Home Blog Page 3201

আজি ভাৰত বন্ধ, গুৱাহাটীত ইয়াৰ আংশিক প্ৰভাৱ

কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৃষক সংগঠনসমূহে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ দেশৰ বিভিন্ন ৰাজ্যত স্থানত  কিছু কিছু প্ৰভাৱ পৰিছে যদিও গুৱাহাটীত ইয়াৰ আংশিক প্ৰভাৱহে দেখিবলৈ পোৱা গৈছে। অসমতো কৃষি আইন বাতিলৰ দাবীৰে সংযুক্ত কিষাণ মর্চাই অহা আহ্বান জনোৱা ভাৰত বন্ধলৈ ৰাজ্যৰ ১৩টা বিৰোধী দলৰ লগতে একাধিক দল–সংগঠনে সমর্থন জনাইছে৷ দেশজুৰি দিনৰ ১১ বজাৰ পৰা ৩বজালৈ অব্যাহত থাকিব এই ভাৰত বন্ধ।

চি পি আই (এম) নেতা ইচফাকুৰ ৰহমানে প্রেৰণ কৰা এক বিবৃতিত প্রকাশ কৰা অনুসৰি কংগ্রেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মঞ্চ, এল ডি পি, আপ, আৰ জে ডি, অসম সংগ্রামী মঞ্চ, চি পি আই (এম), চি পি আই, চি পি আই (এম এল) আৰু আৰ চি পি আই দলে এই বন্ধলৈ সমর্থন আগবঢ়াইছে৷

অশালীন শব্দ প্ৰয়োগ কৰা কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে আইনী যুজঁত নামিব বিধায়িকা আঙুৰলতা

নগাঁও,৭ডিচেম্বৰ : বিজেপিৰ জনপ্ৰিয় বিধায়িকা আঙুৰলতা ডেকাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰা বিপিএফৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ নেতা-কৰ্মী। থানাই থানাই কমল সিং নাৰ্জাৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ । ইফালে বিধায়িকা আঙুৰলতা ডেকায়ো বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে । অশালীন মন্তব্য কৰা নাৰ্জাৰীক কোনো পধ্যেই ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিয়ে বিধায়িকাগৰাকীয়ে।উল্লেখযোগ্য যে, আজি অসম দৰ্শন আঁচনিৰ অধীনত গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগনত উন্নীতকৰণৰ কামৰ আধাৰশিলা আৰু গৌৰীনাথ শিৱমন্দিৰৰ সমূহীয়া ভৱনৰ শুভ ‌উদ্বোধন কৰি এইদৰে মন্তব্য আগবঢ়াই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ।

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ সৌজনত কাকীত অসম ভিত্তিত “লাচিত কাপ ফুটবল প্রতিযােগিতা

জাগীৰােড একাদশ

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ কাকী শাখাৰ ব্যবস্থাপনাত “লাচিত দিৱসৰ লগত সংগতি ৰাখি অসম ভিত্তিত “লাচিত কাপ” ফুটবল প্রতিযােগিতা খন ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা হৈছিল । অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ কাকী শাখাৰ কার্যকর্তা সকলৰ অশেষ প্রচেষ্টাত এই ফুটবল প্রতিযােগিতা খন ১ নং কাকী ক্রীড়াসন্থাৰ খেল পথাৰত অনুষ্ঠিত কৰা হৈছিল । খেল খনৰ প্রথম পুৰস্কাৰ নগদ ১৫,০০১ টকা তথা এক চলন্ত লাচিত ট্ৰফী। দ্বিতীয় পুৰস্কাৰ ৭০০১ টকা তথা এক ট্রফী। খেল খন ৰাইজৰ বাবে কোনাে ধৰণৰ টিকটৰ ব্যৱস্থা নকৰি সম্পূর্ণ বিনামূলীয়া প্রক্রিয়াৰে অনুষ্ঠিত কৰা হৈছিল ।

১৫ তাৰিখৰ পৰা অনুষ্ঠিত হৈ থকা এই “লাচিত কাপ” ফুটবল প্রতিযােগিতাৰ ফাইনেল খেল খন যোৱা ৬ ডিচেম্বৰ তাৰিখে অৰ্থাৎ কালি অনুষ্ঠিত হৈ যায়। লাচিত কাপ ফুটবল প্রতিযােগিতা খনৰ চেম্পিয়ন হয় জাগীৰােড একাদশ । জাগীৰােড একাদশ দলে 3-1 গলৰ ব্যবধানত পৰাত্ত কৰে সঞ্জুৰাং ফুটবল একাদশক।

উল্লেখ্য যে ছেমিফাইনেলত সঞ্জুৰাং ফুটবল একাদশে টাইব্ৰেকাৰত ৪-২ গলৰ ব্যৱধানত পৰাস্ত কৰিছিল কিশলয় সংঘক ।

বিদ্যার্থী পৰিষদ কাকী শাখাৰ সভাপতি পুলিন বৰা, সম্পাদক পার্থ প্রতিম শইকীয়া, যুটীয়া সম্পাদক হিৰক জ্যোতি বৰা, ঋতু ৰাজ শইকীয়া, ৰত্নেশ্বৰ দাস, চচিয়েল মেডিয়া প্রমুখ দিব্যজ্যোতি বৰা, ক্রীড়া সম্পাদক ৰাহুল ভৌমিক, উৎপল ডেকা, দিপুজজল দাস আৰু খেল পৰিচালনা সমিতিৰ সভাপতি ভাগ্য জ্যোতি বৰা, সম্পাদক বিশ্বজিৎ কাকতিৰ প্রচেষ্টাত খেল খন অনুষ্ঠিত হয়।

স্নাতকোত্তৰ পৰীক্ষাত মিঠু মহন্তৰ সাফল্য

 উজনি-মাজুলী, ৭ ডিচেম্বৰঃ উজনি মাজুলী শ্ৰীৰাম বালিগাঁও চাৰিআলি নিবাসী মিঠু মহন্তই সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ বিভাগৰ অন্তিম পৰীক্ষাত নৃতত্ব বিভাগৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। ছাত্ৰজনে নৃতত্ব বিভাগৰ পৰা ৮০.৯% শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম হিচাপে উত্তীৰ্ণ হৈছে । ছাত্ৰজনে জনোৱা মতে মাজুলীৰ দৰে এডোখৰ পিছপৰা ঠাইৰ পৰা গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে অসমৰ এখন আগশাৰীৰ শিক্ষনুষ্ঠানত নিজকে সফল ছাত্ৰ হিচাপে পৰিগণিত কৰিব পৰাত তেওঁ অত্যন্ত সুখী। তেওঁ নিজৰ সাফল্যৰ বাবে পৰিয়ালৰ সহযোগিতা তথা বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু বন্ধু বৰ্গৰ পৰা পোৱা অনুপ্ৰেৰণা কথা উল্লেখ কৰে । উল্লেখোগ্য যে ছাত্ৰজনে ২০১৮ বৰ্ষত গুৱাহাটীস্থিত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা একে বিভাগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিছিল । ছাত্ৰজন উজনি মাজুলী এলেঙ্গী টকৌবাৰী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঋষভ মহন্ত তথা শিক্ষয়িত্ৰী স্বৰ্গীয়া নয়নতৰা মহন্তৰ সন্তান।

প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম লৈ সমগ্ৰ অসম ভ্ৰমণৰে আৰম্ভ হ’ব সদ্ভাৱনা যাত্ৰাৰ

প্ৰয়াত তৰুণ গগৈৰ ইচ্ছানুসৰিয়েই সমগ্ৰ অসম ভ্ৰমণৰ বাবে সাজু হৈছে পুত্ৰ গৈৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তৰুণ গগৈৰ চিতাভষ্ম লৈ সমগ্ৰ অসম ভ্ৰমণৰে আৰম্ভ হ’ব সদ্ভাৱনা যাত্ৰাৰ। পিতৃৰ শেষ ইচ্ছা পূৰণ কৰা প্ৰত্যেক পুত্ৰৰ কৰ্তব্য, সেই কৰ্তব্যকেই পূৰণৰ উদ্দেশ্যে আগবাঢ়িছে গৌৰৱ গগৈ।

৯ ডিচেম্বৰত যোৰহাট জিলাৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব আৰু ১২ জানুৱাৰীত গুৱাহাটীত এই যাত্ৰাৰ সামৰণি পৰিব। ৯ ডিচেম্বৰৰ যাত্ৰাৰ আৰম্ভণিৰ দিনটোত উপস্থিত থাকিব কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিং, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া । ১০ ডিচেম্বৰত তিতাবৰত অনুস্থিত হব শ্ৰদ্ধাঞ্জলি অনুস্থান । পিছত শদিয়ালৈ গৈ চিতাভষ্ম বিসৰ্জন কৰা হ’ব বুলি জনাই পুত্ৰ গৌৰৱ গগৈয়ে। লগতে তেওঁ কয় যে এই যাত্ৰাত প্ৰত্যেকখন জিলা সামৰিবলৈ চেষ্টা কৰা হ’ব। লগতে যাত্ৰাৰ সময়ত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য উত্থাপন নকৰে বুলি দোহাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে।

‘পদযাত্ৰা কৰি যি অঞ্চলত যিয়ে নদী থাকিব তাতেই বিসৰ্জন কৰা হ’ব চিতাভষ্ম । এই যাত্ৰা শান্তিৰ যাত্ৰা, সদ্ভাৱনাৰ যাত্ৰা, অসমৰ সমন্বয়ৰ বাবে থকা তৰুণ গগৈৰ লক্ষ্য-সপোন পুনৰবাৰ সোঁৱৰা হ’ব’ – গৌৰৱ গগৈ।

ডিজিটেল লাইব্ৰেৰীৰ ক্ষেত্ৰতো মন্তব্য গৌৰৱৰ । তেওঁ কয় যে, ‘ডিজিটেল লাইব্ৰেৰীৰ বাবে প্ৰায় ২ হাজাৰ ফটো ইতিমধ্যে সংগ্ৰহ হৈছে যিবোৰ আগতে দেখা হোৱা নাছিল, আৰু বহুত ফ’টো পাবলৈ এতিয়াও বাকি আছে ’।

জামুগুৰিহাটৰ বাপুজী ভৱনত এজাক শিশুৰ কলৰৱ ; মঞ্চস্থ হ’ল শিশু নাট ‘মকৰা’ আৰু ‘সৰস্বতী পূজাৰ আগদিন’

জামুগুৰিহাট,৭ ডিচেম্বৰ: ক’ভিডৰ বাবে প্ৰায় ৯ মাহে শিশুসকল নিজ গৃহতেই সোমাই থাকিবলগীয়া হোৱা কথাটোৱে অকল শিশু সকলকে নহয় অভিভাৱকসকলৰো মনত কষ্ট দিছিল। এনে সময়ত কোনোৱে যদি ৰাজহুৱা স্থানলৈ ওলাই অহাৰ সুবিধা পায়, হাঁহি ধেমালিৰ মাজেৰেই যদি মঞ্চত অনুষ্ঠিত কৰাৰ সুবিধা পায় এখন নাটক তেন্তে তেওঁতকৈ আৰু কোন বেছি সুখী হ’ব পাৰে ! তাৰেই যেন প্ৰতিফলন ঘটিল কালি নিশা জামুগুৰিহাটৰ বাপুজী ভনৱত। যোৱা ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা মুখ্যমন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মঞ্চস্থ কৰা হয় বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ দুখন শিশু নাট ‘মকৰা’ আৰু ‘সৰস্বতী পূজাৰ আগদিন’। জামুগুৰিহাটৰ বিশিষ্ট নাট্য শিল্পী তথা নাট পৰিচালক ৰঞ্জন কুমাৰ দাসৰ যাদুকৰী আঙুলিৰ পৰশত  শিশুসকলে প্ৰদৰ্শন কৰা দুয়োখন নাটেই দৰ্শকক মন মোহিবলৈ সক্ষম হয়। প্ৰতিটো চৰিত্ৰই সাৱলিল অভিনয়েৰে প্ৰতিটো মুহূৰ্ততে  দৰ্শকক মন্ত্ৰ মুগ্ধ কৰি ৰাখে।বিশেষকৈ “সৰস্বতী পূজাৰ আগদিন” নাটকৰ ৰামুৰ চৰিত্ৰত অভিনয় কৰা ব্লেজ বৰা, নয়নৰ চৰিত্ৰত জিজ্ঞাস প্ৰতীম কলিতা আৰু ৰবীনৰ চৰিত্ৰৰ ভাৰ্গৱ ৰঞ্জন শইকীয়াৰ অভিনয় আছিল নিখুঁত আৰু বিশেষভাৱে শলাগ ল’বলগীয়া। নাৰী চৰিত্ৰৰ ক্ষেত্রত দীপ্তিদিশা দাস, পল্লৱী দাস, কাম্যাঞ্জলী শইকীয়া, হিমা দাস আৰু বিস্তৃনা নাথ, মাৰুক আহমেদ আদিয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। আন দুটি বিশেষ চৰিত্ৰ সুকুমাৰৰ চৰিত্ৰত ধ্ৰুৱজ্যোতি বৰুৱাই হাস্যৰস সৃষ্টিৰ বাবে কৰা প্ৰচেষ্টা আৰু মকৰা নাটকত প্ৰতিকনন্দন বৰাৰ অভিনয়ৰ গাম্ভীর্যতা বিশেষভাৱে মন কৰিবলগীয়া। নাটখনত মকৰাৰূপী কণমানি কল্পান্ত দাসৰ ধৈৰ্যৰহে যেন পৰীক্ষা ল’লে পৰিচালক ৰঞ্জন কুমাৰ দাসে। অন্যান্য চৰিত্ৰত অভিনয় কৰা  প্ৰতিকনন্দন বৰা, লহৰজ্যোতি ভূঞা, অনুৰাগ দাসৰ অভিনয়েও ৰাইজৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হৈছে ৷ মঞ্চসজ্জাৰ ক্ষেত্ৰত চিদানন্দ শইকীয়া আৰু জিতেন শইকীয়াৰ কষ্ট সাৰ্থক হৈছে বুলি দৰ্শক ৰাইজে মত পোষণ কৰে। নাট্যসন্ধাটি শুভ উদ্বোধক আছিল নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা। তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এনে প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতে অধিক কাৰ্যসূচীৰে অঞ্চলটোক অধিক প্ৰাণৱন্ত কৰি ৰাখিব বুলি আশা ব্যক্ত কৰে। শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া, বিশিষ্ট নাট্য শিল্পী জিতেন চন্দ্ৰ দাসে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত বাপুজী ভৱনত নাট্য সমাজৰ সম্পাদক বিকাশ বৰা আৰু যুৱ সমাজকৰ্মী মিংকু কলিতাক সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা সন্মান প্ৰদৰ্শন কৰা হয়। হঠাৎ স্থবিৰ হৈ পৰা জামুগুৰিহাটৰ নাট্য আন্দোলনক কালিৰ নাট্য সন্ধ্যাটিয়ে পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে বুলি অঞ্চলবাসী ৰাইজে মত পোষণ কৰে।

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান

নগাঁও, ৬ ডিচেম্বৰ :  নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক  মোহনলাল মিনাৰ নেতৃত্বত ধিঙৰ সোনাৰী গাঁৱৰ হাবিল আলিৰ ঘৰত চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগচৰ লগতে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷ এই অভিযানত দুই কিলোগ্ৰাম হিৰ’ইন, ৯৭৭ গ্ৰাম আফিংৰ  লগতে ১ কুইন্টল গাঞ্জা জব্দ কৰে নগাঁও আৰক্ষীয়ে  ৷ এই অভিযানত মূল অভিযুক্ত হাবিল আলিৰ লগতে মফিদুল হক আৰু বাহাদুল আলম নামৰ তিনিজনক আটক কৰাৰ লগতে হাবিল আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ ১০ লাখ ৭০ হাজাৰ টকা, এখন মহিন্দ্ৰ এক্স ইউ ভি গাড়ী, এখন চুইফট ডিজায়াৰ গাড়ী আৰু এখন পালচাৰ মটৰচাইকেল জব্দ কৰিছে ।

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত মাজুলীৰ ৭৯ নং জামুৱনী প্ৰাথমিক বিদ্যালয়ৰ সাফল্য

উজনি-মাজুলী, ৬ ডিচেম্বৰঃ সদ্যঘোষিত ২০১৯ বৰ্ষৰ  পঞ্চম শ্ৰেণীৰ ‘‘ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা’’ ত মাজুলী জিলাৰ ৭৯ নং জামুৱনী প্ৰাথমিক বিদ্যালয়ৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ গৌৰৱ অক্ষুন্ন ৰাখিছে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জুনু তামুলী আৰু সহঃ শিক্ষক বিকাশ দত্ত, মহেন্দ্ৰ নাথ আৰু কবিতা তামুলীৰ অশেষ কষ্টৰ ফলত এই সাফল্য লাভ কৰিছে ৷ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল হৈছে – নিশামণি শইকীয়া, কপিল বৰা, অবিনাশ বৰা, দিব্যজ্যোতি শইকীয়া আৰু প্ৰিয়ংকা বৰা ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনে সফলতাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷ বিদ্যালয়খনৰ এই সফলতাত  বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়ৰ ৰান্ধনী কমীদ্বয়ে অভিনন্দন জনাইছে ৷ ভৱিষতেও বিদ্যালয়খনে সফলতাৰ এই ধাৰা অব্যাহত ৰাখিব বুলি স্থানীয় ৰাইজে আঁশা ৰাখিছে ৷

সত্য ৰঞ্জন বৰাৰ হোজাইত বেচৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ

হোজাই, ৬ ডিচেম্বৰ: মৌলানা বদৰুদ্দিন আজমলৰ গৃহ চহৰ হোজাইত হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ হুংকাৰ, হোজাইত উপস্থিত হৈ বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত বে চৰকাৰী সংস্থা মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ। বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনে লাভ কৰা পুঁজি সম্পৰ্কে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংগঠনে প্ৰকাশ কৰা কিছু তথ্যৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বাতৰি শিৰোনাম দখল লিখিছিল। বাতৰিত লিখা হৈছিল যে ফৰেইন কন্ট্ৰিবিউশ্যন ৰেগুলেচন এক্ট ভংগ কৰি সন্ত্ৰাসবাদী সংগঠনক সহায় কৰাৰ অভিযোগ থকা কেইবাটাও বিদেশী সংগঠনৰ বিদেশী পুঁজি লাভ কৰিছিল আৰু বাতৰি কাকত কেইখনত আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে বিদেশী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগো উত্থাপন কৰিছিল। এনে প্রতিবেদনৰ ভিত্তিতে সত্য ৰঞ্জন বৰাই হোজাই থানাত উপস্থিত হৈ আজমলৰ সংস্থা  মাৰ্কাজুল মা-আৰিফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গোচৰ নম্বৰ ৮৪৮/২০ ভাৰতীয় দণ্ডবিধিৰ ১২০বি/১২৪এ/৪২০ ৰ অধীনত ৰুজু কৰা হয়। চেকচন ১৩ৰ ফৰেইন এক্সেঞ্জ মেইন্টেনেঞ্চ আইন তথা চেকচন ৩৩ (এ) (বি) ফৰেন কন্ট্ৰিবিউচন (ৰেগুলেচন) সহ পাঠ কৰা হয়।উল্লেখ্য যে ইয়াপূৰ্বেও শুক্রবাৰে সত্য ৰঞ্জন বৰাই এনে অভিযোগৰ সম্পর্কত বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত অন্য এক সংস্থা আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে গুৱাহাটিৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল। অন্যহাতে শনিবাৰে সাংসদ বদৰুদ্দিন আজমলে হোজাইস্থিত নিজ বাসভবনত সংবাদমেল পাতি এনে অভিযোগ পূৰ্ণচাতে নাকচ কৰে। বদৰুদ্দিন আজমলে লগতে কয় যে তেওঁক ৰাজনৈতিকভাবে ধ্বংস কৰিব বিচাৰিছে ৷ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে কৰা এই অপবাদৰ বিৰুদ্ধে সংশ্লিষ্ট সংস্থা তথা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ৷ কাৰ উপৰত গোচৰ তৰা হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয় যে, তেওঁৰ এজন বন্ধু আৰু বন্ধুৰ চেনেলৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ তৰিব ৷

নগাঁৱত ৫শতাধিক কংগ্ৰেছীৰ দলত্যাগ ; সমদল কৰি বিজেপিত যোগদান কংগ্ৰেছ নেতাৰ

নগাঁও, ৬ডিচেম্বৰ: কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাত অসন্তুষ্ট হৈ নগাঁৱত ৫শতাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিলে। আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত নগাঁৱৰ ২২নং ৱাৰ্ডৰ নেতা দ্বীপ লিগিৰা, ২১নং ৱাৰ্ডৰ নেতা উজ্বল বণিক আৰু ৩নং ৱাৰ্ডৰ নেতা বিপুল শইকীয়াৰ নেতৃত্বত ৫শতাধিক কংগ্ৰেছীয়ে আনুষ্ঠানিক ভাৱে গেৰুৱা বসন পৰিধান কৰে। দলত্যাগী কংগ্ৰেছী সকলে সংবাদ মাধ্যমক দিয়া মন্তব্য অনুসৰি সাম্প্ৰদায়িক শক্তিৰে অশুভ মিতিৰালিয়ে তৃণমুল কংগ্ৰেছ কৰ্মীক ৰুষ্ট কৰি তুলিছে। আনহাতে নগাঁও সদৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা  ব্যাপক উন্নয়ণমূলক কাম-কাজে তেঁওলোকক আকৃষ্ট কৰিছে। সেয়ে তেঁওলোকে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিছে। আনহাতে আজিৰ এই যোগদানৰ পিছতে নগাঁও চহৰৰ ৩নং ৱাৰ্ড, ২১নং ৱাৰ্ড আৰু ২২নং ৱাৰ্ড কংগ্ৰেছ শূণ্য হ’ল বুলিও মন্তব্য কৰে দলত্যাগী কংগ্ৰেছী সকলে। ইপিনে যোগদানৰ পূৰ্বে কংগ্ৰেছী সকলে বিধায়ক ৰূপক শৰ্মাক লৈ নগাঁও চহৰৰ মাজৰে বৃহৎ সমদলো বাহিৰ কৰে। কংগ্ৰেছ মূৰ্দাবাদ, ৰিপুণ বৰা মূৰ্দাবাদ, বদৰুদ্দিন আজমল মূৰ্দাবাদ আৰু বিজেপি জিন্দাবাদ ধ্বনিৰে কংগ্ৰেছী সকলে সমদল কৰি সদৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়গৈ। বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমক কয়, বিগত চাৰে চাৰিটা বছৰত নগাঁও সদৰ সমষ্টিত সৰ্বাধিক উন্নয়ণমূলক কাম-কাজ হৈছে। বৰ্তমানৰ চৰকাৰখনে উন্নয়ণৰ লগতে নগাঁৱৰ ৰাইজক গুণ্ডাৰাজৰ পৰা মুক্তি দিয়াৰো চেষ্টা কৰিছে। সেয়ে ৰাইজে বিজেপিক আঁকোৱালি লৈছে আৰু অনাগত নিৰ্বাচনত বিজেপিয়ে নগাঁও সদৰ সমষ্টিত ১লাখতকৈও অধিক ভোট লাভ কৰি জয়ী হ’ব। আনহাতে আজিৰ সভাতে নগাঁও বিজেপিৰ মুখপাত্ৰ অলকমণি ভট্টাচাৰ্যই কয় এতিয়াৰে পৰা নগাঁও চহৰত কংগ্ৰেছৰ পোষ্টাৰ লগাবলৈকো কৰ্মী নাইকীয়া হ’ব। উল্লেখযোগ্য যে বিজেপিৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি শীঘ্ৰেই আৰু কেইবাগৰাকীও কংগ্ৰেছ নেতাই আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব।