এফালে চলি আছে কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ । আনহাতে নৰেন্দ্ৰ মোডী নেত্বৃতাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সুবিধাৰ্থে ঘোষণা কৰিলে এক নতুন আঁচনি । ন কোটি কৃষকৰ সুবিধাৰ্থে ১৮ হাজাৰ কোটি টকাৰ কৃষক সন্মান নিধি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ । এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে চাৰি মাহৰ ব্যৱধানত ২০০০টকাকৈ মুঠ ৬০০০ টকা লাভ কৰিব কৃষকসকলে। এই ধনৰাশি পোনপটীয়াকৈ উপলব্ধ হ’ব কৃষকৰ বেংক একাউন্টত ।
প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সু-শাসন দিৱসৰ অংশ হিচাপে ন-কোটি কৃষকক মাত্ৰ দুঘন্টাৰ ভিতৰতে ১৮ হাজাৰ কোটি আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলক সম্বোধন কৰিব এই বিশেষ দিনটোত।
২৫ ডিচেম্বৰত ডিজিটেল মাধ্যমেৰে আয়োজন কৰা হ’ব এক বিশেষ অনুষ্ঠান। য’ত অংশগ্ৰহণ কৰিব দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে । এই অনুষ্ঠানৰ জৰিয়তে অনলাইনযোগে ছখন ৰাজ্যৰ ছজন কৃষকৰ সৈতে পোনপটীয়াকৈ কথা পাতিব প্ৰধানমন্ত্ৰী মোডীয়ে। এই অনুষ্ঠানৰ বাবে প্ৰায় দুই কোটি কৃষকে নাম পঞ্জীয়নৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত আছে কৃষকৰ আন্দোলন । আজি পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ বাবে বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল কৰে । ৰাহুল গান্ধীৰ নেতৃত্বত এই সমদলত অংশগ্ৰহণ কৰে আন কংগ্ৰেছী সাংসদ সকলেও ।
Congress delegation led by Shri @RahulGandhi, Leaders of the Party in Lok Sabha & Rajya Sabha, Senior Party members & MPs assemble to meet the Hon’ble President of India at Rashtrapati Bhawan shortly. pic.twitter.com/zvfbkmDvxl
অনলাইন বাৰ্তা, ২৩ ডিচেম্বৰঃ সাংবাদিক পৰিষদ অসম’ গুৱহাটী মহানগৰ জিলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি মহানগৰীৰ বামুনীমৈয়দামত অনুষ্ঠিত হয় ৷ জিলা সভাপতি ঈশ্বৰ মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে ৰাজ্যিক সভাপতি চন্দ্ৰ বৰুৱা, প্ৰাগজ্যোতিষ অসম সাপ্তাহিক কাকতৰ পৰিচালন সঞ্চালক খগেন শইকীয়া উপস্থিত থাকি চমু ব্যক্তব্য প্ৰদান কৰে ৷ সভাত সংগঠনৰ আগন্তুক দিনৰ কাৰ্যপন্থাৰ বিষয়ে বিতং ভাবে আলোচানা কৰা হয় ৷ অহা জানুৱাৰী মাহত ৰাজ্যৰ সাহিত্যিক , সমজাকৰ্ম, উদ্যোগী, কৃষককে ধৰি কেইবাগৰাকী ব্যক্তিলৈ বটা প্ৰদান কৰা হ’ব বুলি কাৰ্য্য নিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহন কৰে ৷ সাধৰন সম্পাদক মনোজ ডেকাই আতধৰা সভাত সহকাৰী যুটীয়া সম্পাদক ক্ৰমে ধীৰাজ ডেকা, অনুপমা ডেকা, আলোচনী সম্পাদক ধীৰেন শৰ্মা, কাৰ্য্যলয় সম্পাদক চিন্তুমনি শইকীয়া, সহ বিষয় ববীয়া কাৰ্য্য নিৰ্বাহক সদস্য উপস্থিত থাকে ৷ সাধাৰণ সম্পাদক মনোজ ডেকাই জানিবলৈ দিয়ে যে সমিটিয়ে নজনা কোনোৱা সমাজকৰ্মী, সাহিত্যিক উদ্যোগীৰ বটা প্ৰাপ্তিৰ বাবে নাম জিলা সমিটিলৈ প্ৰেৰন কৰিব পাৰে ৷ নাম প্ৰেৰনৰ পিছত বিষয়ববীয়া সভাই নিৰ্বাচিত কৰিব বুলি ডেকাই উল্লেখ কৰে ৷ নাম প্ৰেৰনৰ বাবে মনোজ ডেকাৰ লগত যোগাযোগ কৰিব পাৰে ৷ যোগাযোগৰ নং ৭০০২৬৫৭৭১২/৮৪৭৪০১৪০৪২