Home Blog Page 3200

পৰীক্ষাক লৈ নহ’ল চৰ্চা : পুতলাক লৈ চৰ্চাত প্ৰধানমন্ত্ৰীক আক্ৰমণ ৰাহুল গান্ধীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ পুতলা খেলা সামগ্ৰীৰ বজাৰ কাৰ্যত একচেটিয়া দখল চীনৰ ৷ কিন্তু ভাৰত কাৰ্যত উল্লেখ কৰাৰ দৰে ঠাই নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুতলা বজাৰত দেশীয় উদ্যোগপতিৰ অধিক অংশ লোৱাৰ আহ্বান জনোৱাৰ কটাক্ষ কৰিলে ৰাহুল গান্ধীয়ে৷ প্ৰাক্তন কংগ্ৰেছ সভাপতিয়ে মত, ছাত্ৰ-ছাত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ চাইছেনে ৷ প্ৰধানমন্ত্ৰীয়ে কৰিছে ‘পুতলা পে চৰ্চা’ ৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ মাজতে ১ ছেপ্টেম্বৰত নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট (নিট) আৰু জয়েণ্ট এণ্ট্ৰেন্স এগজাম (জেইই) পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ কিন্তু এই পৰিস্থিতিৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা হৈছে ছাত্ৰ আৰু শিক্ষক-শিক্ষাবিদৰ মাজত ৷ ৰাজনৈতিকভাৱে প্ৰতিবাদৰ লগতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ, তৃণমূলসহ বিৰোধী দলবোৰ ৷ ইয়াৰ মাজতে দেওবাৰে মাহেকীয়া ‘মন কি বাত’ অনুষ্ঠানত বক্তৃতা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কিন্তু তেওঁৰ সেই বক্তৃতাত শিক্ষাৰ্থীৰ এই উদ্বেগৰ বিষয়টো এইবাৰ উল্লেখ নকৰিলে ৷ কিন্তু বিশ্বত পুতলা বজাৰত ভাৰতীয়ৰ অধিক অংশগ্ৰহণৰ আহ্বান জনায় ৷ মোডীৰ সেই বক্তব্যৰ পাচত ৰাহুল গান্ধীয়ে টুইট কৰি কয়, নিট-জেইই পৰীক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত ‘পৰীক্ষা পে চৰ্চা’ বিচাৰে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে কৰিলে ‘পুতলা পে চৰ্চা’ ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডী তথা বিজেপিৰ অন্যতম কৰ্মসূচী আছিল ‘চায়ে পে চৰ্চা’ ৷ নিট-জেইই লৈ শুকুৰবাৰে কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে ৷

‘মন কি বাত’ত ভিদা, ছোফি, বলোৰামক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ নিৰাপত্তাত কুকুৰে লোৱা ভূমিকাৰ ওপৰত ৬৮ সংখ্যক ‘মন কি বাত’ অনুষ্ঠানত উল্লেখ কৰে৷ তেওঁ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি জনগণক ভাৰতীয় জাতৰ কুকুৰ গ্ৰহণৰ আহ্বান কৰে৷ সুৰক্ষা বাহিনীত কুকুৰৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে দুটা সাহসী চৰিত্ৰৰ নাম উল্লেখ কৰিছে ছোফিয়া আৰু ভিদাৰ, যাক এই বছৰ ৭৪ তম স্বাধীনতা দিৱসত চিফ অব আৰ্মি ষ্টাফক প্ৰশংসা কাৰ্ড দিছিল৷ তেওঁ লগতে কয়, দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত কুকুৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ভাৰতত এনডিআৰএফ-এ কেইবা ডৰ্জন কুকুৰ প্ৰশিক্ষণ দিছে৷ এই কুকুৰবোৰ ভূমিকম্প বা অট্টালিকা ভাঙিলে আবদ্ধ হৈ থকা মানুহ চিনাক্ত কৰাত বিশেষজ্ঞ৷ মোডীয়ে মোদোল হাউণ্ড, হিমাচলি হাউণ্ড, ৰাজপালায়াম, কন্নী, চিপ্পিপাড়াই আৰু কম্বাইৰ দৰে বহু কেইটা ভাৰতীয় জাতৰ নাম লয়৷ এইবোৰৰ ৰক্ষণাবেক্ষণৰ ব্যয় কম আৰু ভাৰতীয় অৱস্থাৰ সৈতে অভ্যস্ত৷ আমাৰ সুৰক্ষা বাহিনী ভাৰতীয় জাতৰ কুকুৰক তেওঁলোকৰ স্কোৱাদত অন্তভূক্ত আৰু প্ৰশিক্ষণ দিছে৷ আমাৰ সশস্ত্ৰ বাহিনীৰ হাতত এনে বহু সাহসী কুকুৰ আছে যি দেশৰ বাবে বাস কৰে আৰু সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰি কয়, এই জাতীয় কুকুৰবোৰে বহু বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এনে এটা কুকুৰ বলৰামে ২০০৬ চনত অমৰনাথ যাত্ৰাৰ পথত প্ৰচুৰ পৰিমাণৰ বিস্ফোৰক চিনাক্ত কৰিছিল৷ ২০০২ চনত ভাৱনাই আইইডি চিনাক্ত কৰিছিল৷ আইইডি বিচ্ছিন্ন কৰাৰ সময়, সন্ত্ৰাসবাদীৰ এটা বিস্ফোৰণ ঘটায় আৰু শ্বহীদ হয়৷ মোডীয়ে প্ৰসংগক্ৰমে এই কথা উল্লেখ কৰে৷ মোডীয়ে কয়, দুই তিনি বছৰৰ আগতে ছত্তিছগড়ৰ বিজপুৰত আইইডি বিস্ফোৰণত ক্ৰেকাৰ নামৰ কুকুৰটো শ্বহীদ হৈছিল৷ সম্প্ৰতি টিভিত এক আবেগময় দৃশ্য দেখিব পায় য’ত বীড পুলিচে তেওঁলোকৰ কুকুৰ ৰকিক এটা অশ্ৰুসঞ্চাৰৰ অধিকাৰী বুলি কৈছিল৷ ৰকিয়ে আৰক্ষীক ৩০০ টাৰো বেছি ঘটনা সমাধানত সহায় কৰিছিল৷ নাগৰিকসকলক ভাৰতীয় জাতৰ কুকুৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোডীয়ে কয়, পিছৰ বাৰ আপুনি পোহনীয়া কুকুৰ ৰখাৰ কথা ভাবে, তেতিয়া অৱশ্যেই ভাৰতীয় জাতৰ এটা কুকুৰ ঘৰলৈ আনিব৷ যেতিয়া আত্মনিৰ্ভৰ ভাৰত জনসাধাৰণৰ মন্ত্ৰ হৈ উঠিব তেতিয়া কোনো অঞ্চলক পিছ ফালে ৰখা উচিত নহয়৷ প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতীয় সেনা বাহিনী, কেন্দ্ৰীয় উদ্যোগ সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰহৰীয়ে ভাৰতীয় জাতৰ কুকুৰ প্ৰৱৰ্তন আৰম্ভ কৰিছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদে ভাৰতীয় জাতৰ কুকুৰক লৈ গৱেষণা কৰিছে৷

জামুগুৰিহাটত অসম ভিত্তিত অন লাইন সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণ । একাঁজলি সুৰৰ সন্ধানৰ প্ৰশংসনীয় পদক্ষেপ

জামুগুৰিহাট : যোৱা মে’ মাহৰ পৰা অনুষ্ঠিত একাঁজলি সুৰৰ সন্ধানত অনলাইন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰা জামুগুৰিহাটৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক ২৯ আগষ্টত জামুগুৰিহাটৰ শ্বহীদ ভৱনত বঁটা সমূহ প্ৰদান কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাখনত সঞ্চালকৰ আসন অলংকৃত কৰে যুৱ লেখক সাংবাদিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। যুৱ সমাজকৰ্মী, শিক্ষক জিতু কুমাৰ নাথ আৰু কামিনী কাকতিয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন লয় বিশিষ্ট সাংস্কৃতিক কৰ্মী বিশ্বনাথ চাৰিআলিৰ সোণমনি বৰা আৰু চতিয়াৰ জয়ন্ত নাথে। কণমানি অনসূয়া গায়নৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী সেবিকা বৰা দাসে। উল্লেখযোগ্য যে সোণমনি বৰা আৰু জয়ন্ত নাথৰ পৰিচালনাত ‘একাঁজলি সুৰৰ সন্ধান’ নামৰ সামাজিক মাধ্যমৰ পেজটোৰ জৰিয়তে অসম ভিত্তিত বৰগীত, লোকগীত, বিহু, ভূপেন্দ্র সংগীত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰৰ গীতৰ পৰা জুবিন, পাপন, নীল আকাশৰ গীতলৈকে মুঠ ৩৫ টা বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট শিল্পীসকলৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ প্ৰতিযোগীসকলক কেন্দ্র ভিত্তিত পুৰস্কাৰ সমূহ বিতৰণ কৰা হৈছে। গীত -মাতেৰে সজোৱা আজিৰ অনুষ্ঠানটো গীতেৰে সজীৱ কৰি তোলে ক্ৰমে সংস্কৃতি প্ৰিয়া কাশ্যপ, বিশালতা নন্দা ৰাজবংশী, কামিনী কাকতি, কংকনা কাকতি, বৈশালী দেৱী, ধ্ৰুৱজ্যোতি শইকীয়া, জ্যোতিমালা বৰদলৈ, ঝৰ্ণা ভড়ালী, ধীৰাজ বৰা, ৰক্তিম বৰা, আৰু বিশিষ্ট শিল্পী পূৰ্ণ নাথে। ঠিক সেইদৰে কবিতাৰে অনুষ্ঠানটো সজাই তোলে অনুৰাগ গায়ন, সেৱিকা বৰা দাস, জিতু কুমাৰ নাথে। অনুষ্ঠানটিত মুখ্য বক্তাসকলৰ উপৰিও বিশিষ্ট সমাজকৰ্মী জগত শইকীয়া, মিন্টু নাথ আৰু যুৱ সমাজকৰ্মী সংগ্ৰাম ৰতন ৰাজবংশীয়ে প্ৰতিযোগীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। এক গাম্ভীর্যপূৰ্ণ পৰিবেশত সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই জ্যোতিমালা শৰ্মা বৰদলৈ। অনুষ্ঠানটি সফল ৰূপায়নত সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তাসকলে।

দুৰ্গা মন্দিৰৰ ওপৰত গো মাংস বনোৱাক লৈ নলবাৰীত হাহাকাৰময় পৰিস্থিতি । চাৰিজন যুৱক আটক

নলবাৰী : নলবাৰীত গো মাংস কেন্দ্ৰ কৰি উত্তেজনায় পৰিবেশৰ সৃষ্টি । চাৰিজনকৈ যুৱকে গো মাংস ৰন্ধাৰ হৈ উত্তম মাধ্যম সোধালে ৰাইজে । ঘটনা অনুসৰি আজি নলবাৰী জিলাৰ চাৰমিনাৰ চকৰ সমীপত থকা ৰেল লাইনৰ গেট অপাৰেটিং কাৰ্যালয়ৰ নিচেই ওচৰতে ৰেলৱে ঠিকাদাৰ অধীনস্থ চাৰিজন কৰ্মচাৰীয়ে মুকলি ভাৱে গো মাংস বনাই আছিল । ৰঙিয়া নিবাসী হিচাপে পৰিচয় দিয়া চাৰি কৰ্মচাৰী নাম ক্ৰমে ইমাম হুচেইন,আজাদ আলী,চাইনুল হক আৰু চাইজুদ্দিন আলী । মন কৰিবলগীয়া বিষয় যে ৰেলৱে গেট অপাৰেটিং কাৰ্যালয়টোৰ লগত লাগি আছে শ্ৰী শ্ৰী মা দূৰ্গাৰ এটি অতিকৈ উক্ত স্হানটিৰ প্ৰসিদ্ধ পুৰণি মন্দিৰ । যুৱক কেইজনে গো মাংস বনাই থকাৰ কথা স্হানীয় ৰাইজে অৱগত হোৱাৰ পিছত উক্ত ঠাইত উপস্থিত হয় যুৱক কেইজনক উত্তম মাধ্যম দিয়ে । আনহাতে সংবাদ মাধ্যমৰ আগত যুৱক কেইজনে গো মাংস বনাই থকা বুলি প্ৰকাশ কৰে । এই ঘটনা বতাহৰ দৰে বিয়পাৰ পিছত নলবাৰীৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে একাংশ দল সংগঠনে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । পিছত ঘটনাস্থলীত নলবাৰী পুলিচ উপস্থিত হৈ চাৰিওজন যুৱককে কৰায়ত্ত কৰি নলবাৰী সদৰ থানাক লৈ আহে । উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱা ঠাইখিনিৰ নিচেই ওচৰতে স্থানীয় বিধায়ক অশোক শৰ্মাৰ বাসগৃহ ।

অনলাইন দবা অলিম্পিয়াডৰ ফাইনেলত ভাৰত : টাইব্ৰেকত ভাৰতৰ হাতত পৰাস্ত পোলেণ্ড

দৈনন্দিন বাৰ্তা ডেস্ক : পোলেণ্ডক টাইব্ৰেকত পৰাস্ত কৰি ভাৰত ফাইনেলত উপনীত হ’ল অনলাইন দবা অলিম্পিয়াডত৷ ভাৰত মেচখনত ২-১ত জয়ী হয়৷ এই ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্ব কনেৰু হাম্পিৰ৷ নিয়মীত খেলত দুয়োটা দলেই এটা এটা ৰাউণ্ডত জিকিছিল৷ তাৰ পাচত বিশ্ব ৰেপিড চেম্পিয়ন হাম্পিয়ে টাইব্ৰেক বা আৰ্মাগেডনত স্নায়ু যুঁজত পোলেণ্ডৰ মোনিকা ছোকোক পৰাস্ত কৰে৷ আনহাতে ৰাছিয়া-আমেৰিকাৰ খেলত যি জয়ী হ’ব তেওঁৰ বিৰুদ্ধে ভাৰতে খেলিব৷ উল্লেখ্য যে প্ৰথম ৰাউণ্ডত ভাৰত পোলেণ্ডৰ লগত ২-৪ত পিছুৱাই আছিল৷ দ্বিতীয় ৰাউণ্ডত ৪.‌৫–১.‌৫ জয়ী হৈ মেচ ঘুৰাই আনে৷ টাইব্ৰেকৰ বাবে বাকী আছিল হাম্পি৷ প্ৰথম ৰাউণ্ডত পৰাজয় হোৱাৰ পাচত দ্বিতীয় ৰাউণ্ডত ৭৮টা মুভত জে কে ডুডাক হৰুৱাই প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দে৷ কেপ্টেইন বিদিত গুজৰাটী আৰু ডি হাৰিকাও দ্বিতীয় ৰাউণ্ডত জয়ী হয়৷ উল্লেখ্য যে অনলাইন দবা অলিম্পিয়াডত ভাৰতে পূৰ্বে ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ এইবাৰ প্ৰথমবাৰৰ বাবে সোণ বা ৰূপৰ বাবে যুঁজ কৰিব ৷

দিল্লীত ৪২ কোটি টকাৰ সোণৰ বাৰ জব্দ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)ৰ তৰফৰ পৰা দেশৰ ৰাজধানীত শুকুৰবাৰে ৪২ কোটি টকাৰ ৫০৪ টা চোৰাং সোণৰ বাৰ জব্দ কৰাৰ লগতে আঠজন লোকক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত দিল্লী ৰে’লৱে ষ্টেচনত আঠজন যাত্ৰী নামে ৷ তেওঁলোকৰ পৰা ৫০৪ টা সোণৰ বাৰ উদ্ধাৰ কৰে ৷ এইদৰে ডিআৰআইৰ এজন বিষয়াই কয় ৷ এই সোণৰ বাৰবোৰ যাত্ৰী কেইজনে পৰিধান কৰা বিশেষ ধৰণেৰে প্ৰস্তুত কৰা পোচাকত লুকুৱাই অনা হৈছিল আৰু ভুৱা আধাৰ কাৰ্ডৰ দ্বাৰা ভ্ৰমণ কৰিছিল ৷ চোৰাংচোৱাৰ পৰা পোৱা ইংগিত মতে উদ্ধাৰ হোৱা সোণৰ বাৰবোৰ বিদেশী চিহ্ন আছে ৷ মণিপুৰৰ মোৰেৰ আন্তৰ্জাতিক সীমান্তৰ পৰা ম্যানমাৰৰ পৰা ভাৰতলৈ পঠোৱা হৈছিল আৰু গুৱাহাটীৰ পৰা চলাচল কৰা ছিণ্ডিকেটে দিল্লী, কলকাতা আৰু মুম্বাইলৈ প্ৰেৰণৰ চেষ্টা কৰিছিল ৷ সেইবোৰ নগৰত ইয়াৰ গহনা বিশেষভাৱে সমাদৃত ৷ উল্লেখ্য যে জব্দ কৰা সোণৰ বাৰবোৰ ৯৯.৯ শতাংশ বিশুদ্ধ ৷ ইয়াৰ ওজন ৮৩.৬২১ কিলোগ্ৰাম ৷ বজাত ইয়াৰ মূল্য ৪২ কোটি টকা ৷ এই আঠ চোৰাং ব্যৱসায়ীক ১৯৬২ চনৰ শুল্ক আইনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁলোকক ন্যায়িক জিম্মাত লৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

ভিডিঅ’ কলেৰে অৰ্জুন বঁটা গ্ৰহণ লাভলীনাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : যদি পৰিস্থিতি স্বাভাৱিক হয়, তেন্তে তেওঁ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সন্মানিত অৰ্জুন পুৰস্কাৰ গ্ৰহণ কৰিলেহেতেন ৷ শনিবাৰে অসমৰ ২২ বছৰীয়া বক্সাৰ লাভলীনা বৰগোহাঁইয়ে পিপিই পৰিধান কৰি পাটিয়ালাৰ পৰা চণ্ডীগড়লৈ যায় ৷ তাতে তেওঁ জুমৰ জৰিয়তে প্ৰথম দূৰৱৰ্ত্তী ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ অনুষ্ঠানত অংশ লয় ৷ ভিডিঅ’ কলৰ জৰিয়তে তেওঁ অৰ্জুন বঁটা গ্ৰহণ কৰে ৷ জুলাই মাহত পৰিকল্পনা মতে হোৱা নাছিল ৷ টকীয়ত বিশ্বৰ বৃহত্তম ক্ৰীড়া ইভেণ্টত অংশ লোৱাৰ পৰিৱৰ্তে তেওঁ অসমৰ নিজৰ গাঁৱৰ ঘৰলৈ ঘুৰি গৈছিল ৷ দেখিবলৈ পাইছিল খেতিপথাৰত পানী ৷ কিন্তু অসমৰ পৰা অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা লাভলীনাই কয় যে তেওঁ হতাশ হৈছিল ৷ উল্লেখ্য যে আঠ বছৰৰ আগতে অসমৰ গোলাঘাট জিলাৰ ভিতৰুৱা বৰমুখী গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৷ বক্সিং ৰিঙত বিৰোধী এজন বা কিছু বয়স্ক পুৰুষতন্ত্ৰই হওক, এয়া শিকাইছে ৫ ফুট ১১ ইঞ্চি উচ্চতাৰ লাভলীনাই তেওঁৰ পদক্ষেপে ৷ সাধাৰণ পৰিস্থিতিত মই ৰাষ্ট্ৰপতি ভৱন যাব পাৰিলোহেতেন৷ ৰাষ্ট্ৰপতিৰ লগত এখন ফটোত উঠিবলৈ পালোহেঁতেন ৷ কিন্তু কালি মই অনুশীলনৰ বাবে পিপিই পৰিধান কৰি চণ্ডীগড় গৈছিলো৷ সেয়া ঠিকেই আছিল ৷ যেতিয়া অলিম্পিক বাতিল কৰিলে, তাৰ পাচত মই হতাশ অনুভৱ কৰিলো ৷ মই অনুশোচনা কৰিলো যে মই খেল উন্নতিৰ বাবে এই বছৰটো ব্যৱহাৰ কৰিম ৷

৭ ছেপ্টেম্বৰৰ পৰা মুকলি মেট্ৰ’ ৰে’ল

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শিক্ষানুষ্ঠান পুনৰ খোলাৰ লগতে ছুইমিং পুল, ক্ৰীড়া, বিনোদন আদি পুনৰ আৰম্ভ কৰাক লৈ দেশত চৰ্চা হৈ আছিল ৷ সেই সকলো চিন্তা চৰ্চাৰ অৱসান ঘটাই জনোৱা হ’ল অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি কনটেনমেণ্ট জ’নত লকডাউন চলি থাকিব ৷ ইয়াৰ বাদে আনলক ৪ৰ নীতি নিৰ্দেশনা প্ৰকাশ কৰা হৈছে ৷ অহা মাহৰ পৰা বহু ক্ষেত্ৰতে শিথিলতা আনিছে কেন্দ্ৰই ৷ উল্লেখ্য যে আন্তঃৰাজ্যিক পৰিবহণ বা মানুহৰ যাতায়াতৰ ক্ষেত্ৰত বিধি নিষেধ নাথাকিব ৷ আনহাতে যাতায়াতৰ বাবে কোনো বিশেষ পাছৰ প্ৰয়োজন নহ’ব৷ অৱশ্যে আন্তৰ্জাতিক উৰণ যাত্ৰাৰ অনুমতি দিয়া হোৱা নাই ৷ ইয়াৰ লগতে সাধাৰণ মানুহক স্বস্তি দি অহা ৭ ছেপ্টেম্বৰৰ পৰা মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰিব ৷ তদুপৰি অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ থাকিব ৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অনুমতি দিয়া হৈছে অহা ২১ ছেপ্টেম্বৰলৈকে কনটেণ্টমেণ্ট এলেকাৰ বাহিৰৰ শিক্ষানুষ্ঠানত অনলাইন ক্লাছৰ বাবে ৫০ শতাংশ শিক্ষক আৰু শিক্ষাৰ্থী যাব পাৰিব ৷ কনটেণ্টমেণ্ট জ’নক বাদ দি সকলোতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী শিক্ষানুষ্ঠানলৈ যাব পাৰিব ৷ এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত দৃষ্টি ৰাখিব লাগিব ৷ বিদ্যালয়লৈ সন্তানক পঠোৱাৰ বিষয়ে অভিভাৱকে লিখিত দিব লাগিব৷ সামাজিক, শিক্ষামূলক, ক্ৰীড়া, সাংস্কৃতিক, ৰাজনৈতিক, বিনোদন আৰু ধৰ্মীয় অনুষ্ঠান ২১ ছেপ্টেম্বৰৰ পৰা ১০০ জন লোক সমবেত হ’ব পাৰিব ৷ সকলোতে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ চিনেমা হল, থিয়েটাৰ, বিনোদন উদ্যান, ছুইমিং পুল খুলিব পাৰিব ৷ উল্লেখ্য যে মেট্ৰ’ৰ সকলো যাত্ৰী আৰু ৰে’ল কৰ্মীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ ষ্টেচনত আবৰ্জনা বা থু পেলালে জৰিমনা ভৰিব লাগিব ৷

তাই আহোম ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ পুনৰ গঠন

টিংখাং,২৯ আগষ্ট :  সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত নাহৰকটীয়া মহকুমা সমিতিৰ অধীনৰ টিংখাং আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা আজি অনুষ্ঠিত হৈ যায় । সভাত উপস্থিত থাকে আটাছু, কেন্দ্ৰীয় সমিতিৰসভাপতি লিটুল বুঢ়াগোহাঁই কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱজিৎ গগৈ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ভাস্কৰ বৰুৱা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, যুটীয়া সম্পাদক তপন গগৈ, নাহৰকটীয়া মহকুমাৰ সভাপতি-সম্পাদক, মৰাণ মহকুমাৰ সভাপতি-সম্পাদক, কেইবাখনো আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্য কৰি বিষয়-ববীয়াৰ লগতে টিংখাং আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ প্ৰায় চৈধ্যখন (১৪) শাখা সমিতিৰ সভাপতি-সম্পাদক, আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি প্ৰতিনিধি সভাখন সাফল্য মণ্ডিত কৰি তোলে । সভাত অভিজিত গগৈক সভাপতি আৰু বিদ্যুৎ গগৈ আৰু ডুৰিণ গগৈক যুটীয়া সম্পাদক হিচাবে লৈ এখন শক্তিশালী টিংখাং আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা পুনৰ গঠন হয়।

লোকসভা, ৰাজ্য-স্থানীয় নিৰ্বাচনৰ বাবে সাধাৰণ ভোটাৰ তালিকা : এক দেশ এক নিৰ্বাচনৰ লক্ষ্যৰে এখোজ আগুৱালে কেন্দ্ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : এক দেশ এক নিৰ্বাচনৰ লক্ষ্যত আন এক পদক্ষেপ আগুৱাই গ’ল কেন্দ্ৰ ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ, সম্প্ৰতি পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যন্ত দেশত এখনেই নিৰ্বাচনৰ তালিকা তৈয়াৰৰ বাবে গুৰুত্বপূৰ্ণ সভা হৈছে ৷ এই বিধি কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট সংবিধান সংশোধন আৰু প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে এই সভাত আলোচনা কৰা হৈছে ৷ সংবিধান অনুযায়ী, দেশৰ স্থানীয় নিৰ্বাচন অৰ্থাৎ পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ দায়িত্ব থাকে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওপৰত ৷ এই স্থানীয় নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকাও তৈয়াৰ কৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই ৷ তাত কেন্দ্ৰীয় নিৰ্বাচনী আয়ুক্তৰ কোনো হস্তক্ষেপ বা অধিকাৰ নাথাকে ৷ এই পদ্ধতি সলনি কৰিব বিচাৰিছে মোডী চৰকাৰে ৷ যোৱা ১৩ আগষ্টত এই লৈ সভা হয় প্ৰধানমন্ত্ৰী কাৰ্যালয়ত ৷ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰৰ নেতৃত্বত সভাত এই সংক্ৰান্তত সংবিধান সংশোধনী লৈ আলোচনা হয় বুলি জানিব পৰা গৈছে ৷ ভাৰতীয় সংবিধানৰ ২৪৩ কে ধাৰাত পঞ্চায়ত নিৰ্বাচনৰ কথা কোৱা হৈছে ৷ ২৪৩ জেড-এ ধাৰাত কোৱা হৈছে পৌৰসভা নিৰ্বাচনৰ বিষয় ৷ এই দুই ধাৰা অনুযায়ী পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন পৰিচালনৰ আৰু ভোটৰ তালিকাৰ ভাৰ ন্যস্ত কৰা হৈছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওপৰত৷ লগতে কোৱা হৈছে, আয়োগৰ প্ৰধান অৰ্থাৎ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত নিয়োগ কৰে ৰাজ্যপালে ৷ ২৪৩ জেড-এ ধাৰাত পৌৰ নিৰ্বাচন একেদৰেই পৰিচালনা কৰাৰ কথা কোৱা হৈছে ৷ সংবিধানৰ এই দুই ধাৰা সংশোধন কৰি স্থানীয় নিৰ্বাচনকো কেন্দ্ৰীয় নিৰ্বাচনী আয়ুক্তৰ আওতাত অনাৰ বিষয়ে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে বুলি ১৩ আগষ্টৰ এই সভাৰ সূত্ৰত প্ৰকাশ ৷ তদুপৰি ৰাজ্য চৰকাৰবোৰে যাতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভোটাৰ তালিকাক লৈ নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ ব্যৱস্থা কৰে সেই বিষয়ে ৰাজ্যবোৰক আবেদন জনোৱা হ’ব বুলি সভাত সিদ্ধান্ত লৈছে ৷ ২০১৪ চনত প্ৰথমবাৰ কেন্দ্ৰত ক্ষমতাত আহাৰ সময়ত বিজেপি তথা নৰেন্দ্ৰ মোডী চৰকাৰে ‘এক দিশ এক নিৰ্বাচন’ৰ তত্ব আনিছিল ৷ ইয়াৰ অৰ্থ, পঞ্চায়ত-পৌৰসভাৰ পৰা বিধানসভা বা লোকসভা সকলো নিৰ্বাচন একেলগে ৫ বছৰৰ বাবে অনুষ্ঠিত কৰাৰ পক্ষে মত দিছিল প্ৰধানমন্ত্ৰীয়ে নিজেও ৷ বহু সভাত এই কথা প্ৰচাৰ কৰিছিল নৰেন্দ্ৰ মোডীয়ে ৷