Blog Page 3176

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৌজন্যত গান্ধীজয়ন্তী পালন

উজনি মাজুলীঃ আজি ২ অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ উপলক্ষত মাজুলীৰ ঢেকীয়াজুলিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এখনি যোগাত্মক চিন্তা ধাৰাৰে ছাত্র ছাত্ৰী সকলৰ মাজত শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰাংকণ আৰু মহামানৱ গৰাকীৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে । সভাখনিত সভাপতিৰ আসন অলংকৃত কৰে ঢেকীয়াজুলি প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুন্দৰ দাসে। গান্ধীজীৰ বিষয়ে কণ কণ ছাত্ৰ ছাত্ৰী সকলক বহল ভাবে আলোচনা আগবঢ়াই ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মাজুলী জিলাৰ প্ৰচাৰক বুবুল চন্দ্ৰ ডেকাই লগতে বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোনোৱালে। সভাত উপস্থিত থাকে পৰিষদৰ জিলা সহ:সংযোজক মনু নেৱাৰ, জিলা সম্পৰ্ক প্ৰমুখ ভাৰ্গব প্ৰতীম বৰুৱাৰ লগতে পৰিষদৰ সক্ৰিয় কার্যকৰ্তা সকল। সভাখনিৰ আঁত ধৰে ঢেকীয়াজুলি শাখাৰ সহ:সম্পাদক বাস্তৱ দাসে।

বিলাসীপাৰাত আৰক্ষী প্ৰশাসনৰ সজাগতা মূলক অভিযান

বিলাসীপাৰা : ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ক’ৰোণা মহামাৰী সজাগতাৰ বাবে বিলাসীপাৰা গান্ধী চকত অসম আৰক্ষী দিৱস উপলক্ষে আজি ৰাইজৰ মাজত মাক্স বিতৰণী অভিযান হাত লয় আৰক্ষীয়ে। উল্লেখ্য যে মাক্স বিতৰণী অভিযানটোত উপস্থিত থাকে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, বিলাসীপাৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাত্ত বিষয়া মহেশ নাৰ্জাৰী, বিলাসীপাৰা আৰক্ষী নিৱেশৰ টাউন পৰিদৰ্শক প্ৰণৱ ডোলী উপস্থিত থাকে।

নলবাৰীত ১৩৬ নং চিআৰপিএফ বাহিনীৰ উদ্যোগত ফিট ইণ্ডিয়া শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

নলবাৰী : ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি নলবাৰী সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীয়ে “ফিট ইণ্ডিয়া” শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিআৰপিএফ বাহিনীৰ চাউনীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দৌৰৰ অনুষ্ঠিত কৰা হয়। ইতিমধ্যে যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা “ফিট ইণ্ডিয়া”ৰ এই কাৰ্যসূচীত চিআৰপিএফ বাহিনীৰ ৭০০ জন সদস্যসহ সদস্যসকলৰ ১৫০ গৰাকী পৰিয়ালৰ লোকে ৫৫,৪১২ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰিছে। এই কাৰ্যসূচীৰ যোগেৰে জনসাধাৰণক শাৰিৰীক সুস্থতাৰ মহত্ব জনাবলৈ চিআৰপিএফ কেম্পৰ ওচৰৰ এলেকাত জোৱানসকলে বেনাৰ পোষ্টাৰসহ বিভিন্ন কাৰ্যসূচী হাতত লয়। আৰু চিআৰপিএফ বাহিনীৰ এই কামত স্থানীয় ৰাইজে ও সহায় সহযোগিতা আগবঢ়ায়। ইয়াৰ পূৰ্বেও ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীয়ে খেলো ইণ্ডিয়া, স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা জন কল্যাণ তথা কৰ’ণা মহামাৰীৰ ভীষণ সময়ত হেণ্ড গ্লোবছ, চেনেটাইজাৰ, মাস্ক আদি বিতৰণ কৰি ৰাইজক সজাগ কৰি আহিছে। আজিৰ এই কাৰ্যসূচীত ১৩৬ নং বেটেলিয়নৰ কামানডেন্ট পিচি চৌহান সহ চি আৰ পি এফৰ বিষয়ববীয়া, জোৱানসকলৰ লগতে স্হানীয় ৰাইজে ও অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই “ফিট ইণ্ডিয়া” শীৰ্ষক কাৰ্যসূচী যোৱা ১ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰ লৈ অনুষ্ঠিত কৰা হৈছে।

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ ফাদিল কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ নাম সাঙোৰ খোৱাত টীয়কত আছু, যুৱ ছাত্ৰসহ অন্যান্য সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

মুদৈজান : অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আকৌ প্ৰতিবাদত উত্তাল হৈ পৰে টীয়ক। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু আটছা টীয়ক উপ শাখাৰ সহযোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৰ্ধশতাধিক ছাত্ৰকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ ব্যক্তিগত সহায়কৰ নাম সাঙোৰ খোৱাত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে চিবিআই তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। কাৰ্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, সততে নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিযুক্তিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত টকাৰ বলতেই বহু মেধাসম্পন্ন পৰীক্ষাৰ্থীয়ে নিযুক্তি নাপাই আৰু তাৰ এক জ্বলন্ত উদাহৰণ আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষা। তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি শূণ্য সহনশীলতাৰ দৃষ্টি দাঙি ধৰাবোৰ যে শূন্যত গদা ঘূৰোৱাৰ দৰে কথা বুলি কয়। আনহাতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই কয়, মধ্যপ্ৰদেশৰ ব্যাপন কেলেংকাৰীতকৈও ভয়াৱহ আৰক্ষীৰ উপ- পৰিদৰ্শকক পৰীক্ষাৰ কেলেংকাৰী। বাৰে প্ৰতি লাখ লাখ নিবনুৱাক মাধমাৰ সোধাই অহা চৰকাৰখনে দুৰ্নীতিৰ পাহাৰ গঢ়ি তুলিছে বুলি অভিযোগ উত্থাপন কৰে। লগতে এই ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে উচিত শাস্তি পাব লাগিব বুলি তেওঁ কয়। কাৰ্যসূচীত উপস্থিত থাকি শিমলুগুৰি মৌজা আছুৰ উপদেষ্টা যদুমণি বৰুৱা, টীয়ক আছুৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, সম্পাদক বিশ্বজিৎ বৰা আৰু আটছা টীয়ক উপ শাখাৰ সভাপতি এপল কিষ্কো, সম্পাদক ৰোহিত ৰাজোৱাৰে বিজেপিৰ শাসনকালত শিক্ষিত নিবনুৱাক বঞ্চিত কৰি চৌদিশে গঢ়ি উঠা দুৰ্নীতিৰ বৃহৎ বজাৰখনৰ অন্ত অসমৰ ৰাইজে অনাগত অসম বিধানসভাৰ নিৰ্বাচনত দিব বুলি কয়। কাৰ্যসূচীত টীয়ক আছুৰ উপ সভাপতি পাপু কলিতা, ৰক্তিম হাজৰিকা, সহকাৰী সম্পাদক ভাস্কৰ গগৈ, দীপাংকৰ বেজবৰা, ৰূপক সৰকাৰ, প্ৰচাৰ সম্পাদক দীপাংকৰ দাস, শিক্ষা সম্পাদক স্বপ্ননীল বৰুৱাৰ লগতে কেন্দ্ৰীয় শাখা, জগদুৱাৰ, বলমা, কাৱৈমাৰী, কলিয়াপানী শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

সাংসদ দিলীপ শইকীয়াক সঁহাৰিয়ে যাচিলে অভিনন্দন

দৈনন্দিন বাৰ্তা ডেস্ক : সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত বিগত এটা দশক বিভিন্ন ধৰণে জড়িত হৈ ৰাইজৰ সৈতে একাত্মতা গঢ়ি তুলিবলৈ সক্ষম হোৱা অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘সঁহাৰি’ৰ তৰফৰ পৰা শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক অভিনন্দন জ্ঞাপন কৰা হয়। শক্তিশালী জনসংখ্যা আইন প্ৰৱৰ্তন তথা দৰং জিলাক ৰে’ল মানচিত্ৰৰ অন্তৰ্ভুক্তকৰণকে ধৰি একাধিক বিষয় পৱিত্ৰ সদনত বলিষ্ঠভাৱে উত্থাপন কৰি অহা বাকপটু সাংসদগৰাকীক ‘উত্তৰ পূৱৰ বলিষ্ঠ কণ্ঠস্বৰ’ আখ্যা দিয়ে সঁহাৰিৰ সভাপতি প্ৰিয়ঙ্কু নাৰায়ণ বৰুৱাই। স্বেচ্ছাসেৱী অনুষ্ঠান ‘সঁহাৰি’ৰ হৈ সাধাৰণ সম্পাদক প্ৰসেনজিৎ বৰুৱা প্ৰমুখ্যে জয়ন্ত বৰুৱা, কাবেৰী গোস্বামী, শেখৰ জ্যোতি নাথ, দ্বিপেন কলিতা, চিৰঞ্জীতা ৰয় চৌধুৰীয়ে সাংসদগৰাকীক বাসভৱনত সাক্ষাৎ কৰি আন্তৰিক সম্ভাষণ জনায়।

নাজিৰাত ৰোগাক্ৰান্ত হিন্দু ধৰ্মৰ বৃদ্ধক আশ্ৰয় দিলে মুছলমান পৰিয়ালে

গেলেকী : নাজিৰা ৰে’ল ষ্টেচনৰ কাষৰ এটা মুছলমান সম্প্ৰদায়ৰ পৰিয়ালে দীৰ্ঘদিনে আশ্ৰয় দি আহিলে এজন হিন্দু ধৰ্মৰ বৃদ্ধ লোকক। বিগত ২০ বছৰে পৰিয়ালটোৱে ৰোগাক্ৰান্ত বৃদ্ধজনক আশ্ৰয় প্ৰদান কৰাৰ লগতে নিজ পৰিয়ালৰ এজন সদস্য হিচাপে প্ৰতিপাল কৰি আহিছিল। এই মুছলমান পৰিয়ালটোৱে দাঙি ধৰিলে মানৱতাৰ আন এক নিদৰ্শন। অৱশেষত বিহাৰৰ পৰা পৰিয়ালৰ লোক আহি ঘৰলৈ লৈ যায় বৃদ্ধ লোকজনক৷ ৮০ৰ দশকতে কৰ্মসূত্ৰে বিহাৰৰ পৰা আহি নাজিৰাত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল দুখী ভগত নামৰ লোকজনে৷ কিন্তু প্ৰায় ২০ বছৰ পূৰ্বে অচিন ৰোগত আক্ৰান্ত হৈছিল দুখী ভগত৷ ফলত ভাড়াঘৰৰ মালিকে ৰাখিবলৈ অমান্তি হয় দুৰ্ভগীয়াক। ভাড়াঘৰৰ মালিকে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত থাকিবলৈ ঠাই নাপাই নাজিৰা ৰে’ল ষ্টেচনতে থাকিবলৈ লয় লোকজনে। কিন্তু লোকজনৰ অসহায় অৱস্থা চকুত পৰিছিল কাষৰে এগৰাকী মুছলমান মহিলাৰ। লগে-লগে মহিলাগৰাকীয়ে দুখী ভগতক নিজৰ ঘৰলৈ লৈ আহি সুস্থ কৰাৰ বিপৰীতে পিছত মহিলা গৰাকীয়ে নিজৰ ঘৰতেই আশ্ৰয় দিয়ে। মুছলমান পৰিয়ালটোৱে চকুৰে নেদেখা দুখী ভগতৰ চিকিত্‍সা কৰোৱাই ঘূৰাই আনে দৃষ্টিশক্তিও। তেতিয়াৰ পৰা প্ৰায় ২০/২২ বছৰ ধৰি দুখী ভগত বুলবুল, ৰেবুল আৰু আবুলহতৰ ঘৰৰে এজন সদস্য হৈ পৰে। অৱশেষত আজি বিহাৰৰ পৰা দুখী ভগতৰ নাতি আহি ঘৰলৈ লৈ যায় দুখী ভগতক। যোৱাৰ সময়ত কান্দোনত ভাঙি পৰিল দুখী ভগত। পৰিয়ালটোৱেও বৃদ্ধজনক বিদায় দিয়াৰ সময়ত মৰ্মাহত হৈ পৰিল৷ নাতিয়ে দুখী ভগতক নতুন জীৱন দিয়াৰ লগতে আশ্ৰয় দিয়াৰ বাবে মুছলমান পৰিয়ালটোক ধন্যবাদ জনালে। সঁচাকৈ এয়াই যেন সঁচা মানৱতা। সমাজত এচামে যিমানেই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে। ঠিক তাৰ সমান্তৰালকৈ আন একাংশই কিন্তু সমাজলৈ এনেদৰেই প্ৰেৰণ কৰি আহিছে এক ইতিবাচক বাৰ্তা।

উজনি মাজুলীৰ ৰতনপুৰ লাহন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱত ৰোগীৰ হাঁহাকাৰ

উজনি-মাজুলী : মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ স্বাস্থ্য খণ্ডৰ পয়া লগা দিশটোক লৈ দীৰ্ঘ দিনৰ পৰা সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰি অহাৰ পিছতো যেন গুৰুত্ব নাই চৰকাৰৰ। ইফালে যি কেইজন চিকিৎসক আছে তেওঁলোকো ক’ভিড প্ৰতিৰোধৰ দায়িত্বত থকাৰ বাবে সাধাৰণ ৰোগীয়ে জীয়াতু ভুগিব লগা হৈছে এতিয়া নদীদ্বীপ জিলাখনত। প্ৰধানত উজনি মাজুলীবাসীয়ে উন্নত চিকিৎসাৰ সুবিধাৰ পৰা দীৰ্ঘদিনৰ পৰাই বঞ্চিত হৈ আহিছে। গ্ৰাম্য অঞ্চলসমূহৰ বহু উপস্বাস্থ্য কেন্দ্ৰত সাধাৰণ ঔষধ এটাও পাবলৈ নাই। বিশেষকৈ উজনি মাজুলীৰ বনৰীয়া চাপৰি, বাচন, অনাই, গ্ৰেজিং কলনিবাৰী, ৰতনপুৰ, কঠমীয়া, গায়নগাঁও আদিকে ধৰি এই বৃহত্তৰ অঞ্চলটোৰ ৩৫/৪০ খন গাঁৱৰ জনসাধাৰণৰ একমাত্ৰ চিকিৎসা সাৰথি ৰতনপুৰ লাহন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি কেইবামাহো ধৰি চিকিৎসক নথকাৰ বাবে ফাৰ্মাচিচজনে অকলেই জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। পূৰ্বে এজন অৱসৰপ্ৰাপ্ত চিকিৎসকক এই চিকিৎসালয়ত এন আৰ এইচ এমৰ অধীনত নিযুক্তি দি ৰাখিছিল যদিও স্বাস্থ্য জনিত কাৰণত তেওঁ চিকিৎসালয়খনলৈ আহিবলৈ এৰি দিয়াত সমস্যাৰ সন্মুখীন হৈছে ৰোগী। বহু দূৰ দুৰণিৰ পৰা আহি ৰোগীয়ে ভিৰ কৰা চিকিৎসালয়খনত এজন পূৰ্ণ পৰ্য্যায়ৰ চিকিৎসক নিযুক্তি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকা আৰক্ষীৰ জালত

অনলাইন বাৰ্তা : যোৱা নিশা নলবাৰীৰ পটাৰছাৰকুছিৰ ‘হাবি’ নামৰ ধাবা এখনৰ পৰা চিআইডি আৰু অসম আৰক্ষীৰ দলে নাটকীয়ভাৱে দিবন ডেকাক কৰায়ত্ব কৰে। নিশাৰ ভাগতে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে কাহিলিপাৰাস্থিত বিশেষ শাখালৈ লৈ অনা হয় দিবন ডেকাক।সম্প্ৰতি মাৰাথন জেৰা অব্যাহত আছে।

তিনিচুকীয়াত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ

তিনিচুকীয়া : তিনিচুকীয়াত জনজাতিকৰণৰ লগতে স্বায়ত্বশাসিত পৰিষদ প্ৰদানৰ দাবীৰে চুতীয়া ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। তিনিচুকীয়াৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈকে সমদল বাহিৰ কৰি সংগঠনটোৰ শতাধিক সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ। চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীৰ আধাৰত শায়ত্বশাসন প্ৰদানৰ দাবীত বিভিন্ন শ্লগানেৰে উত্তাল কৰাৰ লগতে জনজাতিকৰণ আৰু শায়ত্বশাসন প্ৰদান নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

দেৱাল লিখন, পোষ্টাৰিং বন্ধ কৰিব পাৰিবনে ?

প্ৰণৱ চক্ৰৱৰ্তী

অহা ২ অক্টোবৰ গান্ধী জয়ন্তী ৷ ২০১৪ চনত এই দিনটোতেই কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল ৷ এক নতুন জাগৰণৰ সৃষ্টি হৈছিল ৷ ৰাইজ বহু পৰিমাণে সজাগ হ’ল ৷ পৰৱৰ্তী সময়ত বিশেষ একোটা দিন লৈহে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্বচ্ছ ভাৰত অভিযানৰ গইনা লৈ ফটো উঠা উৎসৱ পাতিবলৈ লোৱা নিজ চকুৰে দেখিছো ৷ অৱশ্যে বহুতেই চাফ-চিকুণ হৈ থাকিবলৈ আৰু নিজৰ কৰ্মস্থান চাফ-চিকুণ কৈ ৰাখিবলৈ শিকিলে আৰু এক দায়িত্ববোধৰ চিনাকি দিলে ৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰ এইক্ষেত্ৰত বহু পৰিমাণে সফল ৷ এইবছৰো নিশ্চয় বাপুজীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি চাফ-চিকুণতাৰ কাৰ্য্যসূচী চৰকাৰী বা বেচৰকাৰীভাৱে গ্ৰহণ কৰিব ৷ ই শুভ লক্ষণ ৷ এইখিনিতে এটা কথা মনলৈ আহিছে ৷ কেইমাহমান পিছতে অসম বিধান সভাৰ নিৰ্বাচন আহি আছে ৷ এইবাৰ নিৰ্দলীয়খিনিক বাদ দি অসমত হয়তো প্ৰায় বাৰটামান ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰক্ষেপ কৰিব ৷ পূৰ্বৰ নিৰ্বাচনৰ লগত তুলনা কৰিলে স্পষ্ট যে এইবাৰ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হ’ব আৰু নিৰ্বাচনী প্ৰচাৰো বাঢ়িব ৷ আটাইবোৰ প্ৰাৰ্থীয়ে যদি নিজৰ আৰু দলৰ প্ৰচাৰৰ বাবে দেৱাল লিখন বা বেনাৰ পোষ্টাৰ লগোৱা আৰম্ভ কৰে তেতিয়া হ’লে নিৰ্বাচনৰ পিছত চাৰিওফালে কেনে এক পৰিৱেশৰ সৃষ্টি হ’ব সেইয়া সহজেই অনুমেয় ৷ গতিকে চৰকাৰে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত পোষ্টাৰ বেনাৰ লগোৱাত বাধা দিব লাগে৷ দেৱাল লিখন সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে আৰু নিৰ্বাচনী কাৰ্যালয়ত ব্যৱহাৰ হোৱা বেনাৰ সমূহ কাপোৰৰ কৰিবলৈ নিৰ্দেশ দিব লাগে ৷ নিৰ্বাচনী সভা যদিহে অনুস্থিত কৰিব পৰা পৰিৱেশ থাকে তাতো দলীয় পতাকা প্লাষ্টিকৰ পৰিৱৰ্তে কাগজ বা কাপোৰৰে প্ৰস্তুত কৰিবলৈ আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰিব লাগে ৷ বিগত সময়চোৱাত নলবাৰীৰ প্ৰাক্তন উপায়ুক্ত ডাঃ ওম প্ৰকাশ ডাঙৰীয়াই তেনে কিছু পদক্ষেপ তেখেতৰ কাৰ্যকালত হোৱা নিৰ্বাচনৰ সময়ত লোৱা আমাৰ মনত পৰে৷ এইখন চৰকাৰে এইক্ষেত্ৰত বিশেষ মনোযোগ দিব বুলি আমাৰ দৃঢ় বিশ্বাস ৷