Home Blog Page 3195

গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা ফোন কল : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি

দৈনন্দিন বাৰ্তা ডেস্ক : স্বয়ং মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ফোন কৰি ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছে গেংষ্টাৰ ডাউদ ইব্ৰাহিমে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰেয়ে গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা এনে ফোন কল পায় ৷ প্ৰাপ্ত সূত্ৰৰ খবৰ মতে ডাউদ ইব্ৰাহিমৰ নাম কৈ বান্দ্ৰাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ লেণ্ড লাইনলৈ ফোন আহে ৷ তাত ভাবুকি দিয়া হয় যে ‘মাতশ্রী’ উৰুৱাই দিয়া হ’ব ৷ উদ্ধৱ ঠাকৰেৰ ওচৰলৈ এনে ধৰণৰ ফোন অহাৰ কথা অস্বাভাৱিক নহয় বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক্ষমতালৈ অহাৰ পাচত ডাউদৰ বিৰুদ্ধে মুম্বাই আৰক্ষী যিদৰে তৎপৰ হৈছে, বাণিজ্য নগৰীত চলি থকা ডনৰ আণ্ডাৰগ্ৰাউণ্ড ব্যৱসায়ত বিপুল ক্ষতি হৈছে ৷ ইপিনে, এই ঘটনাৰ পাচতে মুখ্যমন্ত্ৰীৰ বাসভৱনত নিৰাপত্তা বঢ়াই দিয়া হৈছে ৷ উল্লেখ্য যে ডাউদ এই মুহূৰ্তত পাকিস্তানত আছে বুলি প্ৰকাশ ৷ স্মৰ্তৱ্য যে কেইটামান দিনৰ আগতে কংগনা ৰানাউটে বিস্ফোৰক মন্তব্যৰে ব্যংগ কৰি লিখিছিল, মুম্বাই কিয় পাক অধিকৃত কাশ্মীৰৰ দৰে হৈছে? সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কংগনা ৰানাউটে মুম্বাইক পাক-অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰি মত প্ৰকাশ কেইটামান দিনৰ পাচতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত ফোন কল অহাত গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ ভাৰতক সাহায্য জাৰ্মানীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতক সহায়ৰ হাত আগবঢ়াইছে বন্ধু দেশ জাৰ্মানীয়ে ৷ বৃহৎ পৰিমাণৰ টেষ্টিং কিট, পিপিই পঠাইছে জাৰ্মানীয়ে৷ তাৰ লগতে আর্থিক সাহায্য আগবঢ়াইছে এংগেলা মাৰকেল চৰকাৰে ৷ উল্লেখ্য যে জাৰ্মানীয়ে ভাৰতলৈ ৩ লাখ ৩৩ হাজাৰ টেষ্টিং কিট পঠিয়াইছে ৷ তাৰ লগতে ছয় লাখ পিপিই পঠাব ৷ ইয়াৰ আৰ্থিক মূল্য এক কোটি ৫০ লাখ ইউৰো বুলি প্ৰকাশ ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩০ কোটিৰো অধিক ৷ এই সাহায্যৰ কথা দেওবাৰে ঘোষণা কৰে জাৰ্মানীৰ মন্ত্ৰী জাৰ্ড মুলাৰে ৷ মন্ত্ৰীজনে লগতে কয়, ভাৰতত ক’ৰোনা ৰোধৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে ৷ জাৰ্মানীৰ উন্নয়ন মন্ত্ৰালয়ে ভাৰতক হ্ৰস্ব ম্যাদী ঋণ দিছে ৷ ৪৬ কোটি ইউৰো ঋণ দিয়া হৈছে ভাৰতক ৷ মুলাৰে জনায় যে ভাৰতৰ ৮০ কোটি মানুহক খাবৰ বাবেই এই ঋণ দিয়া হৈছে ৷ উল্লেখ্য যে ৩২ কোটি মানুহে ক’ৰোনাৰ বাবে কাম হেৰুৱাইছিল ৷ তেওঁলোককো সহায় কৰা হ’ব ৷ বিশ্বত ক’ৰোনা মোকাবিলা কৰাৰ উদ্দেশ্যে এই যুঁজ বুলি প্ৰকাশ ৷ মন কৰিব লগা যে ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০ হাজৰা ৬৩২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইমান সংখ্যক মানুহ একেদিনাই পৃথিৱীত কোনো দেশতে আক্ৰান্ত হোৱা নাই ৷

আইপিএলৰ সূচী ঘোষণা : ১৯ ছেপ্টেম্বৰত উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ

অনলাইন বাৰ্তা : আইপিএলৰ দুটা সৰ্বাধিক সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে চলিত বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব ৷ বিচিচিআই-এ দেওবাৰে এইবাৰৰ আইপিএলৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই দুয়োটা দলেই ২০১৯ চনৰ আইপিএলৰ ফাইনেলত উপনীত হৈছিল ৷ আবু ধাবিত ১৯ ছেপ্টেম্বৰত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব ৷ ১৩ সংখ্যক আইপিএল সংযুক্ত আৰব আমিৰ শ্বাহিৰ তিনিখন ঠাইত অনুষ্ঠিত হ’ব ৷ সেই ঠাই তিনিখন হ’ল আবু ধাবি, ডুবাই আৰু শ্বাৰজাহ ৷ ইয়াৰে ডুবাইত ২৪খন ৰাউণ্ড ৰবীন মেচৰ লগতে আবু ধাবিত ২০ খন আৰু শ্বাৰজাহত ১২ খন মেচ অনুষ্ঠিত হ’ব ৷ ৩ নৱেম্বৰলৈকে গ্ৰুপ পৰ্যায়ৰ মেচ হ’ব ৷ আনহাতে আইপিএলৰ ফাইনেল খেল ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব ৷ ইপিনে উদ্বোধনী খেলৰ পিচ দিনা ডুবাইত দিল্লী কেপিটেল আৰু কিংছ ইলেভেন পাঞ্জাৱ আৰু তৃতীয়খন মেচ ২১ ছেপ্টেম্বৰত ছানৰাইজ হাইদৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব ৷ আনহাতে ২২ ছেপ্টেম্বৰত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত শ্বাৰজাহত মেচ অনুষ্ঠিত হ’ব ৷ তদুপৰি ১০ খন ডাবোল মেচ হ’ব৷ তাৰে এখন ভাৰতীয় সময় অনুসৰি ৩.৩০ বজাত আৰু আনখন ইউএইৰ সময় অনুসৰি ২ বজাত অনুষ্ঠিত হ’ব ৷ সকলো খেল ইউএইৰ সময় অনুসৰি ৬ বজাত আৰু ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে আঠটা ফ্ৰেন্সাইজি ইউএইত আগতীয়াকৈ উপস্থিত হৈছে ৷

ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০,৬৩৩ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত

অনলাইন বাৰ্তা : দেশত সৰ্বাধিক ৯০ হাজাৰৰ অধিক লোক এদিনতে ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াকে লৈ দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪১ লাখ অতিক্ৰম কৰিলে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত এই কথা প্ৰকাশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে ক’ভিড-১৯ত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৪১,১৩,৮১২ জন ৷ ইয়াৰে ৮,৬২,৩২০ জন লোকৰ দেহত সক্ৰিয় অৱস্থাত আছে ৷ আনহাতে ৩১,৮০,৮৬৬ জন লোক আৰোগ্য হৈছে ৷ যোৱা ২৪ ঘণ্টাত ৯০,৬৩৩ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ আনহাতে ক’ৰোনাত মুঠ মৃত্যু হৈছে ৭০,৬২৬ জন ৷ যোৱা ২৪ ঘণ্টাত ১০৬৫ জন লোক ক’ৰোনাত মৃত্যু হয় ৷ দেশৰ ভিতৰত ক’ৰোনাত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এইখন ৰাজ্যত ২,২১,০১২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াৰ পাচতে অন্ধ্ৰপ্ৰদেশত ১,০০,৮৮০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে ৫ ছেপ্টেম্বৰলৈকে ১০,৯২,৬৫৪ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াকে লৈ বৰ্তমানলৈকে ৪.৮৮ কোটি লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ উল্লেখ্য যে অসমত ক’ৰোনাত মুঠ ১ লাখ ২৩ হাজাৰ ৯২২ জন লোক আক্ৰান্ত হৈছে ৷ আনহাতে ৰাজ্যখনত ৯৫ হাজাৰ ৬৩ জন সুস্থ হৈছে ৷ অসমত ক’ৰোনাত ৩৫২ জন লোকৰ মৃত্যু হৈছে ৷

ছিকিমৰ ১৭,৫০০ ফুট উচ্চতাত বন্দী চীনা নাগৰিকক উদ্ধাৰ ভাৰতীয় সেনাৰ

অনলাইন বাৰ্তা : এফালে ভাৰতৰ ভূমি দখলৰ চেষ্টাত ভাৰতীয় জোৱানৰ ওপৰত আঘাত কৰিছে চীনে ৷ আনহাতে সেইখন দেশৰ দুৰ্গত নাগৰিকক উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই ৷ এই ঘটনা ঘটিছে ছিকিমত ৷ উত্তৰ ছিকিমৰ ১৭,৫০০ ফুট উচ্চতাৰ মালভূমিত হিমাংকৰ তলৰ তাপমাত্ৰাত বন্দী হৈ পৰি পথ হেৰুৱাইছিল তিনিজন চীনা নাগৰিকে ৷ বৃহস্পতিবাৰে তেওঁলোকক উদ্ধাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷ উদ্ধাৰ হোৱা চীনা নাগৰিকক অক্সিজেন, গৰম কাপোৰ, খাদ্য, পানী দি তেওঁলোকৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে সেনাই ৷ সেনাৰ তৰফৰ পৰা বিবৃতিত এই কথা কোৱা হৈছে ৷ ইপিনে সেনাই এই চীনা নাগৰিকক সঠিক পথৰ নিৰ্দেশনা দিয়ে ৷ তাৰ পাচত সেই পথ অনুসৰণ কৰি তেওঁলোক চীনলৈ ৰাওনা হয় ৷ এই বিপদৰ সময়ত উদ্ধাৰ কৰাত তেওঁলোকে ভাৰতীয় সেনা বাহিনীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷

৫ অৰুণাচলৰ যুৱকক অপহৰণ লালফৌজৰ

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাৰ মাজতেই পুনৰ বিশ্বাসঘাতকতা চীনৰ ৷ অৰুণাচলৰ চীন সীমান্তৰ কাষৰ পৰা ৫জন যুৱকক লালফৌজে অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ অৰুণাচলৰ উজনি সোৱনশিৰি জিলাৰ চীন-ভাৰত সীমান্তৰ পৰা চীনা সেনাই এই পাঁচজন যুৱকক অপহৰণ কৰে বুলি সেনাৰ জ্যেষ্ঠ বিষয়াই কয় ৷ জানিব পৰা মতে এই এলেকাৰ পৰা তনু বকৰ, প্ৰশাত ৰিংলিং, নগাৰু দেৰি, দংতু এবিয়া, টচ ছিংকাম নামৰ পাঁচজন যুৱকৰ সন্ধান পোৱা নাই ৷ প্ৰশাত ৰিংলিঙৰ ককায়েক প্রকাশ ৰিংলিঙে এই কথা ফেচবুকত প’ষ্ট দি জনাইছে ৷ তাৰ পাচতে বিষয়টো পোহৰলৈ আহে ৷ ছচিয়েল মিডিয়াত তেওঁ অভিযোগ কৰে যে তেওঁৰ ভায়েকসহ মুঠ ৫জনক চীনা সেনাই অপহৰণ কৰিছে ৷ তেওঁ স্থানীয় প্ৰশাসন আৰু ভাৰত চৰকাৰক এই বিষয়ত দ্ৰুত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছে ৷ উল্লেখ্য যে শুকুৰবাৰে এই অপহৰণ কাণ্ড জিলাখনৰ নাচো অঞ্চলত সংঘটিত হয় বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ ৷ ইতিমধ্যে আৰক্ষী অধীক্ষকে নাচো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ঘটনাৰ পৰ্যৱেক্ষণ কৰিবলৈ পঠাইছে আৰু সেই সন্দৰ্ভত তৎকালে প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷ অৱশ্যে সেই প্ৰতিবেদন দেওবাৰে পুৱা পাব বুলি প্ৰকাশ৷ মন কৰিব লগা যে নাচো এলেকাটো জিলা সদৰৰ পৰা ১২০ কিলোমিটাৰ নিলগত ৷ অপহৰণ কৰা লোকসকলৰ পৰিয়ালে অপহৃতক তৎকালে মুকলি কৰি আনিবলৈ আহ্বান জনাইছে ৷ এই বিষয়ত সেনাই বৰ্তমানে কোনো মত প্ৰকাশ কৰা নাই ৷ পাছিঘাট পশ্চিমৰ বিধায়ক নিনোংগ এৰিঙে কয় যে চীনৰ পিএলএয়ে এই ঘটনা সংঘটিত কৰিছে ৷

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৪৭ শিক্ষকক সম্বৰ্দ্ধনা ৰাষ্ট্ৰপতিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শনিবাৰে পালন কৰা হয় শিক্ষক দিৱস ৷ এই দিৱস উপলক্ষে আয়োজিত ভাৰ্চুৱেল অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা শিক্ষকসকলক সম্বৰ্ধনা জনায় ৷ ক’ভিড-১৯ৰ বাবে অনুষ্ঠানটো ভাৰ্চুৱেল হিচাপে আয়োজন কৰা হয় ৷ উল্লেখ্য যে এইবাৰ ৪৭ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৷ আনহাতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশাংকই টুইট কৰি কয়, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৌজন্য সাক্ষাৎ কালত তেওঁ ২০২০ চনৰ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু ৰাষ্ট্ৰীয় শিক্ষক বঁটা কাৰ্যসূচীৰ ৰূপৰেখা লৈ আলোচনা কৰে ৷ দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থজুৰি শিক্ষকৰ অসাধাৰণ আৰু মেধাবী প্ৰচেষ্টাক স্বীকৃতি জনায় আৰু উৎসাহিত কৰাৰ বাবে প্ৰতিবছৰে শিক্ষা মন্ত্ৰালয়ে এই পুৰস্কাৰ দি আহিছে ৷ এইবছৰ ক’ভিড-১৯ৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ভাৰ্চুৱেল মাধ্যমেৰে বঁটা প্ৰদান কৰে ৷ পুৰস্কাৰ প্ৰদানৰ উপৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহযোগিতাত শিক্ষা মন্ত্ৰালয়ে সম্প্ৰতি আৰম্ভ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ বৈশিষ্ট্য তুলি ধৰিবলৈ ৱেবিনাৰৰ আয়োজন কৰে ৷ উল্লেখ্য যে কঠোৰ তিনিটা পৰ্যায়ৰ অনলাইন স্বচ্ছ প্ৰক্ৰিয়াৰ পাচত ৪৭ গৰাকী পুৰস্কাৰ প্ৰাপকক নিৰ্বাচিত কৰা হয় ৷

উৎসাহী নহয় জাপানী কোম্পানী : বুলেট ট্ৰেইন প্ৰকল্পত ৫ বছৰ বিলম্ব

দৈনন্দিন বাৰ্তা ডেস্ক : নিৰ্বাচনৰ আগতেই নহয়, নিৰ্বাচনত সাফল্য লাভ কৰাৰ পাচতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুলেট ট্ৰেইনৰ বাবে বহু শব্দ খৰচ কৰিছিল ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত জাপান পৰ্যন্ত ঘূৰি আহিছিল বিশেষজ্ঞৰ দল ৷ ভাৰতলৈ আহি বুজাবুজি চুক্তিত চহী কৰিছিল চীন, স্পেইনৰ দৰে দেশৰ প্ৰতিনিধিয়ে ৷ মোডীৰ সেই স্বপ্নৰ প্ৰকল্পই এইবাৰ পৰিল এক আঘাত ৷ ২০২৩ চনত প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম শেষ হোৱাৰ কথা আছিল যদিও সেয়া পাঁচ বছৰ পিছুৱাই গৈছে ৷ লক্ষ্যমাত্ৰা নিৰ্দ্ধাৰণ কৰা হৈছে ২০২৮ চন ৷ মূলত বুলেট ট্ৰেইনৰ ক্ষেত্ৰত নিবিদাত জাপানী কোম্পানীৰ অংশগ্ৰহণ উল্লেখনীয়ভাৱে হাৰ কম ৷ তেওঁলোকে আগ্ৰহও দেখুওৱা নাই ৷ মাটি অধিগ্ৰহণৰ সমস্যাৰ বাবেই এই দুৰাৱস্থা ৷ ৰে’ল বিভাগৰ এজন বিষয়াই জনোৱা মতে থাকি যোৱা সমস্যাবোৰ দ্ৰুত সমাধান কৰা হ’লে নিৰ্দ্ধাৰিত সময়ৰ কিছু আগতেই সম্ভৱ হ’লহেতেন ৷ কিন্তু এই জাতীয় জটিল প্ৰযুক্তি নিৰ্ভৰ প্ৰকল্পত নিৰ্দ্ধাৰিত সময় বহু পিছুৱাই দিয়া নহয় ৷ মুম্বাইৰ পৰা আহমেদাবাদলৈ ৫০৮ কিলোমিটাৰ বুলেট ট্ৰেইনৰ ট্ৰেক নিৰ্মাণৰ ৮০ শতাংশ খৰচই জাপানৰ পৰা মাত্ৰ ০.১ শতাংশ হাৰত ঋণত গঢ়ি উঠাৰ কথা ৷ ঋণৰ সুত দিয়াত ভাৰতে ১৫ বছৰ সময় পাব ৷ মূলত জাপানী প্ৰযুক্তিত ভাৰতত বুলেট ট্ৰেইন গঢ়ি উঠিব ৷ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে বুলেট ট্ৰেইন মুম্বাইৰ পৰা আহমেদাবাদ পৰ্যন্ত চলোৱাৰ কথা আছিল ৷ জানিব পৰা মতে নিবিদাৰ কাম ক’ৰোনাৰ বাবে থমকি গৈছে ৷ এই প্ৰকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অন্যতম জটিল হ’ল ঠাই ৷ মুম্বাইৰ পৰা আহমেদাবাদ পৰ্যন্ত বুলেট ট্ৰেইন কৰিডৰত ২১ কিলোমিটাৰ পথ ভূগৰ্ভস্থ, ৭ কিলোমিটাৰ পথ সমুদ্ৰৰ তলেৰে যাব৷ এই পথৰ নিৰ্মাণ চলিত বছৰৰ আৰম্ভণিৰে পৰা কোনো জাপানী কোম্পানীয়ে আগ্ৰহ প্ৰকাশ কৰা নাই ৷ তদুপৰি জাপানী য়েনৰ তুলনাত টকাৰ দাম বহু বাঢ়িছে ৷ ফলত প্ৰকল্প বাস্তৱায়িত কৰাত অনুমানিক খৰচৰ পৰিমাণ বহু বাঢ়িব৷ বৰ্দ্ধিত ব্যয় বহন কৰাত ভাৰত সন্মত নহয় বুলি জানিব পৰা গৈছে ৷ দেশীয় কোম্পানীবোৰক সুৰংগৰে ৰে’ল পথ নিৰ্মাণৰ দায়িত্ব দিবৰ বাবে নিবিদা জমা কৰাৰ ঘোষণা কৰিব পাৰে ভাৰত চৰকাৰে ৷ বুলেট ট্ৰেইনৰ নিৰ্মাতা কাৱাছাকি আৰু হিতাচিয়ে যৌথভাৱে ট্ৰেইন সৰবৰাহৰ নিবিদা দিছে ৷ ফলত দৰদামৰ কোনো বিকল্প নাই ৷ আগন্তুক দিনত ভাৰত-জাপানৰ যৌথ সমিতিৰ সভাত এই বিষয়টোক লৈ আলোচনা হ’ব বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে ৷ আনহাতে জাপানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ছিনজো আবেৰে পদত্যাগ কৰাত সমস্যা সমাধানত অন্তৰায় হ’ব পাৰে বুলি ভবা হৈছে ৷ উল্লেখ্য যে মুম্বাইৰ পৰা আহমেদাবাদ পৰ্যন্ত ৫০৮ কিলোমিটাৰ বুলেট ট্ৰেইনৰ ট্ৰেক নিৰ্মাণত মাটিৰ ৭৭ শতাংশ গুজৰাট আৰু ২২ শতাংশ মহাৰাষ্ট্ৰই দিব ৷ জানিব পৰা মতে মহাৰাষ্ট্ৰৰ পালঘৰ আৰু গুজৰাটৰ নৱচাৰিৰৰ মাটি অধিগ্ৰহণত সমস্যাই দেখা দিছে ৷ নেচনেল হাই স্পীড ৰে’ল ক’ৰ্প’ৰেচনৰ এজন বিষয়াই জনোৱা মতে ৫০৮ কিলোমিটাৰ বুলেট ট্ৰেইন ট্ৰেক নিৰ্মাণৰ বাবে ৬৩ শতাংশ মাটি অধিগ্ৰহণৰ কাম সম্পন্ন হৈছে ৷ ইয়াত ছটা ষ্টেচন হ’ব৷ ৩৪৫ কিলোমিটাৰ পথ নিৰ্মাণৰ নিবিদা আহ্বানৰ কামো শেষ ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত বৰভাগৰ ৬গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধণা জ্ঞাপন

নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত শিক্ষক দিৱস উপলক্ষে বৰভাগৰ ৬গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ক্ৰমে ৰাজ্যিক বঁটা প্ৰাপ্ত বীৰেন্দ্ৰ নাথ শৰ্মা, নাৰায়ণ শৰ্মা, নৰেশ্বৰ ডেকা, ফাইজুদ্দিন আহমেদ, সুৰেশ শৰ্মা, অমূল্য কাকতিক সম্বৰ্ধণা জ্ঞাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উপ-সভাপতি তপন লহকৰ, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদিকা জ্যোতিস্মিতা শৰ্মা, সমাজসেৱা সম্পাদক বিতোপন হালৈ, প্ৰচাৰ সম্পাদক জিয়াউল ৰহমান, পাৰবিন চুলতানা, বিত্ত সম্পাদক কংকন কলিতা, কাৰ্যনিৰ্বাহক সদস্য হিৰকজ্যোতি ডেকা, ইৰছাদ আলী, দেৱাশীষ কলিতা, ৰাইমাধা শাখা সমিতিৰ সভাপতি ময়ুৰ ৰহমান আৰু পৰিষদৰ সদস্য চাজিদ আহমেদৰ এটা দলে আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা ঘৰে ঘৰে গৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে কৃতী শিক্ষক কেইগৰাকীক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা লাভ কৰি আটাইকেইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আবেগিক হৈ পৰে আৰু এই পদক্ষেপৰ শলাগ লয়।

মস্কোত ভাৰত-চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত আলোচনা : সীমান্তত শান্তি পুনৰ ঘূৰাই অনাৰ ইংগিত

দৈনন্দিন বাৰ্তা ডেস্ক : মস্কোত ভাৰত আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত প্ৰায় আঢ়ৈ ঘণ্টা ধৰি আলোচনা হয় ৷ সংঘাতৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ বৈঠকত সীমান্তত শান্তি পুনৰ ঘূৰাই অনাৰ ইংগিত দিয়ে ৷ এই বৈঠকত লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতৱস্থা বাহাল ৰখাত সহমত দিয়ে ৷ কিন্তু কিদৰে সমস্যাটো সমাধান হ’ব তাকলৈ কোনো সূত্ৰ নোলাল ৷ উল্লেখ্য যে দুয়ো দেশৰ সংঘাতৰ মাজতে এয়ে প্ৰথম উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ল ৷ বুধবাৰে মস্কোলৈ যাত্ৰা কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ শুকুৰবাৰে তিতে ছাংহাই ক’ৰ্প’ৰেচন অৰ্গেনাইজেচনৰ সভাত অংশ লয় ৷ এই সভাত উপস্থিত আছিল চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল উই ফেংগঘি ৷ ইয়াৰ মাজতে ভাৰতৰ সৈতে সৃষ্টি হোৱা ঘাঁত মলম লগাবলৈ ৰাজনাথ সিঙৰ সৈতে দেখা কৰে চীনৰ বিদেশ মন্ত্ৰী ওৱাং ইয়ে ৷ দুয়ো পক্ষৰ মাজত বৈঠক হয় ৷ ভাৰতীয় সময় নিশা ৯.৩০ বজাত এই হাই ভল্টেজ বৈঠক আৰম্ভ হয় ৷ ৰাজনাথ সিঙৰ লগত আছিল ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত ডি বি ভেংকটেশ ভাৰ্মা আৰু প্ৰতিৰক্ষা সচিব অজয় কুমাৰ ৷ বৈঠকত ভাৰতৰ তৰফৰ পৰা পূৱ লাডাখৰ পেনগং হ্ৰদৰ দক্ষিণ অংশত পুনৰ নতুনকৈ চীনৰ অনুপ্ৰৱেশত তীব্ৰ প্ৰতিবাদ কৰে ৷ আলোচনাৰ মাজতে এই সমস্যা সমাধান কৰাৰ দাবী কৰে ভাৰতে ৷ ভাৰতৰ পূৰ্বৰ স্থিতাৱস্থা ৰক্ষাৰ চাপত কাৰ্যত চীনা প্ৰতিৰক্ষা মন্ত্ৰীয়ে নতি স্বীকাৰ কৰে বুলি প্ৰাপ্ত সূত্ৰৰ খবৰত প্ৰকাশ ৷ আন এক সূত্ৰই দাবী কৰা মতে লাডাখত অশান্তিৰ বাবে ভাৰত দায়ী৷ তথাপি সীমান্তত স্থিতাৱস্থা ঘুৰাই আনিবলৈ দাবী জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বৈঠকত কি আলোচনা হ’ল তাক লৈ চৰকাৰীভাৱে একো জনোৱা নাই ৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, বৈঠকৰ শেষত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনায় যে সীমান্তত স্থিতাৱস্থা ঘুৰাই অনাত দুয়োখন দেশে উদ্যোগ ল’ব লাগিব ৷ আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰাৰ চেষ্টা কৰা হ’ব ৷ দ্ৰুত সীমান্ত পৰিস্থিতি আৰু সেনা বাহিনীক পূৰ্বৰ অৱস্থানলৈ ঘুৰাই পঠোৱাৰ প্ৰয়োজন ৷ সচেতন মহলৰ দাবী ইয়াৰ আগতেও আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ বাবে সন্মত হৈছিল দুয়োটা পক্ষ ৷ সীমান্ত সমস্যা সমাধানত কোনো চুক্তি নহ’ল বুলি প্ৰকাশ ৷ ৰাজনাথ সিঙে কয়, বিশ্বাস, আগ্ৰাসী মনোভাৱ ত্যাগ আৰু আন্তৰ্জাতিক ৰীতি মানি মতবিৰোধ দূৰ কৰাৰ ওপৰত সমগ্ৰ এলেকাটোত শান্তি আৰু নিৰাপত্তা নিৰ্ভৰ কৰিছে ৷ যোৱা মে’ মাহত লাডাখৰ গালৱানত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষৰ পাচত এয়ে প্ৰথম দুয়ো দেশৰ বৈঠক অনুষ্ঠিত হ’ল ৷