জামুগুৰিহাট, ২২ ডিচেম্বৰ: জ্যোতি-বিষ্ণু-ফণী শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ সান্মিধ্যৰে অভিনয় জগতত খোজ পেলাই উজ্জ্বীবিত অভিনয়ৰে শদিয়াৰ পৰা ধুবুৰীলৈ অগণন দৰ্শক ৰাইজৰ শ্ৰদ্ধা আৰু মৰম বুটলিবলৈ সক্ষম হোৱা তথা গোয়েংকা চলচিত্ৰ বঁটা, মুনলাইট মিডিয়া বঁটা আৰু শেহতীয়াকৈ ২০১৬ চনত অসম চৰকাৰৰ ফালৰ পৰা নটসুৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰা যশস্বী শিল্পী ভোলা কটকীৰ ৮৮ সংখ্যক ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে জামুগুৰিহাটত ৷ জন্মস্থান জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ যুৱক-যুৱতী তথা ৰাইজৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া মহান শিল্পী গৰাকীৰ ওপজা দিনটো মধুৰ কৰি তুলিবলৈ গীত-নাচ-নাটককে ধৰি এলানি কাৰ্যসূচী হাতত লৈছে । অহা ২০ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা অনুষ্ঠানটিত শিশু নাট “অৰন্যৰ পটভূমি”ৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপালীম” নাট খনো মঞ্চস্থ হব।দুয়োখন নাটক পৰিচালনা কৰিব ভোলা কটকীৰ কনিষ্ঠ পুত্ৰ তথা বিশিষ্ট পৰিচালক স্বৰাজ কটকীয়ে । ইফালে যোৱা ২০ ডিচেম্বৰত জামুগুৰিহাটৰ কুৰিখন গাঁৱৰ ৰাইজ, যুৱক যুৱতী তথা শিশুসকলৰ উপস্থিতিত শিল্পী গৰাকীৰ ওপজা দিনটোত অনুষ্ঠিত হব লগা “অৰণ্যৰ পটভূমি” শীৰ্ষক শিশু নাট খনৰো আখৰা উন্মোচন কৰে অৱসৰী শিক্ষক সমাজকৰ্মী শৰৎ ভূঞাই । এই উপলক্ষে জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক নামঘৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত বৰেণ্য শিল্পীগৰাকীৰ নাট্য জীৱন সম্পৰ্কে আলোকপাত কৰা হয় । জানিব পৰা মতে শিল্পী গৰাকীৰ নিজা গাঁও সংগীয়া মাজৰ চুকত উদযাপন হব লগা উপজা দিনটোত গাঁওবাসীৰ লগতে জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ আগবঢ়াব ।
কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ
দেওবাৰে পশ্চিম বংগত এখন সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে মন্তব্য কৰে যে, “কৰ’ণা ভেকছিনৰ টিকাকৰণ আৰম্ভ হোৱাৰ পিচতেই নাগৰিকত্ব সংশোধনী আইনক লৈ বিভিন্ন নীতি গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কৰ’ণাৰ সংক্ৰমণ সীমিত হ’লেই কা বলৱৎ হোৱাৰ ইংগিত অমিত শ্বাহৰ।
সমাগত বিধানসভা নিৰ্বাচনলৈ কেইমাহমান থকাৰ পূৰ্বে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । পশ্চিমবংগত উপস্থিত হৈ অমিত শ্বাহে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰে । বলপুৰত এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কা বলৱৎ হোৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ নহয় যদিও ৰাজ্যখনত কা বলৱৎ হোৱাৰ কথা জনাইছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ই। কৰ’ণাৰ সংক্ৰমণ আৰু কিছু হ্ৰাস হোৱাৰ পিচতেই ২০২১ৰ জানুৱাৰী অথবা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে।
পহিলা জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ কাম
ৰাজ্যবাসীৰ বাবে সুখবৰ। নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ অসম সমবায় মৰাপাট কলৰ উৎপাদনৰ কাম আৰম্ভ হ’ব। প্ৰায় দুমাহ ধৰি মৰাপাট কলটো বন্ধ হৈ থকাৰ অন্তত অৱশেষত আহিল এই ভাল খবৰ । পৰিচালনা মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে এই কথা ।
উল্লেখযোগ্য যে যোৱা ১২ নৱেম্বৰ তাৰিখে মৰাপাট কল কৰ্তৃপক্ষ , ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায্য ঘোষণা কৰিছিল ।
পৰৱৰ্তী সময়ত যোৱা ১১ ডিচেম্বৰ তাৰিখে শিলঘাটত উপস্থিত হৈ কলটো উৎপাদন কাৰ্য অনতিপলমে আৰম্ভ হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।
নিশা সকলোধৰণৰ নিৰাপত্তাৰক্ষী ত্যাগ হাগ্ৰামাৰ : পুৱা হাগ্ৰামালৈ কেবিনেট পৰ্যায়ৰ নিৰাপত্তা
যোৱা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষীসকলক উলিয়াই দিছিল আৰু যাৰ ফলত প্ৰচণ্ড শীতত হাগ্ৰামাৰ বাসগৃহৰ বাহিৰত ৰাজপথতে নৈশ যাপন কৰিব লগা হৈছিল আৰক্ষী জোৱান সকলে । হাগ্ৰামা মহিলাৰীয়ে আধাঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াত জোৱান সকলে টালি -টোপোলা, বেডিং বান্ধি গড়কাপ্তানি পথলৈ ওলাই আহে আৰু উৰ্ধতম বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। নিৰাপত্তাৰক্ষী বিষয়াই সদৰি কৰা মতে সদ্যহতে ২১ গৰাকী নিৰাপত্তাৰক্ষীৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল যদিও প্ৰশাসনে ইয়াৰে ১১ গৰাকী নিৰাপত্তাৰক্ষী ৰাখি বাকীখিনিক প্ৰত্যাহাৰ কৰিব বুলি আগতীয়া তথ্য লাভ কৰিয়ে হাগ্ৰামা মহিলাৰীয়ে খঙতে সকলো নিৰাপত্তাৰক্ষীক বিদায় দিয়ে।

আনহাতে, নিশা নিশা নিজৰ সকলোধৰনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিজেই ত্যাগ কৰাৰ পিছতে হাগ্ৰামা মহিলাৰীলৈ IGPৰ পত্ৰ । আজি কোকৰাঝাৰৰ আৰক্ষী মহানিৰ্দেশকে এক পত্ৰৰ জৰিয়তে পুনৰ হাগ্ৰামাক নিৰাপত্তা বেষ্টনি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰীক কেবিনেট পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিছে কোকৰাঝাৰৰ আইজিপিয়ে। এতিয়াৰ পৰা হাগ্ৰামাই লাভ কৰিব ২ গৰাকী দেহৰক্ষী, ৩ জনীয়া এছকোৰ্ট, এগৰাকী প্ৰধান দেহৰক্ষী, আৰু ৮ জনীয়া গৃহৰক্ষী।
আকৌ অখিল গগৈৰ কাষ চাপিল কমল কুমাৰ মেধি
কেইদিনমান আগত কংগ্ৰেছ দল ত্যাগ কৰা এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কালি ২১ ডিচেম্বৰ তাৰিখে ৰাইজৰ দলত যোগদান কৰে ।ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কাৰ্যালয়ত কমল কুমাৰ মেধিৰ লগতে বহু কংগ্রেছী কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে। কংগ্রেছৰ মিডিয়া চেলৰ উপাধ্যক্ষ বিনয় ডেকায়ো ৰাইজৰ দলত যোগদান কৰে কালিৰ দিনটোত ।
দলত যোগদান কৰি কমল কুমাৰ মেধিয়ে কয় যে, “বিজেপিয়ে জনবিৰোধী নীতি লোৱাৰ সময়ত নাগৰিক সমাজে নতুন দায়িত্ব লোৱাৰ সময় আহি পৰিছে। ইয়াৰ বিপৰীতে বিজেপি আৰএছ এছে ধৰ্মীয় মেৰুকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰো অভিযোগ মেধিৰ। অখিল গগৈৰ লগত মতানৈক্য হৈ কৃষক মুক্তিৰ পৰা ওলাই যোৱাৰ কথা স্বীকাৰ মেধিৰ। কেৱল অখিল গগৈৰ নেতৃত্বতহে বিজেপিৰ বিকল্প ৰাজনৈতিক দল গঠন হোৱা সম্ভৱ বুলি উল্লেখ কমল কুমাৰ মেধিৰ।”
নগাঁও পেঞ্চনাৰ ভৱনত আন্তঃগাঠনি উন্নয়নৰ অনুদান বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ ৭ লাখ টকাৰ অনুদান আগবঢ়ায়। এই উপলক্ষে পেঞ্চনাৰ ভৱনত অনুষ্ঠিত সভাত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্য সকলৰ উপস্থিতিত বিধায়ক শৰ্মাই আন্তঃগাঠনি উন্নয়নৰ চেক বিতৰণ কৰে। বিধায়ক গৰাকীয়ে আছুতীয়া পূঁজিৰ চেক বিতৰণ কৰি কয় যে, সুৰ্দীঘ চাকৰি কালৰ সমাপ্তি ঘটাই এক নতুন অধ্যায়ৰ সুচনাৰে অৱসৰী ব্যক্তি সকলে পেঞ্চনাৰ ভৱনত ঐক্যবদ্ধ হৈ মনৰ ভাৱ আদান প্ৰদান কৰাৰ লগতে বিভিন্ন সামাজিক আৰু গঠনমূলক কাম কাজত মনোনিবেশ কৰে। সেয়ে অৱসৰী লোক সকলৰ মিলনৰ স্হল হৈ পৰে এই পেঞ্চনাৰ ভৱন। সমাজৰ অভিভাৱক স্বৰূপ এই জ্যেষ্ঠ ব্যক্তি সকলৰ আদৰৰ পেঞ্চনাৰ ভৱনটো আটকধুনীয়া কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়ে নগাঁও পেঞ্চনাৰ ভৱনৰ আন্ত:গাঠনি উন্নয়নৰ হকে আজি আছুতীয়া পূঁজিৰ পৰা ৭ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে । আশা কৰিছো এই অনুদানৰে ভবিষ্যত দিনত নগাঁও পেঞ্চনাৰ ভৱনটো আটকধুনীয়া ৰূপত গঢ় লৈ উঠিব। অনুদান বিতৰণ অনুষ্ঠানত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ সভাপতি আবুল হুছেইন, সম্পাদক জীৱ প্ৰসাদ বৰকটকীৰ লগতে সন্হাৰ সদস্যসকল উপস্থিত থাকে ।
দিল্লীত বন্ধুত্বৰ সুবিধালৈ দলৱদ্ধ বলাৎকাৰ কিশোৰীক
নতুন দিল্লীত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ এক জঘন্য ঘটনা । দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাস অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক চাৰিজন পাষণ্ডই দলৱদ্ধ বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।
জানিব পৰা মতে দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাসত এঘৰত পৰিচাৰিকা হিচাবে কাম কৰা ১৪ বছৰীয়া কিশোৰী গৰাকীৰ চিনাকী হয় সেই খন ঘৰতে কাম কৰা এজন কিশোৰৰ সৈতে । লাহে লাহে সেই চিনাকীয়েই ভাল বন্ধুত্বৰ ৰূপ লয় ।
পিছত কিশোৰজনে সেই খন ঘৰৰ পৰা আন এখন ঘৰলৈ কাম কৰিলৈ যায় যদিওঁ কিশোৰী গৰাকীৰ সৈতে সম্পৰ্ক বজাই ৰাখে কিশোৰ জনে ।
শেহতীয়াকৈ শনিবাৰে দুপৰীয়া কিশোৰ জনে মতাত কিশোৰীগৰাকীয়ে কিশোৰ জনৰ ঘৰলৈ যায় আৰু কিশোৰ জনে নিজৰ ঘৰতে আন তিনিজন বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক দলৱদ্ধ বলাৎকাৰ কৰে।
বলাৎকাৰ কৰা চাৰিও জনৰে বয়স ক্ৰমে ১৭,১৮,২০ আৰু ৩০ বছৰ বুলি জানিব পৰা গৈছে । ঘটনা সম্পৰ্কত কিশোৰী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতে আজি আৰক্ষীয়ে অভিযান চলাই চাৰিওটা বলাৎকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
চাৰিও জনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। চলিত বৰ্ষত দিল্লীত ১২৪১ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে।
জামুগুৰিহাটত চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান : পুণৰ শ্ৰীশ্ৰী নৰোৱা থানত চোৰৰ লুটপাত
জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটত এইবাৰ যেন চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান৷চাৰিদিন পূৰ্ৱে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত চোৰৰ দল প্ৰৱেশ কৰি দানপাত্ৰৰ ধনকে ধৰি অন্যান্য সা-সামগ্ৰী লুটপাত কৰি নিয়াৰ পিছত পুণৰ কালি নিশা চোৰে লুটপাত চলালে কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা প্ৰায় ৩ কি:মি: দূৰত্বত পথৰ কাষতেই অৱস্থিত থানখনৰ পাঁচটাকৈ তলা ভাঙি চোৰ প্ৰৱেশ কৰি সোণ আৰু ৰূপৰ কেবাপাহো ফুল, প্ৰায় ১০/১২ টা পিতলৰ গঁচা, দানপাত্ৰ ভাঙি প্ৰায় ৫ হাজাৰ টকাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধিনত থানখনত চলি থকা কামৰ বাবে মজুত কৰি আচবাবসমুহৰ লগতে থানখনৰ ভিতৰত থকা গডৰেজৰ লকাৰ ভাঙি চন্দ্ৰতাপ, গামোছাকে ধৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰি সিঁচৰিত কৰি থৈ যায় চোৰৰ দলে ৷ পুৱাৰ ভাগতহে ঐতিহ্যমণ্ডিত থানভাগত চোৰ সোমোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি জামুগুৰি আৰক্ষীক অৱগত কৰে আৰু থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ লগতে নিকটৱৰ্তী অঞ্চলসমুহত বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থা নথকাৰ লগতে আৰক্ষীৰো শিথিলতাৰ সুযোগ লৈ বিগত কিছুদিন ধৰি অঞ্চলটিত চোৰৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে ধৰ্মীয় অনুষ্ঠানসমুহকো শেহতীয়াকৈ চোৰৰ দলে টাৰ্গেট কৰি লোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷
নগাঁৱত বাটৰ নাটৰে পথ সুৰক্ষাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস
নগাঁও, ২১ ডিচেম্বৰ : পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা পাঁচদিনীয়া সজাগতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিগত দিনসমুহত জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ তত্বাৱধানত অনুষ্ঠিত পথ সুৰক্ষাৰ সুনিশ্চিত কৰাৰ বাবে ৰাইজক সজাগ কৰিবলৈ আজি নগাঁও চহৰৰ কেবাটাও স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা বাটৰ নাট আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিলা পৰিবহন বিষয়া উৎপল গগৈয়ে। নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে আঁত ধৰা উক্ত অনুষ্ঠানত সহকাৰী যানবাহন পৰিদৰ্শক দৰ্শন মহন্ত, উচ্চ বৰ্গৰ সহায়ক চন্দন শইকীয়া, কাৰ্যালয় সহায়ক ৰঞ্জিত বৰা, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি আব্দুল খবিৰ, সম্পাদক হজৰত আলী, সহকাৰী সম্পাদক আব্দুল জলিল আদি উপস্থিত থাকে। শিল্পী কাননৰ শিল্পী সকলে বাইক চালাওঁতে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে ছিট ব্লেল্ড আৰু ভৰিত জোতা পৰিধান কৰা, দ্ৰুত গতিত গাড়ী চলোৱাৰ ভয়াবহ পৰিনাম আদি বিষয়সমুহ সামৰি বাটৰ নাটসমুহ প্ৰদৰ্শন কৰে। নাট পৰিচালনা কৰে সুনিত কুমাৰ শইকীয়াই।
২৪ ডিচেম্বৰত বৰপেটাত কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্বনৰ গ্ৰাহক সজাগতা সভা
অনলাইন বাৰ্তা, ২১ ডিচেম্বৰ : ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি অহা ২৪ ডিচেম্বৰ তাৰিখে কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্বনে বৰপেটাত অনুষ্ঠিত কৰিব এক গ্ৰাহক সজাগতা সভা ৷ বৰপেটা জিলাৰ আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২৪ডিছেম্বৰৰ দিনত ১বজাত অনুষ্ঠিত হ’ব গ্ৰাহক সজাগতা সভা ৷ আজি মহানগৰীৰ এবিচি স্হিত সংগঠনটোৰ কাৰ্য্যলয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্যিক সাধৰন সম্পাদক কল্যাণ বৰঠাকুৰে সদৰি কৰে ৷ তেওঁ কয় যে গ্ৰাহকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত বা প্ৰতাৰন কৰা কাৰ্য্যৰ বিৰুদ্ধে এই সজাগতা সভা অনুষ্ঠিত কৰা হ’ব ৷ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যালয়ৰ অবসৰপ্ৰাপ্ত ন্যায়ধীশ ইন্দিৰ চাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ লগতে বৰপেটা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব বুলি বৰঠাকুৰে সদৰি কৰে ৷ সংবাদ মেলত উত্তৰ পূৰ্বাঞ্চল জনেক সভাপতি উত্তম ভট্টাচাৰ্যই উপস্থিত থাকি কয় যে ২৪ডিছেম্বৰ ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱস ৷ সেইদিনা দিনৰ ১ বজাত বৃষ্টিত কাৰ্যসূচীৰে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব ৷ সভাত প্ৰায় ৪শতাধিক ব্যক্তি উপস্থিত থাকিব ৷ গ্ৰাহকক সজাগতা কৰাই আমাৰ লক্ষ্য বুলি ভট্টাচাৰ্যই উল্লেখ কৰে ৷ উল্লেখ্য যে সংবাদমেল উপসভাপতি ত্ৰিদিব বৰুৱা, বিত্তীয় সম্পাদক পলী চেতীয়া বৰুৱা আৰু সাংগঠনিক সম্পাদক গজেন ভূঞা উপস্থিত থাকে ৷













