Home Blog Page 3183

নাজিৰাত জাতীয়-সংগঠনে ল’লে আৰক্ষীৰ ভূমিকা : ৩৪ টা গৰুৰ ভিতৰত ১২ টা গৰুৰ নথি-পত্ৰ উদ্ধাৰ

গেলেকী : নাজিৰাত আৰক্ষী প্ৰশাসনৰ চৰকাৰী দায়িত্বৰ প্ৰতি থকা চৰম অৱহেলাৰ বাবেই জাতীয়-সংগঠনে ৰাজপথত বাহন ধৰি আৰক্ষীৰ ভূমিকা লোৱাটো নুই কৰিব নোৱাৰি। প্ৰাপ্ত তথ্য ৰাইজৰ অভিযোগ অনুসৰি ২২ ছেপ্তেম্বৰৰ দিনা আবেলি পৰত নাহৰকটীয়াৰ পৰা খাৰুপেটীয়ালৈ তিনিখন ডি আই গাড়ীত ৩৪ টাকৈ গৰু নি থকা অৱস্থাত টাই আহোম যুৱ পৰিষদ, টাইপা নাজিৰা আঞ্চলিক সমিতিয়ে ৰাজপথত বাহন ৰখায়। লগতে সংগঠনটোৱে ৰাজপথত বাহন ধৰি তিনিখন গাড়ীত থকা গৰু সমূহ চোৰাংভাৱে নিয়া বুলি দাবী তোলে। সমান্তৰালভাৱে নাজিৰা আদৰ্শ আৰক্ষী থানাত উক্ত গৰু সমূহ গটাই দিয়া হয়। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰায় ১২ টা গৰুৰ চালান পোৱা গৈছে। যদিও বাকীকেইটা গৰুৰ কোনো ক্ৰয় কৰাৰ একো প্ৰমাণ পোৱা হোৱা নাই। সম্প্ৰতি গৰু কেইটা কঢ়িয়াই অনা ব্যক্তি কেইজনৰ নাম ক্ৰমে নুৰ আলী, ৰহমত উল্লাহ, চফিকুল ইচলাম, আজিবুল হক আৰু আছিক আলী। উল্লেখ্য যে ৰাজ্যত আইন, আইনৰ সেৱাৰ্থে আৰক্ষী প্ৰশাসন থকাৰ স্বত্বেও ৰাজপথত জাতীয়-সংগঠনে বাহন ৰখোৱাটো কোনো কাৰণতেই যুক্তি সংগত হ’ব নোৱাৰে। এনে ধৰণৰ কৰ্ম কাণ্ডই অদুৰ ভৱিষ্যতে তেখেত লোকক বিপদগামী কৰাৰ ৰাইজ তথা সচেতন মহলে মতপোষণ কৰিছে। আনহাতে অনাগত দিনত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ চিনহা, নাজিৰা মহকুমা আৰক্ষী বিষয়াই গৰু চোৰাং চক্ৰৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ হাতত লয়। সেইটো নাজিৰাবাসী ৰাইজৰ বাবে লক্ষ্যণীয় হৈ উঠিব।

লকডাউনৰ সময়ত গৃহ ৰাজ্যলৈ গৈছিল ১.০৬ কোটি প্ৰৱজিত শ্ৰমিক : মন্ত্ৰী ভি কে সিং

অনলাইন বাৰ্তা : চলিত বছৰো মাৰ্চ মাহৰ পৰা জুন মাহৰ ভিতৰত ক’ভিড-১৯ৰ লকডাউনৰ সময়ত এক কোটিৰো অধিক প্ৰৱজিত শ্ৰমিক খোজকাঢ়ি তেওঁলোকৰ গৃহ ৰাজ্যলৈ গৈছিল ৷ মঙলবাৰে এই কথা কয় চৰকাৰে ৷ ক’ভিড-১৯ৰ ফলত নিৰ্দিষ্ট ৰাজ্যৰ পৰা ঘৰুৱা ৰাজ্যলৈ বহু সংখ্যক শ্ৰমিক স্থানান্তৰ হৈছিল ৷ পথ পৰিবহণ আৰু ৰাজপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে লোকসভাত এই কথা লিখিতভাৱে জনাইছে ৷ শ্রম আৰু কর্মসংস্থান মন্ত্ৰালয়ৰ সংকলিত তথ্য মতে, লকডাউনৰ সময়ত খোজকাঢ়ি যোৱা সকলক ধৰি ১.০৬ কোটি প্ৰৱজিত শ্ৰমিক নিজ ৰাজ্যলৈ ঘুৰি গৈছিল বুলি তেওঁ কয় ৷ অস্থায়ীকৈ উপলব্ধ তথ্য মতে ৮১,৩৮৫ টা ৰাজপথসহ পথ দুৰ্ঘটনা হৈছিল ৷ মাৰ্চ-জুনৰ সময়ত ২৯,৪১৫ জনৰ মৃত্যু ঘটনা হয় বুলি তেওঁ লোকসভাত জনায় ৷ তদুপৰি তেওঁ জনায় যে লকডাউনৰ সময়ত পথ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰৱজিত শ্ৰমিকৰ ক্ষেত্ৰত মন্ত্রণালয়ে পৃথকে তথ্য সংৰক্ষণ কৰা নাই ৷

নাছাৰ পৰিকল্পনা ২০২৪ চন : ৫২ বছৰৰ পাছত চন্দ্ৰৰ বুকুত খোজ মহিলাৰ

অনলাইন বাৰ্তা : এইবাৰ চন্দ্ৰৰ বুকুত ভৰি পেলাব মহিলাই ৷ পুৰুষৰ পাছত মহিলাৰ ভৰি চন্দ্ৰৰ বুকুত পৰিব ৫২ বছৰৰ পাছত ৷ অৰ্থাৎ ১৯৭২ চনত নীল আর্মষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন অলড্রিনে চন্দ্ৰত প্রথম পদাৰ্পণ কৰিছিল ৷ ইয়াৰ পিছত ২০২৪ চনত পুনৰ চন্দ্ৰত ভৰি পেলাব দুগৰাকী ব্যক্তিয়ে। ইয়াৰে এগৰাকী মহিলা আৰু আনজন পুৰুষ মহাকাশচাৰী। মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ চীফ এডমিনিষ্ট্ৰেটৰ জিম ব্রিডেনষ্টাইনে সোমবাৰে এই কথা জনাইছে। ব্রিডেনষ্টাইনে জনোৱা মতে, এইবাৰ এই দুগৰাকী মহাকাশচাৰী সম্পূৰ্ণ সাত দিন ধৰি চন্দ্ৰৰ বুকুত থাকি নানা ধৰণৰ গৱেষণা চলাব। ইয়াৰ পৰাই মঙলৰ বুকুত মানুহৰ পদার্পণৰ বাবে প্ৰয়োজনীয় প্রাথমিক গৱেষণা আৰু প্রস্তুতি আৰম্ভ কৰিব। অৱশ্যে এই চন্দ্ৰাভিযানত অংশ ল’বলগীয়া মহাকাশচাৰী দুজনৰ বিষয়ে এতিয়াও ৰাজহুৱা কৰা নাই নাছাই। কেৱল ‘আর্টেমিছ মিছন’ নামৰ চন্দ্ৰাভিযানৰ পৰিকল্পনাৰ কথাহে ঘোষণা কৰিছে। পৰিকল্পনা অনুসৰি অনুমানিক ২৮ বিলিয়ন ডলাৰ, য’ত ১৬ বিলিয়ন ডলাৰেৰে চন্দ্ৰ অৱতৰণ মডিউল হ’ব ৷ এই অভিযানত দুগৰাকী মহাকাশচাৰীৰ ভিতৰত এজন পুৰুষ আৰু এগৰাকী মহিলা থাকিব ৷ নাছাৰ প্ৰশাসক জিম ব্ৰিডেনষ্টাইনে যদিও অভিযানৰ পক্ষে সংশয় প্ৰকাশ কৰিছে, যিটো অভিযান নিৰ্বাচনৰ সৈতে সম্পৰ্কিত ৰাজনৈতিক অনিশ্চয়তাৰ প্ৰভাৱ সম্পৰ্কে সন্দেহ পোষণ কৰিছে ৷

১৫ অক্টোবৰত দ্বিতীয়টো ক’ভিড-১৯ৰ ভেকচিন পঞ্জীয়ন ৰাছিয়াৰ

অনলাইন বাৰ্তা : ৰাছিয়াই অহা ১৫ অক্টোবৰত দ্বিতীয়টো ক’ভিড-১৯ৰ ভেকচিন পঞ্জীয়ন কৰাৰ আশা আছে ৷ ৰাছিয়াৰ ভোক্তা সুৰক্ষা প্ৰহৰী ৰস্পোট্ৰেবনাডজৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে ৷ এই ভেকচিনৰ উন্নয়ন কৰিব ছাইবাৰৰ ভেক্টৰ ইনষ্টিটিউটে ৷ যোৱা সপ্তাহত ভেকচিনৰ প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰিছে ৷ উল্লেখ্য যে ৰাছিয়াই প্ৰথমবো ভেকচিন পঞ্জীয়ন কৰা প্ৰাৰ্থী, যিটো মস্কোৰ গানালেয়া ইনষ্টিটিউটত আগষ্টত বিকাশ কৰা হৈছিল ৷ শেষৰ পৰ্যায়ৰ পৰীক্ষাত কমেও ৪০ হাজাৰ মানুহ জড়িত হৈছিল ৷

কেন্দ্রীয় শিক্ষামন্ত্রীৰ ঘোষণা : নৱেম্বৰৰ পৰা আৰম্ভ নতুন শিক্ষাবৰ্ষৰ শ্ৰেণী

অনলাইন বাৰ্তা : সংক্ৰমণৰ বাবে চলিত বছৰৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম ষান্মাষিকৰ শ্ৰেণী ৷ মঙলবাৰে এই কথা জনালে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱাল নিশাংকই ৷ টুইট কৰি মন্ত্ৰীজনে কয়, কৰ’নাৰ বাবে ২০২০-২১ শিক্ষা বর্ষৰ স্নাতক আৰু স্নাতকোত্তৰৰ প্রথম বর্ষৰ সূচী লৈ কমিটীৰ ৰিপৰ্ট গ্ৰহণ কৰিছে আয়োগে আৰু ইউজিচিৰ নির্দেশিকাত অনুমোদনও দিছে। সেই অনুসৰি অহা ৩১ অক্টোবৰৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া শেষ কৰা হ’ব ৷ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হ’ব ১ নৱেম্বৰৰ পৰা ৷ প্ৰস্তুতিৰ বাবে ২০২১ চনৰ ১ মার্চৰ পৰা ৭ মার্চলৈ বিৰতি দিয়া হ’ব ৷ পৰীক্ষা হ’ব ২০২১ চনৰ ৮ মার্চৰ পৰা ২৬ মার্চলৈকে ৷ ২০২১ চনৰ ২৭ মার্চৰ পৰা ৪ এপ্রিললৈ ষাণ্মাসিকৰ ব্ৰেক থাকিব ৷ ষান্মাষিক আৰম্ভ হ’ব ২০২১ চনৰ ৫ এপ্রিল৷ প্ৰস্তুতিৰ বাবে ২০২১ চনৰ ১ আগষ্টৰ পৰা ৮ আগষ্টলৈ বিৰতি দিয়া হ’ব ৷ পৰীক্ষা হ’ব ২০২১ চনৰ ৯ আগষ্টৰ পৰা ২১ আগষ্টৰ ভিতৰত ৷ ষান্মাষিকৰ ব্ৰেক হ’ব ২০২১ চনৰ ২২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ ৷ এই শিক্ষাৰ্থীসকলৰ পৰৱৰ্তী শিক্ষাবর্ষ ২০২১ চনৰ ৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ঘোষণা : হস্তিনাপুৰত দেশৰ ভিতৰত বৃহৎ ফ্লিম চিটী

অনলাইন বাৰ্তা : উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে বৃহৎ ফ্লিম চিটীখন নিৰ্মাণ কৰা হ’ব ৷ উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱেৰ হস্তিনাপুৰৰ ওচৰত এই ফ্লিম চিটীখন নিৰ্মাণ কৰা হ’ব ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগে আদিত্যনাথে এই কথা ঘোষণা কৰে৷ উল্লেখ্য যে চিনেমা উদ্যোগৰ কেইবাজনো আগশাৰীৰ সদস্যৰ লগত ভাৰ্চুৱেল সভাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱিত নতুন ফ্লিম চিটীৰ প্ৰকল্পটোৰ কথা আলোচনা কৰে ৷ সদস্যসকলক উদ্দেশ্যি তেওঁ কয় যে ইয়াৰ বাবে যমুনা এক্সপ্ৰেছৱে ইণ্ড্ৰাষ্টিয়েল ডেভেলপমেণ্ট প্ৰাধিকৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছে ৷ তেওঁ নিশ্চিত কৰি কয় যে এই ফ্লিম চিটী দেশৰ পৰিচয়ত এক প্ৰতীক হ’ব ৷ মুখ্যমন্ত্ৰীয়ে কয় যে য’ত প্ৰস্তাৱিত ফ্লিম চিটীখন হ’ব, ই ভাৰতৰ পৰিচয়ত এটা প্ৰতীক হ’ব ৷ সেই এলেকাটো গংগা আৰু যমুনাৰ মাজত৷ যমুনা জিয়াৰ সমান্তৰাল যমুনা এক্সপ্ৰেছৱে দিল্লীক আগ্ৰাৰ লগত সংযুক্ত কৰাৰ বাবে নিৰ্মিত হৈছে আৰু এই সম্পূৰ্ণ অঞ্চলটো ইয়াৰ মাজত পৰিছে বুলি যোগী আদিত্যনাথে কয় ৷ হিন্দীত টুইট কৰি মুখ্যমন্ত্ৰীয়ে কয়, শকুন্তলাৰ পুত্ৰ ভাৰত, যাৰ পৰা দেশৰ নামটো হৈছে, তাৰে এলেকি হস্তিনাপুৰ, য’ত আমি ফ্লিম চিটীৰ প্ৰস্তাৱ কৰিছো ৷ যমুনা প্ৰাধিকৰণ সভাত উপস্থিত আছিল ৷

৮ সাংসদৰ ধৰ্ণা প্ৰত্যাহাৰ : ৰাজ্যসভাৰ অধিৱেশন বৰ্জন বিৰোধীৰ

অনলাইন বাৰ্তা : আঠজন বিৰোধী সাংসদৰ নিলম্বন তুলিব লাগিব ৷ তুলি নল’লে ৰাজ্যসভাৰ অধিৱেশন বৰ্জন কৰিব বিৰোধীয়ে ৷ এই কথা জনালে ৰাজ্যসভাৰ বিৰোধী দলপতি গুলাম নবী আজাদে ৷ ইয়াৰ উপৰি বিৰোধীয়ে আন দুটা দাবী কৰিছে ৷ এনেদৰে চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰিছে বিৰোধীয়ে ৷ ইপিনে, মঙলবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ আৰম্ভণিতে বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত কংগ্ৰেছে বৰ্জন কৰে ৷ তাৰ পাচতে তৃণমূলসহ আন বিৰোধীয়ে বৰ্জন কৰে৷ ইয়াৰ পাচতে বিৰোধী সাংসদে ধৰ্ণা তুলি লয় ৷ যিহেতু বিৰোধীয়ে অধিৱেশনত যোগ দিয়া নাই ৷ সেয়ে ধৰ্ণাৰ কোনো অৰ্থ নাই ৷ আঠজন বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীৰ লগতে আন দুটা দাবী কৰিছে গুলাম নবী আজাদে ৷ তাৰে এটা হ’ল চৰকাৰে ফচলা যি ন্যূনতম সহায়ক মূল্য বান্ধি দিছে তাৰ তাৰ কমত যেন বেচৰকাৰী কোম্পানীয়ে ফচল কিনে, ন্যূনতম সহায়ক মূল্য স্বামীনাথান কমিটীৰ মতে হ’ব লাগিব ৷ তদুপৰি খাদ্য নিগম আৰু চৰকাৰে নিশ্চিত কৰিব লাগিব যি কোনো ফচলৰ ন্যূনতম সহায়ক মূল্য যেন কৃষকে পায় ৷

কভিড চিকিৎসাৰ নামত ভেঙুচালি : চিনাক্ত ৰোগীক নিবলৈ ৪ দিনেও নাহিল চৰকাৰী এম্বুলেন্স

নাজিৰা : কভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ যোৱাৰ দিহা কৰাৰ লগতে এই ৰোগৰ আচৰণ বিধি অনুসৰি চিনাক্ত ৰোগীক কোনো নিৰোগী ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পূৰ্বেই চিকিৎসালয় গৈ পোৱাৰ বাবে তৎপৰতা এতিয়া ক্ৰমাৎ শিথিল হোৱাৰ দিশত। এই বিষয়ে চিনাক্ত ৰোগীয়ে চৰকাৰী চিকিৎসা কৰ্মীৰ পৰা ক্ষন্তেক পাছতে এম্বুলেন্স আহি পোৱাৰ প্ৰতিশ্ৰুতি পোৱাৰ পাছত কভিড পৰীক্ষা কৰাৰ স্থানত অপেক্ষা কৰি বিফল হয়। পৰৱৰ্ত্তী সময়ত আক্ৰান্ত ব্যক্তিয়ে নিজে ফোন কৰিও ১০৮ সেৱাৰ এম্বুলেন্সৰ সঁহাৰি বিচাৰি সোণকালেই আহি পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰে ঠিকেই। পিছে ১০৮ ব্যৱস্থাপনাৰ পৰা ৰোগীৰ সৈতে যোগাযোগ কৰা কৰ্তৃপক্ষ আৰু এম্বুলেন্সত কৰ্মৰত সকলৰ মাজত ক্ৰমাৎ এতিয়া যোগসূত্ৰ হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ বাবেই বিগত তিনিদিন ধৰি ৰোগীজনৰ কাষ নেপালেহি এম্বুলেন্স সেৱা। উপান্ত আক্ৰান্ত জনে নিজৰ গৃহত উপস্থিত হৈ হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা নিজে কৰি লয়। এই সন্দৰ্ভত খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰোৱা গড়গাঁৱৰ বাসিন্দা ৫২ বছৰীয়া প্ৰৱাল খাটনিয়াৰে নিজ গৃহতে গৃহ নিলগীকৰণ হৈ ৰোৱাৰ বিষয়ে খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়াৰ যোগেদি শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই বিষয়ে অৱগত কৰাৰ লগতে যোৱা ১৮ ছেপ্টেম্বৰতে কভিড পজিটিভ প্ৰমাণ হোৱা আৰু দীঘলীয়া অপেক্ষাৰ লগতে পৰৱৰ্ত্তী গৃহ নিলগীকৰণ হোৱাৰ কথা ২১ ছেপ্টেম্বৰৰ পত্ৰযোগে প্ৰকাশ কৰিছে। এই ঘটনাই একমাত্ৰ নহয় চিনাক্ত ৰোগীৰ ক্ৰমাৎ অক্সিজেনৰ মাত্ৰা কমি উঠা অৱস্থাত এম্বুলেন্স অহাৰ আশাত কেইবাঘণ্টাও ৰৈ থকাৰ পাছত ৰোগীৰ আত্মীয়ই মহিলা ৰোগীক নিজা বাহনেৰে নাজিৰাৰ পৰা শিৱসাগৰ কভিড চিকিৎসালয়ত ভৰ্ত্তি কৰাবলৈ আগবঢ়া অৱস্থাত আন শীৰ্ষস্থানীয় ব্যক্তিৰ নিৰ্দেশতহে অৱশেষত ১০৮ এম্বুলেন্স আহি পোৱাৰ দৰে পৰিস্থিতি দৃশ্যমান হৈছে। স্বাস্থ্য বিভাগে কভিড যোদ্ধা হিচাপে অনেকজন ব্যক্তিক সমুখৰ যোদ্ধা হিচাপে সম্বৰ্দ্ধনা, প্ৰশংসা কৰি মনোবল ধৰি ৰখাৰ ব্যৱস্থা কৰাৰ পাছতো খোদ আতুৰ সময়ত আশা কৰি ৰোৱা এম্বুলেন্স খনৰ চালক আৰু চিকিৎসা কৰ্মীক কিয় একে সময়তে সক্ৰিয় কৰি ৰাখিব পৰা নাই ? নে হাত চাপৰি প্ৰশংসাৰে উপচাই ৰখাৰ পাছত এম্বুলেন্স চলিবলৈ প্ৰয়োজনীয় ডিজেলৰ যোগান হ্ৰাস নতুবা ব্যয় সংকোচনৰ নামত কভিড যোদ্ধাৰ প্ৰাপ্য সুবিধাতো হাত ধৰা হৈছে ? জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে।

নাজিৰাত চিপিআইৰ ধৰ্মঘট

নাজিৰা : কালি চিপিআই ৰাজ্য পৰিষদৰ আহ্বান মৰ্মে ৰাজ্যজুৰি ২০ দফীয়া জনস্বাৰ্থ দাবীচনদৰ ভিত্তিত বিভিন্ন জিলা আৰু মহকুমা সদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ৷ ইয়াৰ অংশস্বৰূপে নাজিৰা নাট্যমন্দিৰ প্ৰাঙ্গণত চিপিআই নাজিৰা মহকুমা পৰিষদৰ উদ্যোগত ভালে সংখ্যক কৰ্মকৰ্তাই বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অৱস্থান ধৰ্মঘট স্থলিত অংশগ্ৰহণ কৰি চিপিআই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে দাবী সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু চৰকাৰৰ অসম বিৰোধী কৃষক বিৰোধী শ্ৰমিক বিৰোধী যুৱ-ছাত্ৰ আৰু মহিলা বিৰোধী কামকাজক চোকা সমালোচনা কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মইমতালিয়ে গ্ৰহণ কৰা সিদ্ধান্ত সমূহেই দেশৰ আজি এই অৱস্থা বুলি কৈ তেখেতক সংবিধান সংসদীয় ব্যৱস্থাত বিশ্বাস ৰাখি কাম কৰিবলৈ কয় আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যসভাত পাছ কৰা আইন কেইখনৰ কৃষক বিৰোধী দফা সমূহ বাতিল কৰিবলৈও দাবী জনায় ৷ ইয়াৰ উপৰিও কা বাতিল আৰু অখিল গগৈক মুক্তি দিয়াকে ধৰি EIA -২০২০, NEP -২০২০ ত থকা জনগণ বিৰোধী দফা সমূহ বাতিল কৰিবলৈ দাবী জনায় ৷ মহকুমা সম্পাদক যোগেন চেতিয়াই আঁত ধৰা অৱস্থানস্থলিত চিপি নেতা ৰুহিত বড়া মহিলা নেত্ৰী ৰাণু বৰুৱাকে ধৰি ভালেকেইজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

প্লাজমা দান ব্যক্তিক লায়ঞ্চ ক্লাবৰ সম্বৰ্ধনা জ্ঞাপন

অনলাইন বাৰ্তা : কৰোনা মহামাৰীৰ পৰা নিজে সুস্থ হৈ আন দুগৰাকী ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এচাম ব্যক্তিয়ে প্লাজমা দান দি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে ৷ তেনে এচাম ব্যক্তিক বাৰুকৈয়ে শলাগ লৈছে গুৱাহাটীৰ লায়ঞ্ছ ক্লাবে ৷ সোমবাৰে গুৱাহাটী মহানগৰীৰ হোটেল অৰনেটত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্লাজমা দান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ লায়ঞ্ছ ক্লাবৰ সভাপতি নিৰুকাব্ৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকি কয় যে কভিড ১৯ পৰা নিজে সুস্থ হৈ আন দুগৰাকী কভিদ ৰোগীক জীৱন ৰক্ষাৰ বাবেই প্লাজমা দান কৰিলে, তেওঁলোক সচাকৈয়ে মানবীয়তাৰ সম্পূৰ্ণ নিদৰ্শন দাঙি ধৰিছে ৷ এই সকল ব্যক্তি মানৱ সমাজৰ এক আদৰ্শ স্বৰূপ ব্যক্তি বুলি উল্লেখ কৰে ৷ তেওঁ লগতে প্লাজমা দান কৰা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে অনুষ্ঠানত প্লাজমা দান কৰা ব্যক্তি ক্ৰমে হীৰকজ্যোতি দাস, ধৰ্মাকান্ত মেধি, মৃনাল দাস, দেৱশিষ পাল, ফাজুলুল কৰিম, তৰুণ কুমাৰ, সুৰুজ বাছফৰক সম্বৰ্ধনা জনোবা হয় ৷ সম্পাদক ৰুপা সাগৰ, উপদেষ্টা কমল জৈন অনুষ্ঠানত উপস্থিত থাকি প্লাজমা দান কৰা ব্যক্তি সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷