নগাঁও,২৯আগষ্ট: “আমাক স্কুটী লাগিবই, আমাক বঞ্চিত নকৰিব” এই আহ্বানৰেই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে নগাঁৱৰ বহু মেধাৱী ছাত্ৰীয়ে। নগাঁৱৰ আনন্দৰাম বৰুৱা জুনিয়ৰ কলেজত এখন সংবাদমেলৰ আয়োজন কৰি ২০১৮-১৯ বৰ্ষত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী সকলে বৰ্তমানৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্কুটী প্ৰদান কৰিবৰ বাবে আহ্বান জনায়। মেধাৱী ছাত্ৰী সকলে কয়, “২০২১ৰ নিৰ্বাচনৰ বাবে এতিয়া ছাত্ৰী সকলক স্কুটী দিয়াৰ কথা চৰকাৰে কৈছে। কিন্তু আমাৰ দিনত কিয় নিদিলে। আমাতকৈ আগত উৰ্ত্তীণ হোৱা ২০১৭ৰ বৰ্ষৰ ছাত্ৰীসকলক দিয়া হ’ল। সেয়ে আমাক বঞ্চিত নকৰিব। আমাক স্কুটী দিবই লাগিব। এয়া আমাৰ প্ৰাপ্য।” লগতে ছাত্ৰীসকলে কয় যে চাইকেল কংগ্ৰেছৰ হে আঁচনি আছিল। স্কুটী দিম বুলি বিজেপিয়েহে কৈছিল। সেয়ে চৰকাৰখনক প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে স্কুটীৰ পৰিৱৰ্তে চাইকেল প্ৰদানৰ কথা ঘোষণা কৰিছিল। সংবাদমেলৰ পিছতে ২০১৮-১৯বৰ্ষৰ বঞ্চিত ছাত্ৰী সকলে স্কুটী প্ৰদানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। আনহাতে, মেধাৱী ছাত্ৰী সকলে আক্ষেপেৰে কয় “আমি উৰ্ত্তীণ হোৱাৰ সময়ত কোনো নিৰ্বাচন নাছিল বাবেই আমি বঞ্চিত হ’লো। কিন্তু আমাতকৈ ছিনিয়ৰ আৰু জুনিয়ৰ সকলে নিৰ্বাচন সমাগত হোৱাৰ বাবেই এই আঁচনি লাভ কৰিলে।”
১০০ বছৰৰ পাচত আবিষ্কাৰ : নতুন প্ৰজাতিৰ চগাৰ সন্ধান অৰুণাচলত
দৈনন্দিন বাৰ্তা ডেস্ক : পাঁচটা পখিলা আৰু চগ গৱেষকৰ এটা দলে এটা নতুন প্ৰজাতিৰ চগাৰ সন্ধান পাইছে আৰু অৰুণাচল প্ৰদেশৰ টেল বন্যপ্ৰাণী অভয়াৰণ্যত এক শতাব্দীৰো বেছি সময় ভাৰতত নেদেখা আন এটা প্ৰজাতি আবিষ্কাৰ কৰিছে ৷ আগষ্ট মাহৰ শেষৰ ফালে ডেৰাদুনৰ টিটলি ট্ৰাষ্টৰ দুজন, বেংগালুৰুৰ নেচনেল চেণ্টাৰ ফৰ বায়’লজিকেল ছায়েন্সৰ দুজন আৰু পুনেৰ এজন গৱেষকে দুটা প্ৰজাতি আবিষ্কাৰ কৰে ৷ নিউজীলেণ্ডৰ অকলেণ্ডৰ জীৱ-জন্তু সম্পৰ্কীয় বিজ্ঞানৰ পত্ৰিকা জুটাস্কাত চলিত সপ্তাহত এই আবিষ্কাৰ হোৱা প্ৰজাতিৰ বিষয়ে প্ৰকাশ কৰিছে ৷ ‘আমি যি নতুন চগাৰ প্ৰজাতি আবিষ্কাৰ কৰিছো সেয়া বিৰল প্ৰজাতিৰ ‘মেটালোলোফিয়া’ৰ অন্তৰ্গত, যাৰ যোগেদি মাত্ৰ ১৬টা প্ৰজাতি বিশ্বজুৰি আৰু ভাৰতত তিনিটা পৰিচিত’ ৷ টিটলি ট্ৰাষ্টৰ সঞ্জয় ছন্ধিয়ে কয়, টেল বন্যপ্ৰাণী অভয়াৰণ্যত যেতিয়া আবিষ্কাৰ হৈছিল তাৰ পাচত আমি ইয়াৰ নামকৰণ কৰিছো ‘মেটালোলোফিয়া টেলেনিছিছ’ ৷ জুটাস্কাত প্ৰকাশ পোৱা মতে ‘মেটালোলোফিয়া টেলেনিছিছ’ প্ৰজাতিটো অন প্ৰজাতিৰ পৰা ওপৰ ফালে আগত ডিম্বাকৃতিৰ ক’লা ধৰণৰ চিন আছে আৰু হিণ্ডিঙত সৰু দাগ পৃথককৈ আছে ৷ গৱেষকসকলে ইয়াৰ দুটা নমুনা সংগ্ৰহ কৰিছে ৷ উল্লেখ্য যে এই প্ৰজাতি আগতে আন মাহত আন ক’তো দেখিবলৈ পোৱা নাযায় ৷ ইয়াৰ জীৱন বুৰঞ্জী জানিব পৰা নাই৷ আনহাতে গৱেষকসকলে অভয়াৰণ্যখনৰ পৰা ‘মেটালোলোফিয়া অপালিনা’ নামৰ আনটো প্ৰজাতিৰ তিনিটা নমুনা সংগ্ৰহ কৰে৷ ইয়াৰে দুটা নমুনা ১৮৮৬ আৰু ১৮৮৯ চনত ছিক্কিমত শেষবাৰ দেখা গৈছিল ৷ এই প্ৰজাতিটো ১৮৯৩ চনত নেপালত দেখা গৈছিল৷ অৰুণাচল প্ৰদেশৰ সুৱনশিৰি জিলাৰ পৰা তিনিটা ‘মেটালোলোফিয়া অপালিনা’ নামৰ প্ৰজাতিটো সংগ্ৰহ কৰে ৷
ক’ৰোনাৰ বাবেই প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ ভাৰ্চুৱেল অনুষ্ঠান : পুৰস্কাৰ প্ৰাপ্তৰ সম্পূৰ্ণ তালিকা
দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ভাৰ্চুৱেল অনুষ্ঠানৰ যোগেদি সন্মানিত কৰা হ’ল ভাৰতীয় ক্ৰীড়াবিদক৷ এই মহামাৰীত খেলুৱৈসকলৰ আত্মবিশ্বাস ভাঙি নপৰে তাত বিশ্বাস ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বৰং সংক্ৰমণৰ পাচত জগত সভাত নিজকে স্বমহিমাৰে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিছে ৷ উল্লেখ্য যে পূৰ্বতে ঘোষিত হৈছিল ৰাজীৱ গান্ধী খেলৰত্ন, অৰ্জুন, দ্রোণাচার্যসহ সকলো পুৰস্কাৰ প্ৰাপকৰ তালিকা ৷ শনিবাৰে ভাৰ্চুৱেল অনুষ্ঠানত দেশক গৌৰাৱাম্বিত কৰা ক্ৰীড়াবিদক সন্মানিত কৰে ৰাষ্ট্ৰপতিয়ে ৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে মল্লযোদ্ধা ভিনেশ ফোগাটসহ তিনিজান ক্ৰীড়াবিদ ৷ মণিকা বাত্ৰা, দ্যুতি চান্দক পুৰস্কৃত কৰাৰ পাচত দেশৰ সকলো ক্ৰীড়া তাৰকাক ধন্যবাদ জনাই ৰাষ্ট্ৰপতিয়ে ৷ আত্মবিশ্বাসেৰে ৰাষ্ট্ৰপতিয়ে কয়, ক’ভিড-১৯ৰ বাবে খেল বিশ্বত বৃহৎ প্ৰভাৱ পৰিছে ৷ অলিম্পিক পিছুৱাই গৈছে ৷ তথাপি আমাৰ বিশ্বাস এই মহামাৰীয়ে ক্ৰীড়াবিদৰ ছন্দ কাঢ়ি নিব নোৱাৰে ৷ খেলে দেশৰ অগ্ৰগতি ঘটাব ৷ ফিটনেছ থাকিলে পাৰফৰ্মমেন্স, সকলো দিশত উন্নতি হয় ৷ আশা কৰো ২০২৮ চনৰ অলিম্পিকত সকলোৱে দেশৰ বাবে শ্ৰেষ্ঠতা উজাৰি দিব ৷ তাতেই আমি বিশ্বৰ শ্ৰেষ্ঠ ১০ পদক জয়ী দেশৰ অন্যতম হ’ব পাৰিম ৷ ইপিনে খেলৰত্নৰে সন্মানিত হোৱাৰ পাচত টুইট কৰি উল্লাস প্ৰকাশ কৰে ৰোহিত শৰ্মাই ৷ তেওঁ জনায়, দেশৰ হৈ খেলিবলৈ পোৱাত তেওঁ গৰ্বিত ৷ এই সন্মানে আগন্তুক দিনত খেলাত অনুপ্ৰেৰণা যোগাব ৷ আনহাতে পুৰস্কাৰপ্ৰাপক সকলক টুইট কৰি শুভেচ্ছা জনায় মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ২৯ আগষ্ট দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ৷ এই দিনটোক কিংবদন্তি খেলুৱৈজনক স্মৰণ কৰি তেওঁক শ্ৰদ্ধা জনাই কেইটামান টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতীয় ক্ৰীড়াত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ আনহাতে ধ্যানচান্দক ভাৰতৰত্নৰে বিভূষিত কৰিবলৈ দাবী কৰে প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ সেৱাগে ৷ উল্লেখ্য যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠানত ৬৫ গৰাকী ক্ৰীড়াবিদ উপস্থিত থাকে৷ ক’ৰোনাৰ বাবে আয়োজিত ভাৰ্চুৱেল অনুষ্ঠান দেশৰ কেইবা ঠাইত উপস্থিত থাকে ৷ ফলত এইবাৰ ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ ৰঙা দলিচাত খেলুৱৈসকল উপস্থিত থাকিবলৈ নাপালে ৷ মন কৰিব লগা যে এইবাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ৭৬ গৰাকী ক্ৰীড়াবিদক বিভিন্ন পুৰস্কাৰৰ বাবে বাছনি কৰিছিল ৷ এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানটো বেংগালুৰু, পুনে, শনিপাত, চণ্ডীগড়, কলকাতা, লক্ষ্ণৌ, দিল্লী, মুম্বাই, ভূপাল, হায়দৰাবাদ আৰু ইটানগৰত আয়োজন কৰা হয়৷ দুৰদৰ্শনৰ কেমেৰা ক্ৰুৰ দ্বাৰা অনুষ্ঠানটো সম্পন্ন কৰা হয় ৷
এইবাৰ পুৰস্কাৰ প্ৰাপকসকল হ’ল-
ধ্যানচান্দ বঁটা : এথলেটিকছত ক্ৰমে কুলদিপ সিং ভুল্লাৰ, জিনচী ফিলিপছ, বেডমিণ্টনত ক্ৰমে প্ৰদীপ শ্ৰীকৃষ্ণ গান্ধে, ট্ৰুপটি মুৰগুনডে, বক্সিঙত ক্ৰমে এন উষা, লখা সিং, ফুটবলত সুখবিন্দৰ সিং ছান্দো, হকীত অজিত সিং, কাবাদিত মনপ্ৰিত সিং, পেৰা এথলেটিকছত জে ৰঞ্জিত কুমাৰ, পেকা বেডমিণ্টনত সত্যপ্ৰকাশ তিৱাৰী, ৰয়িঙত মনজিৎ সিং, সাঁতোৰত প্ৰয়াত শ্ৰী শচীন নাগ, টেনিছত নন্দন পি বল, মল্লযুদ্ধত নেত্ৰপল হুদা ৷
অৰ্জুন বঁটা : আৰ্চাৰিত অতনু দাস, এথলেটিকছত দ্যুতি চান্দ, বেডমিণ্টনত ক্ৰমে সৎয়ুক ছাইৰাজ ৰনকিৰেড্ডী, চিৰাগ চন্দ্ৰশেখৰ ছেথি, বাস্কেটবলত ভিনেশ ভৃগুবংশী, বক্সিঙত ক্ৰমে ছুবেদাৰ মণীশ কৌশিক, লাভলীনা বৰগোঁহাই, ক্ৰিকেটত ইশান্ত শৰ্মা, ইকুইষ্ট্ৰিনত শ্বাৱন্ত অজয় অনন্ত, ফুটবলত সন্দেশ যিনগাম, হকীত ক্ৰমে আকাশদীপ সিং, দীপিকা, কাবাদীত দিপক, খো খোত খালে ছাৰিকা ছুধাকৰ, ৰয়িঙত দত্ত বদন ভূকানাল, শ্বুটিঙত ক্ৰমে মানু ভাকৰ, সৌৰভ চৌধুৰী, টেবুল টেনিছত মাধুৰীকা সুহাছ পাটকাৰ, টেনিছত দিভিজ শ্বাৰান, উইণ্টাৰ স্প’ৰ্টছত শিৱ খেছহাভান, মল্লযুদ্ধত ক্ৰমে দিব্যা কেকৰান, ৰাহুল আৱাৰে, পেৰা ছুইমিঙত সুয়াশ নাৰায়ণ যাদৱ, এথলেটিকছত ছনদীপ পাৰা, পেৰা শ্বুটিঙত মণীশ নাৰৱাল ৷
ধ্যানচান্দ বঁটা (নিয়মীয়া শাখা) : হকীত জুদে ফেলিক্স ছীবাষ্টাইন, মাল্লাখাম্বত যোগেশ মালভিয়া, শ্বুটিঙত যশপাল ৰানা, পেৰা বেডমিণ্টনত গৌৰৱ খান্না ৷
ধ্যানচান্দ বঁটা (জীৱনজোৰা শাখা) : আৰ্চাৰীত ধৰ্মেন্দ্ৰ তিৱাৰী, এথলেটিকছত পুৰুষোত্তম ৰায়, বক্সিঙত শিৱ সিং, হকীত ৰমেশ পাঠানিয়া, কাবাদীত কৃষাণ কুমাৰ হুদা, পেৰা ভাৰ উত্তোলনত বিজয় বালচন্দ্ৰ মুনিশ্বৰ, টেনিছত নৰেশ কুমাৰ, মল্লযুদ্ধত প্ৰকাশ দাহিয়া ৷
ৰাজীৱ গান্ধী খেলৰত্ন : ক্ৰিকেটত ৰোহিত শৰ্মা, পেৰা এথলেটিকছত মাৰিয়াপ্পান টি, টেবুল টেনিছত মণিকা বাট্ৰা, মল্লযুদ্ধত ভিনেশ আৰু হকীত ৰাণী ৷
আঞ্চলিকতাবাদী নেতা অকণ মল্ল বৰুৱাৰ দেহাৱসান
নলবাৰী : আঞ্চলিকতাবাদৰ ধ্বজাবাহক, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন পৌৰপতি, নলবাৰীৰ গৌৰৱ-সু অভিনেতা অকণ মল্ল বুজৰবৰুৱাৰ যোৱা নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত এই বিশিষ্ট ব্যক্তিগৰাকীৰ বয়স ৭৫ বছৰ আছিল। বিগত কেইবা বছৰ ধৰি অকন মল্ল বৰুৱা ৰোগাগ্ৰস্থ হৈ আছিল। অসম গণ পৰিষদ নলবাৰী সমিতিৰ জন্ম লগ্নৰে পৰা দীৰ্ঘদিন ধৰি সভাপতি আছিল অকনমল্ল বৰুৱা। অকণ মল্ল বৰুৱাৰ মৃত্যুৰ বাতৰি লাভ কৰি অসম গণ পৰিষদৰ সকলো নেতা কৰ্মীয়ে শোক প্ৰকাশ কৰাৰ লগতে অগপৰ সভাপতি অতুল বৰাৰ গভীৰ শোক প্ৰকাশ কৰিছে। আঞ্চলিকতাবাদী নেতা অকণ মল্ল বৰুৱা দেহাৱসান ঘটাৰ পিছত তেখেতৰ বাস গৃহত বিভিন্ন দল সংগঠনৰ লগতে অগপ দলৰ নেতা কৰ্মী সকল উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পৰিয়ালক সংবেদনা জ্ঞাপন কৰে। আনহাতে আজি পুৱা অকণ মল্ল বৰুৱাৰ বাসগৃহত অসমৰ যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী উপস্থিত হয়। মন্ত্ৰী গৰাকীয়ে অকণ মল্ল বৰুৱাৰ বিয়োগত গভীৰভাবে শোক প্ৰকাশ কৰি অসম গণ পৰিষদৰ তৰফৰ পৰা অকনমল্ল বৰুৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে অকন মল্ল বৰুৱা এজন শুদ্ধ অসম আঞ্চলিকতাবাদী নেতা আছিল। তেখেতে বিয়োগত নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে।
মোৰাঝাৰত ছাত্ৰী সন্ধানহীন
ডবকা : বিগত সাত দিন ধৰি হোজাই জিলাৰ মোৰাঝাৰৰ এগৰাকী ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ গাঁৱখনৰে মঞ্জুৰুল চৌধুৰী নামৰ যুবকজনে ফুচলাই নাবালিকা শিক্ষাৰ্থীগৰাকীক অপহৰণ কৰি নিয়াৰ বিস্ফোৰক অভিযোগ পৰিয়ালৰ ৷ অপহৃতা নাবালিকাগৰাকী সাত দিনেও উদ্ধাৰ নোহোৱাত শংকিত হোৱাৰ লগতে চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে গাওঁখনৰে বাহাৰ উদ্দিনৰ পুত্ৰ মঞ্জুৰুল চৌধুৰীয়ে অপহৰণ কৰি নিছে শিক্ষাৰ্থীগৰাকীক ৷ যোৱা ২১ আগষ্টত হাতীখালি গাঁৱৰ এইগৰাকী ছাত্ৰী নিশা ঘৰৰ পৰা বাহিৰলৈ উলোৱাৰ সময়তে আন্ধাৰৰ সুযোগ লৈ মঞ্জুৰুল হকে আন কেইজনমানক লগত লৈ নাবালিকাগৰাকীক বলপূৰ্বক অপহৰণ কৰি লৈ যায় বুলি অভিযোগ কৰিছে পৰিয়ালটিয়ে ৷ ঘটনা সংক্ৰান্তত মোৰাঝাৰ থানাত পৰিয়ালটিয়ে এখন এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত মঞ্জুৰুল চৌধুৰীয়ে নাবালিকাগৰাকীক অপহৰণ কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ বিগত সাতদিন ধৰি ছাত্ৰীগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে মোৰাঝাৰ আৰক্ষীয়ে। ইফালে সাতদিন ধৰি আৰক্ষীয়ে অপহৰণকাৰীক আটক কৰাটো দূৰৰ কথা অপহৃতাৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ।
ইউজিচিৰ নিৰ্দেশিকাক বাহাল উচ্চতম ন্যায়ালয়ৰ : চূড়ান্ত পৰীক্ষা পাতিব লাগিব মহাবিদ্যালয়-বিশ্ববিদ্যালয়ে
দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্য চৰকাৰবোৰৰ বিৰোধিতাক উপেক্ষা কৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ সিদ্ধান্তকে চীল মোহৰ মাৰিলে উচ্চতম ন্যায়ালয়ে ৷ আদালতে জনালে, পৰীক্ষা বাদ দি শিক্ষাৰ্থীক উত্তীৰ্ণ কৰিব নোৱাৰিব ৷ সেয়ে ৰাজ্য চৰকাৰবোৰে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা পাতিবই লাগিব ৷ তদুপৰি প্ৰয়োজন হ’লে ৩০ ছেপ্টেম্বৰ পিছুৱাই দিব পাৰে ৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে মাৰ্চ মাহৰ পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয় বন্ধ আছে ৷ এই পৰিস্থিতিত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ প্ৰায় সকলো স্তৰৰ পৰীক্ষা বাতিল কৰা হৈছে ৷ ব্যতিক্ৰম কেৱল চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ ইউজিচিৰ দাবী, নিয়ম অনুযায়ী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নোহোৱাকৈ কোনো শিক্ষাৰ্থীক ডিগ্ৰী দিয়া সম্ভৱ নহয় ৷ সেয়া স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাও হ’ব পাৰে ৷ যোৱা ৬ জুলাইত এক নিৰ্দেশিকা জাৰি কৰি ইউজিচিয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা পাতিবলৈ চূড়ান্ত সীমা ঘোষণা কৰিছিল ৷ কিন্তু ক’ৰোনা আতংকৰ মাজত বহু ৰাজ্যই পৰীক্ষা অনুষ্ঠিত কৰাত পক্ষপাতী নাছিল ৷ ক’ৰোনা সংক্ৰমণৰ বাবে পৰীক্ষা বাতিল কৰাৰ দাবীত একাধিক আবেদন উচ্চতম ন্যায়ালয়ত জমা হৈছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ে কোনো আবেদন মানি নল’লে ৷ উচ্চতম ন্যায়ালয়ে ইউজিচিৰ পক্ষে ৰায় দিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ বিচাৰপীঠে ভিডিঅ’ কনফাৰেন্স যোগে এই ৰায় দিয়ে ৷
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ গ্ৰহণ ডনাল্ড ট্ৰাম্পৰ
দৈনন্দিন বাৰ্তা ডেস্ক : শাসক দল ৰিপ্লাবিকান পাৰ্টিৰ হৈ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ গ্ৰহণ কৰিলে ডনাল্ড ট্ৰাম্পে ৷ স্থানীয় সময় বৃহস্পতিবাৰে নিশা হুৱাইট হাউচৰ ৰিপ্লাবিকান নেচনেল কনভেনছনত ‘আৰু চাৰি বছৰ’ শ্ল’গানৰ মাজত মনোনয়নপত্ৰ গ্ৰহণ কৰে তেওঁ ৷ মঞ্চত ট্ৰাম্পক দলৰ আগত পৰিচয় কৰাই দিয়ে তেওঁৰ কন্যা ইভানা ট্ৰাম্পে ৷ নিজৰ ভাষণত ট্ৰাম্পে কয়, আপোনালোকৰ সমৰ্থনত মই সন্মানিত, যোৱা চাৰি বছৰে যি উন্নতি আমি কৰিছো, তাৰ বাবে গৰ্বিত আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আত্মবিশ্বাসী মই আৰু চাৰি বছৰ আমেৰিকাৰ হকে কাম কৰিম ৷ এইবাৰ ৰাষ্ট্ৰপতি হৈ আমেৰিকাৰ ইতিহাসত অৰ্থনৈতিকভাৱে সকলোতকৈ শক্তিশালী কৰিম ৷ ৭০ মিনিটৰ ভাষণত কেৱল নিজৰ চাৰি বছৰৰ পৰিকল্পনাই নহয়, তেওঁৰ প্ৰতিদ্বন্দ্বী ডেমক্ৰটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনকো আক্ৰমণ কৰে ৷ ইয়াৰ লগতে বিৰোধী দলকো কটাক্ষ কৰে ট্ৰাম্পে ৷
জেইই (মেইন) পৰীক্ষাত ১০ লাখ মাস্ক, ১০ লাখ যোৰ গ্ল’ৱছ, ৬৬০০ লিটাৰ হেণ্ড ছেনিটাইজাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ১০ লাখ মাস্ক, ১০ লাখ যোৰ গ্ল’ৱছ, ১৩০০ ইনফ্ৰাৰেড থাৰ্ম’মিটাৰ বন্দুক, ৬৬০০ লিটাৰ হেণ্ড ছেনিটাইজাৰ আৰু সমান পৰিমাণৰ জীৱাণুনাশক তৰল, ৬৬০০ স্পঞ্জ, ৩৩০০ স্প্ৰে বটল আৰু ৩৩০০ পৰিচ্ছন্নতা কৰ্মী এইবোৰক লৈ ১৩ কোটি টকা অতিৰিক্ত ব্যয় কৰি অনুষ্ঠিত কৰা হ’ব জেইই (মেইন) পৰীক্ষা ৷ ক’ভিড প্ৰাদুৰ্ভাৱৰ পাচত প্ৰথম ৰাষ্ট্ৰীয় স্তৰৰ প্ৰৱেশিকা পৰীক্ষাৰ জেইই (মেইন)ৰ বাবে ৬৬০টা পৰীক্ষামূলক পৰীক্ষাৰ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনইএ)ই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ স্বাস্থ্য সম্পৰ্কিয় উদ্বেগৰ কাৰণ হিচাপে বিভিন্ন ৰাজ্য চৰকাৰে পৰীক্ষা পিছুৱাই দিবলৈ দাবী কৰিছে, তথাপি কেন্দ্ৰই পৰিকল্পনা কৰা মতে জেইই (মেইন) আৰু এনইইটিৰ সৈতে আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে ৷ নতুবা এটা বছৰ হেৰুৱাব আৰু ভৱিষ্যতে ক্ষতিগ্ৰস্ত হ’ব ৷ ইঞ্জিনিয়াৰিং প্ৰত্যাশীৰ বাবে এটা অনলাইন পৰীক্ষা জিইই (মেইন) ১ৰ পৰা ৬ ছেপ্টেম্বৰ আৰু এনইইটি, মেডিকেল আৰু ডেণ্টেল ক’ৰ্চৰ বাবে এক পেন-পেপাৰ পৰীক্ষা ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা ৷ জেইই (মেইন)ৰ বাবে প্ৰায় ৮.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে, য’ত ১.১৪ নিৰিক্ষককে পৰ্যৱেক্ষণ কৰিব ৷ প্ৰাদুৰ্ভাৱৰ আগেয়ে এনটিএয়ে ৫৭০ টা জেইই (মেইন) পৰীক্ষা কেন্দ্ৰ চিহ্নিত কৰিছিল ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিবৰ বাবে এতিয়া ইয়াক বৃদ্ধি কৰা হৈছে ৷ ছিফ্টৰ সংখ্যা ৮ ৰ পৰা ১২লৈ বঢ়োৱা হৈছে ৷ প্ৰতি ছিফ্টত প্ৰাৰ্থীৰ সংখ্যা কমিছে ১.৩২ লাখৰ পৰা ৮৫০০০লৈ ৷ ইয়াৰ আগতে ৩০ জন শিক্ষার্থীৰ বাবে দুজন পৰ্যৱেক্ষক নিয়োগৰ পৰিকল্পনা কৰা হৈছিল ৷ এনটিএৰ সঞ্চালক প্ৰধান বিনীত যোশীয়ে এনেদৰে কয়৷ পৰীক্ষা দুটা ছিফ্টত তিনি ঘণ্টাৰ হ’ব ৷
কেন্দ্ৰৰ নিৰ্দেশ : ঘৰুৱা উৰণত যাত্ৰীয়ে পাব খাদ্য
দৈনন্দিন বাৰ্তা ডেস্ক : ঘৰুৱা বিমানত এতিয়াৰ পৰা পেকেটত থকা খোৱা বস্তু, স্নেকছ আৰু পানীয় পৰিৱেশন কৰা হ’ব ৷ এই নিৰ্দেশ দিছে কেন্দ্ৰই৷ আনকি আন্তৰ্জাতিক উৰণত এতিয়াৰ পৰা পেকেটত থকা গৰম খাদ্য পৰিৱেশন কৰাৰ অনুমতি দিয়া হৈছে ৷ আনহাতে বিমানত কোনো যাত্ৰীয়ে মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰিলে তেওঁক বিমানৰ পৰা নামি যাবলৈ নিৰ্দেশ দিব ৷ আনকি সেই যাত্ৰীক “ন’ ফ্লাই” তালিকাত কিম্বা ক’লা তালিকাভূক্ত কৰাব পাৰিব বিমান কোম্পানীয়ে ৷ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ এজন বিষয়াই এই কথা জনাইছে ৷ ক’ৰোনা মহামাৰীৰ বাবে দীৰ্ঘ দিন বন্ধ আছিল বিমান চলাচল ৷ ২৫ মে’ৰ পৰা ঘৰুৱা বিমান চলাচল আৰম্ভ হ’লেও যাত্ৰীৰ খোৱা পৰিৱেশনত নিষেধাজ্ঞা জাৰি কৰা আছিল ৷ আন্তৰ্জাতিক উৰণত যাত্ৰীক কেৱল পেকেটত থকা ঠাণ্ডা খোৱা বস্তু আৰু পানী দিয়া হৈছিল ৷ তদুপৰি বিমান যাত্ৰাৰ সময়ৰ ওপৰত বহু নিৰ্ভৰ কৰিছিল ৷ উৰণত যাত্ৰীৰ খোৱা বস্তু পৰিৱেশনৰ ক্ষেত্ৰত বিধি নিষেধ উঠালেও দেশত ক’ৰোনা সংক্ৰমণ বাঢ়ি আছে ৷ যোৱা ২৪ ঘণ্টাত দেশত সংক্ৰমিত হৈছে ৭৭,২৬৬ জন। দেশত মুঠ আক্ৰান্ত হৈছে ৩৩,৮৭,৫০০ জন৷ আনহাতে দেশত ক’ৰোনাত মুঠ মৃত্যু হৈছে ৬১,৫২৯ জনৰ ৷
“ড° হিমন্ত বিশ্ব শৰ্মা এতিয়া এজন ব্যক্তি হৈ থকা নাই, বৰ্তমান তেওঁ এটা বৃহৎ অনুষ্ঠান” : বিধায়িকা আঙুৰলতা ডেকা
নগাঁও,২৮ আগষ্টঃ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত মনোনীত হোৱাৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, দায়িত্বই মানুহক উৎসাহিত কৰে। দলে যি দায়িত্ব দিছে সেয়া নিয়াৰিকৈ পালন কৰি যাম। চৰকাৰৰ আঁচনিসমূহ মহিলাসকলৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম ৷ ইফালে,অসমৰ এজন দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচন নেখালাৰ প্ৰসংগতো মত প্ৰকাশ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকাগৰাকীয়ে কয় ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। তেখেত বৰ্তমান এগৰাকী ব্যক্তি হৈ থকা নাই। তেখেত এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। যিটো অনুষ্ঠানে নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈ আছে। বিশেষকৈ কোৰোণা মহামাৰীৰ সময়ত তেখেতে যি ভূমিকা গ্ৰহণ কৰিলে সেয়া অসমৰ সোণালী ইতিহাসত লিখা থাকিব। তেখেতৰ কৰ্ম দক্ষতাক শাত-শতৰুৱেও স্বীকাৰ কৰিব। গতিকে তেখেতক অসমত প্ৰয়োজন আছে। অসমৰ ভৱিষ্যতৰ বাবে, অসমীয়া জাতিটোৰ বাবে তেখেতে সক্ৰিয়ভাৱে চৰকাৰত থাকিবই লাগিব। এইটো আমাৰ অনুৰোধ নহয়, তেখেতৰ ওচৰত দাবী। লগতে বিধায়িকা গৰাকীয়ে কয় যে, তেখেতে ভৱিষ্যতেও ৰাইজৰ হৈ সেৱা আগবঢ়াই যাব বুলি আশা কৰিছো।













