Home Blog Page 3179

দৰঙৰ শলগুৰি সত্ৰত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭২ সংখ্যক জন্ম জয়ন্তী উৎসৱ অনুষ্টুপীয়াকৈ পালন

শ্ৰীমন্ত শংকৰ, হৰি ভকতৰ,

যানা যেন কল্পতৰু,

তাহান্ত বিনাই, নাই নাই নাই,

আমাৰ পৰম গুৰু ৷৷

নামখলা : সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো ক’ৰােনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টিৰ কৰাৰ পৰিপ্ৰেক্ষিতত এইবেলি মহাপুৰুষ জনাৰ জন্ম জয়ন্তী মহােৎসৱ ভাগ অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক অসমীয়া জাতি সত্বাৰজনক অসমীয়া সাহিত্য সংস্কৃতিৰ যুগনায়ক মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ জন্মজয়ন্তীৰ সহস্ৰাধিক ভকতৰ তুলনাত এইবাৰ অতি সীমিত সংখ্যক ভকতৰ উপস্থিতিৰে পালন কৰে ৷ এই অনুষ্ঠানত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীৰ লগতে নাম প্ৰসংগ হৰি নাম ধ্বনিৰে মুখৰিত কৰি তোলে শলগুৰি সত্ৰ ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰে জন্মজয়ন্তী অনুষ্ঠান সামৰনি পৰিব বুলি সত্ৰৰ একনিষ্ঠ সেৱক বৰুন কলিতাই জানিব দিয়ে ৷

নাজিৰাত চাহ শ্ৰমিকে পূজাত পাব ২০ শতাংশ বনাচ : স্বাস্থ্য মন্ত্ৰীৰ ঘোষণাক জাতীয় গণ সংগ্ৰাম পৰিষদ, অসমৰ আদৰণি

গেলেকী : চাহ শ্ৰমিকৰ দীৰ্ঘদিনিয়া দাবী এইবাৰ মানি লৈছে অসম চৰকাৰে। চাহ শ্ৰমিকৰ বাবে এটা ভাল খবৰ। নাজিৰাকে ধৰি ৰাজ্যত এইবাৰ পূজাত চাহ শ্ৰমিকক প্ৰদান কৰা হ’ব ২০ শতাংশ বানচ।ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। যাক জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ফাৰহান লস্কৰ, উপ সভাপতি সপোন ৰায় আৰু সহঃ সাংগঠনিক সম্পাদক মিছকাটুৰ ৰহমানে আজি এক প্ৰেছ বিবৃতিৰ জড়িয়তে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ পদক্ষেপক আদৰণি জনাইছে। চাহ শ্ৰমিকসকলক বানচ সূচাৰূৰুপে প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাহ বাগিছা সমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা সিদ্ধান্ত লৈছে চৰকাৰে। বাণিজ্যিক ঋণ লোৱা বাগান সমূহলৈ আৰ্থিক প্ৰদান কৰা হ’ব সাহায্য।

উজনিত, অসম জাতীয় পৰিষদৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি গঠন

গেলেকী, ২৫ছেপ্তেম্বৰঃ উজনি অসমত অসম জাতীয় পৰিষদৰ প্ৰথমখন জিলা আহ্বায়ক সমিতি গঠন । অসমৰ প্ৰথমখন আহ্বায়ক সমিতি গঠন চৰাইদেউত । চৰাইদেউ জিলাৰ জাতীয়তাবাদী শিবিৰৰ অগ্ৰণী ব্যক্তি অৱণী বৰুৱা আৰু সুশীল কুজুৰক মুখ্য আহ্বায়ক হিচাপে লৈ আজি ৫৩ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয় । সংবাদ মেলযোগে এই কথা সদৰী কৰিলে AJPৰ আহ্বায়ক ৰাজু ফুকনে । অসমীয়া জাতিৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে বিভিন্নজনে অসম জাতীয় পৰিষদৰ লগত জড়িত হ’বলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি মন্তব্য । সোণাৰিৰ গ্ৰীণভিউ হোটেলত অনুষ্ঠিত সংবাদ মেলখনত প্ৰাক্তন আছু নেতা তথা আহ্বায়ক ৰাজু ফুকনৰ লগতে প্ৰাক্তন যুৱ ছাত্ৰ পৰিষদৰ নেতা বিশ্বজিৎ টিপমীয়া, প্ৰাক্তন অগপ নেতা তথা ২০০০ চনৰ সোণাৰি সমষ্টিৰ পাৰ্থী সুশীল কুজুৰ, সমাজসেৱক উমেশ গগৈ উপস্থিত থাকে ।

পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলন ঘোষণা, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

তিনিচুকীয়া : বিগত ২০০৯ চনৰ পৰাই গাঁও পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নোহোৱাত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে। অতি কম পৰিমাণৰ পাৰিতোষিকত জীৱন-জীৱিকালৈ ও সংকট আহিব ধৰা এইসকল গ্ৰামোন্নয়নৰ লগত জড়িত কৰ্মচাৰীয়ে দিনে-ৰাতিয়ে একাকাৰ কৰি কাম কৰি আহিছে। চৰকাৰৰ প্ৰতিটো উন্নয়নমূক কাম কৰি অহাৰ উপৰিও শেহতীয়াকৈ কভিড-১৯, বানপানী, অৰুনোদয় আঁচনি ইত্যাদি কাম কৰি আহিছে। চৰকাৰক অনুনয় বিনুনয় তথা বাৰম্বাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে বিভাগটোৰ মুৰব্বী মুখ্য সচিব জে বি এক্কাৰ সঞ্চালনাত ২০১৯ বৰ্ষৰ ১৪ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কায্যালয়ত দীৰ্ঘদিনীয়া দাবীৰ সন্দৰ্ভত এক আলোচনাও দ্বি-পাক্ষিকভাৱে হৈ গৈছিল। উক্ত আলোচনা মৰ্মে ২০১৯ বৰ্ষৰ ১৬ নবেম্বৰৰ ভিতৰত চাকৰি সুৰক্ষিত কৰা, স্বাস্থ্য বীমা সংযোজন কৰা, প্ৰতিবছৰে ১০ শতাংশকৈ দৰমহা বৃদ্ধি কৰা, প্ৰতিগৰাকী কৰ্মচাৰীক পিএফ/ইপিএফ/চিপিএফ প্ৰযোজ্য কৰা আৰু যোগ্যতা-অভিজ্ঞতাৰ ভিত্তিত গ্ৰামোন্নয়ন বিভাগত খালী হৈ থকা চাকৰিত নিযুক্তি দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ইয়াৰ এটা দফাও আজিও কায্যকৰী হোৱা নাই। আনহাতেদি বিভাগটোৱে ১০০৪ টাকৈ পদ বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও বিগত ৫ বছৰৰ পৰা ১১ বছৰ পৰ্যন্ত কামৰ অভিজ্ঞতা থকা কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নহ’ল লগতে ইতিমধ্যেই বহুতৰ বয়স ওকলি যোৱাত আবেদনো কৰিব নোৱাৰে। প্ৰবল বঞ্চনা আৰু মিছা প্ৰতিশ্ৰুতি দি অহা লগতে কথা দি কথা নৰখা বাবে কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ২৮ ছেপ্টেম্বৰ পৰা এলানি আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি তেওঁলোকে একত্ৰিত হৈ ২৮, ২৯ তাৰিখে কলা বেজ পৰিধান কৰি কাম কৰিব, ৩০ আৰু ১ অক্টোবৰত দুয়োটা দিনত প্ৰতিটো উন্নয়ন খণ্ড কায্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰিব, ২ অক্টোবৰত গান্ধী জয়ন্তী দিনাও জিলাখনৰ ৩০৪ জন কৰ্মচাৰীয়ে একে লগ হৈ তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পঞ্চায়তত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি অহা গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, গাঁও পঞ্চায়ত সমন্বয়ক আৰু স্বীকৃতিপ্ৰাপ্ত অভিযন্তা এই পাচঁটা পদৰ কৰ্মচাৰীসকলে কাম নকৰিলে অচল হৈ পৰিব গ্ৰামোন্নয়ন বিভাগ। ইতিমধ্যেই জিলাখনৰ প্ৰতিগৰাকী বিধায়ক, উপায়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া, উন্নয়ন খণ্ড বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি/সচিবৰ লগতে জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলকো দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। মনকৰিবলগীয়া যে অন্যান্য বিভাগে ৰূপায়ণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপি গাঁঠি দি উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, গ্ৰামোন্নয়ন মন্তী, মুখ্য সচিব আৰু আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে ইয়াৰ পিছতো যদি এইসকল কৰ্মচাৰীয়ে কোনো জীয়াই থকাৰ বাট বিচাৰি নাপাই তেন্তে অনিদিষ্টকালীনভাৱে কৰ্মবিৰতি পালন কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জানিব দিছে সংগঠনটোৰ মুখপত্ৰ বিনন্দ মৰাণে। এই সমস্ত কাৰ্যসূচী তিনিচুকীয়াৰ লগতে অন্যান্য জিলাসমূহতো ক্ৰমানুসৰি ৰূপায়ন হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক উপদেষ্টা কুমুদ গগৈ আৰু কেন্দ্ৰীয় কায্যনিৰ্বাহক নিৰ্মল বুঢ়াগোঁহাইয়ে।

নাজিৰা অ’এনজিচিৰ কাৰ্যালয়ৰ ভিতৰত নিশা নাহৰফুটুকীৰ মুকলি বিচৰণ

গেলেকী : নাজিৰাস্থিত অ’এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত নিশা বাঘৰ আতংক। ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী। নাজিৰা অ’এনজিচি কাৰ্যালয়ত নাহৰফুটুকীৰ বিচৰণ। নিগমৰ গাতে লাগি আছে সৰু-বৰ জংঘল তথা দিখৌ নদী। সম্প্ৰতি ২৩ ছেপ্তেম্বৰৰ নিশা বনাঞ্চল এৰি খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আহি জনসমাগমত প্ৰৱেশ কৰেহি। প্ৰাপ্ত তথ্য আৰু নিগমৰ অভিযোগ অনুসৰি নাজিৰাস্থিত অ’এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত উক্ত দিনা নিশা এটা বাঘে মুকলি ভাৱে বিচৰণ কৰি ঘূৰি ফুৰা সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত আৱদ্ধ হৈ ৰয়। চিচি টিভি কেমেৰাত বন্দী হয় কাৰ্যালয়ৰ আৰ অ’ বি-১ৰ ভিতৰত বাঘ ঘূৰি ফুৰাৰ দৃশ্য ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে; নিগমৰ আবাসী ও কৰ্মচাৰীসকল। উল্লেখ্য যে নিগমে নিশা কৰ্মচাৰী অথবা বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল অঞ্চলটোত৷ নিগমৰ কাৰ্যালয়ৰ ভিতৰত বাঘ সোমোৱাৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হোৱাৰ পিছতে কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়ে কৰ্তৃপক্ষই ৷ সমান্তৰালভাৱে উক্ত দিনা নিশাই বিহুবৰ খণ্ড বন বিষয়া সন্তোষ ফুকনদেৱৰ নেতৃত্বৰ এটা বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ চিচি টিভিৰ ফুটেজৰ ভিত্তিত বাঘটোৰ সন্ধান বিচৰাৰ লগতে নাহৰফুটুকীটো আৱদ্ধ কৰাৰ বাবে বন বিভাগে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে। বিভাগৰ প্ৰাথমিক তদন্ত ভিত্তিত বাঘটো কাৰ্যালয়ৰ ভিতৰত থকা এখন খিৰিকীয়ে বাহিৰ হৈ যোৱা তথ্য সংগ্ৰহ কৰিছে বিহুবৰ খণ্ড বন বিভাগে। আনহাতে বন বিভাগৰ লোক নিগমৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি নাহৰফুটুকীটো পিঞ্জৰাবদ্ধৰ বাবে চেষ্টা চলোৱাৰ বিপৰীতে বিভাগে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তিনিচুকীয়াৰ পৰা এটা Rescue team আনি ২৪ ছেপ্তেম্বৰৰ দিনা নিগমৰ কাৰ্যালয় ভিতৰ আৰু বাহিৰ চৌহদটোত বাঘৰ সন্ধান বিচাৰি চৰজমিন তদন্ত চলায়। পৰৱৰ্তী সময়ত নাহৰফুটুকীটো নিগমৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱা বুলি বন বিভাগে সদৰী কৰে। বিহুবৰ খণ্ড বন বিষয়া গৰাকীৰ মতে উক্ত বাঘটো যদি পুনৰ নিগমৰ আবাসিক এলেকাত প্ৰৱেশ কৰে। তেতিয়া ট্ৰেংকুইলাইজ কৰিহে বাঘটো ধৰিবলৈ সক্ষম হ’ব বুলি তেখেতে আজি সংবাদ-মাধ্যমক জানিবলৈ দিছে।

কেন্দ্ৰৰ ওচৰত ৰিপৰ্ট জমা ইণ্টেলিজেণ্ট ব্যুৰৰ : যুৱকক কট্টৰপন্থী জেহাদী হোৱাৰ আহ্বান জাকিৰ নায়কৰ

অনলাইন বাৰ্তা : পিএছ টিভি ম’বাইল এপ, পিএছ টিভি নামৰ ইউটিউব চেনেল ফেচবুক পেজ ব্যৱহাৰ কৰি জাকিৰ নায়কে যুৱ সমাজৰ উদ্দেশ্যে জেহাদী ভাষণ দিছে ৷ কেন্দ্ৰৰ ওচৰত এই ৰিপৰ্ট জমা দিছে ইণ্টেলিজেণ্ট ব্যুৰই ৷ জাকিৰ নায়কৰ সকলো মিডিয়া নিষিদ্ধ কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ আগতে পিএছ টিভি নিষিদ্ধ কৰিছিল চৰকাৰে ৷ এই চেনেলৰ জৰিয়তে পলাতক জাকিৰ নায়কে যুৱ সমাজক কট্টৰপন্থী জেহাদি হোৱাৰ আহ্বান জনাইছিল বুলি অভিযোগ উঠিছিল ৷ পিএছ টিভি বন্ধ পোৱাৰ পাচত ছ’চিয়েল মিডিয়াক হাথিয়াৰ কৰিছে জাকিৰ নায়কে ৷ ছ’চিয়েল মিডিয়াত এটাৰ পাচত এটাকৈ প্ৰৰোচনামূলক ভিডিঅ’ আপলোড কৰিছে এই ইছলামিক ধৰ্মগুৰুৱে ৷ তাৰ পৰা হিংসা বিয়পাইছে বুলি জনাইছে আইবিয়ে ৷ জানিব পৰা মতে গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনাত বহিছিল আইবি, এনআইএসহ দেশৰ একাধিক চোৰাংচোৱা সংস্থা ৷ তাতেই আইবিয়ে ৰিপৰ্ট জমা দিয়ে ৷ কোৱা হৈছে দেশৰ সৌহাৰ্দ্য পৰিৱেশ নষ্ট কৰাৰ চেষ্টা কৰিছে জাকিৰ নায়কে৷ দেশৰ বাহিৰত থাকি একাধিক মিডিয়া প্লেটফৰ্মত নিয়মিত প্ৰৰোচনামূলক ভিডিঅ’ আপলোড কৰিছে জাকিৰ নায়কে ৷ ফলত হিংসাৰ বাতাবৰণ সৃষ্টি হৈছে ৷

ম’ৰাবজাৰত স্বাধীনতা ৭৪ বছৰৰ পাছতো বাট-পথৰ বিধ্বস্তৰূপ : ভুঁই ৰুই প্ৰতিবাদ ৰাইজৰ

গেলেকী : নাজিৰা সমষ্টিৰ গাতে লাগি থকা আমগুৰি সমষ্টিৰ বাট-পথৰ উন্নয়ণৰ ফোপোলাস্বৰূপ উদঙালে; স্থানীয় গাওঁবাসী ৰাইজে। পথলৈ ওলাই আহিল শ-শ গাওঁবাসী ৰাইজ। বিধায়ক তথা চৰকাৰৰ ওপৰত ক্ষোভ গঁঞা ৰাইজৰ। এজাক বৰষুণতে পথৰ দূৰৱস্থাত ভুগিবলগীয়া হোৱাত বোকাময় পথত ২৪ ছেপ্তেম্বৰৰ দিনা ভূঁই ৰুই প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিল আমগুৰিৰ ম’ৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়াল গাওঁবাসী। সম্প্ৰতি স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো চেউনী আলি বৰুৱা কুৰি সংযোগী প্ৰায় দুই কি’লমিটাৰ পথটোৰ দূৰৱস্থাই জলাক’লা খুৱাইছে ৰাইজক। পথটোত নচলে ১০৮ জৰুৰী কালিন সেৱা অথবা অন্য কোনো বাহন। পঞ্চায়তে কোনো দিনেই মেৰামতিৰ বাবে গুৰুত্ব নিদিয়া পথটিৰ দূৰৱস্থাৰ বাবেই চিকিৎসালয়লৈ যাব নোৱাৰা ৰোগীৰ মৃত্যু পৰ্য্যন্ত হৈছে বুলি আভিযোগ আনিছে অঞ্চলবাসীয়ে।চাৰিখন গাঁৱৰ ৰাইজৰ একমাত্ৰ পথৰ লগতে আমগুৰি সমষ্টিৰ অন্যতম গুৰুত্বপূ্ৰ্ণ পথটিৰ দূৰৱস্থাই অঞ্চলটোৰ ৰাইজক জীয়াতু ভোগাইছে ৷

নাজিৰা, আমগুৰি দুয়োটা সমষ্টিত আছুৰ উদ্যোগত প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

গেলেকী : নাজিৰা আৰু আমগুৰি দুয়োটা সমষ্টিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। ২৪ ছেপ্তেম্বৰৰ আবেলি পৰত তথা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত কৃষক বিৰোধী কৃষি আইন-২০২০ বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে জংগী প্ৰতিবাদ সাব্যস্ত। চাউল, দাইল, আলু, পিয়াঁজ আৰু তেল অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ প্ৰতিবাদত নাজিৰা, লাকুৱা, মথুৰাপুৰ, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই দুয়োখন নগৰৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰি জংগী প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতি প্ৰসাদ কলিতা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুমন কলিতা মহকুমাৰ ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহক সদস্য নন্দন মালাকাৰ উপস্থিত থাকে ৷

চিবিএছইৰ পাচতে এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত কৰ্তন : ৰাজনীতি বিজ্ঞানত বাদ পৰিল জৱাহৰলাল নেহৰু, মণ্ডল আয়োগ, অযোধ্যা

দৈনন্দিন বাৰ্তা ডেস্ক : কেইমাহমানৰ আগতে চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল ৷ এইবাৰ অসমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল জৱাহৰলাল নেহৰু ৷ তদুপৰি পাঠ্যক্ৰমৰ পৰা বাদ পৰিছে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ, অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি সমস্যা আৰু ২০০২ চনৰ গুজৰাটৰ সংঘৰ্ষ ৷ অৱশ্যে ইয়াৰ পাচত কোনো ৰাজনৈতিক কাৰণ নাই বুলি দাবী কৰিছে অসম চৰকাৰে ৷ কৰ’নাৰ বাবে শিক্ষাৰ্থী ওপৰত চাপ কমাবৰ বাবেই এই পদক্ষেপ লোৱা হৈছে ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে জনায় যে ক’ভিডৰ বাবে শিক্ষাৰ্থীৰ ওপৰৰ পৰা অযথা চাপ কমাবলৈ পাঠ্যক্রমৰ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ উল্লেখ্য যে কৰ’নাৰ বাবে যোৱা ছমাহ বন্ধ আছিল শিক্ষানুষ্ঠান ৷ ইপিনে পৰীক্ষাৰ সময় ওচৰ পাইছেহি ৷ সেয়ে শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবলৈ পাঠ্যক্ৰম কৰ্তনৰ পথ ল’লে অসম চৰকাৰে ৷ পাঠ্যক্ৰমত ‘স্বাধীনতাৰ পৰৱৰ্তী ভাৰতীয় ৰাজনীতি’ৰ পৰা বাদ পৰিছে প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন, ৰাষ্ট্ৰ গঠন লৈ নেহৰুৰ চিন্তাধাৰা, তেওঁৰ বিদেশ নীতি আৰু তাৰ পৰৱৰ্তী সময়ৰ ৰাজনৈতিক উত্তৰাধিকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘গৰিবী হাটাও’ নীতি ৷ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে মণ্ডল কমিচন ৰিপৰ্টৰ প্ৰয়োগ, ১৯৮৪ চনৰ পাঞ্জাৱ সমস্যা আৰু শিখ-বিৰোধী সংঘৰ্ষ, ইউনাইটেড ফ্রন্ট আৰু এনডিএ চৰকাৰ, ২০০৪ চনৰ লোকসভা নিৰ্বাচন আৰু ইউপিএ চৰকাৰ আৰু অযোধ্যাৰ ভূমি বিবাদ আৰু গুজৰাটৰ সংঘৰ্ষ ৷ আনকি বুৰঞ্জী আৰু ভূগোলৰ পৰা অসমৰ বদু গুৰুত্বপূৰ্ণ অধ্যায় বাদ দিয়া হৈছে ৷ উল্লেখ্য যে ২০২০-২১ শিক্ষাবর্ষৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা কোন কোন অংশ বাদ পৰিব সেয়া নিৰ্দ্ধাৰণ কৰিছে ৰাজ্যৰ আগশাৰীৰ বিদ্যালয়ৰ বিভিন্ন বিষয়ৰ শিক্ষকক লৈ প্ৰস্তুত কৰা সমিতিয়ে ৷

বিৰোধী শূন্য সংসদত ১৫ বিধেয়ক গৃহীত নৰেন্দ্ৰ মোডী চৰকাৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : সংসদৰ বৰ্ষাকালীন অধিৱেশনত এইবাৰ বিৰোধীৰ অনুপস্থিতিৰ ‘সুযোগ’ কামত লগালে শেষৰ দুদিনত৷ কোনো বিতৰ্ক নোহোৱাকৈ ৰাজ্যসভাত নৰেন্দ্ৰ মোডী চৰকাৰে গৃহীত কৰে ১৫খন বিধেয়ক ৷ কৃষি ক্ষেত্ৰত সংস্কাৰ সংক্ৰান্তীয় দুখন বিধেয়ক ৰাজ্যসভাত ধ্বনি ভোটত গৃহীট কৰাত বিৰোধিতা কৰি সোমবাৰে নিলম্বন হয় কংগ্ৰেছ, তৃণমূল, চিপিএম আৰু আপৰ ৮জন সাংসদ ৷ ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ এই সিদ্ধান্তৰ প্ৰতিবাদত একাধিক বিৰোধী দলে অধিৱেশন বৰ্জন কৰে ৷ বিৰোধীৰ এই পদক্ষেপত সক্ৰিয় হৈ পৰে কেন্দ্ৰ ৷ বিৰোধী শূন্য ৰাজ্যসভাত মঙলবাৰে সাতখন আৰু বুধবাৰে আঠখন বিধেয়ক গৃহীত কৰে ৷ ইয়াৰ পাচতে অনির্দিষ্টকালৰ বাবে সমাপ্তি ঘটে বৰ্ষাকালীন অধিৱেশন ৷ উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত ক’ভিড বিধি মানি ১৮ দিনৰ বাবে সংসদৰ দুয়োকক্ষৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছিল ৷ আৰম্ভণিৰ দিনাই ২৫ জন সাংসদৰ কৰ’না ৰিপৰ্ট পজিটিভ আহে৷ তাৰ পাচতো কৰ’না বিধি মানি অধিৱেশন চলিছিল ৷ কিন্তু ইয়াৰ পাচত আন দুজন কৰ’নাত আক্ৰান্ত হয়৷ ইপিনে দেওবাৰে কৃষি বিধেয়কলৈ উত্তাল হয় ৰাজ্যসভা। অসংসদীয় আচৰণৰ অভিযোগত আঠজন সাংসদক নিলম্বন কৰে ৷ আনহাতে ১৭ টা বিৰোধী দলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ চিঠিৰে কৃষি সংস্কাৰ সংক্ৰান্তীয় তিনিখন বিতৰ্কিত বিধেয়কত চহী নকৰিবৰ বাবে আবেদন জনায় ৷