নগাঁও, ১০ ছেপ্তেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে আজি জিলাখনৰ ৰূপহীৰ লতাবোৱা আৰু জুৰীয়াৰ নগাবান্ধা অঞ্চলত অভিযান চলাই দুটাকৈ চোৰাং কাঠ ফলা মিলত অভিযান চলাই কাঠফলা মিলত ব্যৱহৃত একোটাকৈ জেনেৰেটৰ চেট জব্দ কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘদিন দিন ধৰি ৰূপহীৰ লতাবোৱা আৰু জুৰীয়াৰ নগাবান্ধা অঞ্চলত জামাল উদ্দিন আৰু আমজাদ আলী নামৰ দুজন চোৰাং কাঠৰ ব্যৱসায়ীয়ে অবৈধ ভাৱে কাঠফলা মিল দুটাত এই জেনেৰেটৰ চেট কেইটা ব্যৱহাৰ কৰি আহিছিল বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ আজি পুৱাৰ ভাগত চলা এই অভিযানত নগাঁও সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ লগতে বনপালক প্ৰভাত বৰা,সম্পূৰ্ণা দাস বৰা আৰু অন্যান্য বনকৰ্মী সকল উপস্থিত থাকে ৷
ভাৰতীয় বায়ুসেনাৰ কামত যোগ দিলে ৰাফেলে
দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখত সংঘৰ্ষৰ মাজতে ভাৰতীয় বায়ুসেনালৈ আহিল ফ্ৰান্সৰ যুদ্ধবিমান ৰাফেল ৷ যোৱা ২৯ জুলাইত ভাৰতৰ মাটি স্পৰ্শ কৰে পাঁচখনকৈ মাল্টিৰোল ফাইটাৰ জেট ৷ অত্যাধুনিক অস্ত্ৰসম্ভাৰেৰে সজ্জিত এই যুদ্ধবিমান বৃহস্পতিবাৰে পুৱা হাৰিয়ানাৰ অম্বালা বিমানবন্দৰত আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ুসেনাৰ কামত যোগ দিলে ৷ বায়ুসেনাৰ মুখপাত্ৰ উইং কমাণ্ডাৰ ইন্দ্ৰনীল নন্দীয়ে কয়, ফ্ৰান্সৰ যুদ্ধবিমানকেইখন হাৰিয়ানাৰ অম্বালাৰ ১৭ নং গ’ল্ডেন এৰো স্কোৱাড্ৰনত অন্তভূক্ত হ’ব ৷ ৰাফেল অন্তভূক্তি অনুষ্ঠানত ভাৰতীয় বায়ুসেনাৰ ৰীতি মানি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু এৰ’বেটিক দলৰ এয়াৰ শ্ব কৰা হয় ৷ এয়াৰ শ্ব’ত অংশ লয় ৰাফেল, জাগুৱাৰ, সুখেই-৩০, তেজছ আৰু এমআই-১৭ৰ লগতে ধ্ৰুৱ হেলিকপ্টাৰ ৷ অম্বালা বায়ু সেনাৰ ঘাঁটিত আয়োজিত এন অনুষ্ঠানত অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্লে, চিফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, ভাৰতীয় বায়ুসেনাৰ প্ৰধান এয়াৰ চিফ মাৰ্শ্বেল আৰ কে ভদৌৰিয়া আৰু প্ৰতিৰক্ষা সচিব অজয় কুমাৰ, ফ্ৰান্সৰ বিমানবাহিনীৰ উপ প্ৰধান এৰিক এটলে, ৰাফেল নিৰ্মাতা কোম্পানী দাছো এভিয়েছনৰ প্ৰতিনিধি ৷ উল্লেখ্য যে যোৱা ২৯ জুলাইত হাৰিয়ানাৰ অম্বালাত ভাৰতীয় বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিছিল ৫খন ৰাফেল ৷ অম্বালাত এই বিমানকেইখন স্বাগতম জনাইছিল এয়াৰ চিফ মাৰ্শ্বেলে ৷
বেআইনীভাৱে নিৰ্মাণ : কংগনাৰ পাচত মণীশলৈ জাননী
দৈনন্দিন বাৰ্তা ডেস্ক : কংগনা ৰানাউটৰ পাচতে এইবাৰ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ চকু পৰিল আন এক ব্যক্তিলৈ ৷ বেআইনীভাৱে নিৰ্মাণ আৰু নিজৰ বাসস্থানক বাণিজ্যিক কামত ব্যৱহাৰ কৰাৰ কাৰণে বলীউডৰ খ্যাত ফেচন ডিজাইনাৰ মণীশ মালহোত্ৰালৈ আইনী জাননী পঠালে বৃহত্তৰ মুম্বাই পৌৰ নিগমে ৷ সেই জাননীত লেখা হৈছে, বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ আইন ৩৬১ (১) ধাৰা অনুযায়ী মণীশ মালহোত্ৰাই অনুমতি নোলোৱাকৈ ঘৰৰ প্ৰথম মহলা কাৰ্যালয়লৈ ৰূপান্তৰ কৰিছে ৷ এচিৰ বাবে ছাদ নিৰ্মাণ কৰিছে ৷ এয়া অবৈধ বুলি দাবী কৰিছে বৃহত্তৰ মুম্বাই পৌৰ নিগমে ৷ অহা ৭ দিনৰ ভিতৰত মণীশে এই আইনী চিঠিৰ উত্তৰ দিবলৈ আদেশ দিছে বৃহত্তৰ মুম্বাই পৌৰ নিগমে ৷ মণীশ আৰু কংগনাৰ কাৰ্যালয় ওচৰাওচৰি ৷ বুধবাৰে বেআইনী নিৰ্মাণৰ অভিযোগ তুলি পালি হিলৰ কংগনাৰ মণিকর্ণিকা ফিল্মজ ভাঙিবলৈ লৈছিল বিএমচিয়ে ৷ ইপিনে মণীশৰ ঘৰলৈ আইনী জাননী প্ৰেৰণ কৰাত তেওঁ এই পৰ্যন্ত মুখ মেলা নাই ৷
সৰৱ শিৱ সেনা : কংগনাৰ পৰিৱৰ্তে লাডাখ, অৰুণাচল প্ৰদেশ সীমান্তত সুৰক্ষা দিয়াৰ দাবী
দৈনন্দিন বাৰ্তা ডেস্ক : কংগনা ৰানাউটক সুৰক্ষা দিয়াত সৰৱ হৈ পৰিছে শিৱ সেনা ৷ শিৱ সেনাই কৈছে, মুম্বাইৰ অবমাননাকাৰীসকলক সুৰক্ষা দিয়াটো দুৰ্ভাগ্যজনক ৷ এই সুৰক্ষা দিয়াৰ তৎপৰতা সীমান্তত দেখুওৱা উচিত ৷ কামত আহিব ৷ লাডাখ আৰু অৰুণাচল প্ৰদেশ সীমান্তত তেনে কৰিলে দেশক লাঞ্ছিত কৰা নহয় ৷ দলীয় মুখপত্ৰ ‘ছামনা’ত শিৱ সেনাই লিখিছে, অভিনেত্ৰীয়ে অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰি মুম্বাইক অপমান কৰিছে ৷ তেওঁক সুৰক্ষা দিয়াটো দুৰ্ভাগ্যজনক সিদ্ধান্ত লৈছে মোডী চৰকাৰে৷ মুম্বাইক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰা, খাকি পোচাকৰ মুম্বাই আৰক্ষীক মাফিয়া বুলি কোৱা নীচ মানসিকতাৰ পৰিচয় ৷ মহাৰাষ্ট্রৰ ১১ কোটি মাৰাঠী আৰু মুম্বাইৰ অপমান৷ দেশদ্ৰোহীতা কৰিছে ৷ এই অপৰাধ যি কৰিছে মোডী চৰকাৰৰ গৃহ মন্ত্ৰালয়ে তেওঁৰ কাষত থিয় দিছে ৷ স্বাধীনতাৰ পৰা মুম্বাইক ৰাজধানী কৰিবৰ বাবে ১০৮ জন শ্বহীদ হৈছে ৷ আমাক সেই দেৱীয়ে অসম্মান কৰিছে ৷ হিন্দুত্ব আৰু সংস্কৃতি, ধর্ম আৰু ১০৮ শ্বহীদৰ বলিদানক হেয় কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্রৰ অপমানকাৰীক সন্মান দি সুৰক্ষা দিছে ৷ মুম্বাই মহিলা অপমানকাৰীৰ নাম ক’লা আখৰেৰে লেখা থাকিব মহাৰাষ্ট্রৰ ইতিহাসত৷ মহাৰাষ্ট্রৰ শিৱ সেনাৰ মিত্ৰ এনচিপিয়ে লক্ষ্য কৰিছে, কংগনা ৰানাউটক অযথা গুৰুত্ব দিয়া হৈছে ৷ অভিনেত্ৰীৰ নাম উল্লেখ নকৰি এনচিপিৰ প্ৰধান শাৰদ পাৱাৰে কয়, আমি অযথা এনে ধৰণৰ মন্তব্যক গুৰুত্ব দিছো ৷ জনসাধাৰণৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া প্ৰয়োজন ৷ মুম্বাই আৰক্ষীয়ে কিদৰে কাম কৰে তাৰ দীৰ্ঘ অভিজ্ঞতা আছে মুম্বাইবাসীৰ ৷ কংগনাৰ সৈতে শিৱ সেনাৰ কন্দলক কেন্দ্ৰ কৰি আজি ভাবুকি পাইছে মহাৰাষ্ট্রৰ গৃহমন্ত্ৰী অলিল দেশমুখে ৷ ইয়াৰ আগতে তেওঁক আৰু শাৰদ পাৱাৰক ফোনত ভাবুকি দিছিল ৷ তাৰ পৰিপেক্ষিতত বৰ্ষীয়ান নেতাজনৰ মন্তব্য আগতেও বহু ভাবুকিৰ ফোন পাইছিল৷ এইবোৰ গুৰুত্ব দিব নালাগে ৷
নগাঁৱত ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান। নগাঁৱত গুণ্ডাৰাজ কাৰ দিনত চলিছিল সেয়া ৰাইজে জানে : বিধায়ক ৰূপক শৰ্মা
নগাঁও, ১০ ছেপ্টেম্বৰ : যোগদান কাৰ্যসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ উদ্যোগত দেওধৰ পঞ্চায়তত এক যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ দেওধৰ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ডেৰ শতাধিক কংগ্ৰেছ দলৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।আনহাতে বিজেপি দলৰ নীতি আৰ্দশ আৰু চৰকাৰখনৰ উন্নয়ন মূলক কামকাজৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় প্ৰতিদিনেই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰি অহা বুলি বিধায়ক ৰূপক শৰ্মাই আজি যোগদান কাৰ্যসূচীত মন্তব্য কৰি লগতে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাত অসমৰ জনসাধাৰণৰ লগতে গৰিষ্ঠ সংখ্যক কংগ্ৰেছ কৰ্মীয়েও অসন্তুষ্টি ব্যক্ত কৰি আহিছে যাৰ ফলশ্ৰুতিত শেহতীয়াকৈ নগাঁও সদৰ সমষ্টিত কংগ্ৰেছ দলত গৰাখহনীয়াৰ সৃষ্টি হৈছে। ইপিনে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছৰ বিধায়ক ডা: দূৰ্লভ চমুৱাই কালি এক সংবাদমেলত দুদিন পূৰ্বে দক্ষিণপাটত পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰা সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাক সমালোচনা কৰিবলৈ গৈ কৰা কেতবোৰ কটু মন্তব্যৰ প্ৰতুত্ত্যৰত বিধায়ক শৰ্মাই কয় যে বিজেপি দলত যোগদানৰ ধাৰাবাহিকতা চলি থকাৰ বিপৰীতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক জনে সংবাদমেল অনুষ্ঠিত কৰি সন্তুষ্টি লাভিব লাগিব। উল্লেখ্য, প্ৰাক্তন বিধায়ক ডা: চমুৱাই কালি বিধায়ক ৰূপক শৰ্মাক সমালোচনা কৰি কৈছিল যে বিজেপিয়ে কংগ্ৰেছ কৰ্মীক ডকাইটৰ ভয় দেখুৱাই যোগদান কৰাইছে। প্ৰাক্তন বিধায়ক ডাঃ চমুৱাৰ এনে বক্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আজি বিজেপিৰ যোগদান সমাৰোহখনত বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁৱত গুণ্ডাৰাজ কাৰ দিনত চলিছিল সেয়া ৰাইজে জানে। আনহাতে ডা: দুৰ্লভ চমুৱাৰ নাম উল্লেখ নকৰাকৈ কেৱল ডা: বাবু বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই কয় : ডাক্তৰ বাবু কংগ্ৰেছৰ দিনত চোন ডকাইটৰ সন্ত্ৰাসৰ পৰা আপুনি নিজেই সাৰি যাব পৰা নাছিল দেখুন। বিধায়ক ৰূপক শৰ্মাই লগতে কয় যে কংগ্ৰেছৰ দিনত ঘোচ লৈ চাকৰি লোৱা সকলে জেলৰ ভাত খাইছে। কিন্তু আমাৰ দিনত খাটি খোৱা দুখীয়া পৰিয়ালৰ ল’ৰাই যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে। ইপিনে নগাঁও সদৰ সমষ্টিৰ উন্নয়ণৰ কথা দোহাৰি বিধায়ক গৰাকীয়ে কয় যে নগাঁৱৰ উন্নয়নে কংগ্ৰেছৰ মুখত চুণ সানিছে। বিধায়ক গৰাকীয়ে নগাঁৱৰ গ্ৰামাঞ্চলত হোৱা উন্নয়ণৰ বিষয়ে উল্লেখ কৰি কয় সমষ্টি পুনৰগঠনক লৈ আমি চিন্তিত নহয়, কিন্তু ডাক্তৰ বাবুয়ে কিয় ইমান ভয় খাইছে। প্ৰায় ডেৰ শতাধিক কংগ্ৰেছীয়ে গেৰুৱা বসন পৰিধান কৰা সভাখনতে বিধায়ক গৰাকীয়ে কেইদিনমানৰ ভিতৰতে নগাঁও চহৰক নতুন ৰূপত দেখিব অসমৰ ৰাইজে দেখিবলৈ পাব বুলি মন্তব্য কৰে । উল্লেখ যে আজি এই যোগদান কাৰ্যসূচীত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ আত্মীয়ইও বিজেপি দলত যোগদান কৰে। পাখিমৰীয়া মন্ডল বিজেপিৰ সভাপতি নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, জিলা সম্পাদিকা জুলি দাস, দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি মৃদুল ফুকন প্ৰমুখ্যে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে। ইপিনে অসমীয়া গহনা প্ৰস্তুত কৰি ৰাজ্যবাসীৰ সমাদৰ লাভ কৰা নগাঁও জিলাৰ ঐতিহ্যমন্ডিত ৰনথলী অঞ্চলৰ প্ৰবেশ পথত ‘অসম দৰ্শন’ আচঁনিৰ অধীনত দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা তোৰণ খনৰো আজি আধাৰশিলা স্হাপন কৰে বিধায়ক ৰূপক শৰ্মাই। আধাৰশিলা স্হাপন অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱত্তী প্ৰমুখ্যে ভালেকেইগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দক্ষিণ পকোৱা আঞ্চলিক সমিতিৰ উদ্যোগত পৰিৱেশ সজাগতা সভা আৰু গছপুলি ৰোপণ কাৰ্যসূচী
নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দক্ষিণ পকোৱা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় পৰিৱেশ সজাগতা সভা আৰু গছপুলি ৰোপণ কাৰ্যসূচী। দক্ষিণ পকোৱা আঞ্চলিকৰ সাধাৰণ সম্পাদক কিশোৰ ডেকাই আঁত ধৰা আৰু সভাপতি আব্দুল আৱালে সভাপতিত্ব কৰা পৰিৱেশ সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক যোগেশ কলিতা, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদ, দক্ষিণ পকোৱা আঞ্চলিকৰ উপদেষ্টা নুৰ আহমেদ আৰু তফাজ্জুল হ’ক। জিলা সমিতিৰ যুটীয়া সম্পাদক যোগেশ কলিতাই পৰিৱেশ ৰক্ষাৰ বাবে গছপুলি সমূহ বৃক্ষলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰতিপালন কৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে অনা EIA ৰ ভয়াৱহতা সম্পৰ্কে বক্তৱ্য আগবঢ়াই এই আইনৰ তীব্ৰ বিৰোধিতা কৰে। সভাৰ শেষত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।

কিমান সুৰক্ষিত বিত্তীয় প্ৰতিস্থানৰ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহ ? হোজাইৰ এক গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীক চুৰীৰে আঘাত কৰি লুটি নিলে লক্ষাধিক টকা
দৈনন্দিন বাৰ্তা ডেস্ক : হোজাই ৰাধানগৰত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ইউ বি আই বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই ডকাইতি। বিত্তীয় প্ৰতিস্থানৰ কৰ্মচাৰী সমীৰ ৰয়ে নিজ গৃহলৈ উভতাৰ পথত সংঘটিত হয় এই ডকাইতি কাণ্ড ৷ মুখ ঢাকি অহা এজন দুৰ্বৃত্তই চুৰিৰে দেহৰ কেবাঠাইত আঘাত কৰে আৰু তেওঁৰ পৰা লুট কৰি লৈ যায় লেপটপ আৰু লক্ষাধিক টকা। গুৰুতৰভাবে আহত হোৱাত ততাতৈয়াকৈ তেওঁক স্থানীয় ৰাইজে উদ্ধাৰ কৰি হোজাই FRU ত ভৰ্তি কৰে ৷ পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম হস্পিটেললৈ প্ৰেৰণ কৰা হয় ৷ ঘটনা সংক্ৰান্তত হোজাই থানাত ৰুজু কৰা হৈছে এটা গোচৰ আৰু হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
কালিবাৰী ৰে’লৱে কলনিত অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ ৷ পূৱ গুৱাহাটী সমষ্টিত ১৫ হাজাৰ প্ৰ পত্ৰ বিতৰণ কৰা হ’ব : সিদ্ধাৰ্থ ভট্টাচাৰ্য
দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইমাহমান বাকী থকা সময়তে জনসাধাৰণক আকৃষ্ট কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে অৰুণোদয় নামৰ এক অভিলাষী আঁচনি ঘোষণা কৰে৷ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা আঁচনি খনৰ প্ৰ পত্ৰ জনসাধাৰণৰ মাজলৈ উলিয়াই দিয়ে৷ সেয়ে ৰাজ্যৰ সমষ্টিসমূহত হিতাধিকাৰীয়ে প্ৰ পত্ৰ বিছৰা দেখা গৈছে৷ পূৱ গুৱাহাটী সমষ্টিৰ বিভিন্ন ৱাৰ্ডৰ বুথ সমূহৰ জৰিয়তে প্ৰ পত্ৰ বিতৰণ কৰা হৈছে৷ চলিত সপ্তাহৰ প্ৰতি দিনে সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত বিভিন্ন অঞ্চলত অৰুণোদয় আঁচনিৰ ফ্ৰম বিতৰণ কৰে৷ মংগলবাৰে কালিবাৰী ৰেলৱে কলনিৰ এক সভাত মন্ত্ৰী গৰাকীৰ উপস্থিতিত বুথ সভাপতি সকলৰ জৰিয়তে প্ৰ-পত্ৰসমূহ বিতৰণ কৰা হয়৷ এই ক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনিখনে অতি দৰিদ্ৰ জনসাধাৰণক যঠেষ্ট উপকৃত কৰিব৷ বিধবা মহিলা, বিবাহ বিচ্ছেদ মহিলা, পৃথকীকৃত মহিলা, বিবাহ নোহোৱা যুৱতী, বিশেষভাবে সক্ষম লোকে এই আঁচনিৰ প্ৰথমতে অগ্ৰাধিকাৰ লাভ কৰিব৷ ইয়াৰ পিছতো যি সকল দৰিদ্ৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাই অথচ বছৰি দুইলাখতকৈ আয় কম সেইসকল পৰিয়ালৰ মহিলা সকলে আছনিত অন্তৰভুক্ত হ’ব বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে৷ তেওঁ লগতে কয় যে পূৱ গুৱাহাটী সমষ্টিৰ প্ৰতিজন পাবলগীয়া হিতাধিকাৰীয়ে এই আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবেই বুথ সভাপতি সকলক নিয়াৰিকৈ কাম-কাজ কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী ভট্টাচাৰ্যই৷ উল্লেখ্য যে ফ্ৰম বিতৰণ সভাত চেন্টেল মন্ডল সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বুথ সভাপতি আৰু স্হানীয় নাগৰিক উপস্থিত থাকে ৷
ভগৱান ৰামৰ নামত অযোধ্যাৰ বিমানবন্দৰ
দৈনন্দিন বাৰ্তা ডেস্ক : অযোধ্যাৰ বিমানবন্দৰটোৰ নাম ভগৱান ৰামৰ নামত হ’ব ৷ এই বিমানবন্দৰটো আন্তৰ্জাতিক মানৰ হ’ব ৷ এই বিমানবন্দৰটো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বাধীন চৰকাৰে ২০২১ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চূড়ান্ত সময়সীমা নিৰ্দ্ধাৰণ কৰিছে ৷ চৰকাৰে বিশ্বাস কৰে যে ইয়াত বৃহৎ পৰিমাণৰ পৰ্যটকৰ আগমন হ’ব ৷ ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচত ঘৰুৱা আৰু বিদেশী পৰ্যটকৰ সমাগম হ’ব ৷ এই বিমানবন্দৰৰ বাবে মে’ মাহতে ভূমিৰ হিচাপ সম্পন্ন কৰে ৷ এই বিমানবন্দৰটো নিৰ্মাণৰ বাবে যোগী চৰকাৰে ৫২৫ কোটি টকা অনুমোদন কৰিছে ৷ ইয়াৰে ৩০০ কোটি টকা ইতিমধ্যে মুকলি কৰি দিছে ৷
শান্তি নোবেল বঁটাৰ বাবে মনোনীত ডোনাল্ড ট্ৰাম্প
দৈনন্দিন বাৰ্তা ডেস্ক : ইজৰাইল-আৰবৰ দ্বন্দ্ব অৱসান ঘটোৱাত শান্তি নোবেল বঁটাৰ বাবে মনোনীত হ’ল ডোনাল্ড ট্ৰাম্প ৷ উল্লেখ্য যে ইজৰাইল আৰু সংযুক্ত আৰৱ আমিৰশ্বাহিৰ মাজত শান্তি চুক্তি স্থাপনৰ মধ্যমণি আছিল মাৰ্কিন ৰাষ্ট্ৰপতি ৷ বিশ্ব শান্তি প্ৰতিষ্ঠাত বাকী মনোনীত ব্যক্তিসকলৰ আবেদনৰ ভিতৰত তেওঁৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৷ এইদৰে কয় নৰৱেৰ চাৰিবাৰৰ সাংসদ টিব্ৰিং জেড্ডে ৷ নোবেল কমিটিত ট্ৰাম্পৰ নাম সমৰ্থন কৰি তেওঁ চিঠিত লিখিছিল, খেলা ঘুৰাই দিলে আৰৱ-ইজৰাইল চুক্তিয়ে ৷ মোৰ ধাৰণা হয় মধ্য এছিয়াৰ বাকী দেশবোৰ এই পথেৰে আগবাঢ়ি যাব ৷ ইয়াৰ আগতেও এবাৰ নবেল পুৰস্কাৰৰ বাবে মনোনীত হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ৷ পৰমাণু বিবাদ ভুলত উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জংমঙৰ লগত বন্ধুত্বৰ হাত তেওঁ প্ৰথম আগবঢ়াইছিল ৷ তাকে দেখি ২০১৮ চনত নোবেল পুৰস্কাৰৰ বাবে তেওঁৰ নাম মনোনীত কৰিছিল জেড্ডে ৷ আন্তৰ্জাতিক নিউজ চেনেল ‘ফক্স নিউজ’ক দিয়া এক সাক্ষাৎকাৰত জেড্ডেয়ে জনায় যে তেওঁ ট্ৰাম্পৰ ভক্ত নহয় ৷ তথাপি বাকীসকলতকৈ তেওঁৰ অৱদান বহু বেছি ৷ ২০০৯ চনত মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নোবেল শান্তি পুৰস্কাৰ পাইছিল বাৰাক ওবামাই ৷ উল্লেখ্য যে অহা ১৫ ছেপ্টেম্বৰত হুৱাইট হাউচত ইজৰাইল আৰু সংযুক্ত আৰৱ আমিৰশ্বাহিৰ মাজত চুক্তি স্থাপনৰ অনুষ্ঠান হ’ব ৷ কেইবা দহকৰ সংঘাত শেষ কৰি ইজৰাইলৰ সৈতে শান্তি স্থাপনত সন্মত আবু ধাবি ৷ চুক্তি মতে ইজৰাইলক সাৰ্বভৌম ৰাষ্ট্ৰৰ স্বীকৃতি দিব ৷ বিনিময়ত পেলেষ্টাইনৰ ৱেষ্ট বেংক এলেকাৰ পৰা সেনা আঁতৰাই আনিব তেল আভিবে ৷













