Home Blog Page 3198

প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ : আৰক্ষীৰ শূন্যলৈ গুলী

আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ সময়তে চিৰাঙৰ দত্তপুৰ এল পি স্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃদ্ধ এগৰাকীক ভোটদানৰ সময়ত সহায় কৰাক লৈ অসন্তুষ্ট একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰে ক্ষুব্ধ লোকসকলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়৷ সম্প্ৰতি শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হৈছে৷

আজি বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন : পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

আজি বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হৈছে এই ভোট গ্ৰহণ । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া ।

কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য । কোকৰাঝাৰৰ ৫০৬টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ । আনহাতে চিৰাঙত নিৰ্ণয় হব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ৩৬৮১৯৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য । পাঁচটা সমষ্টিত থকা ৩৯০ টা পলিং ষ্টেশ্যনৰ ভিতৰত ১০২ টা পলিং ষ্টেচন হ’ল অতি স্পৰ্শকাতৰ , ১৭৯ টা সমষ্টি হ’ল স্পৰ্শকাতৰ আৰু ১০৯ টা পলিং ষ্টেচন হ’ল তুলনামুলকভাৱে সুৰক্ষিত ।

UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁৱত অঘটন । বহলপুৰৰ পৰা কোকৰাঝাৰৰ ঘৰলৈ গৈ থকা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। প্ৰমোদ বড়োৰ বাহনৰ লগতে আন ৫খন বাহনতো দুৰ্বৃত্তই আক্ৰমণ চলায় দুৰ্বৃত্তই ।

আনহাতে মঙলবাৰে নিশা আক্ৰমণৰ বলি হৈছিল সাংসদ নৱ কুমাৰ শৰণীয়া । শৰণীয়াকো অচিনাক্ত দুৰ্বৃত্তই চলোৱা আক্ৰমণত কেইবাখনো বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ।

কালিলৈ বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হ’ব এই ভোট গ্ৰহণ। বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা।

ইতিমধ্যে ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। সাজো হৈ উঠিছে বিটিএডিৰ প্ৰশাসন।

মঙলবাৰে এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পাছতেই এতিয়া সকলো সাজো হৈ পৰিছে দ্বিতীয় পৰ্য়ায়ৰ ভোটগ্ৰহণৰ বাবে। উল্লেখ্য যে, কাইলৈ এই ভোটগ্ৰহণ ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। তাৰোপৰি কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

কাইলৈ কোকৰাঝাৰৰ ৫০৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ। আনহাতে চিৰাঙত নিৰ্ণয় হব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৩৬৮১৯৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য।

“অব্যাহত থাকিব আন্দোলন” : কৃষক সমাজ

“সংশোধন নহয়, সম্পূৰ্ণ কৃষি আইনেই উঠাই ল’ব লাগিব কেন্দ্ৰই ”

কৃষক সমাজৰ সৈতে কালি সন্ধিয়া ৭ বজাত আলোচনাত মিলিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ । আলোচনাত কেন্দ্ৰীয় চৰকাৰে দিয়া  প্ৰস্তাৱ একেষাৰেই নাকচ কৃষক সমাজৰ । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি কৃষক সকলৰ সিদ্ধান্ত, “অব্যাহত থাকিব আন্দোলন”। ১৪ ডিচেম্বৰত প্ৰতি ৰাজ্যতে জিলাই জিলাই প্ৰতিবাদত নামিব কৃষক সমাজ ।

কৃষক সমাজৰ ষ্পষ্ট কথা,“সংশোধন নহয়, সম্পূৰ্ণ কৃষি আইনেই উঠাই ল’ব লাগিব কেন্দ্ৰই ”। আজি ৯ ডিচেম্বৰ তাৰিখে সন্ধিয়া ৫ বজাত এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে জনাই দিল্লীৰ সিন্ধ সীমান্তত আন্দোলনত থকা কৃষক সকলে।

সোণতলীৰ মাহতলী গাঁও পঞ্চায়তত সাতোটাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন

সোণতলী, ৯ ডিচেম্বৰ: দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহতলী গাঁও পঞ্চায়ত কালি সাতটাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ জানিব পৰামতে, ২০২০-২১ বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৬ লাখ ১২ হাজাৰ টকা ব্যয় সাপেক্ষে পানীখাইতী বজাৰৰ পৰা হাছেন আলী চৰ্দাৰৰ ঘৰলৈ যোৱা পথটো নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰে সোণতলী – টুপামাৰী জিলা পৰিষদৰ সদয্য ছাহজাহান আলীয়ে ৷ ইয়াৰোপৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৬ লাখ ব্যয় সাপেক্ষে নিৰ্মান কৰিব লগীয়া ছামাদ চি আৰ পি এফৰ ঘৰৰ পৰা পানীখাইতী বজাৰলৈ যোৱা পথ আৰু ৬ লাখ টকা ব্যয়ৰে আনোৱাৰৰ ঘৰৰ পৰা আৰিকাটি ই এণ্ড ডি দলংলৈ যোৱা পথ নিৰ্মানৰো আধাৰশিলা স্থাপন কৰে সোণতলী – টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীয়ে ৷ আনহাতে, ২০২০-২১ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৯ লাখ ৯৬ হাজাৰ টকা ব্যয় সাপেক্ষে বেজৰসুঁতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি উন্নয়ন, ৯ লাখ ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে আৰিকাটি প্ৰাথমিক বিদ্যালয়ৰ ভূমি উন্নয়ন, ৯ লাখ ৮১ হাজাৰ টকা ব্যয় সাপেক্ষে কাঞ্চু দেৱানী মেমৰিয়েল হাইস্কুলৰ ভূমি উন্নয়ন আৰু ৭ লাখ টকা ব্যয়ৰে আৰিকাটি কৱৰস্থানৰ ভূমি উন্নয়নৰ কামৰো আনুষ্ঠানিকভাবে আধাৰশিলা স্থাপন কৰে সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীয়ে ৷ মাহতলী গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত কালি সাতোটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন ময়নুল হক, গ্ৰাম ৰোজগাৰ সহায়ক ইছমাইল হোছেইন, ছমৰীয়া উন্নয়ন খণ্ডৰ অভিযন্তা জিয়াউৰ ৰহমানৰ উপৰিও স্থানীয় ৰাইজ আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে ৷

বাঁহীৰ সুৰত মনপ্ৰাণ মুগ্ধ কৰা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী

জামুগুৰিহাট, ৯ ডিচেম্বৰ: বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী ৷ চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা ৷ বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত ৫ বছৰ পূৰ্ৱেই গুৱাহাটীত বাঁহীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈ এইগৰাকী যুৱশিল্পীয়ে ঘৰুৱাহি অসুবিধাৰ বাবেই আধাতে ত্যাগ কৰিব লগা হৈছিল বাঁহীৰ প্ৰশিক্ষণ ৷ যাৰবাবে সেইসময়চোৱাত ভাগি পৰিছিল যুৱশিল্পীগৰাকীৰ মন আৰু হেপাহ৷কিন্তু লাহে লাহে মনৰ অদম্য হেপাহ আৰু ইচ্ছাশক্তিৰ বাবেই যেন বাঁহীটোকেই নিজৰ সংগী কৰি লৈছিল বাঁহীৰ প্ৰতি অত্যন্ত দূৰ্বলতা থকা এইগৰাকী শিল্পীয়ে ৷ যাৰবাবে বাঁহীবাদনৰ প্ৰতি আকৃষ্ট আন আন কণ কণ আগ্ৰহী শিশুকো বাঁহীৰ ৭টা চিদ্ৰৰপৰা সৃষ্ট সুৰ শিকোৱাত ব্যস্ত হৈ পৰিল এইগৰাকী প্ৰচাৰবিমুখ যুৱ শিল্পী ৷ যিগৰাকী শিল্পীৰ বাঁহীৰ সুৰ তথা বাঁহীৰ প্ৰতিটো চিদ্ৰত বুলোৱা আঙুলীৰ চাপৰপৰা সৃষ্ট সুৰে সকলোৰে মন প্ৰাণ মুগ্ধ কৰিবলৈ সক্ষম হৈছে ৷ কেৱল প্ৰশিক্ষণেই নহয় অঞ্চলটোৰ লগতে বিশ্বনাথ চাৰিআলি, জামুগুৰিহাট, বালিপাৰা, তেজপুৰ আদি স্থানতো অনুষ্ঠিত ভাঁওনা, ৰাস,সাংস্কৃতিক অনুষ্ঠান আদিতো এইগৰাকী যুৱ শিল্পীয়ে বাঁহীৰ সুৰেৰে মোহিত কৰে শ-শ জনতাক ৷ কিন্তু ক’ভিডৰ বাবেই চলিত বৰ্ষত সাংস্কৃতিক অনুষ্ঠান তথা ভাঁওনা আদি অনুষ্ঠিত কৰাৰ পৰা জনতা বিৰত থকাত তেনে অনুষ্ঠানসমুহত বাঁহী বজাই উপাৰ্জন কৰাৰ দিশটোত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ল বুলিও উল্লেখ কৰাৰ বিপৰীতে বৰ্তমান ক’ভিডৰ আতংক কিছু কম হোৱাত চৰকাৰী নীতি নিয়ম পালন কৰি ৰাস উৎসৱ আয়োজন কৰা বহু ঠাইলৈ বাঁহী বজাবলৈ আমন্ত্ৰণ লাভ কৰাত পুণৰ নতুন উদ্যমেৰে দৰ্শকক বাঁহীৰ সুৰত মন প্ৰাণ মুগ্ধ কৰিবলৈ প্ৰস্তুত হৈ পৰিছে যুৱশিল্পী দীপজ্যোতি বৰা ৷ নিজে বাঁহীৰ ওপৰত আয়ত্ব কৰা প্ৰতিটো তাল-লয়ৰ জ্ঞান বিলাই ভালপোৱা শিল্পী দীপজ্যোতিৰ বাঁহীৰ সুৰেৰে জগত জিনাৰ হেপাহে বাস্তৱ ৰূপ লাভ কৰক ৷

ছিপাঝাৰত “খাঁটি দৰঙৰ ঝিয়া-লিকিৰা”ৰ তৃতীয় বাৰ্ষিক প্ৰতিস্থা দিৱস আৰু প্ৰীতি সন্মিলন

নামখলা, ৯ ডিচেম্বৰ : এটি সাধাৰণ ফেচবুক গোটৰ পৰা ক্ৰমে দৰং জিলাৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠানলৈ পৰিণত হোৱা “খাটি দৰঙৰ ঝিয়া লিকিৰা” নামৰ ফেচবুক গোটটিৰ তৃতীয় বাৰ্ষিক প্ৰতিস্থা দিৱস আৰু প্ৰীতি সন্মিলন ছিপাঝাৰৰ চিৰাখোৱাপাৰাত অনুষ্ঠিত হয় ৷ গোটটোৱে আৰম্ভনীৰে পৰা বিগত তিনিটা বছৰত বিভিন্ন সামাজিক কামত নিয়োজিত হৈ পৰিণত হৈছে দৰংবাসীৰ এক প্ৰিয় অনুষ্ঠানত ৷ প্ৰায় ৪০ হেজাৰ সদস্য থকা গোটটিয়ে দৰঙৰ দুখীয়া আৰু বিপদগ্ৰস্ত মানুহক সহায় কৰি আহিছে ৷ বিশেষকৈ দুখীয়া ৰোগীৰ চিকিৎসা, দুখীয়া শিল্পী, অগ্নিৰ গ্ৰাসত সৰ্বস্ৰান্ত লোকক সহায় কৰাৰ লগতে, বান বিধস্ত লোকক সহায় কৰি আহিছে ৷ মঙলবাৰে গোটৰ সদস্য সকলৰ প্ৰীতি মিলন আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰ্দ্ধাৰণৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানটিৰ পুৱাৰ ভাগতে গোটৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিভিন্ন কাৰ্যসুচীৰ লগতে দৰঙৰ লোককৃষ্টিসমুহ প্ৰদৰ্শিত হয় ৷ দৰং তথা অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিনটোৰ বাবে সমবেত হোৱা প্ৰীতি সন্মিলনৰ সভা সঞ্চালনা কৰে গোটৰ এগৰাকী অন্যতম সদস্য হেৰম্ব নাথে ৷  সভা মুকলি কৰে অন্যতম সদস্য আলফা নেতা প্ৰাণজিৎ শইকীয়াই ৷ সন্ধিয়া অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক কাৰ্যসুচী য’ত দৰঙৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিবেশন কৰে ৷

কৃষক আইনক সমৰ্থন দেশবাশীৰ – চি পি আই(এম এল)ৰ ধন্যবাদ

তিনিচুকীয়া, ৮ডিচেম্বৰ: মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি আৰু কৃষক বিৰোধী তিনিখন কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সংঘৰ্ষ সমন্বয় সমিতিয়ে ৩০টাৰো অধিক কৃষক সংগঠনৰ উদ্যোগত এই তিনিখন আইন প্ৰত্যাহাৰৰ দাবীত যোৱা ১০ দিন ধৰি চলি থকা দিল্লী ঘেৰাওৰ মাজত অৱস্থান কৰিয়েই আহ্বান জনোৱা ৮ ডিচেম্বৰ অৰ্থাৎ আজিৰ ভাৰত বন্ধ সৰ্বাত্মকভাৱে সফল কৰাৰ বাবে চিপিআই(এম-এল)ৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সদস্য তথা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সুভাষ সেনে দেশবাসীক ধন্যবাদ তথা অভিনন্দন জনাইছে । এই সম্পৰ্কে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰা হৈছে যে স্বাধীনতাৰ আগে পিছে গোটেই দেশত সংঘটিত হোৱা অসংখ্য কৃষক আন্দোলন, কৃষক বিদ্ৰোহ ভাৰতীয় সমাজৰ মূল চালিকা শক্তি হিচাপে বিবেচিত হৈছে। অসমতো ফুলগুৰি, ধেৱা, ৰঙিয়া, পথৰুঘাট আদিৰ কৃষক সংগ্ৰাম আৰু মোৱামৰীয়া বিদ্ৰোহে অসমৰ সমাজ জীৱনত যি গতি সঞ্চাৰ কৰিছিল সেই গতিয়ে পিছত অসহযোগ আন্দোলনতো বিৰাট অৱদান যোগাইছিল । এই সকলো কৃষক আন্দোলন, কৃষক বিদ্ৰোহত গুণগতভাৱে নসংযোজন ঘটাইছিল ৬০ৰ দশকত পশ্চিমবংগৰ দাৰ্জিলিং জিলাত সংঘটিত হোৱা নক্সালবাৰীৰ কৃষক অভ্যুত্থানে। কেৱল অৰ্থনৈতিক দাবীৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি এই অভ্যুত্থানে কৃষকৰ ৰাষ্ট্ৰ ক্ষমতা দখলৰ দিশটো সন্মুখলৈ লৈ আহিছিল। কৃষক আন্দোলনৰ প্ৰভাৱ যে শ্ৰমিক আন্দোলনতো পৰি গৈ থাকিব সেয়া ধুৰূপ। কৃষি আইনৰ বিৰুদ্ধে আজিৰ কৃষক বিদ্ৰোহে শ্ৰমিকৰ দাবীও সাঙুৰি লৈছে আৰু বিদ্যুৎ বিল, ২০২০ৰ প্ৰত্যাহাৰৰ দাবীও সন্নিবিষ্ট হৈছে। কৃষকে যি ধৰণে ৰাজধানী ঘেৰাও কৰি ৰাখিছে ইয়াৰ মাজতে গাঁৱেৰে চহৰ ঘেৰাওৰ সপোনে বাস্তৱতা পোৱাৰ সম্ভাৱনাও প্ৰকট হৈ আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। আজি সৰ্বাত্মক ভাৰতবন্ধই কৃষক ঐক্যক ঠন ধৰাই তোলাৰ লগে লগে শ্ৰমিক-কৃষক ঐক্য তথা সাম্প্ৰদায়িক ঐক্যকো অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। 

কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন জনাইছে

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে নতুন নিযুক্তিৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন কৰে । যাৰ উদ্দেশ্য হৈছে ব্যৱসায়বোৰক নতুনকৈ নিয়োগ কৰিবলৈ উদগনি দিয়া।

“আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত চৰকাৰে দুবছৰৰ বাবে ব্যৱসায় আৰু নতুন নিয়োগৰ অৱদান প্ৰদান কৰিব” : শ্ৰম মন্ত্ৰীয়ে কয়।

আঁচনিখন ২০২৩ চনলৈকে ২২,৮১০ কোটি টকাৰ ব্যয় হ’ব আৰু ই প্ৰায় 58.5 লাখ কৰ্মচাৰীক লাভান্বিত কৰিব।