Home Blog Page 3197

“বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” – বিধায়ক ৰূপক শৰ্মা

তুংগত উঠিছে সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । বেবেজীয়াৰ জামুগুৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য “পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” । বৃহস্পতিবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তিৱা স্বায়ত্ত পৰিষদৰ ২২নং পুখুৰীপাৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই বিধায়ক ৰূপক শৰ্মাই।


বিধায়কগৰাকীয়ে সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লগত লৈ ডেকাগাঁও, বেজৰগাঁও, বৰাগাঁও, কাছমাৰী, বামুনগাঁও, মহেখুছা, পুখুৰীপাৰ, জলময়গাঁও, পূব জামুগুৰিত দহটাকৈ  নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে বহুকেইখনো নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে ।

আই পি এল ২০২১ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৪তম সংস্কৰণ ১০ এপ্ৰিলৰ পিছতহে অনুষ্ঠিত হ’ব

বি চি চি আইয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ১৪তম সংস্কৰণৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। অৱশ্যে, ই পি এল ২০২১ কেতিয়া আৰম্ভ কৰিব পাৰে তাৰ এক ইংগিত প্ৰদান কৰিছে।

ব’ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে বৃহস্পতিবাৰে ভাৰতৰ ৪ খন টেষ্ট, ৫ খন টি-২০ আৰু ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন কৈ ODI শৃংখলাৰ তাৰিখ ঘোষণা কৰে। দুমহীয়া শৃংখলাখন প্ৰথম টেষ্টৰ বাবে চেন্নাইত ৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হব। খেলসমূহ ৮ মাৰ্চত সমাপ্ত হব।

ইয়াৰ পিছত T20I শৃংখলাখন ১২মাৰ্চৰ পৰা ২০মাৰ্চলৈ অনুস্থিত হ’ব। ইয়াৰ পিছত, ভাৰত আৰু ইংলেণ্ডে ২৮ মাৰ্চত সমাপ্ত হোৱা ODI শৃংখলাখন খেলিব।

এই দীঘলীয়া আৰু ব্যস্ত শৃংখলাৰ পিছত, আই পি এল ২০২১-ৰ বাবে তেওঁলোকৰ সংশ্লিষ্ট আই পি এল ৰ গ্ৰাঞ্চাইজিত যোগদান কৰাৰ আগতে খেলুৱৈসকলে বিৰতি বিচাৰিব। খেলুৱৈসকলে ১০ দিনৰ বিৰতিৰ পিছত নতুন আই পি এলৰ বাবে সাজু হ’ব।

বি চি চি আইয়ে সম্ভৱতঃ ১০ এপ্ৰিলৰ পিছত নতুন সংস্কৰণ টো আয়োজন কৰিবলৈ সিদ্ধান্ত ল’ব। ই খেলুৱৈসকলক তেওঁলোকৰ ধাৰ্যকৰা নতুন দলৰ সদস্যসকলৰ সৈতে অনুশিলন কৰিবলৈ কিছু সময় দিব, যদি প্ৰস্তাৱিত মেগা-নিলাম হয়।

আকৰ্ষণীয় কথা যে, ভাৰতীয় ক্ৰিকেট বোৰ্ডে নতুন সংস্কৰনৰ বাবে দুটা নতুন দল পৰিচয় কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ২৪ ডিচেম্বৰত ।

‘বিশ্বৰ আটাইতকৈ শক্তিশালী কিশোৰী’

এগৰাকী ৭ বছৰীয়া কিশোৰায়ে আমেৰিকাৰ ৱেটলিফটিংৰ ৩০ কেজি শাখাৰ ১১ আৰু ১২ ৰ কম বয়সৰ যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নৰ মুকুট লাভ কৰিবলৈ সক্ষম হৈছে । যাৰ ফলত তেওঁ ইতিহাসৰ কনিষ্ঠতম মাৰ্কিন যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ।

তেওঁ পঞ্চম জন্মদিনৰ পিছতে জিনাষ্টিকৰ শ্ৰেণীত যোগদান কৰি আৰম্ভ কৰিছিল প্ৰশিক্ষণ । ৭ বছৰীয়া কিশোৰী গৰাকীয়ে দাঙিব পাৰে ৮০ কেজি পৰ্যন্ত ওজন ।

কিশোৰী গৰাকীৰ এই ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ । সকলোৱে প্ৰশংসা কৰিছে কিশোৰী গৰাকীক ।

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ অঙ্কীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ

উজনি-মাজুলী, ১০ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আৰু সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা এটিৰ বুধবাৰে শুভাৰম্ভ কৰা হয় | নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু, বুদ্ধিন পেগু প্ৰমুখ্যে সচেতন সংস্কৃতি-প্ৰেমী লোকসকলৰ লগতে স্থানীয় গাঁৱৰ পুৰুষ-মহিলাসকলৰ উপস্থিতিৰে কণকণ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অঙ্কীয়া নাট কৰ্মশালাটি আধাৰ সত্ৰৰ সত্ৰাধিকাৰ  মহেশ গোস্বামীয়ে বন্তি জ্বলাই শুভাৰম্ভণী ঘটায় | সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ সভাপতি  জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ চিনাকী পৰ্ব আৰু উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চটিৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই | উদ্দেশ্য ব্যাখ্যা প্ৰসংগত তেখেতে কয় যে অসমত জাতি-জনজাতিৰ সংমিশ্ৰণৰ মাজতে আছে সাংস্কৃতিক উপাদানৰ বৰ্ণিল যাত্ৰা | যি যাত্ৰাই সামৰি লয়, ভাষা, সাহিত্য আৰু স্বকীয় বৈশিষ্ট্য প্ৰাঞ্জলতা | সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীত অনুষ্ঠিত হোৱা এই অঙ্কীয়া নাট কৰ্মশালাৰ দ্বাৰা সাধাৰণ লোকসকলৰ দৰে মিচিংলোকৰ বসতিপ্ৰধান অংঞ্চলতো ব্যাপক সাংস্কৃতিক প্ৰভাৱ পৰিব | মঞ্চৰ মুখ্য উদ্দেশ্যও সকলো শ্ৰেণীৰ লোকৰ সাংস্কৃতিক সজাগতা সৃষ্টি কৰা |এই অনুষ্ঠানৰ দ্বাৰা চেৰেপাই অঞ্চলটোত নিশ্চিতভাৱে সমৃদ্ধ কৰিব | ইয়াৰ পিছতে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা মাজুলীৰ বিশিষ্ট সংগীত শিল্পী নৃপেন কলিতাই কৰ্মশালা সম্পৰ্কে কাৰিকৰী দিশ সামৰি প্ৰশিক্ষণ প্ৰণালী সন্দৰ্ভত বক্তব্য আগবঢ়ায় |ইতিমধ্যে ২৭ অক্টোবৰৰ পৰা এই স্থানতে এই মঞ্চৰ দ্বাৰা আগবঢ়াই থকা বিশিষ্ট সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়াৰ পৰিচালনাত সত্ৰীয়া আৰু থলুৱা গীত-নৃত্য প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা মাটি আখৰা, আৰু বৰগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে | মঞ্চৰ উপ-সভাপতি পদুম মহন্তই অঙ্কীয়া নাট কৰ্মশালাৰ সামগ্ৰিক দিশ উল্লেখ কৰি চেৰেপাই অঞ্চলত ইয়াৰ ব্যতিক্ৰম প্ৰয়াস গ্ৰহণ কৰাৰ বাবে সাংস্কৃতিক বিকাশ মঞ্চ,অসম আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক ধন্যবাদ জ্ঞাপন কৰে | বিশিষ্ট শিল্পী, অসম চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট প্ৰশিক্ষক-পৰিচালক গোলাপ বৰুৱা বৰবায়নে অঙ্কীয়া নাটৰ অভিনয় কলা আৰু আনুসংগিক দিশসমূহৰ লগতে ইয়াৰ গূঢ়াৰ্থ বুজিব পৰা সাধাৰণ কৌশলসমূহৰ বিষয়ে আলোচনা আগবঢ়ায় | সত্ৰীয়া গীত-নৃত্যৰ লগতে অঙ্কীয়া নাটৰ প্ৰশিক্ষণ বিষয়ক আলোচনাখিনিও বৰবায়নজনাই নিজৰ বক্তব্যত উল্লেখ কৰে | অঙ্কীয়া নাট প্ৰশিক্ষণৰ আগন্তুক এমাহজোৰা সময়খিনিত মুখ্য প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়ন, ৰাতুল চেকনিধৰা আৰু মঞ্চৰ পৰা বিশিষ্ট সংগীত সাধক – সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়া , উত্তৰ কমলাবাৰী সত্ৰৰ একনিষ্ঠ বৈষ্ণৱ-সাংস্কৃতিক কৰ্মী সৰ্বানন্দ দুৱৰীয়া আৰু সাংস্কৃতিক কৰ্মী যদু শইকীয়াক দায়িত্ব অৰ্পণৰ আনুষ্ঠানিকতা কৰে মঞ্চৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে | মঞ্চৰ অন্যতম কৰ্মকৰ্তা, সহকাৰী সম্পাদক বিশ্বনাথ মেধি, সৰ্বানন্দ দুৱৰীয়া, ভৰত পেগুৰ সহযোগিতা আছিল অতি গঠনমূলক | বিশেষকৈ নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু এজন বিশিষ্ট নেতা আৰু সাংস্কৃতিক কৰ্মী বুলি সুবাদ থকাৰ লগতে তেখেত আৰু গাঁৱৰ সহযোগীসকলৰ নিৰলস কৰ্মস্পৃহা আৰু ন-উদ্যমৰ ফলশ্ৰুতিতে এই মহান অনুষ্ঠানটি আগবাঢ়িছে বুলি শলাগৰ শৰাই আগবঢ়াই বক্তব্য ৰাখে মঞ্চৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকায় | আগন্তুক এমাহজোৰা সময়খিনিত সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰি সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সভাখনিৰ সফল সামৰণি ঘটায় |

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচন; পুখুৰীপাৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ মাৰাথন প্ৰচাৰ অভিযান

নগাঁও, ১০ ডিচেম্বৰঃ “অসমত এতিয়া দুই অশুভ শক্তি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিলন ঘটিছে ৷ কংগ্ৰেছক সন্মুখত ৰাখি শাসনৰ বাঘজৰি হাতলৈ নিয়াৰ সপোন ৰছিচে এ আই ইউ ডি এফৰ পিতৃ বদৰুদ্দিন আজমলে ৷ কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া ৷ বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন শক্তিশালী হোৱা মানে অসমত অসমীয়াৰ অৱস্থা কি হ’ব ভগৱানেহে জানে ৷” আজি তিৱা স্বায়ত্ত্ব পৰিষদৰ ২২ নং পুখুৰীপাৰ সমষ্টিত পুৱাৰ পৰা বিয়লিলৈকে চলোৱা মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তত জামুগুৰিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত এনেদৰে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক প্ৰতি তীৰ্যক মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়কগৰাকীয়ে সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লগত লৈ ডেকাগাঁও, বেজৰগাঁও, বৰাগাঁও, কাছমাৰী, বামুনগাঁও, মহেখুছা, পুখুৰীপাৰ, জলময়গাঁও, পূৱ জামুগুৰিত দহটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে বহুকেইখন নিৰ্বাচনী সভাত অংশ লয়। বিধায়িক শৰ্মাই ভাষণ প্ৰসংগত পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্যৰে নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তোলে ৷ বিজেপিৰ এই প্ৰচাৰ অভিযানত নগাঁও জিলাৰ প্ৰভাৰী শান্তনু পূজাৰী, ২২ নং পুখুৰীপাৰ সমষ্টিৰ প্ৰভাৰী বিভুতি ভূষণ বৰঠাকুৰ, নিৰ্বাচনী প্ৰচাৰ সমষ্টিৰ বিষয়-ববীয়া নৃপেন বৰদলৈ, ধীৰেন হাজৰিকা, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ উপাধাক্ষ্য বিদু্ৎ বৰদলৈ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, পঞ্চায়ত সভাপতি ক্ৰমে পংকজ বৰা, দিগন্ত  কুমাৰ নাথ, ববিতা মেধি, আঞ্চলিক পঞ্চায়তৰ সভাপতি দিপাঞ্জলী কোঁৱৰ, বিজেপি নেতা সঞ্জীৱ কুমাৰ দেউৰী,  নিৰ্বাচনী সমিতিৰ প্ৰচাৰ সম্পাদক যুৱ নেতা ৰাজেশ কোঁৱৰকে ধৰি  মহিলা মৰ্চা, যুৱ মৰ্চা আৰু পঞ্চায়তৰ পদাধিকাৰীসকল উপস্থিত থাকে ৷

জামুগুৰিহাটত পথ দুৰ্ঘটনাত জোৱানৰ মৃত্যু

জামুগুৰিহাট, ১০ ডিচেম্বৰ: বৰদিন উপলক্ষ্যে চাকৰিৰ পৰা ছুটি লৈ ঘৰলৈ অহা জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ খৃষ্টফাৰ লগোন(৩৫)নামৰ এগৰাকী জোৱানৰ কালি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ভাৰতীয়  সেনাবাহিনীৰ চি আই এছ এফত কৰ্মৰত খৃষ্টফাৰে কালি সন্ধিয়া ঘৰৰ পৰা  ইটাখোলালৈ  এটিএমৰ পৰা ধন উলিয়াবলৈ আহি থকা অৱস্থাতে চৈবাৰী-ইটাখোলা সংযোগী পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে  কৰুণ মৃত্যুক সাৱতি লয়। হাটিঙাৰ ৰামপুৰৰ স্বগীয় চামেল লগোন আৰু লিয়া লগোনৰ পুত্ৰ তথা ভাৰতীয় সেনা বাহিনীৰ জোৱান জনৰ মৃত্যুত আঞ্চলটোত শোকৰ ছাঁ পৰিছে।

সোণতলীৰ গৰৈমাৰী বিলৰজানত আবকাৰী-প্ৰশাসনে ধ্বংস কৰিলে ১০ লক্ষাধিক টকাৰ ভাং গছ

 সোণতলী, ১০ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী বিলৰজানত আজি আবকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনে অতৰ্কিত অভিযান চলাই ভাং গছ কাটি ধ্বংস কৰে ৷ জানিব পৰা মতে বকো আবকাৰী বিভাগৰ পৰিদৰ্শক অনিমা মেধিৰ নেতৃত্বত আৰু সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰৰ সহযোগত গৰৈমাৰী বিলৰজানত আজি দুপৰীয়া অতৰ্কিতভাৱে অবৈধ ভাং খেতিৰ বিৰুদ্ধে অভিযান চলায় ৷ আবকাৰী-প্ৰশাসনৰ দলটোৱে গৰৈমাৰী বিলৰজানৰ পাঁচটা পৰিয়ালৰ চৌহদ তথা পথাৰৰ অবৈধ ভাংগছ কাটি নষ্ট কৰে ৷ আবকাৰী বিভাগ-প্ৰশাসনৰ দলটোৱে ধ্বংস কৰা ভাংখিনিৰ বজাৰ মূল্য আনুমানিক দহ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷

১৫৫ কোটি ব্যয়ৰে “স্বৰ্ণমন্দিৰ” আৰ্হিত সজাই তোলা হব বটদ্ৰৱা থান

শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক থানক ন ৰূপেৰে সজাই তোলাৰ প্ৰয়াসত উঠি পৰি লাগিছে  বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ১৫৫ কোটি টকা ব্যয়ৰে “স্বৰ্ণমন্দিৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হব বটদ্ৰৱা থান। ইতিমধ্যে ইয়াৰ আৰ্হি প্ৰস্তুত কৰি তোলো হৈছে আৰু এই প্ৰকল্পৰ আধাৰশিলা অহা ১৫ ডিচেম্বৰৰ ভিতৰত কৰা হ’ব। এই আধাৰশিলাত স্থাপন অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। আজি বটদ্ৰৱা থান পৰিদৰ্শন কৰি সংবাদমাধ্যমক এই কথা জনালে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ।

“বটদ্ৰৱাৰ বেদখল মুক্ত ভূমিত নিৰ্মাণ কৰা হৈ এক সুবৃহৎ মণ্ডপ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ হেজাৰ ভক্তৰ সমাগম ঘটাৰ আশা প্ৰকাশ কৰিছো। বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই অসমৰ সত্ৰ সমূহৰ বেদখল কৃত ভূমি বেদখল মুক্ত কৰিলো। বটদ্ৰৱা থানৰো ১৮০ বিঘা মাটি বেদখল মুক্ত কৰিলো।” : আঙুৰলতা ডেকা ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ বিজেপিয়ে। ইয়াৰ পিছতেই কলকাতাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই আক্ৰমণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে চচিয়েল মিডিয়াত ।

https://twitter.com/Tejasvi_Surya/status/1336979105997148160
ভাইৰেল হৈ পৰা ভিডিঅ’টো

২৪ দক্ষিণ পাৰাগন জিলাৰ ডাইমণ্ড হাৰ্বাৰ এলেকালৈ যোৱাৰ সময়তে নেতাগৰাকীৰ বাহনত এই আক্ৰমণ ।


কেৱল জে পি নড্ডাৰ বাহনেই নহয়, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গিয়াৰ বাহনকো আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰা হৈছে ।

বিজেপিৰ পশ্চিম বংগৰ সভাপতি দিলীপ ঘোষে কয় যে, “আমি ডাইমণ্ড হাৰ্বাৰলৈ গৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আমাৰ বাহন আগভেটি ধৰে আৰু নাড্ডাজিৰ লগতে আন বাহনত শিলেৰে আক্ৰমণ কৰে। এয়াই তৃণমূল কংগ্ৰেছৰ চৰিত্ৰকে প্ৰতিফলিত কৰিছে।”

পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দেখা যায় ।

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, মহানগৰ জিলা আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰা, সহ আহ্বায়ক ক্ৰমে দীপ্ত প্ৰসাদ গোশ্বামী, দেৱজিত কলিতা, জিলা সাধাৰন সম্পাদক অমৰজ্যোতি ডেকা উপস্থিত থাকে ৷ এই ক্ষেত্ৰত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰি কয় যে, এচাম দুখীয়া পৰিয়ালে বিভিন্ন গোচৰ সন্দৰ্ভত আদলতত তাতবাটি কাটিবলগীয়া হয় ৷ আইনৰ বিষয়ে জ্ঞান নথকা লোকসকলে আদলতত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াৰ বাবেই বিজেপি গুৱাহাটী মহানগৰ জিলা আইন কোষে সাধাৰণ ৰাইজক বিনামূলীয়াকৈ আইনী সাহৰ্য্য প্ৰদান কৰিব ৷ ইয়াৰ ফলত যথেষ্ট দুখীয়া পৰিয়ালে বিভিন্ন গোচৰৰ আইনী সাহৰ্য্য লাভ কৰিব বুলি সাংসদ কুইন ওজাই কয় ৷ আনহাতে আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰাই কয় প্ৰতি শনিবাৰে দিনৰ ১২-২বজালৈ মহানগৰ জিলা কাৰ্যালয়ত সাধাৰন জনসাধাৰনে বিনামূলীয়াকৈ আইনী সাহৰ্য্য লাভ কৰিব ৷ আইনী সাহৰ্য্য কেন্দ্ৰত বিভিন্ন গোচৰ সন্দৰ্ভত পৰমৰ্শ প্ৰদান কৰিব বুলি বৰাই উল্লেখ কৰে ৷ ইপিনে জিলা সভাপতি মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয়  আইনী সাহৰ্য্য প্ৰদান কৰাৰ উপৰিও জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ইয়াৰ বাবেই জিলা আইনী কোষৰ প্ৰতিগৰাকী সদস্য তথা অধিবক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে সভাপতি মৃগেন শৰনীয়াই ৷ উল্লেখ্য যে আইনী কোষৰ ৯ গৰাকী অধিবক্তা সহ প্ৰায় শতাধিক সদস্য অনুষ্ঠানত উপস্থিত থাকে ৷৷