দৈনন্দিন বাৰ্তা ডেস্ক : ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ছুৰাটৰ নাগৰিক, বিভিন্ন সংগঠন আৰু ব্যৱসায় গোটে ছুৰাট মহানগৰখনত ৭০ হাজাৰ গছপুলি ৰোপণ কৰিবলৈ আঁচনি হাতত লৈছে ৷ ছুৰাট মহানগৰৰ উপ মেয়ৰ নিৰব শ্বাহে সংবাদ মাধ্যমক কয়, আমি ১৫ দিনৰ আগৰে পৰা এই কাম আৰম্ভ কৰিছো ৷ মই ভাবো ১৬ ছেপ্টেম্বৰৰ ভিতৰত ৭০ হাজাৰ গছপুলি ৰোপন কৰা হ’ব ৷ প্ৰধানমন্ত্ৰীয়ে সদায় কয় এনে এটা কাম কৰি জন্মদিন উদযাপন কৰিবলৈ আহ্বান জনায় যিটোৰে জনগণৰ উপকাৰ হয় ৷ সেয়ে এই সময়ত আমি মহানগৰখনত ৭০ হাজাৰ গছপুলি ৰোপনৰ ধাৰণাটো লৈছো, যাৰ দ্বাৰা অক্সিজেন বৃদ্ধি কৰিব আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপকাৰ হ’ব ৷ গছপুলি ৰোপণ কৰি বস্ত্ৰ মহানগৰী ছুৰাটখন সেউজীয়া আৰু প্ৰদূষণ মুক্ত কৰাৰ ধাৰণা কৰা হৈছে ৷ এই কাম ১৫ দিনৰ আগতে আৰম্ভ কৰা হয় বুলি উপ মেয়ৰজনে কয় ৷ ১৬ ছেপ্টেম্বৰত তেওঁলোক ৭০ হাজাৰ গছপুলি ৰোপন কৰাৰ লক্ষ্যত উপনীত হ’ব ৷ ১৭ ছেপ্টেম্বৰৰ পাচত তেওঁলোকৰ লক্ষ্য অধিক কৰিবলৈ গছপুলি ৰোপণ কৰিব যাৰ দ্বাৰা মহানগৰীৰ বাসিন্দাসকলৰ উপকাৰ হ’ব ৷ এই কাৰ্যত বিভি সংস্থা আৰু ব্যৱসায় গোটে সহযোগ কৰে ৷ আনহাতে সোমবাৰে কে পি শ্বাংভি এণ্ড ছনছে ৫০০ গছপুলি ৰোপন কৰাৰ লগতে পানী দিয়াৰ উপৰি সুৰক্ষাৰ ব্যৱস্থা কৰে ৷
অনলাইন যোগে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ষান্মাযিকৰ চূড়ান্ত পৰীক্ষা সম্পন্ন
নগাঁও : বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন নীতি-নিৰ্দেশনা অনুসৰি নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিগত ১ ছেপ্তেম্বৰৰ পৰা অনলাইনযোগে আৰম্ভ হোৱা বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ১৪ তাৰিখে সুকলমে সম্পন্ন হৈ যায়। অতিমাৰী ক’ভিড-১৯ সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ে অনলাইনযোগে সম্পন্ন কৰা ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাসমূহত ৯৯.৯ শতাংশ ছাত্ৰ-ছাত্ৰী সুকলমে অৱতীৰ্ণ হয়। ব্যক্তিগত অসুবিধাৰ বাবে ইয়াৰে ০.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিব নোৱাৰাৰ কথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে। উল্লেখ্য যে যোৱা ১ ছেপ্তেম্বৰৰ পৰা অনলাইনযোগে স্নাতকোত্তৰ মহলাৰ দ্বিতীয় আৰু চূড়ান্ত ষান্মাষিকৰ পৰীক্ষা সুকলমে অনুস্থিত কৰাৰ লগতে এম.ফিল আৰু পিএইচডি পাঠ্যসূচীৰ কৰ্চৱৰ্কৰ ষান্মাষিক পৰীক্ষাসমূহো বিশ্ববিদ্যালয়খনে অনুষ্ঠিত কৰে ৷ বিভিন্ন সীমাবদ্ধতা তথা প্ৰতিকুল পৰিস্থিতিৰ মাজতো অভূতপূৰ্ব একাগ্ৰতাৰে অনলাইন পৰীক্ষাসমূহত সুকলমে অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয়ৰ এই সৎ প্ৰচেষ্টাক সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰাৰ বাবে বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য, পঞ্জীয়ক আৰু সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকে ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে এনে প্ৰতিকুল পৰিস্থিটিতো বিশ্ববিদ্যালয়ত উপস্থিত থাকি পৰীক্ষা সুকলমে সম্পন্ন কৰি তোলাত সৰ্বতোপ্ৰকাৰে সহায় কৰা অধ্যাপক-অধ্যাপিকা, বিষয়া কৰ্মচাৰী তথা কাৰিকৰী সহায়ক সকললৈও কৃতজ্ঞতা জ্ঞাপন কৰা হয়। বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য ড০ হিতেশ ডেকাই এই সন্দৰ্ভত মন্তব্য কৰে যে – “আমি সকলোৱে বৰ্তমান পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল’ব পাৰিলেহে সামাজিক তথা শৈক্ষিক দিশত আগুৱাই যাবলৈ সক্ষম হ’ম। অন্যথা আমাৰ শৈক্ষিক ব্যৱস্থাটো একেবাৰে স্থৱিৰ হৈ পৰিব। আমাৰ সকলোৰে যথেষ্ট সীমাবদ্ধতা আছে। তথাপিও আমি এই সীমাবদ্ধতাৰ মাজেৰেই সীমিত প্ৰযুক্তিৰেই আগুৱাই যাব লাগিব। এই অগ্ৰগামীতা আমাৰ সকলোৰে পাথেয় হওঁক” । চলিত মাহতে বিশ্ববিদ্যালয়ৰ সমূহ পৰীক্ষাৰ ফলাফলসমূহ প্ৰকাশ পাব বুলি সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠকে জানিবলৈ দিছে ৷
নাজিৰা-শিৱসাগৰ সংযোগী ৰাজপথত তীব্ৰবেগী ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত
গেলেকী : নাজিৰা-শিৱসাগৰ সংযোগী মুখ্য ৰাজপথত তীব্ৰবেগী শিলৰ ডাম্পাৰৰ দৌৰাত্ম। ১৪ ছেপ্তেম্বৰৰ আবেলি সিংহদোৱাৰত তীব্ৰবেগী এখন শিলৰ ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱায় এটা বিদ্যুতৰ খুটাত খুন্দিয়াই বাগৰি পৰে খেতি পথাৰত। বিগত দীৰ্ঘদিনে উক্ত ৰাজপথটো সুচল নাছিল। যদিও নাজিৰা বালিঘাটৰ পৰা শিৱসাগৰ সংযোগী পথটো যাতায়তৰ সুবিধাৰ বাবে পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নোহোৱাত একাংশ শিল কঢ়িওৱা ডাম্পাৰ চালকে নিজা মইমতালিৰে মুখ্য ৰাজপথত তীব্ৰ বেগেৰে দৈনিক বিপদৰ ঘণ্টা অব্যাহত আছে। প্ৰতিদিনে গতিবেগ বৃদ্ধি হৈ পাইছে কম বয়সীয়া বহু ডাম্পাৰ চালকে বিপদজনকভাৱে প্ৰতিটো দিনতে এই পথৰে নিয়ন্ত্ৰণহীন ভাৱে ডাম্পাৰ চলাই নিজৰ লগতে আন পথাচাৰীলৈ বিপদ কঢ়িয়াই অনা দেখা পোৱা যায় প্ৰতিটো দিনত। সম্প্ৰতি বহু ডাম্পাৰ চালকে ভৰিত হাৱাই চেণ্ডেল পিন্ধি ডাম্পাৰ চলোৱা দেখিবলৈ পোৱা যায়। কিন্তু এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাওত চেৰেকাপাৰ আৰক্ষী থানা তথা নাজিৰা-শিৱসাগৰ আৰক্ষী প্ৰশাসন। আনহাতে নাজিৰা মহকুমা শিমলুগুৰি, বিহুবৰ ৰমনী আলি পথচোৱা যাতায়তৰ অনুপযোগী হৈ উঠাত আজি দিনযোৰা ভাৱে স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী হাতত লয়।
টংলাত সদৌ বি টি চি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় কায্য নিৰ্বাহক সভা। ব্ৰাহ্মণ উন্নয়ন পৰিষদ গঠনৰ দাবী যুৱ পৰিষদৰ
টংলা : সদৌ বিটিচি ব্যাহ্মণ যুৱ পৰিষদৰ বিশেষ কাৰ্য্য নিৰ্বাহক সভা এখন ৰবিৰাৰে টংলাত সম্পন্ন হৈ যায়। সমাগত বিটিচি নিৰ্বাচনত সংগঠনটিয়ে গ্ৰ্হণ কৰিবলগীয়া ভূমিকা আৰু সাংগঠনিক দিশৰ ওপৰত বিশেষভাৱে ঠাই পোৱা আলোচনাত সদৌ বি টি চি ব্ৰাহ্মণ যুৱ পৰিষদৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশ সমূহৰ ওপৰতো আলোচনা কৰা হয়। সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সভাপতি তীৰ্থ ৰঞ্জন গোস্বামীৰ সভাপতিত্বত টংলা হোটেল পেৰাডাইছত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সভাত ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰ্হণ কৰা হয়। বিটিচিত বসবাস কৰি অহা ব্ৰাহ্মণ সকলৰ আৰ্থ-সামাজিক দিশটোৰ প্ৰতি লক্ষ্য কৰি ভূমিহীন পৰিয়ালক বাসস্থানৰ উপযোগী কৈ ভূমি প্ৰদানৰ ব্যৱস্থা কৰা, নিবনুৱা যুৱক-যুৱতী শিক্ষাৰ্থীসকলক আৰ্থিক অনুদান প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰা, ব্ৰাহ্মণ সকলৰ মাজৰ পৰা এগৰাকী উপযুক্ত ব্যক্তিক বিটিচি পৰিষদত মনোনিত সদস্য নিয়োজিত কৰা আৰু ইয়াত বসবাস কৰা ব্ৰাহ্মণসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰ্হণ কৰে আজিৰ কায্যনিৰ্বাহক সভাত। সভাত অংশগ্ৰহণ কৰি সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা পংকজ কুমাৰ শৰ্মাই ব্ৰাহ্মণ সকল অতি সহজ-সৰল আৰু কোনো দিনে যুদ্ধ কৰা নাই আৰু নকৰে বুলি উল্লেখ কৰি ব্ৰাহ্মণ সকলে সদায় সৎ চিন্তা, সমাজৰ মংগলৰ হকে কাম কৰি আহিছে বুলিও কয়। ব্ৰাহ্মণসকলে সৎ কৰ্মৰ জড়িয়তে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈ আহিছে বুলিও শৰ্মা ই মত ব্যক্ত কৰে। সভাত বিশিষ্ট যুৱ সমাজ কৰ্মী হিতেশ শৰ্মা, বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ মূখ্য সাংগঠনিক সম্পাদক তথা টংলা প্ৰেছ ক্লাৱৰ সম্পাদক কৌস্তুভমনি শৰ্মা, প্ৰমোদ ভাগৱতী, দেবেন শৰ্মা, নিৰঞ্জন শৰ্মা, ৰঘুনাথ শৰ্মা, কুকিল ভাগৱতী, সাংবাদিক, সাংস্কৃতিক কৰ্মী বাপন চন্দ্ৰ শৰ্মা কে সদৌ বি টি চি ব্ৰাহ্মণ যুৱ পৰিষদৰ উপসভাপতি ভূপেন শৰ্মা শাস্ত্ৰীকে ধৰি কেইবা গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উক্ত সভাৰ উদ্দেশ্যে বাখ্যা কৰে সদৌ বি টি চি ব্ৰাহ্মণ যুৱ পৰিষদৰ সম্পাদক দ্বীপেন শৰ্মাই।
বিলাসীপাৰা গৌৰাং নৈত ৭ কোটি ৪৩ লাখ ৮৮ হেজাৰ টকাৰ পকী দলং নিৰ্মাণৰ কাম শুভ উদ্বোধন বিধায়ক বছিৰ আহমেদ কাছেমীয়ে
বিলাসীপাৰা : নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক তথা প্ৰশাসনিক সম্পাদক, হাফিছ বছিৰ আহমেদ কাছেমীৰ প্ৰচ্যুৰ তত্বাৱধানত বিলাসীপাৰা কঠালদি দ্বিতীয় খণ্ড গৌৰাং নৈত ৭ কোটি ৪৩ লাখ, ৮৮ হেজাৰ টকাৰ পকী দলং নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত ধুবুৰী জিলা এ আই ইউ ডি এফ সভাপতি হাজী আব্দুল খালেক, কাজাইকাটা সমবায় সমিতিৰ চেয়াৰমেন শ্বেখ আবুল হাশেম, পলায়ন সুত্রধৰ, জাকিৰ হোসেন, ছাদেক আলী আহমেদ, হাফিজুল ইছলাম, ৰফিকুল ইছলাম, ইছমাইল হোসেন আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় ব্যক্তি উপস্থিত থাকে। বিধায়ক গৰাকীৰ এনে কৰ্মদক্ষতাৰ ফলত ৰাজনৈতিক দিশত পূৰ্ণ সঁহাৰি জনাব বুলি আশ্বাস প্ৰদান কৰে ৰাইজে।
নগাআলিকে ধৰি তিনিটা পথৰ আধাৰশিলা : বিধায়ক প্ৰদীপ হাজৰিকাৰ দ্বাৰা দুটা পথ ৰাইজৰ বাবে মুকলি
গেলেকী : ৰাজ্যৰ শাসনভাৰ তথা চৰকাৰ বদলি হ’ল। কিন্তু বিগত দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা নাজিৰা সমষ্টিৰ সমূহ বাট পথৰ আজি পৰ্যন্ত কোনো পৰিৱৰ্তন নহ’ল। নাজিৰা সমষ্টিৰ বিধায়ক ও ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নিজা সমষ্টিৰ সমূহ বাট পথৰ এতিয়া বিধ্বস্থতাৰূপে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ঠিক তাৰ বিপৰীতে চুবুৰীয়া আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিটোলৈ আনিছে আমোল পৰিৱৰ্তন। ১৪ ছেপ্তেম্বৰৰ দিনা আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিৰ পথ উন্নয়নৰ ধাৰা অব্যাহত ৰাখি ঐতিহাসিক নগা আলিকে ধৰি তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নৱ-নিৰ্মিত দুটাকৈ পথ ৰাইজৰ বাবে মুকলি কৰে। বিধায়ক প্ৰদীপ হাজৰিকাই S.O.P.D আঁচনিৰ অধীনত ঐতিহাসিক নগা আলিৰ ৭ কি:মি: এটা অংশৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাত নগা আলিৰ ৬ কি:মি: আনটো অংশৰো নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাতে নগা আলিৰ ওপৰত দুখনকৈ পকী দলঙৰো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰিও বিধায়ক প্ৰদীপ হাজৰিকাই S.O.P.D আঁচনিৰ অধীনত দিখৌমুখ ভৰলুৱা পথ, অসম দৰ্শন আঁচনিৰ অধীনত নগা আলিৰ পৰা চুপহা সত্ৰ পথৰ আধাৰশিলা স্থাপন কৰে। আনহাতে বিধায়ক প্ৰদীপ হাজৰিকাই নৱ-নিৰ্মিত দিখৌমুখ বৰ আলিৰ পৰা দুলীয়া আলি আৰু বৰ আলিৰ পৰা দিছিয়াল আলি ৰাইজৰ বাবে উৎসৰ্গা কৰে। সমগ্ৰ কাৰ্যসূচীত বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে অসম গণ পৰিষদৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, গড়কাপ্তানী বিভাগৰ আমগুৰি পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বীৰেন দত্তৰ লগতে গড়কাপ্তানী বিভাগৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। ৰাজহুৱা কাৰ্যসূচী সমূহত ৰাইজৰ ব্যাপক সহাৰি দেখিবলৈ পোৱা গ’ল। বিধায়কৰ উপস্থিতিত দিখৌমুখ মণ্ডল কংগ্ৰেছৰ ৬ নং ৱাৰ্ডৰ প্ৰাথমিক সমিতিৰ সভাপতি দুলাল শইকীয়াই অগপ দলৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ উক্ত দিনাই অগপ দলত যোগদান কৰে।
লকডাউনত প্ৰৱজিত শ্ৰমিকৰ মৃত্যুৰ পৰিসংখ্যা নাই কেন্দ্ৰৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবে মাৰ্চ মাহটো দেশজুৰি লকডাউন আছিল ৷ তাৰ বাবে সমস্যাত পৰে দেশৰ লাখ লাখ প্ৰৱজিত শ্ৰমিক ৷ অনাহাৰ, অসুস্থ হৈ বহু মৃত্যু হয় ৷ বহুজন গাঁও পোৱাৰ সময়ত মৃত্যু হৈছিল ৷ সোমবাৰে সংসদত স্পষ্টকৈ কেন্দ্ৰই জনাই যে এই লকডাউনত কিমানজন প্ৰৱজিত শ্ৰমিকৰ মৃত্যু হৈছিল তাৰ হিচাপ ৰখা হোৱা নাই ৷ সংসদৰ বৰ্ষাকালীন অধিবেশনৰ আৰম্ভণিৰ দিনা প্ৰশ্ন কৰা হৈছিল, কিমানজন প্ৰৱজিত শ্ৰমিকৰ মৃত্যু হৈছিল এই লকডাউনত ৷ যিসকলৰ মৃত্যু হৈছিল তেওঁলোকক ক্ষতি পুৰণ দিয়াৰ কি ব্যৱস্থা কৰিছে কেন্দ্ৰই ৷ লিখিত উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু কৰ্ম সংস্থাপন মন্ত্ৰীয়ে জনাই যে কিমানজনৰ মৃত্যু হ’ল তাৰ পৰিসংখ্যা নাই ৷ সেই ক্ষেত্ৰত ক্ষতিপূৰণ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে ৷ কেৱল সেয়াই নহয়, কেন্দ্ৰই এই কথাও জনাইছে, এই লকডাউনত কিমানজনে দেশত কাম হেৰুৱাইছে তাৰো খতিয়ান ৰখা নাই ৷ অথচ বিশ্ব বেংকে এপ্ৰিলত জনাই যে লকডাউনত চাৰি কোটি প্ৰৱজিত শ্ৰমিকৰ জীৱনত প্ৰভাৱ পৰিছে ৷ কেৱল এপ্ৰিলত কাম হেৰুৱাইছে ১২ কোটি ১৫ লাখ দেশবাসীয়ে৷ সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দিন হাজিৰা কৰা, ক্ষুদ্ৰ ব্যৱসায়ীৰ ৷ কেন্দ্ৰীয় শ্ৰম আৰু কৰ্ম সংস্থাপন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সন্তোষ কুমাৰ গংগৱায়ে কয়, এখন ৰাষ্ট্ৰ হিচাপে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় প্রশাসন, স্বনির্ভৰ গোট, স্বাস্থ্য কর্মী, চাফাই কৰ্মী আৰু বহু স্বেচ্ছাসেৱী সংগঠনে একেলগে কৰ’না ভাইৰাছ আৰু লকডাউনত কাম কৰিছে ৷ তেওঁ সংসদত জনায় যে মাৰ্চ মাহত লকডাউন ঘোষণা হোৱাৰ পৰা প্ৰায় ১.০৪ কোটি প্ৰৱজিত শ্ৰমিক নিজৰ ঘৰলৈ ঘুৰি যায় ৷ ৪৬১১ৰ বেছি শ্ৰমিক স্পেচিয়েল ট্ৰেইন এক মে’ৰ পৰা চলিছিল ৷ ৬৩.০৭ লাখৰো বেছি প্ৰৱজিত শ্ৰমিক গাঁৱলৈ ঘুৰি যোৱাৰ ব্যৱস্থা কৰা হৈছিল ৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকক এই শ্ৰমিকসকলৰ কামৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়া হৈছে ৷
সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভণিৰ দিনাই ক’ৰোনা ধৰা পৰিল ২৫ সাংসদৰ
দৈনন্দিন বাৰ্তা ডেস্ক : কঠোৰ সুৰক্ষা বিধিৰ মাজত সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ’ল ৷ এই অধিবেশনত ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থাত ক্ৰুটি ৰখা নাই ৷ কিন্তু অধিবেশনৰ প্ৰথম দিনাই ২৫ জন সাংসদৰ ক’ৰোনা ৰিপৰ্ট আহিল পজিটিভ ৷ এই অধিবেশনত অংশ লোৱাৰ আগতে সাংসদসকলৰ ক’ৰোনা পৰীক্ষা কৰাৰ অনুৰোধ কৰা হয় ৷ ১২ ছেপ্টেম্বৰত সংসদ ভৱনত ক’ৰোনা পৰীক্ষা কৰা হয় ৷ তাতেই ধৰা পৰে ২৫ গৰাকী সাংসদ ক’ৰোনাত আক্ৰান্ত ৷ তাৰে ১৭ গৰাকী লোকসভাৰ আৰু আঠগৰাকী ৰাজ্যসভাৰ ৷ সংসদৰ কৰ্মী, আমোলা মিলি মুঠ ৫৬ জনৰ ৰিপৰ্ট আহিল পজিটিভ ৷ আক্ৰান্তসকলৰ ভিতৰত বিজেপিৰ সাংসদৰ সংখ্যা অধিক ৷ ১২ গৰাকী বিজেপি সাংসদ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ দুগৰাকী ৱাইএছআৰ কংগ্ৰেছ, বাকী তিনিগৰাকীৰ এগৰাকী শিৱ সেনা, এগৰাকীআৰএলপি আৰু এগৰাকী ডিএমকেৰ সদস্য ৷ উল্লেখ্য যে বিজেপিৰ সাংসদ মীনাক্ষী লেখি আৰু সুকান্ত মজুমদাৰে টুইট কৰি নিজে ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা জনাইছে ৷ লোকসভা আৰু ৰাজ্যসভা মিলি মুঠ সাংসদৰ সংখ্যা হ’ল ৭৬৫ গৰাকী ৷ তাৰ মাজত ২০০ গৰাকীৰ বয়স ৬৫ বছৰৰ অধিক ৷ এই সাংসদসকলৰ বিপদ সকলোতকৈ বেছি ৷ ইতিমধ্যে দেশৰ সাতগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ২৫ গৰাকী সাংসদ, বিধায়ক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ এইবাৰ ক’ৰোনা সংক্রমণৰ বাবে সংসদৰ অধিবেশনত তীক্ষ্ণ নজৰ দিয়া হৈছে ৷ সাংসদ বহাৰ ক্ষেত্ৰত দূৰত্ব বিধি বজাই ৰখা হৈছে ৷ পলি কার্বন শ্বিট পৃথক কৰা হৈছে ৷ ম’বাইল এপৰ জৰিয়তে উপস্থিতি নথিভুক্ত কৰিছে সাংসদৰ ৷
মাস্ক পৰিধান নকৰাকৈ ওলাই নাহিব অন্যথা গ্ৰেপ্তাৰ হ’ব পাৰে আপুনি ৷ শীঘ্ৰেই কঠোৰ হ’ব আৰক্ষী প্ৰশাসন : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত
নগাঁও, ১৪ ছেপ্টেম্বৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্য্যালয়ত আজি বাহিনীৰ সোণালী জয়ন্তী অনুষ্ঠানতো সুকলমে উদযাপন কৰা হয় ।১৯৭০ চনৰ ১৪ ছেপ্টেম্বৰত বৰ্তমান মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিষ্ঠা লাভ কৰা নৱম অসম আৰক্ষী বাহিনী পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে চাৰি শ্বহীদৰ ভূমি বঢ়মপুৰলৈ স্থানান্তৰিত হৈছিল । আজিৰ এই সোণালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক গায়ন-বায়নৰ যোৰাই আদৰণি জনোৱাৰ পিছতেই সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি বাহিনীৰ গাৰ্ড অফ অনাৰেৰে তেওঁক অভিবাদন জনোৱা হয় । অভিবাদন গ্ৰহণ কৰাৰ পিছতেই তেওঁ বাহিনীৰ পতাকা উত্তোলন কৰে । বাহিনীটোৰ অধিনায়ক হিতেশ চন্দ্ৰ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত নৱম অসম আৰক্ষী বাহিনীয়ে বহু ভাল কাম কৰিছে বুলি কৈ বাহিনীটোৰ কৰ্মৰাজিৰ এক খতিয়ান দাঙি ধৰে । লগতে তেওঁ প্ৰতিবছৰে অসম আৰক্ষীৰ প্ৰতিগৰাকী লোককে এবাৰ এবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে । আনহাতে ক’ভিড-১৯ ৰ প্ৰসংগ উল্লেখ কৰি ক’ভিড এটা মহামাৰী , মাস্ক পৰিধান কৰি ইয়াৰ পৰা ৰক্ষা পাব পাৰি বুলি উল্লেখ কৰি আমাৰ কিছুমান বুৰ্বক মানুহে মাস্ক নিপিন্ধাটো একপ্ৰকাৰ বীৰত্ব বুলি ভাবে বুলি তেওঁ কটাক্ষ কৰে । ইফালে অনুষ্ঠানত উপস্থিত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে ভাষণ প্ৰসংগত ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰি শ্বহীদক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে আৰক্ষীৰ মনোবল বৃদ্ধিৰ বাবে কেতবোৰ দিহা পৰামৰ্শ আগবঢ়ায় । উক্ত অনুষ্ঠানত সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল.আৰ.বিষ্ণয়, অভিনেত্ৰী আশা বৰদলৈ আদিৰ উপস্থিতিত এটি “অভিজ্ঞানম” নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সবাতোকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ : দেবেন্দ্ৰ ফাৰ্নভিছ
দৈনন্দিন বাৰ্তা ডেস্ক : বহুৱে জল্পনা-কল্পনা কৰিছিল যে আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগনা ৰানাউটক এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে বিজেপিয়ে চিন্তা কৰিছে ৷ এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা দেবেন্দ্ৰ ফাৰ্নভিছে কয় যে দলে কংগনাক ষ্টাৰ কেম্পেইনাৰ হিচাপে লোৱাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা লোৱা নাই ৷ ফাৰ্নভিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক বিৰূপ কৰি কয়, দেখা গৈছে যে শিৱ সেনৰ প্ৰধানৰ কৰ’নাতকৈ কংগনাৰ লগত যুঁজখন বহু আকৰ্ষণীয় হৈছে ৷ ‘আমাৰ এনডিএৰ বাবে কোনো আন ষ্টাৰ কেম্পেইনাৰ প্ৰয়োজন নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হ’ল সবাতোকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৷ ফাৰ্নভিছে সাংবাদিকক এনেদৰে কয় ৷ ইয়াৰ লগতে তেওঁ আঙুলিয়াই দিয়ে যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক বিজেপিয়ে বিহাৰৰ নিৰ্বাচনৰ দায়িত্ব দিছে ৷ শিৱ সেনা আৰু কংগনাৰ যুদ্ধখনত অভিনেত্ৰীগৰাকীৰ মুম্বাইত থকা ঘৰ বৃহত্তৰ মুম্বাই পৌৰ নিগমে ভাঙি দিয়ে ৷ ‘ৰাজ্যখনত গুৰুতৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা কৰ’নাৰ বিৰুদ্ধে উদ্ধৱ ঠাকৰেয়ে যুঁজ দিয়াত মনোনিৱেশ কৰা প্ৰয়োজন ৷’













