১২ জানুৱাৰীত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাকৈ । বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহকত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ বাবেও দিলে ভাল খবৰ । ৭ লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ লগতে প্ৰতিটো একাউণ্টত ২ৰ পৰা ৩ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিবছৰে চাহ শ্ৰমিকে লাভ কৰিব লাভ কৰিব এই অনুদান ।
১২ জানুৱাৰীত ৫০ হাজাৰ টকাকৈ লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে
হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত লংকাত নলিনী বালা দেৱীৰ স্মৃতি দিৱস উদযাপন
হোজাই, ২৪ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ কাব্যজগতৰ এগৰাকী চিৰ নমস্য কবি নলিনী বালা দেবীৰ স্মৃতি দিৱস হোজাই জিলা সাহিত্য সভাই লংকাত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা সভা লংকা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত শাখা কাৰ্যালয়ৰ প্ৰাঙ্গনত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত স্মৃতি দিৱসটি অনুষ্টিত কৰা হয়। পূৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপৰি ড০ গুনেশ্বৰ শইকীয়াই। দিনৰ ২ বজাত অনুষ্টিত শ্রদ্ধাঞ্জলি অনুষ্টানত কবি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি, উপন্যাসিক ড০ সাৰদানন্দ দেৱগোস্বামীয়ে। উপস্থিত বিশিষ্ট অতিথি সকলে পুষ্পাঞ্জলি প্ৰদান কৰাৰ পাছত জিলা সভাপতি ড০ গুনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্টিত স্মৃিতি চাৰণ সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে লংকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ইন্দ্ৰমোহন হাজৰিকা। নিৰ্দিষ্ট বক্তাগৰাকীয়ে অসমীয়া কাব্যজগতৰ মহান ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ জীৱন আলেখ্যৰ লগতে তেখেতৰ কবিতাৰ ভাৱ আৰু শব্দ চয়নৰ সম্পৰ্কে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিত শশীপ্ৰভা শইকীয়া, অজন্তা তামূলী ফুকন, ৰস্মিৰেখা নেওগ, কল্পনা দেৱী গোস্বামী আদিয়ে নলিনীবালা দেৱীৰ কেইটি কালজয়ী কবিতা পাঠ কৰাৰ লগতে শিল্পি বিন্দিয়া কোৰে নিলিনীবালা দেৱীৰ এটি গীত পৰিবেশন কৰে। জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আত ধৰা অনুষ্ঠানটিত ড০ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথ, ইছমাইল আলী আদি অতিথি সকলেও বক্তব্য আগবঢ়ায়।

“আলফাৰ কলংকিত অধ্যায়

স্বাধীন অসমৰ সপোন দেখা আলফাই নব্বৈৰ দশকত নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ জীৱন্ত দলিল “আলফাৰ কলংকিত অধ্যায়” ।
গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই আলফাই ৯০ ৰ দশকত সংঘটিত কৰা হত্যা নিৰ্যাতনৰ নিৰ্মম বৰ্ণনা ।
আলফাৰ নীতি আদৰ্শ সমৰ্থন কৰিব নোৱাৰাৰ বাবেই জীৱন্তে গাত খান্দি পুতি পেলোৱা হৈছিল তেজাল অসমীয়া যুৱকক । গুহ্য দ্বাৰেৰে সোমোৱাই দিয়া হৈছিল নিমখ ।
স্বাধীনতাৰ সপোন দেখা আলফাক মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতি গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ বাবেই সত্তৰোৰ্দ্ধ স্বাধীনতা সেনানিক নিৰ্মম বেত্ৰাঘাতেৰে থকা সৰকা কৰি পেলোৱা হৈছিল । ৯০ ৰ দশকত আলফাই নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক, মানসিক নিৰ্যাতনৰ শিহৰণকাৰী বৰ্ণনাৰে লখিমপুৰৰ এগৰাকী সাহসী মহিলা তথা আলফাৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ ৰঞ্জু নেওঁগ হাজৰিকাই যুগুত কৰি উলিওৱা আলফাৰ কলংকিত অধ্যায় আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । প্ৰথম অৱস্থাত সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আলফাৰ নৃশংস ঘটনাৱলী সামৰি ১৫২ পৃষ্ঠাৰ গ্ৰন্থখনি আজি আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই উন্মোচন কৰে মাতৃ নিৰ্মলা হাজৰিকা আৰু মুক্তি যোদ্ধা ৰাধানন্দ বৰাই ।
ৰঞ্জু নেওঁগ হাজৰিকা আৰু অমৰদ্বীপ বৰুৱাই সম্পাদনা কৰা আলফাৰ কলংকিত অধ্যায় শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাখনত লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাধৱ হাজৰিকা, নিৰ্যাতিত পৰিয়ালৰ মিনু ৰাজবংশী, ৰামেশ্বৰ নেওঁগকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।
বালিতাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কৰ্মী সভা
নলবাৰী, ২৪ ডিচেম্বৰ: বিজেপি দলৰ সৈতে যিটো ৰাজনৈতিক দলৰ সম্পৰ্ক ভাল নহয় সেইটো দলৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে । বিজেপি দলে ৰাইজক বিভিন্ন আঁচনিৰ প্ৰলোভন দি কিনিব বিচাৰিছে কিন্তু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে এই প্ৰলোভন সমূহ বন্ধ হব তেতিয়া ৰাইজে বিজেপি দলৰ এনেকুৱা প্ৰলোভনৰ কথা বুজিব পাৰি কংগ্ৰেছ দললৈ ওলাই আহিব :—- এই কথা মন্তব্য কৰে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদ্যুত ভূঞাই । আজি ১৮ নং বালিতাৰা কংগ্ৰেছ কমিটিৰ উদ্যোগত বালিতাৰাত অনুষ্ঠিত এখন কৰ্মী সভাত অসম প্ৰদেশ কংগ্ৰেছ দল কমিটিৰ নলবাৰী যুৱ নেতা তথা নলবাৰী জিলা কংগ্ৰেছ কমিতিৰ সভাপতি প্ৰদ্যুৎ ভুঞা আৰু আজি কংগ্ৰেছ দলৰ বিষয়ববীয়া সকল অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে,অসমত বিজেপি চৰকাৰে বিগত চাৰে চাৰিটা বছৰত ৰাজ্যখনৰ জনসাধাৰণক শোষণ আৰু বঞ্চনা কৰাৰ লগতে সকলো বিভাগতে সীমাহীন দুৰ্নীতি -অনিয়ম সংঘটিত কৰিছে বুলি সদৰী কৰে । যুৱ নেতা গৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰে যি উন্নয়ন সাধন কৰিছিল ,সেইবোৰ বিজেপিয়ে ধ্বংস কৰিলে । যাৰ বাবে আগন্তুক ২০২১ চনত ৰাইজে পুনৰ অসমত কংগ্ৰেছ চৰকাৰৰ পক্ষত ভোটাদান কৰি চৰকাৰ আনিব বুলি মন্তব্য কৰে । আজিৰ এই অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈ সহ প্ৰমুখ্যে বহু কেইজন কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু কৰ্মী সকল উপস্থিত থাকে ।Attachments area
অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ দাখিল: জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতি গঠন
জামুগুৰিহাট, ২৪ ডিচেম্বৰ: সাম্প্রতিক অসমৰ অন্যতম সাহিত্য চৰ্চাৰ অনুষ্ঠান অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ কালি জামুগুৰিহাটৰ বাপুজী ভৱনত দাখিল কৰে উদ্ যাপন সমিতিয়ে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ ৭, ৮ আৰু ৯ তাৰিখে সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস জামুগুৰি হাটত অনুষ্ঠিত হৈছিল। সন্মিলনীৰ সাংবিধানিক নীতি অনুসৰি ৪৫ দিনৰ ভিতৰত উদ্ যাপন সমিতিখনে হিচাপ দাখিল কৰিব লাগিছিল যদিও ক’ভিড – ১৯ ৰ বাবে কিছু মাহ পিছুৱাই কালি পৰীক্ষিত হিচাপ দাখিল কৰে। প্ৰতিষ্ঠা দিৱস উদ্ যাপন সমিতিৰ সভাপতি গোলাপ কলিতাই সভাপতিত্ব কৰা আৰু প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰে আঁতধৰা সভাখনত সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক মিংকু কলিতা উপস্থিত থাকে। হিচাপ পৰীক্ষক লীলা ভূঞাৰ অনুমতি সাপেক্ষে বিত্ত সম্পাদক চাৰু কমল নেওগে সভাত হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে। সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হিচাপৰ সামৰণি উদ্ধৃতি মুঠ জমা ৪৭১৮৬২.০০ টকাৰ বিপৰীতে খৰচ ৪৪০৮৬২.০০ টকা। ৰাহি ৩১০০০.০০ টকা। কোনো চৰকাৰী অনুদান নোলোৱাকৈ একমাত্র ৰাইজৰ দান-বৰঙণিৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত ৰাহি ধনেৰে হিচাপ সামৰণি মৰাত উদ্ যাপন সমিতিখনলৈ ধন্যবাদ জ্ঞাপন কৰে উপস্থিত সদস্যসকলে। আনহাতে উক্ত সভাতে অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম কাণ্ডাৰী, পৰ্বত-ভৈয়ামৰ সাংস্কৃতিক সমন্বয়ক, শোণিতকোঁৱৰ গজেন বৰুৱা স্মৃতি দিৱস ২১ জানুৱাৰীত জামুগুৰি হাটত বিস্তৃতভাবে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সভাই। অঞ্চলটোৰ সকলো অনুষ্ঠানক একত্রিত কৰি উমৈহতীয়া ভাৱে উদ্ যাপন কৰিব বিচৰা উক্ত স্মৃতি দিৱসৰ বাবে কালি গঠন কৰা উদ্ যাপন সমিতিখন ক্ৰমে সভাপতি গোলাপ কলিতা, কাৰ্যকৰী সভাপতি ডাঃ হৰেন শইকীয়া, উপ সভাপতি – জগত শইকীয়া, মহেশ্বৰ বৰা, ৰঞ্জিত বৰঠাকুৰ আৰু প্ৰদ্যুম্ন হাজৰিকা, প্ৰধান সম্পাদক – ৰঞ্জন কুমাৰ দাস আৰু প্ৰেশৱ কলিতা, সহযোগী সম্পাদক – চাৰু কমল নেওগ আৰু হিৰণ্য হাজৰিকা। উল্লেখ্য যোগ্য যে সভাখনতে জামুগুৰি সাহিত্য সন্মিলনীৰ আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক মহেশ্বৰ বৰা, হেম বৰুৱা, ভীমলাল শৰ্মা আৰু দাদুল বৰকাকতিক উপদেষ্টা হিচাপে লৈ গঠন কৰা জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতিখন ক্ৰমে সভাপতি – ৰঞ্জিত বৰঠাকুৰ, কাৰ্যকৰী সভাপতি – প্ৰদ্যুম্ন হাজৰিকা, উপ সভাপতি – ৰঞ্জন কুমাৰ দাস, জয়ন্ত ভূঞা, প্ৰধান সম্পাদক – প্ৰেশৱ কলিতা, সম্পাদক – প্ৰৱাল নেওগ, হিৰণ্য হাজৰিকা, গ্ৰন্থ আৰু আলোচনী সম্পাদক – দুলমণি নাথ, সাংস্কৃতিক সম্পাদক – স্বৰাজ কটকী, কৰ্পূৰ মঞ্জুৰী তালুকদাৰ, প্ৰচাৰ সম্পাদক – জোন মণি বৰা, সাংগঠনিক সম্পাদক – নীহাৰ ৰঞ্জন ভূঞা আৰু কৰৱী শইকীয়া। স্মৰণযোগ্য যে সভাৰ প্ৰাৰম্ভিকতে অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰঞ্জিত বৰঠাকুৰক উষ্ণ আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সন্মিলনীৰ জামুগুৰি আঞ্চলিক সমিতিখনে জামুগুৰিহাটৰ সাহিত্য -সংস্কৃতিৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে কেন্দ্রীয় সমিতিৰ প্ৰধান সম্পাদক তথা উপস্থিত সাহিত্যানুৰাগী ৰাইজে।
হোজাইত সংঘটিত হয় এক শোকাৱহ ঘটনা: হোজাই ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ
হোজাই, ২৪ ডিচেম্বৰ: হোজাইত নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা, ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ নাম গংগাপ্ৰসাদ শাহু (৫০) আৰু তেওঁৰ ঘৰ হোজাই তেলিবস্তিৰ বুলি জানিব পৰা গৈছে। উজনিমুৱা নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ পৰা পৰি মৃত্যু হয় লোকজন। হোজাই ৰে’ল আৰক্ষীয়ে ঘটনাৰ বিষয়ে বিবৰি কয় যে ২ নং প্লেটফৰ্মৰ কাষৰ ৩ নং ট্ৰেকত এজন মানুহ পৰি থকা বুলি নিশা প্ৰায় ১ বজাত হোজাই ষ্টেচন মাষ্টাৰৰ পৰা খবৰ পায় আৰু ততাতৈয়াকৈ ঘটনাস্থলীত ৰেল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজনৰ পৰা ভোটাৰ আই ডি লগতে এখন মোবাইল উদ্ধাৰ কৰে। লোকজনে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে নতুন দিল্লীৰ পৰা হোজাইলৈ আহি আছিল, কিন্তু হোজাই ষ্টেচনত বিগত প্ৰায় ১৫ দিনৰ পৰা হোজাইৰ ষ্টপেজ উঠাই দিয়ে, গতিকে চলন্ত ৰে’লৰ পৰা জপিয়াই নামোতে ভাৰসাম্য হেৰুৱাই মৃত্যু হোৱা বুলি সন্ধেহ প্ৰকাশ কৰে ৰে’ল আৰক্ষীয়ে। হোজাই ৰে’ল আৰক্ষীয়ে মৃত লোকজনৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে। দিল্লীৰ পৰা হোজাইৰ ঘৰলৈ বুলি অহা গংগাপ্ৰসাদ শাহু নামৰ লোকজন শোকাৱহ ঘটনাৰ ফলত মৃত্যু হোৱাত চাঞ্চল্যই বিৰাজ কৰিছে গাওঁখনত।
আস্থা ভোটত পৰাজয় : পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ
প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো । সকলো উৎকন্ঠাৰ অন্তত আস্থা ভোটত ২২ পাৰিষদৰ ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ বড়ো ।
আস্থা ভোটত পৰাজয় হোৱাৰ পাছতেই পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ভোটগ্ৰহণ কাৰ্যসূচী সম্পন্ন নোহোৱাৰ অভিযোগ হাগ্ৰামাৰ। অধ্যক্ষৰ ভূমিকাক লৈও সৰৱ হাগ্ৰামা মহিলাৰী। বেলট প্ৰক্ৰিয়াৰ মাজেৰে ভোটগ্ৰহণ নোহোৱাত অধ্যক্ষক সমালোচনা বিপিএফ প্ৰধান মহিলাৰীৰ।
আস্থাভোটত প্ৰমোদ বড়োৰ জয়লাভৰ পাছতো হাৰ মানিব খোজা নাই হাগ্ৰামা মহিলাৰীয়ে। ভোটগ্ৰহণৰ সময়ত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে সৃষ্টি কৰিছিল এক হুলস্থুলীয়া পৰিস্থিতিৰ।
সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে ১০ মিনিটৰ বাবে স্থগিত ৰখা হৈছিল সদন। UPPL-BJP-GSP দলৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰি পুনৰ বিটিচি চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ বড়ো। কিন্তু বিপিএফে যেন এতিয়াও বিটিচি চীফ হিচাপে গ্ৰহণ কৰিব পৰা নাই প্ৰমোদ বড়োক।
বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সামৰণি ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ‘বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে, বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ’ব’ । বিজেপিত আমি যোগ দিছিলো এটা লক্ষ্য উদ্দেশ্য লৈ, শাসনৰ বাঘজৰী হাতত ল’ম বুলি নহয়।”
জনতাক উদ্দেশ্যি কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য, “২১ত মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংজেৱক খেদিবলৈ একো একোজন লাচিত হোৱাৰ লক্ষ্য লওক।”
ভাষণত মুখ্যমন্ত্ৰীৰ কাৰ্যকালক প্ৰশংসা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই ৫ বছৰত প্ৰতিটো আঁচনিৰ কামেৰে সকলো পৰ্যায়ৰ লোকক সামৰি বিকাশৰ নতুন দিগন্ত কঢ়িয়াই অনাৰ কথাও উল্লেখ হিমন্ত বিশ্বৰ।
সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হিমন্তবিশ্ব শৰ্মা। প্ৰতীক হাজেলাৰ অহমিকাৰ বাবে NRC অসম্পূৰ্ণ হৈ থকাৰ কথা প্ৰকাশ। আনহাতে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে জাতিটোৰ সুৰক্ষাৰ বাবে কাম কৰাৰ আশ্বাস।
বদৰুদ্দিন আজমলক তীব্ৰ ভাৱে সমালোচনা কৰি হিমন্ত বিশ্বৰ মন্তব্য, “সন্ত্ৰাসবাদীৰ ধনেৰে আজমলে বুনিয়াদ ধ্বংস কৰিবলৈ বিচৰাৰ লগতে মিঞা সভ্যতাৰ কথাৰে জাতিটোক নতুন প্ৰত্যাহ্বান দিছে । ২০২১ৰ নিৰ্বাচনক আজমলৰ বিৰুদ্ধে নতুন সংগ্ৰাম হিচাপে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। সভ্যতা ৰক্ষাৰ বাবে যিদৰে লাচিতে ঔৰংজেৱক খেদিছিল, আজমলকো খেদিব লাগিব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ।
প্ৰিয়ংকা গান্ধীক আটক কৰিলে আৰক্ষীয়ে
অকৃষকসকলে ব্যাহত ৰখা প্ৰতিবাদক সমৰ্থন জনাই আজি বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছ নেতাসকলে এক ৰেলী বাহিৰ কৰিছিল । এই ৰেলীত আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু লগতে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকো ।
আনফালে, ৰাহুল গান্ধী কংগ্ৰেছৰ একাংশ নেতা আৰু সাংসদৰ সৈতে উপস্থিত হৈছে ৰাষ্ট্ৰপতি ভৱনত । ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি ২ কোটি হস্তাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰদানেৰে কেন্দ্ৰীয় কৃষি আইন বাতিল কৰাৰ দাবী জনাব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ।
আনহাতে, সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে ‘বৰ্তমান ভাৰতত নাই গণতন্ত্ৰ। এয়া কেৱল কাল্পনিকহে। কিন্তু বাস্তৱত গণতন্ত্ৰ নাই।’
লণ্ডনৰ পৰা উভতা ভাৰতীয়ৰ দেহত কৰোনাৰ নতুন প্ৰজাতি
কৰোনা ভাইৰাছৰ নতুন প্ৰজাতি বিয়পিবলৈ আৰম্ভ কৰিছে ভাৰতত । বিজয়ৱাড়াত লণ্ডনৰ পৰা উভতি অহা এগৰাকী ভাৰতীয় মহিলাৰ শৰীৰত লাভ কৰা গৈছে এই নতুন প্ৰজাতি। পেছাত স্কুল শিক্ষয়ত্ৰী মহিলাগৰাকীৰ নাম মেৰি ইউনফ্রেড আন ।
ডিচেম্বৰৰ ২১ তাৰিখে তেওঁ লণ্ডনৰ পৰা দিল্লী বিমানবন্দৰলৈ আহিছিল। তাতেই কৰোনা পৰীক্ষা কৰা হয় তেওঁৰ। সেই পৰীক্ষাতেই এই নতুন প্ৰজাতিৰ অস্তিত্ব ধৰা পৰে। ইয়াৰ পিছতে তেওঁক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছিল যদিও তাৰ পৰা তেওঁ পলাই যায় ।
এই ঘটনাৰ পৰিপ্রেক্ষিতত পূব গোদাবৰী প্রশাসনক সতর্ক কৰিছে দিল্লীয়ে। বুধবাৰে আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় ।
আশঙ্কা কৰা হৈছে, তেওঁ যাত্ৰা কৰা ৰে’লখনত বহু সংখ্যক যাত্রীৰ সংস্পর্শলৈ আহিছিল। কেৱল যাত্রীয়েই নহয়, ৰে’ল কর্মচাৰীৰ পৰা হকাৰ, বহুতৰে সংস্পর্শলৈ তেওঁ অহাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে। ৰে’লখনত মহিলাগৰাকীৰ পুত্ৰও আছিল।









