সোণতলী, ৮ ডিচেম্বৰঃ দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰু আৰিকাটিত আজি সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হয় ৷ প্ৰাপ্ত বাতৰি মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সৰু আৰিকাটি গাঁও নিৱাসী সাইজুদ্দিনৰ পুত্ৰ স্বাহা আলীৰ ঘৰত আজি দিনৰ এক বজাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ পিছত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও স্বাহা আলীৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ বৈদ্যুতিক শ্বৰ্টচাৰ্কিট হৈ অকস্মাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ এটা ঘৰ, ধান, চাউলৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তিৰ উপৰিও গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷
দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন আৰু নতুন সমিটি গঠন
দেওমৰনৈ, ৮ ডিচেম্বৰ: দৰং জিলাৰ দেওমৰনৈ সাংবাদিক সন্থাৰ অধিবেশন দিনজোৰা কায্যসুচীৰে সম্পন্ন হয় ৷ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ সাংবাদিক সন্থাৰ সভাপতি নৱজিত শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাৰ পূৰ্বে বিষয়বাছনি সভাত আগন্তুক কাৰ্য্যকালৰ বাবে আছাম টকছ ৰ ছিপাঝাৰৰ সাংবাদিক দুলাল হাজৰিকাক সভাপতি উপসভাপতি নিকুঞ্জ কাশ্যপ, প্ৰতিদিন কাকতৰ সাংবাদিক দিব্যজোতি শৰ্মাক সম্পাদক হিচাবে লৈ এখন সমিটি গঠন কৰে ৷ উপদেষ্টা হিচাবে ডাঃ কমলা কান্ত শৰ্মা, নবজিৎ শৰ্মা ৷ সদস্য ক্ৰমে পংকজ শৰ্মা, কৌশিক ভৰদ্বাজ, ৰত্নেশ্বৰ চহৰীয়া, সাৰংগপানি ইত্যাদি ৷ আনহাতে উক্ত সভাত ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কেে কিচু গুৰুত্বপূৰ্ন প্ৰস্তাব গ্ৰহন কৰা বুলি নৱনিৰ্বাচিত সভাপতি দুলাল হাজৰিকাই জানিব দিয়ে ৷ উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াক দেওমৰনৈ সাংবাদিক সন্থাই মুকলি সভাত সম্বৰ্ধনাও জ্ঞাপন কৰে ৷
বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ৮৮ সংখ্যক জন্মদিন পালন ঢকুৱাখনাত
ঢকুৱাখনা, ৮ ডিচেম্বৰ: ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি দেৱৰ ৮৮ সংখ্যক জন্ম দিৱস কালি ঢকুৱাখনাত তেখেতৰ অনুগামী সকলে অনুষ্ঠুপীয়াকৈ পালন কৰে। তেওঁৰ -৮৮ সংখ্যক উপজা দিনৰ কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ষীৰোদ গগৈয়ে।গগৈয়ে তেওঁৰ বক্তব্যত-হোমেন বৰগোহাঞিৰ কিতাপবোৰ আৰু তেওঁৰ বিভিন্ন লেখাবোৰ অসমৰ সচেতন পঢ়ুৱৈ সমাজে কিয় গুৰুত্বসহকাৰে গ্ৰহণ কৰে তাৰ বিষয়ে কয় ।ঢকুৱাখনাৰ এগৰাকী কবি তথা শিল্পী ৰাজীৱ তামুলীয়ে আঁত ধৰা অনুষ্ঠানত হোমেন বৰগোহাঞিৰ সান্নিধ্যত সাংবাদিকতা কৰাৰ স্মৃতি সুঁৱৰি হেমন্ত কুমাৰ বৰুৱাই বক্তব্য ৰাখে।ইয়াৰ পিছতেই কাশ্যপী তনয়া গগৈয়ে এটি গীত পৰিৱেশন কৰে। ৰাজীৱ তামুলীয়ে হোমেন বৰগোহাঞিৰ কাব্য সংকলন-“হৈমন্তী”ৰ পৰা এটা কবিতা আবৃত্তি কৰে। ইফালে বৰগোহাঞিৰ ভাগিন তথা কবি মৌচুমী গগৈ হাতীবৰুৱাই সৰুৰে পৰা দেখি অহা হোমেন বৰগোহাঞিৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য ৰাখে। ইয়াৰ পিছতেই-সাংবাদিক ৰাজীৱ বৰুৱাই বৰগোহাঞিৰ কিতাপবোৰৰ শিৰোনাম লৈৰচনা কৰা এটা কবিতা পাঠ কৰে।অন্যহাতে এই অনুষ্ঠানত উপস্থিত থাকি ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ হাতীবৰুৱা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া, সাংবাদিক অৰুণ চমুৱা, সু-লেখিকা নৱনীতা গগৈ আদিয়েও হোমেন বৰগোহাঞিৰ জীৱনৰ বিভিন্ন দিশ উন্মোচন কৰি বক্তব্য ৰাখে।
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম নলবাৰী জিলা সমিতিৰ
নলবাৰী, ৮ ডিচেম্বৰ : কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰ মুলক ভাৱে এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি চৰকাৰে দীৰ্ঘ দিন ধৰি জেলত ভৰাই ৰাখিছে ৷ কৃষক নেতা জনক মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ কৃষক নেতা গৰাকীক মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলেও চহৰখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত যোৱা কালিৰে পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰুপায়ন কৰিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তী, সভাপতি ৰৌফ আলী, সম্পাদক দ্বীপেন কলিতাৰ নেতৃত্বত ভালেসংখ্যক নেতা কৰ্মী আৰু স্থানীয় ৰাইজে এই অনশনত অংশ গ্ৰহণ কৰে । লগতে “কা”আন্দোলনৰ অন্যতম নেতা গৰাকীক যোৱা এবছৰ ধৰি চৰকাৰে জেলত আবদ্ধ কৰি ৰাখি শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি কৃষক মুক্তি সংগ্ৰাম সমিতি খনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । বিজেপি চৰকাৰে অখিল গগৈক জেলত ভৰাই ৰাখি অভিষ্ট সিদ্ধিৰ কথা ভাবিলে সেয়া বিষম হ’ব বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈৰ ভয়ত এতিয়া বিজেপি চৰকাৰ খন ত্ৰষ্টমান হোৱা বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতা সকলে । অতি শীঘ্ৰেই যদি অখিল গগৈক মুক্তি নিদিয়ে তেনেহ’লে অনাগত দিনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।
আজি দৰং জিলাৰ শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুননিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান
দিপীলা, ৭ ডিচেম্বৰঃ আজি অসম সত্ৰ মহা সভাৰ অন্তৰ্ভুক্ত দৰং জিলাৰ বঢ়ীনগৰ গাঁও পঞ্চায়তৰ বৰেৰী গাঁৱত ১৫৬৮ খ্ৰীষ্টাব্দতে স্থাপিত শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য লেচাকোণীয়া গোবিন্দ আতৈয়ে স্থাপন কৰা সত্ৰ খনৰ শুভাৰম্ভ অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ আবণ্টিত ধনেৰে ৰূপায়ণ কৰা হব। দিনযোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলগীয়া অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ছয় বজাত সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক অৰূপ জ্যোতি মহন্তৰ দ্বাৰা প্ৰাতঃপ্ৰসংগ , চাৰে সাত বজাত ভাগৱত পাঠ কৰিব খগেন হাজৰিকাই। আঠ বজাৰ স্মৃতি তৰ্পনৰ মুখ্য তৰ্পক হিচাপে অংশ লব অৱসৰপ্ৰাপ্ত শিক্ষক শুভাৰাম হাজৰিকাই। এঘাৰ বজাত সত্ৰৰ নামঘৰ নিৰ্মাণৰ শুবাৰম্ভ কৰিব ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। মংগল সূচক ঘোষা পাঠ কৰিব অসম সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ বৰক্ষেত্ৰীয়াই। দৰং জিলা সত্ৰ মহাসভাৰ সভাপতি ৰাজেন মহন্তই সঞ্চালনা কৰা অনষ্ঠানত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, অসম চৰকাৰৰ গাঁও আৰু নগৰ পৰিকল্পনা বিভাগৰ বিষয়া কাঞ্চন মহন্ত ৰয়,জিলা সত্ৰ মহাসভাৰ সম্পাদক গংগাৰাম বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি শ্ৰীশ্ৰী পালাভিঠা সত্ৰৰ সভাপতি দেবেন্দ্ৰ কুমাৰ মহন্ত আৰু সম্পাদক অৰূপ জ্যোতি মহন্তই জনাইছে। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে সত্ৰখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া লোৱা পদক্ষেপত বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে সত্ৰ পৰিচালনা সমিতি আৰু আঞ্চলিক ৰাইজে ৷
‘এইয়া LOC নহয়,’ কেজৰিৱালক গৃহবন্দী নকৰা বুলি দিল্লী পুলিচে প্ৰকাশ কৰাৰ পিছত পুনৰ আপৰ টুইট

দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিছে বুলি টুইটাৰৰ জৰিয়তে অভিযোগ কৰিছিল দিল্লীৰ শাসকীয় দল আম আদমি পাৰ্টিয়ে । ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে স্পষ্ট কৰিছিল যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰা হোৱা নাই আৰু আম আদমি পাৰ্টিয়ে কৰা দাবীবোৰ সম্পূৰ্ণৰূপে ভিত্তিহীন ।
এইবাৰ পুনৰ কেজৰিৱালৰ ঘৰৰ সন্মুখত বহু আৰক্ষী নিয়োগ কৰা ফটো টুইট কৰি অম আদমি পাৰ্টিয়ে কয় যে, “এয়া নিয়ন্ত্ৰণ ৰেখা (LOC) নহয়। এয়া মুখ্যমন্ত্ৰীৰ বাসভৱন। ভাৰতৰ ৰাজধানীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইধৰনৰ ব্যৱহাৰৰ যোগ্য নেকি ? তেওঁৰ অপৰাধ ? তেওঁ ভাৰতৰ কৃষকসকলক সমৰ্থন কৰিছিল,”
দিল্লী পুলিচে আপৰ এই দাবী বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে। দিল্লীৰ বিশেষ চিপি সতিশ গোলছায়ে কয় যে কেজৰিৱালে তেওঁৰ সচৰাচৰ কাম-কাজবোৰ কৰি আছে আৰু তেওঁৰ বাসস্থানৰ পৰাও ওলাই গৈছে । “শান্তি বজাই ৰখা আৰু যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোৰ পৰ্যাপ্ত নিৰাপত্তা আছে,” তেওঁ লগতে কয় যে কোনো নেতা বা ব্যক্তিৰ আন্দোলন প্ৰতিৰোধ কৰাৰ কোনো প্ৰচেষ্টা থাকিলে আৰক্ষীৰ হস্তক্ষেপ হ’ব।
আপৰ মুখ্য মুখপাত্ৰ সৌৰভ ভৰদৱাজে কয় “যি দিনা সমগ্ৰ দেশে ভাৰত বন্ধত কৃষকসকলক সমৰ্থন কৰি আছে, সেই দিনটোতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীক কেজৰিৱালক তেওঁৰ বাসস্থান ত্যাগ কৰিবলৈ নিদিয়াৰ বাবে অনুৰোধ জনাইছে। যোৱাকালি কেজৰিৱালে তেওঁৰ সকলো কেবিনেট সহকৰ্মীৰ সৈতে সিংঘু সীমান্তলৈ যোৱাৰ সময়ত প্রতিবাদকাৰী কৃষকসকলক লগ কৰিবলৈ গৈছিল, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভয় খাইছিল। কেজৰিৱালে দিল্লী আৰক্ষীক ৯খন ষ্টেডিয়াম কৃষকৰ বাবে অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰ কৰিবলৈ নিদিয়াত তেওঁলোক বিচলিত হৈ পৰাৰ দৰেই হৈছে “।
মাউণ্ট এভাৰেষ্ট: নেপাল, চীনে সংশোধিত উচ্চতা ঘোষণা কৰিছে, চাওঁক নতুন উচ্চতা
নেপাল আৰু চীনে মঙ্গলবাৰে (৮ ডিচেম্বৰ) যুটীয়াভাৱে 8848.86 মিটাৰত মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা ঘোষণা কৰে । নেপাল আৰু চীনে ঘোষণা কৰা নতুন উচ্চতাৰ অৰ্থ হৈছে মাউণ্ট এভাৰেষ্ট পৃথিৱী ৰ সৰ্বোপৰি ওখ পাহাৰ।
লক্ষ্য কৰিব লগীয়া যে, ১৯৫৫ চনত ভাৰতীয় জৰীপে 8848 মিটাৰত মাউণ্ট এভাৰেষ্টৰ উচ্চতা স্থাপন কৰিছিল, আনহাতে চীনৰ নতুন অনুমান, নেপালে ইয়াক 0.86 মিটাৰ বৃদ্ধি কৰে।
এই অনুষ্ঠানত নেপালৰ বিদেশী মন্ত্ৰী প্ৰদীপ গয়াৱলী আৰু চীনা বিদেশী মন্ত্ৰী ৱাং য়ী দুয়োজন উপস্থিত আছিল। নেপালী বিদেশী মন্ত্ৰীগৰাকীয়ে ইয়াক “বিশেষ আৰু ঐতিহাসিক মুহূৰ্ত” বুলি কয়, চীনা বিদেশী মন্ত্ৰী ৱাং য়ি-এ কয়, “একেলগে দুয়োখন দেশে জয়-সহযোগিতাৰ এক উজ্জ্বল ভৱিষ্যত সৃষ্টি কৰিব…। আৰু চীন নেপালৰ বন্ধুত্ব চিৰদিনৰ বাবে থাকিব”
এই অনুষ্ঠানত নেপালী ৰাষ্ট্ৰপতি বিদিয়া দেৱী ভাঁৰাৰী আৰু চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙৰ চিঠিও বিনিময় কৰা হৈছিল।
উচ্চতাৰ যুটীয়া ঘোষণাৰ বাবে, চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয় আৰু নেপালৰ ভূমি ব্যৱস্থাপনা, সমবায় আৰু দৰিদ্ৰতা দূৰীকৰণ মন্ত্ৰালয়ৰ মাজত যোৱা বছৰ এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছিল। দুয়োপক্ষই প্ৰকল্পটোৰ অংশ হিচাপে দল প্ৰেৰণ কৰিছিল।
নেপালে মাউণ্ট এভাৰেষ্টৰ জোখ সম্পৰ্কে তথ্য প্ৰক্ৰিয়াকৰণৰ ওপৰত এক বছৰ কাম কৰিছিল আৰু ই নতুন উচ্চতা ঘোষণা কৰাৰ পৰিকল্পনা কৰা অনুষ্ঠানটোৰ বিষয়ে সকলো মাধ্যম আৰু প্ৰতিনিধিলৈ আমন্ত্ৰণ প্ৰেৰণ কৰিছিল।
তিনি বছৰত দ্ৰুততম গতিৰ ইণ্টাৰনেট থাকিব সকলো গাওঁত
মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিংৰ জৰিয়তে ইণ্ডিয়া ম’বাইল কংগ্রেছ (আইএমচি)২০২০-ক সম্বৰ্ধনা জনায়। উদ্ধোধনী ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে আৰু কয় যে ম’বাইল নিৰ্মাণৰ বাবে আটাইতকৈ পছন্দৰ স্থান হিচাপে গঢ়ি তুলিছে।
তেওঁ লগতে উল্লেখ কৰে যে দ্ৰুততম বৰ্ধিত এপ্প বজাৰৰ সৈতে ভাৰতৰ ম’বাইল টেৰিফ নিম্নতম। তেওঁ মুখ্যত কয় যে, প্ৰতিখন গাওঁত তিনি বছৰত দ্ৰুততম গতিৰ ফাইবাৰ অপটিক ডাটা সংযোগ থাকিব । প্ৰযুক্তিগত উন্নতিৰ বাবে, আমাৰ সঘনাই ছেণ্ডছেট আৰু জেট সলনি কৰাৰ এক সংস্কৃতি আছে। ইলেক্ট্ৰনিক আৱৰ্জনা ৰখাৰ এক উন্নত উপায় চিন্তা কৰিবলৈ আৰু এক চাৰ্কুলাৰ অৰ্থনীতি সৃষ্টি কৰিবলৈ উদ্যোগটোৱে এটা টাস্ক-ফৰ্চ গঠন কৰিব পাৰে নেকি,-পিএমে কয়।
দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিছে, দাবী আপৰ
দিল্লীৰ শাসকীয় দল অম আদমি পাৰ্টিয়ে অভিযোগ কৰিছে যে সোমবাৰে সিংঘু সীমান্তত কৃষকসকলক সাক্ষাত কৰাৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহআটক কৰা হৈছে।
আপ নেতাৰ অভিযোগ যে, কেজৰিৱালৰ বাসগৃহ সম্পূৰ্ণৰূপে বেৰিকেড কৰা হৈছে আৰু কোনো লোককে প্ৰৱেশ কৰিবলৈ বা আহিবলৈ অনুমতি দিয়া হোৱা নাই।কৰ্মীসকলকও তেওঁক লগ কৰিবলৈ দিয়া হোৱা নাই।
ডি চি পি(উত্তৰ)য়ে ইতিমধ্যে এনে সকলো অভিযোগ অস্বীকাৰ কৰিছে। “দিল্লীৰ মুখ্যমন্ত্ৰীক গৃহআটক কৰাৰ এই দাবী ভুল।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কেবিনেট সদস্যসকলে সোমবাৰে সিংঘু সীমা ভ্ৰমণ কৰিছিল। তেওঁ সেই স্থানত পৰিচ্ছন্নতা আৰু পানীৰ উপলব্ধতা জৰীপ কৰাৰ পিছত, কেজৰিৱালে কৈছিল যে তেওঁ চি এম হিচাপে অহা নাই, কিন্তু এজন সেৱক হিচাপে আহিছে।
“মই ইয়াত মুখ্য মন্ত্ৰী হিচাপে উপস্থিত নাই, মই ইয়াত সেৱক হিচাপে আহিছো, মই ইয়াত কৃষকসকলৰ সেৱা কৰিবলৈ আহিছো। কৃষকসকলে তেওঁলোকৰ সকলো কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা কৰে আৰু আমাৰ বাবে খাদ্য বৃদ্ধি কৰে। তেওঁলোক আজি এক বিশাল সমস্যাত আছে, আৰু কৃষকৰ সৈতে থিয় হৈ তেওঁলোকৰ সেৱাৰ বাবে কাম কৰাটো দেশৰ সকলো নাগৰিকৰ দায়িত্ব,” মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংবাদিকক কয়। তেওঁ পুনৰ কয় যে কৃষকৰ প্রতিবাদৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৯খন ষ্টেডিয়াম অস্থায়ী কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বাবে তেওঁ যথেষ্ট চাপত আছে ।
ডিমৌত বন্ধ সমৰ্থনকাৰী দুজন ছাত্ৰ নেতাক আটক
আজি কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৃষক সংগঠনসমূহে দিয়া ভাৰত বাবে ৰাজ্যৰ ঠায়ে ঠায়ে দেখা গৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। এই বন্ধৰ মাজতে শিৱসাগৰৰ ডিমৌত দুজন বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা ছাত্ৰ নেতা কেইজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিমৌ অঞ্চলিকৰ সভাপতি কমল কৃষ্ণ কাকতি আৰু সম্পাদক কৰণ গগৈক । ডিমৌ সমীপৰ দিচাং ৰজাবাৰীৰ পৰা আটক কৰিছে ডিমৌ আৰক্ষীয়ে। আটকাধীন ছাত্ৰ মুক্তিৰ নেতাদ্বয়ৰ হুংকাৰ ডিমৌৰ পৰা পুণৰ আৰম্ভ হ’ব “কা” বিৰোধী আন্দোলন।








