দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্য চৰকাৰবোৰৰ বিৰোধিতাক উপেক্ষা কৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ সিদ্ধান্তকে চীল মোহৰ মাৰিলে উচ্চতম ন্যায়ালয়ে ৷ আদালতে জনালে, পৰীক্ষা বাদ দি শিক্ষাৰ্থীক উত্তীৰ্ণ কৰিব নোৱাৰিব ৷ সেয়ে ৰাজ্য চৰকাৰবোৰে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা পাতিবই লাগিব ৷ তদুপৰি প্ৰয়োজন হ’লে ৩০ ছেপ্টেম্বৰ পিছুৱাই দিব পাৰে ৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে মাৰ্চ মাহৰ পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয় বন্ধ আছে ৷ এই পৰিস্থিতিত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ প্ৰায় সকলো স্তৰৰ পৰীক্ষা বাতিল কৰা হৈছে ৷ ব্যতিক্ৰম কেৱল চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ ইউজিচিৰ দাবী, নিয়ম অনুযায়ী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নোহোৱাকৈ কোনো শিক্ষাৰ্থীক ডিগ্ৰী দিয়া সম্ভৱ নহয় ৷ সেয়া স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাও হ’ব পাৰে ৷ যোৱা ৬ জুলাইত এক নিৰ্দেশিকা জাৰি কৰি ইউজিচিয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা পাতিবলৈ চূড়ান্ত সীমা ঘোষণা কৰিছিল ৷ কিন্তু ক’ৰোনা আতংকৰ মাজত বহু ৰাজ্যই পৰীক্ষা অনুষ্ঠিত কৰাত পক্ষপাতী নাছিল ৷ ক’ৰোনা সংক্ৰমণৰ বাবে পৰীক্ষা বাতিল কৰাৰ দাবীত একাধিক আবেদন উচ্চতম ন্যায়ালয়ত জমা হৈছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ে কোনো আবেদন মানি নল’লে ৷ উচ্চতম ন্যায়ালয়ে ইউজিচিৰ পক্ষে ৰায় দিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ বিচাৰপীঠে ভিডিঅ’ কনফাৰেন্স যোগে এই ৰায় দিয়ে ৷
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ গ্ৰহণ ডনাল্ড ট্ৰাম্পৰ
দৈনন্দিন বাৰ্তা ডেস্ক : শাসক দল ৰিপ্লাবিকান পাৰ্টিৰ হৈ দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ গ্ৰহণ কৰিলে ডনাল্ড ট্ৰাম্পে ৷ স্থানীয় সময় বৃহস্পতিবাৰে নিশা হুৱাইট হাউচৰ ৰিপ্লাবিকান নেচনেল কনভেনছনত ‘আৰু চাৰি বছৰ’ শ্ল’গানৰ মাজত মনোনয়নপত্ৰ গ্ৰহণ কৰে তেওঁ ৷ মঞ্চত ট্ৰাম্পক দলৰ আগত পৰিচয় কৰাই দিয়ে তেওঁৰ কন্যা ইভানা ট্ৰাম্পে ৷ নিজৰ ভাষণত ট্ৰাম্পে কয়, আপোনালোকৰ সমৰ্থনত মই সন্মানিত, যোৱা চাৰি বছৰে যি উন্নতি আমি কৰিছো, তাৰ বাবে গৰ্বিত আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আত্মবিশ্বাসী মই আৰু চাৰি বছৰ আমেৰিকাৰ হকে কাম কৰিম ৷ এইবাৰ ৰাষ্ট্ৰপতি হৈ আমেৰিকাৰ ইতিহাসত অৰ্থনৈতিকভাৱে সকলোতকৈ শক্তিশালী কৰিম ৷ ৭০ মিনিটৰ ভাষণত কেৱল নিজৰ চাৰি বছৰৰ পৰিকল্পনাই নহয়, তেওঁৰ প্ৰতিদ্বন্দ্বী ডেমক্ৰটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনকো আক্ৰমণ কৰে ৷ ইয়াৰ লগতে বিৰোধী দলকো কটাক্ষ কৰে ট্ৰাম্পে ৷
জেইই (মেইন) পৰীক্ষাত ১০ লাখ মাস্ক, ১০ লাখ যোৰ গ্ল’ৱছ, ৬৬০০ লিটাৰ হেণ্ড ছেনিটাইজাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ১০ লাখ মাস্ক, ১০ লাখ যোৰ গ্ল’ৱছ, ১৩০০ ইনফ্ৰাৰেড থাৰ্ম’মিটাৰ বন্দুক, ৬৬০০ লিটাৰ হেণ্ড ছেনিটাইজাৰ আৰু সমান পৰিমাণৰ জীৱাণুনাশক তৰল, ৬৬০০ স্পঞ্জ, ৩৩০০ স্প্ৰে বটল আৰু ৩৩০০ পৰিচ্ছন্নতা কৰ্মী এইবোৰক লৈ ১৩ কোটি টকা অতিৰিক্ত ব্যয় কৰি অনুষ্ঠিত কৰা হ’ব জেইই (মেইন) পৰীক্ষা ৷ ক’ভিড প্ৰাদুৰ্ভাৱৰ পাচত প্ৰথম ৰাষ্ট্ৰীয় স্তৰৰ প্ৰৱেশিকা পৰীক্ষাৰ জেইই (মেইন)ৰ বাবে ৬৬০টা পৰীক্ষামূলক পৰীক্ষাৰ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনইএ)ই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ স্বাস্থ্য সম্পৰ্কিয় উদ্বেগৰ কাৰণ হিচাপে বিভিন্ন ৰাজ্য চৰকাৰে পৰীক্ষা পিছুৱাই দিবলৈ দাবী কৰিছে, তথাপি কেন্দ্ৰই পৰিকল্পনা কৰা মতে জেইই (মেইন) আৰু এনইইটিৰ সৈতে আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে ৷ নতুবা এটা বছৰ হেৰুৱাব আৰু ভৱিষ্যতে ক্ষতিগ্ৰস্ত হ’ব ৷ ইঞ্জিনিয়াৰিং প্ৰত্যাশীৰ বাবে এটা অনলাইন পৰীক্ষা জিইই (মেইন) ১ৰ পৰা ৬ ছেপ্টেম্বৰ আৰু এনইইটি, মেডিকেল আৰু ডেণ্টেল ক’ৰ্চৰ বাবে এক পেন-পেপাৰ পৰীক্ষা ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা ৷ জেইই (মেইন)ৰ বাবে প্ৰায় ৮.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে, য’ত ১.১৪ নিৰিক্ষককে পৰ্যৱেক্ষণ কৰিব ৷ প্ৰাদুৰ্ভাৱৰ আগেয়ে এনটিএয়ে ৫৭০ টা জেইই (মেইন) পৰীক্ষা কেন্দ্ৰ চিহ্নিত কৰিছিল ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিবৰ বাবে এতিয়া ইয়াক বৃদ্ধি কৰা হৈছে ৷ ছিফ্টৰ সংখ্যা ৮ ৰ পৰা ১২লৈ বঢ়োৱা হৈছে ৷ প্ৰতি ছিফ্টত প্ৰাৰ্থীৰ সংখ্যা কমিছে ১.৩২ লাখৰ পৰা ৮৫০০০লৈ ৷ ইয়াৰ আগতে ৩০ জন শিক্ষার্থীৰ বাবে দুজন পৰ্যৱেক্ষক নিয়োগৰ পৰিকল্পনা কৰা হৈছিল ৷ এনটিএৰ সঞ্চালক প্ৰধান বিনীত যোশীয়ে এনেদৰে কয়৷ পৰীক্ষা দুটা ছিফ্টত তিনি ঘণ্টাৰ হ’ব ৷
কেন্দ্ৰৰ নিৰ্দেশ : ঘৰুৱা উৰণত যাত্ৰীয়ে পাব খাদ্য
দৈনন্দিন বাৰ্তা ডেস্ক : ঘৰুৱা বিমানত এতিয়াৰ পৰা পেকেটত থকা খোৱা বস্তু, স্নেকছ আৰু পানীয় পৰিৱেশন কৰা হ’ব ৷ এই নিৰ্দেশ দিছে কেন্দ্ৰই৷ আনকি আন্তৰ্জাতিক উৰণত এতিয়াৰ পৰা পেকেটত থকা গৰম খাদ্য পৰিৱেশন কৰাৰ অনুমতি দিয়া হৈছে ৷ আনহাতে বিমানত কোনো যাত্ৰীয়ে মাস্ক পৰিধান কৰিবলৈ অস্বীকাৰ কৰিলে তেওঁক বিমানৰ পৰা নামি যাবলৈ নিৰ্দেশ দিব ৷ আনকি সেই যাত্ৰীক “ন’ ফ্লাই” তালিকাত কিম্বা ক’লা তালিকাভূক্ত কৰাব পাৰিব বিমান কোম্পানীয়ে ৷ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ এজন বিষয়াই এই কথা জনাইছে ৷ ক’ৰোনা মহামাৰীৰ বাবে দীৰ্ঘ দিন বন্ধ আছিল বিমান চলাচল ৷ ২৫ মে’ৰ পৰা ঘৰুৱা বিমান চলাচল আৰম্ভ হ’লেও যাত্ৰীৰ খোৱা পৰিৱেশনত নিষেধাজ্ঞা জাৰি কৰা আছিল ৷ আন্তৰ্জাতিক উৰণত যাত্ৰীক কেৱল পেকেটত থকা ঠাণ্ডা খোৱা বস্তু আৰু পানী দিয়া হৈছিল ৷ তদুপৰি বিমান যাত্ৰাৰ সময়ৰ ওপৰত বহু নিৰ্ভৰ কৰিছিল ৷ উৰণত যাত্ৰীৰ খোৱা বস্তু পৰিৱেশনৰ ক্ষেত্ৰত বিধি নিষেধ উঠালেও দেশত ক’ৰোনা সংক্ৰমণ বাঢ়ি আছে ৷ যোৱা ২৪ ঘণ্টাত দেশত সংক্ৰমিত হৈছে ৭৭,২৬৬ জন। দেশত মুঠ আক্ৰান্ত হৈছে ৩৩,৮৭,৫০০ জন৷ আনহাতে দেশত ক’ৰোনাত মুঠ মৃত্যু হৈছে ৬১,৫২৯ জনৰ ৷
“ড° হিমন্ত বিশ্ব শৰ্মা এতিয়া এজন ব্যক্তি হৈ থকা নাই, বৰ্তমান তেওঁ এটা বৃহৎ অনুষ্ঠান” : বিধায়িকা আঙুৰলতা ডেকা
নগাঁও,২৮ আগষ্টঃ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত মনোনীত হোৱাৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, দায়িত্বই মানুহক উৎসাহিত কৰে। দলে যি দায়িত্ব দিছে সেয়া নিয়াৰিকৈ পালন কৰি যাম। চৰকাৰৰ আঁচনিসমূহ মহিলাসকলৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম ৷ ইফালে,অসমৰ এজন দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচন নেখালাৰ প্ৰসংগতো মত প্ৰকাশ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকাগৰাকীয়ে কয় ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। তেখেত বৰ্তমান এগৰাকী ব্যক্তি হৈ থকা নাই। তেখেত এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। যিটো অনুষ্ঠানে নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈ আছে। বিশেষকৈ কোৰোণা মহামাৰীৰ সময়ত তেখেতে যি ভূমিকা গ্ৰহণ কৰিলে সেয়া অসমৰ সোণালী ইতিহাসত লিখা থাকিব। তেখেতৰ কৰ্ম দক্ষতাক শাত-শতৰুৱেও স্বীকাৰ কৰিব। গতিকে তেখেতক অসমত প্ৰয়োজন আছে। অসমৰ ভৱিষ্যতৰ বাবে, অসমীয়া জাতিটোৰ বাবে তেখেতে সক্ৰিয়ভাৱে চৰকাৰত থাকিবই লাগিব। এইটো আমাৰ অনুৰোধ নহয়, তেখেতৰ ওচৰত দাবী। লগতে বিধায়িকা গৰাকীয়ে কয় যে, তেখেতে ভৱিষ্যতেও ৰাইজৰ হৈ সেৱা আগবঢ়াই যাব বুলি আশা কৰিছো।
হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসলীলা ৷ নিৰ্বিকাৰ বন বিভাগ
ডবকা, ২৮ আগষ্ট : ডবকা সংৰক্ষিত বনাঞ্চল চলিছে অবাধে বন ধ্বংসলীলা কাৰ্য্য ৷ যোৱানিশা সংৰক্ষিত বনাঞ্চলখনত দুৰ্বৃ্ত্তই সাতজোপাকৈ মূল্যবান চেগুন গছ কাটি ধ্বংস প্ৰাপ্ত চলোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা এসপ্তাহ ধৰি সংৰক্ষিত বনাঞ্চল খনৰ বিভিন্ন এলেকাৰ পৰা দুৰ্বৃত্তই কাটি নিছে প্ৰায় ত্ৰিছ জোপাকৈ মহামূল্যবান শাল আৰু চেগুন গছ ৷ এই ক্ষেত্ৰত নিৰ্বিকাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল ৷ এনেদৰে যদি বন ধ্বংসকাৰ্য্য চলি থাকে তেনেহলে সেউজ বনাঞ্চল টকলা হবলৈ বেছি সময় নালাগিব বুলি অভিযোগ কৰিছে সচেতন লোকে ৷ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বন কৰ্মীৰ চত্ৰ ছায়াতেই এনেদৰে মূল্যবান গছসমূহ দুৰ্বৃত্তই কাটি লৈ গৈছে ৷ ইমান দিন ধৰি বনাঞ্চল খনৰ পৰা মূল্যবান গছ সমূহ কাটি নিছে যদিওঁ বন বিভাগে এজনো দুষ্কৃতিকীৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আন এক অভিযোগ অনুসৰি ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বন কৰ্মীৰ মাজত চলি থকা অৰিয়ায়ৰিৰ বাবেই এনেদৰে দুষ্কৃতিকাৰী সকলে মূল্যবান গছ সমূহ এনেদৰে কাটি লৈ গৈছে ৷ ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত একাংশ বিট অফিচাৰ, বন কৰ্মী, বন সুৰক্ষা কৰ্মচাৰী বিগত বহু বছৰৰ পৰা কৰ্মৰত হৈ আছে, উক্ত কৰ্মচাৰী সকলৰ সৈতে বন মাফিয়া সকলৰ মধুৰ সম্পৰ্ক থকাৰ বাবেই বনাঞ্চল ধ্বংস লীলা অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে। এই বন ধ্বংসলীলা বন্ধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক স্থানীয় ৰাইজে আহবান জনায় ৷
কলকাতাৰ মহাবিদ্যালয়ত মেধাৰ তালিকাত ছানী লিয়নি
দৈনন্দিন বাৰ্তা ডেস্ক : কলকাতাৰ এখন মহাবিদ্যালয়ে ভুলকৈ বলীউডৰ অভিনেত্ৰী ছানী লিয়নিক মেধাৰ তালিকাত নাম অন্তভূক্ত কৰিছে ৷ ইয়াৰ স্ক্ৰীণশ্বট ভাইৰিল হোৱাৰ পাচত অভিনেত্ৰীগৰাকীয়ে এটা হাস্যকৰ টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মহাবিদ্যালয়খনে এই ভুলৰ সংশোধন কৰে ৷ ছানী লিয়নিয়ে লিখে, কলেজৰ সকলোকে পাচৰ ছিমেষ্টাত দেখিম ! তোমালোকক আমাৰ শ্ৰেণীত আশা কৰিছো ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ কাৰণে এই লকডাউনৰ মাজতে ছানী লিয়নিয়ে তেওঁৰ নতুন শ্ব ‘লকড আপ উইথ ছানী’ অনলাইনত আৰম্ভ কৰিছে ৷ এই শ্ব’ত হ’ষ্ট ছানীয়ে নতুন অতিথিৰ সৈতে লাইভত আলোচনা কৰে আৰু কিদৰে তেওঁ কোৱাৰেণ্টাইনত সময় ব্যয় কৰিছে তাক লৈ আলোচনা কৰে ৷ তেওঁ চেলিব্ৰিটি ফটোগ্ৰাফাৰ দাবো ৰটনানি, অভিনেত্ৰী ডেইজী শ্বাহ, জৰ্জিয়া এণ্ডৰিয়ানি আদিৰ লগত মত বিনিময় কৰে ৷ সামাজিক দূৰত্ব ৰক্ষা কৰি ছানী লিয়নিয়ে অনুৰাগীৰ লগত শ্ব কৰে ৷
আঞ্চলিক সংযোগ প্ৰকল্পত ৭৮টা নতুন পথ অনুমোদন অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ
দৈনন্দিন বাৰ্তা ডেস্ক : অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আঞ্চলিক সংযোগ আঁচনিৰ ইউডিএএনৰ চতুৰ্থ পৰ্যায়ত ৭৮ টা নতুন পথৰ অনুমোদন কৰিছে ৷ ইয়াত গুৱাহাটীৰ পৰা তেজু, ৰূপশ্ৰী, তেজপুৰ, পাচিঘাট, মিচা আৰু শ্বিলং যোৱাৰ পথবোৰৰ সৈলে উত্তৰ পূৱৰ যোগাযোগৰ বাবে বিশেষ উৎসাহ দিয়া হৈছে ৷ এই ইউডিএএন ৪ ৰোটত হিছাৰৰ পৰা চণ্ডীগড়, ডেৰাদুন আৰু ধৰমশালালৈ আকাশ পথেৰে যাব পাৰিব ৷ ইয়াৰ লগতে বাৰাণসীৰ পৰা চিত্ৰকূট আৰু শ্ৰাবস্তীৰ ৰোট অনুমোদন কৰা হৈছে ৷ আনহাতে লাক্ষাদ্বীপৰ অগাটি, কাভাৰতী আৰু মিনিকয় দ্বীপবোৰ ইউডিএএন ৪.০ৰ নতুন ৰুটৰ মাজেৰে সংযুক্ত কৰা হৈছে ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত এই কথা জনাইছে ৷ ইউডিএএনৰ আঁচনিত ৭৬৬ টা ৰুট ইতিমধ্যে ইউডিএএন আঁচনিত অনুমোদন কৰা হৈছে ৷ ইয়াত ২৯ টা পৰিৱেশিত, ৮ টা সংৰক্ষিত অৰু দুটা আণ্ডাৰছাৰ্ভ বিমানবন্দৰৰ অনুমোদিত ৰুটৰ তালিকাত অন্তৰ্ভূত কৰা হৈছে ৷ উল্লেখ্য যে চতুৰ্থ ৰাউণ্ড ইউডিএএন ২০১৯ চনৰ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল ৷ ইয়াত উত্তৰ-পূৱক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ এই বিমানবন্দৰবোৰ ইতিমধ্যে এএআইৰ তৰফৰ পৰা উন্নয়ন কৰা হৈছে ৷ ইউডিএএন ৪ত হেলিকপ্টাৰ আৰু ছেয়াপ্লন অংগীভূত ৷ আৰচিএছ নতুনকৈ অনুমোদিত ৰুটবোৰ হ’ল গুৱাহাটীৰ পৰা তেজু, তেজুৰ পৰা ইম্ফল, ইম্ফলৰ পৰা তেজু, তেজুৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা ৰূপশ্ৰী, ৰূপশ্ৰীৰ পৰা কলকাতা, কলকাতাৰ পৰা ৰূপশ্ৰী, ৰূপশ্ৰীৰ পৰা গুৱাহাটী, বিলাসপুৰৰ পৰা ভূপাল, ভূপালৰ পৰা বিলাসপুৰ, হিছাৰৰ পৰা ধৰমশালা, ধৰমশালাৰ পৰা হিছাৰ, হিছাৰৰ পৰা চণ্ডীগড়, চণ্ডীগড়ৰ পৰা হিছাৰ, হিছাৰৰ পৰা ডেৰাদুন, ডেৰাদুনৰ পৰা হিছাৰ, কানপুৰ (চাকেৰি)ৰ পৰা মোৰাদাবাদ, মোৰাদাবাদৰ পৰা কানপুৰ (চাকেৰি), কানপুৰ (চাকেৰি)ৰ পৰা আলিগড়, আলিগড়ৰ পৰা কানপুৰ (চাকেৰি), কানপুৰ (চাকেৰি)ৰ পৰা চিত্ৰকূট, চিত্ৰকূটৰ পৰা প্ৰয়াগৰাজ/এলাহবাদ, প্ৰয়াগৰাজ/এলাহবাদৰ পৰা চিত্ৰকূট, চিত্ৰকূটৰ পৰা বাৰাণসী, বাৰাণসীৰ পৰা চিত্ৰকূট, চিত্ৰকূটৰ পৰা কানপুৰ (চাকেৰি), কানপুৰ (চাকেৰি)ৰ পৰা শ্বাভাষ্টি, শ্বাভাষ্টিৰ পৰা বাৰাণসী, বাৰাণসীৰ পৰা শ্বাভাষ্টি, শ্বাভাষ্টিৰ পৰা প্ৰয়াগৰাজ/এলাহবাদ, শ্বাভাষ্টিৰ পৰা কানপুৰ (চাকেৰি), বাৰেল্লীৰ পৰা দিল্লী, দিল্লীৰ পৰা বাৰেল্লী, ক’চিন আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আগাট্টি, আগাট্টিৰ পৰা ক’চিন আন্তৰ্জাতিক বিমানবন্দৰ, আইজলৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা আইজল, আগৰতলাৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা আগৰতলা, শ্বিলঙৰ পৰা পাচিঘাট, পাচিঘাটৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা পাচিঘাট, পাচিঘাটৰ পৰা শ্বিলং, গুৱাহাটীৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা মিছা (হেলিকপ্টাৰ), মিছা (হেলিকপ্টাৰ)ৰ পৰা গুৱাহাটী, মিছা (হেলিকপ্টাৰ)ৰ পৰা গেলেকী, গেলেকীৰ পৰা যোৰহাট, যোৰহাটৰ পৰা গেলেকী, গেলেকীৰ পৰা মিছা (হেলিকপ্টাৰ), মিছা (হেলিকপ্টাৰ)ৰ পৰা গুৱাহাটী, আগাট্টিৰ পৰা মিনিকয়, মিনিকয়ৰ পৰা আগাট্টি, আগাট্টিৰ পৰা কাভাৰাট্টি, কাভাৰাট্টিৰ পৰা আগাট্টি, গুৱাহাটীৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা ডিমাপুৰ, ডিমাপুৰৰ পৰা শ্বিলং, ইম্ফলৰ পৰা শিলচৰ, শিলচৰৰ পৰা ইম্ফল, শ্বিলঙৰ পৰা গুৱাহাটী, আগৰতলাৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা ইম্ফল, ইম্ফলৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা শিলচৰ, শিলচৰৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা ইম্ফল, শ্বিলঙৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা শ্বিলং, দিল্লীৰ পৰা ছিমলা, ছিমলাৰ পৰা দিল্লী, ডিউৰ পৰা ছুৰাট, ছুৰাটৰ পৰা ডিউ, ডিউৰ পৰা ভাদোদৰা, ভাদোদৰাৰ পৰা ডিউ ৷ উল্লেখ্য যে প্ৰথম আৰচিএছ-ইউডিএএন বিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ ২৭ এপ্ৰিলত আৰম্ভ কৰিছিল ৷
অসুস্থ্য স্বাস্থ্যকৰ্মীক চিকিৎসা প্ৰদানত হেমাহি নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত । উৎকট গৰমত পিপিই কিট পিন্ধি অসুস্থ স্বাস্থ্যকৰ্মী
নগাঁও : ৰাজ্যত বৰ্তমান পূৰ্ণদ্যমে চলিছে ৰেপিড এণ্টিজেন টেষ্ট। নিতৌ ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰিছে ইজনৰ পিছত সিজনৰ দেহত ক’ৰোণাৰ সংক্ৰমণ। ৰেপিড এণ্টিজেন টেষ্টত নিয়োজিত স্বাস্থ্যকৰ্মীসকলে পৰিধান কৰিব লাগে পি পি ই কিট। পিছে এই উৎকট গৰমত পি পি ই কিট পিন্ধাটোও যথেষ্ট কষ্টকৰ। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পি পি ই কিট পিন্ধি অসুস্থ হৈ পৰিছে বহু স্বাস্থ্যকৰ্মী। নগাঁৱৰ নেহেৰুবালিত থকা ক’ভিদ স্ক্ৰীণিং চেণ্টাৰত কৰ্তব্যত নিয়োজিত ৰসৰাজ শইকীয়া নামৰ লেবৰটৰী টেকনিচিয়ান গৰাকীয়ো পি পি ই কিট পিন্ধি হঠাৎ সংজ্ঞাহীন হৈ পৰে। অসুস্থ স্বাস্থ্যকৰ্মী গৰাকীক লগে লগে সহকৰ্মীসকলে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মী গৰাকীক চিকিৎসা প্ৰদানত চৰম হেমাহি প্ৰদৰ্শন কৰে চিকিৎসক তথা নাৰ্ছে। আনকি অসুস্থ স্বাস্থ্যকৰ্মী গৰাকীক নিচামুক্তি কেন্দ্ৰত বিভিন্ন নিচাসক্ত ব্যক্তিৰ লগত এখন বিচনাত বিনা চিকিৎসাই ৰাখে। এই কথাত ক্ষোভিত হৈ স্বাস্থ্যকৰ্মীসকলে নাৰ্ছক অভিযোগ দিয়াত এগৰাকী নাৰ্ছে কয়, “বেছি হলস্থুল নকৰিব, ন’হলে ক’ভিদ হস্পিতালত ভৰাই দিম”। নাৰ্ছৰ ব্যৱহাৰত ক্ষুদ্ধ হৈ স্বাস্থ্যকৰ্মীসকলে সাংবাদিকক খবৰ দিয়ে। ইয়াৰ পিছতে এগৰাকী নাৰ্ছে চিকিৎসাৰ নামত এটা চেলাইন দিয়ে দায়িত্ব সামৰে। কিন্তু ক’ভিদ ১৯ৰ চেলু লৈ একাংশ চিকিৎসক-নাৰ্ছে ৰোগীক চৰম অৱহেলা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে খোদ স্বাস্থ্যবিভাগৰ দ্বাৰা ক’ভিদ ডিউটিত নিয়োজিত স্বাস্থ্যকৰ্মীকে অৱহেলা কৰা কাৰ্যই এই অভিযোগক সঁচা বুলি প্ৰমাণিত কৰিলে।
ই-শিক্ষাৰ বাবে মাত্ৰ ২৪ শতাংশ ভাৰতীয় পৰিয়ালৰ আছে ইণ্টাৰনেট সংযোগ : ইউনিছেফ
দৈনন্দিন বাৰ্তা ডেস্ক : ই-শিক্ষাৰ বাবে মাত্ৰ ২৪ শতাংশ ভাৰতীয় পৰিয়ালৰ ইণ্টাৰনেট সংযোগ আছে আৰু গাঁও-নগৰ আৰু লিংগ বিভাজন হৈছে যি উচ্চ, মধ্য আৰু নিন্ম আয়ৰ পৰিয়ালবোৰত শিক্ষাৰ ব্যৱধান বঢ়াই তুলিছে বুলি ইউনিছেফৰ তৰফৰ পৰা জনাইছে ৷ বৃহস্পতিবাৰে ইউনিছেফে প্ৰকাশ কৰা ৰিম’ট লাৰ্নিং ৰিচেবিলিটি ৰিপৰ্টত অৰ্থনৈতিকভাৱে সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ শিশুক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ উপলভ্য তথ্যবোৰে ইংগিত দিয়ে যে ভাৰতত প্ৰায় চতুৰ্থাংশ পৰিয়াল (২৪ শতাংশ)ৰ ইণ্টাৰনেটৰ এক্সেছ আছে আৰু তাত এটা বৃহৎ গ্ৰাম্য-নগৰ আৰু লিংগ বিভাজন হৈছে ৷ উচ্চ, মধ্য আৰু নিম্ন আয়ৰ পৰিয়ালবোৰৰ শিক্ষা ব্যৱধান অধিক প্ৰশস্ত হোৱাৰ সম্ভাৱনা আছে৷ কাৰণ অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়ালৰ পৰা অহা শিশুয়ে শিক্ষাত ভৰি দিব পৰা নাই ৷ প্ৰতিবেদনত কোৱা হৈছে যে বেছিভাগ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ, বিশেষকৈ ছোৱালীৰ স্মাৰ্টফোন সহজেই এক্সেছ পোৱা নাযায় আৰু সেয়া কৰিলেও ইণ্টাৰনেট সংযোগ খুউব কম ৷ লগতে প্ৰায়ে স্থানীয় ভাষাত মান সম্পন্ন শিক্ষাৰ সামগ্ৰী পোৱা নাযায়৷ প্ৰাক প্ৰাথমিকৰ পৰা মাধ্যমিক স্তৰৰ ২৮৬ মিলিয়ন (২৮.৬ কোটি) শিশু মহামাৰীত আক্ৰান্ত হোৱাৰ কাৰণে ভাৰতত ১.৫ মিলিয়ন (১৫ লাখ)ৰো বেছি বিদ্যালয় বন্ধ হৈছে ৷ ইয়াৰ লগত যোগ হৈছে ৬ মিলিয়ন (৬০ লাখ) ল’ৰা আৰু ছোৱালী যি ক’ভিড-১৯ৰ আগতে বিদ্যালয়ৰ বাহিৰত আছিল৷ ইউনিছেফ ইণ্ডিয়াৰ প্ৰতিনিধি য়াছমিন আলী হকে পিতৃ-মাতৃ আৰু স্বেচ্ছাসেৱীক জড়িত কৰি মিশ্ৰিত পদ্ধতিৰ বাবে শিশুৰ ওচৰলৈ যাব লাগে আৰু এই সময়ত তেওঁলোকৰ শিক্ষাৰ বাবে সহায় কৰিবলৈ আহ্বান জনায় ৷











