Home Blog Page 3186

সোণতলীৰ পানীখাইতীত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া অব্যাহত ৷ নিমিষতে জাহ গল কোটি টকীয়া জিঅ’ বেগৰ কাম

সোণতলী, ১৮ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত পানীখাইতীত আজি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে ৷ উল্লেখ্য যে বিগত দিনৰ ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত সোণতলীৰ লটুৰাদিয়া, ১নং, ২নং জ্যোতিয়াদিয়া, বৰদিয়া নয়াপাৰা, লটুৰটাৰীকে ধৰি কুৰিখনৰো অধিক গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰত বিলীন গৈছে ৷ আনহাতে বিগত ২০১৭ চনত সোণতলীৰ পানীখাইতীত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’বেগৰ আঁচনি ৰূপায়ন কৰা হৈছিল। জলসম্পদ বিভাগে পানীখাইতী অঞ্চলটোত প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে জিঅ’ বেগৰ জৰিয়তে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিছিল ৷ পানীখাইতীত সেইসময়ত জিঅ’বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। সেইসময়ত পানীখাইতী অঞ্চলটোত জিঅ’বেগৰ নিম্নমান কাম কৰাত উক্তস্থানত আজি দুপৰীয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে ৷ ফলত জলসম্পদ বিভাগৰ ১৪ কোটি টকীয়া জিঅ’ বেগ পানীত উটি যোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই অঞ্চলটোত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইপিনে চপৰা-চপৰে খহা মাটিয়ে জিঅ’বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাত অঞ্চলবাসীয়ে বিষয়টো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও এই বাতৰি লিখা পৰলৈকে কোনো লোক সেইস্থানলৈ যোৱা নাই।

কৃষি বিধেয়কক লৈ মিছা প্ৰচাৰ চলিছে : প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : কৃষিক্ষেত্র সংস্কাৰৰ বিধেয়ক ‘কৃষক-বিৰোধী’ বুলি চিহ্নিত কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে শিৰোমণি আকালি দলৰ নেত্ৰী হৰচিমৰৎ কৌৰ বাদলে ৷ শুকুৰবাৰে সেই বিধেয়কৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ঐতিহাসিক এই বিধেয়ক কৃষকসকলৰ ৰক্ষাকবচ ৷ এটা শক্তিয়ে কৃষি বিধেয়কক লৈ কৃষকসকলক বিভ্রান্ত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰি মত প্ৰকাশ কৰি কয়, কৃষকে যাতে ফচল ন্যুনতম সহায়ক মূল্য পাই তাক নিশ্চিত কৰাত আমাৰ চৰকাৰ দায়বদ্ধ ৷ বিহাৰৰ কোশী নদীৰ এখন দলং উদ্বোধন উপলক্ষে ভাৰ্চুৱেল সভাত মোডীয়ে কয়, নানা ভুল তথ্য আৰু পৰিসংখ্যা দি কৃষকক উচতাই দিয়াৰ চেষ্টা চলিছে ৷ কোৱা হৈছে তেওঁলোকৰ ফচলৰ উচিত দাম নাপায় ৷ কিন্তু যি এইটো কৰিছে তেওঁলোকে ভুল কৰিছে ৷ আমাৰ কৃষকসকল বহু সচেতন ৷

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ হৰচিমৰৎ কৌৰ বদলৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কৃষি বিধেয়কৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে হৰচিমৰৎ কৌৰ বদলে ৷ শুকুৰবাৰে পুৱা তেওঁৰ পদত্যাগ গ্ৰহণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা শিৰোমণি আকালি দল এৰি যোৱাৰ পাচত স্বাভাৱিকতে চাপ পৰিছে হাৰিয়ানাৰ উপ মুখ্যমন্ত্ৰী দুষ্মন্ত সিং চৌটালাৰ ওপৰত ৷ কাৰণ তেওঁৰ দল জননায়ক জনতা পাৰ্টি বা জেজেপি হাৰিয়ানা চৰকাৰৰ বিজেপি মিত্ৰ জোঁটৰ হ’লেও আকালি দলৰ সৈতে একমত হৈ কৃষি বিধেয়কৰ বহু বিষয়ত আপত্তি কৰিছিল ৷ হৰচিমৰৎ কৌৰ বদলৰ স্বামী তথা আকালি দলৰ নেতা সুখবীৰ সিং বাদল দুষ্মন্ত সিং চৌটালাৰ ককাক তথা আইএনএলডিৰ প্রতিষ্ঠাতা দেৱী লালক দেশৰ অন্যতম শ্ৰেষ্ঠ কৃষক নেতা হিচাপে আখ্যা দিছিল ৷ ফলত চিন্তিত দুষ্মন্ত সিং চৌটালাই শুকুৰবাৰে পুৱা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ সৈতে দেখা কৰে৷ তাৰ পাচত নিজৰ দলৰ নেতাসকলৰ সৈতে আলোচনাত বহে ৷ উল্লেখ্য যে ৯০ খন আসনৰ হাৰিয়ানা বিধানসভাত ১০ গৰাকী বিধায়ক আছে জেজেপিৰ ৷ যাৰ ভাৰসাত যোৱা বছৰ ৰাজ্যত ক্ষমতা দখল কৰিছিল খট্টৰে ৷ হৰচিমৰৎ কৌৰ বদলৰ পদত্যাগৰ খবৰ পাই দুষ্মন্ত সিং চৌটালাক কটাক্ষ কৰি কংগ্ৰেছৰ ৰণদীপ সুৰজেৱালাই টুইট কৰে, হৰচিমৰতা পদত্যাগৰ পাচত আপুনি উপ মুখ্যমন্ত্ৰী পদৰ এৰি অহা উচিত আছিল দুষ্মন্তজী ৷ আপুনি কৃষকসকলতকৈ বেছি আপোনাৰ চকীৰ সৈতে একাত্ম ৷ উল্লেখ্য যে আকালি দল আৰু জেজেপি দুয়োটা দলে পাৰিবাৰিক সম্পৰ্ক আছে আৰু গ্রামীণ ক্ষেত্ৰত দুয়োটা দলা প্ৰভাৱ বহু গভীৰ ৷ স্মৰ্তৱ্য যে যোৱা ১০ ছেপ্টেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত কৃষকৰ ওপৰত লাঠিচালনা ঘটনাত ক্ষুব্ধ জেজেপি নেতা ৷ তেতিয়া নীৰৱ আছিল যদিও পাচত দুষ্মন্ত সিং চৌটালাই ঘটনাৰ নিন্দা কৰি তদন্তৰ দাবী জনায় ক্ষান্ত হয় ৷ অৱশ্যে ৰাজ্যৰ মন্ত্ৰী অনিল ভিজে লাঠিচালনাা কথা সম্পূৰ্ণ গুৰুত্বহীন কৰি দিছিল ৷ ইয়াকে লৈ অধিক অসন্তোষৰ সৃষ্টি হৈছিল জেজেপিৰ ভিতৰ মহলত ৷ উল্লেখ্য যে বিধায়ক ৰাম কুমাৰ গৌতমে দুষ্মন্ত সিং চৌটালাৰ নামত বিৰোধিতা কৰিছিল ৷ এইবাৰ আন এক বিধায়ক দেৱানন্দ বাবলিয়ে নেতৃত্ব সলনিৰ দাবী কৰিছে ৷ সমস্যাটো লৈ তেওঁৰ ভাতৃ তথা দলৰ যুৱ শাখাৰ প্রধান দিগ্বিজয় সিং চৌটালা বৃহস্পতিবাৰে কৈছিল, তেওঁৰ দল সকলো সময়তে কৃষকৰ কাষত থাকিব ৷

শনিবাৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত আইপিএল : ২০১৯ৰ বিশ্বকাপৰ পাচত প্ৰথমবাৰলৈ খেলপথাৰত ধোনী

দৈনন্দিন বাৰ্তা ডেস্ক : কৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ আইপিএল শনিবাৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত অনুষ্ঠিত হ’ব ৷ ১৩ সংখ্যক আইপিএলৰ উদ্বোধনী মেচখন তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু চাৰিবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ মাজত আবু ধাবিৰ শ্বেইখ জয়াদ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়ৱৰ্দ্ধনে নিশ্চিত কৰিছিল যে অধিনায়ক ৰোহিত শৰ্মাই দক্ষিণ আফ্ৰিকাৰ কুইণ্টল ডি ককেৰ সৈতে বেটিং আৰম্ভ কৰিব ৷ মন কৰিব লগা যে ২০১৯ চনৰ জুনত আইচিচি বিশ্ব কাপত নিউজীলেণ্ডৰ বিৰুদ্ধে হোৱা ছেমিফাইনেলত উইকেট কীপাৰ-বেটছমেন মহেন্দ্ৰ সিং ধোনীক দেখাৰ পাচত এইবাৰ প্ৰথমবাৰলৈ দেখিবলৈ পোৱা যাব ৷ মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈৰে স্বপ্নৰ এঘাৰজন খেলুৱৈৰ তালিকা ইতিমধ্যে প্ৰকাশ হৈছে ৷ এই খেলুৱৈসকল হ’ল- উইকেটকীপাৰ মহেন্দ্ৰ সিং ধোনী (অধিনায়ক), বেটছমেন হ’ল ৰোহিত শৰ্মা (উপ অধিনায়ক), কুইণ্টল ডি ককে, শ্বেন ৱাটছন, ফ্ৰাংকোইছ ডু প্লেছিছ৷ অলৰাউণ্ডাৰ হ’ল হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা ৷ বলাৰ হ’ল কুনাল পাণ্ডিয়া, পিযুয চাৱাল, যশপ্ৰীত বোমৰাহ, দীপক চাহাৰ ৷ দলত স্থান পাব লগা সাম্ভাৱ্য খেলুৱৈসকল হ’ল-

মুম্বাই ইণ্ডিয়ানছ একাদশ : ৰোহিত শৰ্মা, কুইণ্টল ডি ককে, সূৰ্য কুমাৰ যাদৱ, ঈশ্বান কিশান, কুনাল পাণ্ডিয়া, হৰ্ডিক পাণ্ডিয়া, কিৰেণ পোলাৰ্ড/ নাথান কুল্টাৰ-নীল, ধাৱাল কুলকাৰ্ণি, ৰাহুল চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বোমৰাহ ৷

চেন্নাই ছুপাৰ কিংছ একাদশ : শ্বেন ৱাটছন, ফ্ৰাংকোইছ ডু প্লেছিছ, অম্বাতি ৰায়ডু, এমএছ ধোনী, কেদাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, ডোৱাইন ব্ৰাভো, শাৰদুল ঠাকুৰ, পীযুষ চাওলা, দীপক চাহাৰ, লংগি এনজিদি/ইমৰান তাহিৰ ৷

দুয়োটা স্কোৱাদত থকা খেলুৱৈসকল হ’ল
চেন্নাই ছুপাৰ কিংছ : নাৰায়ণ জগৱদীছন, ৰতুৰাজ গাইকোৱাড, কে এম আছিফ, ৰবীন্দ্ৰ জাদেজা, এম বিজয়, এম এছ ধোনী, জোছ হেজলউড, কেদাৰ যাদৱ, হৰভজন সিং, কৰ্ণ শৰ্মা, পীযুষ চাওলা, অম্বাতি ৰায়ডু, সুৰেশ ৰাইনা, ইমৰান তাহিৰ, দীপক চাহাৰ, ফাফ ডু প্লেছিছ, শাৰদুল ঠাকুৰ, মিছেল ছিণ্টনাৰ, ডোৱাইন ব্ৰাভো, লংগি এনজিদি, শ্যাম কুৰান, মনু কুমাৰ, শ্বেন ৱাটছন, ছাই কিশোৰ ৷
মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা, শ্বেৰফানে ৰাদাৰফৰ্ড, সূর্যকুমাৰ যাদৱ, আনমলপ্রীত সিং, ক্রিছ লিন, সৌৰভ তিৱাৰী, ধাৱাল কুলকাৰ্ণি, যশপ্রীত বুমৰাহ, লাচিত মালিংগা, মিচেল মেকক্লেনাঘন, ৰাহুল চাহাৰ, ট্রেণ্ট বোল্ট, মহচিন খান, প্রিন্স বলবন্ত ৰায় সিং, দিগ্বিজয় দেশমুখ, জয়দিক পাণ্ডিয়া, জয় কাইৰণ পোলার্ড, ক্রুনাল পাণ্ডিয়া, অনুকুল ৰায়, নাথান কুল্টাৰ-নীল, ঈশ্বান কিশান, কুইণ্টন ডি কক, আদিত্য তাৰে ৷ ভাৰতীয় সময় মতে খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব ৷

৩ মাহৰ ভিতৰত খালি পদত নিযুক্তি দিবলৈ আহ্বান মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশত চৰকাৰী চাকৰি নিয়োগৰ পদক্ষেপৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যৰ সকলো বিভাগৰ ওচৰত থকা শূন্য পদৰ সবিশেষ বিচাৰিছে ৷ ৰাজ্যখনৰ ৰাজধানীৰ লোক ভৱনত নিয়োগ আয়োগ আৰু ব’ৰ্ডৰ মাজত হোৱা সভাত এই সিদ্ধান্ত লোৱা হয় ৷ মুখ্যমন্ত্ৰীয়ে কয়, ইতিমধ্যে ৩ লাখ তিনি লাখ নিয়োগ কৰা হৈছে ৷ এনেদৰে অহা তিনি মাহৰ ভিতৰত স্বচ্ছ পদ্ধতিত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ৷ তাৰ পৰৱৰ্তী ছমাহৰ ভিতৰত নিয়োগপত্ৰ বিতৰণ কৰা উচিত ৷ ইউপি লোকসেৱা আয়োগে যিদৰে স্বচ্ছ আৰু ন্যায্য নিয়োগ কৰিছে তেনেদৰে নিযুক্তি সম্পন্ন কৰা উচিত বুলি তেওঁ কয় ৷ এতিয়ালৈকে ১,৩৭,০০০ আৰক্ষী পদ পূৰণ কৰা হৈ আৰু ৫০ হাজাৰ শিক্ষক নিয়োগ কৰা হৈছে ৷ আন বিভাগত এক লাখৰো বেছি শূন্য পদ পূৰণ কৰা হৈছে ৷ 

পৰিয়ালৰ লোক সমবেত হোৱা ক’ভিড- ১৯ সংক্ৰমণৰ এটা প্ৰধান উৎস : ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : পৰিয়ালৰ লোকসকল সমবেত হোৱাটো ক’ভিড-১৯ সংক্ৰমণৰ এটা প্ৰধান উৎস ৷ যোৱা সপ্তাহত এই ৰোগৰ বৃদ্ধি পোৱাত অধিক ত্বৰান্বিত হৈছিল ৷ এই কথা কয় ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰী অলিভিয়াৰ ভেৰানে ৷ প্ৰত্যেকে যদি তেওঁলোকৰ সামাজিক যোগাযোগৰ পৰিমাণ কমাই কৰে, তেন্তে এই ভাইৰাছ কমকৈ বিয়পাত সহায় কৰিব ৷ এক সংবাদ মেলত তেওঁ এনেদৰে কয় ৷ ক’ভিড-১৯ৰ বাবে পৰীক্ষা কৰা ১০০ জনৰ ভিতৰত ৫ জনৰ আহিছে ইতিবাচক ৷ গ্ৰীষ্মৰ আৰম্ভণিতে ১০০ৰ মাজত এজন আছিল বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ ফ্ৰান্সৰ লিৱন আৰু নাইচ মহানগৰত ক’ভিড-১৯ মহামাৰী নিয়ন্ত্ৰণত অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, ভাইৰাছ ‘ৰেড অঞ্চল’ হিচাপে বিবেচিত আন তিনি অঞ্চল যোগ কৰা হৈছে য’ত ইতিমধ্যে অতিৰিক্ত ব্যৱস্থা লোৱা হৈছে ৷ মন্ত্ৰী অলিভিয়াৰ ভেৰানে এই ব্যৱস্থাবোৰ কি হ’ব সেয়া উল্লেখ নকৰিলে ৷ ফ্ৰান্সত এই মাহত ভাইৰাছজনিত ৰোগ পুনৰ আৰম্ভ হৈছে ৷ এই বছৰৰ আৰম্ভণি দিশে ৰেকৰ্ড সংখ্যক বৃদ্ধি পাইছিল ৷ ফ্ৰান্সৰ নাগৰিকৰ উদ্দেশ্যি ভেৰানে কয়, আমি এনে পৰিস্থিতিত আছো, বিশেষকৈ মই যি অঞ্চলবোৰ উল্লেখ কৰিছো, তিত মই কেৱল আপোনালোকে নিজেই দুগুণ কৰাৰ বাবে কৰিছে বুলি ক’ব পাৰি ৷ বিশেষকৈ আপোনলোকে প্ৰতিদিনে যিমান লোক লগ পাই তাৰ সংখ্যা কমাব লাগিব ৷

ঠিকাদাৰৰ গাফিলতিৰ বাবেই নগাঁৱত যুৱকৰ মৃত্যু : উত্তপ্ত পৰিস্থিতি

নগাঁও,১৮ ছেপ্টেম্বৰ: মৰণফান্দত পৰিণত হৈছে নগাঁও চহৰৰ এখন নিৰ্মীয়মান দলং ৷ ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই কালি নিশা এগৰাকী যুৱকে মৃত্যুক সাৱটিবলগীয়া ঘটনা সংঘটিত হল নগাঁৱত । উল্লেখ্য, নগাঁও চহৰৰ মাজমজিয়াৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপতে নতুনকৈ আন এখন দলংৰ নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু দলং নিৰ্মানৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱ কোনো সতৰ্কতামূলক ব’ৰ্ড কিম্বা বেৰিকেড নলগোৱাকৈয়ে দলং নিৰ্মাণৰ বাবে খন্দা গাত উন্মুক্তভাৱে ৰাখি থৈছে। যাৰ ফলতেই কালি নিশা সংঘটিত হয় এক অঘটন ৷ দলং নিৰ্মাণৰ বাবে খান্দি থোৱা গাতটোত পৰি মৃত্যুক সাৱটি লবলগীয়া হয় ছমাদাৰ পট্ৰিৰ ৰণি সৰকাৰ নামৰ যুৱকজনে ৷ কোনো ধৰণৰ সাংকেতিক ব’ৰ্ড বা বেৰিকেড নলগোৱাৰ ফলত যোৱা নিশা ছামাদাৰ পট্টিৰ ৰণি সৰকাৰ নামৰ যুৱকজন বাইকসহ উন্মুক্ত গাতত পৰি মৃত্যুক সাৱটি লবলগীয়া হয় ৷ আজি পুৱাৰ ভাগতহে স্থানীয় লোকে বাইকসহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ ৷ ইপিনে যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় ৰাইজ। আনকি স্থানীয় ৰাইজে দলং নিৰ্মানকাৰী প্ৰতিষ্ঠান খনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ তাৰ পাচতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ চক্ৰ বিষয়া আৰু আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালক ক্ষতিপুৰণ দিয়াৰ লগতে অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

কাগজ কল বচাওক, শ্ৰমিক বচাওক-এ.আই.চি.চি.টি.ইউ

তিনিচুকীয়া : কাগজ কল বচাওক, শ্ৰমিক বচাওক মূল দাবীৰ ভিত্তিত ৰাজ্যিক কাৰ্যসূচীৰ অংশ হিচাপে এ.আই.চি.চি.টি.ইউ আৰু নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) ই যৌথভাৱে আজি তিনিচুকীয়াৰ থানা চাৰিআলিত দাবী দিৱস পালনৰ অৰ্থে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পিছত তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় বুলি এ.আই.চি.চি.টি.ইউৰ ৰাজ্যিক সম্পাদক সুভাষ সেন আৰু আইছাৰ জিলা সম্পাদক সূৰয মাহালিয়ে জানিবলৈ দিয়ে। স্মাৰকপত্ৰৰ মূল দাবীসমূহ হৈছে কেৰালা চৰকাৰৰ দৰে অসম চৰকাৰেও ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা বন্ধ হৈ থকা কাছাৰ পেপাৰ কল আৰু ২০১৭ৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা নগাঁও কাগজ কল দুটাক ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ কাৰণে উদ্যোগ লওক, শ্ৰমিক কৰ্মচাৰীৰ ৪৫ মাহৰ দৰমহা মোকলাই দিয়ক, বন্ধ কাগজ কল খোলা হ’ব বুলি বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰক, ৰাজ্য চৰকাৰে ২১ ছেপ্তেম্বৰৰ আগত কাগজ কল দুটা পুনৰুজ্বীৱিতকৰণৰ নিৰ্দ্দিষ্ট প্ৰস্তাৱ এনচিএলটি লৈ প্ৰেৰণ কৰক, সংস্থাপন বন্ধ নহয় ন ন সংস্থাপন ক্ষেত্ৰ সৃষ্টি কৰক, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্যহতে ঘোষণা কৰা ১২ হাজাৰ কোটি টকা পেকেজৰ পৰা কেৱল ১২শ কোটি টকা কাগজ কল দুটাক উৎপাদনক্ষম কৰাৰ কাৰণে ব্যয় কৰক, আৰু সদ্দিচ্ছা প্ৰকাশ কৰক ইত্যাদি। আজিৰ কাৰ্যসূচীত নেতৃত্ব দিয়াসকলৰ ভিতৰত প্ৰগতিশীল নাৰী সন্থাৰ জিলা সম্পাদিকা তথা ৰাজ্য সমিতিৰ সদস্যা শিখা দাস, আইছাৰ জিলা সভাপতি বিশাল কল, মনোজ হাজৰিকা, সুখু মাহালি আৰু ব্ৰীজ প্ৰধান আদি। যৌথ বিবৃতিটোত উল্লেখ কৰা হয় যে মিল দুটা বন্ধ হৈ পৰাৰ ফলত প্ৰায় ৪৪০০ জন শ্ৰমিক কৰ্মচাৰীৰ জীৱনে অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। তদুপৰি পৰোক্ষভাৱে শ শ ঠিকাদাৰ, হাজাৰ হাজাৰ বাঁহ খেতিয়ক আৰু বাঁহ সৰবৰহকাৰী আৰু আন আন সামগ্ৰীৰ যোগান ধৰোতা সৰ্বমুঠ প্ৰায় দুই লাখ মানুহৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিছে। জাগীৰোড আৰু পাঁচগ্ৰামৰ টাউনশ্বিপ দুখনো লাহে লাহে ধ্বংসস্তূপত পৰিণত হোৱাৰ পথত। আটাইতকৈ মৰ্মান্তিক বিষয় হৈছে ৪৫ মাহ ধৰি দৰমহা নোপোৱাৰ ফলত এজন বিষয়া সহ ৩ জনে আত্মহত্যা কৰিছে আৰু চিকিৎসা তথা খাদ্যৰ অভাৱত আৰু ৬৮ জন সহ সৰ্বমুঠ ৭১ জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক উদ্যোগ মন্ত্ৰীয়ে এবাৰ বিধানসভাত কাগজ কল দুটাৰ কাৰণে ১৯০০ কোটি টকা মোকলাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া সত্বেও সকলো ফুটুকাৰ ফেন হ’ল। অতি ক্ষীণ হ’লেও আশাৰ কথা যে নেচনেল কোম্পানী ল ট্ৰাইবুনেলে মিল দুটাৰ ভৱিষ্যৎ নিৰূপণৰ বাবে চূড়ান্ত ৰায় দিয়াৰ তাৰিখ ২১ ছেপ্তেম্বৰলৈকে পিছুৱাই দিছে আৰু ৰাজ্য চৰকাৰে এক মাহৰ সময় বিচাৰিছে। ৰাজ্য চৰকাৰে মিল দুটাক পুনৰুজ্জীৱিত কৰণেৰে যুৱক যুৱতীৰ কৰ্ম সংস্থানৰ দুৱাৰ মুকলি কৰিব বুলি শ্ৰমিক কৰ্মচাৰী, ৰাইজ আৰু নিবনুৱা যুৱক-যুৱতীয়ে আশাৰে বাট চাই আছে বুলিও বিবৃতিটোত আশাবাদ ব্যক্ত কৰা হৈছে।

টিংখাঙৰ জ্যেষ্ঠ শিক্ষক বিদুৰ প্ৰসাদ শৰ্মালৈ জিলা কৃতী শিক্ষকৰ সন্মান

টিংখাং : ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নাওজান মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদুৰ প্ৰসাদ শৰ্মালৈ শিক্ষা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে আগবঢ়াইছে কৃতী শিক্ষকৰ বঁটা। শিক্ষা জগতলৈ প্ৰশংসনীয় অৱদান আৰু উল্লেখনীয় সেৱাৰ স্বীকৃতি সৰূপে আদৰ্শ শিক্ষক বিদুৰ প্ৰসাদ শৰ্মাক কৃতী শিক্ষকৰ সন্মান প্ৰদান কৰি যোৱা ৫ ছেপ্টেম্বৰ ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শৰ্মাক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। ডিব্ৰুগড় জিলা কেন্দ্ৰীয় শিক্ষক দিৱসৰ উপলক্ষে অনুষ্ঠিত উক্ত অনুষ্ঠানতে জিলাখনৰ বহুকেইগৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। টিংখাঙৰ শুকানী গাঁৱত জন্মগ্ৰহণ কৰা বিদুৰ প্ৰসাদ শৰ্মাৰ পিতৃৰ নাম দুৰ্গা প্ৰসাদ শৰ্মা আৰু মাতৃৰ নাম ৰেনুকা দেৱী।শৰ্মাই ১৯৯২ চনত প্ৰথম টিংখাঙৰ শ্ৰীশ্ৰীমাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৯৫ চনৰ জানুৱাৰীত নাওজান মজলীয়া বিদ্যালয়লৈ বদলি হয় আৰু ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেখেতে শিক্ষকতাৰ লগতে বিভিন্ন কাকত আলোচনীত লেখা মেলা কৰাৰ উপৰি স্হানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত। তেখেতে বৰ্তমান তিলৈ নগৰ সাৰ্বজনীন শিবালয় পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপে সুদীৰ্ঘ ১০ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে তিলৈনগৰ দুৰ্গা মন্দিৰ পৰিচালনা সমিতি, ভানু অধ্যয়ন চক্ৰ, সাহিত্য সভা, ক্ৰীড়া প্ৰকল্প, বিজ্ঞান শিক্ষক সন্হা, স্থানীয় বিভিন্ন জনগোষ্ঠীৰ অনুষ্ঠান, শিশু সমাৰোহ, বিহু সন্মিলন আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত।

অখিল গগৈৰ মুক্তি কেতিয়া ?

আকাশ হাজৰিকা

আজিৰ দিনত সকলো দেশপ্ৰেমিক অসমীয়াৰ মনত এটাই প্ৰশ্ন যে অখিল গগৈৰ মুক্তি কেতিয়া ? মুক্তিৰ দিনটোলৈ সকলোৰে উৎকণ্ঠা। কিন্তু চৰকাৰ এই বিষয়ত যেন চকু মুদা কুলিৰ ভাৱত। এটাৰ পাছত আনটো গোচৰ জাপি দি অখিলৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ আৰু কিমান দিনলৈ চলিব ? কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা অসমৰ ইতিহাসৰ এজন সৰ্বকালৰ গুৰুত্বপূৰ্ণ সংগ্ৰামী নেতা অখিল গগৈ কাৰাৰুদ্ধ হোৱাৰ ৯ মাহ অতিক্ৰম কৰিলে। যোৱা ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা তেওঁ কাৰাবন্দী হৈ আছে। আমাৰ জাতীয় জীৱনত বিদেশী আৰু বহিৰাগতৰ দপদপনি আমি কেতিয়াও নিবিচাৰোঁ। সেয়ে অসমত এনে কোনো দেশপ্ৰেমিক অসমীয়া নাই যিয়ে ‘কা’ বিৰোধিতাৰে এবাৰলৈ হ’লেও নিজা ধৰণে প্ৰতিবাদ কৰা নাই। তেন্তে কেৱল জননেতা অখিল গগৈৰ ওপৰতে এই শাস্তি কিয় বিহা হ’ল? তেওঁক ইমান দিনে জেলত বন্দী কৰি থোৱাৰ কাৰণটো কি? ‘কা’ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰাই তেওঁৰ অপৰাধ আছিল নেকি? অসমত আমি আজিলৈকে এনেকুৱা এজন জননেতা পোৱা নাই যিয়ে অখিল গগৈৰ দৰে অসমীয়া জাতি আৰু অসমৰ জনগণৰ সকলো বিপদৰ সময়তে ৰাইজৰ হৈ জনগণৰ শত্ৰুৰ বিৰুদ্ধে ঠিয় দিছে। অখিল গগৈ এপিএছচিৰ দুৰ্নীতি, নদীবান্ধৰ দৰে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে মাত মাতি আহিছে। তেওঁ জেলৰ বাহিৰত থাকোতে যেতিয়া চৰকাৰে ট’লগেট স্থাপন কৰি ৰাইজৰ পৰা লুন্ঠন কৰিবলৈ আগবাঢ়িছিল তেতিয়া তেওঁৰ প্ৰতিবাদী কণ্ঠত চৰকাৰে হাৰ মনা কথাটো প্ৰতিজন অসমীয়াৰ আজিও মনত আছে। তেওঁ আজি এটাৰ পাছত আনটো বেমাৰত আক্ৰান্ত হৈ তিল তিলকৈ বন্দীত্বৰ দিন কটাইছে। কেইদিনমান পূৰ্বে অখিল গগৈ জেলৰ পৰাই অসমৰ সকলো জাতীয় দল-সংগঠনক আহ্বান কৰি এটাই ঐক্যবদ্ধ শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ প্ৰস্তাৱ দিছে যাতে সামাজিক ক্ষতি সাধন কৰা তথা অসমীয়া ৰাইজৰ দুখ-দুৰ্দশা উপলব্ধি কৰিব নোৱৰা চৰকাৰখনক নিৰ্বাচনত সহজতে প্ৰতিহত কৰিব পাৰি। তেনে স্থলত শাসনাধিষ্ঠ চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই নিৰ্বাচন পৰ্যন্ত অখিল গগৈক বন্দী কৰি ৰখাৰ কু-অভিসন্ধি ৰচনা কৰিছে নেকি? পাৰিলে অভি-নীল, সনাতন ডেকাহঁতৰ দৰে নিৰীহৰ হত্যাকাৰীক তৎকালীনভাৱে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক। ইফালে শাসকীয় দলৰে উচতনিমূলক মন্তব্য দিয়া মৃণাল শইকীয়া, সত্যৰঞ্জন বৰাহঁতৰ দৰে এটাৰ পাছত আনটো সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কেইজনৰ ওপৰত বিহিত ব্যৱস্থা নলয় কিয় চৰকাৰে? নে চৰকাৰী পক্ষৰ লোকৰ বাবে আইনখন বেলেগ নেকি? চৰকাৰে এনেকৈ এজন নিৰ্দোষীক দোষী সজাবলৈ চেষ্টা কৰি সহজতে নিৰ্বাচনত জয়ী হ’ম বুলি ভাবিছে নেকি? এনে অৱস্থাত সকলো খিলঞ্জীয়া অসমীয়াই অখিল গগৈৰ মুক্তিৰ বাবে মাত মতাটো অতি গুৰুত্বপূৰ্ণ আৰু লগতে অখিল গগৈক আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আমি সকলোৱে যিমান পাৰো সিমান আৰ্থিক সহায় আগবঢ়োৱা উচিত যাতে অহা নিৰ্বাচনত আমি এই জাতিদ্ৰোহী শাসনাধিষ্ঠ চৰকাৰখনক সহজে ওফৰাই পেলাব পাৰোঁ।