Home Blog Page 3180

মাস্ক পৰিধান নকৰাকৈ ইন্দোৰৰ অনুষ্ঠানত মন্ত্ৰী : সমালোচনাৰ সন্মুখীন হৈ ভুল স্বীকাৰ মধ্যপ্ৰদেশৰ গৃহমন্ত্রীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ইন্দোৰৰ এক অনুষ্ঠানলৈ বুধবাৰে যোৱাৰ সময়ত মুখত মাস্ক পৰিধান কৰা নাছিল মধ্যপ্ৰদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্রই ৷ তাৰ পাচতে মন্ত্ৰীজন কৈছিল, মই কোন অনুষ্ঠানতে মাস্ক পিন্ধা নাই ৷ কি হ’ব? ইয়াৰ পাচতে সমালোচনাৰ সন্মুখীন হয় মন্ত্ৰীজন ৷ আজি নিজৰ দোষ স্বীকাৰ কৰি কয়, এতিয়াৰ পৰা মাস্ক পিন্ধিব ৷ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ মধ্যপ্রদেশত কৰ’না সংক্ৰমণৰ নিৰিখত ইন্দোৰ একেবাৰে ওপৰত ৷ ২০,৮৩৪ জন সংক্রামিত হৈছে৷ মৃত্যু হৈছে ৫১৬ জন। সেই ইন্দোৰতে বুধবাৰে এক অনুষ্ঠানলৈ মাস্ক নিপিন্ধাকৈ গৈছিল নৰোত্তম মিশ্র। তাৰ পাচতে বিৰোধী কংগ্ৰেছৰ আক্ৰমণ, কৰ’না বিধি কেৱল সাধাৰণ মানুহৰ বাবে প্ৰযোজ্য ! টুইটাৰত মধ্যপ্রদেশৰ কংগ্রেছ মুখপাত্র নৰেন্দ্র ছালুজাই লিখে, কাৰোবাৰ মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস আছেনে ? নিয়ম কি কেৱল সাধাৰণ মানুহৰ বাবে ? নিজৰ ভুল স্বীকাৰ কৰি মিশ্ৰই জনালে, মাস্ক পিন্ধাৰ ক্ষেত্ৰত মই আইন বিৰুদ্ধ কাম কৰিছো ৷ প্ৰধানমন্ত্ৰীৰ অনুভূতিৰ লগতো মিলা নাই ৷ মই ভুল স্বীকাৰ কৰিছো আৰু দুঃখ প্রকাশ কৰিছো ৷ মই মাস্ক পিন্ধিম৷ সকলোকে অনুৰোধ কৰিছো, তেওঁলোকে যিন মাস্ক পিন্ধে আৰু সামাজিক দূৰত্ব বিধি মানে ৷ বুধবাৰে অৱশ্যে সমালোচনাৰ মুখত পৰি মিশ্ৰই কয়, শাৰীৰিক সমস্যা আছে৷ তেওঁ মাস্ক পিন্ধিলে শ্বাসৰ কষ্ট হয় ৷

গৌৰীপুৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰে দীৰ্ঘদিন ধৰি চলাই আহিছে বৃহৎ উৎকোচৰ ৰমৰমীয়া বেহা। যাৰ ফলত গোচৰীয়া আৰু অপৰাধীয়ে দুয়ো পক্ষই দিব লাগিছিল লাখ লাখ টকাৰ উৎকোচ। এশ গৰু মাৰিলে বাঘৰো মৰণ। ঠিক তেনেদৰে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰৰ বাবে নামি আহিল এক প্ৰলয়ংকাৰী বিপদ। হয়। এটা গোচৰ মীমাংসাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰে দাবী কৰিছিল এক লাখ টকা। উক্ত উৎকোচৰ ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰণ শাখাৰ হাতত হাতে লোটে ধৰা পৰে অ’চি সত্যজিৎ বৰঠাকুৰ। উল্লেখ্য যে, অ’চি সত্যজিৎ বৰঠাকুৰে নিজ গা ঢাকিবলৈ বলিৰ পঠা সজালে উপ পৰিদৰ্শক আবুল কালাম আজাদক। বৰঠাকুৰে উৎকোচ লৈ দুৰ্নীতি নিবাৰণ শাখাৰ উমান পাই লগে লগে গৌৰীপুৰ টাউন উপ-পৰিদৰ্শক আবুল কালাম আজাদৰ ওচৰত উৎকোচ লোৱা ধন জমা দিয়াৰ লগে লগেই দুৰ্নীতি নিবাৰণ শাখাৰ লোকৰ লগতে ধুবুৰী জিলাৰ এছপি আনন্দ মিশ্ৰৰ সজাতি দলে অতৰ্কিতে গ্ৰেপ্তাৰ কৰে। উক্ত দুৰ্নীতি পৰায়ণ আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰক গ্ৰেপ্তাৰ কৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গৌৰীপুৰবাসী ৰাইজে।

ফিট ইণ্ডিয়া ম’ভমেণ্টৰ প্ৰথম বর্ষপূর্তিত প্ৰতিদিনে আধা ঘণ্টা শৰীৰ চৰ্চা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ

দৈনন্দিন বাৰ্তা ডেস্ক : ফিট ইণ্ডিয়া ম’ভমেণ্টৰ প্ৰথম বর্ষপূর্তি উপলক্ষে ‘ফিট ইণ্ডিয়া ডায়লগ’ শীর্ষক ভাৰ্চুৱেল অনুষ্ঠান আয়োজন কৰে কেন্দ্ৰই ৷ বৃহস্পতিবাৰে আয়োজিত সেই অনুষ্ঠানত দেশৰ খ্যাতনামা ক্রীড়াবিদ আৰু ফিটনেছ বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৷ ‘ফিট ইণ্ডিয়া এজ এপ্ৰোপ্ৰিয়েট ফিটনেছ প্ৰট’কলছ’-এ অনুষ্ঠানটো আয়োজন কৰে ৷ কাশ্মীৰৰ উদীয়মান মহিলা গ’লকীপাৰ আফছানৰ পৰা বলীউডৰ অভিনেতা মিলিন্দ সুমন্দ, যোগগুৰু শিৱানন্দ সৰস্বতীৰ পৰা ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি, সাতজন খ্যাতনামা ক্রীড়াবিদ আৰু ফিটনেছ বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰি কিদৰে শৰীৰক সক্ষম কৰি ৰাখিব পাৰি এই বিষয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ ফিট ইণ্ডিয়া কৰ্মসূচী আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্রশংসা কৰে মিলিন্দ সুমন্দ আৰু বিৰাট কোহলিক ৷ ইয়াৰ ফলত তেওঁলোকে প্রাচীন সংস্কৃতি আৰু ঐতিহ্যক সমগ্ৰ বিশ্বত তুলি ধৰিছে বুলি উল্লেখ কৰে ৷ অনুষ্ঠানৰ শেষত এই প্ৰসংগত মন্তব্য কৰে স্বাস্থ্য ঠিক থাকিলে সকলো ঠিক থাকিব বুলি উল্লেখ কৰে মোডীয়ে ৷ কৰ’নাৰ মাজতে দেশজুৰি শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে ভাৰতবাসীৰ যি চেষ্টা চলিছে তাৰ ভূয়সী প্রশংসা কৰে৷ বয়স্ক লোকক সুস্থ ৰখাৰ বাবে যুৱ সম্প্রদায়ে যিদৰে তেওঁলোকৰ শাৰীৰিক সক্ষমতা বঢ়োৱাত উৎসাহিত কৰিছে তাকো উল্লেখ কৰে ৷ শাৰীৰিক শক্তি বৃদ্ধি পালে মানসিক জোৰ বাঢ়ে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে৷ বিবেকানন্দৰ বাণী উদ্ধৃতি দি মোডীয়ে কয়, ‘স্বামী বিবেকানন্দই কৈছিল শক্তি মানে জীৱন আৰু দুৰ্বলতাৰ অৰ্থ মৃত্যু। শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে প্ৰতিজন মানুহে সময় দিয়া উচিত ৷ ভাৰতৰ নাগৰিকসকলে এই পথ অনুসৰণ কৰি সমগ্ৰ বিশ্বৰ আগত নজিৰ সৃষ্টি কৰিছে ৷ কৰ’না মহামাৰীৰ সৈতে যুঁজত ভাৰতীয়ৰ আগত থাকি নেতৃত্ব দিছে৷ মই সকলোকে কও ফিটনেছ ড’জ আধা ঘণ্টা এই মন্ত্ৰটো মনত ৰখা ৷ প্ৰতিদিনে যদি ৩০ মিনিট শাৰীৰিক সক্ষমতা বঢ়োৱাৰ বাবে সময় ব্যয় কৰা হয়৷ তেতিয়া সকলো শক্তিশালী হৈ উঠিব ৷

ক’ভিড-১৯ সজাগতাৰ বৃদ্ধিৰ বাবে জিলা স্বাস্থ্যবিভাগৰ সমদল

উজনি-মাজুলী : ৰাজ্যৰ আন জিলাৰ লগতে মাজুলী জিলাতো বুধবাৰে ক’ভিড-১৯ অতিমাৰী প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জিলা স্বাস্থ্য বিভাগে ক’ভিড-১৯ সজাগতা সমদল উলিয়ায়। কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা কমলাবাৰী চহৰৰ মাজেৰে উলিওৱা এই ক’ভিড-১৯ সজাগতা সমদল অংশগ্ৰহণে উদ্বোধন কৰে মাজুলীৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) অৰিন্দম বৰুৱাই। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নীলকান্ত দলেই নেতৃত্ব দিয়া এই সজাগতা সমদলত স্বাস্থ্য বিভাগৰ বিষয়া-চিকিৎসক, নাৰ্চ-স্বাস্থ্যকৰ্মী, আশাকৰ্মীসকলে ভাগ লয়।

নগাঁও বন বিভাগৰ দ্বাৰা চেগুন কাঠৰ কুণ্ডাসহ অবৈধ কাঠ ফলা মিল জব্দ

নগাঁও : নগাঁও বন বিভাগ আৰু জুৰীয়া আৰক্ষীৰ এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডাসহ এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। কালি জুৰীয়াৰ কালিয়াডিঙা পাম গাৱঁত এক গোপন তথ্য পম খেদি নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ আৰু জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে উক্ত অঞ্চলত অভিযান চলাই অবৈধ ভাৱে দীৰ্ঘদিন চলাই অহা কাঠফলা মিলটোৰ লগতে প্ৰায় ১৯ পিচ মূল্যবান চেগুন গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে, অভিযানৰ সময়ত কোনো এজন লোককে আটক কৰিব সক্ষম নহল অভিযানকাৰী দলে ৷ কালিৰ এই অভিযানত বন পালক ৰঞ্জন বৰা, নৃপেন বৰা, বনকৰ্মী মুক্তাৰ হুছেইন, দিনেশ ৰাজবংশী উপস্থিত আছিল ৷

বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা উজনি মাজুলী বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ সন্থাৰ

উজনি-মাজুলী : উজনি মাজুলীত বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কালি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সন্থাৰ কৰ্মী সকলে কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টিত বিগত বহু দিনৰ পৰা এক অৰাজক পৰিস্থিতি উদ্ভৱ হৈ আছে, যাৰ বাবে চৰম হাৰাশাস্তি ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। ঘণ্টা ঘণ্টা ধৰি কৰা লোডশ্বেডিঙৰ ফলত চৰম হাৰাশাস্তি ভোগ কৰিছে সাধাৰণ জনতাই৷ বিভাগটোৰ গাফিলটিৰ বাবে বৰ্তমান সময়ত শিক্ষাৰ্থীসকলকে ধৰি সাধাৰণ জনসাধাৰণে বিদ্যুতৰ বাবে হাঁহাকাৰ কৰি থাকিবলগীয়া হৈছে। এই সমগ্ৰ বিষয়ৰ ওপৰত ছাত্ৰ সন্থাই বহুবাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও বিভগটোৱে কোনো গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ছাত্ৰ সন্থাৰ কৰ্মীসকল। কালিৰ কাৰ্যসূচীত উপস্থিত থাকি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতুপন শৰ্মাই কয় যে, অতিশীঘ্ৰে উজনি মাজুলীৰ বিদ্যুৎ বিভাগৰ যি উপ সংমণ্ডলৰ কাৰ্যালয় আছে তাত যিসকল বিষয়া আছে সকলোকে অনাগত ২৪ ঘণ্টাৰ ভিতৰত সালসলনি কৰিব লাগিব বুলি দাবী জনায়। লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱাই কয় যে, যদি অনাগত ২৪ ঘণ্টাৰ ভিতৰত বিভাগটোৰ যি সমূহ যান্ত্ৰিক বিজুটি আছে সমগ্ৰ বিষয়টি বিচাৰৰ আওতালৈ আনি দোষী বিষয়া সকলৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে আৰু ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিব লাগিব বুলি দাবী জনোৱাৰ লগতে যদি এইসমূহ দাবী কাৰ্যকৰী নহয় তেতিয়া ছাত্ৰ সন্থাই অনাগত সময়ত কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকে ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক টায়ে লগতে ৫০ জনীয়া ছাত্ৰ সন্থাৰ এটা সজাতি দলে। কাৰ্যসূচী সফল কৰি তোলাৰ বাবে জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মন্টু গায়নে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰথম বৰ্ষৰ শ্ৰেণী আৰম্ভ নৱেম্বৰত : নাথাকে গ্ৰীষ্মকালীন, শীতকালীন বন্ধ

অনলাইন বাৰ্তা : কৰ’নাৰ সংক্ৰমণৰ বাবে চলিত বছৰৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম ষান্মাষিকৰ শ্ৰেণী ৷ মঙলবাৰে এই কথা জনায় কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱাল নিশাংকই ৷ টুইট কৰি মন্ত্ৰীজনে কয়, কৰ’নাৰ বাবে ২০২০-২১ শিক্ষা বর্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্রথম বর্ষৰ সূচী লৈ কমিটীৰ ৰিপৰ্ট গ্ৰহণ কৰিছে আয়োগে আৰু ইউজিচিৰ নির্দেশিকাত অনুমোদনও দিছে। সেই অনুসৰি অহা ৩১ অক্টোবৰৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া শেষ কৰা হ’ব৷ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হ’ব ১ নৱেম্বৰৰ পৰা ৷ আনহাতে বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগে প্ৰথম বছৰ বা নবাগতৰ কেলেণ্ডাৰ লাভ কৰিছে ৷ শেহতীয়া কেলেণ্ডাৰৰ মতে ছেপ্টেম্বৰৰ পৰিৱৰ্তে নৱেম্বৰৰ পৰা নবাগতৰ পাঠ্যক্ৰম আৰম্ভ হ’ব ৷ অৱশ্যে শিক্ষানুষ্ঠান পুনৰ খোলাৰ ক্ষেত্ৰত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই গৃহ মন্ত্ৰালয়ে ৷ মহাবিদ্যালয়ৰ নবাগতসকলৰ পাঠগ্ৰহণ অনলাইনতে হ’ব ৷ উল্লেখ্য যে ইউজিচিয়ে মহাবিদ্যালয়ৰ বাবে গাইডলাইনসহ বিকল্প শৈক্ষিক কেলেণ্ডাৰ এপ্ৰিলত প্ৰকাশ কৰিছিল ৷ একেসময়তে ছেপ্টেম্বৰত মহাবিদ্যালয় পুনৰ খুলিৰ আঁচনি লৈছিল ৷ এই বৰ্ষ নৱেম্বৰ পৰ্যন্ত যায়গৈ৷ শিক্ষাত হোৱা ক্ষতি পুৰণৰ বাবে এটা সপ্তাহত ছদিন পাঠদান হ’ব ৷ কোনো গ্ৰীষ্মকালীন বা শীতকালীন বন্ধ নাথাকিব ৷ শিক্ষাৰ্থীয়ে সময় মতে ৩ বছৰীয়া ইউজি, পিজি সূচী কৰিব পাৰে তাৰ নিশ্চিত কৰিছে ৷ সকলো বিশ্ববিদ্যালয়ে ২০২০-২১ আৰু ২০২১-২০২২ ছদিনত সপ্তাহৰ কাম কৰি ক্ষতি পুৰণ মিলাব লাগিব ৷

৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ নামত খৰচ ৫১৭ কোটি ৮২ লাখ টকা

অনলাইন বাৰ্তা : ঘনে ঘনে বিদেশ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ ইয়াকে লৈ বিৰোধী শিবিৰে বিভিন্ন সময়ত কটাক্ষ কৰি আহিছে ৷ এই সংক্ৰান্তত মঙলবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিদেশ মন্ত্ৰী ভি মুৰুলীধৰণে জনায় যে ২০১৫ চনৰ পৰা যোৱা ৫ বছৰত ৫৮ খন দেশ ভ্ৰমণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ হৈ ৫১৭ কোটি ৮২ লাখ টকা কেন্দ্ৰই খৰচ কৰিছে ৷ ইয়াৰ পাচতে এই বিষয়লৈ প্ৰশ্ন উত্থাপন হোৱা আৰম্ভ কৰিছে ৷ এই তথ্যত বিৰোধীয়ে নৰেন্দ্ৰ মোডীক আক্ৰমণৰ নতুন অস্ত্ৰ তুলি লয় ৷ ৰাজ্যসভাৰ এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মুৰলীধৰণে কয়, ২০১৫ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ নৱেম্বৰ পৰ্যন্ত মুঠ ৫৮ খন দেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ ফলত মুঠ খৰচ হৈছে ৫১৭ কোটি ৮২ লাখ টকা ৷ এই সময়ৰ মাজত বিশ্বৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ নানা বিষয়ক চুক্তি হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ ফলত বিভিন্ন দেশৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ভাৰতত বিদেশী বিনিয়োগৰ পৰিমাণ বাঢ়িছে ৷ বিভিন্ন দেশৰ সৈতে তথ্যপ্রযুক্তি, মেধা, মহাকাশ আৰু প্ৰতিৰক্ষা সংক্ৰান্তীয় বিষয়ত যৌথ উদ্যোগত বহু কাম আৰম্ভ হৈছে ৷ দ্বিপাক্ষিক সম্পর্ক দৃঢ় হোৱাৰ উপৰি আঞ্চলিক আৰু বিশ্বৰ বিভিন্ন বিষয়ত ভাৰতৰ মনোভাৱৰ বিষয়ে বাৰ্তা পাইছে আন দেশবোৰে ৷ ফলত ভাৰতৰ উন্নয়ন সংক্ৰান্তীয় বিষয়ত দেশৰ নাগৰিকে অর্থনৈতিক অৱস্থা আৰু স্বাচ্ছন্দ্যৰ ক্ষেত্ৰত কিছু হ’লেও পৰিৱৰ্তন আহিছে ৷ উল্লেখ্য যে যোৱা মাৰ্চ মাহত লোকসভাত এই বিষয়ে পৰিসংখ্যা দিছিল মন্ত্ৰী মুৰলীধৰণে ৷ তাত উল্লেখ কৰিছিল যে মোডীৰ বিদেশ ভ্ৰমণৰ বাবে ২০১৫-১৬ চনত ১২১ কোটি ৮৫ লাখ টকা, ২০১৬-১৭ চনত ৭৮ কোটি ৫২ লাখ টকা, ২০১৭-১৮ চনত ৯৯ কোটি ৯০ লাখ টকা, ২০১৮-১৯ চনত ১০০ কোটি ২ লাখ টকা আৰু ২০১৯-২০ চনত ৪৬ কোটি ২৩ টকা খৰচ হৈছে ৷

নগাঁৱত ড্ৰাগছ্ ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁও : নগাঁৱৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৰবজাৰ অঞ্চলৰ পৰা হবিবুৰ ৰহমান ওৰফে মজিবুৰ নামৰ এজন কুখ্যাত ড্ৰাগছ্ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বৰভেটিৰ নিৱাসী হবিবুৰৰ বিৰুদ্ধে নগাঁও সদৰ থানাত অবৈধ ড্ৰাগছ্ সৰবৰাহৰ দুটা গোচৰ পঞ্জীয়ণ হৈ থকাৰ উপৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন থানাত কেইবাটাও গোচৰ আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিগত সময়ত আৰক্ষীয়ে হবিবুৰৰ ঘৰত দুবাৰ অভিযান চলাই বহু পৰিমানৰ নিষিদ্ধ ড্ৰাগছ্ জব্দ কৰিছিল। আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল হবিবুৰক। আৰক্ষীয়ে হবিবুৰক লৈ নিশা কেইবাটাও স্হানত অভিযান চলায়। অভিযানত অৱশ্যে একো উদ্ধাৰ হোৱা নাই আৰু কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। ড্ৰাগছ্ ব্যৱসায়ীজনক জেৰা চলাই আছে আৰক্ষীয়ে।

গেলেকী সীমান্তৰ নাগালেণ্ডত অসমৰ যুৱকক গুলীয়াই হত্যা

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত গেলেকী তথা অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ। অসমৰ যুৱকক নাগালেণ্ডত গুলীয়াই হত্যা। ধেমাজি মঙ্গলতি গাঁৱৰ জিতেন গগৈ নামৰ যুৱকজনক ৰাজপথত দুৰ্বৃত্তই আগছি ধৰি গুলীওৱাৰ অভিযোগ সতীৰ্থৰ। জিতেন গগৈ গুৱাহাটীৰ গল্ডেন কাৰগ’ কেৰিং নামৰ কোম্পানীটোত গাড়ী চালক হিচাপে আছিল। গুৱাহাটীৰ পৰা নাগালেণ্ডৰ এটা গুদামলৈ অত্যাৱশ্যকীয় সামগ্ৰী ট্ৰাকেৰে কঢ়িয়াই নিছিল। তাতে ৰাজপথত দুৰ্বৃত্তই আগছি ধৰি গুলীয়াই হত্যা কৰে জিতেন গগৈক। উল্লেখ্য যে আজি পুৱা জিতেন গগৈৰ নশ্বৰ দেহ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে পৰিয়াল আৰু ৰাইজ পিছত শোকস্তব্ধ হৈ পৰে। আনহাতে জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ফাৰহান লস্কৰ, উপ সভাপতি সপোন ৰায় আৰু সহঃ সাংগঠনিক সম্পাদক মিছকাটুৰ ৰহমানে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰক এই কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।