Home Blog Page 3184

পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল মেঘালয়

সুদীৰ্ষ ৯ মাহৰ বিৰতিৰ অন্তত আজি সোমবাৰে পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হ’ল মেঘালয়ৰ দুৱাৰ । কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘসময় পৰ্যটক সকলৰ বাবে বন্ধ কৰি ৰখা হৈছিল পাহাৰীয়া ৰাজ্যখন ।

যদিও পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হৈছে তথাপিটো ৰাজ্যখনৰ পৰ্যটন বিভাগে পৰ্যটক সকলৰ বাবে কিছু বিশেষ নিৰ্দেশনা ঘোষনা কৰিছে।

ৰিভ’ই জিলাত পৰ্যটক সকলৰ বাবে ৰাজ্যখন পুনৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেষ্টন টাইছং, মন্ত্ৰী এইছ ড’হলিংকে ধৰি অন্যান্য বিষয়ববীয়াই।

আনহাতে, কোভিডত আক্ৰান্ত হোৱা বাবে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও টুইটাৰযোগে পৰ্যটক সকলক মেঘালয়লৈ আদৰণি জনায়।

উল্লেখযোগ্য যে, মেঘালয় ভ্ৰমণলৈ আহিব বিচৰা সকলো পৰ্যটকে মেঘালয় টুৰিষ্ট এপত বাধ্যতামূলক পঞ্জীয়ন কৰি ই-ইনভাইট গ্ৰহণ কৰিব লাগিব।

https://twitter.com/SangmaConrad/status/1336153623848370179

নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি প্ৰয়াত লোহিত দাসৰ মৃত্যু বাৰ্ষিকী পালন

নলবাৰী, ২১ ডিচেম্বৰ: আজি নলবাৰী হাটখোলা পুখুৰী পাৰত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি লোহিত চন্দ্ৰ দাসৰ স্মৃতিত দিনযোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাহয় । ৰাতিপুৱা ৯ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা হীৰেণ কুমাৰ বৰ্মন, নলবাৰী কমাৰ্চ কলেজৰ অধ্যাপক বিভূতি ভূষণ দাস সহ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে । তদুপৰি ৯.৩০ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে  ইণ্ডিয়া জাৰ্ণালিষ্ট এচ’ ছিয়েন নলবাৰী জিলাৰ সভাপতি ওৱাহিদুজ জামানে । এই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে লোহিত দাসৰ এই অষ্টম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে তেখেতৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে । আজিৰ এই অনুষ্ঠানত স্বৰ্গীয় লোহিত দাসৰ পত্নী পৰিয়াল সহ অঞ্চলটোৰ বহুত কেইগৰাকী স্থানীয় ৰাইজ উপস্থিত থাকে ।

লাইকা- দধীয়াবাসীয়ে কাটি টহিলং কৰিব ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ! পুনৰ সংস্থাপনৰ এসপ্তাহ সময় সীমা

তিনিচুকীয়া, ২১ ডিচেম্বৰ:  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ডিব্ৰুছৈখোৱা  ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বসবাস কৰা লাইকা-দধীয়াবাসীক স্থায়ী ভূমি প্ৰদান কৰি পুনঃ সংস্থাপন নকৰাৰ ক্ষোভ চৰকাৰৰ বিৰোদ্ধে ৷ TMPKৰ নেতৃত্বত গুইজান ঘাটৰ পৰা তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰি গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰায় দুই সহস্ৰাধিক ৰাইজে । ৰ্দীঘদিন ধৰি উদ্যানখনৰ ভিতৰত বসবাস কৰা মিচিং জনগোষ্ঠীয় ৰাইজে বিগত চৰকাৰ পৰা বৰ্তমান চৰকাৰৰলৈকে কেবল প্ৰতিশ্ৰুতি লাভ কৰি প্ৰতাৰিত হৈ আহিছে । তেনেক্ষেত্ৰত আজি পুনঃ সংস্থাপন কৰিবলৈ ৰাজ্য চৰকাৰক একসপ্তাহৰ সময়সীমা TMPKএ । অন্যথা ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি টহিলং কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোয়ে । লগতে তেনে ঘটনাৰ পৰা সৃষ্টী হব লগা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই জগৰীয়া হব বুলি স্পষ্ট কৰি দিছে টি এম পি কেৰ নেতা মিণ্টুৰাজ মৰাঙে ।

টংলাত বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচ্ ৰ উদ্যোগত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠান

 টংলা, ২১ ডিচেম্বৰ: ইংৰাজী নববর্ষৰ  প্ৰাক মূহুর্তত কেক বনোৱা প্ৰতিযোগিতাৰে নতুন নতুন শিকাৰুলৈ এক সুযোগ প্ৰদান কৰিবলৈ টংলা আঞ্চলিক আছুৰ কাৰ্যালয়ত কেক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে বৰুৱা ৰেডিঅ হাউচ্ আৰু বেক হাউচে্ । অনুষ্ঠানত প্ৰথম স্থান লাভ কৰে বিশ্বনাথ চাৰিআলিৰ চনম ৰায়ে, দ্বিতীয় স্থান লাভ কৰে শিল্পী ৰাভাই আৰু তৃতীয় স্থান লাভ কৰে অনিমা তালুকদাৰে। অনুষ্ঠানৰ সামৰনিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা সকলক পুৰস্কাৰ সহ মানপত্র প্ৰদান কৰে বৰুৱা ৰেডিঅৰ স্বত্বাধিকাৰী নয়ন জ্যোতি বৰুৱাৰ পত্নী সঙ্গীতা বৰুৱাৰ লগতে উদ্যোগতা সকলে। আনফালে প্ৰতিযোগিতাত অংশগ্রহণ কাৰী সকলো প্ৰতিযোগিক এখনকৈ ফুলাম গামোচা আৰু এখনকৈ মানপত্রৰে সম্ভাষণ জনাই। টংলা আঞ্চলিক আছুৰ সভাপতি প্ৰাঞ্জল ডেকাই আত ধৰা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশগ্রহণ কৰি  নিজৰ নিজৰ বাচনি কৰা বিষয়ত কেক বনাই প্ৰদৰ্শন কৰে। এই ব্যতিক্রমী অনুষ্ঠানটিত উপস্থিত থাকে টংলা আঞ্চলিক আছুৰ বিভিন্ন বিষয়ববীয়া সদস্যৰ লগতে অৰ্ধ শতাধিক ৰাইজ। অনুষ্ঠানত অংশগ্রহণ কৰি টংলা আঞ্চলিক আছুৰ সভাপতি প্ৰাঞ্জল ডেকাই কয় যে,- নৱ প্ৰজন্মৰ উদীয়মান লোক সকলৰ বাবে এই কেক প্ৰতিযোগিতাই এখন মঞ্চ প্ৰদান কৰিলে আমি উদ্যগতা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ । 

এটা ‘শেষ নোহোৱা সাধু’ৰে ওমলিলে তিনি কুৰিৰো অধিক শিশুৱে; সামৰণি পৰিল শিশু নাট কৰ্মশালাৰ

জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত চামধৰাৰ মিলি জুলি সংঘ আৰু ন-বোৱাৰী আত্ম সহায়ক গোটৰ সহযোগত জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত  নাট কৰ্মশালাৰ মুখ্য প্ৰশিক্ষণ আছিল অসমৰ এগৰাকী অগ্ৰণী নাট্য শিল্পী, নাট্যকাৰ নাট পৰিচালক বিশ্বনাথ চাৰিআলিৰ কুশল ডেকা। তেখেতৰ মৰম স্পৰ্শই ৯ মাহে গৃহবন্দী শিশুসকলৰ মাজত হেৰাই যাব খোজা হাঁহি যেন ঘুৰাই আনিবলৈ সক্ষম হ’ল। মাত্ৰ দুই আঢ়ৈ বছৰীয়া শিশুৰ পৰা ১২-১৪ বছৰৰ শিশুৰ মাজত অনুষ্ঠিত উক্ত নাট কৰ্মশালাৰ মাজৰ পৰা সম্ভাবনাময় বহু শিশু প্ৰতিভাক বিকশিত কৰি তোলাৰ পৰা নাটক সম্পর্কে কোনো জ্ঞান নথকা ২ বছৰীয়া শিশুকো মঞ্চত উপস্থাপন কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লৈছে দক্ষ পৰিচালক কুশল ডেকাৰ। কালি বিয়লি ৩ -৩০ বজাৰ পৰা অনুষ্ঠিত উক্ত সামৰণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে অৱসৰী কৃতী শিক্ষক কমল ৰাজবংশী, লাহৰী বৰা হাজৰিকা, জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী মিংকু কলিতা,জয়ন্ত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। উদ্যোক্তা সকলৰ হৈ বিজিত হাজৰিকা আৰু হিৰণ্য হাজৰিকাই আঁত ধৰা উক্ত সামৰণি অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আছিল শিশুসকলৰ দ্বাৰা ৰচিত আৰু পৰিবেশিত শিশু নাট ‘পিকনিক’ আৰু অতুল চন্দ্ৰ হাজৰিকাৰ কালজয়ী শিশু নাট ‘শেষ নোহোৱা সাধু’ লগতে একাংশ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা পৰিবেশিত এটি ভক্তিমূলক আৰু এটি আধুনিক গীতৰ আধাৰত পৰিবেশিত নৃত্য। প্ৰায় তিনি কুৰিৰো অধিক শিশু প্ৰশিক্ষাৰ্থীৰক মঞ্চত নাট পৰিবেশনৰ সুবিধা দিব বিচৰাটো পৰিচালক ডেকাৰ বাবে প্ৰত্যাহ্বান আছিল যদিও নাট নিৰ্বাচন আৰু কৌশলী পদক্ষেপে এয়াও সম্ভৱ কৰি উপস্থিত দৰ্শকক স্তম্ভিত কৰি তোলে। নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা সুভাংগম হাজৰিকা (ৰজা), জাহ্নু ভূঞা (সূত্র) আৰু তৃষা গায়ন (সাধুচৰণ)ৰ নিখুঁত অভিনয়ে নাটকীয় ঐক্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰিলে। উল্লেখ্য যে শোণিতপুৰ জিলা সাংস্কৃতিক বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া জীতেন কুমাৰ দাসে জিলাখনৰ গাঁৱে গাঁৱে প্ৰতিভাৰ সন্ধান কৰি এইদৰে ইটোৰ পিছত সিটো চৰকাৰী পৃষ্ঠপোষকতাত সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি ক’ভিড- ১৯ ৰ বাবে মানুহৰ মাজৰ পৰা হেৰাই যাব খোজা আত্মবিশ্বাস ঘুৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গাঁৱৰ প্ৰতিভাক বিকশিত কৰি জগত সভালৈ আগবঢ়াই অনাৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সপোনক বাস্তৱ ৰূপায়নৰ বাবে গ্ৰহণ কৰা চৰকাৰী বিষয়া গৰাকীৰ লগতে অঞ্চল বাসী ৰাইজৰ শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই। তেখেতে কভিডৰ বাবে এনেধৰণৰ চৰকাৰী আঁচনি সাময়িকভাবে স্থবিৰ হ’লেও পুনৰ সক্ৰিয় ৰূপত আঁচনিসমূহ আগবাঢ়ি গৈছে বুলি মত প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানটোৰ সফল সামৰণিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে উদ্যোক্তা সকলে।

জীৱন প্ৰমাণ পত্ৰ দাখিলৰ সময় সিমা বৃদ্ধি

কৰ’ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ’ল জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ শেষ তাৰিখ। এতিয়া পেঞ্চনাৰসকলে নৱেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ পৰ্যন্ত জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ । আনহাতে ৮০ উৰ্ধৰ লোকৰ বাবে জীৱন প্ৰমাণ পত্ৰ দাখিলৰ বাবে কৰা হৈছে আন এক বিশেষ ব্যৱস্থা। প্ৰমাণ পত্ৰ জমা দিবলৈ বেংকত উপলব্ধ হ’ব বিশেষ কক্ষ। দেওবাৰে এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ।

কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক (IPPB)ৰ জৰিয়তেও ডিজিটেল জীৱন প্ৰমাণ পত্ৰ দিব পাৰিব পেঞ্চনাৰসকলে। প্ৰায় ১.৮৯ লাখ ডাক সেৱকৰ জৰিয়তে IPPBয়ে পেঞ্চনাৰসকলৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব জীৱন প্ৰমাণ পত্ৰ। আনহাতে ঘৰৰ পৰাই কম্পিউটাৰ অথবা মোবাইলৰ লগত বায়মেট্ৰিক ডিভাইছ সংযোগ কৰিও পেঞ্চনাৰসকলে জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ।

আজি পত্নীৰে সৈতে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে

আজি সোমবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ল’ব কৰ’নাৰ ভেকচিন । জো বিডেনৰ প্ৰেছ সচিব জেন প্যাছাকিয়ে জনাইছে যে, জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ফাইজাৰৰ কৰ’না ভেকচিন ৰাজহুৱাকৈ গ্ৰহণ কৰিব ।

আনহাতে, আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আৰু তেওঁৰ স্বামী ডগলাছ এমহফে অহা সপ্তাহত গ্ৰহণ কৰিব কৰ’নাৰ ভেকচিন। শুকুৰবাৰে দেশখনৰ উপ-ৰাষ্ট্ৰপতি মাইক পেন্স আৰু হাউছ স্পীকাৰ নেন্সি পেল’ছিয়ে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব ।

গোলাঘাটত বিজেপিত যোগদান শতাধিক কংগ্ৰেছ কৰ্মীৰ

কংগ্ৰেছী বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ পৰা বিজেপিলৈ ধাপলি মেলিছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকল ৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ দক্ষিণহেঙেৰা গাওঁ পঞ্চায়তৰ আঠাবাৰী গাওঁৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বহু বছৰ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থাকি একো উন্নয়নৰ মুখ দেখি নোপোৱা এই সকল গাওঁৰ সৰ্বসাধাৰণ লোকে বৰ্তমান চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে ৷

কংগ্ৰেছৰ পদত্যাগী সদস্যসকলে আনহাতে সমষ্টিটোত বৰ্তমানৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত যথেষ্ট উন্নয়নমূলক কাম হোৱাৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে অন্য বহু দলৰ পৰা বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে ।

সাংবাদিক গৌতম হাজৰিকা নিৰুদ্দেশ

নিৰুদ্দেশ সাংবাদিক গৌতম হাজৰিকা । যোৱা শনিবাৰৰ পৰা নিখোজ হৈ আছে সাংবাদিক গৌতম হাজৰিকা । এটা ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত কৰ্মৰত হাজৰিকা । ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত যোৱাৰ পিছৰেই পৰা আজি পৰ্য্যন্ত সন্ধানহীন হৈ আছে সাংবাদিক গৰাকী । পত্নী বনানী দাসে দিছ্পুৰ আৰক্ষী থানাক সাংবাদিক গৰাকী সন্ধানহীন হৈ থকা ঘটনা অৱগত কৰিছে ।

কোনো লোকে যদি সাংবাদিক গৰাকীৰ সম্ভেদ পাই তেনেহলে 7086834103 নম্বৰট অৱগত কৰিবলৈ জনাইছে অনুৰোধ ।।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত পুনৰ “কা”ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ

পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ ৰেডিছন ব্লুত দেওবাৰে সন্ধিয়া অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে “কা”ৰ বিৰুদ্ধাচৰণ কৰি “কা” বাতিলৰ দাবীত ব্যতিক্ৰমী ৰূপত আন্দোলন কৰিব বুলি মন্তব্য কৰে জুবিন গাৰ্গে ।  

জুবিন গাৰ্গে লগতে কয়, ‘মই নাগৰিকত্ব সংশোধনী আইন মানি নলও। ‘কা’ আন্দোলনৰ পিছতে মোৰ গা বেয়া হৈছিল, সেয়েহে আজিকালি মই অলপ কথা পাহৰো, কিন্তু “কা” পাহৰা নাই।’ দৰ্শকৰ শাৰীত বিজেপি, কংগ্ৰেছৰ সমৰ্থক থাকিলেও খাতিৰ নকৰো।’

এইবাৰ ছচিয়েল মিডিয়াৰ জৰিয়তে “কা”ৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি গানৰ মাজতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই জুবিন গাৰ্গে। “কা” আন্দোলনকলৈ জুবিনে প্ৰস্তুত কৰা গীতো নৰ্থ ইষ্ট ফেষ্টিভেলত পৰিৱেশন কৰে জুবিন গাৰ্গে।