বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ প্ৰতিষেধকৰ বাবে অপেক্ষা কৰি আছিল বিশ্ববাসীয়ে। সকলো অপেক্ষাৰ অন্তত ব্ৰিটেন আৰু কানাডাৰ পাছতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’ণাৰ প্ৰতিষেধক ফাইজাৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । আজিৰে পৰা আমেৰিকাৰ হাস্পতাল আৰু জৰুৰীকালীন সেৱাসমূহত উপলব্ধ হ’ব মহামাৰী কৰ’ণাৰ ভেকচিন । প্ৰথম সপ্তাহত আমেৰিকাৰ প্ৰতিখন ৰাজ্যলৈ ৩০ লাখ ড’জ প্ৰতিষেধক বিতৰন কৰা হ’ব।
ৰাজনাথ সিঙক সাক্ষাৎ কংগনা ৰানাৱটৰ, কিয় আশীৰ্বাদ বিচাৰিলে কংগনাই
জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা সাক্ষাৎৰ বিষয়ে টুইটাৰযোগে জনাই । তাৰকা গৰাকীয়ে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ আগন্তক ছবি ‘তেজাছ’ৰ বাবে আশীৰ্বাদ বিচাৰে ।
তেওঁৰ বহু প্ৰত্যাশিত ‘থলাইভি’ৰ বিষয়ে ঘোষণা কৰাৰ এটা দিন পিছতে ৰানাৱটে তেওঁৰ পৰৱৰ্তী প্ৰকল্পৰ বাবে শ্বুটিং কৰিবলৈ সাজু হৈছে।
ৰানাৱটে তেওঁৰ পৰৱৰ্তী প্ৰকল্প ‘তেজাছ’ত ভাৰতীয় বায়ুসেনাৰ পাইলটৰ ভূমিকা ৰূপায়ন কৰিব। 2016 চনত যুদ্ধ ভূমিকাত মহিলাসকলক অন্তৰ্ভুক্ত কৰা দেশৰ প্ৰথম সশস্ত্ৰ বাহিনী আছিল ভাৰতীয় বায়ুসেনা । চিনেমাখন এই ঐতিহাসিক ঘটনাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে । ছবিখনৰ প্ৰথম ৰূপ টো ফেব্ৰুৱাৰীত মুক্তি দিয়া হৈছিল য’ত কংগনাই ভাৰতীয় বায়ু সেনাৰ ইউনিফৰ্ম পৰিধান কৰি থকা দেখা পোৱা গৈছিল।
“বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ” : হাগ্ৰামা,হৰ্ছ ট্ৰেডিঙৰ আশংকাত BJP-UPPL
হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ সন্মুখত কৰা এটা বক্তব্যই কঁপনি তুলিছে BJP-UPPLৰ ভিতৰচঁৰাত । হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক কৈছিল যে, “বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ। ২২জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকা লৈ চৰকাৰ গঠন কৰিম” ।
হাগ্ৰামাৰ এই মন্তব্যৰ পিছতেই এতিয়া হৰ্ছ ট্ৰেডিঙৰ আশংকাত ভুগিছে বিজেপি-UPPL ! হৰ্ছ ট্ৰেডিঙৰ আশংকাত ইতিমধ্যে বিজেপি আৰু UPPLৰ জয়ী প্ৰাৰ্থীসকলক গুৱাহাটীৰ লিলি হোটেলত ৩৬টাকৈ কোঠা বুক কৰি হৈছে নজৰবন্দী কৰা হৈছে । হোটেলত সকলো তত্বাৱধানৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাসক । প্ৰমোদ বড়োৱে অনুমতি দিয়া লোককহে হোটেলত প্ৰৱেশৰ অনুমতি দিয়া হৈছে । মূল প্ৰৱেশ দ্বাৰত ৰখা হৈছে প্ৰমোদ বড়োৰ ঘনিষ্ঠ লোকক ।
সংগীত জগতৰ খ্যাতনামা বাদ্য শিল্পী তথা ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ, অসম কুং-ফু সন্থাৰ উপসভাপতি, দাদুল কুমাৰ দাসৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ও স্মৃতি গ্ৰন্থ উন্মোচন
নলবাৰী, ১৩ ডিচেম্বৰ: আজি দিনযোৰা কাৰ্য্যসূচীৰে অসম কুং-ফু সন্থাৰ উপ-সভাপতি ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ, প্ৰশিক্ষক তথা সংগীত জগতৰ জনপ্ৰিয় বাদ্য শিল্পী মাষ্টৰ দাদুল কুমাৰ দাসৰ স্মৃতিত আজি কামৰূপ জিলাৰ মিৰ্জাৰ শ্বহীদ ভৱন বাকৰিত এখন ৰাজহুৱা শ্রৰ্দ্ধাঞ্জলি অনুষ্ঠান ও স্মৃতিগ্রন্থ উন্মোচন কৰা হয় । আন্ত:ৰাষ্ট্ৰীয় কুং-ফু খেলুৱৈ নলবাৰীৰ ধৰ্মেশ্বৰ হালৈ আঁত ধৰা এই শ্রৰ্দ্ধাঞ্জলি অনুষ্ঠানত অসম কুংফু সন্থাৰ তৰফৰ পৰা দাদুল কুমাৰ দাসৰ নামত এটা বঁটা দিয়াৰ ঘোষণা কৰে কুংফু সন্থাৰ সম্পাদক পংকজ কুমাৰ দাসে । আনহাতে বিশিষ্ট কণ্ঠ শিল্পী মনিশা হাজৰিকাই উন্মোচন কৰে দাদুল দাসৰ স্মৰণিকা খন । এই অনুষ্ঠানত উপস্থিতি থাকে অসম কুং-ফু সন্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, পালাশবাৰী সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা তথা অসম BJP ৰাজ্যিক কাৰ্য্য নিৰ্বাহক অনুপ কুমাৰ মেধি, গুৱাহাটী চিনে মিউজিচিয়ান অসমৰ সম্পাদক দ্বীপ ৰাজবংশী , সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ দাস সহ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল ।
অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰী চহৰত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰিলে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
নলবাৰী, ১৩ ডিচেম্বৰ: কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি য়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী প্ৰদান কৰি আহিছে । সেইমৰ্মে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰী চহৰৰ বিভিন্ন ঠাইত পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰ্মী সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, যদিহে চৰকাৰে কৃষক নেতা অখিল গগৈক অতি সোণকালে বিনা চৰ্তে মুক্তি কৰি নিদিয়ে তেন্তে অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।
ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা
মদাৰখাত, ১৩ ডিচেম্বৰ: ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লাহোৱাল আৰু ডিব্ৰুগড় খণ্ডৰ উদ্যোগত লাহোৱাল প্ৰাথমিক বিদ্যালয়ত আজি দুই শতাধিক প্ৰাথমিক শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলীৰ সভাপতিত্বত হোৱা সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী উপস্থিত থাকি প্ৰাথমিক বিদ্যালয়ৰ সমস্যা আৰু কভিডৰ বাবে হোৱা শৈক্ষিক ক্ষতি কেনেকৈ পূৰ কৰিব পাৰি সেই সম্পৰ্কে আলোকপাত কৰে। তেওঁ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে আওকাণ কৰাক তীব্ৰ গৰিহণা দি কয় যে মুখ্যমন্ত্ৰীৰ আসনক সন্মান কৰিব নজনা চৰকাৰ বুলি কয়। যিহেতু এই প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ বিষয়টো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয় বিভাগলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে। স্নাতক শিক্ষক সকলক সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী ১৭ মাহ গ্ৰেড পে ৮৭০০ দি পুনৰাই উভতাই লোৱাটো প্ৰাথমিক শিক্ষকৰ বাবে অপমানজনক। অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিষয়টো সমাধান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই আন বিকল্প ব্যৱস্থা গ্ৰহণ কৰি কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী বাধ্য বুলি কয়। শৈক্ষিক দিশৰ বাদে আন ক্ষেত্ৰত অসহযোগ কৰাৰ হুংকাৰ প্ৰদান কৰে। সন্মিলনীয়ে প্ৰাপ্য আৰু অধিকাৰ, দ্বায়িত্ব আৰু কৰ্তব্য, মৰ্যদা ৰক্ষাৰ যুদ্ধ এই তিনি পন্থাৰে কাৰ্য সম্পাদন কৰে বুলি উল্লেখ কৰি শিক্ষকসকলৰ বিভিন্ন সমস্যা, শৈক্ষিক উত্তৰণত সন্মিলনীৰ ভূমিকা আৰু কৰণীয় সন্দৰ্ভত বক্তব্য ৰাখে। তদুপৰি ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধানৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায়। সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি সুব্ৰত ধৰে সৰ্বভাৰতীয় একক আৰু বৃহৎ শিক্ষকৰ সংগঠন প্ৰাথমিক শিক্ষক সন্মিলনীৰ ইতিহাস আৰু বিভিন্ন কাৰ্যপন্থা অৱগত কৰে। সহ সম্পাদক শৈলেন কলিতা আৰু সৰ্বভাৰতীয় সদস্য দীপাংকৰ কোঁৱৰেও বক্তব্য ৰাখে। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সৰ্বভাৰতীয় সদস্য অজিত খনিকৰ, গুৱাহাটী মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি বিপুল ডাকোৱা, ডিব্ৰুগড় জিলাৰ উপ-সভাপতি মৃদুল বড়া, লাহোৱাল খণ্ডৰ সভাপতি মুকুল গগৈ, ডিব্ৰুগড় খণ্ডৰ সভাপতি অশোক মজুমদাৰৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ সহ সম্পাদক ৰিণ্টু চেতিয়াই শলাগৰ শৰাই আগবঢ়ায়।
শ্মশানত কেক কাটি জন্মদিন উদযাপন কৰিলে নগঞা যুৱকে
নগাঁও, ১৩ ডিচেম্বৰ: এই বিচিত্ৰ পৃথিবীত প্ৰায়ে সংঘটিত হৈ থাকে বিভিন্ন ধৰণৰ বিচিত্ৰ ঘটনা। তাৰ মাজতে কেতিয়াবা কিছুমান বিচিত্ৰ কান্ডই আশ্বৰ্যৰসৃষ্টি কৰে । আজৱ পৃথিৱীৰ গজৱ ঘটনা। তেনে এক আজৱ কান্ড সংঘটিত হৈছে নগাঁৱত। নগাঁও জিলাৰ হাতীচোংৰ এজন যুৱকৰ ব্যতিক্ৰমী চিন্তাই বৰ্তমান আচৰিত কৰি তুলিছে সকলোকে।জন্মন্দিন হয়তো আপুনিও উদযাপন কৰিছে। নিজ গৃহত, বাৰত নতুবা ৰেষ্টুৰেণ্টত । কিন্তু আপুনি কেতিয়াবা শ্মশান জন্মদিন উদযাপন কৰি পাইছেনে। আমি কবলৈ গৈ আছোঁ এজন যুৱকৰ কথা। যি গৰাকী যুৱকে নিজৰ জন্মদিনটো পালন কৰিলে শ্মশানত। নগাঁও জিলাৰ হাতীচোং শিমলুতলৰ এই যুৱক জনৰ নাম খনিদ্ৰ সপোন। যুৱক জনে বিভিন্ন সময়ত সমাজ কৰ্মী ৰূপে আত্মপ্ৰকাশ কৰি আহিছে। খনিদ্ৰয়ে নিজৰ জন্মদিনতো ৰাতি ১২ বজাত দুজন বন্ধুৰ সৈতে শ্মশানত কেক কাটি উদযাপন কৰে। তেওঁৰ মতে মানুহ প্ৰতি বছৰে এটা বছৰ মৃত্যুৰ দিশত আগুৱাই যায়। সেই চিন্তাৰে খনিন্দয়ে নিজৰ ওপজা দিনটো শ্মশানত কেক কাটি উদযাপন কৰে।

নগাঁৱত গ্ৰেপ্তাৰ চাৰিটা দুধৰ্ষ ডকাইত; জব্দ এখন বাহনৰ লগতে এখন তৰোৱাল
নগাঁও, ১৩ ডিচেম্বৰ : নগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই চাৰিটাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও জিলাৰ ঠেকেৰা গুড়িত মালবাহী এখন ট্ৰাক হাইজেক কৰি নিয়ে চাৰিজনীয়া এটা দুৰ্ধৰ্ষ ডকাইতৰ দলে। এইদৰে ৰাজপথৰ পৰা ডকাইতৰ দলে ট্ৰাক হাইজেক কৰাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ডকাইতৰ দল আৰু হাইজেক হোৱা ট্ৰাক বিচাৰি নগাঁও চহৰৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত নগাঁও জিলাৰ ৰাঙলুৰ পৰা দুৰ্ধৰ্ষ চাৰিটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাইজেক হোৱা ট্ৰাকখনো। তদুপৰি, আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা এখন চাৰি চকীয়া বাহনৰ লগতে এখন তৰোৱালো জব্দ কৰে। ধৃত ডকাইত কেইটা হ’ল ৰাঙলুৰ গোলাম মহম্মদ, ইমৰাণ হুছেইন, মইনুল হক আৰু নগাঁও চহৰৰ বেঙেনাআতিৰ ছাইফুল ইছলাম। ইতিমধ্যে আৰক্ষীয়ে চাৰিটা ডকাইতৰ বিৰুদ্ধে ভাৰতীয় দিণ্ডবিধি আইনৰ অধীনত ৩০৬/২০২০, ১২০(B)/৩৪৬/৩৬৬/৩৯৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে। আজি তেওঁলোক নগাঁও আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে হাইজেক হোৱা ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক হাত ভৰি বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে নিশা ডবকাৰ পৰা উদ্ধাৰ কৰে।
মই কেৱল এগৰাকী অভিনেত্ৰী হ’ব নিবিচাৰোঁ, মাধুৰী দীক্ষিতৰ দৰে ব্ৰেণ্ড হ’ব খোজোঁ : “আশ্ৰম” অভিনেত্ৰী ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী এতিয়া এটা চিনাকি নাম । ববি দেউলৰ সৈতে আশ্ৰমত কৰা সুন্দৰ অভিনয়ৰ বাবে সকলোৰে মাজত চৰ্চিত হৈ পৰিছে আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।
ত্ৰিধাই ষ্টাৰ প্লাচৰ “দাহলিজ” নামৰ এখন ধাৰাবাহিকত কৰা অভিনয়ৰে সকলোৰে হৃদয় জিকিছিল আৰু তেতিয়াৰ পৰাই তেওঁ অভিনয় জগতত অতি সুন্দৰ কাম কৰি আহিছে।
ত্ৰিধায়ে তেওঁৰ এতিয়ালৈকে অভিনয়ৰ যাত্ৰাৰ সম্পৰ্কত কেনেদৰে কয় –
“ইমান কম সময়ৰ ভিতৰতে ৰাইজৰ ইমান মৰম পোৱাটো সুভাগ্যৰ কথা মো বাবে ।ৰাইজে দিয়া মৰমৰ বাবে মই অতি কৃতজ্ঞ । মই কম যে মোৰ বয়সৰ অভিনেত্ৰীসকলে OTT প্লেটফৰ্মত ভাল কাম কৰি আছে ।লগতে এতিয়া টিভি, চিনেমা বা OTT হওক সামগ্ৰিক মাধ্যম এটা হৈ পৰিছে আৰু যিটো মোৰ সপক্ষে ডাঙৰ কাম কৰিছে।”

তেওঁ লগতে কয় যে, “প্ৰতিটো দিনেই এক সংগ্ৰাম কিন্তু তেওঁ জীয়াই থকাৰ বাবে ইয়াত আছে, কিবা এটা বস্তু পাবৰ বাবে সংগ্ৰাম কৰোঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হ’ল “ধৈৰ্য্য”। আপুনি আপোনাৰ বাবে কি ভাল আৰু বেয়া বাছনি কৰাত অতি সতৰ্ক হোৱা উচিত, আপুনি যিকোনো কাম কৰাত আৱদ্ধ হোৱা উচিত নহয়, অভিনেতা হোৱাৰ বাহিৰে নিজকে ব্ৰেণ্ড হিচাপে গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।”

“আশ্ৰম”ত কৰা অভিনয় সম্পৰ্কত ত্ৰিধাই কয় যে “মই ৱেব ছিৰিজৰ বাবে অডিচন দিয়া নাছিলো, মই দাহলিজৰ বাবেও কেতিয়াও অডিচন দিয়া নাই। প্ৰকাশ ঝাই আগতে মোৰ প্ৰফাইলটো দেখিছিল আৰু তেওঁ ভাল পাইছিল। আৰু তেতিয়াৰ পৰাই তেওঁ মোৰ সৈতে কাম কৰিব বিচাৰিছিল, যাতে এনেদৰেই মই এই ছিৰিজটোৰ লগত জড়িত হৈ পৰিলো।”

ত্ৰিধাই তেওঁ অৰ্জন কৰা সফলতা আৰু ভালপোৱা খিনিৰ বাবে তেওঁৰ প্ৰথম শ্ব’টোক কৃতিত্ব দিয়ে ।

যদিও অভিনেত্ৰীগৰাকীয়ে সীমিত কাম কৰি আছে কিন্তু ইনষ্টাগ্ৰামত 1.5 নিযুতৰো অধিক অনুৰাগী আছে আৰু তেওঁ ব্ৰেণ্ড হ’বলৈ আহিছে আৰু তেওঁৰ অনুপ্ৰেৰণা ধাক ধাক গাৰ্ল মাধুৰী দীক্ষিতৰ বাহিৰে আন কোনো নহয় বুলি জানিবলৈ দিয়ে ।
“মই মাধুৰী দীক্ষিতক ভাল পাওঁ, যিদৰে তেওঁ তেওঁৰ কেৰিয়াৰটো নিয়ন্ত্ৰণ কৰিছে, আনকি এতিয়াও নিজে এটা ব্ৰেণ্ড আৰু সেইটো মই প্ৰজেক্ট কৰিবলৈ চেষ্টা কৰি আছো, মোৰ নিজৰ ব্ৰেণ্ড হ’বলৈ। এয়া কেৱল অভিনেত্ৰী বা নায়িকা হিচাপে নহয়”।

কোকৰাঝাৰত বিশাল অনুষ্ঠানৰে নতুন চৰকাৰৰ শপতগ্ৰহণ !
আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰণজিত দাস, প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াই এক যৌথ সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে কয় –
‘‘তিনিওটা দলৰ পৰা প্ৰমোদ বড়োক নেতৃত্ব হিচাপে দায়িত্বভাৰ দিয়া হৈছে। বিটিআৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল। বিটিচিত যাতে শান্তি আৰু প্ৰগতি সমানে হয়। শপত গ্ৰহণ সন্দৰ্ভত ৰাজ্যপালৰ লগত আলোচনা কৰিছো। ১৫ ডিচেম্বৰত শপত গ্ৰহণ হ‘ব পাৰে।’’
সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাই কয় –
‘‘বিপিএফৰ লগত ৰাজ্যিক পৰ্যায়ত ২১লৈ মিত্ৰতা থাকিব। ২১ৰ পিছত কি হ’ব এতিয়াও সিদ্ধান্ত লোৱা নাই। কিন্ত বিটিচিত বিপিএফৰ লগত মিত্ৰতা নাই।’’
সংবাদমেলত নৱ কুমাৰ শৰণীয়ায় কয় –
‘‘আমাৰ বিশ্বাস প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিবাসীয়ে যথেষ্ট সহযোগিতা পাব, উন্নয়ন হ’ব’’
নৱনিৰ্বাচিত চিইএম প্ৰমোদ বড়োৱে কয় –
‘‘আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজৰ সেৱা কৰিবলৈ গৈ আছো। পূৰ্বে বিটিআৰবাসীয়ে বহুত কষ্ট পালে, এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে কটাব পাৰিব । আমি টীম হিচাপে কাম কৰিম।’’









