Home Blog Page 3182

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি । আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩১৬৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩১ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৩২ শতাংশ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই ।

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৫৫৮৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৪৮৩গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১১০৭৫ গৰাকী ।

২৪ ডিচেম্বৰত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো

বিটিচি নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত সুখী প্ৰমোদ বড়ো । ২৪ ডিচেম্বৰ ৰাতিপুৱা ১০ বজাত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো । সামাজিক মাধ্যম যোগে এই কথা ব্যক্ত কৰে ইউপিপিএলৰ সভাপতি গৰাকীয়ে ।

ইফালে আঞ্চলিক শক্তিক একলগ হোৱাৰ আহ্বান বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ । ন্যায়ালয়ৰ ৰায়ৰ পিছতে মঙলবাৰে সংবাদমেল যোগে এই আহ্বান হাগ্ৰামাৰ ।

বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ

মঙলবাৰে নিশা কৰিমগঞ্জ জিলাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ১৩ গৰাকীকৈ ৰহিংগিয়াক । এই অবৈধ বিদেশী কেইজনে ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তেই অসম আৰক্ষীৰ এটা দলে আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰা অনুসৰি, আটক হোৱা ৰহিংগিয়াৰ এই দলটোত মহিলাকে ধৰি শিশুও আছে । দলটোৱে প্ৰায় ৪,০০০ ভাৰতীয় আৰু বাংলাদেশী টকা লগত লৈ ঘূৰি ফুৰিছিল। আৰক্ষীৰ তালাচীত বিদেশী নাগৰিক কেইজনৰ পৰা ভুৱা বাংলাদেশী আধাৰ কাৰ্য জব্দ হোৱা বুলিও জানিব পৰা গৈছে ।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা অনুসৰি দালালৰ সহায়ত ৰহিংগিয়াৰ এই দলটোৱে বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ পিছত এই দলটোৱে এখন বাছৰ সহায়ত অসমলৈ অহা বুলি জানিব পৰা যায়।

নগাঁও মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি, এতিয়াৰে পৰা অট’নমাছ কলেজ হিচাপে পৰিচিত হ’ব নগাঁও মহাবিদ্যালয়

নগাঁও, ২২ডিচেম্বৰ : মধ্যঅসমৰ উচ্চশিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে অট’নমাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰথমখন মহাবিদ্যালয় হিচাপে নগাঁও মহাবিদ্যালয়ে এই স্বীকৃতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাট জে বি কলেজ আৰু লক্ষীমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে এই স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে, যোৱা ৬ডিচেম্বৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনৰ এটি সঁজাতি দলে নগাঁও মহাবিদ্যালয় পৰিদৰ্শন কৰিছিল। মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° শৰৎ বৰকটকী, বিধায়ক ৰূপক শৰ্মা আৰু মহাবিদ্যালয় খনৰ শিক্ষক-কৰ্মচাৰীৰ সৈতে এক বৈঠকতো মিলিত হৈছিল। সেই বৈঠকতে নগাঁও মহাবিদ্যালয়ক অট’নমাছ কলেজ ৰূপে স্বীকৃতি দিয়াৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দলটোৱে সকলো দিশ পৰ্য্যবেক্ষণ কৰিছিল। অৱশেষত আজি বিশ্ববিদ্যালয় অনুদান আয়োগে নগাঁও মহাবিদ্যালয়ক এই স্বীকৃতি প্ৰদান কৰিছে। এতিয়াৰে পৰা মহাবিদ্যালয় খনে সকলো কাৰ্য স্বতন্ত্ৰ ভাৱে পৰিচালনা কৰিব পাৰিব। আনহাতে এই খবৰ লাভ কৰাৰ লগে লগে বিধায়ক ৰূপক শৰ্মাই মহাবিদ্যালয় খনৰ অধ্যক্ষ তথা সকলো শিক্ষক-শিক্ষয়ত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে আমি গৌৰৱবোধ কৰিছো। ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে এই সফলতাৰ বাবে মহাবিদ্যালয় খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ন-পুৰণি সকলো ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জনাই।

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে ।

গড়চুক আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হৈছে ড্ৰাগছখিনি ।

ড্ৰাগছসহ আটক ছাহাবুদ্দিন কাজী ।

ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা ।

ড্ৰাগছখিনিৰ ওজন ৪০০ গ্ৰাম ।

বদৰপুৰৰ পৰা AS10C5456নম্বৰৰ বাছেৰে আনিছিল ড্ৰাগছখিনি ।

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছই ব’ৰ্ডৰ পৰীক্ষা । ক’ভিড পৰিৱেশৰ বাবে এই সিদ্ধান্ত  । পৰৱৰ্তী সময়ত দিন আৰু পৰীক্ষাৰসূচী ঘোষণা কৰা হ’ব  । দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব । ফেব্ৰুৱাৰীৰ পাছত পৰীক্ষা অনুষ্ঠিতকৰণৰ ইংগিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পখৰীয়ালৰ ।

লণ্ডনৰপৰা ভাৰতলৈ বিমানত অহা ৮ জন যাত্ৰী ক’ভিড পজিটিভ চিনাক্ত

সোমবাৰে নিশা দুখন পৃথক বিমানেৰে লণ্ডনৰপৰা ভাৰতলৈ অহা ৮জন যাত্ৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে৷ আনহাতে আজি পুৱা দিল্লীত অৱতৰণ কৰা ব্ৰিটিছ এয়াৰৱেজ বিমানৰ যাত্ৰীসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে। ব্ৰিটেইনত চিনাক্ত হোৱা কৰ’না ভাইৰাছৰ এক নতুন ৱেভৰ বাবে বৰ্ধিত শংকাৰ মাজতে আহিছে এই উদ্বেগজনক খবৰ৷

উল্লেখ্য যে কেইদিনমানৰপৰা ভাৰতকে ধৰি কেইবাখনো দেশে ব্ৰিটেইনৰপৰা বিমান যাত্ৰা অৱৰুদ্ধ কৰি ৰাখিছে। ইউ কেৰপৰা অহা বিমানত ভাৰতৰ নিষিদ্ধতা বুধবাৰৰপৰাহে কাৰ্যকৰী হ’ব আৰু ৩১ ডিচেম্বৰলৈ বাহাল থাকিব। চৰকাৰে প্ৰকাশ কৰা মতে ইউ কেৰপৰা অহা সকলো যাত্ৰী বিমানবন্দৰত আহি পোৱাৰ পাছত পৰীক্ষা কৰা হ’ব। ভাৰতলৈ অহাৰ পাছত ক’ভিড পজিটিভ চিনাক্ত হোৱা ছয়জন যাত্ৰী অহা বিমানখনত ২৬৬ জন যাত্ৰী আছিল৷ সোমবাৰে দিনৰ ১০.৪০ বজাত দিল্লীত অৱতৰণ কৰা বিমানখন এয়াৰ ইণ্ডিয়াৰ আছিল৷ জানিব পৰা মতে ক’ভিড পজিটিভ চিনাক্ত হোৱা ছয়জনৰ ভিতৰত এজনে চেন্নাইলৈ সংযোগী বিমান লৈছিল আৰু তাত তেওঁৰ সংক্ৰমণ ধৰা পৰিছিল৷

কৰ’ণাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং

কৰ’ণাত আক্ৰান্ত বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুলপ্ৰীত সিং।

সামাজিক মাধ্যমযোগে এই কথা নিজেই প্ৰকাশ কৰে ৰাকুলপ্ৰীতে ।

ৰাকুলপ্ৰীত সিংৰ টুইট

কৰ’ণা পজিটিভ ওলোৱাৰ পাছতে তেওঁ নিজেই ঘৰতে কোৱাৰেণ্টিন কৰিছে ।

সামাজিক মাধ্যমযোগেৰেই সম্প্ৰতি সুস্থ বুলি প্ৰকাশ কৰে ৰাকুলপ্ৰীতে ।

এইকেইদিনত তেওঁক লগ পোৱা সকলোকে কৰ’ণা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে তেওঁ নিজেই ।

সম্প্ৰতি মেডে নামৰ ছবিখনৰ বাবে শ্বুটিংত ব্যস্ত আছিল অভিনেত্ৰীগৰাকী।

আজি সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক। বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি দিয়া হয় । এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা ।

অসম মালা আঁচনিৰ সকলো পথ বহল হ’ব । দুটাকৈ সঞ্চালকালয় হব সমাজকল্যাণ বিভাগত । মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় আৰু সামাজিক, ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়। নাবাৰ্ডৰ পৰা ৯১ কোটি টকা ঋণ গ্ৰহণৰ বাবে অনুমোদন ।

চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা । মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াভাৱে ক্ৰয় কৰিব পাৰিব মাটি ।

NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা ।

কোচ–ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনত অনুমোদন । বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনতো অনুমোদন জনোৱা হয় এই বৈঠকত।

মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে মগ্ন তাৰকা : আটক ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী তাৰকা

মুম্বাইৰ আৰক্ষীৰ কঠোৰ অভিযান। দেশজুৰি কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য প্ৰশাসন উঠি পৰি লগাৰ সময়তে একাংশ তাৰকা মুম্বাইৰ নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ আছিল । নৈশ ক্লাৱত যুৱতীৰ সৈতে ব্যস্ত হৈ থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা, জনপ্ৰিয় কণ্ঠশিল্পী গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী তাৰকা মুম্বাইৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা হল ।

গুৰু ৰন্ধৱা

মুম্বাই বিমান বন্দৰৰ সমীপতে থকা জে ডব্লিউ মেৰিয়ট হোটেলৰ ক্লাবত নিশা পাৰ্টি চলি আছিল। ক্লাবত কোনো লোকেই কৰ’ণাৰ নীতি নিৰ্দেশনা পালন কৰা নাছিল।নৈশ কাৰ্ফিউ থকাৰ পাছতো পাৰ্টিত মগ্ন আছিল আঢ্যৱন্ত ঘৰৰ যুৱতীসহ তাৰকাকেইগৰাকী।

সুৰেশ ৰাইনা

ফলত ৩৪ জন লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে আইপিচি ১৮৮ ধাৰৰ অধিনত গোচৰ ৰুজু কৰে । এইসকলৰ ভিতৰত বহুকেইগৰাকী তালিকাৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু গুৰু ৰন্ধৱাও উপস্থিত থাকে । সম্প্ৰতি দুয়োগৰাকী তাৰকাসহ সকলো আটকাধীন লোকে বেইল লাভ কৰে ।

Sussanne Khan