নলবাৰী : আজি নলবাৰীস্থিত ‘ভাগ্যশ্ৰী টাটা মটৰ্চ ‘এ অষ্টম বৰ্ষত ভৰি দিলে। এই উপলক্ষে ভাগ্যশ্ৰী টাটা মটৰছৰ স্বত্বধিকাৰী তথা সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ পিতৃ প্ৰয়াত যমুনা দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি হয়। এই অনুষ্ঠানৰ লগত সংগতি নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা দুখীয়া ছাত্ৰ-ছাত্ৰীক সমাজকৰ্মী দিলীপ দাসে চাইকেল বিতৰণ কৰে। তদুপৰি নলবাৰী জিলাখনৰ বিভিন্ন অঞ্চলৰ বিশেষভাবে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য আগবঢ়াই এই এই ভাগ্যশ্ৰী মটৰ্চৰ স্বত্বাধিকাৰীজনে। দিলীপ দাসে কৰা এনে মানৱীয় কামৰ বাবে নলবাৰী জিলাৰ সচেতন মহলে দিলীপ কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰাৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীসহ বিশেষভাৱে সক্ষম লোক কেইগৰাকীয়ে সমাজকৰ্মী দিলীপ দাসক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য নলবাৰীৰ গণেশ মন্দিৰ চ’কৰ সমীপত এগৰাকী থলুৱা হিচাপে দিলীপ কুমাৰ দাসে লক ডাউনৰ সময়চোৱাৰ পৰা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত সময়ে সময়ে দৰিদ্ৰ ৰাইজক সহায় কৰি সামাজিক দিশত অৱদান আগবঢ়াই আহিছে।
জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত
নলবাৰী : আজি নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপৰ চিলাৰায় ভৱনত জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এইবেলি জাহ্নৱী মিনি থিয়েটাৰে দ্বিতীয় বৰ্ষত ভৰি দিলে। কেইজনমান থলুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা জাহ্নৱী মিনি থিয়েটাৰে এইবেলি ৰাইজৰ সন্মুখত দুখন নাটক পৰিবেশন কৰিব। নাটক দুখন ক্ৰমে, প্ৰতুল ভূঞা দ্বাৰা ৰচিত ফুটপাথৰ ছোৱালী আৰু জয়ন্ত বৰুৱাৰ দ্বাৰা ৰচিত মহাপাপী দেউতা। জাহ্নৱী মিনি থিয়েটাৰৰ উদ্যোক্তা সকলে এইবেলি এই দুখন নাটকেৰে ৰাইজৰ মন মুহিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। আজিৰ এই শুভ মহুৰত অনুষ্ঠানত ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক সুবোধ মজুমদাৰ, বিশিষ্ট অভিনেতা তথা যুৱ নেতা দিলীপ দাস, বিশিষ্ট সমাজ কৰ্মী মনোজ কুমাৰ শৰ্মা, জুৰি বৰগোসাই, অসম হাইস্কুল শিক্ষক সংস্থা নলবাৰী জিলা সমিতিৰ সম্পাদক উমেশ দাস সহ প্ৰমুখ্যে জাহ্নৱী মিনি থিয়েটাৰৰ বহু কাৰ্মকৰ্তা সকল উপস্থিত থাকে।
নিখোঁজ ৫ অৰুণাচলৰ যুৱকক ঘূৰাই পঠালে চীনে
দৈনন্দিন বাৰ্তা ডেস্ক : অৰুণাচলৰ পৰা নিখোঁজ হোৱা পাঁচজন যুৱকক ভাৰতৰ হাতত তুলি দিলে চীনৰ পিপুলছ লিবাৰেচন আৰ্মিয়ে ৷ শনিবাৰে এই কথা সেনাৰ সূত্ৰত প্ৰকাশ৷ ২ ছেপ্টেম্বৰত এই পাঁচজন যুৱক উচ্চ সুৱনশিৰি জিলাৰ হাবিৰ পৰা নিখোঁজ হৈছিল ৷ ইন্দো-তিব্বত সীমান্তৰক্ষী বাহিনীৰ সামগ্ৰী বহন কৰাৰ লগতে যুৱককেইজন চিকাৰী ৷ জানিব পৰা মতে সেইদিনা এটা সেনাৰ ঘাঁটিত সামগ্ৰী দিয়াৰ পাচত এই হাবিলৈ গৈছিল পাঁচজন যুৱক ৷ স্থানীয় লোকৰ মতে ভেষজ বা চিকাৰৰ বাবে এই যুৱককেইজন প্ৰায়ে তালৈ যায় ৷ এই যুৱককেইজন সেই কাৰণে তালৈ গৈছিল ৷ ভুল কৰি এলএচি পাৰ হৈ চীনৰ ভূখণ্ডত তেওঁলোক সোমাই পৰে ৷ স্থানীয় লোকে দাবী কৰে যে চীনৰ সেনাই তেওঁলোকক অপহৰণ কৰিছে ৷ তাৰ পাচত চীনৰ সৈতে ভাৰতৰ হটলাইন মেছেজৰ উত্তৰ দিয়া হৈছিল ৷ জনাইছিল যে নিখোঁজ পাঁচজন যুৱক চীনৰ হাতত আছে ৷ শনিবাৰে পুৱা ৯.৩০ বজাত হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হয় চীনৰ ভূখণ্ডত ৷ তাৰ পাচত এঘণ্টা লাগে সীমা পাৰ হৈ দেশৰ মাটিত ভৰি দিবলৈ ৷ পাঁচজন যুৱকসহ সেনাৰ দল অৰুণাচলৰ কিবিথু সীমান্ত চকীত নিৰ্বিঘ্নে অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰত জনাইছিল যে চীনা পিএলএয়ে ভাৰতীয় সেনাক জনাইছে অৰুণাচলৰ পাঁচজন যুৱকৰ আমাক ঘূৰাই দিব ৷
মথুৰাপুৰৰ কাকতীবাৰীত পিষ্টলসহ দুই যুৱক আটক : শিলৰ ডাম্পাৰত বহিঃৰাজ্যৰ পৰা অস্ত্ৰ সৰৱৰাহ
গেলেকী : শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহে দীৰ্ঘদিনে আইন বিৰুদ্ধী কাৰ্যকলাপ অব্যাহত ৰাখিছে। দিনে-নিশাই অস্ত্ৰশস্ত্ৰ সৰৱৰাহকে ধৰি ধনদাবী, নিচাযুক্ত দ্ৰব্য প্ৰচলনে স্থানীয় অঞ্চলসমূহত আইন শৃংখলতা ভংগ কৰি আহিছে। অপৰাধীৰ চাল চলন নতুবা বিদ্ৰোহীক প্ৰতিহত কৰাত ব্যৰ্থ নাজিৰা, সোণাৰি আৰক্ষী প্ৰশাসন। নাজিৰা মহকুমা সমীপৰ মথুৰাপুৰৰ কাকতীবাৰী থানা অন্তর্গত কাকতীবাৰী ট্ৰলী আলি অঞ্চলৰ পৰা ৯ ছেপ্তেম্বৰৰ সন্ধিয়া অস্ত্রসহ দুজন যুৱকক আৰক্ষী আৰু আছাম ৰাইফলছে আটক কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে গোপন সূত্রে শিল কঢ়িওৱা ডাম্পাৰত অস্ত্র সহ দুজন যুৱক আহি থকা বুলি লাভ কৰা খবৰৰ ভিত্তিত কাকতীবাৰী থানা আৰক্ষীৰ দল আৰু বানফেৰাত শিবিৰ পাতি থকা আছাম ৰাইফলছৰ এটা দলে কাকতীবাৰী ট্ৰলী আলিত অভিযান চলায় ৷ কাকতীবাৰী টিমনৰ পথেৰে সন্ধিয়া প্রায় ৭.৪০ বজাত ৰাজগড়ৰ পৰা কাকতীবাৰী অভিমুখে আহি থকা তিনিখন ডাম্পাৰত তালাচী চলোৱাৰ সময়তে এটা পইণ্ট ২.২ ৰাইফলসহ দুজন যুৱকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে আটক কৰা যুৱক দুজন হৈছে কাকতীবাৰী থানা অন্তর্গত টিমন হাতীবন্ধা গাঁও নিৱাসী প্রদীপ বৰাৰ পুত্র জানমণি ওৰফে জোন ওৰফে অজিত ওৰফে ধনীৰাম বৰা (২৪) আৰু তিনিচুকীয়া জিলা পেঙেৰী থানা অন্তর্গত স্বর্গীয় অজিত মৰাণৰ পুত্র কামাখ্যা মৰাণ (২৬)ক আটক কৰি আৰক্ষীৰ দলে কাকতীবাৰী থানালৈ লৈ আহে ৷ ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী প্রশাসনৰ উচ্চ-পদস্থ আৰক্ষী আৰু আছাম ৰাইফলছৰ বিষয়াৰ দল কাকতীবাৰী থানাত উক্ত দিনা নিশাই উপস্থিত হৈ ধৃত যুৱক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে ৷

ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত জিলা কাৰ্যনিৰ্বাহক সভা
নলবাৰী : বিগত ১৫ বছৰ শাসন কালত তৰুণ গগৈয়ে কৈছিল “হু ইজ বদৰুদ্দিন” কিন্তু এতিয়া বদৰুদ্দিন আজমল তৰুণ গগৈৰ বন্ধু হল। কংগ্ৰেছ দলে নিজৰ স্বৰূপ নিজেই উদঙাইছে, অসমৰ ৰাইজে বুজিবলৈ আন বাকী নাই । বিজেপি দলে অকল খিলঞ্জীয়ায়ে নহয় অসমৰ সকলো ৰাইজৰ পৰা সঁহাৰি পাব, আজি ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত স্বয়ম্বৰ বিবাহ ভৱনত অনুষ্ঠিত হোৱা জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই মন্তব্য কৰে । আনহাতে আছুৰ ৰাজনৈতিক দল গঠন হলে বিজেপি দলৰ ক্ষতি হব পাৰে নেকি বুলি সাংবাদিকে প্ৰশ্ন উত্থাপন কৰোতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ব্যক্ত কৰে ভাৰত হৈছে এখন স্বাধীন দেশ আৰু ইয়াত সকলোৰে দল গঠনৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু এইবেলি ৰাইজ বিজেপিৰ সপক্ষে আছে । তদুপৰি এই সভা অংশ গ্ৰহণ ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আছুয়ে খিলঞ্জীয়া সকলৰ ৰক্ষাৰ স্বাৰ্থত যি কথা কৈ আছে সেই কথা অনুসৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাম বিজেপি চৰকাৰেহে কৰি আছে । জয়ন্ত মল্ল বৰুৱাই কয় যে, তথাপিও ৰাজনৈতিক ক্ষেত্ৰলৈ আছুক স্বাগতম জনাইছো । যেতিয়া ৰাজনৈতিক ক্ষেত্ৰলৈ আছুই নামিব তেতিয়া কাৰ কিমান জনপ্ৰিয়তা গম পোৱা যাব । আজিৰ এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ, বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ সহ প্ৰমুখ্যে বিজেপি দলৰ বহুত নেতৃত্ববৃন্দৰ লগতে কৰ্মী সকল উপস্থিত থাকে ।
ভাৰ্চুৱেল আদালতৰ পক্ষে মত সংসদীয় পেনেলৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰ্চুৱেল আদালতৰ পক্ষে মত দিলে সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিয়ে ৷ অনলাইন বিচাৰ প্ৰক্ৰিয়া তুলনামূলকভাৱে সস্তীয়া আৰু দ্ৰুততৰ বুলি লক্ষ্য কৰিছে কমিটিয়ে ৷ ক’ৰোনা মহামাৰী নিয়ন্ত্ৰণ হ’লেও এই প্ৰক্ৰিয়া চলি যোৱাৰ পক্ষে মত দিছে কমিটিয়ে ৷ সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিৰ প্ৰধান ৰাজ্যসভাৰ সাংসদ ভূপেন্দ্ৰ যাদৱৰ মতে সময়ৰ সৈতে সলনি হ’ব, প্ৰযুক্তি এতিয়া গেম চেঞ্জাৰ হিচাপে ধৰা দিছে ৷ কমিটিয়ে ইতিমধ্যে অন্তবর্তী ৰিপৰ্ট ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ হাতত জমা দিছে ৷ উল্লেখ্য যে আৰ্থিকভাৱে পিছপৰা মানুহৰ ন্যায় বিচাৰ পোৱাত সুবিধা হ’ব ৷ অনলাইন কৰ্ট নাগৰিকৰ বন্ধু আৰু দুৰ্বল সাক্ষীৰ সাক্ষ্য প্ৰদানৰ সুৰক্ষা নিশ্চিত কৰিব ৷ লগতে কোৱা হৈছে, আগন্তুক দিনত প্ৰযুক্তি গেম চেঞ্জাৰ হ’ব ৷ আইনী দক্ষতা আৰু জ্ঞানৰ সৈতে পৰবর্তী সময় আইনজীৱীসকলৰ প্ৰযুক্তিও সুদক্ষ হ’ব ৷ সময়ৰ দাবী মানি অনলাইন আদালতৰ প্ৰয়োজন ৷ অনলাইন আদালতৰ পৰিকাঠামোগত সীমাবদ্ধতা লৈ প্ৰশ্ন কৰিছিল বাৰ কাউন্সিলে ৷ কাউন্সিলৰ দাবী, ৫০ শতাংশ আইনজীৱীৰ লেপটপ নাই ৷ প্ৰযুক্তিত পাৰদৰ্শী নহ’লে এই ব্যৱস্থাত সফল হোৱা অসম্ভৱ ৷
২০২২ চনৰ ভিতৰত দেশত নতুন শিক্ষা নীতি : প্ৰধানমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : এক নতুন যুগৰ বীজ ৰোপন কৰিব নতুন শিক্ষা নীতিয়ে। একবিংশ শতাব্দীত ভাৰতক নতুন দিশ দেখুৱাব ৷ কেন্দ্ৰৰ প্ৰস্তাৱিত নতুন শিক্ষা নীতিক লৈ এনেদৰে মত প্ৰকাশ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে মোডীয়ে এনইপি ২০২০, স্কুল এডুকেছন কনক্লেভত যোগদান কৰে ৷ তাতেই নতুন কেন্দ্ৰীয় শিক্ষা নীতি লৈ মত প্ৰকাশ কৰে প্রধানমন্ত্রীয়ে ৷ মোডীয়ে কয় মাৰ্কশ্বিট কেতিয়াও কোনো ছাত্ৰৰ শিক্ষাৰ পূৰ্ণাংগ মূল্যায়ন হ’ব নোৱাৰে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাৰ্কশ্বিট সৰ্বস্ব শিক্ষা ব্যৱস্থাৰ সলনি ঘটাই সাৰ্বিক শিক্ষাত জোৰ দিয়া হৈছে ৷ কেৱল শ্ৰেণী কোঠাত আবদ্ধ থাকি শিক্ষা নহয় ৷ শিক্ষাক শ্ৰেণী কোঠাৰ দেৱালৰ বাহিৰলৈ আনিবলৈ তেওঁ আহ্বান জনায় ৷ কেৱল পুথিগত বিদ্যা নহয়, শিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগৰ কথা কয় প্রধানমন্ত্রীয়ে৷ মোডীয়ে কয়, নতুন শিক্ষা নীতিত পঞ্চম শ্ৰেণী পৰ্যন্ত প্ৰতিটো শিশুক মাতৃভাষাত শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ লগতে মোডীয়ে জনাই যে ২০২২ চনৰ ভিতৰত দেশৰ সকলোতে নতুন এই শিক্ষা নীতি প্ৰৱৰ্তন কৰা হ’ব ৷ এই নতুন শিক্ষা নীতিৰ সাৰ্থক ৰূপায়নত সকলোৱে একেলগে কাম কৰিব লাগিব ৷
অভিলেখ : ভাৰতত ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ ৯৬,৫৫১
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত অৰ্থাৎ শুকুৰবাৰে অভিলেখ সংখ্যক ৯৬,৫৫১ জন লোক নতুনকৈ ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ ১২০৯ জন লোকৰ মৃত্যু হয় ৷ উল্লেখ্য যে দেশত ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ সংখ্যাই ৪৫ লাখ অতিক্ৰম কৰিলে ৷ ভাৰতত মুঠ ৪৫,৬২,৪১৫ জন লোক ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত ৯,৪৩,৪৮০ জন সক্ৰিয় ৷ তদুপৰি ৩৫,৪২,৬৬৪ জন লোক আৰোগ্য হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত এই কথা প্ৰকাশ৷ আনহাতে দেশত মৃত্যুৰ মুঠ সংখ্যা হ’ল ৭৬,২৭১ জন ৷ মন কৰিব লগা যে ভাৰতত এদিনত সৰ্বাধিক ক’ভিড-১৯ত আক্ৰান্ত হৈছে যিটো আমেৰিকাতকৈ বেছি ৷ ইপিনে ১৫ এপ্ৰিলত সৰ্বাধিক ২৪৯৪ জন লোকৰ মৃত্যু হয় ৷ দেশৰ ভিতৰত সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এইখন ৰাজ্যত ২ লাখ ৫৩ হাজাৰ ১০০ জনৰ সক্ৰিয় ৷ আনহাতে ৰাজ্যখনত ৬ লাখ ৮৬ হাজাৰ ৪৬২ জন সুস্থ হৈছে আৰু ২৭,৭৮৭ জনৰ মৃত্যু হৈছে ৷ ইয়াৰ পাচতে অন্ধ্ৰপ্ৰদেশত ৯৭,২৭১ জনৰ সক্ৰিয় ৷ ৰাজ্যখনত ৪,২৫,৬০৭ জন ৰোগী আৰোগ্য হৈছে আৰু ৪৬৩৪ জনৰ মৃত্যু হৈছে ৷ দিল্লীত ২৩,৭৭৩ জনৰ সক্ৰিয় ৷ এইখন ৰাজ্যত এক লাখ ৭২ হাজাৰ ৭৬৩ জন আৰোগ্য হৈছে ৷ ৰাজ্যখনত ৪৬৩৮ জনৰ মৃত্যু হৈছে ৷ ইপিনে ইণ্ডিয়ান কাউন্সিল অব মেডিকিল ৰিচাৰ্চে জনোৱা মতে দেশত ১০ ছেপ্টেম্বৰলৈকে ১১,৬৩,৬৪২ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ দেশত ৫,৪০,৯৭,৯৭৫ টা মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৷
শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কামৰ শুভ উদ্ধোধন
উজনি মাজুলীঃ উজনি মাজুলীৰ অন্যতম ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰখনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা প্ৰেক্ষাগৃহটি শুভাৰম্ভণি অনু্ষ্ঠানত বন্তী প্ৰজ্বলন কৰে সত্ৰখনৰ ডেকা সত্ৰীয়া কমল চন্দ্ৰ মহন্তই। সত্ৰখনৰ লগতে অঞ্চলৰ অন্যতম সাংস্কৃতিক কৰ্মী নৱজ্যোতি মহন্তই আঁত ধৰা অনুষ্ঠানটোত শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা উপস্থিত থাকি অসম দৰ্শন আঁচনিৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ ধাৰক আৰু বাহক স্বৰূপ সত্ৰ সমূহৰ উন্নয়নৰ বাবে এই আঁচনি ৰূপায়ন কৰা বুলি মন্তব্য প্ৰদান কৰে । প্ৰেক্ষাগৃহটি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকল হ’ল ক্ৰমে মিত্ৰদেৱ মহন্ত, জগত মহন্ত, বিপুল মহন্ত, নাৰায়ণ বৰুৱা, নোমল বৰুৱা, হিৰেন মহন্ত, বুপৰাম বৰা, প্ৰবীণ মহন্ত, দুলাল বৰা, গণেশ মহন্ত, ডিম্বেশ্বৰ বৰুৱা, অতুলচন্দ্ৰ বৰা, প্ৰদীপ শইকীয়া, কেশৱ ৰাজখোৱা, হৰেন বৰা, জিতেন মহন্ত, বিশ্ব বৰা, ভাস্কৰ মহন্ত, অংকুৰ মহন্ত, সত্ৰৰ ডেকা সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ লগতে সত্ৰ আৰু সমূহ ৰাইজ, আই মাতৃ সকল, সাংবাদিক প্ৰাঞ্জল খাউণ্ড, সনজিৎ কুমাৰ অভয়পুৰীয়া। সত্ৰখনিলৈ আগবঢ়োৱা অনুদানৰ বাবে প্ৰেক্ষাগৃহ শুভাৰম্ভনি অনুষ্ঠানত থকা সকলো ৰাইজে অসম চৰকাৰলৈ ধন্যবাদ জনায়।
মাৰ্কশ্বিট শিক্ষাৰ্থীৰ প্ৰেছাৰ শ্বিট, অভিভাৱকৰ ‘প্ৰেষ্টিজ শ্বিট’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
দৈনন্দিন বাৰ্তা ডেস্ক : কোন পৰীক্ষাত কিমান নম্বৰ পালে তাক লৈ এগৰাকী শিক্ষাৰ্থীৰ মান নিৰ্ণয় কৰা সম্ভৱ? উত্তৰ লৈ যথেষ্ট মতবিৰোধ হৈছে ৷ শুকুৰবাৰে পুৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰসংগত এনেদৰে প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মাৰ্কশ্বিটে এজন পঢ়ুৱৈৰ ওপৰত অকাৰণ মানসিক চাপ তৈয়াৰ কৰে বুলি মোডীয়ে দাবী কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এটা পৰীক্ষা, মাৰ্কশ্বিট কোনো শিক্ষাৰ্থীৰ সাৰ্বিক মূল্যায়ন কৰিব পাৰে অথবা তাৰ মানসিক বিকাশ সম্পৰ্কে কিছু জানিব পাৰেনে? বৰ্তমান মাৰ্কশ্বিটে ছাত্র-ছাত্রীৰ ওপৰত অযথা চাপ তৈয়াৰ কৰিছে ৷ আনহাতে পৰিয়ালৰ ওচৰত মাৰ্কশ্বিট কেৱল মাত্ৰ ‘প্ৰেষ্টিজ শ্বিট’ ৷ যেন শিক্ষাৰ্থীৰ মাৰ্কশ্বিটৰ ওপৰতেই অভিভাৱকৰ মান সন্মান নিৰ্ভৰ কৰে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল লক্ষ্য শিক্ষাৰ্থীক অযথা চাপৰ পৰা মুক্তি দিয়া ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, সকলো সলনি হৈ গৈছে ৷ শিক্ষানীতিও সলনিৰ প্ৰয়োজন ৷ কাৰণ ২১ শতিকা শিক্ষা, জ্ঞান আৰু অভিনবত্বৰ ৷ কেৱল গধুৰ স্কুল বেগ আৰু নম্বৰৰ বোজা নহয় এইবাৰ আচল শিক্ষা সমৃদ্ধ হ’ব আগন্তুক ভৱিষ্যৎ ৷ নতুন শিক্ষা নীতিৰ ফলত শিক্ষকসকলৰ মান উন্নয়ন হ’ব৷ তদুপৰি মাতৃভাষাত পঢ়াশুনা কৰিব পাৰিব ৷ তাৰ ফলত তেওঁলোক অতি সহজে নতুন বস্তু শিকিব পাৰিব৷ ইয়াৰ উপৰি পাঠ্যক্ৰমৰ বোজা কমিলে শিকাৰ আনন্দ বাঢ়িব ৷











