Home Blog Page 3185

বিজেপিৰ লক্ষ্য ১০০ প্লাছ : অগপ, গণশক্তি, UPPLৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এলৰ সৈতে। অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।

কিন্ত লক্ষণীয় কথাটো হল বিপিএফক একাষৰীয়া কৰিলে বিজেপিয়ে। ২০১৬ত দিছপুৰ দখলৰ বাবে বিজেপিয়ে মিত্ৰতাৰ হাত আগঢ়োৱা বিপিএফ দলক ৫ বছৰ সাশন চলোৱাৰ পিছত একাষৰীয়া কৰা হল । অমিত শ্বাহৰে অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এল উপস্থিতিত হব লগা বৈঠকলৈ মতা নহল বিপিএফক । মিত্ৰ দলৰ সৈতে আলোচনাৰ পিছতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ সৈতেও হ’ব বিশেষ বৈঠক ৷  বৈঠকৰ পিছতেই অমিত শ্বাহে ৰাজ্যিক বিজেপিক ১০০ প্লাছৰ ফৰ্মূলা হাতত দি থৈ যাব।

বাম্পাৰ অফাৰ : মাত্ৰ ১৯৪টকাত চিলিণ্ডাৰ !

পুৱাৰ ভাগতে আপোনালৈ এটা ভাল খবৰ লৈ আহিছো । আজিৰ দিনতোত আপুনি এটা চিলিণ্ডাৰ কিমান দামত ক্ৰয় কৰিছে । গুৱাহাটীত আজি এটা চিলিণ্ডাৰৰ দাম ৭৪৩ টকা । কিন্ত আপোনালৈ এটা বাম্পাৰ অফাৰ । ১৯৪টকাত এটা চিলিণ্ডাৰ । আচৰিত নহয়নে,  এটা বিশেষ প্ৰক্ৰিয়াৰে এই অফাৰ আপুনিও লাভ কৰিব পাৰে।

দৰাচলতে শেহতীয়াকৈ গ্ৰাহকসকলৰ বাবে এই বাম্পাৰ অফাৰ মুকলি কৰিছে অনলাইন পেমেন্ট কোম্পানী Paytmৱে । এই অফাৰৰ জৰিয়তে Paytmৰ যোগেদি যদি কোনো এজন গ্ৰাহকে চিলিণ্ডাৰ বুকিং কৰে তেন্তে সেই গ্ৰাহকজনে লাভ কৰিব পাৰে ৫০০টকাৰ কেছবেক। এই কেছবেকৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকে প্ৰথমে PaytMৰ জৰিয়তে Recharge & Pay Bills অপচনলৈ গৈ তাত থকা Book a cylinderত ক্লিক কৰিব লাগিব। ইয়াত গ্ৰাহকে পেমেন্ট কৰা পূৰ্বে FIRSTLPG প্ৰম কডো ভৰাব লাগিব।

মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ মলং-পানীখাতী আঞ্চলিক সমিতি গঠন

উজনি-মাজুলী, ২০ ডিচেম্বৰঃ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ অন্তৰ্গত মলং-পানীখাতী আঞ্চলিক আৰু মহিলা সন্মিলনৰ সমিতিখন আজি গঠন কৰা হয় ৷ আজি দিনৰ ২ বজাৰ পৰা উজনি মাজুলীৰ শংকৰ মাধৱ হাইস্কুলত মলং-পানীখাতী চুতীয়া জাতি সন্মিলনৰ সম্পাদক কমল বৰাই আঁত ধৰা ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে বুধেশ্বৰ বৰাই ৷ উক্ত সভাতেই সৰ্বসন্মতি ক্ৰমে বিকাশ বৰাক সভাপতি আৰু দিপাংকৰ বৰাক সাধাৰণ সম্পাদিক হিচাপে লৈ মলং-পানীখাতী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰাৰ বিপৰীতে প্ৰনামী শইকীয়াক সভানেত্ৰী আৰু কৃষ্ণা বৰাক সাধাৰণ সম্পাদিকা হিচাপে লৈ মলং-পানীখাতী আঞ্চলিক চুতীয়া জাতি মহিলা সন্মিলনৰ সমিতিখনো গঠন কৰা হয় ৷ সভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ  উপদেষ্টা বিপুল চুতীয়া, মাজুলী জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিগেন সেনাপতি, সাধাৰণ সম্পাদক জীৱন বৰুৱা, মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰা, সদৌ অসম চুতীয়া জাতি সন্মিলন অসমৰ কাৰ্যনিৰ্বাহক সদস্য উমেশ শইকীয়া, শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কনক বৰাৰ লগতে জাতিতোৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে চুতীয়া জনগোষ্ঠীক একত্ৰিত কৰি জাতিটোৰ আটাইকেইটা সংগঠনৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা মাজুলী জিলা চুতীয়া জাতি সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত মাজুলীৰ বিভিন্ন আঞ্চলিক সমিতিসমূহ পুনৰ গঠন কৰা হৈছে ৷ 

মৰিগাঁৱত ‘সদৌ অসম হীৰা পৰিষদ’ জিলা সমিতি গঠন

অনলাইন বাৰ্তা, ২০ ডিচেম্বৰ: সমগ্ৰ অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণে বসবাস কৰা লগতে, ৪০ লাখতকৈ অধিক সংখ্যক অনুসূচিত জাতি বসবাস কৰি আহিছে | অসমৰ অনুসূচিত জাতিৰ কেইবাটাও উপজাতি ভিতৰত অন্য এক বৃহৎ জনাজাত জনগোষ্ঠী হৈছে হীৰা, মৰিগাঁও জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন গাঁৱত সিচঁৰিত হৈ থকা হীৰা সম্পদায়ৰ লোকসকলক একতীত কৰি আৰ্থিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক উন্নয়নকে ধৰি  বিকাশৰ বাবে আগন্তুক দিনত সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা লক্ষ্যৰে আজি ২০/১২/২০২০ তাৰিখে, মৰিগাঁও জিলাৰ  মৰিগাঁও নগৰৰস্থিত লক্ষ্মীনাথ বেজবৰুৱা একাডেমী  পেক্ষাগৃহত পদিপ দাসৰ সভাপতিত্বত কেন্দ্ৰীয় সমিতি সভাপতি সৎৰাম হীৰা, কাৰ্যকৰী সভাপতি সুৰেশ দাস, সম্পাদক প্ৰধান ললিত হীৰা, লগতে সাধাৰণ সম্পাদক দ্বীপমনি হীৰা উপস্থিতঅনুষ্ঠিত হোৱা সভাখনত সৰ্ব সন্মতিক্ৰমে জিলা খনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে দিব্য দাস, সাধাৰণ সম্পাদক দিপেন দাসকে ধৰি এখন ৩১ জনীয়া পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হয় |

জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰৰ স্মৃতিত ভৱন উদ্বোধন

জামুগুৰিহাট, ২০ ডিচেম্বৰ: জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনী শইকীয়াৰ মৃত্যু কেৱল জামুগুৰিহাটৰ বাবেই নহয় সমগ্ৰ ৰাজ্যখনৰ বাবেই এক বৃহৎ ক্ষতি৷মৃত্যু চিৰন্তন সত্য৷মৃত্যুৰ পিছত এগৰাকী ব্যক্তিক আমি ঘুৰাই আনিব নোৱাৰো যদিও তেঁওৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব পৰা যায় ৷ অকাল মৃত্যুক আকোৱালি লোৱা সাংস্কৃতিক কৰ্মীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত মোৰ সমষ্টিৰ মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ বিষয়া কৰ্মী আৰু ৰাইজৰ সহযোগত প্ৰয়াত সাংস্কৃতিক কৰ্মীগৰাকীৰ স্মৃতিত এটি ভৱণ উদ্বোধন কৰিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰাৰ লগতে শিল্পী জুমনিৰ আত্মাৰো চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷ আজি জামুগুৰিহাটৰ প্ৰয়াত উদীয়মান শিল্পী জুমনি শইকীয়াৰ কোঁচগাঁৱৰ নিজা বাসগৃহৰপৰা মাত্ৰ ১ কি:মি: দূৰত্বত অৱস্থিত মধ্য চিলাবন্ধা গাঁও পঞ্চায়তত “শিল্পী জুমনি শইকীয়া স্মৃতি ভৱন”টি উদ্বোধন কৰি আৱেগিক হৈ এইদৰে কয়  চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ ভৱন উদ্বোধনী অনুষ্ঠানটিত বিহু,শংকৰী কলাকৃষ্টিৰে পৰিপুষ্ট বহুমুখী প্ৰতিভাৰ অধিকাৰী শিল্পীগৰাকীৰ লগত ওতপ্ৰোত সম্পৰ্ক থকা তথা ৰাজ্যৰ ইমুৰৰপৰা সিমুৰলৈ বিহুমঞ্চসমুহ কপাই তোলা জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলটিকো শিল্পী জুমনিৰ অনুপস্থিতিত পূৰ্বৰ সেই ধাৰাবাহিকতা তথা সুনাম  অনাগত দিনসমুহতো অক্ষুন্ন ৰাখি শিল্পীগৰাকীক সকলোৰে মাজত জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও বিহু দলটিক আহবান জনাই বিধায়ক হাজৰিকাই ৷ সমাজকৰ্মী শৈলেন বৰকটকী আৰু যুৱ সমাজকৰ্মী ৰাতুল নাথে যুটীয়াভাৱে আঁত ধৰা স্মৃতি ভৱন উদ্বোধনী অনুষ্ঠানটিত প্ৰয়াত শিল্পী জুমনিৰ শইকীয়াৰ পৰিয়ালবৰ্গও উপস্থিত থাকি জুমনিৰ স্মৃতিত ভৱনটি উচৰ্গিত কৰি স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়া কৰ্মীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে পৰিয়ালবৰ্গই৷১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটিৰ উদ্বোধনী অনুষ্ঠানটিত নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা,বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতীয়া বৰা, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী জলী ভড়ালী, আঞ্চলিক পঞ্চায়তৰ সদস্য দীনেশ দাস, বিমান বৰা, নিৰজ বৰা, প্ৰফুল্ল নাথ, আহবায়ক বিজয় কটকীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে জামুগুৰিহাটৰ কোঁছগাঁৱৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমনি শইকীয়া(২৮) যোৱা ৭ নৱেম্বৰত বালিপাৰাৰ নিকটৱৰ্তী দীঘলীত এক পথ দূৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালী ল’বলগীয়া হৈছিল ৷ শিল্পীগৰাকীৰ স্মৃতিত এইদৰে সামুহিক ভৱন এটি উচৰ্গা কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে জামুগুৰিবাসী ৰাইজে ৷

ৰাজমিস্ত্ৰীক এমচিএলএ পাতিলে বিজেপিয়ে; বিজয়উৎসৱত আৱেগিক হৈ পৰিল বঢ়মপুৰৰ ইন্দ্ৰ

 নগাঁও, ২০ডিচেম্বৰ: সদ্যঘোষিত তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত নগাঁও জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত এজন প্ৰাৰ্থীৰ নাম  বিশেষ ভাৱে চৰ্চিত হৈছে । পেচাত  সাধাৰণ ৰাজমিস্ত্ৰীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা ইন্দ্ৰ বৰদলৈক এইবাৰ নামবৰ লালুংগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ইন্দ্ৰ বৰদলৈক টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত  বিশেষভাৱে আগভাগ লয়। আনহাতে ইন্দ্ৰ বৰদলৈৰ হৈ  বিধায়ক ৰূপক শৰ্মা আৰু বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথে ভালেসংখ্যক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল । উল্লেখ্য যে বিজেপি দলে ইন্দ্ৰ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুণ্ণ হৈ পোনাকণ বৰদলৈ নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীজনে  বিজেপি ত্যাগ কৰি অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীর্ণ হৈছিল । ইপিনে পোনাকণ বৰদলৈৰ লগতে আন  কেইবাগৰাকী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছিল। তৎসত্বেও ইন্দ্ৰ বৰদলৈয়ে অৱশেষত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। আজি নগাঁও জিলা বিজেপি কাৰ্যালয়ত আৱেগিক হৈ পৰা ইন্দ্ৰ বৰদলৈয়ে কয় :  “মই নৰেন্দ্ৰ মোডীক ভালপাই বিজেপি দলত যোগদান কৰিছিলো।  বিজেপি দলে সৰু মানুহক গুৰুত্ব দিয়ে। সেয়ে মই বিজেপিক ভালপাঁও । ইপিনে ইন্দ্ৰক লগত লৈ জিলা সভাপতি অভিজিৎ নাথে কয় : প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ উদাহৰণ হৈ পৰক ইন্দ্ৰ বৰদলৈ। উল্লেখ্য যে এইবাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত লালুংপাৰত বিজেপি প্ৰাৰ্থী মদন বৰদলৈ আৰু নামবৰ লালুংগাঁৱত ইন্দ্ৰ বৰদলৈয়ে জয়লাভ কৰে। অগপৰ দুৰ্গস্বৰূপ বঢ়মপুৰ সমষ্টিৰ দুয়োটা তিৱা পৰিষদীয় সমষ্টিত বিজেপিয়ে বিজয়ধ্বজা উৰুওৱাৰ পিছত ২০২১ ৰ বিধানসভা নির্বাচনত বঢ়মপুৰ সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ  মহন্তক এৰি নিদিয়াৰ সংকল্প লৈছে নগাঁও জিলা বিজেপিয়ে।

নলবাৰীত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী, ২০ ডিচেম্বৰ: নলবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ ওপৰত আজি নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত দুৰ্যোগ  প্ৰসমন পুঁজি আৰুসামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিক ভাবে প্ৰদান কৰে ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ইয়াত ১৭২৩ টা আত্মসহায়ক গোটক এক লাখ,পাঁচ লাখ আৰু দহ লাখ টকাৰ চেক আৰু ২১ টা গ্ৰাম্য সংগঠনক এক লাখ পঞ্চাশ হাজাৰ টকাকৈ এই ঋণ প্ৰদান কৰা হয়। আজি মুঠ ৭৩ কোটি ১০লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।এই অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ,মিছন গ্ৰাম্য জীৱিকা মিছন অভিযানৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা,পঞ্চায়ত সভাপতি পবিত্ৰ ডেকাকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত আছিল। তদুপৰি এই সভাত বহুত দল-সংগঠনৰ উপৰিও বহুত ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পঞ্চায়তৰ এজন সদস্যই কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন ভয়ংকৰ মন্তব্য প্ৰকাশ কৰে । পঞ্চায়ত সদস্য গৰাকীয়ে কয় যে কংগ্ৰেছ দলটোৱে দলৰ কৰ্মী সকলক সদায় তলত থয় আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম নকৰে । ভাৰতীয় জনতা পাৰ্টিৰ সময়ত বহুত কাম হোৱা বুলিও পঞ্চায়ত সদস্য গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । আজিৰ এইটো কাৰ্যসূচী পূৰ্বেই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বনগাওঁ পঞ্চায়ত নতুন গৃহ উদ্বোধন কৰে ।

হোজাইত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

হোজাই, ২০ ডিচেম্বৰঃ হোজাই বিদ্যানগৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। বিদ্যানগৰৰ বিশ্বজিৎ বিশ্বাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। ঘৰৰ গৰাকী বাহিৰৰ অন্য ঠাইত থকা সময়ত অগ্নিকাণ্ডৰ সংঘটিত হয়, অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় বাসগৃহ। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০-৬০ হাজাৰ টকাৰ সা-সম্পত্তি বিনষ্ট হোৱা বুলি গৃহস্থ জনে প্ৰকাশ কৰাৰ লগতে বিদ্যুৎ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্ধেহ প্ৰকাশ কৰে।

নলবাৰীত নৱৰত্ন ক্ৰিকেট একাডেমীৰ শুভাৰম্ভনি কৰিলে বিধায়ক অশোক শৰ্মাই

নলবাৰী, ২০ ডিচেম্বৰ : নলবাৰী জিলাক ক্ৰীড়াৰ দিশত আগবঢ়াই নিবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে সামাজিক ভাৱে ও বহুত সচেতন লোকে পদক্ষেপ লোৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি নলবাৰী জিলাৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱৰত্ন ক্ৰিকেট একাডেমী নামৰ এটি কোচ্চিং চেন্টাৰ মুকলি কৰা হয় । অঞ্চলটোৰ স্হানীয় কেইগৰাকী মান যুৱকৰ প্ৰচেষ্টাত স্থাপিত হোৱা এই নৱৰত্ন ক্ৰিকেট একাডেমীৰ আজি শুভ উদ্বোধনী কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়ক অশোক শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে, স্থানীয় উদ্যমী যুৱক কেইজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই একাডেমী এখৰ বাবে খেলৰ দিশত নৱ প্ৰজন্মই আগবাঢ়ি যাব পাৰিব । আনহাতে এই একাডেমীৰ এখনৰ শুভাৰম্ভনি কৰি বিধায়ক অশোক শৰ্মাই ও বেট ধৰি খেল উপভোগ কৰা দেখা গল ।

নগাঁৱত ৭ বছৰীয়া পুত্ৰসহ সন্ধানহীন দুটি সন্তানৰ মাতৃ : পত্নী-পুত্ৰক বিচাৰি নগাঁৱৰ অ’লিয়ে-গ’লিয়ে ঘূৰি ফুৰিছে স্বামী

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও জিলাৰ বেবেজীয়া পহৰা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট হাতীগড়ৰ এগৰাকী দুটি সন্তানৰ মাতৃ ৭ বছৰীয়া পুত্ৰসহ বিগত এমাহধৰি  সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ননৈৰ ৰাজু শইকীয়া নামৰ ব্যক্তি জনৰ পত্নী তৃষ্ণা শইকীয়া আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ যুগান্ত প্ৰতিম শইকীয়া দক্ষিণপাট চাৰিআলিত বজাৰ কৰিবলৈ অহাৰে পৰা সন্ধানহীন হৈ আছে । বিগত ৯ নবেম্বৰতেই সন্ধানহীন হোৱা পত্নী-পুত্ৰক বিচাৰি এতিয়া নগাঁৱৰ অ’লিয়ে-গ’লিয়ে ঘূৰি ফুৰিছে স্বামী ৰাজু শইকীয়া । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় বেবেজীয়া আৰক্ষী চকীৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এজাহাৰ দাখিল কৰিছে ৰাজু শ‌ইকীয়াই  । কোনো লোকে এই সন্দৰ্ভত কিবা সম্ভেদ পালে নিকটৱৰ্তী আৰক্ষী থানা বা ৯১০১৬-৪৯৭৭০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।