Home Blog Page 3185

দেওবাৰে পাঞ্জাৱৰ কৃষকে জ্বলাব কৃষি বিধেয়কৰ প্ৰতিলিপি

দৈনন্দিন বাৰ্তা ডেস্ক : ৩০ টা বাওঁপন্থীৰ সমৰ্থিত আৰু আন কৃষক অধিকাৰ সংগঠনৰ প্ৰতিনিধিয়ে শনিবাৰে ঘোষণা কৰিছে যে তেওঁলোকে লোকসভাত গৃহিত হোৱা বিধেয়ক তিনিখন কৃষি বিধেয়কৰ অনুলিপি দেওবাৰে পাঞ্জাৱত জ্বলাব ৷ ইয়াৰ লগতে ২৫ ছেপ্টেম্বৰত ৰাজ্যজুৰি বন্ধ পালন কৰিব ৷ সদৌ ভাৰত কৃষাণ সংহতি সমন্বয়ৰক্ষী সমিতিৰ এজন সদস্য জগমোহন সিঙে কয় যে মোগাত সাক্ষাৎকাৰ কৰা প্ৰতিনিধিয়ে ২০ ছেপ্টেম্বৰত প্ৰতিৱেশী হাৰিয়ানাৰ কৃষকসকলৰ আন্দোলনলৈ সমৰ্থন আগবঢ়োৱাত সন্মত হৈছে ৷ কাইলৈ প্ৰতিবাদ হিচাপে পাঞ্জাৱৰ কৃষক সন্থাই কৃষি বিধেয়কৰ প্ৰতিলিপি ৰাজ্যখনত জ্বলাব বুলি তেওঁ কয় ৷ বামপন্থী কৃষক সংঘই আহ্বান জনোৱা পাঞ্জাৱ বন্ধৰ সন্দৰ্ভত তেওঁ কয়, ৰাজ্যজুৰি প্ৰতিবাদ হিচাপে দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে ৰে’ল আৰু ৰাজপথ অৱৰোধ শুকুৰবাৰে বিয়লি ৪ বজা পৰ্যন্ত হয় ৷ ভাৰতী কিষাণ ইউনিয়নৰ (লক্ষৱাল)ৰ হৰিন্দৰ সিঙে কয় যে কৃষক নেতাই বিধেয়ক গৃহিত কৰাৰ বিৰোধিতা কৰাৰ বাবে একক মঞ্চত অহাৰ সিদ্ধান্ত লয় আৰু কোনো ৰাজনৈতিক দলক এই আন্দোলনত অংশ ল’বলৈ নিদিয়াৰ সংকল্প লয় ৷ তেওঁ লগতে কয়, কৃষক সম্প্রদায়ৰ স্বার্থত অৰাজনৈতিক ফ্ৰণ্টবোৰ একত্রিত কৰাৰ পাচত সপ্তাহত পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ’ব ৷ আন কৃষক সন্থাৰ সৈতে সমন্বয় সাধনৰ বাবে আৰু বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে এক সাধাৰণ মঞ্চ গঠনৰ লক্ষ্যৰে এই সভা আয়োজন কৰা হৈছিল ৷ ভাতী কিষাণ ইউনিয়ন (লক্ষৱাল)ৰ বি এছ ৰাজেৱালে এই কথা কয় ৷ প্ৰতিনিধিসকলে মোগাত নাচাট্টাৰ সিঙক শনিবাৰে বিয়লি সাক্ষাৎ কৰে ৷ শুকুৰবাৰৰ সভাত এখন পাঁচজনীয়া সদস্যৰে সমিতি গঠন কৰা হয় ৷

ৰাজ্যসভাত অনুমোদন নতুন বিধেয়ক : কৰ’না যুদ্ধাক আক্ৰমণ কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাবাস

দৈনন্দিন বাৰ্তা ডেস্ক : কৰ’না যুদ্ধা চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ ওপৰত আক্ৰমণ কৰিলে সর্বোচ্চ শাস্তি হ’ব পাৰে ৫ বছৰ কাৰাবাস ৷ এই মৰ্মে শনিবাৰে ৰাজ্যসভাত গৃহিত হ’ল নতুন বিধেয়ক ৷ মহামাৰী ৰোগ (সংশোধনী) বিধেয়ক ২০২০ নামৰ এই বিধেয়কখন শনিবাৰে উচ্চ সদনত দাখিল কৰে স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে ৷ যোৱা ২২ এপ্ৰিলত ইছ্যু হোৱা অধ্যাদেশখন সংশোধন কৰি নতুন আইন বলবৎ কৰাৰ উদ্দেশ্যে এই বিধেয়ক ৷ এই বিধেয়কত কোৱা হৈছে যে বর্তমান মহামাৰীৰ সময়ত স্বাস্থ্য পৰিসেৱাৰ সৈতে যুক্ত কোনো কৰ্মীৰ প্ৰতি কোনো ৰকমৰ আক্ৰমণ মানি লোৱা নহ’ব ৷ এপ্ৰিলত এই সংক্ৰান্তত অধ্যাদেশ অনা হৈছিল ৷ মহামাৰী ৰোগ আইন, ১৮৯৭ৰ সংশোধন কৰি এই অধ্যাদেশ গৃহিত কৰোৱা হৈছিল মহামাৰীৰ সময়ত স্বাস্থ্যকর্মীৰ ওপৰত হোৱা আক্ৰমণ আৰু সম্পত্তিৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰিবৰ বাবে ৷ কৰ’না সংক্রমণ মহামাৰীৰ আকাৰ লোৱাৰ পাচৰ পৰাই সমগ্ৰ দেশত স্বাস্থ্যকর্মীক নানা ধৰণেৰে আক্ৰমণ কৰাৰ ঘটনা ঘটি আহিছে ৷ কোনো কোনো ঠাইত আক্ৰমণ বা সম্পত্তি নষ্ট কৰাৰ অভিযোগ যিদৰে আহিছে, তেনেদৰে নিজৰ এলেকাত কৰ’না যুদ্ধাৰ সোমাবলৈ নিদিয়াৰ ঘটনা ঘটিছে ৷ এনে ধৰণৰ ঘটনা যাতে নঘটে তাৰ বাবে এই অধ্যাদেশ গৃহিত কৰোৱা হৈছিল ৷ অৱশেষত বিধেয়ক হিচাপে অনুমোদন কৰি এই অধ্যাদেশক আইনত পৰিণত কৰাৰ পদক্ষেপ ল’লে কেন্দ্ৰই ৷ বিধেয়কখনত কোৱা হৈছে, স্বাস্থ্যকর্মী বা চিকিৎসকক শাৰীৰিক আক্ৰমণৰ উপৰি কোনো চিকিৎসা কেন্দ্ৰ বা মহামাৰীৰ চিকিৎসাত ব্যৱহৃত কোনো স্থান ধ্বংস কৰিলেও শাস্তি হ’ব ৷ নতুন বিধেয়ক অনুসৰি এই ধৰণৰ কোনো অভিযোগ আহিলে পৰিদৰ্শক পৰ্যায়ৰ কোনো বিষয়াই বিষয়টো তদন্ত কৰি ৩০ দিনৰ ভিতৰত চাব ৷ বিচাৰ শেষ কৰিব লাগিব এবছৰৰ ভিতৰত৷ আদালতে চাই কোনো লিখিত কাৰণৰ ভিত্তিত বিচাৰৰ সময়সীমা বৃদ্ধি কৰিব পাৰে৷ অপৰাধ প্ৰমাণিত হ’লে তিনি মাহৰ পৰা ৫ বছৰ কাৰাবাস খাতিব লাগিব ৷ ইয়াৰ লগতে ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ঘোষণা : উত্তৰ প্ৰদেশত দেশৰ বৃহৎ-সৰ্বাধিক ধুনীয়া ফ্লিম চিটীৰ প্ৰস্তুতি

দৈনন্দিন বাৰ্তা ডেস্ক : মুম্বাই চিনেমা উদ্যোগকলৈ বিতৰ্ক চলি থকা সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰিলে দেশৰ বৃহৎ আৰু সৰ্বাধিক ধুনীয়া ফ্লিম চিটী ৰাজ্যখনৰ গৌতম বুদ্ধ নগৰত স্থাপন কৰা হ’ব ৷ সন্যাসী ৰাজনীতিবিদজনে কয় যে নয়দি আৰু বৃহত্তৰ নয়দাত হ’ব লগা এই ফ্লিম চিটীৰ বাবে জনসাধাৰণ সাজু ৷ শুকুৰবাৰে মিৰাট ডিভিজন, গৰিজাবাদ, বুলন্দচহৰ, হাপুৰ, বাঘপট আৰু গৌতম বুদ্ধ নগৰ জিলা উন্নয়নৰ পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীজনে এই ঘোষণা কৰে ৷ ধুনীয়া ফ্লিম চিটীৰ প্ৰয়োজনীয়তাত যোগী আদিত্যনাথে কামৰ বাৰে সাজু হ’বলৈ কয় ৷ দেশৰ সবাতোকৈ ডাঙৰ আৰু ধুনীয়া ফ্লিম চিটী গৌতম বুদ্ধ নগৰত গঢ়ি তোলাৰ কথা মুখ্যমন্ত্ৰীজনে পৰ্যালোচনা সভাত ঘোষণা কৰে ৷ তেওঁ সুবিধাজনক ভূমি নয়দা, বৃহত্তৰ নয়দা আৰু যমুনা এক্সপ্ৰেছৱেত বাহিৰে ভিতৰে চাবৰ বাবে আৰু এক আঁচনি প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

কৃষি বিধেয়কৰ বিৰুদ্ধে নগাঁৱৰ কৃষ্ণাইখাতত কৃষক মুক্তিৰ প্ৰতিবাদ

নগাঁও : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে কালি সংসদত কৃষি বিধেয়ক গৃহীত কৰোৱাৰ প্ৰতিবাদত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও বায়পাছৰ কৃষ্ণখাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মকৰ্তা আৰু সমৰ্থকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হাই হাই, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, কৃষক বিৰোধী এন ডি এ চৰকাৰ নিপাত যা, ওক জন বিৰোধী এন ডি এ চৰকাৰৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহক বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি ঞতোলে। প্ৰতিবাদকাৰী সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰাৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ বিৰোধিতা কৰে। সমিতিয়ে এই কৃষি বিধেয়ক শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। আনহাতে অসম জাতীয়তাবাদী যুৱ পৰিষদ, নগাঁও জজিলা সমিতিৰ সভাপতি ভৱেন বৰা আৰু ‌সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ দাসে এক বিবৃতি যোগে কৃষি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। পৰিষদে লগতে কয় এই বিধেয়কখন কৃষকৰ স্বাৰ্থৰ পৰিপন্থি। এই বিধেয়ক খনৰ ফলত কৃষকসকল ভৱিষ্যতে বৃহৎ পুঁজিপতিৰ কৃপাৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব। পৰিষদে এই‌ বিধেয়ক খন তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে।

চীনক গোপন তথ্য যোগান : দিল্লীৰ সাংবাদিকসহ গ্ৰেপ্তাৰ ৩

দৈনন্দিন বাৰ্তা ডেস্ক : চীনক প্ৰতিৰক্ষা সংক্ৰান্ত গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন সাংবাদিকসহ তিনি ব্যক্তি ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ ভুৱা কোম্পানীৰ জৰিয়তে তেওঁক শকত পৰিমাণৰ ধন দিয়াৰ অভিযোগত শনিবাৰে এগৰাকী চীনা মহিলা আৰু তেওঁৰ নেপালী সহযোগীকো গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে, ধৃত ফ্ৰীলায়েন্স সাংবাদিকৰ ওচৰত সেনাৰ বহু গোপন তথ্য আছে ৷ শকত পৰিমাণৰ ধনৰ বিনিময়ত তেওঁ চীনৰ এগৰাকী মহিলাক দিয়ে ৷ গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত সোমবাৰেই ফ্ৰীলায়েন্স সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰ পাচৰ দিনা অৰ্থাৎ মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰা হয় ৷ আদালতে তেওঁক ছদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে ৷ সাংবাদিকজনৰ ম’বাইল, লেপটপ আৰক্ষীয়ে জব্দ কৰিছে ৷ তদুপৰি কল লিষ্ট পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷ কাৰ কাৰ লগত ৰাজীৱ শৰ্মাৰ যোগাযোগ আছিল সেই দিশটো চাইছে আৰক্ষীয়ে ৷ শনিবাৰে দিল্লী আৰক্ষীয়ে জনাই যে বর্ষীয়ান সাংবাদিক ৰাজীৱ শৰ্মাই চীনা গুপ্তচৰক গোপনীয় তথ্য যোগান দিয়ে ৷ তেওঁক অফিচিয়েল চিক্ৰেট এক্ট বা চৰকাৰী গোপনীয়তা আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে এগৰাকী মহিলা আৰু নেপালী সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোকে ভুৱা কোম্পানীৰ নামত ৰাজীৱ শৰ্মাক টকা দিছিল৷ উল্লেখ্য যে টুইটাৰত ৰাজীৱ শৰ্মাই সন্দেহজনক কাৰ্যকলাপ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখিৰ ডিচিপি সঞ্জীব যাদব, প্ৰতিৰক্ষা সংক্রান্তত বিভিন্ন গোপনীয় তথ্য তেওঁৰ হাতত আছিল ৷

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দিছপুৰস্হিত গড়কাপ্তানি প্ৰশিক্ষণ কেন্দ্ৰত আজি ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ৰাজ্যিক মুখ্য মুখপত্ৰ ৰুপম গোশ্বামী, ৰাজ্যিক উপসভানেত্ৰী বিজুলি কলিতা মেধি, অসম বিত্তীয় নিগমৰ অধ্যক্ষ তথা দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা, উত্তৰ পুৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা, এমট্ৰনৰ উপাধক্ষ্য তথা গুৱাহাটী মহানগৰ জিলাৰ প্ৰভাৰী ঋতুবৰণ শৰ্মা উপস্থিত থাকি সাংগঠনিক দিশত বিস্তিতভাবে আলোকপাত কৰে ৷ সাংগঠনিক সাধাৰণ সম্পাদক ফণিন্দ্ৰ নাথ শৰ্মাই সাংগঠনিক দিশত বুথ প্ৰৰ্যায়ত অধিক শক্তিশালী কৰাৰ যঠেষ্ট গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া, ১২টা মন্ডলৰ সভাপতি, মৰ্চাৰ সভাপতি সকলৰ লগতে প্ৰায় দুই শতাধিক সদস্য উপস্থিত থাকে ৷ সভাত প্লাষ্টিক মুক্ত অসম গঢ়াৰ সংকল্প লয় প্ৰতিগৰাকী সভাত উপস্থিত থকা সদস্যই ৷ নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্যিক সভাপতি ৰন্জিত দাস উপস্থিত থাকি সাংগঠনিক দিশত অধিক শক্তিশালী কৰাৰ গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে মহানগৰ জিলাৰ সাধাৰণ সম্পাদক তপন দাসে আতধৰা অনুষ্ঠান বন্দেমাতৰমৰে আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংগীতৰে সমাপ্ত কৰে ৷

নাজিৰা সমষ্টি বিধায়ক ও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ সম্ভৱনা : শাসকীয়ৰ বাবে হ’ব গভীৰ প্ৰত্যাহ্বান

গেলেকী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত বিধায়ক দেবব্ৰত শইকীয়া। দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা নাজিৰা সমষ্টিৰ বিধায়ক ও বৰ্তমানৰ ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক নিযুক্তি দিয়া হ’ব। কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত দেৱব্ৰত শইকীয়াক হাইকামাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্প্ৰতি দিল্লীত বাহৰ পাতি আছে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা। এতিয়া শাসকীয়ৰ বাবে হ’ব ই এক গভীৰ প্ৰত্যাহ্বান।

পশ্চিম বংগ, কেৰালাত ৯ আল–কায়দা, জম্মু-কাশ্মীৰত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : পশ্চিম বংগ আৰু কেৰালাত মুঠ ৯ আল–কায়দা সন্ত্ৰাসবাদীক এনআইএৰ দলে গ্ৰেপ্তাৰ কৰে ৷ আনহাতে জম্মু-কাশ্মীৰত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে পশ্চিম বংগত গোপন সূত্ৰে খবৰ পাই শনিবাৰে মুর্শিদাবাদৰ বিভিন্ন ঠাইত অভিযান চলাই ছটা আল-কায়দা সন্ত্ৰাসবাদীক এনআইএয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা জেহাদি সাহিত্য, নথিপত্ৰ, বহু পৰিমাণৰ ধ্বংস কৰিব পৰা সামগ্ৰী, ডিজিটেল যন্ত্র, তীক্ষ্ণ অস্ত্রশস্ত্র, দেশীয় আগ্নেয়াস্ত্র, এটা দেশীয় বুলেটপ্ৰুফ জেকেট আৰু সক্ৰিয় বোমা নিৰ্মাণ সামগ্ৰী উদ্ধাৰ কৰিছে ৷ এনআইএৰ তৰফৰ পৰা দিয়া বিবৃতিত জনাইছে যে ধৃত সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তানৰ আল–কায়দা মডিউলৰ যোগাযোগ আছে ৷ দিল্লীসহ দেশৰ বিভিন্ন মেট্ৰো মহানগৰত সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই ৷ পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা ছটা সন্ত্ৰাসবাদী হ’ল লিউ ইয়ান আহমেদ, আবু ছুফিয়ান, নাজমুছ ছাকিব, মইনুল মণ্ডল আৰু আল মামুন কামাল। আনহাতে কেৰালাতো গ্ৰেপ্তাৰ হ’ল তিনিটা আল–কায়দা সন্ত্ৰাসবাদী ৷ কেৰালাৰ এৰ্ণাকুলামৰ বিভিন্ন ঠাইত তালাচী চলাই শনিবাৰে এনআইএয়ে গ্ৰেপ্তাৰ কৰে তিনিটা সন্ত্ৰাসবাদী ৷ ধৃত সন্ত্ৰাসবাদীকেইটা হ’ল মোছাৰফ হুছেইন, মুৰ্ছিদ হাচান আৰু ইয়াকুব বিশ্বাস। এই সন্ত্ৰাসবাদীকেইটাৰ পৰা নথিপত্র, জেহাদি সাহিত্য, অস্ত্রশস্ত্র, বিস্ফোৰক নিৰ্মাণৰ নথি, সৰঞ্জাম পোৱা গৈছে ৷ ইপিনে, জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে ৷ শনিবাৰে পুৱা পুনৰ জম্মু আৰু কাশ্মীৰত তিনিটা লস্কৰ সন্ত্ৰাসবাদীক যৌথ বাহিনীৰ সদস্যই গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে, বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা জম্মুৰ ৰাজৌৰি জিলাৰ এক এলেকাত অভিযান চলাই সেনাৰ যুটীয়া অভিযানকাৰী দলে ৷ এই অভিযানত শনিবাৰে তিনিটা লস্কৰ-ই-তৈবাৰ তিনিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা দুটা একে ৪৭ ৰাইফল, দুটা পিস্তল, চাৰিটা গ্ৰেনেড আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰে৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰিকল্পনাৰ বিষয়ে জানিবৰ বাবে সেনাই জেৰা আৰম্ভ কৰিছে ৷

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা জাতিটোৰ বাবে অশনি সংকেট : বিধায়ক প্ৰদীপ হাজৰিকা

গেলেকী : নাজিৰা আৰু আমগুৰি সমষ্টিত আজি কিছু দিন ধৰি প্ৰৱলভাৱে ৰাজনৈতিক বতাহ বলিছে। নাজিৰা সমষ্টি কংগ্ৰেছৰ দখলৰ বিপৰীতে আমগুৰি সমষ্টি অগপ দখলত আছে। তাতে আকৌ ২০২১ৰ নিৰ্বাচনী বতাহে দুয়োটা সমষ্টিৰ ৰাইজক গা, মন জুৰি পেলাইছে। কিন্তু ব্যতিক্ৰমী ৰূপত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্ব আৰু বৰ্তমান কাৰ্যকালত সমষ্টিত ৰূপায়ন হোৱা অভিলেখ সংখ্যক উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈ বৃহত্তৰ চাৰিং অঞ্চলৰ কংগ্ৰেছ দলৰ ৪০ টাকৈ পৰিয়ালে বিধায়কৰ উপস্থিতিত আজি অগপ দলত যোগদান কৰে। উল্লেখ্য যে ৪০ টা পৰিয়ালৰ অধিকাংশ পৰিয়ালেই কংগ্ৰেছৰ দুৰ্গ খ্যাত খনিকৰ বংশৰ লোক। ঐতিহাসিক চাৰিং বৰতলত অনুষ্ঠিত উক্ত যোগদান সভাত উপস্থিত থাকি বিধায়ক প্ৰদীপ হাজৰিকাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই জাতিটোৰ বাবে অশনি সংকেট কঢ়িয়াই আনিব বুলি মন্তব্য আগবঢ়ায়। আজিৰ সভাত অগপৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, সম্পাদক মণ্টু গগৈ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুদৰ্শন হাজৰিকা আৰু অগপৰ চাৰিং আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। আনহাতে ১৮ ছেপ্তেম্বৰৰ দিনা বিধায়ক প্রদীপ হাজৰিকাৰ বাসগৃহত ম’ৰাবজাৰ বৰ মছজিদৰ প্ৰাক্তন সম্পাদক চাছাদ আলি, নামতি দ’ল পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ যতীন লাহন, যোগেন গগৈ, কমল গগৈ আৰু ৫ নং ৱাৰ্ডৰ খগেন চেতিয়াই কংগ্ৰেছ দলত্যাগ কৰি অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

নগাঁৱত ৰ’টাৰী ক্লাৱৰ শিক্ষা সন্মান ২০২০ অনুষ্ঠান

নগাঁও : কালি নগাঁও ৰ’টাৰী ক্লাবৰ উদ্যোগত শিক্ষা সন্মান ২০২০ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় – আমাৰ সমাজৰ অতিকৈ সন্মানীয় ব্যক্তিসকল হৈছে শিক্ষক। তেওঁলোকেই আমাক পোহৰৰ বাট দেখুৱাইছে। জীৱনৰ পথৰ সন্ধান দিছে। মানৱ সম্পদ গঢ়াত শিক্ষক সমাজৰ অবদান অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় – মোৰ দেউতাও শিক্ষক আছিল। ময়ো শিক্ষা অনুষ্ঠানৰ লগত জড়িত। গতিকে শিক্ষাৰ পৰিৱেশৰ মাজত থাকি মই ভাল পাওঁ। সেয়ে শিক্ষাৰ সৈতে সংপৃক্ত অনুষ্ঠানলৈ আমন্ত্ৰিত হ’লে এই অনুষ্ঠানলৈ আহি মই গৌৰৱ অনুভৱ কৰোঁ। আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তি প্ৰতিস্থিত হৈছে, সেইসকল প্ৰতিস্থিত হোৱাত শিক্ষক সমাজৰ অৱদানক নুই কৰিব নোৱাৰি। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে, সম্প্ৰতি উচ্চ, উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি স্নাতক পৰ্যায়লৈকে নগাঁৱত পৰীক্ষাৰ ফলাফল আশাতীতভাৱে ভাল হৈছে। নগাঁও এতিয়া শৈক্ষিক হ’বলৈ ৰূপান্তৰিত হৈছে। এইয়া আমাৰ শিক্ষক সকলৰ ‌বাবেই সম্ভৱ হৈছে। বিধায়ক গৰাকীয়ে ৰ’টাৰি ক্লাবৰ বিভিন্ন কাম-কাজৰ প্ৰশংসা কৰে। ক্লাবৰ সভাপতি নবীন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড. শৰৎ বৰকটকী, অবসৰপ্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষাবিদ দিলীপ বৰা আদিয়ে অংশগ্ৰহণ কৰে। ৰ’টাৰিয়ান অমিত ম’ৰে উদ্দেশ্য বাখ্যা কৰা সভাখনত ক্লাবৰ প্ৰাক্তন সভাপতি জোন ৰাজখোৱাই আদৰণি ভাষন‌ দিয়ে। সভাতেই ১০ গৰাকী শিক্ষক ক্ৰমে বাবুল বৰা, ৰাজেন্দ্ৰ প্ৰসাদ, পূৰৱী বৰদলৈ, দিপ্তী দাস, পূৰ্ণীমা চৌধুৰী, মনালিছা হাজৰিকা, গৌতম চৰকাৰ, ৰোকছানা ভূঞা, অবন্তী গোস্বামী আৰু দিপালী শৰ্মাক শিক্ষা সন্মান ২০২০ প্ৰদান কৰা হয়।