Home Blog Page 3182

নগাঁৱত ড্ৰাগছ্ ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁও : নগাঁৱৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৰবজাৰ অঞ্চলৰ পৰা হবিবুৰ ৰহমান ওৰফে মজিবুৰ নামৰ এজন কুখ্যাত ড্ৰাগছ্ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বৰভেটিৰ নিৱাসী হবিবুৰৰ বিৰুদ্ধে নগাঁও সদৰ থানাত অবৈধ ড্ৰাগছ্ সৰবৰাহৰ দুটা গোচৰ পঞ্জীয়ণ হৈ থকাৰ উপৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন থানাত কেইবাটাও গোচৰ আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিগত সময়ত আৰক্ষীয়ে হবিবুৰৰ ঘৰত দুবাৰ অভিযান চলাই বহু পৰিমানৰ নিষিদ্ধ ড্ৰাগছ্ জব্দ কৰিছিল। আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল হবিবুৰক। আৰক্ষীয়ে হবিবুৰক লৈ নিশা কেইবাটাও স্হানত অভিযান চলায়। অভিযানত অৱশ্যে একো উদ্ধাৰ হোৱা নাই আৰু কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। ড্ৰাগছ্ ব্যৱসায়ীজনক জেৰা চলাই আছে আৰক্ষীয়ে।

গেলেকী সীমান্তৰ নাগালেণ্ডত অসমৰ যুৱকক গুলীয়াই হত্যা

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত গেলেকী তথা অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ। অসমৰ যুৱকক নাগালেণ্ডত গুলীয়াই হত্যা। ধেমাজি মঙ্গলতি গাঁৱৰ জিতেন গগৈ নামৰ যুৱকজনক ৰাজপথত দুৰ্বৃত্তই আগছি ধৰি গুলীওৱাৰ অভিযোগ সতীৰ্থৰ। জিতেন গগৈ গুৱাহাটীৰ গল্ডেন কাৰগ’ কেৰিং নামৰ কোম্পানীটোত গাড়ী চালক হিচাপে আছিল। গুৱাহাটীৰ পৰা নাগালেণ্ডৰ এটা গুদামলৈ অত্যাৱশ্যকীয় সামগ্ৰী ট্ৰাকেৰে কঢ়িয়াই নিছিল। তাতে ৰাজপথত দুৰ্বৃত্তই আগছি ধৰি গুলীয়াই হত্যা কৰে জিতেন গগৈক। উল্লেখ্য যে আজি পুৱা জিতেন গগৈৰ নশ্বৰ দেহ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে পৰিয়াল আৰু ৰাইজ পিছত শোকস্তব্ধ হৈ পৰে। আনহাতে জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ফাৰহান লস্কৰ, উপ সভাপতি সপোন ৰায় আৰু সহঃ সাংগঠনিক সম্পাদক মিছকাটুৰ ৰহমানে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰক এই কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কলিয়াবৰ অধিবেশন স্থগিত

নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, অসমৰ ২০২১ ৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশন বাতিল কৰা হৈছে। আজি নগাঁৱত সমাজৰ প্ৰধান সম্পাদক শ্ৰীমন্ত ভূঞাই জানিবলৈ দিয়ে যে কৰ’না সৃষ্ট পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমাজৰ তেজপুৰ আঞ্চলিকৰ বৰডুবিয়া শাখা কীৰ্তনগৃহত ৰাজ্যিক সভাপতি দীনেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাৰ সিদ্ধান্ত অনুসৰি ৰাজ্যিক অধিবেশনৰ লগতে আঞ্চলিক‌ আৰু জিলা সমূহৰ অধিবেশনো স্থগিত ৰখা হৈছে। সময় সাপেক্ষে বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি অধিবেশনৰ পৰৱৰ্তী তাৰিখ আৰু কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰীৰ তীব্ৰ প্ৰতিবাদ তিনিচুকীয়াত

তিনিচুকীয়া : ভাৰতৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰূপ দেশৰ সম্পদ ৰাজহুৱা খণ্ডৰ ৰেল, বেংক বীমা, তেল, বিমান বন্দৰ, পোৰ্ট, ৰেলৱে ষ্টেচন, প্ৰতিৰক্ষা উৎপাদন আৰু কয়লা সহ জল-জংগল-জমিন আদি গুজৰাটী বনিয়া গোষ্ঠীৰ মূৰব্বী বৃহৎ পুঁজিপতি আম্বানী-আদানী গোষ্ঠীৰ ওচৰত বিক্ৰী কৰি আত্মনিৰ্ভৰশীলতাৰ শ্ল’গানৰ সৈতে আত্মপ্ৰবঞ্চনা কৰা হৈছে। ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া সুকলমে চলাই নিয়াৰ উদ্দেশ্যে তালিবানী কায়দাৰে গণকণ্ঠ ৰুদ্ধ কৰাৰ ক্ষেত্ৰত মোদী বহুদূৰলৈকে আগবাঢ়ি গৈছে। মোদীয়ে ফেচিবাদী জাৰ্মানী, ইটালী আৰু জাপানৰ পদাংক অনুসৰণ কৰি, উৎপাদন ক্ষেত্ৰৰ মূল উপাদান হিচাপে সমাজৰ আটাইতকৈ বিপ্লৱী, সংগঠিত শ্ৰেণী হিচাপে গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰীৰূপী শ্ৰমিক-কৰ্মচাৰীৰ সমস্ত আইনী অধিকাৰ কাঢ়ি নিবলৈ চৌৰাল্লিচখন শ্ৰম আইনক বিলুপ্ত কৰি ইয়াৰ সলনি এইবোৰক চাৰিখন শ্ৰম সংহিতাত সামৰি লৈছে। উল্লেখ কৰা প্ৰয়োজন যে হিটলাৰে ১৯৩৩ চনত জাৰ্মানীত ট্ৰেড ইউনিয়নক নিষিদ্ধ ঘোষণা কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধত গণতন্ত্ৰক ধ্বংস কৰিবলৈ লোৱা এই ফেচিবাদী শক্তিসমূহ পিছত গণতান্ত্ৰিক শক্তিৰ হাততে পৰাজিত হৈছিল বুলি মোদীক সকিয়নি দি চিআইটিইউ, এআইচিচিটিইউ আৰু আইএনটিচিইউৰ হৈ যথাক্ৰমে মৃণাল দত্ত, সুভাষ সেন আৰু ৰাজু চাহুৱে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আৰু দেশৰ সম্পদ আম্বানী-আদানীৰ ওচৰত বিক্ৰীৰ অভিযান বন্ধ কৰাৰ বাবে মোদীক আহ্বান জনাইছে। বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে বিজেপি তথা মোদীৰ নিৰন্তৰ আক্ৰমণ সত্বেও শ্ৰমিক কৰ্মচাৰী কিন্তু অকণো হতাশ হোৱা নাই, বৰঞ্চ মোদীৰ প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিবলৈ এটাৰ পিছত এটা কৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ণ কৰি গৈছে৷ আনহাতেদি কৃষক সকলেও দেশজোৰা বিদ্ৰোহ কৰিবলৈ লৈছে৷ এইদৰে শ্ৰমিক আৰু কৃষকৰ ঐক্যৰ দীশটো অতি দ্ৰুত সংহত হৈ উঠাৰ সম্ভাৱনাই উজ্জ্বল হৈছে৷ ইয়াৰ মাজতে লুকাই আছে জণগণৰ শোষণহীন ভাৰতবৰ্ষৰ আকাংক্ষিত ভবিষ্যত৷ আজি তিনিচুকীয়াৰ থানা চাৰিআলিত কেন্দ্ৰীয় এই তিনিটা শ্ৰমিক সংগঠনৰ লগত অন্যান্য কৰ্মচাৰী ফেদাৰেচনসমূহৰ নেতৃবৰ্গ সমন্বিতে বহু সংখ্যক নেতাই ধৰ্ণা কাৰ্যসূচীত অংশ লয়।

নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ

নলবাৰী : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আজি নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কেন্দ্ৰীয় চৰকাৰে মঙ্গলবাৰে সংসদত খাদ্য সুৰক্ষা আইন গৃহীত কৰাৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষা আইন সংশোধন কৰি অত্যাৱশকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, দাইল, চাউল, মাহজাতীয় বিভিন্ন শস্য আঁতৰাই ৰখাৰ উদ্দেশ্যে সংসদত বিল গৃহীত কৰিছে যিবিলাক সামগ্ৰীৰ মূল্যৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব।

মাস্ক নিপিন্ধা ব্যৱসায়ী, কৰ্মচাৰীৰ বিৰুদ্ধে লব কঠোৰ ব্যৱস্থা

জামুগুৰিহাট, ২৩ ছেপ্টেম্বৰঃ কোভিড-১৯ মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থতে সজাগতা বৃদ্ধিৰ বাবে জামুগুৰিহাটৰ ব্যৱসায়ী সন্থাই গ্ৰহণ কৰিছে এলানি পৰীক্ষা গুৰুত্বপূৰ্ণ কৰ্মসূচী। সন্হাৰ কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত সমূহ গ্ৰহণ কৰিছে। এক বিবৃতিত এই কথা প্ৰকাশ কৰি জামুগুৰি ব্যৱসায়ী সন্হাই গ্ৰহণ কৰা সিদ্ধান্ত সমুহ ব্যৱসায়ী আৰু গ্ৰাহক সকলোকে আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাইছে। ব্যৱসায়ি সন্হাই গ্ৰহন কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমুহৰ ভিতৰত আছে ব্যৱসায়িক এলেকাত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, প্ৰতিখন দোকানত বিক্ৰীৰ বাবে মাস্ক ৰখাটো বাধ্যতামূলক, কোনো গ্ৰাহকে মাস্ক ব্যৱহাৰ নকৰিলে, প্ৰথমে মাস্ক কিনি পিন্ধিব লাগিব, তাৰ পাছতহে বয়-বস্তু ক্ৰয় কৰিব পাৰিব, ব্যৱসায়ী আৰু কৰ্মচাৰী সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক, গ্ৰাহকৰ অভিযোগ ভিত্তিত মাস্ক নিপিন্ধা ব্যৱসায়ীৰ ওপৰত প্ৰশাসনৰ সহযোগত সন্থাই ব্যৱস্থা গ্ৰহণ কৰিব। তদুপৰি প্ৰতিদিনেই সন্থাৰ এটি তদাৰক দলে সন্থাৰ এলেকা পৰিদৰ্শন কৰিব, মাস্ক নিপিন্ধা আৰু চেনিটাইজাৰ ব্যৱস্থা নথকা ব্যৱসায়ীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব। সেইদৰে ৰাইজৰ সজাগতাৰ বাবে প্ৰতিটো প্ৰৱেশ দ্বাৰত একোখনকৈ বিশেষ বেনাৰ অঁৰাৰ ব্যৱস্থা কৰিছে, য’ত উল্লেখ কৰা হ’ব, “মাস্ক পৰিধান কৰক অথবা জৰিমনা ভৰিবলৈ সাজু থাকক” শীৰ্ষক সতৰ্কীৰণৰ কথা। ইয়াৰোপৰি ব্যৱসায়িক এলেকাৰ বিভিন্ন স্থানত ‘শ্ৰব্য’ মাধ্যমেৰে বাৰে বাৰে ঘোষিত হ’ব, “মাস্ক পিন্ধক, চেনিটাইজ কৰক” আদি সতৰ্কীকৰণ বাণী। জানিব পৰা মতে সন্হাই বিশেষ ব্যক্তিৰ অনুদানেৰে এলেকাটোৰ ১০ স্থানত মুকলিকৈ চেনিটাৰেজৰ ব্যৱস্থা কৰাৰ লগতে ব্যৱসায়ী সন্থাৰ এলেকাৰ বজাৰ, দুগ্ধ বিক্রী কেন্দ্ৰ, বিত্তীয় প্ৰতিষ্ঠান, যান-বাহন, ৰিক্সা-ঠেলা আদি শৃংখলাবদ্ধ ভাৱে পৰিচালনাৰ বাবে অনুৰোধসূচক প্ৰস্তাৱ প্ৰেৰণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, পূৰ্বৰ মংগলবাৰৰ ঠাইত প্ৰতি দেওবাৰে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এলেকাটোৰ যানযঁট সমস্যা দূৰীকৰণৰ বাবে পাঁচআলি অৰ্থাৎ ‘D’ স্থানত ট্ৰেফিক পইন্টৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ অনুৰোধ জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আদি। সন্হাৰ এনে ইতিবাচক চিন্তাক সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে।

মাদ্ৰাছা সমূহ হৈছে জেহাদী তৈয়াৰ কৰা কাৰখানা, মাদ্ৰাছা আৰু সংস্কৃত তোলক একাকাৰ নকৰিব : হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম

নলবাৰী : মাদ্ৰাছাৰ লগত সংস্কৃত তোলক একাকাৰ নকৰিবলৈ আহ্বান জনাই আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে। আৰবী ভাষা আৰু সংস্কৃত ভাষাক অসমত একে বুলি বিবেচনা কৰোতা ধৃষ্টটাৰ বাদে আন একো নহয় বুলি ও হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে এই সংবাদ মেলত উত্থাপন কৰে। তদুপৰি সংগঠনটোৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰে যে মাদ্ৰাছাসমূহ হৈছে জেহাদী তৈয়াৰ কৰা কাৰখানা। ইয়াৰ বিপৰীতে সংস্কৃত তোল সমূহ হৈছে ভাৰতীয় সংস্কৃতিৰ অধ্যয়নৰ ক্ষেত্ৰ। মাদ্ৰাছাৰ সমূহৰ পৰা তৈয়াৰ হোৱা জেহাদীয়ে সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰাৰ উদাহৰণ অনেক আছে কিন্তু সংস্কৃত তোলৰ লগত দূৰ দূৰলৈ সন্ৰাসেৰে সম্পৰ্ক থকাৰ এটাও উদাহৰণ নাই। তেনেস্থলত মুচলমানক সান্তনা দিয়াৰ বাবে মাদ্ৰাছাৰ লগতে সংস্কৃত তোল বন্ধ কৰাৰ কথা চৰকাৰে ঘোষণা কৰাটো দুৰ্ভাগ্যজনক। যাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে সংস্কৃত তোলসমূহক মাদ্ৰাছাৰ লগত একে স্থানতে ৰাখি তোল সমূহ বন্ধ কৰাৰ ঘোষণা কেৱল গৰিহণাৰ যোগ্য নহয় ই ভাৰতীয় সংস্কৃতিৰ ওপৰত এক প্ৰচণ্ড কুঠাৰঘাত বুলি পৰিষদে মন্তব্য কৰে। আজিৰ এই সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মাধৱ দাস, নলবাৰী জিলা সমিতিৰ উপ সভাপতি নৱজিত দাস, সাধাৰণ সম্পাদক ডিম্বেশ্বৰ কলিতা সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নিৰ্বাচনী অংকৰ ওচৰত ক’ৰোনাও নগণ্য

অংশুমান ভূঞা

গণতন্ত্ৰত ‘ৰাইজেই ৰজা’ বুলি কোৱা হয় যদিও সেয়া বৰ্তমান এক প্ৰহসনতহে পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজে কেৱল নিৰ্বাচনৰ আগমুহূৰ্ততহে ৰজাঘৰৰ পৰা কিছু গুৰুত্ব লাভ কৰে। সেই সময়ত ৰজাঘৰীয়াসকলে সাৰ পায়, কাৰেঙৰ সুখনিদ্ৰাৰ পৰা উঠি মাটিত খোজ পেলায়। প্ৰজাৰ দুখত নিজকে বিলীন কৰি দিয়ে। পিছে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লগে লগেই সকলো ফুটুকাৰ ফেন। ৰজা-প্ৰজাৰ মাজত বৃহৎ ব্যৱধান আহি পৰে। নিৰ্বাচনৰ আগমুহূৰ্তত যিজন নেতাক গাঁ‌ৱে-গাঁ‌ৱে ‘আই-বোপাই’ সম্বোধনেৰে কল্পনাৰ সাতোৰঙী ৰামধেনু অঁ‌কোৱাত ব্যস্ত থকা দেখিবলৈ পোৱা যায়, সেই একেজন নেতাৰ নিৰ্বাচন যোৱাৰ পিছতেই ছাঁ‌টোৱেই দেখিবলৈ নোপোৱা হয়। প্ৰজাই লগ ধৰিবলৈ গৈ বিমুখ হয়। নেতাৰ কনভয় আহিব কাৰণে ৰাজআলিও স্তব্ধ হৈ পৰে। আপোনাৰ মোৰ সময়ৰ যেন একো মূল্য নাই তেওঁলোকৰ ওচৰত। বোন্দাপৰ দি নেতা পাৰ হোৱালৈ ৰৈ থাকক। লাগিলে আপোনাৰ ১ মিনিট পলমৰ বাবে আপোনাৰ প্ৰাণেই নাযাওক কিয়।মাটিৰ মানুহ হোৱাৰ ভাও ধৰা নেতা পাৰ হোৱাৰ পাছতহে ৰক্ষা। অৰ্থাৎ যাৰ যহত শাখা-সেন্দূৰ, তাকে পাতে ভোকোৰা এন্দুৰ’। এতিয়া সেই একেই বৈষম্য বিশ্বসংহাৰী ক’ৰোনাৰ সময়তো। পূৰ্ণ লকডাউনত আমি দেখিবলৈ পাইছিলোঁ ক’ৰোনা সাৱধানতাৰ নিয়ম ভংগ কৰা-নকৰা জনতাক কেনেদৰে প্ৰশাসনে নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল। খোদ মন্ত্ৰী-বিধায়কে গৈও অনেকক ধমকি দিছিল।কিন্তু এতিয়া সেই মন্ত্ৰী-বিধায়কৰ নিজৰেই ওলোটা স্বৰূপ।কাৰণ সন্মুখত নিৰ্বাচন। গতিকে ক’ৰোনাৰ সংহাৰী ৰূপকো আওকাণ কৰি কাৰেঙৰ নেতাগণ মাটিলৈ নামি কোনো ধৰণৰ ক’ৰোনাৰ সতৰ্কতা নমনাকৈ গাঁ‌ৱে-ভূঞে, নগৰে-চহৰে সভা-সমিতি কৰি ঘূৰি ফুৰিছে। ইফালে আকৌ সাধাৰণ ৰাইজৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে জৰিমনা বিহি আছে। এতিয়া প্ৰশ্ন হয়, কৰ’নাই কি ৰাজনৈতিক নেতাগণক নাপায় নেকি? তেনেকুৱাতো হোৱা নাই। নেতাগণ আক্ৰান্ত হৈয়ে আছে।তাৰ পিছতো কিয় এনে ওভোতগোৰে নচা কাৰবাৰ ? কেৱল ভোটৰ অংকহে মূল নেকি? কথাৰ ফুলজাৰিত দেখোন ৰাইজৰ হিত চিন্তা কৰি নেতাগণৰ তৰণিয়ে নোপোৱা অৱস্থা। ৰাজনৈতিক নেতাৰ সভা বুলি জানিলে মানুহৰ সোঁ‌ত বোৱাটো নিশ্চিত। নহ’লে হিতাধিকাৰী আঁ‌চনিৰপৰা বঞ্চিত হোৱাৰ ভয়।এনে সভাই-সমিতিয়ে অগণন মানুহৰ সমাগমে পৰিস্থিতি জটিলৰপৰা জটিলতৰ কৰি নিব যে খাটাং। একমাত্ৰ নিৰ্বাচনী অংক আৰু ক্ষমতাৰ খঁকতে সাধাৰণ মানুহক সংকটৰ মুখলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ কৰা নাই। ৰাজনৈতিক নেতায়েই নীতি-নিয়ম নামানে বুলি বহুজন নিয়ম ভংগ কৰিবলৈ উদ্বুদ্ধ নহ’বনে ? যদি ক’ৰোনা একোৱেই নহয় তেন্তে অতবোৰ ভেকোভাওনাৰ কি প্ৰয়োজন ?

আধাৰ কাৰ্ড বনোৱাৰ নামত চলি থকা দুৰ্নীতি অতিশীঘ্রে বন্ধ কৰিব লাগে

✍ চন্দন কুমাৰ নাথ

যিহেতু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ সকলো নাগৰিকক নিজৰ নিজৰ নাম আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰিবলৈ আদেশ জাৰি কৰিছিল আৰু এই আদেশ মৰ্মে দেশৰ লগতে অসমতো আধাৰ কাৰ্ড বনোৱা কাম আৰম্ভ ইতিমধ্যে হৈছে। কিন্তু এতিয়া প্রশ্নটো হ’ল যে ৰাজ্যত বৰ্তমান কিছুমান অঞ্চলত আধাৰ কাৰ্ড বনোৱা নিৰ্দিষ্ট কেন্দ্রত সাধাৰণ জনতাৰ পৰা উৎকোচ লোৱা কাৰ্য্য একাংশ অসাধু কৰ্মচাৰীয়ে আৰম্ভ কৰিছে আৰু যাৰ ফলত এতিয়া একো একোজন আধাৰ কাৰ্ড বনাবলৈ অহা সাধাৰণ জনতাৰ পৰা ১০০ ৰ পৰা ২,০০০ টকালৈ দাবী কৰিছে। প্রাপ্ত খৱৰ অনুসৰি যিসকল সচেতন নাগৰিকে আধাৰ কাৰ্ড বনোৱাৰ নামত ধন দিব নিবিচাৰে তেওঁলোকৰ আধাৰ কাৰ্ডৰ আবেদন পত্রখন বহিষ্কাৰ কৰি দিয়া হয় আৰু যাৰ ফলত একোজন সাধাৰণ জনতাই আধাৰ কাৰ্ড বনোৱাৰ বাবে ৬-৮ মাহ আধাৰ কাৰ্ড বনোৱা কেন্দ্রৰ দুৱাৰলৈ আহি থাকিবলগীয়া অবস্থাৰ সৃষ্টি হয়। কিন্তু যি সময়ত টেলিভিশনৰ পৰ্দাত বা কেন্দ্রীয় চৰকাৰৰ জাননীত প্ৰকাশ কৰা তথ্য অনুসৰি আধাৰ কাৰ্ড বনাবলৈ ১ টকাও দিব নালাগে বুলি সদৰি কৰিছে, ঠিক তেনে সময়ত ৰাজ্যত যি বৰ্তমানলৈকে অব্যাহত হৈ থকা আধাৰ কাৰ্ড বনোৱাৰ নামত পইচা লোৱা কাৰ্য্যৰ বিষয়ে আমাৰ ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়ববীয়াসকলে জ্ঞাত নে সেয়া হৈছে আজিৰ তাৰিখত এক ধৰণৰ কোটি টকীয়া প্রশ্ন ? ৰাজ্যত আধাৰ কাৰ্ড বনোৱাৰ নামত চলি থকা উৎকোচ লোৱা কাৰ্য্যৰ আমি তীব্র বিৰোধিতা কৰিছো আৰু লগতে দাবী কৰিছো যে ৰাজ্যত আধাৰ কাৰ্ড বনোৱাৰ নামত পইচা লোৱা কাৰ্য্যৰ বিৰুদ্ধে অতিশীঘ্রে অসম চৰকাৰে কিবা বিহীত ব্যবস্থা গ্রহণ কৰক নহ’লে সাধাৰণ জনতাৰ পৰা আধাৰ কাৰ্ডৰ নামত উৎকোচ লোৱা কাৰ্য্য চলিয়েই থাকিব তাত কোনো সন্দেহ নাই।

নাজিৰাত জাতীয়-সংগঠনে ল’লে আৰক্ষীৰ ভূমিকা : ৩৪ টা গৰুৰ ভিতৰত ১২ টা গৰুৰ নথি-পত্ৰ উদ্ধাৰ

গেলেকী : নাজিৰাত আৰক্ষী প্ৰশাসনৰ চৰকাৰী দায়িত্বৰ প্ৰতি থকা চৰম অৱহেলাৰ বাবেই জাতীয়-সংগঠনে ৰাজপথত বাহন ধৰি আৰক্ষীৰ ভূমিকা লোৱাটো নুই কৰিব নোৱাৰি। প্ৰাপ্ত তথ্য ৰাইজৰ অভিযোগ অনুসৰি ২২ ছেপ্তেম্বৰৰ দিনা আবেলি পৰত নাহৰকটীয়াৰ পৰা খাৰুপেটীয়ালৈ তিনিখন ডি আই গাড়ীত ৩৪ টাকৈ গৰু নি থকা অৱস্থাত টাই আহোম যুৱ পৰিষদ, টাইপা নাজিৰা আঞ্চলিক সমিতিয়ে ৰাজপথত বাহন ৰখায়। লগতে সংগঠনটোৱে ৰাজপথত বাহন ধৰি তিনিখন গাড়ীত থকা গৰু সমূহ চোৰাংভাৱে নিয়া বুলি দাবী তোলে। সমান্তৰালভাৱে নাজিৰা আদৰ্শ আৰক্ষী থানাত উক্ত গৰু সমূহ গটাই দিয়া হয়। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰায় ১২ টা গৰুৰ চালান পোৱা গৈছে। যদিও বাকীকেইটা গৰুৰ কোনো ক্ৰয় কৰাৰ একো প্ৰমাণ পোৱা হোৱা নাই। সম্প্ৰতি গৰু কেইটা কঢ়িয়াই অনা ব্যক্তি কেইজনৰ নাম ক্ৰমে নুৰ আলী, ৰহমত উল্লাহ, চফিকুল ইচলাম, আজিবুল হক আৰু আছিক আলী। উল্লেখ্য যে ৰাজ্যত আইন, আইনৰ সেৱাৰ্থে আৰক্ষী প্ৰশাসন থকাৰ স্বত্বেও ৰাজপথত জাতীয়-সংগঠনে বাহন ৰখোৱাটো কোনো কাৰণতেই যুক্তি সংগত হ’ব নোৱাৰে। এনে ধৰণৰ কৰ্ম কাণ্ডই অদুৰ ভৱিষ্যতে তেখেত লোকক বিপদগামী কৰাৰ ৰাইজ তথা সচেতন মহলে মতপোষণ কৰিছে। আনহাতে অনাগত দিনত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ চিনহা, নাজিৰা মহকুমা আৰক্ষী বিষয়াই গৰু চোৰাং চক্ৰৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ হাতত লয়। সেইটো নাজিৰাবাসী ৰাইজৰ বাবে লক্ষ্যণীয় হৈ উঠিব।