Home Blog Page 3195

UPPL-BJPৰ মিত্ৰতাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মোহৰ

UPPL-BJPৰমিত্ৰতা সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ  টুইট । টুইট যোগে বিজেপি-ইউপিপিএলৰ মিত্ৰতাক আনুষ্ঠানিক মোহৰ জে পি নাড্ডা আৰু অমিত শ্বাহৰ   । BTCৰ নিৰ্বাচনত NDAৰ সংখ্যাগৰিষ্ঠতা থকাৰ দাবী শ্বাহৰ। নতুন সহযোগী ইউ পি পি এল তথা প্ৰমোদ বড়োক অভিনন্দন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ  । ইউপিপিএলক সহযোগী দল বুলি অভিহিত কৰিলে জে পি নাড্ডা আৰু অমিত শ্বাহে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইট
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ টুইট
আঙুৰলতাঃ একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰকীয়ে ৰাজনৈতিক নেত্ৰী হৈয়ো যেন পাহৰা নাই আগৰ সেই গন্ধৰ্ব বিদ্যা
ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW

হোটেল লিলিত বিটিচি চৰকাৰ গঠনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিত নৱনিৰ্বাচিত পাৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । বৈঠকত মিলিত হৈছে বিজেপিৰ শীৰ্ষ নেতা  সকল, বিটিচি নিৰ্বাচনত জয়যুক্ত হোৱা প্ৰাৰ্থী সকল, বিপিএফ আৰু ইউ পি পি এলৰ নেতা সকল।

এই বৈঠকত উপস্থিত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰমোদ বড়ো, নৱ কুমাৰ শৰণীয়া আৰু বিটিচিৰ কেইবাজনো নিৰ্বাচিত সদস্য ।

ৰাগ ঐনিতমঃ জনপ্ৰিয় অভিনেতাগৰাকীৰ সৈতে পৰিচালন সম্পাদক প্ৰাঞ্জল শৰ্মাৰ DB INTERVIEW

মন্ত্ৰী হিমন্তৰ সৈতে নিশা ২ বজাত বৈঠক

অন্ত পৰিল বিটিচি নিৰ্বাচনৰ ভোট গণনা । ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ ১৩ ডিচেম্বৰৰ মাজ নিশালৈ চলিল ভোট গণনা । ভোট গণনা অন্তত কোনো এটা দলেই বিটিচিত সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।

ইয়াৰ পিছতেই মাজ নিশা ২ বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হয় এক ৰুদ্ধদ্ধাৰ বৈঠক। বৈঠকত কি আলোচনা হল সেই সম্পৰ্কত কোনো কথা বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও বৈঠকখন মিত্ৰতা সম্পৰ্কতে অনুষ্ঠিত হৈছিল বুলি ধাৰণা কৰা হৈছে । বৈঠকত মন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰমোদ বড়ো, গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক দেখা পোৱা যায় ।

মৰিগাঁও জিলাত ড্ৰাই ডে ঘোষণা

মৰিগাঁও, ১২ ডিচেম্বৰ :- মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সমগ্ৰ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে । জিলা খনৰ ১৯ টা পৰিষদীয় সমষ্টিত ১৭ ডিচেম্বৰ তাৰিখে ১৮ টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হব আৰু ১৯ ডিচেম্বৰ তাৰিখে ভোট গণনা কাৰ্য চলিব । সেয়ে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰিবলৈ সহায় হোৱাকৈ জিলা প্ৰশাসনে অহা ১৬, ১৭ আৰু ১৯ ডিচেম্বৰ তাৰিখ এই তিনিটা দিনত সুৰা নিষিদ্ধ দিন হিচাপে ঘোষনা কৰিছে । বিলাতী অথবা স্থানীয়, পাইকাৰী আৰু খুচুৰা সুৰা ব্যৱসায়ী সকলে সেই কেইটা দিনত সুৰা বিপনী সমূহ খোলা ৰাখিব নোৱাৰিব । এই নিষেধাজ্ঞা উলংঘা কৰিলে অসম আবকাৰী আইন ২০০০ আৰু ২০১৬ মতে দণ্ডনীয় হব ।

BTC নিৰ্বাচনৰ ভোটগননাত বৃহত্‍ উত্থান পতন ! শেহতীয়া খবৰ

আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন । নিৰ্বাচনৰ ভোটগননাত দেখা পোৱা গৈছে বৃহত্‍ উত্থান পতন । ভোট গণনাৰ সময়ৰ পৰাই পিছ পৰি থকা বিপিএফ দলৰ শেহতীয়াকৈ উত্থান দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়লৈকে  ১৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে BPF দলে আৰু UPPL লে ১৩  আসনত অগ্ৰগতি লাভ কৰিছে  ।

ইফালে বিজেপি আগবাঢ়ি আছে ১০ খন আসনত। সেইদৰে কংগ্ৰেছ আগুৱাই আছে মাত্ৰ এখন আসনত।  ইয়াৰ সমান্তৰালকৈ নৱ শৰণীয়াৰ দলেও এখন আসনত অগ্ৰগতি লাভ কৰিছে।

আটাইতকৈ ডাঙৰ খবৰটো হ’ল, বৰ্তমান সময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে ইউ পিপিএলৰ প্ৰমোদ বড়ো নিজ নিজ সমষ্টিত পিছ পৰি আছে।

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ “জাতীয় গৰ্জন” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

নলবাৰী, ১২ ডিচেম্বৰ : সমগ্ৰ অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ১০, ১১ আৰু ১২  তাৰিখে আয়োজন কৰা “জাতীয় গৰ্জন” কাৰ্যসূচীৰ অংশ ৰূপে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নলবাৰী চহৰৰ এন টি ৰোডস্থিত মাৰুতি ষ্টেণ্ডত এই জাতীয় গৰ্জন কাৰ্যসূচী পালন কৰে । আজিৰ কাৰ্যসূচী মৰ্মে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিষয়া আটাউৰ ৰহমানে, শ্বহীদ তৰ্পন কৰে নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰোফ আলীয়ে । তদুপৰি এই সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীয়ে কা আন্দোলন তীব্ৰ কৰাৰ হুংকাৰ প্ৰদান কৰে । তদুপৰি গণশিল্পী ৰাজেন শৰ্মাই বিপ্লৱী গীত পৰিবেশন কৰাৰ লগতে কৃষক মুক্তি নেতা দীপেন কলিতা, হেদায়ৎ উল্লাহ আৰু মনোজ ডেকাই কৃষক গগৈৰ মুক্তিৰ দাবী তুলি শ্বহীদৰ তেজ অথলে যাব দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰে । আজিৰ এই সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি নেতা ৱাছিম আক্ৰাম তথা ব্ৰজেন বৰ্মন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কৌশিক বৰ্মন, অসম সংগ্ৰামী মঞ্চৰ নেতা ৰূপম দাস সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নগাঁৱত চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০

নগাঁও, ১২ ডিচেম্বৰ: নগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে “চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০”। ইন্ডিয়া যোগ কালচাৰ এন্ড যোগ ঠেৰাপী চেন্টাৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম যোগ এচছিয়েশ্বন ,পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ পুলিচ ৰিৰ্জাভৰ সভাগৃহত অনুষ্ঠিত  যোগ মহোৎসৱৰ আজি উদ্ধোধনী অনুষ্ঠানত সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , অসম যোগ এচছিয়েশ্বনৰ সভাপতি তপন কুমাৰ দাস, অসম যোগ এচছিয়েশ্বনৰ অধ্যক্ষ ডা:কৃষ্ণ কুমাৰ বৰা, যোগাচাৰ্যা শুভাশীষ, ড:শান্তনু ৰয় চৌধুৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অসম যোগ এচছিয়েশ্বনৰ সম্পাদক প্ৰভাত বৰাই আঁত ধৰা উদ্ধোধনী সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই   ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ত সুস্থ আৰু নিৰোগী জীৱনৰ সংগী হৈছে নিয়মিত যোগভাস। যোগ হৈছে প্ৰণালীবদ্ধ জীৱনৰ আধাৰ । আৰোগ্য জীৱনৰ এক সংকল্প  যোগ। সুস্থ আৰু নিৰোগী জীৱনেই হৈছে এখন সুস্থ সমাজৰ মূলমন্ত্ৰ। লগতে বিধায়ক গৰাকীয়ে এনে এটা অনুষ্ঠান নগাঁৱত আয়োজন কৰাৰ বাবে উদ্যোক্তা সকলক   ধন্যবাদ জনোৱাৰ লগতে  অনাগত দিনত তেওঁলোকৰ অনুষ্ঠান সমূহ সফল হোৱাৰ কামনা কৰে।উল্লেখযোগ্য যে এমাহ যোৰা এই যোগ সচেতনতা অনুষ্ঠান  পৰ্যায় ক্ৰমে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ নামত টকাৰ উজান

গৌতম কুমাৰ কাকতি

মৰিগাঁও, ১২ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে পাইপযোগে দেশৰ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়ালৰক খোৱাপানী যোগান ধৰাৰ বাবে জলজীৱন মিছনৰ দৰে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ কাম ঠিকাদাৰক দিয়াৰ বাবদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মূখ্য অভিযন্তাৰ কায্যলয়ৰ সমান্তৰালকৈ মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যলয়টো টকাৰ উজান উঠিছে। জিলাখনত ভিতৰত সুচল আৰু বিকল হৈ থকা মুঠ ১৫৪ খন খোৱাপানী যোগান আঁচনি আছে যদিও, তাৰে ভিতৰত প্ৰথম পৰ্যায়ত ৬৪ খন আঁচনিৰ বাবদ অনলাইন আৱাহন কৰিছিল বিভাগৰ ফালৰ পৰা। ইয়াৰে জাগীৰোড বিধানসভা সমষ্টি ৪৩খন আঁচনি কামৰ দায়িত্ব অনলাইন ঠিকাদাৰে লাভ কৰিছে যদিও জিলাৰ বিভাগীয় এগৰাকী অভিযন্তাক আগতীয়াকৈ আদায় দিব লগা হৈছে প্ৰতিজন ঠিকাদাৰে ২শতাংশ কমিচনৰ ধন। কমিচন ধন আদায় নিদিয়ালৈকে দুই-এজন প্ৰভাৱশালী ঠিকাদাৰৰ বাহিৰে বাকী কোনো এজন ঠিকাদাৰে “ৱৰ্ক অৰ্ডাৰ’ পাবলৈ সক্ষম হোৱা নাই। জিলাখনৰ জাগীৰোড সমষ্টিত যদিও লাহৰীঘাট আৰু মৰিগাঁও সমষ্টি ঠিকাদাৰ নিবিদাযোগে ঠিকা লাভ কৰিবলৈ সক্ষম হৈছিল, সেইসকলৰ ক্ষেত্ৰত নতুন নতুন নিয়ম বান্ধি দিয়াৰ লগতে কমিচনৰ পৰিমাণ বৃদ্ধি কৰি দিয়া বুলি জানিব পৰা গৈছে। মুঠতে আইকেইখন মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ কাৰ্যলয়ত টকাৰ উজান উঠিছে। তৃণমূল পর্যায়ৰ কৰ্মচাৰী সকলে কাৰ্যলয়ত দিনে নিশাই কাম কৰি আঁচনি খন সফল কৰাত উঠি পৰি লগিছে যদিও, ওপৰ মহলত কমিচনৰ এখন বৃহৎ পৰিমাণৰ বজাৰ গঢ়ি উঠা বুলি অভিযোগ উত্থাপন হৈছে। জিলাখনৰ বহু ঠিকাদাৰে কমিচন আদায় দিব নোৱাৰাৰ বাবে কামৰ পৰা বঞ্চিত হবলগা হৈছে। মৰিগাঁও আৰু লাহৰীঘাট ভালেকেইগৰাকী পুৰণা ঠিকাদাৰে মন্ত্ৰী-বিধায়কৰ পৰা লেখা আনি দিব নোৱাৰাৰ বাবে বঞ্চিত হৈছে কামৰ পৰা। যদিহে ঠিকাদাৰ সকলে আগতীয়াকৈ কমিচন আদায় দিবলগাই হয়, তেন্তে কামৰ নমুনা কিমান উন্নত হব, সেয়া সহজে অনুমান কৰিব পৰা যায়। বহু ঠিকাদাৰ লোকচানৰ ভয়ত কাম কৰিব এখোজ আগুৱাই পিছুৱাই ৰৈছে। আনফালে পাইপসমূহ ক্ৰয় কৰাৰ বাবে ঠিকাদাৰ সকলক কেইখনমান বচা বচা প্ৰতিষ্ঠান বাছি দিয়া হৈছে। নতুন বহু ঠিকাদাৰ বৰ্তমান বিপাঙত পৰিছে। পাইপ যোগান ধৰা প্ৰতিষ্ঠানক আগতীয়াকৈ ধন আদায় দিব লাগিব বুলি বিভাগীয় অভিযন্তাই হেঁচা প্ৰয়োগ কৰিছে। মূখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে যিমান দুৰ্নীতি আৰু লুণ্ঠন বিৰুদ্ধে জেহাদ ঘোষণা কৰা বুলি সৰৱ হৈ আহিছে সিমানে বৃদ্ধি পাইছে দুৰ্নীতি আৰু লুণ্ঠন। দুৰ্নীতি অনিয়মৰ বাবে মৰিগাঁও জিলাত আজিও বহু পানী যোগান কেন্দ্ৰ বিকল অথবা আৰম্ভ নোহোৱাকৈ ফুলদানী দৰে পৰি আছে। বিভাগৰ ফালৰ পৰা ধন খৰচ কৰা দেখুৱা হৈছে যদিও আজি পৰ্যন্ত পানী এটোপাল ওলোৱা নাই বহু আঁচনিৰ। এইয়াই হল  কামৰ নমুনা। এই ক্ষেত্ৰত অৱশ্যে মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগীয় বিষয়া অভিযন্তা এই বিষয়ত কিমান দূৰ জ্ঞাত হৈছে তাত সন্দেহ আছে। যদিও পৰৱৰ্তী সময়ত আমাৰ দৈনন্দিন বাৰ্তা গ্ৰুপে দুৰ্নীতি গ্ৰস্ত বিষয়া সকলক নাম আৰু ঠিকনা লগতে ফটো প্ৰকাশ কৰা হব। ইয়াৰ উপৰিও বহু গোপন তথ্য কেমেৰাত আবদ্ধ হোৱা ভিদেও ক্ৰিলপৰ যোগেৰে অসমৰ ৰাইজৰ আগত দাঙি ধৰা হব জল জীৱন মিছনৰ আঁচনি কি হব পৰৱৰ্তী কালত।

লাভ জেহাদঃ দিল্লীত হিন্দু পৰিচয়ৰে মুছলমান যুৱকে কৰিলে বিবাহ, ৩ জনক আটক

লাভ জেহাদৰ বাবে দিল্লী পুনৰ এবাৰ চৰ্চালৈ আহিছে। এজন মুছলমান যুৱতীয়ে ফেচবুকত ভুৱা প্ৰফাইল খুলি হিন্দু যুৱতীৰ সৈতে কৰিলে বিবাহ । অভিযোগ কৰা হৈছে যে যেতিয়া যুৱতী গৰাকীয়ে যুৱক জনৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পিছত ভুক্তভোগী যুৱতী গৰাকীক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই পঠোৱা হৈছিল।

দিল্লীৰ ৰোহিনী অঞ্চলত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা। এজন মুছলমান যুৱকেয়ে তেওঁৰ পৰিচয় লুকুৱাই আৰু এগৰাকী হিন্দু যুৱতীৰ সৈতে বিবাহ কৰোৱাই । ভুক্তভোগী যুৱতী গৰাকীয়ে কয় যে তেওঁৰ বিবাহৰ পিছত অভিযুক্তৰ সত্য পোহৰলৈ আহে আৰু তেতিয়াৰ পৰা তেওঁক শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ চলাই থকা হৈছে। ভুক্তভোগী যুৱতী গৰাকীৰ অভিযোগত আৰক্ষীয়ে যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু ৩ জন লোকক আটক কৰিছে।

আৰক্ষীয়ে জনা মতে, ভুক্তভোগী যুৱতী গৰাকী ৰোহিনীৰ প্ৰেম নগৰত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰে ।

ভুক্তভোগী যুৱতী গৰাকীৰ মতে মতে, প্ৰায় পাঁচ বছৰ আগতে এজন যুৱকৰ সৈতে সামাজিক মাধ্যমত তেওঁৰ বন্ধুত্ব হৈছিল । যুৱক জনে হিন্দু নামেৰে পৰিচয় দি ঠিকনা কিচাৰীৰ বুলি কৈছিল । তাৰ পিছত, তাৰ পিছত এখন জাগৰণত যুৱক জনক লগ পোৱাৰ পিছত দুয়োজনৰ মাজত বন্ধুত্ব গঢ়ি উঠে ।
বন্ধুত্ব ক্ৰমান্নয়ে ভালপোৱাত পৰিণত হৈছিল আৰু এই বছৰৰ ১৪ আগষ্টত দুগৰাকীয়ে আৰ্য্য সমাজ মন্দিৰত বিবাহ কৰে । যুৱতী উল্লেখ কৰা অনুসৰি “তেওঁৰ বিবাহৰ পাছতো স্বামীয়ে তাইক ঘৰলৈ নিয়া নাছিল । শংকা কৰি তেওঁ নিজে ৮ ডিচেম্বৰত তেওঁৰ ঘৰত উপস্থিত হয় আৰু তেতিয়াহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো । তেওঁৰ স্বামী হিন্দু নহয় আৰু তেওঁৰ প্ৰকৃত নাম হৈছে আখটাৰ ।

অভিযোগ কৰা হৈছে যে তাৰ ভাতৃ অজল, আৰ্শাদ আৰু পিতৃ মহম্মদ ইণ্ডিশ্বক সেইস্থানতে তেওঁক প্ৰহাৰ কৰে ।

যুৱতী গৰাকীৰ অভিযোগ, “আখটাৰৰ দুই ভায়েকে প্ৰহাৰ কৰাৰ লগতে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিছিল ৷”

ইয়াৰ পিছতেই যুৱতী গৰাকীয়ে চুবুৰীয়াৰ সহযোগত আৰক্ষীৰ কাষ চাপে । যুৱতী গৰাকীৰ লাভ জিহাদৰ অভিযোগত আৰক্ষীয়ে ৪১৯, ৪৬৭, ৪৬৮, ৪৭১, ৪৭৪, ৩৭৬, ৫০৬, ৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

লাভ জিহাদ কেলেংকাৰীত তিনিজন অভিযুক্তক আটক কৰা হৈছে
আৰক্ষীয়ে কৈছিল, অভিযুক্ত ফজল, আৰ্শাদ আৰু পিতৃ মোহাম্মদ ইদ্ৰিশ্বক এই গোচৰত আটক কৰা হৈছে। আনহাতে আখটাৰ এতিয়াও পলাতক। তেওঁক সোনকালে আটক কৰা হ’ব। বিষয়টোৰ বৰ্তমান তদন্ত চলি আছে।

ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান কোকৰাঝাৰ জিলা উপায়ুক্ত

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও,পৰ্বতঝৰা আৰু কোকৰাঝাৰ সমষ্টিত স্থাপন কৰা তিনিটা কেন্দ্ৰত ভোটগণনা কৰা চলি আছে । ভোটগণনাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় বা সকলো প্ৰকাৰৰ কাম যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ ওপৰত চকু দি প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।