হোজাই : শিক্ষক দিৱসৰ দিনাই ২০১৫ চনত প্ৰি চিনিয়ৰ সাধাৰণ শাখাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা কৰাৰ পিছতেই এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম মাদ্ৰাছা টেট উৰ্ত্তীণ সন্থাই। কেবামাহ পূৰ্বে মাদ্ৰাছা বন্ধ কৰাৰ প্ৰসংগ উত্থাপন কৰাৰ পিছত ৰাজ্যজুৰি মাদ্ৰাছা ছাত্ৰ সন্থাকে ধৰি সংখ্যালঘু দল সংগঠনে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঠায়ে ঠায়ে পুত্তলিকা দাহ কৰিছিল৷ কিন্তু এইবাৰ প্ৰতিবাদ নহয়, ২০১৫ চনত মাদ্ৰাছা টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীক নিযুক্তি দিবলৈ শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছে মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই৷ উল্লেখ্য যে ২০১৫ চনত মাদ্ৰাছা টেট উত্তীৰ্ণ বহু প্ৰাৰ্থীক এম ই স্কুলৰ আৰৱী আৰু হিন্দী শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ কিন্তু এতিয়াও প্ৰায় ৮ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তি হোৱা নাই৷ মাদ্ৰাছা টেট উত্তীৰ্ণ বহু হিন্দু প্ৰাৰ্থীও আছে। বহু টেট উত্তীৰ্ণ বাকীসকল জেনেৰেল প্ৰাৰ্থীক কেইদিনমান পাছত চৰকাৰে দিবলগীয়া ৫০ হাজাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ হোজাই জিলা সমিতিয়ে আজি সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত ৩৯৯ খন চৰকাৰী, প্ৰি ছিনিয়ৰ, ছিনিয়ৰ, টাইটেল মাদ্ৰাছা আৰু এৰাবিক কলেজ আছে। কেবা লক্ষ্য ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত কি হ’ব! কংগ্ৰেছ চৰকাৰৰ বিগত কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী থকাৰ সময়ত ৩২৫ খন মাদ্ৰাছা চৰকাৰীকৰণ কৰিছিল। বৰ্তমান শিক্ষা মন্ত্ৰী পুনৰ বন্ধৰ ঘোষণা কৰিছে, এতিয়া প্ৰশ্ন হয় নিৰ্বাচনৰ প্ৰাকক্ষণত মাদ্ৰাছা প্ৰসংগ নিৰ্বাচনী ধামাকা নে আন কিবা সেয়া সচেতন লোকৰ মাজত ব্যাপক চৰ্চা চলিছে।
শিক্ষকৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ : শিক্ষকসকল হ’ল সমাজৰ মূল্যবান সম্পদ
✍ ভবেন দাস
বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান, যোগাযোগ আৰু আন্ত:ক্ৰিয়া, মানুহৰ জীৱন শৈলী, সামাজিক মতবাদ, সাংস্কৃতিক চিন্তাধাৰা, শৈক্ষিক বিস্তাৰ আদি ক্ষেত্ৰৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত শিক্ষকে বহুমুখী ভূমিকা পালন কৰিব লাগে যাতে এই পৰিৱৰ্তনৰ লগত তেওঁ নিজকে খাপ খুৱাই ল’ব পাৰে। সমাজৰ লোকৰ মনত পুৰণি সমাজৰ কেতবোৰ আস্থা, নিষ্ঠা, বিশ্বাস, অভ্যাস আদিৰ প্ৰভাৱ ৰৈ যায় যিবোৰ সাম্প্ৰতিক সময়ত সমাজৰ বাবে অচল আৰু প্ৰতিবন্ধকতাৰ দৰে হৈ পৰিছে। এইবোৰকেই বৰ্তমান সমাজৰ লোকে অন্ধবিশ্বাস, কু-সংস্কাৰ আদি স্বৰূপে গণ্য কৰে। যি সমাজৰ অগ্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সন্মুখীন হয় তাক সদায় আঁতৰাই চলিব লাগে। এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আদিৰ নেতিবাচক প্ৰভাৱ গুচাই সমাজত ইতিবাচক সংস্কাৰ সাধনৰ জৰিয়তে সুস্থ প্ৰভাৱ আৰু বাতাবৰণ সৃষ্টিত এজন শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। সেইবাবে সুস্থ সমাজ আৰু জাতি গঠনত শিক্ষকৰ প্ৰভাৱ প্ৰচুৰ। কিন্তু সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত কিছুমান শিক্ষকৰ মাজত এই সামাজিক দায়বদ্ধতাৰ বিপৰীত ছবি দেখিবলৈ পোৱা যায় আৰু বৰ্তমান যেন একাংশ শিক্ষকে নিজৰ মাহেকীয়া পাৰিতোষিক আদায় কৰিবলৈ অপেক্ষা কৰি থাকে তেনে ধৰণৰ আচৰণ পৰিলক্ষিত হয়। তাৰোপৰি একাংশ ইন্দ্ৰিয় দমন কৰিবলৈ অক্ষম শিক্ষকৰ আচৰণে সমাজত নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যাৰ প্ৰভাৱত দিনক দিনে সমাজত অত্যাধিক পৰিমাণে নৈতিক স্খলন দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আৰু দায়িত্ব, শিক্ষকৰ উদাৰতাবাদী মনোভাৱ, শিক্ষকৰ ব্যক্তিগত নীতি ব্যৱস্থাই সমাজ পৰিবৰ্তনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিলেহে ভৱিষ্যতে এখন আদৰ্শবাদী সমাজ ব্যৱস্থা পাবলৈ সক্ষম হ’ব বুলি ভাবোঁ।
২২-২৯ ছেপ্টেম্বৰত চিবিএছইৰ দশম, দ্বাদশ শ্ৰেণীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা
দৈনন্দিন বাৰ্তা ডেস্ক : চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অহা ২২-২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ এই কথা শুকুৰবাৰে ঘোষণা কৰিছে ৷ ব’ৰ্ডে জনোৱা মতে ক’ভিড-১৯ৰ বাবে পৰীক্ষাৰ্থীয়ে হেণ্ড ছেনিটাইজাৰ অনাৰ লগতে মাস্ক পৰিধান কৰিব লাগিব ৷ চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যাম ভৰদ্বাজে এই কথা কয় ৷ তদুপৰি সকলো পৰীক্ষাৰ্থীয়ে শাৰীৰিক দূৰত্ব ৰক্ষা কৰিব লাগিব ৷ ইয়াৰ পূৰ্বে চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত বিৰোধিতা কৰিছিল ৷ সকলো পৰীক্ষাৰ্থীৰ বাবে ক’ভিড-১৯ৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা কৰিব বুলি কয় ৷
চৰকাৰে নামঘৰলৈ আগবঢ়োৱা অনুদানত উৎফুল্লিত নামঘৰীয়া সমাজ
গুৱাহাটী : স্বাধীনোত্তৰ অসমৰ প্রথমখন চৰকাৰে বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্ৰ স্বৰূপ নামঘৰসমূহলৈ ব্যাপক হাৰত আৰ্থিক অনুদান আগবঢ়াবলৈ লোৱা সিদ্ধান্তক সময়োপযোগী অসম হিতৈষী বলিষ্ঠ সিদ্ধান্ত বুলি গণ্য কৰিছে সদৌ অসম নামঘৰীয়া সমাজে ৷ যোৱা ৩১ আগষ্টত গুৱাহাটীৰ আনন্দনগৰ উন্নয়ন সমিতিৰ প্রাঙ্গনত অৱস্থিত সদৌ অসম নামঘৰীয়া সমাজৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত চৰকাৰৰ এই সিদ্ধান্তৰ প্রতি পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰি এক প্রস্তাৱ গ্রহণ কৰা হয় ৷ অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্রচাৰ, প্রসাৰৰ লগতে সমাজ পৰিচালনাত ব্ৰতী হৈ এক সুস্থ আধ্যাত্মিক পৰিবেশ গঢ়ি তোলাত আৰু জাতিভেদবিহীন এখন সমাজ গঠন কৰাত অগ্রগণী ভূমিকা পালন কৰা নামঘৰসমূহলৈ ২.৫ লাখ টকাৰ অনুদান আগবঢ়াবলৈ লোৱা ঐতিহাসিক সিদ্ধান্তই সদ্যহাতে ৮০০০ নামঘৰক সামৰি লৈছে যদিও সদৌ অসম নামঘৰীয়া সমাজে ক্ৰমান্বয়ে সকলো নামঘৰকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্রতি আহ্বান জনাইছে ৷ সদৌ অসম নামঘৰীয়া সমাজে চৰকাৰক অনুৰোধ কৰে যে এই নামঘৰসমূহৰ জৰিয়তে বৈষ্ণৱ সংস্কৃতিৰ প্রচাৰ, প্রসাৰ আৰু পৰিচালনাত ব্রতী হৈ থকা অতি দুখীয়া নামঘৰীয়া সকলৰো আৰ্থিক উন্নয়নৰ বাবেও এক অনুৰূপ আঁচনি ঘোষণা কৰিব লাগে ৷ নামঘৰীয়া সমাজে বিশ্বাস কৰে যে চৰকাৰে গ্রহণ কৰা এনে বলিষ্ঠ আঁচনিয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱ গুৰু দুজনাই ৰোপন কৰি যোৱা বৈষ্ণৱ সমাজখন সৱল কৰাৰ লগতে অসমত সুস্থ জাতি গঠন প্রক্ৰিয়াত অগ্রণী ভূমিকা পালন কৰিব ৷ এনেদৰে সদৌ অসম নামঘৰীয়া সমাজৰ মুখ্য সম্পাদক ৰাতুল গোস্বামীয়ে কয় ৷
সোণতলীত বিধায়িকা নন্দিতা দাসৰ পুত্তলিকা দাহ
সোণতলী : সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন৷ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাসকলে অৱলম্বন কৰিছে বিভিন্ন ধৰণৰ ৰণকৌশল ৷ নিৰ্বাচনৰ পূৰ্বে নেতা সকলে ৰাইজক কেৱল মিছা প্ৰতিশ্ৰুতি দি ভোট আদায় কৰায় ৰাজনীতি কৰাত হে ব্যস্ত হৈ পৰে ৷ কিন্তু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে সমষ্টি উন্নয়নত যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তাৰে জলন্ত উদাহৰণ দাঙি ধৰিছে বৰদিয়া-নয়াপাৰাৰ ৰাইজে ৷ উল্লেখ্য যে, এম জি এন ৰেগা আঁচনিৰ অধীনত বৰদিয়া নয়াপাৰাৰ পৰা আৰিকাটি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে ৷ কিন্তু আধাৰশিলা স্থাপনৰ এবছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে এপাচি মাটি নপৰিল বৰদিয়ানয়াপাৰাৰ মূল পথটোত ৷ দুৰ্ভাগ্যজনক কথা হ’ল যে বিধায়িকা নন্দিতা দাস আৰু মাহতলী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে স্থাপন কৰা আধাৰশিলা ভাঙি চুৰমাৰ হৈছে যদিও আৰাম্ভ হোৱা নাই বৰদিয়া নয়াপাৰা আৰিকাটি সংযোগী পথৰ কাম ৷ স্থানীয় ৰাইজৰ অভিযোগ বিধায়িকা নন্দিতা দাসৰ লগত কমিচনৰ অংক নিমিলাৰ কাৰণেই আজিলৈকে আৰম্ভ নহ’ল পথটোৰ কামৰ শুভাৰম্ভ৷ প্ৰত্যেকটো কামতে বিধায়িকা নন্দিতা দাসক লাগে কমিচন ৷ কমিচন নিদিলেই অংক হৈ পৰে জংকপংক ৷ যাৰ পৰিপ্ৰেক্ষিতত আজিলৈক বন্ধ হৈ আছে ৰাস্তা নিৰ্মাণৰ কাম ৷ বিধায়িকা নন্দিতা দাসে চিন্তা নকৰে ৰাইজৰ দুখ দুৰ্গতিৰ কৰা কথা৷ বৰদিয়া নয়াপাৰা অঞ্চলৰ ৰাইজে অতি দুখ কষ্টৰ মাজেৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে ৷ ৰাস্তা নিৰ্মাণ নকৰাত অঞ্চলটোৰ ৰাইজে টুলুঙা নাৱৰে যাতায়ত কৰিবলগীয়া হৈছে৷ বঞ্চিত হৈ আহিছে এম্বুলেঞ্চ সেৱাৰ পৰাও৷ ৰোগীসকলক চিকিৎসালয়ত লৈ যাবলৈ হ’লে সাঙি বান্ধি লৈ যাব লগা হয় ৷ আনকি স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে ৷ আধুনিক যুগতো সকলো সা-সুবিদাৰ পৰা বঞ্চিত বৰদিয়া নয়াপাৰা, আৰিকাটি, পল্লীমংগল আদি অঞ্চলৰ ৰাইজে৷ যাৰ পৰিপ্ৰেক্ষিতত আজি বৰদিয়া নয়াপাৰা অঞ্চলৰ ৰাইজে বকোৰ বিধায়িকা নন্দিতা দাসৰ প্ৰতিমুৰ্তি দাহ কৰি পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ নিৰ্বাচনৰ পূৰ্বে যদি উক্ত পথটোৰ কাম সম্পূৰ্ণ নকৰে তেন্তে অহা বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰাৰ লগতে উক্ত অঞ্চলত নেতা পালিনেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ভাবুকি প্ৰদান কৰে ৰাইজে ৷
ৰিয়া চক্ৰৱৰ্তীৰ মুম্বাইৰ ঘৰত এনচিবিৰ তালাচী
দৈনন্দিন বাৰ্তা ডেস্ক : ৰিয়া চক্ৰৱৰ্তীৰ মুম্বাইৰ ঘৰত শুকুৰবাৰে পুৱাই নাৰ্ক’টিক্স কণ্ট্ৰোল ব্যুৰ (এনচিবি)ৰ এটা দলে তালাচী অভিযান চলায় ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য মাদক দ্ৰব্যৰ তদন্ত কৰিবৰ বাবেই ৰিয়াৰ ঘৰত এনচিবিৰ বিষয়া গৈছিল ৷ সুশান্ত সিং ৰাজপুতৰ ঘৰৰ মেনেজাৰ ছেমুৱেল মিৰাণ্ডাৰ ঘৰতো একেদিনাই পুৱা এনচিবিৰ আন এটা দলে তালাচী অভিযান চলায় ৷ এই তালাচী অভিযানৰ পাচত ৰিয়াৰ ভাতৃ শৌভিক আৰু মিৰাণ্ডাক ঘৰৰ পৰা নিজৰ কাৰ্যালয়লৈ লৈ যায় তদন্তকাৰী বিষয়াসকলে৷ মাদক দ্ৰব্যৰ ক্ষেত্ৰত সবিশেষ জানিবলৈ তেওঁলোক দুয়োজনকে নিয়া হয় বুলি জনাইছে তদন্তকাৰী সংস্থাটোৱে ৷ এই তালাচীৰ সৈতে জড়িত এজন বিষয়াই কয়, এনবিচিৰ বিষয়া ৰিয়া চক্ৰৱৰ্তীৰ মুম্বাইৰ ঘৰলৈ গৈছিল ৷ আন এটা দল ছেমুৱেল মিৰাণ্ডাৰ ঘৰলৈ গৈছিল ৷ এই তালাচী আৰু তদন্তৰ পাচত শৌভিকৰ লেপটপ বাজেয়াপ্ত কৰা হৈছে৷ ৱাটছেপটৰ চাটত সুশান্তৰ মৃত্যু ৰহস্য মাদক দ্ৰব্য বিষয়টো আহিছিল ৷ তাৰ পাচতে তদন্ত আৰম্ভ কৰে নাৰ্ক’টিক্স কণ্ট্ৰোল ব্যুৰে ৷ ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিকৰ সৈতে মদ বিক্ৰেতা জাইদ ভিলাত্ৰাৰ যোগাযোগৰ বিষয়টো জানিব পাৰে এনচিবিৰ বিষয়াই ৷ ইতিমধ্যে ভিলাত্ৰাক গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে ৷ এই ভিলাত্ৰা, মিৰাণ্ডা আৰু শৌভিক মদ সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে জেৰাৰ সময়ত এনচিবিক ভিলাত্ৰাই জনায়, বছিত পৰিহাৰৰ যোগেৰে তেওঁৰ সৈতে শৌভিক আৰু ছেমুৱেলৰ যোগাযোগ হৈছিল ৷ আনহাতে বছিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ম’বাইল ফোনৰ বিভিন্ন চাটত মদ ব্যৱহাৰ, সৰবৰাহৰ বিষয়টো আহিছে ৷ ইয়াৰ পাচতে শৌভিক আৰু ছেমুৱেলক এনচিবিয়ে সন্দেহৰ তালিকাত লয় ৷
কানাড়া অভিনেত্ৰী ৰাগিনী দ্বিবেদীক আটক
দৈনন্দিন বাৰ্তা ডেস্ক : ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত কানাড়া অভিনেত্ৰী ৰাগিনী দ্বিবেদীক আটক কৰা হৈছে৷ শুকুৰবাৰে পুৱা ৬ বজাত কৰ্ণাটকৰ বেংগালুৰুৰ এক ফ্লেটত তালাচী চলায় কেন্দ্ৰীয় অপৰাধ দমন শাখা বা চিচিবিয়ে ৷ চিচিবিৰ এজন বিষয়াই জনোৱা মতে, আদালতৰ পৰা পৰোৱানা আনি তালাচী অভিযান চলোৱা হৈছে ৷ তাৰ পাচত জেৰাৰ বাবে অভিনেত্রী গৰাকীক চিচিবিৰ কাৰ্যালয়লৈ নিয়া হয় ৷ চিচিবিৰ সূত্ৰে জানিব পৰা মতে যোৱা বুধবাৰে ৰাগিনীক জাননী দি বৃহস্পতিবাৰৰ ভিতৰত চিচিবিৰ কাৰ্যালয়ত হাজিৰা দিবলৈ কোৱা হৈছিল জেকাৰ বাবে ৷ কিন্তু অভিনেত্রীগৰাকীয়ে নিজৰ অধিবক্তাৰ দল পঠিয়াই সোমবাৰ পৰ্যন্ত সময় লয় ৷ তাৰ পাচত শুকুৰবাৰে তেওঁৰ ঘৰত তালাচী চলায় চিচিবিয়ে ৷ উল্লেখ্য যে হাৰিয়ানাৰ ৰেৱাৰিৰ বাসিন্দা ৰাগিনীৰ জন্ম বেংগালুৰুত ৷ ২০০৯ চনত প্ৰথম অভিনয় কৰিছিল ‘বীৰা মাড়াকৰি’ নামৰ কানাড়া ছবিত ৷
পানেৰীত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী
টংলা : আজি ওদালগুৰি জিলাৰ পানেৰীত ওদালগুৰি জিলা আক্ৰাছু পশ্চিমে বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে গৃহীত হোৱা কমতাপুৰ অটোনমাস কাউঞ্চিল কে এ চিৰ বিৰোধিতাৰে অসমৰ বিজেপি চৰকাৰে স্বায়ত্বশাসিত পৰিষদ গঠনৰ নামত কোচ জনগোষ্ঠীক বিভাজন কৰাৰ প্ৰতিবাদত আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ নামত বিশ্বাসঘাতকতাৰ বাবে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা আক্ৰাছু পশ্চিমে। ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি হেমন্ত বড়া কোচ আৰু ভাৰপ্ৰাপ্ত সম্পাদক মুকুন্দ ডেকাৰ উপস্থিতিত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত আক্ৰাছুৰ সদস্য সকলৰ লগতে প্ৰতিবাদত অংশগ্রহণকাৰী সকলে অসম চৰকাৰ হায় হায়, বিজেপি গ বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব গ বেক, ন কমতাপুৰ ন ৰেষ্ট, আমাক এছ টি লাগিবই, আদি স্লোগানেৰে কপাই তোলে পানেৰীৰ আকাশ বতাহ। প্ৰতিবাদী কাৰ্য্যসূচীত সংবাদমাধ্যমৰ আগত ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে, অসম চৰকাৰৰ বিধানসভাৰ মজিয়াত যোৱা বৃহস্পতিবাৰে যি কে এ চি বিধেয়ক গৃহীত হৈছে সেইটো আমি তীব্র বিৰোধিতা কৰিছোঁ, কাৰণ তিনিখন জিলা লৈ তেওলোকে কোচ ৰাজবংশীকলৈ বিভাজন আৰু বিশ্বাসঘাটক কৰিছে সেইটো আমি কেতিয়াও মানি নলওঁ। সমগ্র অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি কোচ ৰাজবংশীৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, লগতে কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে আমি আন্দোলন কৰিছিলো। আমি দিল্লীত ত্ৰিপাক্ষিক বৈঠক কৰিছোঁ। যোৱা সপ্তাহত অসম চৰকাৰৰ লগত আমাৰ বৈঠক হৈছিল কিন্তু তেওঁলোকে ৰাতিটোৰ ভিতৰতে আমাকে বিভাজন কৰি বিশ্বাসঘাতকতা কৰি কোচ ৰাজবংশী জনগোষ্ঠীক থান বান কৰিবৰ কাৰনে কে এ চি গঠন কৰিছে। আমি ইয়াক মানি নলওঁ এয়া আমাৰ স্পষ্ট কথা।
নতুন আইপিএছ বিষয়াৰ প্ৰতি বাৰ্তা প্ৰধানমন্ত্ৰীৰ : খাকী ইউনিফৰ্মৰ প্ৰতি কেতিয়াও শ্ৰদ্ধা নেহেৰুৱাব
দৈনন্দিন বাৰ্তা ডেস্ক : হায়দৰাবাদৰ পুলিচ অকাডেমীত দীঘলীয়া প্ৰশিক্ষণ শেষ কৰিছে আইপিএছ কেডাৰৰ নতুন বেটচে ৷ কেইটামান দিনৰ পাচতে দেশৰ আইন শৃংখলা ৰক্ষাৰ গুৰু দায়িত্ব ল’ব নৱ নিযুক্ত বিষয়াসকলে ৷ তাৰ আগতে শুকুৰবাৰে ভিডিঅ’ বাৰ্তাত তৰুণ বিষয়াসকলৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ হায়দৰাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল পুলিচ অকাডেমীত দীক্ষান্ত পেৰেড শেষত আইপিএছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে ৷ উল্লেখ্য যে আৰক্ষী বিষয়াৰ সৈতে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আলোচনা কৰিছিল ৷ অৱশ্যে ক’ৰোনা সংক্ৰমণৰ বাবে বহু দিন সেই আলোচনা চক্ৰ বন্ধ আছিল ৷ সদ্য উত্তীৰ্ণ আৰক্ষী বিষয়াসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, মই নিশ্চিত কৰ্মক্ষেত্ৰত কোনো এদিন আপোনালোকৰ সৈতে মোৰ দেখা হ’ব ৷ কোনো দিনাই খাকী পোচাকক কেতিয়াও শ্ৰদ্ধা নেহেৰুৱাব ৷ ক’ৰোনা সংক্ৰমণত আৰক্ষীৰ ভাল কামত খাকী ইউনিফৰ্মে মানৱীয় মন প্ৰকাশ কৰিছে ৷ সদ্য উত্তীৰ্ণ আইপিএছ কেডাৰক আগন্তুক দিনৰ শুভেচ্ছা জনাই চাপত নিজকে কিদৰে সাজু কৰি ৰাখিব পাৰি সেই পন্থাও দিয়ে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, আপোনলোক যি পেশালৈ আহিছে তাত হঠাতে বহু ঘটি যোৱাৰ সম্ভাৱনা থাকে ৷ প্ৰতি মুহূৰ্তত আপোনালোক সতৰ্ক থাকিব লাগিব ৷ এই কামত চাপ বহু বেছি ৷ নিজৰ মন সুস্থ ৰাখিবলৈ পৰিয়াল বা বন্ধুসকলৰ সৈতে কথা পাতক ৷ ছুটীৰ দিনত পৰিয়ালৰ সৈতে কটাব ৷ যোগ বা প্ৰাণায়ম এই ক্ষেত্ৰত অতি ভাল কাম দিয়ে ৷
দেশৰ সুৰক্ষাত পৰিপন্থী চীনা এপ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতে দৃঢ়ভাৱে জনাইছে যে দেশে বিদেশী প্ৰত্যক্ষ বিনিয়োগ (এফডিআই) সৰ্বাধিক উন্মুক্ত ব্যৱস্থা কৰিছে, যাৰ যোগেদি ইণ্টাৰনেট কোম্পানীবোৰ আৰু ডিজিটেল প্ৰযুক্তি কোম্পানী অন্তর্ভুক্ত হয় ৷ যোৱা ২ ছেপ্টেম্বৰত কেন্দ্ৰই ১১৮টা চীনা ম’বাইল এপ নিষিদ্ধ কৰাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কোম্পানীবোৰৰ দায়িত্বৰ বিষয় উল্লেখ কৰে ৷ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰজনে কয় যে তেওঁলোকে কেন্দ্ৰই জাৰি কৰা নীতি-নিয়ম মানি চলিব লাগিব ৷ তেওঁ লগতে কয় যে এই এপবোৰৰ কাৰ্যকলাপ ভাৰতৰ সুৰক্ষাৰ বাবে পূৰ্ববিচাৰমূলক আছিল ৷ শ্ৰীবাস্তৱে জনায় যে ভাৰতে এতিয়াও সকলো কোম্পানীক স্বাগতম জনাই কিন্তু তেওঁলোকৰে ৰাষ্ট্ৰৰ বিধিবিধানৰ সৈতে থাকিব লাগিব ৷ ভাৰতে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ বাবে বিশ্বৰ সকলোতকৈ উন্মুক্ত ব্যৱস্থা ৰাখিছে ৷ ইয়াৰ মাজত আছে ইণ্টাৰনেট কোম্পানী আৰু ডিজিটেল প্ৰযুক্তিৰ কোম্পানীবোৰ ৷ যিয়ে নহওক এই কোম্পানীবোৰে দায়িত্বসহকাৰে ভাৰত চৰকাৰে নিৰ্দ্ধাৰণ কৰা নিয়মবোৰ মানি চলিব লাগিব ৷ লিভিক, পাবজি ম’বাইল লাইট, য়ুইচাট ৱৰ্ক আৰু য়ুইযাট ম’বাইলহএপ নিষিদ্ধ কৰিছে ৷ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই সিদ্ধান্ত জনাইছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত পাবজি গেমটো বৰ্তমানে ৬০০ মিলিয়ন ডাউনলড হৈছে আৰু ৫০ মিলিয়ন সক্ৰিয় খেলুৱৈ আছে ৷ চাইনিজ মূল ভূখণ্ডক অন্তর্ভুক্ত নকৰি গেমটোত পুনৰ ব্ৰেণ্ড কৰা সংস্কৰণক গেম ফৰ পিচ বোলা হয় ৷ ভাৰতত পাবজিৰ মিলিয়ন ব্যৱহাৰকাৰী আছে, তাৰ মাজত বিশেষকৈ যুৱকসকল আছে ৷ এই সকলো এপ ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনস্বাৰ্থৰ পৰিপন্থী ৷ কোটি কোটি ভাৰতীয় ম’বাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হয় বুলি জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷











