নগাঁও, ২০ ডিচেম্বৰ: নগাঁও সদৰ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী সহ কেইবাটাও চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,নগাঁৱৰ আম্বেদকাৰ ভৱনত যোৱা দহ ডিচেম্বৰত সংঘটিত হৈছিল চুৰি কাৰ্যৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰজু কৰা হৈছিল৷ সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি নিশা চহৰখনৰ খ্ৰীষ্টানপট্টিত অভিযান চলায় চিলাই মেচিন, স্কুল বেগ, পোছাক সহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য , দীপু আহমেদ নামৰ চোৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে নিশা অভিযান চলাই বৃহৎ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে আন তিনিজন লোকক আটক কৰে ৷ আটক কৰা লোক কেইজনৰ নাম ক্ৰমে ছলমান ৰহমান,মজিবুৰ আলী আৰু ৱাচিম খন্দকাৰ।
নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা গঠন
নলবাৰী, ২০ ডিচেম্বৰ : আজি বিয়লি নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা খন গঠন কৰা হয় । প্ৰবীণ বাদ্যশিল্পী অলকেশ বৰুৱাৰ সভাপতিত্বত আৰু প্ৰবীণ তবলা বাদক ভগবান কলিতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক বাদ্যযন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । আজিৰ সভাত সৰ্বসন্মতি মৰ্মে সংস্থাটোক -“সংকল্প সংস্থা”নামেৰে নামাকৰণ কৰা হয় । এই সংস্থাই বাদ্যযন্ত্ৰী সকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি নৱ নিৰ্বাচিত সভাপতি হিমাংশু ডেকা আৰু সম্পাদক কিশোৰ মেনাই সভাত উপস্থিত শিল্পী সকলক জনাই ।
গুৱাহাটীত অসম কেশৰী কবি অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন; সাংবাদিক গকুল তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন
কামৰূপ মহানগৰ, ১৯ ডিচেম্বৰঃ অনতৰগত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মদিন তথা ” চেতনা দিৱস ” পালন কৰা হয় । অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি কৰোনাকান্ত বৰ্মনৰ সভাপতিত্বত গুৱাহাটীৰ অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভাকক্ষত অনুষ্ঠিত এই অনুস্থানৰ আৰম্ভণিতে অম্বিকাগিৰী ৰায় চৌধুৰী ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি প্ৰদান কৰা হয় । এই অনুস্থান মুকলি কৰে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি হাছমত আলীয়ে । ইয়াৰ পিছতে সভাত বিশিষ্ট কবি- সাহিত্যিক কাপুৰ চান্দ জৈনক “কাব্য বিভূতি”উপাধি প্ৰদান আৰু দৈনিক অসমৰ সাংবাদিক তথা কবি গোকুল তালুকদাৰক বিশেষ সমবৰ্ধনা জ্ঞাপন কৰা হয় । কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লয় বিশিষ্ট কবি দীনেশ দাস আৰু বিপুল শৰ্মাই । শলাগৰ শৰাই আগবঢ়াই সন্মিলনৰ যুটীয়া সম্পাদক ৰুমা ভট্টাচাৰ্য্যই । সভাত অসম কবি সন্মিলনৰ কেইবাগৰাকীও বিষয় ববীয়াই অংশ গ্ৰহণ কৰে ।
আছুৰ লৰাই ক’লা পতাকা দেখালে যুৱ মৰ্চাৰ লৰাইয়ো আছুৰ লৰাক ক’লা পতাকা দেখুৱাব !
‘কা’ বিৰোধী আন্দোলনৰ সময়চোৱাত বিজেপিৰ বহুকেইজনো মন্ত্ৰী-বিধায়ক সন্মুখীন হব লগা হৈছিল ক’লা পতাকাৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেইবাবাৰো আছুৰ লৰাই ক’লা পতাকাৰ দেখুৱা দেখিবলৈ পোৱা গৈছিল । কিন্ত এতিয়াৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আছুৱে দেখুৱাব নোৱাৰিব ক’লা পতাকা । ক’লা পতাকা দেখুৱা সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “এতিয়াৰে পৰা আছুৱে বিজেপিৰ নেতা-মন্ত্ৰীত দেখুৱাব নোৱাৰিব ক’লা পতাকা। যদিহে দেখুৱাই তেতিয়া বিজেপিৰ যুৱ মৰ্চাইও আছুৰ সদস্যসকলক ক’লা পতাকা দেখুৱাব। লগতে অসমত অ-ৰাজনৈতিক নতুন সংগঠনৰ জন্ম হ’ব।”
মন্ত্ৰী শৰ্মাই শনিবাৰে কয়, ”এতিয়া সদৌ অসম ছাত্ৰ সন্থাই লৰাই যেতিয়া ক’লা পতাকাৰ সন্মুখীন হ’ব তেতিয়া আমাৰো যুৱ মৰ্চাৰ লৰাই তেওঁলোকক ক’লা পতাকা দেখুওৱাৰ অধিকাৰ থাকিব। কাৰণ এইটো ৰাজনৈতিক দল আৰু ৰাজনৈতিক দল। আছুক ৰাজনীতিকৰণ কৰাটো মই ভাবো অসমৰ জাতীয় জীৱনৰ বাবে এটা ডাঙৰ অন্যায় হ’ল। আৰু আছুৰ গাত এইটো যিটো দাগ পৰিলে ইয়াৰ পৰা আছু ওলাই আহিবলৈ বহুত সময় লাগিব। আৰু হয়তো মই ভাবো অসমত আন কোনো অৰাজনৈতিক ছাত্ৰ সংগঠনৰো জন্ম হ’ব। কাৰণ এতিয়া আছুক মানুহে কোনোবা এটা ৰাজনৈতিক সংগঠনৰ ছাত্ৰ সংগঠৰূপেই ব্যৱহাৰ কৰিব।” ইফালে দলটো গঠন হোৱাৰ সময়তে কোন সভাপতি হ’ব সেয়াও ঠিক হৈ থকা বুলি কয় মন্ত্ৰী শৰ্মাই।
নগাঁৱত কংগ্ৰেছৰ ক্লিনছুইপ; অপতিৰোধ্য বিজেপিৰ নগাঁৱত ১০টা সমষ্টিতে জয়, এখনো আসন নাপালে কংগ্ৰেছে
নগাঁও, ১৯ডিচেম্বৰ: আজি ফলাফল ঘোষিত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ তিৱা পৰিষদীয় সমষ্টিৰ ভোটাৰে সম্পূৰ্ণ ৰূপে প্ৰত্যাখান কৰিলে কংগ্ৰেছ দলক। তিৱা স্বায়ত্বশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ১০টা সমষ্টিত বিজেপি দলে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়। ইয়াৰ বিপৰীত বিৰোধী দল কংগ্ৰেছ সম্পূৰ্ণৰূপে ধুলিস্যাৎ হৈ পৰিল। কংগ্ৰেছ দলৰ হৈ একমাত্ৰ ২০নং বাৰপূজীয়া সমষ্টিৰ প্ৰাৰ্থী অচ্যুত গাঁওখোৱাই প্ৰবল প্ৰত্যাহ্বান আগবঢ়াই শেষমুহুৰ্তত বিজেপি প্ৰাৰ্থী কমল বৰদলৈৰ হাতত ৭২টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ আজি ঘোষিত ফলাফলত নগাঁও জিলাৰ অন্তৰ্গত ২০নং বাৰপূজীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কমল বৰদলৈয়ে ২৩৪৫ টা ভোট লাভ কৰা বিপৰীতে কংগ্রেছ প্ৰাৰ্থী অচ্যুত গাওঁখোৱাই ২২৭৩টা ভোট লাভ কৰিবলৈ সক্ষম হয় । একেদৰে ২১নং টোপাকূছিত বিজেপিৰ প্ৰাৰ্থী সুৰুজ কোঁৱৰে নিৰ্দলীয় প্ৰাৰ্থী ইৰামনি বৰদলৈক ৪৬৯ টা ভোটৰ ব্যৱধান পৰাস্ত কৰে ।সমষ্টিটোত সুৰুয কোঁৱৰে ২৭৭৭টা ভোট লাভ কৰা বিপৰীতে ইৰামনি বৰদলৈয়ে ২৩০৮ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ২২নং পুখুৰীপাৰ সমষ্টিত বিজেপিৰ বিশ্বজ্যোতি পাটৰে ৩৬৫৩ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰূপামণি শইকীয়া ডেকাই ১৩৩৫ টা ভোট লাভ কৰিবলৈহে সক্ষম হয়। ২৩নং জৰাবাৰী সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী গীতামণি কলিতা ভূঞাই ২৮৮০ টা ভোট লাভ কৰা বিপৰীতে কংগ্রেছ প্ৰাৰ্থী ৰিতুমনি দাসে ২৪৯৮ টা ভোট লাভ কৰিবলৈহে সক্ষম হয়। ২৪নং জোঙালবলহু সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী প্ৰণৱজ্যোতি মছৰঙে ৩১৩৪ টা ভোট লাভ কৰা বিপৰীতে কংগ্রেছ প্ৰাৰ্থী মকুট কুমাৰ কোঁৱৰে ২২১২ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ২৫নং চহৰী সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী মোহন সেনাপতিয়ে ২৯১১টা ভোট লাভ কৰা বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী দ্বিপেন কোৱঁৰে ২১৭২ টা ভোট লাভ কৰে। ২৮নং লুটুমাৰী সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী বিতু বৰদলৈয়ে ১০৫৯টা ভোট লাভ কৰা বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী বিনন্দ পাটৰে ৯৬২ টা ভোট লাভ কৰে। ২৯নং কমাৰগাঁৱত বিজেপিৰ বিজয়ী প্ৰাৰ্থী অজিত পাটৰে ৩১৫১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিহা ডেকা ৰজাই ১৫৩৬টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ৩০নং নামবৰ লালুংগাওঁ সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈ ১৭০০ টা ভোট লাভ কৰা বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শুক্লেশ্বৰী বৰদলৈয়ে ১১৬৪ টা ভোট লাভ কৰে । ৩১নং লালুংপাৰ সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী মদন বৰদলৈয়ে ২৭৫১টা ভোট লাভ কৰাৰ বিপৰীতে অগপ প্ৰাৰ্থী নগেন বৰদলৈয়ে ১৫৯৭ টা ভোট লাভ কৰিবলৈহে সক্ষম হয়।আনহাতে উল্লেখিত সমষ্টি সমূহত ভালেকেইটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে তৃতীয় স্হানতে সীমাবদ্ধ হৈ থাকিব লগাত পৰে। ইপিনে কংগ্ৰেছী শিবিৰত দেখা দিয়া হতাশাৰ বিপৰীতে শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীৰ মাজত ব্যাপক উচাহৰ ঢল বয় । বিজেপিৰ এই জয়ৰ বাবে নগঁঞা ৰাইজক ধন্যবাদ জ্ঞাপন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ফলাফলত মধ্য অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত যি ৰায়দান কৰিলে সেয়া সচাঁকৈয়ে অভূতপূৰ্ব।এই ফলাফলে ৰাইজ যে উন্নয়নৰ পক্ষত আছে সেই কথাকে প্ৰতীয়মান কৰিলে।বিধায়ক শৰ্মাই দলীয় কাৰ্যকতা সকলৰ লগতে সমষ্টি বাসীয়ে আগবঢ়োৱা অৰিহনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইপিনে ফলাফল ঘোষণা হোৱাৰ পিচতে বিজেপিৰ সমৰ্থক সকলে নগাঁও ডচন স্কুলত স্হাপন কৰা ভোটগণনা কেন্দ্ৰৰ সন্মুখতে থকা ৰাজীৱ ভৱনৰ সন্মুখত ‘বিজেপি জিন্দাবাদ’ ধ্বনি দিয়াও পৰিলক্ষিত হয়। বিজেপিৰ সমৰ্থক সকলে সদৰ সমষ্টিৰ অন্তৰ্গত ২২নং পুখুৰীপাৰৰ বিজয়ী প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লৈ বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহলৈকে এক বিজয় সমদল বাহিৰ কৰে। আনহাতে আজি ভোটগণনা কেন্দ্ৰত কংগ্ৰেছৰ এজনো জ্যেষ্ঠ নেতাক দেখা পোৱা ন’গল। উল্লেখযোগ্য যে, এইবাৰৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, ন কংগ্ৰেছী তথা শিল্পী বাবু, নেকিব আৰু অজয় ফুকনে ব্যাপক প্ৰচাৰ অভিযান চলাইছিল যদিও তিৱা ভোটাৰৰ মন আকৰ্ষিত কৰাত চূড়ান্তৰূপে ব্যৰ্থ হয়।
প্ৰতিবাদী কৃষকৰ বাতৰি কাকত : প্ৰতিবাদস্থলীতে আৰম্ভ হল কিষান IT Cell
প্ৰচণ্ড শীতকো নেওঁচি বিগত প্ৰায় ২২টা দিন ধৰি ৰাজপথত নিজৰ পাপ্য অধিকাৰ বিচাৰি থিয় হৈ আছে কৃষক সকল । নিজৰ স্থিতিত তেওঁলোক অটল কৃষকসকল ।বিভিন্ন পক্ষৰ না না হেচাঁ আৰু প্ৰলোভনেও তেওঁলোকক মনাব পৰা নাই । তেওঁলোকৰ এটাই কথা, “যি দাবীৰে ওলাই আহিছো, সেই দাবী ৰজাঘৰে মানি নোলোৱা পৰ্যন্ত অন্য কথাৰ স্থান নাই।”
প্ৰথম দিনা যিটো উদ্যমেৰে আন্দোলন আৰম্ভ হৈছিল, আজিও সেই একেই উদ্যমেৰেই আন্দোলন অব্যাহত ৰাখিছে কৃষকসকলে। কুৰিগৰাকীৰো অধিক কৃষকৰ এই প্ৰতিবাদীস্থলীতেই মৃত্যু হৈছে। কিন্তু তথাপিও নিজ দাবীৰ পৰা পিছ হুহকি অহা নাই প্ৰতিবাদী কৃষকসকল।
কৃষক সকলৰ সুপৰিকল্পিত প্ৰতিবাদ তথা আন্দোলন মষিমূৰ কৰিবৰ বাবে এটা চক্ৰই উঠি পৰি লাগিছে। এই আন্দোলনটোক অপ্ৰচাৰৰ জৰিয়তে বিকৃত ৰূপ দিয়া চেষ্টা কৰা হৈছে বুলি অভিযোগ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ওপৰত উত্থাপন কৰিছিল কৃষক সকলে। বিভিন্ন অপ্ৰচাৰৰ বিৰুদ্ধে কৃষকসকলৰ মনত জ্বলি থকা এই ক্ষোভৰ উদগীৰণ ঘটিল শেহতীয়াকৈ। এইবাৰ প্ৰতিবাদ সম্পৰ্কত চলি থকা অপপ্ৰচাৰ ৰুধিবলৈ প্ৰতিবাদস্থলীতে কৃষকসকলে নিজাকৈ আৰম্ভ কৰিলে ‘ট্ৰলী টাইমছ’ নামৰ এখন বাতৰি কাকত আৰু কিষান IT cell ৷
শুকুৰবাৰৰে পৰা কৃষকসকলে নিজাকৈ প্ৰকাশ কৰি উলিয়াইছে ট্ৰলী টাইমছ নামৰ এখন বাতৰি কাকত। এই বাতৰি কাকতখন প্ৰকাশ কৰা হৈছে হিন্দী আৰু পঞ্জাৱী ভাষাত। এই বাতৰি কাকতখনত থাকিব ৪টা পৃষ্ঠা। কৃষক বিভিন্ন সা-সমস্যাৰ লগতে দাবীসমূহ প্ৰকাশ কৰা হব এই বাতৰি কাকতখনত। ট্ৰলী টাইমছ নামৰ এই বাতৰি কাকতখন প্ৰকাশ কৰাৰ কথা প্ৰথমে চিন্তা কৰিছিল কৃষক আন্দোলনত ভাগ লোৱা কৃষক তথা লেখক সুৰমিত মাৱী নামৰ এগৰাকী ৪৬বছৰীয়া লোকে।
আনহাতে আই টি চেল কেনেকৈ চলিব, কোনবোৰ কথা কোন শ্ৰেণীৰ ৰাইজৰ মাজলৈ লৈ যাব, তাক লৈও পৰিকল্পনা কৰিছে কৃষকসকলে। তেওঁলোকে গঠন কৰি দিছে কেইবা তৰপীয়া সমিতি। বিভিন্ন দিশ, ভিন্ন বিষয়ৰ ওচৰত চকু ৰাখি ছচিয়েল মিডিয়াৰ জৰিয়তেই প্ৰত্যুত্তৰ দিবলৈ সাজু প্ৰতিবাদী কৃষকসকল।
পুনৰ অসমৰ যুৱকৰ বহি ৰাজ্যত ৰহস্যজনক ভাৱে মৃত্যু
অনলাইন বাৰ্তা, ১৯ ডিচেম্বৰ :পুণৰ বহি ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ হোজাইৰ ডবকাত চাঞ্চল্যক সৃষ্টি কৰিছে । মুম্বাইত মৃত্যু হৈছে হোজাই জিলাৰ ডবকাৰ পূৱ বুগুৰি গাঁৱৰ এজন যুৱকৰ। ইনজামূল হ’ক নামৰ ১৮ বছৰীয়া যুৱকজনে ছয় মাহ পূর্বে মুম্বাইৰ সঞ্জয় হোটেলত কর্মত নিয়োজিত হৈছিল। যোৱা নিশা যুৱকজনৰ বিদ্যুৎ স্পর্শ হৈ মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকলৈ খবৰ আহে। লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। যুৱকজনৰ মৃতদেহ মুম্বাইৰ পৰা অসমত আনিবলৈ বিপাঙত পৰিছে দৰিদ্ৰ পৰিয়ালটো।আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই যুৱক জনৰ কভিড-১৯ পজিটিভ ধৰা পৰাৰ কথা অৱগত চিন্তিত হৈ পৰিছে। উল্লেখ যে, বর্তমান মুম্বাইৰ ৱর্লিত শতাব্দী হাস্পতালত আছে যুৱকজনৰ মৃতদেহ।ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালবর্গই।
বদৌচা কাপৰ ফিল’বাৰীত অনুষ্ঠিত হোৱা খেল অমীমাংসীত
ডিৰাক সীমান্ত, ১৯ ডিচেম্বৰ: অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত দ্বাদশ বাৰ্ষিক আমন্ত্ৰণমূলক বদৌচা কাপৰ গ্ৰুপ এফৰ আজি এখন খেল অনুষ্ঠিত হয় ফিল’বাৰী হাইস্কুলৰ খেলপথাৰত। খেল অনুষ্ঠিত হোৱা আগমুহূৰ্তত বদৌচা স্পৰ্টছ ক্লাৱৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া ক্ৰীড়া সন্থাৰ উপ-সভাপতি কেশৱ বৰাই আৰু ফিল’বাৰী ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি কুলেশ্বৰ ফুকনে । খেল উদ্বোধন কৰে ফিল’বাৰী চাহ বাগিচাৰ পৰিচালন সঞ্চালক ভজন পাল সিঙে। আজি বদৌচা কাপৰ গ্ৰুপৰ এফৰ খেল অনুষ্ঠিত হয় ফিল’বাৰী এফ চি বনাম টঙনা এফ চিৰ মাজত। বদৌচা কাপৰ গ্ৰুপৰ এফৰ আজি খেল ফিল’বাৰী এফ চি আৰু টঙনা এফ চি মাজত হোৱা খেলত গ’ল শূন্যভাৱে সমাপ্ত হোৱাত দুয়োটা দলে পইণ্ট ভগাই লয়। আজিৰ খেল পৰিচালনা কৰে পদ্ম চাউৰক, সহযোগী মৃদুল বৰপাত্ৰ গোহাঁই আৰু নয়ন চাউৰক, চতুৰ্থ ৰেফাৰী ৰাতুল মৰাণ। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে ফিল’বাৰী এফ চি দলৰ পাৰ্থ শইকীয়াই। আজিৰ উদ্বোধনী খেলত অতিথি উপস্থিত থাকে ফিল’বাৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালি নেওগ, ফিল’বাৰী থানাৰ প্ৰভাৰী পুহেশ্বৰ দাস, ফিল’বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।
তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : মৰিগাঁওৰ অন্তিম ফলাফল
আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱ জিলাৰ অন্তিম ফলাফলত আটাইকেইটা সমষ্টিতে বিজেপি দলে জয়লাভ কৰিছে ।
আনহাতে মৰিগাঁও জিলাৰ ভোটগননাৰ ফলাফল ঘোষণা কৰা হৈছে । শেহতীয়া ফলাফল অনুসৰি :-
১ নং জামাদাৰি সমষ্টিত জয়ী বিজেপিৰ দুলাল ব্ৰহ্ম
২ নং বৰঙনি সমষ্টিত জয়ী বিজেপিৰ অংকুৰ দেউৰী
৩ নং ভূৰবন্ধা সমষ্টিত জয়ী বিজেপিৰ বিনয় কোঁৱৰ
৪ নং কোঁৱৰগাঁও সমষ্টিত জয়ী বিজেপিৰ জীৱন চন্দ্ৰ কোঁৱৰ
৫ নং ঢেকীফলা সমষ্টিত জয়ী বিজেপিৰ বিনাপানী বৰদলৈ
৬ নং মানিপুৰ সমষ্টিত জয়ী বিজেপিৰ আইমনি পাতৰ
৮ নং ঘগুৱা সমষ্টিত জয়ী বিজেপিৰ মিহিৰাম বৰদলৈ
৯ নং দমাল সমষ্টিত জয়ী বিজেপিৰ পৱন মান্তা
১০ নং তেতেলীয়া সমষ্টিত জয়ী বিজেপিৰ খগেন চন্দ্ৰ বৰদলৈ
১১ নং জোনবিল সমষ্টিত জয়ী বিজেপিৰ বিনিতা দৈমাৰী
১২ নং ন-খোলা সমষ্টিত জয়ী বিজেপিৰ তুলসী বৰদলৈ
১৩ নং নেলী খলা সমষ্টিত জয়ী বিজেপিৰ জীৱন কোঁৱৰ
১৫ নং বিহুবড়ী সমষ্টিত জয়ী বিজেপিৰ পিতাম্বৰ বৰদলৈ
১৬ নং শ’লমাৰী সমষ্টিত জয়ী বিজেপিৰ নয়নমনি দেউৰী
১৭ নং ভোমোৰাগুৰী সমষ্টিত জয়ী বিজেপিৰ দেৱকান্ত বৰদলৈ
১৮ নং চাৰিপুনীয়া চাবুক ধৰা সমষ্টিত জয়ী বিজেপিৰ মদন দেউৰী
১৯ নং বৰচিলা সমষ্টিত জয়ী অগপৰ চম্পেশ্বৰ বৰদলৈ
৭ নং গড়মাৰী সমষ্টিত জয়ী এজিপিৰ ৰুনামনি বড়ো দাস
জামুগুৰিহাটত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম : শ্ৰদ্ধাঞ্জলি জনালে দল-সংগঠনৰ প্ৰতিনিধিয়ে
জামুগুৰিহাট, ১৯ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা-ভস্ম লৈ যোৱা ৯ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা “শান্তি সদ্ভাৱনা যাত্ৰা” আজি পুৱা জামুগুৰিহাটত উপস্থিত হয়৷সেই উপলক্ষে জামুগুৰিহাটৰ ৰাজ্যিক পৰিবহণ বাছ আস্থানৰ কাষতেই এখনি স্মৃতিচাৰণ সভা আৰু খোল,তাল,নাগাৰা, নাম,কীৰ্তনসহ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়।প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নেতৃত্বত আৰু পৰিয়ালৰ আন সদস্যসকলৰ সহযোগত পৰিচালিত হোৱা এই শান্তি সদ্ভাৱনা যাত্ৰা জামুগুৰিহাটত উপস্থিত হোৱাৰ পাছতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে কংগ্ৰেছ দলৰ সদস্যসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তথা জননেতা গৰাকীৰ প্ৰতি একাঁজলি শ্ৰদ্ধা নিবেদন কৰে।অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰি পিতৃক স্মৰণ কৰি কয় ‘দেউতাই কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলত থাকিলেও নিজৰ প্ৰাণটো সদায় জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট কৰি ৰাখিছিল।সেয়েহে তেওঁ অসম আৰু অসমীয়াৰ হকে সদায় অন্ত:কৰণৰে কাম কৰি গৈছিল আৰু অসমৰ ৰাইজেও অভিলেখ সংখ্যক তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিছিল।দেউতাৰ মৃত্যুৰ পিছত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ জনগণে দেখুওৱা মৰমত তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰি সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ ৰাইজে তৰুণ গগৈক সদায় বিপদৰ বন্ধু হিচাপে মনত ৰাখিব বুলিও উল্লেখ কৰে।উত্তৰ অসমৰ সমন্বয়কৰ দায়িত্বত থকা যুৱনেতা দাদুল বৰকাকতীয়ে আঁত ধৰা প্ৰায় এক ঘন্টাৰো অধিক সময় ধৰি জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত এপিচিচিৰ কেবাগৰাকীও বিষয়ববীয়া,সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী,নদুৱাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গীতালি ভট্টৰায়কে ধৰি কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলো উপস্থিত আছিল।












