উজনি-মাজুলীঃ যোৱা ৩০ আগষ্টত মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব মাজুলী আঞ্চলিকৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভা খনিত সভাপতিত্ব কৰে যোগী গাঁৱৰ গাওঁ উন্নয়ন সমিতিৰ সভাপতি অনন্ত নাথে | সভা খনিত উপস্থিত থাকে মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি যোগী দিব্যজোতি নাথ, সম্পাদক যোগী অচ্যুত কুমাৰ নাথৰ লগতে জিলা সমিতিৰ ভালেকেইজন বিষয়ববীয়াৰ লগতে পূব মাজুলী আঞ্চলিক যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক মানৱ বৰা। সভাই দিব্যজোতি নেওঁগক সভাপতি আৰু অভিজিত বৰুৱাক সম্পাদকৰ দায়িত্ব দি ২০২০- ২০২১ বৰ্ষৰ বাবে এখন ৩১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে। সভাত মানৱ বৰাই নৱনিৰ্বাচিত সমিতি খনক উদ্দেশ্য কৰি সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই। নৱগঠিত সমিতিখনক শপত বাক্য পাঠ কৰাই যোগী অচ্যুত কুমাৰ নাথে ।
ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থাৰ উদ্যোগত আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠানৰ আয়োজন
নলবাৰী : সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত আজি নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰ বাবে থিয়েটাৰত জৰিত শিল্পী সকলৰ লগতে, কলা কুশলীৰ লগত জৰিত ব্যক্তি সকল আৰ্থিক দীনতাত ভুগিব লগীয়া হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে যোৱা কিছুদিন পূৰ্বে চৰকাৰে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান খুলি দিছে যদিও সেই অনুষ্ঠানত ১০০ জনতকৈ বেছি জনসমাগম হব নোৱাৰিব । কিন্তু ১০০ জন ব্যক্তিৰ উপস্থিত এখন ভ্ৰাম্যমাণ থিয়েটাৰ নচলিব আৰু থিয়েটাৰ কৰ্তৃপক্ষৰ বিশেষকৈ বহুত লোকচানৰ সন্মুখীন হব । যাৰ বাবে এইবেলি থিয়েটাৰ আয়োজন কৰিব নোৱাৰিব বুলিও শিল্পী সকলে সন্দেহ প্ৰকাশ কৰিছে । আজি অনুষ্ঠিত এই আলোচনা চক্ৰত উক্ত বিষয় সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হয় । বৰ্তমান সময়ত চৰকাৰে যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ এই শিল্পী সকলৰ লগতে কলা কুশলীৰ লগত জৰিত ব্যক্তি সকল চলিবলৈ কিবা এটা সুবিধা প্ৰদান কৰিবলৈ তথা থিয়েটাৰৰ ক্ষেত্ৰত ১০০ তকৈ বেছি জনসমাগম হোৱা সন্দৰ্ভত ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই ।
নলবাৰীৰ বামুন্দিত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ
দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী : নলবাৰী জিলাৰ বামুন্দি গাঁওত আজি এটা দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ হয় । বামুন্দী গাঁওৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য পক্ষীটো । দুপৰীয়াৰ ভাগত গাঁও খনৰে এজন সচেতন ব্যাক্তিয়ে এই দুষ্প্ৰাপ্য পক্ষীটোক প্ৰত্যেক্ষ কৰি উদ্ধাৰ কৰে আৰু বন বিভাগক অৱগত কৰাই । পিছত বন বিভাগৰ লোক তাৎক্ষণিকভাৱে ঘটনা স্থলীত উপস্থিত হৈ পক্ষীটোক লৈ যায় । দুষ্প্ৰাপ্য পক্ষীটোক প্ৰত্যেক্ষ কৰিবলৈ স্থানীয় ৰাইজে ভিৰ হোৱাত পৰিলক্ষিত হয় ।
‘কা’ বাতিলৰ দাবীত আছুৰ বাইক ৰেলী
তিনিচুকীয়া ১ ছেপ্তেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষা কথা কৈ প্ৰতিটো পদে পদে জাতিটোক চৰম প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই যৌথ ভাৱে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত এক বৃহৎ বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো তিনিচুকীয়া থানা চাৰিআলি হৈ বৰগুৰি আৰু তাৰ পিছত বাই পাছেৰে পানীতোলা বৰুৱাহোলা হৈ পানীতোলা গেটেৰে আহি তিনিচুকীয়া চান্দমাৰী তিনিআলিৰ ওচৰত ৰেলী সমাপ্ত কৰে ৷ প্ৰায় তিনি শতাধিক বাইকেৰে হোৱা এক বিশাল বাইক ৰেলী কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই ৷ কাৰ্যসূচীত উপস্থিত থা্কি সমৰজ্যোতি গোঁহাইয়ে স্পষ্টকৈ চৰকাৰক সকীয়াই দিয়ে যে কোনো মূল্যৰ বিনিময়ত “কা” মানি লোৱা ন’হব ৷ ইয়াৰ কাৰণে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আছু সদা প্ৰস্তুত আছে ৷
দেবাংগনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ
দৈনন্দিন বাৰ্তা ডেস্ক : দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ-পূৱ দিল্লীত হিংসাত্মক ঘটনাত পিনজ্ৰা টডৰ সদস্য দেবাংগনা কলিতাক জামিন মঞ্জুৰ কৰিছে ৷ লগতে কোৱা হৈছে তেওঁৰ উপস্থিতিত এটা ‘শান্তিপূৰ্ণ আন্দোলন’ দেখা গৈছে, যিটো ভাৰতৰ সংবিধানৰ ১৯ অনুচ্ছেদৰ অধীনত গেৰাণ্টীযুক্ত মৌলিক অধিকাৰ ৷ উল্লেখ্য যে তেওঁক মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ‘আমাৰ বিবেচিত মতামত অনুসৰি আবেদনকাৰীক ত্ৰাণ মঞ্জুৰ কৰি উত্তৰদাতাৰ তদন্তত কোনো কুসংস্কাৰ সৃষ্টি নহয় আৰু তেওঁক অহেতুক হাৰাশাস্তি, অবমাননা আৰু বিচাৰহীনভাৱে চিকাৰ হোৱাত বাধা দিয়া হ’ব ৷’ ৰায় ঘোষণাৰ আদেশত ন্যায়াধীশ সুৰেশ কুমাৰ কেইটে মঙলবাৰে এইদৰে কয় ৷ দেবাংগনা কলিতাক কাৰাগাৰৰ পৰা মুক্তি নাপায় ৷ কাৰণ তেওঁ ‘ষড়যন্ত্ৰ’ কৰাৰ অভিযোগত সন্ত্ৰাস বিৰোধী আইন, ইউএপিএৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ যোৱা সপ্তাহত দিল্লীৰ এখন আদালতত সেই গোচৰৰ জামিন আবেদন প্ৰত্যাখান কৰিছিল ৷ মঙলবাৰে উচ্চ ন্যায়ালয়ে লগতে কয় যে আৰক্ষীয়ে তেওঁৰ বক্তৃতাত নিৰ্দিষ্ট সম্প্ৰদায়ৰ মহিলাক প্ৰৰোচিত কৰা বা কোনো বিদ্বেষৰ গতি দিয়াত উপাদান তৈয়াৰ কৰাত ব্যৰ্থ হৈছে ৷ দেবাংগনা কলিতা হ’ল জাফৰাবাদ থানাত ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰা অনুসৰি এফআইআৰত অভিযুক্ত ৷ তদন্তকাৰী সংস্থাই হিংসাত্মক ঘটনাৰ পাচত তেওঁ প্ৰধান ষড়যন্ত্রকাৰী৷ আদেশত ন্যায়াধীশ কাইটে কয় যে তেওঁ উচ্চ শিক্ষা অৰ্জনৰ শিক্ষার্থী ৷
নগাঁৱত নতুন উপায়ুক্তৰ আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ
নগাঁও, ১ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে ইতিমধ্যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কবিতা পদ্মনাভনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। এই অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদায়ী উপায়ুক্ত যাদৱ শইকীয়াক এখনি শৰাই,ফুলাম গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্ত গৰাকীক সমূহ বিষয়া কৰ্মচাৰীয়ে সম্বৰ্ধনা আৰু আদৰণি জনায়। আজিৰ এই সভাত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে নগাঁও জিলাখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে আৰু বিদায়ী উপায়ুক্ত গৰাকীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ।
প্ৰথমবাৰৰ বাবে সন্ত্ৰাস জৰ্জৰ শ্ৰীনগৰ ছেক্টৰত চিআৰপিএফৰ ইনস্পেক্টৰ জেনেৰেলৰ দায়িত্বত মহিলা আইপিএছ
দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰথমবাৰৰ বাবে সন্ত্ৰাস জৰ্জৰ জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ ছেক্টৰত চিআৰপিএফৰ ইনস্পেক্টৰ জেনেৰেল (আইজি) হিচাপে এগৰাকী মহিলা আইপিএছ বিষয়াক নিযুক্তি দিয়া হৈছে ৷ শ্ৰীনগৰ ছেক্টৰত চিআৰপিএফৰ ইনস্পেক্টৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰা আইপিএছ বিষয়া চাৰু সিনহা ১৯৯৬ বেটছৰ তেলেংগানা কেডাৰ ৷ উল্লেখ্য যে এনে কঠিন দায়িত্ব লাভ কৰা তেওঁৰ বাবে এয়া প্ৰথম নহয় ৷ ইয়াৰ আগতে তেওঁ চিআৰপিএফৰ বিহাৰ ছেক্টৰৰ আইজি হিচাপে কাম কৰিছিল আৰু নক্সালৰ সৈতে মোকাবিলা কৰিছিল ৷ তেওঁৰ নেতৃত্বত বহু নক্সাল বিৰোধী অভিযান চলোৱা হৈছিল ৷ বহু সফল অভিযান চলোৱাৰ পাচত তেওঁক জম্মুলৈ চিআৰপিএফৰ আইজি হিচাপে স্থানান্তৰ কৰে ৷ সোমবাৰে এক নতুন নিৰ্দেশেৰে তেওঁক শ্ৰীনগৰ ছেক্টৰত আইজি হিচাপে নিযুক্তি দিয়ে ৷
জনজাতিকৰণ দাবীত দিছপুৰ লাষ্টগেট, গুৱাহাটীত সদৌ মটক যুৱ-ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ উদ্যোগত অৱস্থান ধৰ্মঘট
দৈনন্দিন বাৰ্তা ডেস্ক : বছৰ বছৰ ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰা দূৰত্ব বজাই ৰখা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ স্থিতি প্ৰদৰ্শন কৰিছে অসমৰ জনগোষ্ঠীয় সংগঠনসমূহে। অসমৰ অন্যতম ভূমিপুত্ৰ মটক আৰু কোচ জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। মটক আৰু কোচ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ দাবীকে ধৰি জনগোষ্ঠী দুটাৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ লগতে কোচ জনগোষ্ঠীৰ অন্যান্য সংগঠনৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, মটক আৰু কোচ জনগোষ্ঠিক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক, বি জে পি হুচিয়াৰ ইত্যাদি শ্লগানেৰে গুৱাহাটীৰ আকাশ বতাহ কপাই তুলি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অন্তত দুয়োটা সংগঠনে সুকীয়াকৈ নিৰ্দিষ্ট দাবী সম্বলিত স্মাৰক পত্ৰ দিশপুৰ দণ্ডাধীশৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কই যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰ্জোঁট চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰনৰ নামত কেৱল ৰাজনীতিয়ে নহয় চৰম অপমান কৰা বুলি মত প্ৰকাশ কৰে। শেহতীয়াকৈ বিগত বৰ্ষৰ ৰাজ্যিক কেবিনেটে মটক জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিব বুলি ঘোষনা কৰিছিল, কিন্তু আজিকোপতি ৰাজ্য চৰকাৰে স্বায়ত্ব শাসন প্ৰদান নকৰিলে। চৰকাৰৰ এনে মৈমতালিক সংগঠনটোৱে তীব্ৰ গৰিহনা দিয়ে।উক্ত কাৰ্যসূচীত কোচ যুৱ পৰিষদৰ সভাপতি পৰাগ কোচ, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তুষাৰ ৰঞ্জণ চেতিয়া, সহকাৰী সম্পাদক দিগন্ত দত্তকে ধৰি সংগঠনৰ কেন্দ্ৰীয়,জিলা আৰু আঞ্চলিক সমিতিৰ আন আন সদস্যসকল উপস্থিত থাকি প্ৰতিবাদ সাবস্ত্য কৰে।
ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে ৰাজীৱ কুমাৰৰ দায়িত্ব গ্ৰহণ
দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰিছে ৷ তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰৰ ওচৰত যোগ দিয়ে ৷ উল্লেখ্য যে যোৱা ১৮ আগষ্টত ইস্তফা দিয়া অশোক আৰোৰাৰ পৰা ৰাজীৱ কুমাৰে দায়িত্ব গ্ৰহণ কৰে৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই তেওঁৰ দায়িত্ব গ্ৰহণৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁৰ নিযুক্তি নিৰ্দিষ্ট কৰি দিছিল ৷ উল্লেখ্য যে ৰাজীৱ কুমাৰ ১৯৮৪ চন বেটছৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ে তেওঁৰ নিযুক্তি জাননীৰ জৰিয়তে প্ৰকাশ কৰে৷ ৰাজীৱ কুমাৰে ৩০ বছৰীয়া কাৰ্যকালত তেওঁৰ ৰাজ্য ঝাৰখণ্ডত বিভিন্ন বিভাগত প্ৰশাসনিক কাম কৰাৰ অভিজ্ঞতা আছে ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত কাম কৰিছিল ৷ তেওঁ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সচিব আৰু তৎকালীন অতিৰিক্ত সচিব হিচাপে ২০১২ চনৰ ১৯ মাৰ্চৰ পৰা ২০১৫ চইৰ ১২ মাৰ্চলৈকে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ পাচত ২০১৫ চনৰ ১২ মাৰ্চৰ পৰা ২০১৭ চনৰ ৩০ আগষ্টলৈকে তেওঁ এষ্টাব্লিচমেণ্ট অফিচ আৰু অতিৰিক্ত-বিশেষ সচিব, কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু অৱসৰ, ডি/অ’ আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ত দায়িত্ব গ্ৰহণ কৰিছিল ৷
পেংগঙত চীনৰ আগ্ৰাসন ৰোধ ভাৰতীয় সেনাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখ সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিলে চীনে ৷ পেংগঙৰ কাষত পুনৰ সোমাবলৈ চেষ্টা কৰিলে চীনা সেনাই ৷ অৱশ্যে ভাৰতীয় সেনাই বাধা দিয়াত চীনৰ অভিযান ব্যৰ্থ হয় ৷ ২৯ আগষ্টৰ গভীৰ নিশা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ সোমাবলৈ চেষ্টা কৰিছিল পিপুলছ লিবাৰেচন আৰ্মি ৷ এই কথা প্ৰকাশ কৰি ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাই এক বিবৃতিত জনায়, সেনা আৰু কূটনৈতিক স্তৰত আলোচনাৰ পাচত ঐকমত্যত সমাধানত উপনীত হৈছিল, ২৯ আৰু ৩০ আগষ্টৰ ৰাতি পিএলএ সেনাই ইয়াক প্ৰত্যাহাৰ কৰে ৷ স্থিতাৱস্থা নষ্ট কৰি তাত প্ৰৰোচনামূলক সামৰিক পদক্ষেপ লয় ৷ তাৰ পাচত ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিয়ে ৷ এইদৰে বিবৃতিত কোৱা হৈছে ৷ অৱশ্যে কি প্ৰত্যুত্তৰ দিয়ে সেই কথা জনোৱা হোৱা নাই ৷ পেংগং ছো হ্ৰদৰ দক্ষিণ তীৰত পিএলএৰ আগ্ৰাসন ৰোধ কৰে ভাৰতীয় সেনাই ৷ তাত নিজৰ অৱস্থান শক্তিশালী কৰিছে ভাৰতে৷ আনহাতে চীনে সীমা সলনি কৰাৰ চেষ্টা কৰে ৷ কিন্তু তেওঁলোকৰ সেই প্ৰচেষ্টা ব্যৰ্থ হয় ৷ ইয়াৰ কিছু পৰত ভাৰতীয় সেনাই জনায়, কথা মতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ভাৰতে ৷ এলেকাটোত শান্তি বৰ্তাই ৰাখিব ৷ আঞ্চলিক অখণ্ডতা বৰ্তাই ৰখাত বদ্ধপৰিকৰ ভাৰত ৷










