জামুগুৰিহাট, ২৩ডিচেম্বৰ: জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়। যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ পৰা যুৱক গৰাকীক প্ৰথম অৱস্থাত তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো উপশম নোহোৱাত উন্নত চিকিৎসাৰ বাবে সপ্তাহ পূৰ্বে গুৱাহাটী জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা ৮ বজাত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় যুৱক গৰাকীয়ে। ডেকাসুন্দৰ গাঁওৰ গিৰিশ শইকীয়াৰ পুত্ৰ বিষ্ণু শইকীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ মাতৃ পত্নী সহ এটি সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ।
পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ : অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত ১৮ লাখৰ জৰিমণা
পালঘৰ কাণ্ডৰ পৰা আৰম্ভ কৰি সুশান্তৰ মত্যুলৈকে মাত মাতি অহা অসম সন্তান তথা ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ এতিয়া এটাৰ পিছত আন এটা সমস্যাই লগ নেৰা হৈছে । কিছুদিনৰ আগতে জেললৈ যাবলগীয়া হোৱা অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ ওপৰত ইউ কে ব্ৰডকাষ্টিং ৰেগুলেটৰে (UK broadcasting regulator ) ২০,০০০ পাউণ্ড অৰ্থাত ১৮ লাখ টকাৰ জৰিমণা বিহিছে ।
ব্ৰিটেইনৰ অৰ্ণৱ গোস্বামীৰ হিন্দী চেনেল ৰিপাব্লিক ভাৰতৰ ওপৰত হেট স্পিছৰ গোচৰত নিয়ম উলংঘন কৰাৰ বাবে বিহা হৈছে । জানিব পৰা অনুসৰি অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ২০১৯ চনৰ ৬ চেপ্তেম্বৰত অৰ্ণৱ গোস্বামীৰ পুছতা হে ভাৰতৰ এটি খণ্ডত হেট স্পিছৰ সম্বন্ধত ৰিপাব্লিক টিভিৰ ওপৰত এই জৰিমণা লগোৱা হৈছে । খণ্ডটোত অৰ্ণৱ গোস্বামীয়ে ৩ জন ভাৰতীয় আৰু তিনিগৰাকী পাকিস্তানী লোকৰ মাজত চন্দ্ৰযান-২ কলৈ আলোচনা হৈছিল ।
যমুনামুখত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দীঘলীয়া শাৰী : জ্যেষ্ঠ কংগ্ৰেছী বচিৰ উদ্দিন লস্কৰৰ পক্ষত শক্তিশালী দাবী : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক সমৰ্থন লস্কৰৰ
ডবকা, ২৩ ডিচেম্বৰঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও চাৰি মাহ সময় বাকী ৷ হোজাই জিলাৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামুখত তীব্ৰ হৈ উঠিছে নিৰ্বাচনী গতিবিধি ৷ প্ৰায় আটাইকেইটা দলে ৯০ নং যমুনামুখ সমষ্টিত তীব্ৰ কৰি তুলিছে নিজ নিজ দলৰ নিৰ্বাচনী কুচকাৱাজ ৷ শাসকীয় বিজেপিৰ লগতে বিজেপিৰ মিত্ৰদল অগপই আৰম্ভ কৰিছে সমষ্টিটোত ব্যাপক সাংগঠনিক তৎপৰতা ৷ তাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী আখৰা ৷ সমানে দলটোৰ টিকট প্ৰত্যাশীসকলেও আৰম্ভ কৰিছে নিজৰ অনুকুলে প্ৰচাৰ ৷ যমুনামুখত কংগ্ৰেছৰ কেবা গৰাকী টিকটৰ দাবীদাৰ ৷ তাৰ মাজতে অন্যতম হল প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বচিৰ উদ্দিন লস্কৰ৷ লস্কৰে পূৰ্বতে দুবাৰকৈ যমুনামুখ সমষ্টিৰ পৰা প্ৰৰ্থীত্ব আগবঢ়াই পৰাজয় বৰন কৰিছিল।আগন্তক বিধান সভা নিৰ্বাচনত এ আই ইউ ডিএফৰ সতে কংগ্ৰেছৰ মিত্ৰতাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তেএই জন জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰেমিএতা হোৱাটো বিচাৰে । কংগ্ৰেছ নেতা জনে আজি সংবাদ মাধ্যমক জানিব দিয়া মতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰজোঁট নহলে পুনৰ দিছপুৰ দখল কৰিব বিজেপি দলে । অকল সেয়াই নহয় জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে যমুনামুখ সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিনৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হয়। কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিনে সমষ্টিৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মীক একাষৰীয়াকৈ থৈ তেওঁৰ ইচ্ছা অনুসৰি আৰম্ভ কৰিছে দলীয় কাম-কাজ। যাৰ ফলত জেষ্ঠ কংগ্ৰেছ নেতা লস্কৰ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ যুৱ নেতা ৰেহানৰ বিৰুদ্ধে। এই জন যুৱ নেতাৰ বাবে যমুনামুখ সমষ্টিৰ মণ্ডল কংগ্ৰেছ কমিটী সমুহত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ অভিযোগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা লস্কৰে । যমুনামুখ সমষ্টিত কংগ্ৰেছৰ ভাল দিন, বেয়া দিনত লস্কৰে কংগ্ৰেছৰ হৈ বহু কষ্ট কৰিছে ।গতিকে সমাগত বিধান সভা নিৰ্বাচনত যমুনামুখ সমষ্টিৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী লস্কৰ ৷ সমাগত ২১’ৰ বিধান সভা নিৰ্বাচনত যদি যমুনামুখ সমষ্টিত দলে টিকট প্ৰদান কৰে তেন্তে তেওঁৰ জয় নিশ্চিত বুলি লস্কৰে দাবীকৰে। ইতিমধ্যে জেষ্ঠ নেতা লস্কৰে বিধান সভা নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি পুৰণি দলীয় কৰ্মীক একগোট কৰি যমুনামুখ সমষ্টিত আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ।
সাংবাদিকলৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা ঘোষণা মুখ্যমন্ত্ৰীৰ
ফ’ৰাম ফৰ ডেভেলপমেণ্ট এণ্ড প্ৰটেকছন অব মিডিয়া কমিউনিটীৰ প্ৰথমখন বাৰ্ষিক সন্মিলনত ভাগ লৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ সাংবাদিকসকলক বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা কৰাই দিয়াৰ কথা ঘোষণা কৰে ।
আয়ুস্মান ত্ৰিপুৰা আঁচনিৰ অধীনত সাংবাদিক সকললৈ বাৰ্ষিক ৫ লাখ টকা স্বাস্থ্য বীমা ঘোষণা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰৰ ।
লগতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰে কয় যে, “নিম্ন আয়ৰ সাংবাদিক সকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কোনোধৰণৰ ক্ৰুটি নকৰে”।
উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে তিনিশতাধিক সাংবাদিকক গৰম জেকেট যোগান ধৰাৰ কথাও ঘোষণা কৰে।
অসামাজিক কাৰ্য্যত লিপ্ত থকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীক সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ দাৱী, ৰঙাপানী সৰ্বসাধাৰণ ৰাইজৰ
বিলাসীপাৰা, ২৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰঙাপানী দ্বিতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে যোৱা কেইটা মাহ মান পূৰ্বতে গৰু চুৰি কাণ্ড সংঘটিত কৰি জেল হাজোতলৈ গৈছিল । ইয়াৰ উপৰিও এই গৰাকী গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে সদাশয় ব্যক্তিৰ পৰা দাৱী ধমকি দি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, এই গৰাকী জামাল আলীয়ে ৰঙাপানী দ্বিতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ পদত নিয়োজিত থাকি চুৰি কাণ্ড সংঘটিত কৰি অহা জামাল আলীক অনতি পলমে গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ কৰাৰ দাৱী তুলিছে ৰঙাপানীৰ সৰ্বসাধাৰণ স্থানীয় ৰাইজে। মন কৰিবলগীয়া কথা যে, এই সন্দৰ্ভত ৰঙাপানীৰ সৰ্বসাধাৰণ ৰাইজে, ধুবুৰী জিলা উপায়ুক্তক আৰু ছি ও ভি ডি পিক এক লিখিত অভিযোগ দাখিল কৰে, যদিও ধুবুৰী জিলা উপায়ুক্ত আৰু ছি ও ভি ডি পিয়ে কি পদক্ষেপ হাতত লয় সেৱা সময়ে স্পষ্ট হৈ পৰিব।।
ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী মোদীক প্ৰশ্ন “ভাৰতত ক’ভিড টীকাকৰণ কেতিয়া”
প্ৰায়েই বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা দেখা পোৱা যায় কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক । এইবাৰ ৰাহুল গান্ধী সৰৱ হোৱা পৰিলক্ষিত হৈছে ক’ৰ’না ভেকচিনকলৈ ।
ৰাহুল গান্ধীয়ে চৰকাৰক লক্ষ্য কৰি কয় যে, “বিশ্বৰ বিভিন্ন দেশে ক’ভিড মহামাৰীৰ সন্ত্ৰাস নিৰ্মূল কৰাৰ বাবে টীকাকৰণ অভিযান আৰম্ভ কৰিছে আৰু এতিয়ালৈকে লাখৰো অধিক লোকক এই টীকা দিয়া হৈছে কিন্তু আমাৰ ইয়াত একো পদক্ষেপ গ্ৰহণ কৰা নাই। এই পৰ্যন্ত বিশ্বৰ ২৩ লাখ লোকে এই টীকা গ্ৰহণ কৰিছে আৰু আমাৰ ইয়াৰ ক’ভিডৰ বিৰুদ্ধে টীকাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ’ব ।”
ৰাহুলে টুইট কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি কয়, “চীন, আমেৰিকা, বৃটেইন, ৰাছিয়াত ‘ক’ভিডৰ টীকা দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। মোদী ডাঙৰীয়া, ভাৰতৰ নম্বৰ কেতিয়া আহিব কওক’।
এমজিএনৰেগাৰ পাৰদৰ্শিতাৰ ফলাফলত নগাঁও জিলাৰ দ্বিতীয় স্থান দখল : ৰাজ্যিক পৰ্যায়ত পাখিমৰীয়া উন্নয়ন খণ্ডৰ তৃতীয় স্থান লাভ
নগাঁও, ২৩ ডিচেম্বৰ : ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰভুত বৰঙনি আগবঢ়োৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলৰ কৰ্ম ক্ষেত্ৰত প্ৰতিযোগিতাৰ ভাৱ আৰু উৎসাহ প্ৰদানৰ উদ্দেশ্যেৰে পঞ্চায়ত গ্ৰমোন্নয়ণ বিভাগে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা পাৰদৰ্শিতা মূলক বটাঁ প্ৰদান অনুষ্ঠানটি ভঙাগড়স্থিত জিএমচি প্ৰেক্ষাগৃহত ২১ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয় ৷ নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ পৰিচালনাত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মাৰ তত্বাবধানত নগাঁও জিলাই অসম ভিত্তিত এমজিএনৰেগাৰ পাৰদৰ্শিতাৰ ফলাফলত দ্বিতীয় স্থান লাভ কৰে ৷ লগতে খন্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীৰ নেতৃত্বত নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খন্ডই তেওঁলোকৰ কাম কাজৰ বাবে উন্নয়ন খন্ড সমূহৰ ভিতৰত অসমৰ ভিতৰতে সামগ্ৰিক ভাৱে তৃতীয় স্হান লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্যিক পৰ্যায়ত লাভ কৰা এই সফলতাই নগাঁও জিলাখনৰ লগতে পাখিমৰীয়া উন্নয়ন খন্ডৰ কৰ্মচাৰী সকলক উৎফুল্লিত কৰাৰ লগতে আগন্তুক দিনত পূন্যদমে কৰ্মক্ষেতত ব্ৰতী হ’বলৈ উৎসাহিত কৰি তুলিছে ৷ জিলাখনৰ এই সফলতাৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে কৰ্মচাৰী সকললৈ শুভেচ্ছা প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে, পাখিমৰীয়া উন্নয়ন খন্ডই তৃতীয় স্হান প্ৰাপ্ত বটাঁৰ লগতে পঞ্চাশ হাজাৰ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা গ্ৰহন কৰে।
শক্তিশালী ৰূপত কোৰোণা : আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ বলৱত্ কৰা হ’ল সান্ধ্য আইন !
বিশ্বজোৰি পূৰ্বতকৈ শক্তিশালী ৰূপত কোৰোণাৰ সংক্ৰমণ । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বাতিল কৰিছে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বিমান সেৱা। ভাৰত চৰকাৰেও এতিয়া এই ক্ষেত্ৰত ৰাখিছে তীক্ষ্ন দৃষ্টি। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে দেশবাসীক আতংকিত নহ’বলৈ আহ্বান জনাইছে ।
কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি এতিয়া কৰ্ণাটক চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি নিশা ১০ বজাৰ পৰা ৰাজ্যখনত বলৱত্ কৰা হ’ব সান্ধ্য আইন। অহা ২ জানুৱাৰী ২০২১লৈকে বাহাল থাকিব সান্ধ্য আইন। সেইদৰে কৰ্ণাটক চৰকাৰে নতুন বছৰৰ পাৰ্টীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰূপ কৰিছে।
ইতিমধ্যে ইউৰোপৰ বহুকেইখন দেশত কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি বলৱত্ কৰা হৈছে ল’ক ডাউন । গ্ৰেট ব্ৰিটেইনত জাৰি কৰা হৈছে কঠোৰ ল’ক ডাউন।
দেশৰ ভিতৰতেই ক্ষুদ্ৰতম সিংহাসন : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে চামগুৰিৰ বিপুল বৰাই
অপূৰ্ব সৃষ্টিৰাজিৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চামগুৰিৰ এগৰাকী শিল্পীয়ে । চামগুৰি শিঙীয়া কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰা নামৰ শিল্পী গৰাকীয়ে লকডাউনৰ মাজতেই ১ ফুট বৰ্গাকাৰ আৰু ১ ফুট ২ ইঞ্চি উচ্চতাৰ সাতখলপীয়া এখন ক্ষুদ্ৰতম সিংহাসন থুজা কাঠেৰে নিৰ্মাণ কৰিছিল । যিখন সিংহাসনত ৪ ভাগ কাছ, ২৮ টা হাতী আৰু ২৮ টা সিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰিছিল আৰু ইয়াত যি সমূহ সিংহ সংলগ্ন কৰা আছিল সেইসমূহ মাত্ৰ ১ইঞ্চি উচ্চতাৰ আছিল।

একাংশই এইখন সিংহাসনেই আটাইতকৈ ক্ষুদ্ৰতম সিংহাসন বুলি দাবী কৰিছিল । এতিয়া এইখন সিংহাসনে ক্ষুদ্ৰতম সিংহাসন বুলি স্বীকৃতি লাভ কৰাৰ পৰিবৰ্তে বিপুল কুমাৰ বৰাই এইখন সিংহাসন নিৰ্মাণ কৰি নিজৰ নাম ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ।
যি খবৰ বিয়পি পৰাৰ লগে লগে চামগুৰিত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । আনহাতে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে এতিয়া বিপুল কুমাৰ বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ এই সাফল্যৰ বাবে প্ৰশংসা কৰিছে।
কৃষক আন্দোলন : জীৱনৰ অন্তিম অনশনত বহিবলৈ সাজু হৈছে আন্না হাজাৰে
কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লী সিঙ্ঘু সীমান্তত বিক্ষোভ প্ৰদৰ্শন কৰি থকা কৃষকসকলৰ সমৰ্থনত এবাৰ মাত দিছে আন্না হাজৰেই । ৮৩ বছৰীয়া আন্না হাজাৰেই কৃষক আন্দোলনক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখিছে কৈছে যে কৃষি মন্ত্ৰীয়ে লিখিত ৰূপত দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই সেয়ে মই জীৱনৰ অন্তিম অনশন কাৰ্যসূচী গ্ৰহণ কৰিম ।
তেওঁ লগতে এই অনশন কাৰ্যসূচী দিল্লী নে মুম্বাই নে তেওঁ নিজৰ গাঁৱত গ্ৰহণ কৰিব সেই কথা পৰৱৰ্তী সময়ত অৱগত কৰিব বুলিও উল্লেখ কৰে ।
সমাজকৰ্মীজনে ইয়াৰ পূৰ্বে কৈছিল যে যদি অতি শীঘ্ৰে কৃষকৰ দাবী পূৰণ নহয় তেন্তে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিব। তেওঁ লগতে কৈছিল যে লোকপাল আন্দোলনে যেনেদৰে কংগ্ৰেছ চৰকাৰক ওফৰাই পেলাইছিল, মই কৃষকৰ আন্দোলনো সেই দৃষ্টিভংগীৰে চাও।











