Home Blog Page 3197

খটৰা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

অনলাইন বাৰ্তা : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যত পালন কৰা হৈছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি ৷ সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰা আৰম্ভ হৈছে নাম – প্ৰসঙ্গ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমূহ৷ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰতো পুৱাৰে পৰা আৰম্ভ হৈছে নাম – প্ৰসঙ্গ ৷ খটৰা সত্ৰত ১০ দিনিনীয়াকৈ পালন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি ৷ পুৱাৰে পৰা ৰাজ্যৰ সকলো সত্ৰ নামঘৰ সমুহত আৰম্ভ হৈছে নাম প্ৰসঙ্গ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমূহ ৷ ব্যতিক্ৰম নহয় দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰও ৷ শ্ৰীশ্ৰী মাধদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ্ৰ আতৈয়ে ৪৫০ বছৰ পূৰ্বে এক শৰন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ দৰঙলৈ আহি প্ৰতিষ্ঠা কৰা খটৰা সত্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে নাম – কীৰ্ত্তন ৷ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে খটৰা সত্ৰ ৷ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী সকল আহি নাম প্ৰসঙ্গত অংশগ্ৰহণ কৰিছে ৷ খটৰা সত্ৰত ১০ দিনিয়াকৈ পালন কৰা হয় মাধৱদেৱৰ তিৰোভাৱ তিথি ৷

ধন বিচাৰি পত্নীক শাৰিৰীক মানসিক অত্যাচাৰ : স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ

নলবাৰী : প্রায় বাৰ বছৰ পূৰ্বে অগ্নিক সাক্ষী কৰি পত্নীৰ মৰ্যদা দি ঘৰলৈ অনা নিজৰ বিবাহিত পত্নীক একমাত্র ধনৰ লালসাত অকথ্য নিৰ্যাতন চলাই শাৰিৰীক-মানসিকভাবে ভাৰাক্ৰান্ত কৰা এক ঘটনাই নলবাৰীত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি নলবাৰী চহৰৰ সমীপৰ বালি কৰিয়াৰ ৰমেশ মালাকৰৰ কন্যা দিপ্তী মালাকৰৰ সৈতে প্রায় বাৰ বছৰ পূৰ্বে নলবাৰী চহৰৰ দহ নং ৱাৰ্ডৰ  পুস্পকপৰৰ ৰিংকু মালাকৰৰ বিয়া হয় । বিবাহিত দম্পত্তিদ্বয়ৰ বৈবাহিক জীৱনৰ সাক্ষীৰূপে পৰিয়ালটিলৈ আগমন ঘটে এহাল পুত্র-কন্যাৰ । ইফালে সময় বাগৰাৰ লগে লগে ৰিংকু মালাকৰৰ স্বভাৱ সলনি হয় আৰু সঘনাই ধন দাবী কৰি পত্নীৰ ওপৰত অকথ্য শাৰিৰীক-মানসিক অত্যাচাৰ চলাবলৈ ধৰে । উল্লেখ্য যে অভিযুক্ত ৰিংকুই তেওঁৰ পত্নীক পিতৃগৃহৰ পৰা ধন আনি দিবলৈ দাবী জনোৱাৰ উপৰি হকে বিহকে পত্নীৰ নামত বিভিন্ন বিত্তীয় অনুষ্ঠানৰ পৰা ধাৰ লয় ।  ইফালে স্বামীৰ হেচাত পৰি মহিলাগৰাকীয়ে ধন বিছাৰি পিতৃগৃহলৈ যায় যদিওঁ দিপ্তীৰ শ্রমিক পিতৃয়ে জোঁৱাইৰ  অন্যায় দাবী পূৰাবলৈ অপাৰগতা প্রকাশ কৰে । এই কথাত খৰ্গহস্ত হৈ কালি লম্পট ৰিংকু মালাকৰে পত্নীক মাৰধৰ কৰি নিগৃহীত কৰাত মহিলাগৰাকীয়ে ন্যায় বিচাৰি নিজৰ দুই সন্তান সহ নলবাৰী সদৰ থানাত উপস্হিত হৈ সমস্ত কথা বিৱৰি উদন্ড স্বামীৰ অত্যাচাৰৰ পৰা পৰিত্রাণ আৰু ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে এই খবৰ লাভ কৰাৰ পিছতে আইন-কানুন নমনা অভিযুক্ত ৰিংকুই বালিকৰিয়াৰ শহুৰৰ গৃহত উপস্হিত হৈ সমুদায় পৰিয়ালটিক নি:শেষ কৰিম বুলি হুংকাৰ দিয়া বুলি ৰিংকুৰ শহুৰ ৰমেশ মালাকৰে অভিযোগ কৰে । সম্প্রতি সমগ্র অঞ্চলটোতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰা নাৰী নিৰ্যাতনৰ ঘটনাটিৰ ক্ষেত্রত নলবাৰী আৰক্ষীয়ে কি পদক্ষেপ গ্রহন কৰে সেয়া লক্ষনীয় হ’ব । ইতিমধ্যে নলবাৰীকে ধৰি বৃহত্তৰ বালিকৰিয়াৰ বিভিন্ন দল-সংগঠন তথা সচেতন মহলে উক্ত ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্রহণ কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে ।

কংগ্ৰেছৰ সভানেত্ৰীলৈ পুনৰ পত্ৰ বোমা : পৰিয়ালতন্ত্ৰৰ মোহ এৰি দললৈ গণতন্ত্ৰ ঘূৰাই অনাৰ দাবী

অনলাইন বাৰ্তা : পুনৰ এক পত্ৰ বোমা ৷ আগৰ পত্ৰৰ সমস্যা শেষ হ’বলৈ নাপালেই পুনৰ আন এখন চিঠি পালে কংগ্ৰেছ সভানেত্ৰীয়ে৷ এইবাৰ চিঠি আহিল উত্তৰ প্ৰদেশৰ পৰা ৷ চিঠিত লিখা হৈছে পৰিয়ালতন্ত্ৰৰ উৰ্দ্ধত থাকি পথাৰত নমা জৰুৰী ৷ নহ’লে শেষ হৈ যাব কংগ্ৰেছ৷ নাম উল্লেখ্য নকৰি উত্তৰ প্ৰদেশত কংগ্ৰেছক গঢ়াৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰা হৈছে বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে মত প্ৰকাশ কৰে ৷ এই চিঠিখন চাৰি পৃষ্ঠাৰ ৷ চহী কৰিছে দলৰ পৰা বহিষ্কৃত ৯জন নেতাই ৷ ‌প্রাক্তন বিধায়ক সন্তোষ সিং, প্রাক্তন মন্ত্রী সত্যদেৱ ত্রিপাঠি, প্রাক্তন বিধায়ক বিনোদ চৌধুৰী, ভূধৰ নাৰায়ণ মিশ্র, নেকচন্দ মিশ্র, স্বয়ম প্রকাশ গোস্বামী আৰু সঞ্জীব সিঙে ইয়াত চহী কৰিছে ৷ চিঠিত লিখিছে, উত্তৰ প্ৰদেশত সকলোতকৈ বেয়া সময়ৰ মাজেৰে গৈছে কংগ্ৰেছ ৷ এতিয়াই পদক্ষেপ নল’লে ইতিহাসত বিলীন হৈ যাব এই দলটো ৷ পৰিয়ালতন্ত্ৰৰ মোহ এৰি দললৈ গণতন্ত্ৰ ঘূৰাই আনক ৷ ‘বিক্ষুব্ধ’ নেতাসকলৰ দাবী, যোৱা এবছৰ ধৰি তেওঁলোকে ছোনীয়া গান্ধীৰ মুখামুখী হৈ বহিবলৈ চাইছিল ৷ কিন্তু তেওঁলোকৰ আবেদনক গুৰুত্ব নিদিলে কংগ্ৰেছৰ হাইকমাণ্ডে ৷ চিঠিত তেওঁলোকৰ দাবী, দায়িত্বত থকা নেতাৰ বাবে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ কি অৱস্থা হৈছে সেই সম্পৰ্কে আপুনি হয়তু একোৱেই নাজানে ৷ বেআইনীভাৱে আমাক বহিষ্কাৰ কৰাৰ বিৰুদ্ধেও আবেদন কৰিছিলো ৷ কিন্তু কোনেও নুশুনিলে৷ এতিয়া উত্তৰ প্ৰদেশত যি দলৰে যুক্ত হৈছে তাত সকলো বেতনভোগী কৰ্মী ৷ কোনোৱে দলৰ আদৰ্শৰ সম্পৰ্কে নাজানে ৷ তথাপি দলৰ কামৰ দায়িত্ব তেওঁলোকৰ কান্ধত তুলি দিয়া হৈছে ৷

গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা ফোন কল : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি

দৈনন্দিন বাৰ্তা ডেস্ক : স্বয়ং মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ফোন কৰি ‘মাতশ্ৰী’ বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছে গেংষ্টাৰ ডাউদ ইব্ৰাহিমে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰেয়ে গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা এনে ফোন কল পায় ৷ প্ৰাপ্ত সূত্ৰৰ খবৰ মতে ডাউদ ইব্ৰাহিমৰ নাম কৈ বান্দ্ৰাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ লেণ্ড লাইনলৈ ফোন আহে ৷ তাত ভাবুকি দিয়া হয় যে ‘মাতশ্রী’ উৰুৱাই দিয়া হ’ব ৷ উদ্ধৱ ঠাকৰেৰ ওচৰলৈ এনে ধৰণৰ ফোন অহাৰ কথা অস্বাভাৱিক নহয় বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক্ষমতালৈ অহাৰ পাচত ডাউদৰ বিৰুদ্ধে মুম্বাই আৰক্ষী যিদৰে তৎপৰ হৈছে, বাণিজ্য নগৰীত চলি থকা ডনৰ আণ্ডাৰগ্ৰাউণ্ড ব্যৱসায়ত বিপুল ক্ষতি হৈছে ৷ ইপিনে, এই ঘটনাৰ পাচতে মুখ্যমন্ত্ৰীৰ বাসভৱনত নিৰাপত্তা বঢ়াই দিয়া হৈছে ৷ উল্লেখ্য যে ডাউদ এই মুহূৰ্তত পাকিস্তানত আছে বুলি প্ৰকাশ ৷ স্মৰ্তৱ্য যে কেইটামান দিনৰ আগতে কংগনা ৰানাউটে বিস্ফোৰক মন্তব্যৰে ব্যংগ কৰি লিখিছিল, মুম্বাই কিয় পাক অধিকৃত কাশ্মীৰৰ দৰে হৈছে? সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কংগনা ৰানাউটে মুম্বাইক পাক-অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰি মত প্ৰকাশ কেইটামান দিনৰ পাচতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত ফোন কল অহাত গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ ভাৰতক সাহায্য জাৰ্মানীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতক সহায়ৰ হাত আগবঢ়াইছে বন্ধু দেশ জাৰ্মানীয়ে ৷ বৃহৎ পৰিমাণৰ টেষ্টিং কিট, পিপিই পঠাইছে জাৰ্মানীয়ে৷ তাৰ লগতে আর্থিক সাহায্য আগবঢ়াইছে এংগেলা মাৰকেল চৰকাৰে ৷ উল্লেখ্য যে জাৰ্মানীয়ে ভাৰতলৈ ৩ লাখ ৩৩ হাজাৰ টেষ্টিং কিট পঠিয়াইছে ৷ তাৰ লগতে ছয় লাখ পিপিই পঠাব ৷ ইয়াৰ আৰ্থিক মূল্য এক কোটি ৫০ লাখ ইউৰো বুলি প্ৰকাশ ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩০ কোটিৰো অধিক ৷ এই সাহায্যৰ কথা দেওবাৰে ঘোষণা কৰে জাৰ্মানীৰ মন্ত্ৰী জাৰ্ড মুলাৰে ৷ মন্ত্ৰীজনে লগতে কয়, ভাৰতত ক’ৰোনা ৰোধৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে ৷ জাৰ্মানীৰ উন্নয়ন মন্ত্ৰালয়ে ভাৰতক হ্ৰস্ব ম্যাদী ঋণ দিছে ৷ ৪৬ কোটি ইউৰো ঋণ দিয়া হৈছে ভাৰতক ৷ মুলাৰে জনায় যে ভাৰতৰ ৮০ কোটি মানুহক খাবৰ বাবেই এই ঋণ দিয়া হৈছে ৷ উল্লেখ্য যে ৩২ কোটি মানুহে ক’ৰোনাৰ বাবে কাম হেৰুৱাইছিল ৷ তেওঁলোককো সহায় কৰা হ’ব ৷ বিশ্বত ক’ৰোনা মোকাবিলা কৰাৰ উদ্দেশ্যে এই যুঁজ বুলি প্ৰকাশ ৷ মন কৰিব লগা যে ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০ হাজৰা ৬৩২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইমান সংখ্যক মানুহ একেদিনাই পৃথিৱীত কোনো দেশতে আক্ৰান্ত হোৱা নাই ৷

আইপিএলৰ সূচী ঘোষণা : ১৯ ছেপ্টেম্বৰত উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ

অনলাইন বাৰ্তা : আইপিএলৰ দুটা সৰ্বাধিক সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে চলিত বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব ৷ বিচিচিআই-এ দেওবাৰে এইবাৰৰ আইপিএলৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই দুয়োটা দলেই ২০১৯ চনৰ আইপিএলৰ ফাইনেলত উপনীত হৈছিল ৷ আবু ধাবিত ১৯ ছেপ্টেম্বৰত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব ৷ ১৩ সংখ্যক আইপিএল সংযুক্ত আৰব আমিৰ শ্বাহিৰ তিনিখন ঠাইত অনুষ্ঠিত হ’ব ৷ সেই ঠাই তিনিখন হ’ল আবু ধাবি, ডুবাই আৰু শ্বাৰজাহ ৷ ইয়াৰে ডুবাইত ২৪খন ৰাউণ্ড ৰবীন মেচৰ লগতে আবু ধাবিত ২০ খন আৰু শ্বাৰজাহত ১২ খন মেচ অনুষ্ঠিত হ’ব ৷ ৩ নৱেম্বৰলৈকে গ্ৰুপ পৰ্যায়ৰ মেচ হ’ব ৷ আনহাতে আইপিএলৰ ফাইনেল খেল ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব ৷ ইপিনে উদ্বোধনী খেলৰ পিচ দিনা ডুবাইত দিল্লী কেপিটেল আৰু কিংছ ইলেভেন পাঞ্জাৱ আৰু তৃতীয়খন মেচ ২১ ছেপ্টেম্বৰত ছানৰাইজ হাইদৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব ৷ আনহাতে ২২ ছেপ্টেম্বৰত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত শ্বাৰজাহত মেচ অনুষ্ঠিত হ’ব ৷ তদুপৰি ১০ খন ডাবোল মেচ হ’ব৷ তাৰে এখন ভাৰতীয় সময় অনুসৰি ৩.৩০ বজাত আৰু আনখন ইউএইৰ সময় অনুসৰি ২ বজাত অনুষ্ঠিত হ’ব ৷ সকলো খেল ইউএইৰ সময় অনুসৰি ৬ বজাত আৰু ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে আঠটা ফ্ৰেন্সাইজি ইউএইত আগতীয়াকৈ উপস্থিত হৈছে ৷

ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০,৬৩৩ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত

অনলাইন বাৰ্তা : দেশত সৰ্বাধিক ৯০ হাজাৰৰ অধিক লোক এদিনতে ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াকে লৈ দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪১ লাখ অতিক্ৰম কৰিলে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত এই কথা প্ৰকাশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে ক’ভিড-১৯ত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৪১,১৩,৮১২ জন ৷ ইয়াৰে ৮,৬২,৩২০ জন লোকৰ দেহত সক্ৰিয় অৱস্থাত আছে ৷ আনহাতে ৩১,৮০,৮৬৬ জন লোক আৰোগ্য হৈছে ৷ যোৱা ২৪ ঘণ্টাত ৯০,৬৩৩ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ আনহাতে ক’ৰোনাত মুঠ মৃত্যু হৈছে ৭০,৬২৬ জন ৷ যোৱা ২৪ ঘণ্টাত ১০৬৫ জন লোক ক’ৰোনাত মৃত্যু হয় ৷ দেশৰ ভিতৰত ক’ৰোনাত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এইখন ৰাজ্যত ২,২১,০১২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াৰ পাচতে অন্ধ্ৰপ্ৰদেশত ১,০০,৮৮০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে ৫ ছেপ্টেম্বৰলৈকে ১০,৯২,৬৫৪ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াকে লৈ বৰ্তমানলৈকে ৪.৮৮ কোটি লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ উল্লেখ্য যে অসমত ক’ৰোনাত মুঠ ১ লাখ ২৩ হাজাৰ ৯২২ জন লোক আক্ৰান্ত হৈছে ৷ আনহাতে ৰাজ্যখনত ৯৫ হাজাৰ ৬৩ জন সুস্থ হৈছে ৷ অসমত ক’ৰোনাত ৩৫২ জন লোকৰ মৃত্যু হৈছে ৷

ছিকিমৰ ১৭,৫০০ ফুট উচ্চতাত বন্দী চীনা নাগৰিকক উদ্ধাৰ ভাৰতীয় সেনাৰ

অনলাইন বাৰ্তা : এফালে ভাৰতৰ ভূমি দখলৰ চেষ্টাত ভাৰতীয় জোৱানৰ ওপৰত আঘাত কৰিছে চীনে ৷ আনহাতে সেইখন দেশৰ দুৰ্গত নাগৰিকক উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই ৷ এই ঘটনা ঘটিছে ছিকিমত ৷ উত্তৰ ছিকিমৰ ১৭,৫০০ ফুট উচ্চতাৰ মালভূমিত হিমাংকৰ তলৰ তাপমাত্ৰাত বন্দী হৈ পৰি পথ হেৰুৱাইছিল তিনিজন চীনা নাগৰিকে ৷ বৃহস্পতিবাৰে তেওঁলোকক উদ্ধাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷ উদ্ধাৰ হোৱা চীনা নাগৰিকক অক্সিজেন, গৰম কাপোৰ, খাদ্য, পানী দি তেওঁলোকৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে সেনাই ৷ সেনাৰ তৰফৰ পৰা বিবৃতিত এই কথা কোৱা হৈছে ৷ ইপিনে সেনাই এই চীনা নাগৰিকক সঠিক পথৰ নিৰ্দেশনা দিয়ে ৷ তাৰ পাচত সেই পথ অনুসৰণ কৰি তেওঁলোক চীনলৈ ৰাওনা হয় ৷ এই বিপদৰ সময়ত উদ্ধাৰ কৰাত তেওঁলোকে ভাৰতীয় সেনা বাহিনীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷

৫ অৰুণাচলৰ যুৱকক অপহৰণ লালফৌজৰ

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাৰ মাজতেই পুনৰ বিশ্বাসঘাতকতা চীনৰ ৷ অৰুণাচলৰ চীন সীমান্তৰ কাষৰ পৰা ৫জন যুৱকক লালফৌজে অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ অৰুণাচলৰ উজনি সোৱনশিৰি জিলাৰ চীন-ভাৰত সীমান্তৰ পৰা চীনা সেনাই এই পাঁচজন যুৱকক অপহৰণ কৰে বুলি সেনাৰ জ্যেষ্ঠ বিষয়াই কয় ৷ জানিব পৰা মতে এই এলেকাৰ পৰা তনু বকৰ, প্ৰশাত ৰিংলিং, নগাৰু দেৰি, দংতু এবিয়া, টচ ছিংকাম নামৰ পাঁচজন যুৱকৰ সন্ধান পোৱা নাই ৷ প্ৰশাত ৰিংলিঙৰ ককায়েক প্রকাশ ৰিংলিঙে এই কথা ফেচবুকত প’ষ্ট দি জনাইছে ৷ তাৰ পাচতে বিষয়টো পোহৰলৈ আহে ৷ ছচিয়েল মিডিয়াত তেওঁ অভিযোগ কৰে যে তেওঁৰ ভায়েকসহ মুঠ ৫জনক চীনা সেনাই অপহৰণ কৰিছে ৷ তেওঁ স্থানীয় প্ৰশাসন আৰু ভাৰত চৰকাৰক এই বিষয়ত দ্ৰুত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছে ৷ উল্লেখ্য যে শুকুৰবাৰে এই অপহৰণ কাণ্ড জিলাখনৰ নাচো অঞ্চলত সংঘটিত হয় বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ ৷ ইতিমধ্যে আৰক্ষী অধীক্ষকে নাচো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ঘটনাৰ পৰ্যৱেক্ষণ কৰিবলৈ পঠাইছে আৰু সেই সন্দৰ্ভত তৎকালে প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷ অৱশ্যে সেই প্ৰতিবেদন দেওবাৰে পুৱা পাব বুলি প্ৰকাশ৷ মন কৰিব লগা যে নাচো এলেকাটো জিলা সদৰৰ পৰা ১২০ কিলোমিটাৰ নিলগত ৷ অপহৰণ কৰা লোকসকলৰ পৰিয়ালে অপহৃতক তৎকালে মুকলি কৰি আনিবলৈ আহ্বান জনাইছে ৷ এই বিষয়ত সেনাই বৰ্তমানে কোনো মত প্ৰকাশ কৰা নাই ৷ পাছিঘাট পশ্চিমৰ বিধায়ক নিনোংগ এৰিঙে কয় যে চীনৰ পিএলএয়ে এই ঘটনা সংঘটিত কৰিছে ৷

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৪৭ শিক্ষকক সম্বৰ্দ্ধনা ৰাষ্ট্ৰপতিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শনিবাৰে পালন কৰা হয় শিক্ষক দিৱস ৷ এই দিৱস উপলক্ষে আয়োজিত ভাৰ্চুৱেল অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা শিক্ষকসকলক সম্বৰ্ধনা জনায় ৷ ক’ভিড-১৯ৰ বাবে অনুষ্ঠানটো ভাৰ্চুৱেল হিচাপে আয়োজন কৰা হয় ৷ উল্লেখ্য যে এইবাৰ ৪৭ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৷ আনহাতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশাংকই টুইট কৰি কয়, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৌজন্য সাক্ষাৎ কালত তেওঁ ২০২০ চনৰ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু ৰাষ্ট্ৰীয় শিক্ষক বঁটা কাৰ্যসূচীৰ ৰূপৰেখা লৈ আলোচনা কৰে ৷ দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থজুৰি শিক্ষকৰ অসাধাৰণ আৰু মেধাবী প্ৰচেষ্টাক স্বীকৃতি জনায় আৰু উৎসাহিত কৰাৰ বাবে প্ৰতিবছৰে শিক্ষা মন্ত্ৰালয়ে এই পুৰস্কাৰ দি আহিছে ৷ এইবছৰ ক’ভিড-১৯ৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ভাৰ্চুৱেল মাধ্যমেৰে বঁটা প্ৰদান কৰে ৷ পুৰস্কাৰ প্ৰদানৰ উপৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহযোগিতাত শিক্ষা মন্ত্ৰালয়ে সম্প্ৰতি আৰম্ভ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ বৈশিষ্ট্য তুলি ধৰিবলৈ ৱেবিনাৰৰ আয়োজন কৰে ৷ উল্লেখ্য যে কঠোৰ তিনিটা পৰ্যায়ৰ অনলাইন স্বচ্ছ প্ৰক্ৰিয়াৰ পাচত ৪৭ গৰাকী পুৰস্কাৰ প্ৰাপকক নিৰ্বাচিত কৰা হয় ৷