দৈনন্দিন বাৰ্তা ডেস্ক : পাকিস্তানৰ কৰাচীতে আছে ডাউদ ইব্ৰাহিম ৷ এই কথা স্বীকাৰ কৰিলে পাকিস্তান চৰকাৰে ৷ ১৯৯৩ চনত মুম্বাই কাণ্ডৰ মূল অভিযুক্তক আশ্ৰয় দিয়াৰ কথা অস্বীকাৰ কৰিছিল পাকিস্তানে ৷ অৱশেষত ডাউদৰ ঠিকনা প্ৰকাশ কৰিলে ইমৰান খান চৰকাৰে ৷ পাকিস্তান চৰকাৰে জনাইছে, পাকিস্তানৰ কৰাচীত ছৌদি মছজিদৰ কাষত ক্লিফটনৰ হুৱাইট হাউচত থাকে মুম্বাই বোমা আক্ৰমণৰ মূল নায়ক ডাউদ ইব্ৰাহিম ৷ উল্লেখ্য যে ডাউদ ইব্ৰাহিমে পাকিস্তানৰ চিনেমা উদ্যোগৰ লগত জড়িত বহু অভিনেত্ৰীৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি আছে ৷ মন কৰিব লগা যে বলীউড আৰু আণ্ডাৰৱ’ৰ্ল্ডৰ মাজত সম্পৰ্ক থকা কথাটো দীৰ্ঘদিন ধৰি প্ৰচাৰ হৈ আছে ৷ একালত বলীউডত ডাউদ ইব্ৰাহিমৰ ভাল প্ৰভাৱ আছিল ৷ ডাউদে বলীউডৰ বহু চিনেমাত পুঁজি যোগান ধৰিছে বুলিও অভিযোগত প্ৰকাশ ৷ বহু ভাৰতীয় অভিনেতাই ডাউদে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিযোগ আছে ৷ কিন্তু পাকিস্তানৰ চিনেমা উদ্যোগত ডাউদে নিজৰ অধিপত্য চলাই আছে ৷ পাকিস্তানৰ বৃহৎ অসামৰিক সন্মান ‘টামজা-ই-ইমতিয়াজ’ বঁটা দেশখনৰ এগৰাকী অভিনেত্ৰীয়ে লাভ কৰাৰ সময়ত, ২০১৯ চনত ডাউদ তাৰ চিনেমা উদ্যোগৰ লগত জড়িত থকাৰ কথা পোহৰলৈ আহে ৷ এই ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী হ’ল মেহবিশ হায়াত ৷ মন কৰিব লগা যে কিছু বছৰৰ আগলৈকে মেহবিশক চিনি পোৱা নাছিল ৷ কিন্তু এইগৰাকী অভিনেত্ৰী পাকিস্তানৰ সংবাদ মাধ্যম আৰু গ্লেমাৰ উদ্যোগত এতিয়া জনপ্ৰিয় নাম ৷ মেহবিশে ‘টামজা-ই-ইমতিয়াজ’ বঁটা লাভ কৰাৰ বিষয়ে পাকিস্তান চৰকাৰৰ সিদ্ধান্তক বহু লোকে প্ৰশ্ন উত্থাপন কৰিছিল ৷ এটা ৱেব পৰ্টেলে মেহবিশক ডাঙৰ সন্মান দিব বুলি সংবাদ কৰাত পাকিস্তানৰ চিনেমা উদ্যোগক আচৰিত কৰি তুলিছিল ৷ ৱেব পৰ্টেলটোৱে কৰা সংবাদ মতে চিনেমা উদ্যোগত বহু কাম কৰাৰ বাবে বা যি শাসনাধিষ্ঠিত পাকিস্তান-টেহৰীক-ই-ইনছাফ পাৰ্টিৰ লগত নিবিড় কৰাচীৰ শক্তিশালী ব্যক্তিৰ লগত সম্পৰ্ক থকাত মেহবিশে ‘টামজা-ই-ইমতিয়াজ’ বঁটা লাভ কৰিব ৷ এই খবৰৰ পাচত মেহবিশক ট্ৰোল কৰা হয়৷ তেওঁ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল ৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে সম্প্ৰতি পাকিস্তানৰ অভিনেত্ৰীৰ সৈতে ডাউদৰ নিয়মীয়া সম্পৰ্ক আছে ৷ এইগৰাকী অভিনেত্ৰী গেংষ্টাৰৰ প্ৰতি দুৰ্বল বুলি প্ৰকাশ৷ মেহবিশে এটা আইটেম নম্বৰ লৈ তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু কোৱা হয় যে এই আইটেম নম্বৰৰ পাচত তেওঁ ডাউদ ইব্ৰাহিমৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ জানিব পৰা মতে কৰাচীৰ এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে ঘনিষ্ঠতাৰ বাবে পাচত মেহবিশে বহু কেইটা বৃহৎ প্ৰকল্পত কাম কৰাৰ সুযোগ পাইছিল, যিটো ডাউদৰ বাদে আন কোনো নহয় ৷ মেহবিশৰ উত্থানত দেখা যায় যে ডাউদে এতিয়াও চিনেমা উদ্যোগত প্ৰচুৰ পৰিমাণে ব্যয় কৰিছে আৰু ডাউদে গ্লেমাৰ উদ্যোগত যিকোনোৰে কেৰিয়াৰ গঢ়িব পাৰে ৷
দহলাখ টকাৰ ব্যয়ৰে কুসুমটোলাৰ দীপাটোলাত খেলাপথাৰৰ চাৰিসীমাৰ দেৱালৰ আধাৰশিলা শিলা স্থাপন
জামুগুৰিহাট : চতিয়া সমষ্টিৰ কুসুমটোলাৰ নিকটৱৰ্ত্তি দীপাটোলাৰ দীপাটোলা খেলাপথাৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ২০১৯-২০ বৰ্ষৰ আনটাইট পুঁজিৰ পৰা আৱণ্টন হোৱা দহ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব লগা খেলাপথাৰখনৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক হাজৰিকাই আধাৰশিলা স্থাপন কৰি নিজৰ ভাষণ প্ৰসংগত দীপাটোলা অঞ্চলত পূৰ্বৰে পৰা থকা খেলা-ধূলাৰ পৰিবেশ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত খেলাপথাৰখনৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে আৰু অধিক অনুকূল হৈ পৰিব বুলি উল্লেখ কৰে। ইয়াৰোপৰি চলিত বৰ্ষতেই খেলাপথাৰখনৰ উন্নয়নৰ বাবে আৰু বিশ লাখ টকা আগবঢ়োৱা হ’ব বুলিও উল্লেখ কৰে বিধায়ক হাজৰিকাই। আধাৰশিলা স্থাপন অনুষ্ঠানটিত নদুৱাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা দিব্যজ্যোতি হাজৰিকা, সাতগাঁও উন্নয়ন সমিতিৰ সভাপতি ডম্বৰু নাথ, সমাজকৰ্মী লালন ওৰাং, হোমনাথ ছেত্রীকে ধৰি বিশিষ্ট লোকসকলক উপস্থিত থাকে।

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ প্ৰৱেশ নিষিদ্ধ
বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা দেওবাৰে টকৌলাংচ জলপ্ৰপাতথলিত জলকেলি বিনোদন কৰিবলৈ যোৱা এটা স্থানীয় পৰ্য্যটকৰ দল যাত্ৰা পথত হঠাৎ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সদস্যৰ লগত মুখামুখি হয়। হাতে হাতে মাৰণাঅস্ত্ৰ লৈ কোনো গন্তব্য স্থানলৈ যাত্ৰা কৰি থকা উগ্ৰপন্থী সদস্যসকলে পৰ্য্যটকৰ দলটোৰ কোনো ক্ষতি নকৰি শাৰী শাৰী কৈ গৈ থাকে। এই সমগ্ৰ দৃশ্য পৰ্য্যটকৰ দলটোৰ এজনে নিজৰ মোবাইল কেমেৰাত গোপনে আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত জিলাবাসীৰ লগতে কাৰ্বিআংলং জিলা আৰক্ষী প্ৰশাসনৰ মাজতো তীব্র চাঞ্চল্য সৃষ্টি হয়। পাহাৰীয়া জিলাখনত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীয়ে সততে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা পাছতো দিন দুপৰতে উগ্ৰপন্থীৰ এনে মুক্ত বিচৰণে সকলোকে শংকিত কৰি তুলিছে। উগ্ৰপন্থী সংগঠনৰ মুক্ত বিচৰণৰ দৃশ্য ভাইৰেল হৈ পৰা ঘটনাৰ পাছতে সোমবাৰে ততাতৈয়াকৈ টকৌলাংচত আৰক্ষীৰ এটা উচ্চ স্তৰীয় দল উপস্থিত হৈ ঘটনাস্থলি পৰিদর্শন কৰে। দুৰ্গম অঞ্চলটোত উগ্ৰপন্থীৰ গতি বিধি সম্পৰ্কত আৰক্ষীয়ে গোপন তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ভিডিঅ’টোত থকা উগ্ৰপন্থী সদস্যসকলক কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। আৰু তেওঁলোকৰ হাতত এম কে ১৬, একে ছিৰিজৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ দেখিবলৈ পোৱা গৈছে। উগ্ৰপন্থী সদস্যসকলৰ ভিতৰত ইউপিআৰএফৰ মুখ্য সেনাধ্যক্ষ মাইক গাউতো থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰ অঞ্চলৰ পৰা ১২ কিলোমিটাৰ সোমাই গলে পয্যটনস্থলি টকৌলাংচ পোৱা যায়। কিছু দুৰ্গম ঠাইত অৱস্থিত টকৌলাংচ লৈ গৰমৰ দিনকেইটাত জলকেলীৰ বাবে শ শ পৰ্য্যটকৰ আগমণ ঘটে। বৰ্তমান শনি-দেওবাৰে সম্পূৰ্ণ লকডাউন্ অব্যাহত থকাত সেই দিন দুটাত টকৌলাংচ জলপ্ৰপাতত শ শ লোকৰ আগমণ ঘটে। উগ্ৰপন্থীৰ এই মুক্ত বিচৰণৰ চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে সম্ভাব্য বিপদ আৰু নিৰাপত্তাজনিত কাৰণত বোকাজান আৰক্ষী প্ৰশাসনে টকৌলাংচ পৰ্য্যটনস্থলি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে।
নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ
নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী মহাত্মা গান্ধী পথ এটা অতি গুৰুত্বপূৰ্ণ পথ ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁৱৰ এই পথটো বৰ্তমান ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে পথচাৰীসকলৰ ৷ পথচোৱাৰ মৰিকলং চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰি একেলেথাৰিয়ে কেইবা ঠাইতো পথৰ বিধ্বস্ত ৰূপে বহু সময়ত পথচাৰীসকলক যমৰ-যাতনাত পেলাই আহিছে ৷ ৩৬ নং ৰাষ্ট্ৰীয় পথৰ পৰা মৰিকলং চাৰিআলি হৈ নগাঁও চহৰলৈ বুলি সোমোবা সদাব্যস্ত এই পথটোৰে বহুকেইখন বিদ্যালয়, কেইবাটাও ৰাজহুৱা মঠ-মন্দিৰ, কেইবাটাও চৰকাৰী বিভাগৰ জিলা কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও বেচৰকাৰী কাৰ্যালয় ওপৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু ফাৰ্মাচীলৈ বুলি ৰোগী তথা নগাঁও ৰেল ষ্টেচনলৈ ৰেল ধৰিবলৈ বুলি বহু লোক আহ-যাহ কৰাৰ উপৰিও আই টি আই বজাৰ, পানীগাওঁ চাৰিআলি বজাৰ, কেইবাখনো চিকিৎসালয়, নাৰ্ছিং হোম, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, নিয়োগ বিনিময় কেন্দ্ৰ আদিলৈ বুলি বহুলোকে যাত্ৰায়ত কৰে এই পথচোৱাৰে ৷ নগাঁও চহৰবাসীৰ এটি সদাব্যস্ত এই চিনাকী পথচোৱাৰ ঠায়ে ঠায়ে বৰ্তমান এক বিধ্বস্তৰূপে সকলো পথচাৰীকে জলাকলা খোৱাইছে ৷ একাংশ পথচাৰী তথা স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি আজিৰ পৰা প্ৰায় পাঁচ মাহৰ পূৰ্বে গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথচোবাৰ ঠায়ে ঠায়ে মেৰামতিৰ কাম হাতত লৈছিল যদিও কোনো অজ্ঞতা কাৰণত আজিকোপতি এই গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতি সম্পূৰ্ণ কৰিব নোবাৰিলে দায়িত্বপ্ৰাপ্ত ঠিকাদাৰী প্ৰতিষ্ঠানে ৷ আজি পুনৰ পূৰ্বৰ অৱস্থাতে এক বিধ্বস্ত ৰূপ ধাৰণ কৰিছে এই পথচোবাই৷ যাৰ ফলত এজাক বৰষুণৰ ফলতেই একাঠু পানী জমা হোবাত এই পথটিৰ বাবে আজি ৰাইজ ভিশন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ বহু সময়ত স্থানীয় ৰাইজৰ লগতে পথচাৰীসকলে দায়িত্বপ্ৰাপ্ত বিভাগীয় কৰ্তৃপক্ষক পথটি উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰিবলৈ দাৱী জনাই আহিছে যদিও গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ গাৰ নোম এডালো লৰাব পৰা নাই পথচাৰী ৰাইজৰ এই দাৱীয়ে ৷ এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় উদ্ধতন কৰ্তৃপক্ষক অতিশীঘ্ৰে পথচোবাৰ মেৰামতিৰ নিৰ্মাণ কৰি লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰিবলৈ ৰাইজে তীব্ৰ দাৱী জনাইছে ৷
গামোচাক লৈ ৰাজনীতি নকৰিব
গামোচাখনক লৈ ৰাজনীতি নকৰিব এই গামোচা প্ৰতিজন অসমীয়াৰ স্বাভিমান। গামোচাখনত প্ৰতিজন অসমীয়াৰে সমান অধিকাৰ আছে হয়তো সেইজন ব্যক্তি হিন্দুৱে হওঁক নতুবা মুছলমান হওঁক। মই যিমান দূৰ জানো মুছলমান লোকসকলে গামোচাখন নামাজ কৰোতে লয় আৰু আমি হিন্দুসকলে শাস্ত্ৰপাঠ কৰোতে ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত গামোচাখনক অপমান কৰা নুবুজাই। নামাজ পঢ়াৰ সময়ত ব্যৱহাৰ হোৱা বাবে “জাইনামাজ” বুলি কোৱা হয়। প্ৰতিজন মুছলমান ব্যক্তিৰবাবে “জাইনামাজ” যথেষ্ট গুৰুত্বপূৰ্ণ হয়। মুছলমান লোকসকলে ইয়াক পবিত্ৰ হিচাপে মানি আহিছে। এনেকুৱা কথাবোৰক লৈ একাংশই সাম্প্ৰদায়িকতাৰ বীজ ছটিয়াব ধৰিছে। গতিকে ইয়াক লৈ বিতৰ্ক হ’ব নালাগে। এচামে ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্ৰদায়িকতাৰ বিষ বিয়পাই আমাৰ সমাজৰ একতা নষ্ট কৰিবলৈ বহু চেষ্টা কৰি আছে। আমি প্ৰতিজন অসমীয়া সচেতন হ’ব লাগে। সাম্প্ৰদায়িকতাৰ পৰা আঁতৰত থাকি আমাৰ ভাতৃত্ববোধৰ একতাৰ এনাজৰীডাল নিকপকপীয়াকৈ ৰাখিব লাগে, যিহেতু আমাৰ পৰিচয় আমি অসমীয়া।
ক’ৰোণাই অভিশাপ হ’ল মধ্যবিত্তীয় সকলৰ
✍ ভুপেশ খাটনিয়াৰ
যেতিয়া নভেল কৰোণা ভাইৰাছে প্ৰথমে বিয়পিছিল (বা এই বীজ চটিয়াই দিয়া হৈছিল) সেই কথা প্ৰতিজন নাগৰিকে চৰকাৰে লোৱা সকলো সিদ্ধান্তক কোনো কথা অৱহেলা নকৰাকৈ মানি লোৱাটোয়েই আছিল আমাৰ সামাজিক দায়বদ্ধতা ৷ প্ৰয়োজনত আমি সকলোৱে লাগিলে ইয়াৰ বাবে কোনোবা ভোকত মৰক, কোনোবা পুলিচৰ লাঠি খাই মৰক, কোনোবাই শ শ কিলোমিটাৰ খোজকাঢ়ি মৰক, কাৰোবাৰ ব্যৱসায়িক জীৱিকাই ধ্বংস নহওঁক কিয় তাৰ পিনে কোনো কাণসাৰ নাই ৷ কৰোণা মহামাৰীক লৈ কৰা সকলো নিয়ম আমি যিকোনো ত্যাগৰ মূল্যৰ বিনিময়ত মানি চলি আহিছো। হয়তো কোনোবাই যদি এই বিষয়ে প্ৰশ্ন অৱতাৰণ কৰে তেওঁ হয়গৈ জনস্বাস্থ্য শত্ৰু৷ আমাৰ শ্ৰমিকসকল দিন হাজিৰা কৰি খোৱা লোকসকল যি সকলৰ ৰেচন কাৰ্ডৰ বহী নাই, ৰাস্তাৰ অলিয়ে গলিয়ে দোকানী বা ফেৰীৱালা সকলে কেনেকৈ চলিছে? এতিয়া লাহে লাহে গম পোৱা গৈছে কৰোণা নামৰ নাটকখনৰ স্ক্ৰীপট হয়তো কেতিয়াবাই লিখি থোৱা হৈছিল। সময়ত হয়তু আক্ৰান্তৰ সংখ্যা, মৃতকৰ সংখ্যাৰ লগত লকডাউন, আনলকৰ সিদ্ধান্তৰ কোনো বিজ্ঞান সন্মত সম্বন্ধ দেখা নাযায়। আক্ৰান্তৰ সংখ্যা, সংক্ৰমণৰ সংখ্যা, মৃতকৰ সংখ্যা, এইবোৰৰ বৃদ্ধিৰ হাৰ যিয়েই নহওঁক কিয়, ব্যৱস্থাৰ ঘোষণাবোৰ সময়সূচী অনুসৰি ঘোষিত হৈ থকা যেন লাগে। কম সংখ্যক “কেচ” থাকোতে সম্পূৰ্ণ লকডাউন আৰু “কেচ” আকাশলংঘী হোৱাৰ সময়ত শিঠিলকৰণে হয়তু তাকেই প্ৰতিফলিত কৰিছে। ঘৰত থাকক সুৰক্ষিত থাকক এই শ্লোগান মানি চলিলে জানো পেটৰ ভাত মিলিব মধ্যবিত্তৰ? যাৰ বাবে চৰকাৰৰ সহনশীলতা শূণ্য। কৰোণাৰ মহামাৰী নামত যেন এক ভেকো ভাওনাহে সেই কথা এতিয়া উপলব্ধি হ’ব ধৰিছ।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে মুকলি : উমানন্দ মন্দিৰৰ লগতে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক-মনোমোহা দৃশ্য
দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে ৷ গুৱাহাটীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগ কৰিছে এই ৰ’প ৱেই ৷ জিএমডিএৰ তত্ত্বাৱধানত এই ব্যৱস্থা কৰা হৈছে ৷ এই ৰ’প ৱেৰ ফলত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ মাজত দূৰত্ব বহু হ্ৰাস পাব ৷ যিহেতু এই ৰ’প ৱে ১.৮ কিলোমিটাৰ দৈৰ্ঘৰ৷ মন কৰিব লগা যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব মাত্ৰ ৭ মিনিট ৷ উল্লেখ্য যে এই ৰ’প ৱে হ’ল ভাৰতৰ ভিতৰতে নহয় এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল নদী ৰ’প ৱে ৷ গুৱাহাটী মহানগৰী পৰ্যটকৰ আকৰ্ষণ হৈ পৰা এই ৰ’প ৱেৰ জৰিয়তে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক আৰু মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব৷ তদুপৰি উমানন্দ মন্দিৰৰ দৃষ্টিনন্দন দৃশ্যও উপভোগ কৰিব পাৰিব ৷ দুটা কেবিন যুক্ত এই ৰ’প ৱেত এবাৰত ৩৫ জনকৈ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব ৷ কিন্তু ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি এবাৰত ১৫ জন যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব ৷ এই যাত্ৰাত যোৱা যাত্ৰীয়ে মাস্ক পিন্ধা বাধ্যতামূলক ৷ ইতিমধ্যে যাত্ৰীৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৷ এই ৰ’প ৱেৰ নিৰ্মাণকাৰী হ’ল সমীৰ দামোদৰ ৰ’প ৱে প্ৰাইভেট লিমিটেড ৷ ব্ৰহ্মপুত্ৰৰ মাজত চাৰিটাকৈ টাৱাৰৰ জৰিয়তে উত্তৰ গুৱাহাটীলৈ এই ৰ’প ৱে সংযোগ কৰা হৈছে ৷ উল্লেখ্য যে মুঠ ৫৬ কোটি টকা ব্যয় হৈছে এই ব্যৱস্থাত ৷ ইয়াৰ চোৱাচিতা কৰিব নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো ৷ সোমবাৰে এই ৰ’প ৱে উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয় ৷ তদুপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিত্ত, গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী মহানগৰ উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰনিগম উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অশোক সিংঘাল উপস্থিত থাকে ৷
চুটি ছৱিৰ জনপ্ৰিয়তা
✍ গীতাশ্রী বৰা
সাম্প্ৰতিক সময়ত চুটি ছৱিৰ জনপ্ৰিয়তা ছ’চিয়েল মিডিয়াত অত্যাধিক। চুটি ছৱিৰ জনপ্ৰিয়তা আছে বাবেই হয়তু বহু সংখ্যক চুটি ছৱিৰ সৃষ্টি হৈছে। দৰ্শকৰ অভূত পৰিমাণৰ সঁহাৰিয়ে এনে চুটি ছৱিৰ নিৰ্মাণত সমাদৰ লাভ কৰিছে। চলচিত্র নিৰ্মাতাই গ্লেমাৰ থকা অভিনেতাকহে গুৰুত্ব দিয়া দেখা যায়। তেনে বহু কাৰণত কিছু অভিনেতা-অভিনেত্রীয়ে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা নাপায়। এতিয়া খলকণি তোলা এই চুটি ছৱিবোৰ কৰিবলৈ ন-শিকাৰুসকল ওলাই আহিছে। তেওঁলোকৰ অভিনয়ৰ ক্ষেত্ৰখনত নতুন খোজ পেলাবলৈ সক্ষম হৈছে। ই এক শুভ লক্ষণ। একোখন চলচিত্র নিৰ্মাণৰ কাৰণে বহু অৰ্থ ব্যয় হয়। সময় আৰু পৰিবেশৰ কথা থকাৰ উপৰিও সুদীৰ্ঘ সময়ৰ প্ৰয়োজন হয় এখন চলচিত্র নিৰ্মাণৰ কাৰণে। চুটি ছৱিবোৰৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। এটি সৰু কাহিনীৰ মাজত সমাজৰ মাজত ভাল বাৰ্ত্তা এটি দিব পাৰিলেই জনপ্ৰিয়তা বাঢ়িব। সমাজত ৰঘুমলাৰ দৰে সৃষ্টি নহৈ এনে চুটি ছৱিবোৰ আমাৰ মাজত বেছি সমাদৰ লাভ কৰিলে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত নিশ্চিতভাৱে আগুৱাই যাব পাৰিব। অলপতে প্ৰত্যক্ষ কৰিলো প্ৰতিষ্ঠিত গায়ক জুবিন গাৰ্গক লৈ কৰা এখন চুটি ছৱি। সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰা এই চুটি ছৱিখনৰ প্ৰত্যক্ষদৰ্শী অধিক। এখন সৰ্ম্পূণ চলচিত্র নিৰ্মাণত ব্যয় বাহুল্যতালৈ মন কৰিলে, এনে চুটি ছৱিবোৰত অভিনয় কৰিবলৈ কিছু প্ৰতিভামান অভিনেতা-অভিনেত্রীয়ে সুযোগ পাব। এনে চুটি ছৱিবোৰে এক সুন্দৰ বাৰ্ত্তা সমাজলৈ আগবঢ়াব পাৰিলে সংস্কৃতি জগতখন নিশ্চয় চহকী হ’ব।
ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ সিদ্ধান্ত উচিত হোৱা নাই
✍ পৰেশ দাস
কভিড-১৯ৰ বাবে সমগ্ৰ বিশ্বতে শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে। সেয়া বিনাদ্বিধাই সত্য। বিশেষকৈ দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ থকাত ছাত্ৰ-ছাত্ৰীসকল পিছ পৰি গৈছে। সেয়ে ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু বিদ্যালয়সমূহেও জাননী প্ৰেৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এয়া সমূলি উচিত হোৱা নাই। বৰ্তমানেও দেশৰ পৰিস্থিতি বিদ্যালয় খুলিব পৰাকৈ ভাল হোৱা নাই। দিনে দিনে কৰ’নাৰ গণ সংক্ৰমণ হৈয়ে আছে। তেনে পৰিপ্ৰেক্ষিতত কৰ’না টেষ্ট কৰি এখন জিলাৰ পৰা আন এখন জিলাত গৈ বিদ্যালয়ত যোগদান কৰিলেও ভয় এটা বুকুত থাকি যাব। কাৰণ লকডাউনৰ সময়ত সৰহ সংখ্যক শিক্ষকে ঘৰতে আবদ্ধ হৈ সামাজিক দূৰত্ব মানি চলিছে। এনে পৰিৱেশত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে কৰ’না পজিটিভ ওলোৱা সম্ভাবনাই বেছি। তাৰ বাবে দায়ী কোন হ’ব? তাতকৈ পৰিৱেশটো সম্পূৰ্ণ সুস্থ হোৱালৈ অপেক্ষা কৰাটোহে সমীচীন হ’ব। আনহাতে বৰ্তমানেও যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণ সুচল বুলি ক’ব নোৱাৰি। সেয়ে শিক্ষা মন্ত্ৰী আৰু অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ বিষয়টো আকৌ এবাৰ অনুধাৱন কৰি উচিত পদক্ষেপ গ্ৰহণ কৰক।
ক’ৰোনাক জয় কৰি ভাৰতত ঘৰলৈ গৈছে ২৩ লাখৰো অধিক : ২৪ ঘণ্টাত দেশত ৬১,৪০৮ জন আক্ৰান্ত
দৈনন্দিন বাৰ্তা ডেস্ক : যোৱা কিছুদিন দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনে ৭০ হাজাৰৰ ওচৰত আছিল ৷ দেওবাৰে সেই সংখ্যা কমিল ৷ তথাপি সেই সংখ্যাটো স্বস্তিৰ নহয় ৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে প্ৰায় ৬১ হাজাৰ মানুহ ৷ ফলত সমগ্ৰ দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩১ লাখ পালেগৈ ৷ ইয়াৰ বিপ ক’ৰোনাক জয় কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ইতিমধ্যে দেশত ২৩ লাখৰো অধিক লোক ক’ৰোনাৰ কবলৰ পৰা সুস্থ হৈ ঘৰলৈ গৈছে ৷ সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া পৰিসংখ্যা মতে যোৱা ২৪ ঘণ্টাত দেশত ৬১,৪০৮ জন লোক ক’ৰোনাত আক্ৰান্ত হয় ৷ যিটো যোৱা কেইটামান দিনতকৈ ৮ হাজাৰ কম ৷ ইয়াৰ মাজত ২৩,৩৮,০৩৬ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে ৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৫৭,৪৬৮ জন লোক ৷ দেশত এতিয়াও প্ৰায় ৭ লাখ ১১ হাজাৰ জন ক’ৰোনা ৰোগী চিকিৎসাধীন ৷ সংক্ৰমণৰ তালিকাত তৃতীয় স্থানত থাকিলেও প্ৰথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু ব্ৰাজিলতকৈ ভাৰতৰ দৈনিক সংক্ৰমণ বৃদ্ধিৰ গতি বহু বেছি ৷ ইপিনে মৃত্যুৰ হাৰ আন দেশৰ তুলনাত ভাৰতত কম ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৮৩৬ জন লোক ৷ ফলত দেশত মৃত্যুৰ মুঠ সংখ্যা হ’ল ৫৭,৫৪২ জন ৷ এই মুহূৰ্তত দেশত সুস্থতাৰ হাৰ প্ৰায় ৭৫ শতাংশ ৷










