Home Blog Page 3196

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীক অভিনন্দন নাছাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীয়ে পৃথিৱীৰ পৰা ৯.৩ বিলিয়ন আলোকবৰ্ষৰ দূৰৈত অৱস্থিত বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ দূৰৱৰ্ত্তী তাৰকাপুঞ্জ আবিষ্কাৰ কৰাৰ এদিনৰ পাচত নাছাই এই আবিষ্কাৰৰ বাবে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলক অভিনন্দন জনাইছে ৷ এই আশ্চৰ্যজনক আবিষ্কাৰৰ বাবে নাছাই গৱেষকসকলক অভিনন্দন জনাইছে ৷ নাছাৰ জনসম্পৰ্কৰক্ষী বিষয়া ফেলিচিয়া চুৱে এই কথা কয় ৷ তেওঁ লগতে কয়, বিজ্ঞানে বিশ্বজুৰি এটা সহযোগী প্ৰচেষ্টা আৰু এই আবিষ্কাৰবোৰে আমি ক’ৰ পৰা আহিছো, ক’লৈ গৈছো আৰু আমি কি অকলশৰীয়া সেই সম্পৰ্কে বুজাত সহায় কৰিব ৷ পুনেৰ ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছৰ ড° কনক সাহাই এইউডিএফঐছ০১ নামৰ তাৰকাপুঞ্জ আবিষ্কাৰ কৰা দলটোৰ নেতৃত্ব দিছিল ৷ পৃথিৱীৰ পৰা এই তাৰকাপুঞ্জ ৯.৩ বিলিয়ন দূৰৈৰ অৱস্থিত৷ ভাৰতৰ এষ্ট্ৰছাট/ইউভিআইটিয়ে এই অন্যান্য কীৰ্তি অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কাৰণ নাছাৰ হাবল স্পেছ টেলিস্কোপতকৈ সমস্যা বহু কম ৷ ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছৰ সঞ্চালক ড° ছমিক ৰয় চৌধুৰীয়ে কয় যে এই আবিষ্কাৰে বিশ্বৰ কৃষ্ণ যুগ অন্ত পৰিল আৰু বিশ্ব পোহৰ হ’ল সেই বিষয়ে জনাত গুৰুত্বপূৰ্ণ দিশ দিব ৷ ভাৰতৰ প্ৰথম মহাকাশ পৰ্যৱেক্ষক এষ্ট্ৰছেট যিটো আবিষ্কাৰ কৰিছে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)য়ে ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল ৷ ইছৰোৰ সম্পূৰ্ণ সহযোগত ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছ প্ৰাক্তন এমেৰিটাছ অধ্যাপক, শ্যাম টেণ্ডনৰ নেতৃত্বত এটা দল গঠন কৰা হৈছিল ৷

ছাইবাৰ যুদ্ধ : ভাৰতত পাবজীসহ ১১৮ টা চীনা এপ নিষিদ্ধ

দৈনন্দিন বাৰ্তা ডেস্ক : গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষৰ পাচত কাৰ্যত ভাৰত-চীনৰ ছাইবাৰ যুদ্ধ আৰম্ভ হয় ৷ প্ৰথম পৰ্যায়ত ৫৯টা এপ নিষিদ্ধ কৰাৰ পাচত কেন্দ্ৰই জনাইছিল, কেন্দ্ৰৰ ২৫০টা এপ পৰ্যৱেক্ষণৰ ভিতৰত ৰাখিছে ৷ পূৱ লাডাখত পুনৰ চীনে অনুপ্ৰৱেশৰ চেষ্টা চনাই থকাৰ সময়তে এইবাৰ ১১৮টা এপ নিষিদ্ধ কৰিলে মোডী চৰকাৰে ৷ এইবোৰৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ এপটো হ’ল ‘পাবজী’। ভাৰতে এই এপবোৰ পুনৰ ডাউনলড কৰিবলৈ নিদিয়ে ৷ এই সকলোবোৰ মিলি ২২৪টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰতে ৷ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনোৱা মতে তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰাত এই এপবোৰ নিষিদ্ধ কৰা হৈছে ৷ কাৰণ হিচাপে কোৱা হৈছে, এই সকলো এপ ইমান কামত লিপ্ত, যিটো ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনস্বাৰ্থৰ পৰিপন্থী ৷ কোটি কোটি ভাৰতীয় ম’বাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হয় বুলি জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷ স্মৰ্তৱ্য যে যোৱা ১৫ জুনত গালৱান উপত্যকাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনাৰে সংঘৰ্ষত কমাণ্ডাৰ পৰ্যায়ৰ এজন বিষয়া আৰু ১৯জন জোৱানৰ মৃত্যু হৈছিল ৷ তাৰ পাচতে নতুন দিল্লী-বেইজিঙৰ মাজত সংঘাত চৰম পৰ্যায়ত উপনীত হয় ৷ তাৰ ফলতেই যোৱা ২৯ জুনত টিকটক, ইউচি ব্ৰাউজাৰ, শ্বেয়াৰইট, উইচাট, ভিগ’ লাইভসহ ৫৯টা এপ নিষিদ্ধ কৰিছিল তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷ তাৰ কিছু দিনৰ পাচত এই সকলো এপৰ সহযোগী আন ৪৯টা এপ বাতিল কৰা হৈছিল ৷ ইয়াৰ লগতে কেন্দ্ৰই জনাই যে সকলো মিলি ২৫০ টা চীনা এপ কেন্দ্ৰই তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ সেই তালিকাৰ পৰাই ১১৮টা এপ নিষিদ্ধ কৰা হ’ল ৷ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনাইছে যে সমাজৰ বিভিন্ন স্তৰৰ পৰা পাবজীৰ দৰে কিছু এপ লৈ অভিযোগ দিছিল বিভিন্ন মহলে ৷ গ্ৰাহকৰ তথ্য হাতত লৈ সেই তথ্যৰ অপব্যৱহাৰসহ নানা অভিযোগ উত্থাপন হৈছিল ৷ মন্ত্ৰালয়ে লক্ষ্য কৰিছে, এয়া অতি গুৰুতৰ উদ্বেগৰ বিষয় ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছাইবাৰ ক্ৰাইম শাখাক এই এপবোৰ ব্লক কৰিবলৈ কৈছিল ৷

ভাৰতত ক’ৰোনা ভাইৰাছত মহিলাতকৈ পুৰুষৰ মৃত্যুৰ পৰিমাণ দুগুণ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনা ভাইৰাছত মহিলাতকৈ পুৰুষৰ মৃত্যুৰ পৰিমাণ দুগুণ ৷ ৬৯ শতাংশ পুৰুষৰ মৃত্যু হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে এই মহামাৰীত কিদৰে বয়স আৰু লিংগ ভেদে মানুহক প্ৰভাৱিত কৰিছে তাৰ তাৰিখত নিয়মীয়াকৈ চালে সৰ্বাধিক পুৰুষ দেখা যায় ৷ ৯০ শতাংশৰ অধিক লোকৰ মৃত্যু, পুৰুষ আৰু মহিলা উভয়ৰে ভিতৰত ৪০ বছৰৰ ওপৰৰ লোক আছে ৷ ২২ আগষ্টত ৫৬২৯২ জন ক’ভিড-১৯ত দেশত মৃত্যু হোৱা আধাৰো বেছি ৫০-৭০ বছৰৰ ভিতৰত ৷ উভয় লিংগৰ ভিতৰত ক’ভিড-১৯ত সকলোতকৈ বেছি ৬১-৭০ বছৰ বয়সৰ লোকৰ মৃত্যু হৈছে ৷ ক’ভিড-১৯ত মৃত্যু হোৱা তিনিজনৰ ভিতৰত এগৰাকীৰো কম মহিলা আছিল ৷ ২২ আগষ্টত মুঠ ৫৬২৯২ জন লোকৰ ভিতৰত ১৭৩১৫ গৰাকী মহিলাৰ মৃত্যু হয় ৷ তথ্য মতে আগষ্টৰ তৃতীয় সপ্তাহত এই মহামাৰীত ৩৮৯৭৩ জন পুৰুষৰ মৃত্যু হয় ৷ যিটো ‘আপডেট হোৱা’ আৰু ‘আনবোৰ’ হিচাপত চাৰিটা মৃত্যু শ্ৰেণীবদ্ধ কৰা হয় ৷ মৃত্যুৰ অপ্ৰত্যাশিত তথ্য প্ৰদৰ্শিত হৈছে যিটো ৰোগীৰ বিশ্বজুৰি মৃত্যুৰ প্ৰৱনতা সম্পৰ্কে বিজ্ঞানীয়ে যি পৰ্যৱেক্ষণ কৰিছে তাক পুনৰাই নিশ্চিত কৰে- পুৰুষৰ বাবে আৰু বয়স্কৰ ক্ষেত্ৰত অস্বাভাৱিকভাৱে মাৰাত্মক ৷ ক’ভিডত মৃত্যুৰ ভিতৰত মহিলাৰ পৰিমাণ তৃতীয় ৷ আনহাতে ২০ বছৰ আৰু তলৰ ছোৱালী আৰু ল’ৰাৰ মৃত্যুৰ হাৰ একেই ৷ ১১-২০ বছৰ বয়সীয়া ছোৱালীৰ ৫৯৯ ক’ভিড-১৯ত মৃত্যুৰ ভিতৰত ৪৯ শতাংশ আছিল ছোৱালী ৷ ১০ বছৰৰ তলৰ শিশু ক’ভিড-১৯ত মৃত্যু সকলোতকৈ কম সম্ভাৱনা ৷ ক’ভিড-১৯ত ৩০১জন ৯০ বছৰৰ ওপৰৰ ব্যক্তি মৃত্যু হৈছে ৷ ইয়াৰ পৰিমাণ হ’ল মুঠ মৃত্যুৰ ০.৫ শতাংশ ৷ বিশ্ব স্বাস্থ্য সংস্থা জুন মাহৰ তথ্য মতে বিশ্বজুৰি গড় তুলনাত বহু কম যিটো ৮৫ বছৰ বয়সীয়া বা তাৰ বেছি বয়সীয়া লোকৰ মৃত্যুৰ পৰিমাণ ৩.৪ শতাংশ ৷ বহুমূত্ৰ ৰোগ, হাইপাৰটেনচন আৰু বৃক্ক ৰোগত ভোগা লোকৰ বাবে ক’ৰোনাত আক্ৰান্তৰ বিপদ বেছি ৷

ব্যক্তিগত বিদ্যালয়বোৰক চৰকাৰে সকাহ দিয়ক

অংশুমান ভূঞা

ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ ফলত বিভিন্ন খণ্ড বেয়াকৈ প্ৰভাৱিত হৈছে। তাৰ ভিতৰত ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো উল্লেখযোগ্য। এই বিদ্যালয়বোৰৰ ৰাজ্যখনৰ শৈক্ষিক দিশৰ উত্তৰণত অৱদান অনস্বীকাৰ্য। কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে অতি দায়িত্ব সহকাৰে অনুষ্ঠানবোৰ পৰিচালনা কৰা হয়। মুষ্টিমেয় অভিজাত বিদ্যালয়ৰ বাহিৰে গৰিষ্ঠ সংখ্যক বিদ্যালয়েই কম মাচুলতে গুণগত শিক্ষা দি আহিছে। তদুপৰি দুখীয়া শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষাদানো কৰি আহিছে। শিক্ষক-শিক্ষয়িত্ৰীৰ কষ্ট অনুপাতে দৰমহা-পাতিও কম। লকডাউনৰ ফলত মাচুল সংগ্ৰহ নোহোৱাত বহু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিগত ৫-৬ মাহ ধৰি ফুটাকড়ি এটাও চুব পৰা নাই। অনাদায় মাচুল কেতিয়াবালৈ যে উঠিব সেয়াও সন্দেহৰ আৱৰ্তত। বিদ্যালয়বোৰৰ বহুখিনি কৰ্মচাৰীয়ে আকৌ মধ্যবিত্ত ঘৰৰ, যাক কোনো চৰকাৰী সাহায্য আঁ‌চনিয়ে ঢুকি নাপায়। এবাৰ শিক্ষকতা বৃত্তিৰ মাজত সোমোৱাৰ পাছত আন কামত সতকাই ধৰাও মানসিকভাৱে অত্যন্ত কঠিন। তাৰ মাজতে আকৌ মাচুল ৰেহাইৰ চৰকাৰী নিৰ্দেশ। যিহেতু ব্যক্তিগত বিদ্যালয়ত অকল চৰকাৰী কৰ্মচাৰীৰ সন্তানেই নপঢ়ে, সেয়ে এফালৰ পৰা এই নিৰ্দেশৰ যুক্তিযুক্ততাও নোহোৱা নহয়। কিন্তু আৰ্থিকভাৱে পৰিচালনা সমিতি সবল নোহোৱা বাবে বহু বিদ্যালয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তন কৰিবলৈ বাধ্য হৈছে। ই তেওঁলোকক আৰু দুৰ্দশাৰ পিনে ঠেলি নিছে। পৰিচালনা সমিতিবোৰৰ যৎকিঞ্চিৎ জমাধন আছিল সেয়া সমূলি শেষ। সেয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে যাতে এই বিষয়টো এবাৰ বিবেচনা কৰি চাই ব্যক্তিগত বিদ্যালয়বোৰলৈ সহায়ৰ হাত আগবঢ়াই তাৰেই অনুৰোধ জনালোঁ।

দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য

দৈনন্দিন বাৰ্তা ডেস্ক : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীত শেষকৃত্য সম্পন্ন হ’ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ লোদী ৰ’ডত গান চেলুটৰ মাজেৰে শেষ বিদায় জনোৱা হ’ল দেশৰ ১৩তম ৰাষ্ট্ৰপতিক ৷ ইয়াৰ লগে লগে অৱসান হ’ল পাঁচ দহক দিল্লীত বৰ্ণময় ৰাজনীতি কৰা প্ৰণৱ মুখাৰ্জী যুগৰ ৷ চিকিৎসা চলি থকা সময়তে প্ৰণৱ মুখাৰ্জীৰ ক’ৰোনা ৰিপৰ্ট পজিটিভ আহে ৷ তেওঁক দিল্লীৰ ৰাজাজী ৰ’ডৰ ঘৰৰ পৰা আৰম্ভ কৰি লোদী ৰোডৰ মহাশ্মশানত সকলোৱে ক’ভিড নিয়ম মানি শেষকৃত্য কৰে ৷ পিপিই কিট পৰিধান কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে ৷ পৰিয়ালৰ আন সদস্যইও পিপিই কিট পৰিধান কৰি শ্মশানত উপস্থিত হয় ৷ সকলোৱে ক’ভিড নিয়ম মানি শেষকৃত্যত উপস্থিত থাকে ৷ অৱশ্যে ইয়াত লোকৰ সংখ্যা সীমিত ৰখা হৈছিল ৷ ইয়াৰ আগতে দিল্লীৰ সেনা হাস্পতালৰ পৰা প্ৰণৱ মুখাৰ্জীৰ মৃতদেহ লোদী ৰ’ডৰ বাসভৱনলৈ অনা হয় ৷ তাতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসহ শাসক-বিৰোধীসহ সকলো দলৰ ৰাজনীতিবিদে তেওঁক শেষ শ্ৰদ্ধা জনায় ৷ ইপিনে ক’ভিডৰ বাবে মৃতদেহ ঘৰৰ এটা কোঠাত ৰখা হয় ৷ কিন্তু তাত কাকো সোমাবলৈ দিয়া নাছিল ৷ তাৰ পৰিবৰ্তে এটা বেদি তৈয়াৰ কৰি প্ৰণৱ মুখাৰ্জীৰ ছবি ৰখা হয় ৷ সেই ছবিতে সকলোৱে ফুল, মালা দি শ্ৰদ্ধা জনায় ৷ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ উপৰি প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতিক শ্ৰদ্ধা জনায় উপৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাত, সস্ত্ৰীক প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ লোকসভাৰ দল নেতা অধীৰ চৌধুৰী, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালসহ বহু নেতা-মন্ত্ৰী আৰু সাধাৰণ লোক ৷ তেওঁৰ মৃত্যুত সাত দিন ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰই৷ এই সাত দিন ৰাষ্ট্ৰীয় পতাকি অৰ্ধনমিত কৰা হ’ব ৷

দেশত ১২০ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ইতিমধ্যে ২৩০ বিশেষ ৰে’ল চলিছে ৷ ইয়াৰ পাচত আন ১২০ বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ আনলক ৪ আৰম্ভ হোৱাৰ পাচত আৰম্ভ হৈছে মেট্ৰ’ ৰে’ল সেৱা ৷ ৰে’ল ব’ৰ্ডৰ সূত্ৰই জনোৱা মতে ৰে’ল চলাবৰ বাবে ৰাজ্যবোৰৰ লগত আলোচনা কৰিছে ৰে’ল কৰ্তৃপক্ষই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সেউজ সংকেত পালে প্ৰায় ১০০ খন ৰে’ল চলোৱা হ’ব ৷ পাচত বঢ়োৱা হ’ব ৰে’লৰ সংখ্যা ৷ ৰে’লবোৰ চলিব বিভিন্ন ৰাজ্য আৰু ৰাজ্যৰ ভিতৰত ৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ মাজতে পৰ্যটক, শিক্ষাৰ্থী, বিভিন্ন ৰাজ্যত বন্দী হৈ থকা মানুহ আৰু শ্ৰমিকৰ বাবে ১ মে’ৰ পৰা এক্সপ্ৰেছ আৰম্ভ কৰিছিল ৷ ৰাজ্যবোৰৰ সৈতে পৰামৰ্শ লৈ ক’ৰোনা স্বাস্থ্য বিধি মানি আৰম্ভ হৈছিল এই ৰে’ল চলাচল ৷ ইপিনে ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলে জনায় যে দেশৰ ৯৬০টা ষ্টেচন সৌৰ বিদ্যুতৰ ব্যৱস্থা কৰিছে ৷ ২০৩০ চনৰ ভিতৰত দেশৰ সকলো ষ্টেচনত সৌৰ বিদ্যুতৰ ব্যৱস্থা কৰা হ’ব ৷ সেই ষ্টেচনৰ ভিতৰত আছে নতুন দিল্লী, পুৰণা দিল্লী, ছেকেন্দ্ৰাবাদ, কলকাতা, গুৱাহাটী, হাইদৰাবাদ ৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ভাৰতক ৩৫০০ কোটি টকাৰ ঋণ জাপানৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে জাপানৰ দাতা এজেন্সী জাইকাই ভাৰতক ৩৫০০ কোটি টকাৰ ঋণ দিয়া উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত এক চুক্তিত স্বাক্ষৰ কৰিছে ৷ স্বাস্থ্য খণ্ডত আত্মনিৰ্ভৰ ভাৰত পেকেজ হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (প্ৰধানমন্ত্ৰী-এএছবিৱাই) বাস্তৱায়িতৰ বাবে প্ৰত্যাশিত ধন ব্যয়ৰ বাবে ভাৰত চৰকাৰক এই ঋণৰ ধন বিতৰণ কৰা হ’ব ৷ জাপানৰ আন্তৰ্জাতিক সহযোগিতা সংস্থা (জাইকা)ই এক বিবৃতিত কয়, প্ৰকল্পৰ উদ্দেশ্য ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধ হিচাপে স্বাস্থ্যত জৰুৰী প্ৰতিক্ৰিয়া কৰ্মসূচী বাস্তৱায়িত কৰাত ভাৰত চৰকাৰক বাজেটৰ সহায়ক ৰূপে জনস্বাস্থ্য সেৱা ব্যৱস্থা তীব্ৰ কৰা ৷ এয়া ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতিশীলতা আৰু উন্নয়নৰ প্ৰচেষ্টা প্ৰচাৰত অবদান ৰাখিব বুলি কোৱা হৈছে ৷ জাইকাই ভাৰত চৰকাৰৰ সৈতে ক’ভিড-১৯ সংকটৰ প্ৰতিক্ৰিয়া জৰুৰী সমৰ্থন ঋণ হিচাপে ৫০ বিলিয়ন জাপানী য়েন (অনুমানিক ৩৫০০ কোটি টকা) চৰকাৰী উন্নয়ন সহায়ক (অ’ডিএ) প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছে৷ এই অ’ডিএ ঋণ চুক্তিত বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক বিভাগৰ অতিৰিক্ত সচিব চি এছ মহাপাত্ৰ আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি কাটছু মাটছুমোটোৱে স্বাক্ষৰ কৰে ৷ উল্লেখ্য যে এই ঋণ হ’ল ভাৰত চৰকাৰলৈ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আৰু সম্ভৱপৰ সকলোতে সমৰ্থনৰ বাবে জাপানীজ অ’ডিএৰ প্ৰথম বৃহৎ সমৰ্থন ৷

পূব মাজুলী আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা গঠন

উজনি-মাজুলীঃ যোৱা ৩০ আগষ্টত মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব মাজুলী আঞ্চলিকৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভা খনিত সভাপতিত্ব কৰে যোগী গাঁৱৰ গাওঁ উন্নয়ন সমিতিৰ সভাপতি অনন্ত নাথে | সভা খনিত উপস্থিত থাকে মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি যোগী দিব্যজোতি নাথ, সম্পাদক যোগী অচ্যুত কুমাৰ নাথৰ লগতে জিলা সমিতিৰ ভালেকেইজন বিষয়ববীয়াৰ লগতে পূব মাজুলী আঞ্চলিক যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক মানৱ বৰা। সভাই দিব্যজোতি নেওঁগক সভাপতি আৰু অভিজিত বৰুৱাক সম্পাদকৰ দায়িত্ব দি ২০২০- ২০২১ বৰ্ষৰ বাবে এখন ৩১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে। সভাত মানৱ বৰাই নৱনিৰ্বাচিত সমিতি খনক উদ্দেশ্য কৰি সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। নৱগঠিত সমিতিখনক শপত বাক্য পাঠ কৰাই যোগী অচ্যুত কুমাৰ নাথে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থাৰ উদ্যোগত আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠানৰ আয়োজন

নলবাৰী : সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত আজি নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰ বাবে থিয়েটাৰত জৰিত শিল্পী সকলৰ লগতে, কলা কুশলীৰ লগত জৰিত ব্যক্তি সকল আৰ্থিক দীনতাত ভুগিব লগীয়া হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে যোৱা কিছুদিন পূৰ্বে চৰকাৰে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান খুলি দিছে যদিও সেই অনুষ্ঠানত ১০০ জনতকৈ বেছি জনসমাগম হব নোৱাৰিব । কিন্তু ১০০ জন ব্যক্তিৰ উপস্থিত এখন ভ্ৰাম্যমাণ থিয়েটাৰ নচলিব আৰু থিয়েটাৰ কৰ্তৃপক্ষৰ বিশেষকৈ বহুত লোকচানৰ সন্মুখীন হব । যাৰ বাবে এইবেলি থিয়েটাৰ আয়োজন কৰিব নোৱাৰিব বুলিও শিল্পী সকলে সন্দেহ প্ৰকাশ কৰিছে । আজি অনুষ্ঠিত এই আলোচনা চক্ৰত উক্ত বিষয় সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হয় । বৰ্তমান সময়ত চৰকাৰে যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ এই শিল্পী সকলৰ লগতে কলা কুশলীৰ লগত জৰিত ব্যক্তি সকল চলিবলৈ কিবা এটা সুবিধা প্ৰদান কৰিবলৈ তথা থিয়েটাৰৰ ক্ষেত্ৰত ১০০ তকৈ বেছি জনসমাগম হোৱা সন্দৰ্ভত ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই ।

নলবাৰীৰ বামুন্দিত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী : নলবাৰী জিলাৰ বামুন্দি গাঁওত আজি এটা দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ হয় । বামুন্দী গাঁওৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য পক্ষীটো । দুপৰীয়াৰ ভাগত গাঁও খনৰে এজন সচেতন ব্যাক্তিয়ে এই দুষ্প্ৰাপ্য পক্ষীটোক প্ৰত্যেক্ষ কৰি উদ্ধাৰ কৰে আৰু বন বিভাগক অৱগত কৰাই । পিছত বন বিভাগৰ লোক তাৎক্ষণিকভাৱে ঘটনা স্থলীত উপস্থিত হৈ পক্ষীটোক লৈ যায় । দুষ্প্ৰাপ্য পক্ষীটোক প্ৰত্যেক্ষ কৰিবলৈ স্থানীয় ৰাইজে ভিৰ হোৱাত পৰিলক্ষিত হয় ।