Home Blog Page 3196

বড়োভূমিত আৰম্ভ ৰাজনৈতিক জল্পনা-কল্পনা : কাৰ মুখত বিৰিঙিব হাঁহি !

বহুকেইজন বাঘা বাঘা ৰাজনৈতিক নেতাৰ ব্যাপক প্ৰচাৰৰ পিছত বিটিচিত বিপুল সংখ্যক লোকে ভোটদান কৰিছিল ।  আজি শনিবাৰে বিটিচিৰ ৪খন জিলাত অনুষ্ঠিত হৈছে ভোটগণনা । বড়োভূমিত কোন জয়ী হ’ব বা কোন পৰাজিত হ’ব কাৰ মুখত বিৰিঙিব হাঁহি, ইয়াকে লৈ ভোটাৰৰ মাজত আৰম্ভ হৈছে ব্যাপক ৰাজনৈতিক জল্পনা-কল্পনা ।

বিটিচিৰ ৪০ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ আজি ঘোষনা হব লগা ফলাফলে হয়তো ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো বিশেষ সমীকৰণৰ সঞ্চাৰ কৰিব।

নগাঁৱত চোৰৰ নৃশংসতা : গৃহস্থ সাৰ পোৱাৰ বাবেই মহিলাৰ বুকুত বহুৱালে চিপৰাং

নগাঁও, ১১ডিচেম্বৰঃ নগাঁও আৰক্ষীক অস্তিত্বহীন কৰি তুলি  চহৰ খনত চোৰৰ দলে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে । ফলত চোৰৰ উপদ্ৰপৰ আশংকাতেই বিভিন্ন লোকে বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে । কিছুদিন পূৰ্বে চহৰ খনৰ খুটিকটীয়াত চোৰৰ দলে এঘৰত লুটপাত চলাই ঘৰটোৰ ওপৰ মহলাত অগ্নিসংযোগ কৰা ঘটণাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ চোৰে গৃহস্থৰ বুকুত চিপৰাং বহুৱাই ভয়ংকৰ আক্ৰমণ কৰা আন এক ঘটণা সংঘটিত হৈছে। চোৰ কৰিবলৈ আহোঁতে গৃহস্থ সাৰ পোৱাৰ বাবেই এগৰাকী মহিলাৰ বুকুত চোৰে  চিপৰাং বহুৱাই দিয়া এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিত । জানিব পৰা মতে, এলফিনষ্টন চাৰিআলিৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীৰ ঘৰত আজি পুৱতি নিশা এটা দুৰ্বৃত্তই চুৰি কাৰ্য সংঘটিত কৰিবলৈ দুৱাৰ ভঙাৰ চেষ্টা চলাই থাকোতেই গৃহস্থ সাৰ পাই । ইয়াৰ পাছত ৰফিকুল ইছলামৰ পত্নী আখতাৰা বেগমে(২৫) বাহিৰত কি শব্দ হৈছে তাকে বুজ ল’বলৈ বুলি দুৱাৰ মুখলৈ যোৱাত চোৰে আখতাৰা বেগমৰ বুকুত চিপৰাং বহুৱাই আক্ৰমণ কৰে । ইয়াৰ পিছতে মহিলা গৰাকীৰ স্বামী ৰফিকুল ইছলামে অতি সাহসেৰে  চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত চোৰটো শিয়ালমাৰীৰ ইব্ৰাহিম আলি বুলি চিনাক্ত কৰা হৈছে । পিছত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই ধৃত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে  । ইফালে, চোৰটোৰ এই ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গায়িকাৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, ১১ ডিচেম্বৰ: সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত  প্ৰচাৰ কাৰ্য চলোৱাৰ অন্তত এতিয়া পুনৰ আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। আজি তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত  ব্যস্ত  হৈ পৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। তিৱা জনজাতীয় সাজ পাৰ পৰিধান কৰি নৃত্য গীতেৰে ভোটাৰক মোহিত কৰি নিৰ্বাচনী প্ৰচাৰত নামিল আঙুৰলতা। এইবাৰ নৃত্যৰ লগতে গায়িকা ৰূপত বিধায়িকা আঙুৰলতা ডেকাই  নাচ গানেৰে চলালে নিৰ্বাচনী প্ৰচাৰ।উল্লেখ্য  তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচোটাকৈ দিন থকাত  প্ৰতিটো দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামকান্ত দেউৰীৰ পুত্ৰ ১৮ নং চাৰিপুনিয়া চাবুকধৰা সমষ্টিৰ প্ৰাৰ্থী মদন দেউৰীৰ হৈ আজি প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতা ডেকাই।বিধায়িকা গৰাকীয়ে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গাড়ীৰ পৰা নামিয়ে আৰম্ভ কৰে জনপ্ৰিয় তিৱা গীত নৃত্য। লগতে বিধায়িকা আঙুৰলতাই পৰিবেশন কৰে তিৱা গীতো।নিৰ্বাচনী সভাত  কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি জয় নিশ্চিত আৰু তিৱা স্বায়ত্ব পৰিষদ বিজেপিয়ে গঠন কৰি বুলি বিধায়িকাগৰাকীয়ে মন্তব্য কৰে।লগতে বিধায়িকা গৰাকীয়ে কয় যে এতিয়া সকলোতে পদুমেই পদুম ফুলি আছে  আৰু পৰৰ্বতী সময়তো ফুলিব।গতিকে ভোটাৰ ৰাইজে পদুম ফুলক বাদ দি বেলেগ চিন্তা কৰিব নালাগে।বিটিচিতো আমাৰ বিজেপি দলে ভাল ফলাফল লাভ কৰিব।

নগাঁৱৰ দেওধৰ গাওঁ পঞ্চায়তত একৈশ খন উন্নয়ন মূলক আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ ; তিনি অনুষ্ঠানলৈ চেক প্ৰদান

নগাঁও, ১১ ডিচেম্বৰঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দেওধৰ  গাঁও পঞ্চায়তত আজি একৈশটাকৈ উন্নয়ন মূলক আঁচনিৰ শুভ উদ্ধোধন আৰু তিনিটা অনুষ্ঠানলৈ পাঁচ লাখ টকাকৈ চেক প্ৰদান অনুষ্ঠানে সমষ্টিটোত এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ উল্লেখ যে, এই একৈশটা অনুষ্ঠানৰ শুভ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, “গাৱঁৰ উন্নয়ন হলেহে প্ৰকৃত উন্নয়ন সম্ভৱ হৱ ৷ বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চহৰাঞ্চলৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নতো বিশেষ ভাৱে মনোনিৱেশ কৰি অহাৰ লগতে  সকলো ৰাইজৰ উন্নয়ন বিচাৰিছে । সেয়ে, শিশু, ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি আৱাল-বৃদ্ধা বনিতালৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰিছে ৷ আজি শুভ উদ্ধোধন কৰা আঁচনি সমূহৰ জৰিয়তে বৃহত্তৰ দেওধৰ পঞ্চায়তটোৰ সৰ্বস্তৰৰ ৰাইজ উপকৃত হব বুলি আশা কৰি অনাগত দিনত আৰু অধীক উন্নয়নৰ বাবে ৰাইজৰ সহায়-সহযোগ কামনা কৰে বিধায়ক গৰাকীয়ে ৷” উল্লেখযোগ্য যে ৰাজ্য খনৰ ভিতৰতে প্ৰখ্যাত কেঁচা সোনৰ গহনা ৰনথলী সোনোৱালী পুথিভঁৰাল, ৰনথলী ৰজাভেটি চাৰি নং নামঘৰৰ মুকলি মঞ্চ, দেওধৰৰ শংকৰ মন্দিৰলৈ পাঁচ লাখ টকাকৈ অনুদান আৰু ১৯৭৯ চনতে স্থাপিত মৰিকলং ধেপাজানৰ জ্যোতি সংঘ, জিৰণি চ’ৰা সংঘ, দেওধৰ সাৰ্ব্বজনিক শিৱ মন্দিৰ, পাথৰি চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতন, ৰনথলি আৰ্দশ গাওঁ কৃষ্টি বিকাশ কেন্দ্ৰ, ভোটাইগাঁও কৃষ্টি বিকাশ কেন্দ্ৰ, বৰপাথৰি মজলীয়া বিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ মাধৱদেৱ আঞ্চলিক শাখা পাথৰি চাৰিআলিকে ধৰি মুঠ একৈশটা অনুষ্ঠান আৰু বহুকেইটা পথৰ চিচি ব্লকৰে নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে ৷ অন্যহাতে, বিয়লি দেওধৰ পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত এখন সভাও অনুষ্ঠিত হয় ৷ পাখিমৰীয়া মণ্ডল বিজেপিৰ সম্পাদক মিনাৰাম হাজৰিকাই আতঁধৰা সভাখনিত সভাপতিত্ব কৰে দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি মৃদুল ফুকনে ৷ সভাত বিধায়ক ৰূপক শৰ্মাই কয় যে- “দেশে স্বাধীনতা প্ৰাপ্তিৰ পিছত অধীক সময় কংগ্ৰেছ দলে শাসন কৰিছিল ৷ কিন্ত কংগ্ৰেছৰ অপশাসন, দুৰ্নীতিৰ বাবে অসমো বহু ক্ষেত্ৰত পিছপৰি গ’ল ৷ বৰ্তমানৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত আমাৰ চৰকাৰে দ্ৰুত উন্নয়ন সাধন কৰিছে” ৷ সভাত দেওধৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলীপ বৰুৱা, জোনাৰাম কলিতা, পাখিমৰীয়া সংখ্যালঘু মৰ্চাৰ হবিবুৰ ৰহমান, প্ৰেমেশ্বৰ বৰা, অবিচি মৰ্চাৰ সভাপতি উপ-সভাপতি বিৰেশ্বৰ বৰা, জিতু বৰা, সমাজকৰ্মী ৰঙাই দাস, কনিষ্ঠ অভিযন্তা সমীৰন বৰা, সচিব পংকজ শইকীয়া, অৰ্চনা দাস বনিয়া, ৰিকি মনি কেউট, মিনা বনিয়াকে ধৰি চাৰি শতাধিক ৰাইজ উপস্থিত থাকে ৷ উল্লেখ যে, আজি শুভ উদ্বোধন কৰা এই আচঁনি সমূহ চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণকাৰ্য্য সমূহ সম্পন্ন কৰা হৈছে ৷

চৰকাৰে কৰিব নোৱাৰা বৰলুইতৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে লাহৰীঘাটৰ বানাক্ৰান্ত ৰাইজ

মৰিগাঁও, ১১ ডিচেম্বৰ :   মৰিগাও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত  ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহাই  এশৰো অধিক গাওঁ আৰু অৰ্ধশতাধিক মচজিদ, মন্দিৰ, নামঘৰ বিদ্যালয় নদীৰ বুকুত জাহ নিচে। ব্ৰহ্মপুত্ৰৰ গৰাৰ কবলত পৰি মাটিৰ গৰাকীও হৈ পৰিছে বাটৰ ভিক্ষাৰী , আশ্ৰয় লব লগীয়া হৈছে পথৰ দাঁতিত , মাথাউৰিত। উল্লখ্য যে এই বানাক্ৰান্ত লাহৰীঘাট সমষ্টিৰ পৰা একেটা পৰিয়ালে ৪২বছৰ প্ৰতিনিধিত্ব কৰিছে আৰু লগতে তিনিবাৰকৈ অসম চৰকাৰৰ শক্তিশালি মন্ত্রী হৈ থকা স্বত্বেও কোনোদিনেই  লাহৰীঘাটবাসীক ৰক্ষা কৰাৰ চিন্তা কৰা নাই। যাৰ বাবে এই বাৰ লাহৰীঘাটবাসী বানাক্ৰান্ত ৰাইজে সকলো আশা-ভৰষা বাদ দি নিজৰ মাতৃভুমি ৰক্ষাৰ বাবে জীয়াই থকাৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া ৰোধৰ বাবে ৰাইজৰ দান-বৰঙুনিৰে বাহঁ আৰু বালিৰ বস্তাৰে কেইবাটাও বান্ধ নিৰ্মান কৰি আছে । ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত ৰাইজে নিৰ্মান কৰি থকা বান্ধ  পৰিদৰ্শন কৰে ১৫বছৰ আগতে চাকৰি সুএে লাহৰীঘাটত  থকা  প্ৰাক্তন BDO জি আদিলে। প্ৰাক্তন BDO জি .আদিলে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মান কাম চলি থকা বান্ধটো পৰিদৰ্শন কৰাৰ লগতে এই অঞ্চলৰ ৰাইজৰ লগত মতবিনিময় কৰি এই বন্ধ সমূহ নিৰ্মানৰ ৰাইজৰ লগত সৰ্ম্পুন সহাযোগীতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

টংলাৰ যুৱ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ দুৰ্নীতি বিৰোধী শূণ্য সহনশীল বঁটা

টংলা, ১১ডিচেম্বৰ : সামাজিক দায়বদ্ধতা, নিষ্ঠা, সমাজ হিতৈষী শূন্য সহনশীল মনোভাৱেৰে গনতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিকতা জীৱনৰ পাতনিমেলি দুখ যন্ত্ৰণাৰ মাজেৰে প্ৰতিদিনে ৰাইজৰহৈ কলমেৰে মাত মাতি অহা টংলা দৈনিক অগ্ৰদূতৰ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ “২০২০ বৰ্ষৰ দুৰ্নীতি বিৰোধী শূণ্য শহনশীল বিশেষ বঁটা” প্ৰদান কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে।যোৱা ৯ ডিচেম্বৰত বঁটা গ্ৰহণ কৰি সত্য আৰু সততাৰে সমাজৰ হকে কাম কৰাৰ মন ব্যক্ত কৰে বঁটা প্ৰাপক দিগন্ত কুমাৰ শৰ্মাই। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লগতে কেন্দ্ৰীয় সমিতি আৰু লখিমপুৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্রীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি যোৱা বুধবাৰে লখিমপুৰৰ যুৱ নগৰ লালুকত বঁটা প্ৰদান আনুষ্ঠানত এই বঁটা প্ৰদান কৰে। প্ৰায় দুটা দশক ধৰি সংবাদসেৱাৰ জড়িয়তে ৰাইজৰহৈ মাত মাতি অহাৰ লগতে সময়ে সময়ে বহু শিক্ষিত যুৱক যুৱতীক আত্মাসংস্থাপনৰ বাট দেখুৱাই অহা টংলা প্ৰেছ ক্লাৱৰ উপ সভাপতি দিগন্ত কুমাৰ শৰ্মালৈ এই বঁটা প্ৰদানে তেওঁৰ লগতে টংলা প্ৰেছ ক্লাবে গৌৰৱ অনুভৱ কৰাৰ লগতে এনে এক বটা টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়ালৈ দিয়াৰ বাবে দুৰ্নীতি বিৰোধী যুৱ শক্তিক টংলা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰে টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্য সকলে। লগতে বটা প্ৰাপ্ত টংলা প্ৰেছ ক্লাৱৰ উপঃ সভাপতি দিগন্ত কুমাৰ শৰ্মাক শুভেচ্ছা আৰু আদৰণি জনাই।

জম্মু এণ্ড কাশ্মীৰৰ শ্বপিয়ানত উগ্ৰবাদী কঢ়িয়াই নিয়াৰ অভিযোগত কংগ্ৰেছ কৰ্মী আটক

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত ৭ ডিচেম্বৰত উগ্ৰবাদী কঢ়িয়াই নিয়াৰ অভিযোগত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে শণিবাৰে কংগ্ৰেছ দলৰ এজন সদস্যক আটক কৰে ।

“এই সম্পৰ্কত সপিয়াৰ ইমামচাহব থানাত ইউএপিএ-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে” আৰক্ষী বিষয়াজনে কয়।

চৰকাৰী সূত্ৰই জনায় যে, নিৰাপত্তা বাহিনীয়ে ইনপুট কৰিছিল যে সন্ত্ৰাবাদীসকলে এখন গাড়ীত ভ্ৰমণ কৰি আছে আৰু যেতিয়া সেনাৰ ৪৪ আৰ আৰ এ ৭ ডিচেম্বৰত ট্ৰাজ অঞ্চলৰ বাবা খাদৰ ৰামপুৰা চ’কত ৰখোৱা অৱস্থাত সন্ত্ৰাবাদী দলটোৱে পলায়ন কৰে আৰু পাৰগাচীৰ ওচৰত বাহনখন ত্যাগ কৰে।

“পথাৰো আমাৰ বজাৰো আমাৰ” কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমৰ উদ্যোগত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ

গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হেজাৰ হাঁহৰ পোৱালী আৰু বিশ্ব বেঙ্কৰ অধিনষ্ঠ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ আচঁনিৰ অধীনত গাহৰি পোৱালী বিতৰণ কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ’ব। বিগত সময়ছোৱাত পশুধন নিগমে বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ প্ৰায় ১৫ হেজাৰ যুৱক-যুৱতীক বিজ্ঞানসন্মত ভাৱে পশুপালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণৰ লগে লগে স্বাৱলম্বীতাৰ বাবেও নিগমে বাস্তৱিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফলত চাৰি হেজাৰৰো অধিক যুৱক-যুৱতী প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে। পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্য্যসূচী জনপ্ৰিয় হোৱাৰ লগতে বহু যুৱক-যুৱতী ইয়াৰ লগত জড়িত হৈ পৰিছে বুলি মন্তব্য কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজ্যখনে দুগ্ধ, কুকুৰা, গাহৰি, ছাগলি আদি উৎপাদনত আত্মনিৰ্ভৰ হবলৈ সক্ষম হব বুলি মতপোষণ কৰে। অধ্যক্ষ শইকীয়াই লগতে কয় যে, সংগঠিত ৰূপত পশুপালন কৰাত গুৰুত্ব দিয়া উচিত আৰু অসমৰ বজাৰ অসমৰ কৃষকে দখল কৰাই নহয় বহিঃৰাজ্যলৈ ৰপ্তানী কৰাৰ বাট মুকলি কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচঁনি সম্পৰ্কতো ৰাখ্যা কৰে। পশুপালন বিভাগৰ চিকিৎসক বিষয়াসকলে পশুপালক সকলৰ সাৰথি হিচাপে কাষত থাকি সহযোগ কৰিব লাগিব বুলি সোৱঁৰাই দিয়ে। সভাত ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ আয়ুক্ত – সচিব শ্যাম জগন্নাথন, সচিব ৰবিনচন মুছাহাৰী, সঞ্চালক অশোক বৰ্মন, নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, দুগ্ধ উন্নয়ণ সঞ্চালক উৎপল শৰ্মা আৰু পশুপালন বিভাগৰ বহু সংখ্যক বিষয়া উপস্থিত থাকে। সভাত দুই শতাধিক যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ কৰা হয়।

কৃষক আন্দোলনৰ বেশত খালিস্তান আন্দোলন, মহাৰাষ্ট্ৰ ছাইবাৰ চেলৰ হাতত ভয়ংকৰ তথ্য

কৃষক আন্দোলনৰ মাজতে খালিস্তান বিচাৰধাৰৰ সৈতে জড়িত বহুতো দল সক্ৰিয় হৈ পৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এনে বহুতো প্ৰমাণ লাভ কৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এই সকলোবোৰৰ দলৰ ওপৰত নজৰ ৰাখিছে আৰু তেওঁলোকৰ সৈতে জড়িত সামাজিক মাধ্যমৰ একাউণ্টসমূহো পৰীক্ষা কৰি আছে ।

আনহাতে দেশত কৃষকৰ আন্দোলন চলি আছে আৰু আনহাতে অনুসন্ধানকাৰী সংস্থাসমূহে এই আন্দোলনৰ প্ৰতিটো গতিবিধিৰ ওপৰত চকু ৰাখিছে ।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে চিনাক্ত কৰিছে যে কেইদিনমানৰ পৰা খালিস্তানৰ লোকৰ কট্টৰপন্থী বিচাৰধাৰা আৰু সন্ত্ৰাসবাদী জনৰেল সিং সম্পৰ্কত চছিয়েল মেডিয়া’ত পোষ্ট কৰাৰ বাবে চেষ্টা কৰি আছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলৰ মতে, যোৱা ১৬ দিনৰ পৰা তেওঁলোকে খালিস্তান উল্লেখ কৰা ১২,৮০০ টা পোষ্ট পোৱা গৈছে আৰু আনহাতে ৬,৩২১ টা পোষ্ট আছে য’ত উগ্ৰবাদী জনৰেল সিং বিন্দ্ৰানৱালে উল্লেখ আছে ।

মহাৰাষ্ট্ৰ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, “ব্যৱহাৰ হৈ থকা চছিয়েল মিডিয়া একাউণ্টৰ ভিতৰত এই পোষ্টবোৰ ইউ কে, ইউ এছ এ, কানাডা আৰু ভাৰতৰ পৰা চলোৱা হৈছে। লগতে দেখা গৈছে যে এই পোষ্টবোৰ দি থকা ব্যৱহাৰকাৰীৰ বহুতো একাউণ্ট নৱেম্বৰ বা ডিচেম্বৰত খোলা হৈছে । কিছুমান একাউণ্ট এনে আছে যিবোৰ বহু বছৰ ধৰি ব্যৱহাৰ কৰা হোৱা নাই কিন্তু হঠাৎ সেই সকলো একাউণ্ট সক্ৰিয় হৈ পৰিছে ।”

আৰক্ষীৰ ছাইবাৰ বিশেষজ্ঞই জনোৱা অনুসৰি, এই পোষ্টবোৰৰ জড়িয়তে অপপ্ৰচাৰ বিয়পাবলৈ চেষ্টা কৰি থকা হৈছে আৰু ভাৰতীয় ছেয়াৰ স্পেচত খালিস্তানী আদৰ্শ বিস্তাৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে।

আৰক্ষীয়ে এই একাউণ্টবোৰ বিশ্লেষণ কৰি আছে আৰু ইয়াত এইটোও দেখা গৈছিল যে তেওঁলোকৰ পিছফালে কাম কৰা লোকসকল হৈছে ছাইবাৰ বিশেষজ্ঞ আৰু নাও ব্যৱহাৰ কৰা । কেৱল এয়াই নহয়, এনে লোকে তেওঁলোকৰ পৰিচয় লুকুৱাবলৈ বিভিন্ন দেশৰ আইপি ঠিকনা ব্যৱহাৰ কৰি আছে ।

যোৱা সপ্তাহত, দিল্লী পুলিচৰ বিশেষ কোষে উগ্ৰবাদী ঘটনা কৰাৰ আগতে এজন খালিস্তানি কাশ্মীৰীক আটক কৰিবলৈ সক্ষম হয় ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এন আই এ)য়ে গুৰুপন্তৱন্ত সিং পাণুৰ বিৰুদ্ধে আৰু ইউএপিএ শাখাৰ অধীনত ১৫ জন লোকৰ বিৰুদ্ধে চাৰচিত দাখিল কৰিছে। এই লোকসকলে ‘জনমত 2020’ শব্দটো ব্যৱহাৰ কৰি খালিস্তানী আন্দোলন আন্তৰ্জাতিকভাৱে চলাবলৈ চেষ্টা কৰি আছিল।

মংগলদৈত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বয়োজ্যেষ্ঠ আৰু দিব্যাংগসকলৰ সামগ্ৰী বিতৰণৰ শিবিৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈ সৈনিক ভৱনত ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ অনুষ্ঠিত কৰা হয়। মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডিকে ধৰি সমাজ কল্যাণ বিভাগৰ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থকা এই সভাৰ লগত ভিডিঅ কনফাৰেঞ্চ যোগে সহযোগ কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱৰচন্দ্ৰ গেহলটে। তেওঁ দিব্যাংগ আৰু জ্যোষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে তেওঁৰ ভাষণত বিশদ বিৱৰণ দাঙি ধৰে। এই শিবিৰত ADIP, CSR আৰু ৰাষ্ট্ৰীয় ব্যৱোশ্ৰী যোজনাৰ অধীনত কেবাখনো মটৰ চালিত ট্ৰাইচাইকেল, মটৰ চালিত হুইল চেয়াৰ, হিয়াৰিং এইডচ, যন্ত্ৰ সংযোগী লাখুটি আদি বিভিন্ন সামগ্ৰী ২৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।