Home Blog Page 3199

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংক মুকলি

ভাৰতৰ ১৫তম এই বেংকে ছয় বছৰলৈকে গাখীৰ সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হ'ব

উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংকটো বুধবাৰে গুৱাহাটীত মুকলি কৰা হয়। সাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত খোলা হৈছে বেংকটো । যি হৈছে ভাৰতৰ ১৫তম একক বেংক যি ছয় বছৰলৈকে মানুহৰ গাখীৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ’ব।


“স্তনৰ গাখীৰ হৈছে নৱজাতক শিশুৰ বাবে সৰ্বশ্ৰেষ্ঠ খাদ্য। নৱজাত মৃত্যু হ্ৰাস কৰিবলৈ জন্মৰ প্ৰথম ঘণ্টাৰ পৰা আৰম্ভ কৰি প্ৰথম ছয় মাহৰ পৰ্যন্ত শিশুক কেৱল স্তনপান কৰাৰ পৰামৰ্শ দিয়া হয়, “এছ.চি.এইছৰ শিশু বিশেষজ্ঞ ড. দেবজিত শৰ্মাই কয়।


তেওঁ লগতে কয় “ভাৰতত মাতৃ অসুস্থ হোৱাৰ বাবে বা কিছুমান সংক্ৰামক ৰোগ হোৱাৰ বাবে নৱজাতকটিয়ে পৰ্যাপ্ত গাখীৰ পোৱাৰ পৰা বঞ্চিত হয়। এনে শিশুৰ বাবে মানৱ গাখীৰ বেঙ্ক হ’ব সৰ্বশ্ৰেষ্ঠ বিকল্প ।”


“আমাৰ চিকিৎসালয়ত প্ৰতি মাহে ১০০ৰো অধিক প্ৰসৱ হয় আৰু সেই কিছুমান মাতৃৰ পৰা গাখীৰ সংগ্ৰহ কৰিব পাৰো। আমি আন মাতৃসকলকো বেংকলৈ দান কৰিবলৈ উদগনি দিম। আগন্তক দিনত, আমি দাতাসকলৰ বাবে কিছুমান ইনচেণ্টিভ অন্তৰ্ভুক্ত কৰিম” : ড. শৰ্মাই কয়।

বিজেপিৰ লগত মিত্ৰতা হ’লে পূৰ্বতকৈ অধিক আসন লাগিব অগপক

“আমাক মিত্ৰতাৰ প্ৰয়োজন ৷ আমি মিত্ৰতাত বিশ্বাসী৷”

এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ৷

অগপৰ সভাপতি অতুল বৰাৰ অকপট স্বীকাৰোক্তি –  “অকলে আমি একো কৰিব নোৱৰো৷ আমাক মিত্ৰতা লাগিব৷”


এতিয়ালৈ মিত্ৰতাৰ প্ৰস্তাৱ দিয়া নাই বিজেপিয়ে ৷মিত্ৰতাৰ হলেও সেইয়া কি পৰ্যায়ৰ মিত্ৰতা হব সেয়াও এতিয়ালৈ স্পষ্ট হোৱা নাই৷তাৰ পূৰ্বেই এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ ।

অৱশ্যে বিজেপিৰ সৈতে মিত্ৰতা  হ’লে আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ অধিক আসন বিচাৰিব অগপই৷ কিয়নো অগপৰ পূৰ্বতকৈ শক্তিশালী হৈছে ভেটি৷ এই দাবী অগপৰ সভাপতি গৰাকীৰ ।

আনহাতে, ‘কা’ সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল থকা বুলি মন্তব্য অতুল বৰাৰ ৷

বিশ্বৰ ১০০ জন আটাইতকৈ শক্তিশালী মহিলাৰ “ফৰবছ ২০২০” তালিকাত বিত্ত মন্ত্ৰী নির্মলা সীতাৰমন

এই তালিকাত ১০জন ৰাষ্ট্ৰপতি, ৩৮ গৰাকী চি ই অ’ আৰু মনোৰঞ্জনৰ সৈতে জড়িত ৫ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে

বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে বিশ্বৰ ১০০ আটাইতকৈ শক্তিশালী মহিলাৰ“ফৰবছ 2020”তালিকাত ৪১ তম স্থান দখল কৰিছে। লগতে ভাৰতৰ বায়োফোনৰ প্ৰতিষ্ঠাপক কিৰণ মজামদাৰে তালিকাত স্থান দখল কৰিছে । কিৰণ মজুমদাৰে ৬৮সংখ্যক স্থান লাভ কৰিছে।

জাৰ্মানীৰ উপাধ্যক্ষ এঞ্জেলা মাৰ্কেলে অবিৰতভাৱে ১০ বছৰ ধৰি এই তালিকাত শীৰ্ষস্থানত আছে। উল্লেখ্য যে, আমেৰিকাৰ নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি কমলা হেৰিছেও এই তালিকাত স্থান লাভ কৰিছে।

ফৰ্বছৰ মতে, এই তালিকাত ১০জন ৰাষ্ট্ৰপতি, ৩৮ গৰাকী চি ই অ’ আৰু মনোৰঞ্জনৰ সৈতে জড়িত ৫ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে।

নৱ বিবাহিত বোৱাৰীক বলাৎকাৰৰ চেষ্টা প্ৰাক্তন আটছা নেতাৰ

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত মঙলবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা। মঙলবাৰে পুৱাই খাগৰিজান চাহ বাগিচা লাইনৰ এগৰাকী নৱ বিবাহিত মহিলাই  নিজ গৃহত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি একে লাইনৰে অভিযুক্ত ৰিকি তুৰী ওৰফে ভাগিৰথ তুৰী নামৰ এজন প্ৰাক্তন আটছা নেতাই অসৎ কাৰ্য পূৰণৰ চেষ্টা চলায়। উপায়হীন হৈ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত কথমপি ৰক্ষা পৰে মহিলাগৰাকী। মহিলাগৰাকীৰ চিঞৰ–বাখৰ শুনি লাইনৰ বাকী শ্ৰমিকসকল ওলাই অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত প্ৰাক্তন আটছা নেতা ৰিকিয়ে৷ সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত ৰিকি তুৰী ।

আনহাতে, পূৰ্বেও ৰিকি তুৰীয়ে এগৰাকী নাবালিকাৰ লগতে এগৰাকী যুৱতীক ধৰ্ষণ কৰি জে’ল হাজোতলৈ গৈ জামিনত মুক্তি লাভ কৰিছে । এই লম্পট চৰিত্ৰৰ ৰিকিক গ্ৰেপ্তাৰৰ দাবীত সাপেখাতী আৰক্ষী থানাত উপস্থিত হয় শতাধিক শ্ৰমিক৷ ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এলেকাত তেলৰ অন্বেষণ আৰু খননত স্থগিতাদেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এলেকাত থকা অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলৰ ৭টা হাইড্ৰ’কাৰ্বন প্ৰকল্পত তেলৰ অন্বেষণ আৰু খননত স্থগিতাদেশ জাৰি কৰিছে। এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে কালি এই স্থগিতাদেশ জাৰি কৰে।

বিমান অৱতৰণৰ বাবে সাজু ৰূপচী বিমান বন্দৰ

এছিয়াৰ সৰ্ববৃহৎ ৰাণৱে থকা এটা ৰূপচী বিমান বন্দৰটো বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। ৩৭ বছৰে বন্ধ হৈ থকা ৰূপচী বিমান বন্দৰ ৩৭ বছৰ পাচত আকৌ প্ৰাণ পাই উঠিছে । অতি সোনকালে বিমান বন্দৰটো কাৰ্যক্ষম হৈ উঠিব বুলি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত অৱগত কৰে।

Rupsi Airport

উল্লেখ যোগ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈনিকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল ৰূপচী বিমানবন্দৰটো ।১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ কলকাতালৈ চলিছিল বিমান সেৱা। ১৯৮২ চনত ৰূপচী বিমান বন্দৰ পৰা অন্তিম বাৰৰ বাবে উৰিছিল বায়ুদূতৰ নামৰ বিমানখন।৩৭ বছৰ ধৰি বিকল হৈ থকাৰ পিছত ২২ ফেব্ৰুৱাৰী ২০১৯ চন শুকুৰবাৰে ৰূপচী বিমানবন্দৰ পুণৰ কাৰ্যক্ষম কৰা তথা উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশীলা স্থাপন কৰিছিল।

সুখবৰ! গুৱাহাটীলৈ দৈনিক বিশেষ যাত্ৰীবাহী ৰে’লত

সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ  বন্ধ হৈ আছিল, কিন্ত  ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্ৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব।

ৰে’লখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি ৷ আনহাতে পুনৰ আবেলি ৫:৩০ বজাত ৰে’লখনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰ আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব ৷

আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠক প্ৰতিবাদী কৃষকৰ

কৃষক সমাজে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়সীমা শেষ হোৱাৰ পিছতে  প্ৰতিবাদী কৃষক সকলৰ সেতে আজি সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হব। এই কথা সদৰি কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে। কৃষকসকলে শীঘ্ৰে কৃষি আইন বাতিল কৰাৰ দাবীৰে ২৬ নৱেম্বৰৰ পৰাই তেওঁলোকে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। ইতিমধ্যে চৰকাৰৰ সৈতে আলোচনা কৰিছিল যদিও কোনো সমাধান নোলাল। তাৰ পিছতে মঙলবাৰে প্ৰতিবাদী কৃষকসকলে বন্ধৰ আহ্বান কৰিছিল।

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

মেঘালয়াৰ মুখ্যমন্ত্ৰী কংৰাড  চাংমাই ২১ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে পৰ্যটন পুনৰ খোলাৰ ঘোষণা কৰে । মুখ্যমন্ত্ৰী টুইট কৰি কয় যে ‘অৱশ্যে, নিৰ্ধাৰিত স্বাস্থ্য প্ৰটোকলৰ সৈতে পঞ্জীয়ন আৰু পালন কৰাটো এক সম্পূৰ্ণ আৱেগ ।সকলোৰে সুৰক্ষা নিশ্চিত কৰিবলৈ, মেগটৰিজিম এপৰ যোগেৰে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে ।”

https://twitter.com/SangmaConrad/status/1336153623848370179
মুখ্যমন্ত্ৰীগৰাকীৰ টুইট

গুগল প্লে ষ্টোৰত উপলব্ধ ম’বাইল এপ্লিকেচনটো ডাউনলোড কৰিব লাগিব আৰু এজনে পঞ্জীয়ন কৰিব পাৰে বা পঞ্জীভুক্ত টুৰ অপাৰেটৰে ফ’টো আইডিৰ বাধ্যতামূলক আপল’ড সহ আনুষ্ঠানিকতা বোৰ সম্পূৰ্ণ কৰাত দৰ্শনাৰ্থীসকলক সহায় কৰিব পাৰে।

এছ.ও.পি.ৰ অনুসৰি, দৰ্শনাৰ্থীসকলে তেওঁলোকৰ প্ৰস্তাৱিত সাক্ষাতৰ এক সম্পূৰ্ণ ভ্ৰমণ প্ৰদান কৰিব লাগিব ।

পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে থকাসকলে তেওঁলোকৰ গৃহস্থৰ সম্পূৰ্ণ ঠিকনা আৰু যোগাযোগৰ বিৱৰণ দিব ।

“আমি পৰ্যটনৰ বাবে পুনৰ খুলি আছো আৰু প্ৰচলিত কোভিড-19 দৃশ্যপটৰ প্ৰতি মনত ৰাখি এছ.ও.পি. জাৰী কৰিছোঁ যাতে নিৰ্ধাৰিত নিৰ্দেশনাৰ ভিতৰত সকলোকে সুৰক্ষিত কৰাটো নিশ্চিত কৰা হয়,” পৰ্যটন পৰিচালক চিভিডি ডিয়েংডোহ কয়।

ৰাজ্যৰ পৰ্যটন বিভাগে আগ্ৰহী দৰ্শনাৰ্থীসকলৰ বাবে এক যোগাযোগ চেনেল ও খুলিছোঁ আৰু সকলোয়ে দিনৰ ১০ বজাৰ পৰা আবেলি ৮বজালৈ হোৱাটছএপৰ যোগেৰে তেওঁলোকৰ প্ৰশ্ন আৰু সন্দেহ সমাধান কৰিব পাৰিব ।

ডিৰাক ৰিজ’নেল কাপ-২০২০” ত কচুডুপ বজালতলি এফ চি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ডিৰাক সীমান্ত, ৮ ডিচেম্বৰ: অসম  অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰত ডিৰাক আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় মুকুটা দহোটীয়া সোঁৱৰণী “ডিৰাক ৰিজ’নেল কাপ-২০২০” ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে । আজি  “ডিৰাক ৰিজ’নেল কাপ-২০২০” ৰ খেল ডিৰাক পাৱৈ এফ:চি: আৰু কচুডুপ বজালতলি এফ:চি: মাজত অনুষ্ঠিত হয় । কচুডুপ বজালতলি এফ:চি: দলে ডিৰাক পাৱৈ এফ:চি: দলক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । কচুডুপ বজালতলি এফ:চি: দলৰ হৈ খেলৰ প্রথমাৰ্ধৰ ৩০ মিনিটত  পলাশ জ্যোতি মৰাণে আৰু দ্বিতীয়াৰ্ধৰ ৫ মিনিটত সুৰেল ঘাটোৱাৰে একোটাকৈ গ’ল দি দলক বিজয়ী সাব্যস্ত কৰে । খেল পৰিচালনা কৰে পাপু হাজৰিকাই, লাইনত সহায় কৰে টিক্ষেশ্বৰ চেতিয়া, বিপুল হাজৰিকা আৰু চতুৰ্থত সহায় কৰে প্ৰণৱ ফুকনে । বুধবাৰে খেল ডিৰাক আঞ্চলিক এফ:চি: আৰু পি:ৱাই:এফ:চি: মাজত অনুষ্ঠিত হ’ব ।