Home Blog Page 3190

শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কামৰ শুভ উদ্ধোধন

উজনি মাজুলীঃ উজনি মাজুলীৰ অন্যতম ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰখনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা প্ৰেক্ষাগৃহটি শুভাৰম্ভণি অনু্ষ্ঠানত বন্তী প্ৰজ্বলন কৰে সত্ৰখনৰ ডেকা সত্ৰীয়া কমল চন্দ্ৰ মহন্তই। সত্ৰখনৰ লগতে অঞ্চলৰ অন্যতম সাংস্কৃতিক কৰ্মী নৱজ্যোতি মহন্তই আঁত ধৰা অনুষ্ঠানটোত শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা উপস্থিত থাকি অসম দৰ্শন আঁচনিৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ ধাৰক আৰু বাহক স্বৰূপ সত্ৰ সমূহৰ উন্নয়নৰ বাবে এই আঁচনি ৰূপায়ন কৰা বুলি মন্তব্য প্ৰদান কৰে । প্ৰেক্ষাগৃহটি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল হ’ল ক্ৰমে মিত্ৰদেৱ মহন্ত, জগত মহন্ত, বিপুল মহন্ত, নাৰায়ণ বৰুৱা, নোমল বৰুৱা, হিৰেন মহন্ত, বুপৰাম বৰা, প্ৰবীণ মহন্ত, দুলাল বৰা, গণেশ মহন্ত, ডিম্বেশ্বৰ বৰুৱা, অতুলচন্দ্ৰ বৰা, প্ৰদীপ শইকীয়া, কেশৱ ৰাজখোৱা, হৰেন বৰা, জিতেন মহন্ত, বিশ্ব বৰা, ভাস্কৰ মহন্ত, অংকুৰ মহন্ত, সত্ৰৰ ডেকা সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ লগতে সত্ৰ আৰু সমূহ ৰাইজ, আই মাতৃ সকল, সাংবাদিক প্ৰাঞ্জল খাউণ্ড, সনজিৎ কুমাৰ অভয়পুৰীয়া। সত্ৰখনিলৈ আগবঢ়োৱা অনুদানৰ বাবে প্ৰেক্ষাগৃহ শুভাৰম্ভনি অনুষ্ঠানত থকা সকলো ৰাইজে অসম চৰকাৰলৈ ধন্যবাদ জনায়।

মাৰ্কশ্বিট শিক্ষাৰ্থীৰ প্ৰেছাৰ শ্বিট, অভিভাৱকৰ ‘প্ৰেষ্টিজ শ্বিট’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দৈনন্দিন বাৰ্তা ডেস্ক : কোন পৰীক্ষাত কিমান নম্বৰ পালে তাক লৈ এগৰাকী শিক্ষাৰ্থীৰ মান নিৰ্ণয় কৰা সম্ভৱ? উত্তৰ লৈ যথেষ্ট মতবিৰোধ হৈছে ৷ শুকুৰবাৰে পুৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰসংগত এনেদৰে প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মাৰ্কশ্বিটে এজন পঢ়ুৱৈৰ ওপৰত অকাৰণ মানসিক চাপ তৈয়াৰ কৰে বুলি মোডীয়ে দাবী কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এটা পৰীক্ষা, মাৰ্কশ্বিট কোনো শিক্ষাৰ্থীৰ সাৰ্বিক মূল্যায়ন কৰিব পাৰে অথবা তাৰ মানসিক বিকাশ সম্পৰ্কে কিছু জানিব পাৰেনে? বৰ্তমান মাৰ্কশ্বিটে ছাত্র-ছাত্রীৰ ওপৰত অযথা চাপ তৈয়াৰ কৰিছে ৷ আনহাতে পৰিয়ালৰ ওচৰত মাৰ্কশ্বিট কেৱল মাত্ৰ ‘প্ৰেষ্টিজ শ্বিট’ ৷ যেন শিক্ষাৰ্থীৰ মাৰ্কশ্বিটৰ ওপৰতেই অভিভাৱকৰ মান সন্মান নিৰ্ভৰ কৰে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল লক্ষ্য শিক্ষাৰ্থীক অযথা চাপৰ পৰা মুক্তি দিয়া ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, সকলো সলনি হৈ গৈছে ৷ শিক্ষানীতিও সলনিৰ প্ৰয়োজন ৷ কাৰণ ২১ শতিকা শিক্ষা, জ্ঞান আৰু অভিনবত্বৰ ৷ কেৱল গধুৰ স্কুল বেগ আৰু নম্বৰৰ বোজা নহয় এইবাৰ আচল শিক্ষা সমৃদ্ধ হ’ব আগন্তুক ভৱিষ্যৎ ৷ নতুন শিক্ষা নীতিৰ ফলত শিক্ষকসকলৰ মান উন্নয়ন হ’ব৷ তদুপৰি মাতৃভাষাত পঢ়াশুনা কৰিব পাৰিব ৷ তাৰ ফলত তেওঁলোক অতি সহজে নতুন বস্তু শিকিব পাৰিব৷ ইয়াৰ উপৰি পাঠ্যক্ৰমৰ বোজা কমিলে শিকাৰ আনন্দ বাঢ়িব ৷

নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সৈতে মন্ত্ৰী যোগেন মোহনৰ আলোচনা : চলিত মাহত সমস্যা সমাধানৰ আশ্বাস

গেলেকী : নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ লগতে ৰাজ্যৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ দীর্ঘ-দীনিয়া সমস্যা সমাধান সন্দৰ্ভত ১০ ছেপ্তেম্বৰৰ দিনা সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ নেতৃত্বই অসম চৰকাৰৰ ভালে কেইটা গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্রী যোগেন মোহনৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাত মন্ত্রী গৰাকীয়ে চলিত মাহৰ ভিতৰত তেওঁ লোকৰ দীৰ্ঘ-দিনীয়া সমস্যাৰ বিষয়ে চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি স্থায়ী সমাধানৰ আশ্বাস প্রদান কৰে। মন্ত্রী গৰাকীৰ আশ্বাসত সন্তুষ্ট শিক্ষক সমাজ। যাৰ বাবে অতি সোনকালে বিত্ত মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনৰ পূর্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে সন্থাই দাবী জনাইছে। শিক্ষক সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁই, উপদেষ্টা বুদ্ধেশ্বৰ গড়, নৃপেন গগৈ, হিতেশ্বৰ গগৈ, অতুল বৰুৱাকে প্ৰমুখ্যে কৰি কেইবাজনো সদস্য উপস্থিত থকা বুলি সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিয়ে। বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। যদিও বৰ্তমানলৈকে সমাধান হোৱা দেখা নাই। যাৰ ফলত ৰাজ্যখনৰ শিক্ষক পৰিয়াল সমূহৰ এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে। বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণৰ সোণালী সপোন দেখুৱাইছিল। যদিও বৰ্তমানলৈকে সমাধান কৰাৰ পৰিৱর্তে কেৱল মাত্ৰ আশ্বাস প্রদান কৰি অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে তীব্র ভাষাৰে সমালোচনা কৰিছে। চৰকাৰী চাকৰি থকাৰ সু-বাদত চৰকাৰৰ কোনো ধৰণৰ আঁচনিয়ে ঢুকি নোপোৱা শিক্ষক সমাজে কেৱল মাত্ৰ আশ্বাস খাই জীৱাই থাকিব নোৱাৰে বুলি মত পোষণ কৰিছে শিক্ষক সন্থাৰ উপদেষ্টা বুদ্ধেশ্বৰ গড়ে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ সমস্যা সমাধানৰ বাবে বিগত কংগ্রেছ চৰকাৰৰ দিনৰে পৰা যৌথ সংগ্রামী মঞ্চই বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছে। চলিত ছেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধানৰ বাবে ইতিমধ্যে যৌথ সংগ্রামী মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাক স্মাৰক পত্র প্রেৰণ কৰিছে। ছেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধান নহলে যৌথ সংগ্রামী মঞ্চই অক্টোবৰ মাহৰ পৰা ধাৰাবাহিক ভাৱে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে। ৰাজ্যৰ শিক্ষামন্ত্রী তথা শিক্ষা বিভাগৰ মুৰব্বী বিষয়াই দীর্ঘ-দীনিয়া সমস্যাটো কেতিয়া আৰু কেনে ধৰণে সমাধান কৰিব এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব পৰা নাই। তাৰ বিপৰীতে বেতন বঞ্চিত কেইগৰাকীমান শিক্ষকে ভিন্ন সময়ত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত সতীর্থ শিক্ষক সকলৰ মাজত বিভ্ৰান্তি আৰু অপ-প্ৰচাৰ চলাই অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই একেমুখে ধিক্কাৰ জনাইছে। বহু আশাৰে দীৰ্ঘদিন ধৰি বাট চাই থকা সতীর্থ শিক্ষক সকলক বিভ্রান্ত নকৰি চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত উপযুক্ত তথ্য আছে যদি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ প্ৰকাশ কৰিবৰ বাবে সন্থাই আহ্বান জনাইছে। ৰাজ্যখনৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধি আছে। যদিও অতি কম সংখ্যক শিক্ষকৰহে সমস্যা সমাধান হোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই সন্দৰ্ভত বিত্তমন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই কেইবাবাৰো উল্লেখ কৰিছে। চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এক বিশেষ আলোচনা কৰিবৰ বাবে অহা ইংৰাজী ১০ তাৰিখে পুৱা ১০ বজাত শিৱসাগৰ প্ৰাথমিক শিক্ষক ভৱনত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হ’ব। উক্ত সভাত বেতন বঞ্চিত শিক্ষকসকলক উপস্থিত থাকিবৰ বাবে সন্থাই আহ্বান জনাইছে।

বিবাহ অনুষ্ঠানৰ কথা কৈ ভুৱা পৰিচয়ৰে টেন্ট হাউচৰ পৰা দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

ডবকা : লকডাউনৰ বাবে জুৰুলা হৈ পৰিছে ব্যাৱসায়ীসকল। বাদ পৰা নাই প্ৰৱঞ্চক সকলো। সকলোকে চুই গৈছে মহামাৰী কৰোনাই। লকডাউননে জুৰুলা কৰা প্ৰৱঞ্চকে লুটি পুটি খোৱা নতুন কৌশল আৰম্ভ কৰিছে। এইবাৰ দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে টেন্ট হাউচক। ভুৱা পৰিচয়েৰে শুভ বিবাহৰ অনুষ্ঠান আছে বুলি কৈ ডবকা আইনুল টেন্ট হাউচৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী লুটি লৈ যোৱা ঘটনাই ব্যাৱসায়ীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা মধাৰতলিৰ হুছেইন আহমেদ বুলি পৰিচয় দি ইনভেটাৰ চেট, লাইট, চকী, টেবুল আদি ভাড়া হিচাপে লৈ গৈ অন্তৰ্ধান হৈ পৰিছে প্ৰৱঞ্চকজন। বিগত ১০ দিনৰ পৰা টেন্ট হাউচৰ স্বত্তাধিকাৰী আইনুলে প্ৰৱঞ্চক জনক বিচাৰি হাহাকাৰ কৰিছে। প্ৰৱঞ্চক জনে 9383208759 নম্বৰৰ মোবাইল নম্বৰ দি যায় যদিও মোবাইল ৰিছিভ কৰিও কথা নাপাতে প্ৰবঞ্চকজনে। আইনুলে ডবকা আৰক্ষী থানাত ঘটনা সংক্ৰান্তত গোচৰ তৰিছে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে। লকডাউনৰ সময়ত জুৰুলা হৈ পৰা টেন্ট হাউচৰ মালিক সকলে নাজল নাথল অৱস্হা হৈ পৰিছে যদিও এইদৰে প্ৰবঞ্চনাৰ বলি হৈ হাহাকাৰ কৰিছে আইনুলে। শীঘ্ৰে আৰক্ষীয়ে মোবাইল নম্বৰৰ জৰিয়তে প্ৰৱঞ্চক জনক চিনাক্ত কৰিবলৈ দাবী তুলিছে ডবকাৰ ব্যৱসায়ী সকলে।

ডবকা NRL পেট্ৰল পাম্পত গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ

ডবকা : ডবকাৰ ষ্টেটফেডত থকা NRL পেট্ৰল পাম্পত তেল কম দিয়াক লৈ ট্ৰাক চালক আৰু কৰ্মচাৰীৰ মাজত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। NRL পেট্ৰল পাম্পত চাৰিখনকৈ ট্ৰাকত তেল ভৰাবলৈ আহিছিল চালক কেইজন। চালক কেইজনে ৪০,০০০ হেজাৰ টকাৰ তেল ক্ৰয় কৰে যদিও খেলিমেলি থকাৰ প্ৰতক্ষ্য কৰে। কিন্তু পেট্ৰল পাম্পত থকা কৰ্মচাৰীয়ে ট্ৰাক কেইখনত তেল দিয়া বুলি মিটাৰত দেখা গৈছে যদিও প্ৰকৃততে তেল পোৱা নাই ট্ৰাক চালক কেইজনে। এজন ট্ৰাক চালকে কৰ্মচাৰীৰ পৰা পাইপডাল টানি নিয়াত মিটাৰত তেল গৈ থকা দেখুৱাইছে যদিও পাইপেৰে অহা নাই তেল। এই ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পত নিশা চালক আৰু কৰ্মচাৰীৰ মাজত সৃষ্ট হৈ তীব্ৰ উত্তেজনাৰ। অৱশেষত ডবকা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালক কেইজনক সম্পূৰ্ণ তেল দিয়াৰ ব্যৱস্থা কৰি দিয়ে। পূৰ্বেও এনেবোৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আছে পেট্ৰল পাম্পটোৰ বিৰুদ্ধে।

মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

উজনি মাজুলী : মাজুলী চিকিৎসালয় সমূহত বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে মাজুলী ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গড়মূৰস্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়খনক সম্পূৰ্ণ জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে শিশু চিকিৎসা বিশেষজ্ঞ, প্ৰসূতি চিকিৎসা বিশেষজ্ঞকে ধৰি সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিবৰ বাবে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী চিকিৎসালয়ৰ সন্মুখত মাজুলী  যুৱ কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত মাজুলীৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগু উপস্থিত থাকি কয় যে, আমি সাধৰণ এগৰাকী বিধায়ক হৈ থাকোতেই  বৰ্তমান সময়ত থকা মাজুলীৰ সকলো চিকিৎসালয়ৰ আন্ত:গাঠনি পৰা আৰম্ভ কৰি বৰ্তমানে যিমান চিকিৎসক আছে তাতোতকৈ বেছি চিকিৎসক নিযুক্তি দি মাজুলীৰ ৰাইজৰ বাবে সুবিধা কৰি দিছিলোঁ। কিন্তু আচৰিতজনক  কথাটো হ’ল বৰ্তমানৰ বিধায়কগৰাকী অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছটো মাজুলী জিলা হোৱাৰ পাছটো কিয় সম্পূৰ্ণকৈ জিলা পৰ্যায়ৰ চিকিৎসালয় হিচাপে আৰু বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিৱ পৰা নাই সেয়াহে অতি ৰহস্যজনক কথা। যিহেতু মুখ্যমন্ত্ৰী হিচাপে তেখেতেই অসমৰ মূল ব্যক্তি গতিকে ইয়াৰ পাছতো কিয় চিকিৎসালয়খনৰ বাবে কাম কৰা নাই সেয়াহে দুৰ্ভাগ্যজনক।

নাজিৰাত আধাৰ কাৰ্ডৰ নামত লানি নিছিগা ভিৰ : ৰাইজক হাৰাশাস্তি

গেলেকী : ক’ভিড-১৯ সংক্ৰমণ ৰোধৰ নামত নাজিৰাত চৰম অৰাজগতাই বিৰাজ কৰিছে। সামাজিক দূৰত্ব, মাৰ্স্ক পৰিধান কৰা এতিয়া ফুটুকাৰ ফেনত পৰিণিত হ’ব ধৰিছে। ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ক’ৰনা মহামাৰী সংক্ৰমণৰ পৰা সৰ্তক হোৱা পোষ্টাৰিং বিজ্ঞাপনেৰে দায়িত্ব সামৰিছে চৰকাৰী বিষয়াই। ঠিক তাৰ মাজতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আধাৰ কাৰ্ডক নিজা বেংক একাউণ্ট আৰু প্ৰতিটো দৰিদ্ৰ শ্ৰেণী পৰিয়ালৰ নামত থকা ৰেচন কাৰ্ডত নম্বৰ সংযুক্ত কৰা লৈ জাৰি কৰা নীতি নিৰ্দেশনাক ৰাজহুৱা স্বাৰ্থত সূচাৰুৰূপে পালন কৰিব পৰা নাই নাজিৰা মহকুমা প্ৰশাসন ও স্বয়ং মহকুমাধিপতি গৰাকীয়ে। যাৰ বাবে আগষ্ট মাহৰ শেষৰ ভাগৰ পৰা ছেপ্তেম্বৰ মাহৰ আজি তাৰিখতো নাজিৰা মহকুমা মহকুমাধিপতি কাৰ্যালয়ত সদৰৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চল, চাহ বাগিচা অঞ্চল আৰু নগৰ অঞ্চলৰ পৰা অহা লোকে আধাৰ কাৰ্ড বনোৱাৰ নামত লানি নিছিগা ভিৰ কৰা পৰিলক্ষিত হৈছে। যি সময়ত বিশ্ব, ভাৰতবৰ্ষকে ধৰি আমাৰ ৰাজ্যত দৈনিক দিনে-নিশাই ভয়ংকৰ মহামাৰীৰ ফলত মানুহৰ অস্বভাৱিক মৃত্যু অব্যাহত আছে। সম্প্ৰতি চৰকাৰী নিৰ্দেশনা অনুযায়ী নাজিৰাবাসী ৰাইজে সদৰৰ মহকুমাধীপতি কাৰ্যালয়ত থকা চৰকাৰী কেৱল মাত্ৰ একোটা শাখাতে আধাৰ কাৰ্ড বনোৱাৰ নামত দৈনিক শ-শ লোকে সামাজিক দূৰত্ব, মাৰ্স্ক পৰিধানৰ পৰা বিৰত থাকি আধাৰ কাৰ্ড বনোৱাক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে ৰাইজ তথা সচেতন মহলে। আনহাতে নাজিৰা মহকুমা মহকুমাধিপতি ও অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীৰ চৰকাৰী দায়িত্বৰ প্ৰতি থকা অৱহেলাৰ বাবেই দুষ্ট চক্ৰই সকলো নীতি নিৰ্দেশনা ভংগ কৰি আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজক হাৰাশাস্তি কৰি যোৱাৰ অভিযোগ উঠিছে।

এনএছডিৰ অধ্যক্ষ পদত কিংবদন্তী অভিনেতা পৰেশ ৰাৱাল

দৈনন্দিন বাৰ্তা ডেস্ক : নেচনেল স্কুল অব ড্ৰামাৰ অধ্যক্ষ পদত উপবিষ্ট হ’ল অভিনেতা পৰেশ ৰাৱাল ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই এই সিদ্ধান্তৰ পাচত এনএছডিৰ বিষয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা দেশবাসীক এই সুখবৰটো দিয়ে ৷ ইপিনে কিংবদন্তী অভিনেতা আৰু বিজেপি নেতা ৰাৱালৰ টুইটাৰত ইয়াকে লৈ শুভেচ্ছা বাৰ্তা ভৰি পৰিছে ৷ এনএছডিৰ টুইটত কোৱা হৈছে, আমি অতি সুখী হৈছো যে সন্মানীয় ৰাষ্ট্ৰপতিয়ে এনএছডিৰ অধ্যক্ষ হিচাপে কিংবদন্তী অভিনেতা, পদ্মশ্রী পুৰস্কাৰ প্ৰাপক পৰেশ ৰাৱালক বাচা দিছে ৷ আমাৰ এনএছডি পৰিয়ালে তেওঁক গ্ৰহণ কৰিবৰ বাবে উদগ্ৰীৱ হৈ আছো ৷ তেওঁ আমাৰ পথপ্রদর্শক হ’লে উৎকৃষ্টতাৰ বিচাৰত এনএছডিয়ে অধিক উচ্চতা লাভ কৰিব ৷ সাংস্কৃতিক মন্ত্ৰালয়ে আন্তৰিক শুভেচ্ছা জনায় ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক আৰু পদ্মশ্ৰী পুৰস্কাৰেৰে বিভূষিত অভিনেতা পৰেশ ৰাৱালক ৷ তেওঁ এনএছডিৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈছে ৷ তেওঁৰ নেতৃত্বত এনএছডি অধিক উন্নতিৰ দিশত আগুৱাব ৷ উল্লেখ্য যে তিনি দশকৰ বেছি সময় হৈ গ’ল, প্ৰথমৰ পৰাই পৰেশ ৰাৱালে ভাৰতীয় ফ্লিম উদ্যোগত এজন উল্লেখযোগ্য অভিনেতা হিচাপে নিজকে প্ৰমাণ কৰিছে ৷

লেবানন ৰাজধানী বেইৰুটত ভয়াৱহ অগ্নিকাণ্ড

দৈনন্দিন বাৰ্তা ডেস্ক : বিস্ফোৰণৰ আতংক মাৰ যোৱাৰ আগতেই পুনৰ ভয়াৱহ অগ্নিকাণ্ডত কপি উঠিল লেবানন ৰাজধানী তথা বন্দৰ চহৰ বেইৰুট ৷ বৃহস্পতিবাৰে বন্দৰৰ এটা গোদাম ঘৰত গ্ৰাহ কৰে লেলিহান শিখাই ৷ ক’লা ধোঁৱাই চানি পেলাই চাৰিওদিশ ৷ লেবাননৰ সেনা বাহিনীৰ সূত্ৰ মতে বন্দৰৰ গোদাম ঘৰটোত তেল আৰু গাড়ীৰ টায়াৰ মজুত আছিল ৷ বেইৰুটৰ অগ্নিনিৰ্বাপক বিভাগৰ প্ৰধান মিছেল এল মুৰে জনাই যে যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ কাৰ্য চলোৱা হয় ৷ এই ঘটনাত কিমান নিহত হৈছে এই বিষয়ে জানিব পৰা নাই ৷ তেওঁ লগতে কয়, এই গোদামত কি ধৰণৰ সামগ্ৰী আছিল সেয়া এতিয়াই নিশ্চিতভাৱে কোৱা সম্ভৱ নহয় ৷ জুইয়ে যি গতিত আগুৰি ধৰে সেয়া অতি ভয়াৱহ আছিল ৷ সৰ্বশক্তি প্ৰয়োগ কৰি এই জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে ৷ উল্লেখ্য যে যোৱা ৪ আগষ্টত বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত হৈছিল লেবাননৰ ৰাজধানী বেইৰুট ৷ চৰকাৰী সূত্ৰ মতে ২,৭৫০ টন এমোনিয়াম নাইট্ৰেটৰ বাবে এই বিস্ফোৰণ হৈছিল ৷ সাৰ আৰু বোমা প্ৰস্তুতৰ বাবে এই বিপুল পৰিমাণৰ বিস্ফোৰক যোৱা ছবছৰ ধৰি বন্দৰৰ গোদামত মজুত কৰা আছিল ৷ তাৰ বাবে কোনো সুৰক্ষা বিধি মানি চলা নাছিল ৷ সেই ঘটনাত প্ৰায় ১৫০জন লোক নিহত হৈছিল৷ আহত হৈছিল প্ৰায় ছহেজাৰজন ৷

২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ত আংশিক পাঠদান

দৈনন্দিন বাৰ্তা ডেস্ক : আনলক ৪ৰ সময়ত কেতবোৰ ক্ষেত্ৰত নিয়ম শিথিল কৰিছে কেন্দ্ৰই ৷ তাৰ ভিতৰত এটা হ’ল নতুনকৈ আংশিকভাৱে শিক্ষানুষ্ঠান খোলাৰ বিষয়টো ৷ যোৱা মাহৰ শেষৰ ফালে আনলক ৪ৰ নতুন নিৰ্দেশনা ঘোষণা কৰাৰ সময়ত জনোৱা হৈছিল যে অহা ২১ ছেপ্টেম্বৰৰ পৰা চৰ্ত সাপেক্ষে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থী শিক্ষানুষ্ঠানলৈ যাব পাৰিব ৷ তাৰ বাবে অভিভাৱকসকলৰ অনুমতিৰ প্ৰয়োজন ৷ মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিলে এছঅ’পি ৷ অৰ্থাৎ বিদ্যালয় যোৱাৰ ক্ষেত্ৰত কি কি গাইডলাইন মানিব লাগিব তাৰ দীঘলীয়া তালিকা ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনাই যি সংক্ৰমণ এৰাই চলিবলৈ সকলো ক’ভিড বিধি মানি চলিব লাগিব আৰু শ্ৰেণী আয়োজন কৰা হ’ব ৷ ছাত্ৰ-ছাত্ৰীয়ে নিয়ম পালন কৰিছে নে নাই সেই দিশত নজৰ ৰাখাব শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ আন কৰ্মচাৰীয়ে ৷ নিৰ্দেশনা মতে সংক্ৰমণ এৰাই চলিবলৈ ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব ৷ মুখত মাস্ক থকা বাধ্যতামূলক ৷ সময়ে সময়ে চাবোন বা ছেনিটাইজাৰ দি হাত ধুব লাগিব ৷ হাঁচি বা কাঁহ মাৰিলে মুখত হাত দি ল’ব লাগিব ৷ অসুস্থ থাকিলে আগতে বিদ্যালয়ত জনাব লাগিব ৷ বিদ্যালয়ৰ চৌহদত থু পেলাব নোৱাৰিব ৷ কেৱল কনটেনমেণ্ট জ’নৰ বাহিৰৰ বিদ্যালয়বোৰ খোলা হ’ব ৷ কোনো শিক্ষক বা শিক্ষাৰ্থী যি কনটেনমেণ্ট জ’নৰ ভিতৰত থাকে তেওঁলোক বিদ্যালয়লৈ যাব নোৱাৰে ৷ যিবোৰ বিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে সেইবোৰ ভালকৈ ছেনিটাইজ কৰিব লাগিব ৷ তাৰ পাচতহে পাঠদান আৰম্ভ কৰা হ’ব ৷ ৫০ শতাংশ কৰ্মীৰে বিদ্যালয়ৰ কাম চলাব লাগিব ৷ শিক্ষাৰ্থী বিদ্যালয়লৈ যোৱা বাধ্যতামূলক নহয় ৷ তাৰ বিপৰীতে অনলাইনত ক্লাছ কৰিব পাৰিব ৷ অভিভাৱকে লিখিত অনুমতি দিলে বিদ্যালয়লৈ যাব পাৰিব ৷ বিদ্যালয়ত বায়’মেট্ৰিক ব্যৱহাৰ বন্ধ থাকিব ৷ প্ৰাৰ্থনা আৰু খেলা সম্পূর্ণ নিষিদ্ধ। শ্ৰেণী বা ষ্টাফ কোঠাত এচি ব্যৱহাৰ কৰিলে তাপমাত্ৰা কেন্দ্ৰৰ গাইডলাইন মানি ২৪-৩০ ডিগ্ৰীৰ মাজত ৰাখিব লাগিব ৷