Home Blog Page 3187

তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি : নগাঁৱৰ অন্তিম ফলাফল

তিৱা পৰিষদত অপ্ৰতিৰোধ্য বিজেপি

আজি আনুষ্ঠিত হৈ আছে তিৱা পৰিষদৰ নিৰ্বাচনৰ ভোটগননা । নগাঁৱৰ অন্তিম ফলাফলত অপ্ৰতিৰোধ্য ৰূপত বিজেপি ।

23 নং জৰাবাৰী সমষ্টি বিজেপিৰ গীতামণি কলিতা ভূঞা জয়ী।

21 নং টোপাকুছী সমষ্টিত বিজেপিৰ সুৰুজ কোঁৱৰ জয়ী।

25 নং চহৰী সমষ্টিত বিজেপিৰ মোহন সেনাপতি জয়ী।

30 নং নামবৰ লালুংগাওঁ সমষ্টিত বিজেপিৰ ইন্দ্ৰ বৰদলৈ জয়ী।

31 নং লালুংপাৰ সমষ্টিত বিজেপিৰ মদন বৰদলৈ জয়ী।

24 নং জোঙালবলহু সমষ্টিত বিজেপিৰ প্ৰনবজ্যোতি মছৰঙ জয়ী।

28 নং লাটুমাৰী সমষ্টিত বিজেপিৰ বিতু বৰদলৈ জয়ী।

29 নং কমাৰগাও সমষ্টিত বিজেপিৰ অজিত পাটৰ জয়ী।

20 নং বাৰেপূজীয়া সমষ্টিত  বিজেপিৰ কমল বৰদলৈ জয়ী।

22 নং পুখুৰী পাৰ সমষ্টিত বিজেপিৰ বিশ্বজ্যোতি পাটৰ জয়ী।

ডিব্ৰুগড় জিলাত এন পি এছ কৰ্মচাৰী সন্থাৰ ব্যাপক সজাগতা : তেজপুৰত আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, জানুৱাৰীত ৰাজ্যিক অভিবৰ্তন

মদাৰখাত, ১৯ ডিচেম্বৰ :  ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ডিব্ৰুগড়ত ব্যাপক ৰূপত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ব্যাপক হাৰত সজাগতা সৃষ্টা কৰা পৰিলক্ষিত হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিক কৰ্মচাৰীসকলৰ কল্যানাৰ্থে নহয় বুলি সন্থাই অভিহিত কৰি পুনৰ পুৰণি পেঞ্চন নীতিৰ আধাৰত সুবিধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত ডিব্ৰুগড়ৰ নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ত এখন সজাগতা সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পল্লৱ শইকীয়াই। জিলা সম্পাদক মনোজ মহনে এন পি এছৰ সন্দৰ্ভত তেখেতৰ অভিজ্ঞতা ব্যক্ত কৰে। ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনে সাংগঠনিক ভেঁটিৰ লগতে এন পি এছৰ সলনি এক সুৰক্ষিত ব্যৱস্থালৈ অনাৰ বাবেহে সংগঠনে মাত মাতি আহিছে আৰু আহিব বুলি অৱগত কৰে। চৰকাৰে পেঞ্চন ব্যৱস্থাৰ সুবিধা পুনৰ বাহাল ৰাখিবলৈ আহ্বান জনায়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে সমল ব্যক্তি ৰূপে উপস্থিত থাকি নতুন পেঞ্চন নীতিৰ সমূহ তথ্য বিতংকৈ বিশ্লেষণ কৰি ইয়াৰ ভয়াবহতাৰ সম্পৰ্কত আলোকপাত কৰে। পশ্চিমবংগত আজিও পুৰণি পেঞ্চন নীতি বাহাল থকাৰ কথাটোৱে ই ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ কথাটো নিহিত হৈ আছে। ভৱিষ্যতত নতুন পেঞ্চন নীতিৰে যি হ’ব তাৰে অৱসৰকালীন সময়ত কিন্তু ভীষণ অসুবিধাই দেখা দিয়াৰ কথা উল্লেখ কৰে নতুন পেঞ্চন নীতিত যি পৰিমাণৰ মাহিলী ধন পাব সেয়া নিৰ্দ্ধাৰিত আৰু একেবাৰে কম। পুৰণি পেঞ্চন আৰু নতুন পেঞ্চন নীতিৰ তুলনামূলক আলোচনা আগবঢ়াই গগৈয়ে চৰকাৰক কৰ্মচাৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাত মত পোষণ কৰে। সম্প্ৰতি কিন্তু বিধায়ক, সাংসদ এবাৰ নিৰ্বাচিত হ’লেই পুৰণি পেঞ্চনৰ অধীনত সুবিধা গ্ৰহণ কৰি আহিছে। সেয়েহে সকলো কৰ্মচাৰীকো ইয়াৰ আওতালৈ অনাৰ পোষকতা সকলো কৰ্মচাৰীয়ে কৰিছে। ডিব্ৰুগড় জিলাৰ মুখ্য সংগঠক সুকুমাৰ ঘোষে এজন কৰ্মচাৰীয়ে এন পি এছৰ অধীনত কেনেধৰণৰ সা সুবিধা লাভ কৰিব তাক বিতংকৈ অৱগত কৰায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে জিলা সমিতিয়ে পুৰণি পেঞ্চনৰ লগতে গ্ৰেচুইটি আদিৰে এখন দাবী চনদ প্ৰস্তুত কৰি চৰকাৰ আৰু জনপ্ৰতিনিধিক প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়। উপস্থিত ৰাইজৰ হৈ ৰঞ্জিত কলিতাই বক্তব্য আগবঢ়ায়।নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ৰ উপাধ্যক্ষা মানসী গগৈ বৰগোঁহাই উপস্থিত থাকে। সভাতেই সীতাৰাম ছেত্ৰীক সভাপতি, ভদ্ৰেশ্বৰ বৰুৱাক উপ সভাপতিক, দীপশিখা শইকীয়াক সম্পাদক, গুঞ্জণ কুমাৰ চাংমাইক সহ সম্পাদক হিচাপে বৰবৰুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা বিজেপিলৈ যোৱাটো নিচ্ছিত কৰিলে কংগ্ৰেছ দলে

সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ গোলাঘাটৰ ঘৰত উপস্হিত ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া । ৰ’জলীনা তিৰ্কীৰ ঘৰত হৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যঃ অজন্তা নেওগৰ লগতে ৰাজদ্বীপ গোৱালা যাব বিজেপিলৈ । এই কথা কোনো বিৰুধী দলৰ মন্তব্য নহয় । এই কথা স্পষ্ট কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক পত্ৰযোগে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক  জিলা সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি জানিবলৈ দি ৰূপজ্যোতি কুৰ্মীয়ে কয় “নতুন বছৰত কংগ্ৰেছ দল নতুন ৰূপত উদ্ভাসিত হোৱাতো বিচাৰো। APCC ৰ সভাপতি কোন হয় নাজানো। ৰূপজ্যোতি কুৰ্মী, দেৱব্ৰত শইকীয়া, ৰ’জলীনা তিৰ্কী এজনো নাযায় BJP লৈ। অজন্তা নেওগৰ পাছত লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা যাব। আৰু কোনো নাযায়” ।

ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে, “২১ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি প্ৰথমে কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি কৰি বিজেপি লৈ যোৱা সকলক ৫ দিনৰ ভিতৰত জেললৈ পঠাব।”

অজন্তা নেওগে কংগ্ৰেছৰ দিনত হোটেল ল’লে, জীম খুলিলে, হেঙেৰাবাৰীত মাটি ল’লে, GMCH ৰ ওচৰত মাটি ল’লে, ফ্লেট কিনিলে, টকা পইছা কৰিলে। বহু দুৰ্নীতি কৰিলে। আৰু বিজেপিয়ে দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপি গমণ অজন্তা নেওগৰ – ৰূপজ্যোতি কুৰ্মী ।

ৰূপজ্যোতি কুৰ্মীয়ে কয়, “কংগ্ৰেছ দল আমাৰ মা । মাৰ এতিয়া অসুখ হৈছে । এনে অৱস্থাত নিৰ্লজ, চৰিত্ৰহীন সকলেহে মাকক এৰি যায় । অজন্তাক বেয়াকৈ গালি ৰূপজ্যোতিৰ।”

বিজেপিত যোগদানৰ পূৰ্বেই অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ

চৰ্চা অনুসৰি, ২৬ ডিচেম্বৰত গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে! কেইদিনমান আগত বিধায়িকা গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক সাক্ষাত কৰিছিল। যোগদানৰ বিষয়টো এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও  ইতিমধ্যেই কংগ্ৰেছৰ পৰা অপসাৰণ কৰা হৈছে অজন্তা নেওগক।

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বৃহস্পতিবাৰে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপনে বৈঠকত বহাৰ খবৰ সদৰি হোৱাৰ পিছতে আজি শুকুৰবাৰে এই পদক্ষেপ গ্ৰহণ কৰে কংগ্ৰেছে। 

আনহাতে আন কেইবাজনো কংগ্ৰেছৰ অন্য বাঘা বাঘা শীৰ্ষ নেতা বিজেপিলৈ যাব বুলি চৰ্চা চলি আছে ।

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷

সংবাদমেল খনত সোনেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান, সমুদ্ৰজিৎ গোঁহাই, প্ৰণৱ দলে, আৰু ধ্ৰুৱজ্যোতি সাহাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ বিশিষ্ট সমাজকৰ্মীকেইগৰাকীৰ অভিযোগ “কনডেনচেট ব্যৱহাৰৰ দৰে অতি স্পৰ্শকাতৰ বিষয়টোক লুকুৱাই অইলে অবৈধভাৱে চলোৱা খননৰ বাবেই ভয়াবহ বাঘজান কাণ্ড সংঘটিত হৈছিল ।

উল্লেখ্য যে বাঘজান কাণ্ড সম্পৰ্কত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অইল ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু তৰিছিল বোকাখাতৰ সোণেশ্বৰ নৰহ, মঃ আফ্ৰিন ৰহমান আৰু সমুদ্ৰজিৎ গোঁহায়ে ৷

দোষী অইলৰ বিষয়াক হাতকেৰীয়া লগাই ৰাইজৰ আদালতত বিচাৰৰ বাবে হাজিৰ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক সংবাদমেলৰ যোগেদি আহ্বান জনায়৷ অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানৰ বিস্ফোৰণ আৰু তাৰ ফলস্বৰূপে ৮ জুনত সংঘটিত অগ্নিকাণ্ডৰ সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলত (ইষ্টাৰ্ণ জন বেঞ্চ) ২৭ জুনত এক গোচৰ ৰুজু কৰে।

সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে ইতিমধ্যে ন্যায়ালয়ে প্ৰকাশ কৰিছে যে বাঘজানৰ খাদ কোনো সাধাৰণ গেছ খাদ নহয়, বৰঞ্চ ই গেছ কনডেনচেট খাদ। কৰ্তৃপক্ষ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আগতেই বিশেষভাৱে ইয়াৰ যত্ন আৰু সাৱধানতা লোৱাটো নিশ্চিত কৰিব লাগিছিল।

এতিয়াও শেষ হোৱা নাই হোটেল ৰাজনীতি : এইবাৰ হোটেল তাজত হাগ্ৰামা সৈতে হিমন্তৰ বৈঠক

বিটিচিৰ আচল কিংমেকাৰ কোন ? হিমন্ত বিশ্ব শৰ্মা নে হাগ্ৰামা মহিলাৰী ? কালি নিশা হোটেল তাজত গোপন বৈঠকত মিলিত হল হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচিত চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰাৰ পিছতো হাগ্ৰামাৰ সৈতে বৈঠকত মিলিত হবলৈ বাধ্য হল হিমন্ত বিশ্ব শৰ্মা ।

আনহাতে, ন্যায়ালয়ৰ ফালৰ পৰা প্ৰমোদ বড়োৰ পৰিষদলৈ আহিছে প্ৰত্যাহ্বান। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিৰ নৱ নিৰ্বাচিত পৰিষদক কাম-কাজত স্থিতাৱস্থা ঘোষণা কৰিছিল । এই হোটেল ৰাজনীতিৰ ইয়ো এক মুখ্য কাৰন বুলি ধাৰনা কৰা হৈছে ।

এই গোপন বৈঠকৰ প্ৰকৃত উদ্দেশ্য কি সময়েতহে জানিব পৰা হব ।

চিআইডিয়ে দাখিল কৰিলে SI নিযুক্তি কেলেংকাৰীৰ ৩৬ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা

ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী তদন্ত প্ৰায় সম্পূৰ্ণ ৷ SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে। বিশেষ আদালতত চাৰ্জশ্বিট দাখিল চিআইডিৰ। তিনিমাহ সম্পূৰ্ণ হোৱাৰ দুদিন পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে।

১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ। চাৰ্জশ্বিটত আছে ৩৫ গৰাকী সাক্ষীৰ CrPCৰ 164 জবানবন্দী, ৫ জন অভিযুক্তৰ CrPCৰ 164 জবানবন্দী৷ লগত আছে ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন৷ চাৰ্জশ্বিটৰ লগত ৪০০০ পৃষ্ঠাৰ নথি সংলগ্ন কৰি দিয়া হৈছে।

নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল, ঘৰৰ ভিতৰত মাক-দেউতাকক হত্যা কৰি আছিল প্ৰেমিকে

ইণ্ডোৰৰ ৰুক্মিণী নগৰত বাসকৰা এছএএফ’ত চালক জ্যোতি প্ৰসাদ শৰ্মা আৰু তেখেতৰ পত্নী নীলমক তেওঁলোকৰ নিজৰেই নাৱালিক কন্যা আৰু তেওঁৰ প্ৰেমিকে পৰিকল্পিত ভাৱে হত্যা কৰে ।

অভিযুক্ত নাৱালিক কন্যাৰ বয়স ১৭ বছৰ আৰু তেওঁ একাদশ শ্ৰেনীত পঢ়ি আছে । তেওঁৰ প্ৰেমিক গৰাকীৰ নাম ধনঞ্জয় য়াদৱ । যোৱা বৃহস্পতিবাৰে মাজ নিশা আৰক্ষীয়ে দুয়োকে শুধা পোচা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ।

হত্যাৰ ঘটনাটো সংঘটিত কৰা হৈছিল পুৱা প্ৰায় ৫ বজাত । হত্যাৰ বাবে চোকা অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল । যি সময়ত নিজৰ পিতৃ আৰু মাতৃক ভিতৰত প্ৰেমিকে হত্যা কৰি আছিল সেই সময়ত নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল ।

হত্যা কাণ্ডৰ সময়ত ঘৰৰ ভিতৰৰ পৰা চিঞৰ শুনি ওচৰ চুবুৰীয়া সাৰ পাই আৰু যুৱতী গৰাকীক কিহৰ চিঞৰ বাখৰ হৈ থকা বুলি শোধাত যুৱতী গৰাকীয়ে দেউতাকে সুৰা পান কৰি আহি মাকৰ লগত কাইজীয়া কৰি আছে বুলি জানিবলৈ দিয়ে । তাৰ পিছত চুবুৰীয়া নিজৰ নিজৰ ঘৰলৈ উভতি যায় ।

ৰাতিপুৱা ৮ বজাত দুয়োৰে মৃতদেহ চাদৰৰে মেৰিয়াই থোৱা অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হয় । প্ৰেমিক ধনঞ্জয়ৰ পিতৃ সেই অঞ্চলৰ পূৰ্বৰ উপ চৰপঞ্চ আছিল বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ মতে, সম্পূৰ্ণ হত্যা কাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল । হত্যা কাণ্ডৰ আগত ঘৰৰ চিচিটিভি কেমেৰা বন্ধ কৰি লোৱা হৈছিল । হত্যাৰ পিছৰে পৰা কন্যা গৰাকীৰ ম’বাইল বন্ধ হৈ আছে ।

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইত কম্বল বিতৰণ কাৰ্য্যসূচী

হোজাই, ১৮ ডিচেম্বৰ: শুক্ৰবাৰে হোজাইত সাংসদ মৌলানা বদৰুদ্দিন আজমলে বিতৰণ কৰিলে কম্বল, হোজাইৰ দেশবন্ধু বিদ্যাপীঠৰ স্বৰ্ণজয়ন্তী ভবনত আজমল ফাউণ্ডেচনৰ উদ্যোগত শীতৰ কাপোৰ বিতৰণ কাৰ্য্যসূচী সুভাৰম্ভ কৰা হয় ৷ প্ৰচণ্ড শীতৰ সময়ত দৰিদ্ৰ লোকসকলক সামান্য সকাহ দিয়াৰ উদ্দেশে ইউ কেৰ ইছা ফাউণ্ডেচন (ISSA Foundation, UK) দ্বাৰা দান প্ৰাপ্ত আৰু মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে গ্ৰহণ কৰিছে এই কাৰ্যসুচী ৷ উপস্থিত সাংবাদিক সকলৰ আগত বদৰুদ্দিন আজমলে মন্তব্য আগবঢ়াই কয় যে ফাউণ্ডেচনৰ উদ্যোগত প্ৰত্যেক বছৰৰ শীতৰ বতৰত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰাজ্যৰ প্ৰায় এক লাখ লোকক কম্বল বিতৰণ কৰা হয় আৰু এই বেলি হোজাইৰ অমুছলমান অঞ্চলৰ প্ৰায় ৫০০ গৰাকী দৰিদ্ৰ লোক সকলক একোখনকৈ উন্নত মানদণ্ডৰ কম্বল বিতৰণ কৰাৰ ওপৰিও প্ৰকৃত হিতাধীকাৰী সকল যদি ৰৈ গৈছে তেওঁলোককো পৰবৰ্ত্তী  সময়ত দিয়া যাব বুলি জনায়। বিতৰণী অনুষ্ঠানত সাংসদ বদৰুদ্দিন আজমলে নিজৰ ভাষণত কয় যে আজমল ফাউণ্ডেশ্বন, মৰ্কজুল মা-আৰিফ আৰু হাম হস্পিটেলে বিগত প্ৰায় ২৫ বছৰৰ পৰা জনসেৱাৰ বাবে কাম কৰি আছে আৰু কৰি যাব। তাৰ বাবে সকলোৰে সাহায় সহযোগীতা আৰু আৰ্শীবাদ বিচাৰে। আনহাতে ৰাজনৈতিক ভাৱে আক্ৰমন কৰা সকলৰ প্ৰতি মনযোগ নিদি নিজৰ কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে ৰাষ্টাত গলে বহুতে ভুকিব বুলিও তাৎপৰ্য্য মন্তব্য আগবঢ়ায়। কম্বল বিতৰণী অনুষ্ঠানত আজমলৰ উপৰিও উপস্থিত থাকে হোজাইৰ বিশিষ্ট সমাজ সেৱক কমল দত্ত, প্ৰমোদ ৰঞ্জন দাস, হোজাই সাহিত্য সভাৰ উপ সভাপতি পদ্মকান্ত নাথ, আজমল ফাউণ্ডেশ্বনৰ কৰ্নেল (প্ৰাক্তন) সমিৰ কাঞ্জিলাল, মৌলানা অজিৰ উদ্দিন আদি অনান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। আজমল ফাউণ্ডেচনৰ এনে পদক্ষেপক শলাগ লৈছে সচেতন মহলে ৷

নগাঁৱৰ নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুৱালিত ১০৮ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে । সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ২০২১ বৰ্ষৰ ১৩, ১৪, ১৫, ১৬ আৰু ১৭ জানুৱাৰীত ৫দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঐতিহ্যমণ্ডিত এই ভোগালী বিহু উৎসৱ উদযাপনৰ বাবে নগাঁৱৰ বিশিষ্ট নাগৰিক ৰঞ্জিত কুমাৰ তামুলি ফুকনক সভাপতি, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কাৰ্যকৰী সভাপতি আৰু জয়ন্ত বৰা, ৰঞ্জিত বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই ভোগালী বিহু উৎসৱত সকলোৰে সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।