দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে বিচিচিআই-এ নাম দিছিল ৰোহিত শৰ্মাৰ৷ সেই অনুসৰি ভাৰতীয় অপেনাৰজনক এই সন্মানৰ বাবে বাচনি কৰে স্প’ৰ্টছ এৱাৰ্ড কমিটিয়ে ৷ তালিকাত ৰোহিত শৰ্মাৰ লগতে আছে আন তিনিগৰাকী ভাৰতীয় এথলেটৰ নাম ৷ মঙলবাৰে খেলৰত্ন, অৰ্জুনসহ ক্ৰীড়া ক্ষেত্ৰৰ তাৰকাসকলক বাচনি কৰিবলৈ স্প’ৰ্টছ এৱাৰ্ড সমিতিৰ সভা অনুষ্ঠিত হয় ৷ তাতেই খেলৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্নৰ বাবে বাচনি কৰা হয় ভাৰতীয় ক্ৰিকেট দলৰ সহকাৰী অধিনায়ক ৰোহিত শৰ্মাক ৷ তেওঁৰ লগতে এই সন্মান লাভ কৰে এছিয়ান গেমছত সোণ জয়ী ভিনেশ ফোগাট, মনিকা বাত্ৰা আৰু মাৰিয়াপ্পান থাংগাভেল ৷ ২০১৬ত চাৰিজনক একেলগে খেলৰত্নৰে বিভূষিত কৰা হৈছিল ৷ অলিম্পিকত ৰূপ জয়ী ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু, কুস্তিবিদ সাক্ষী মালিক, জিমনাষ্ট দীপা কৰ্মকাৰ আৰু শ্বুটাৰ জিতু ৰায়ক এই সন্মান দিয়া হৈছিল৷ এইবাৰ ৰাষ্ট্ৰপতিৰ হাতেৰে এই বঁটা দিয়াৰ পৰিৱৰ্তে অনলাইনত দিয়া হ’ব ৷
বিএছএফৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ ৰাকেশ আস্তানাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ১৯৮৪ চন বেটচৰ গুজৰাট কেডাৰ আইপিএছ বিষয়া ৰাকেশ আস্তানাই বিএছএফৰ ২৭ তম সঞ্চালক প্ৰধান হিচাপে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰে ৷ যোৱা সোমবাৰে তেওঁক কেন্দ্ৰই বিএছএফৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছিল৷ ইণ্ডো-তিবেট সীমান্ত আৰক্ষী (আইটিবিপি)ৰ প্ৰধান এছ এছ দাসৱালৰ ঠাইত আস্তানাক স্থলাভিষিক্ত কৰা হৈছে, যি ২০২০ চনৰ মাৰ্চৰ পৰা বিএছএফৰ অতিৰিক্ত দায়িত্বত আছিল ৷ তেওঁ বৰ্তমানে দিল্লীৰ চিভিল এভিয়েছন ছিকিউৰিটিৰ মহাপৰিচালক পদত কৰ্মৰত আছিল আৰু মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ অতিৰিক্ত দায়িত্বত আছিল৷ আস্তানা চিবিআইৰ বিশেষ সঞ্চালক পদত আছিল ৷ এইজন বিষয়াই আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱক ১৯৯৭ চনত গ্ৰেপ্তাৰ কৰিছিল ৷
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা : চৰকাৰী চাকৰিত স্থানীয় যুৱকক অগ্ৰাধিকাৰ মধ্য প্ৰদেশত
দৈনন্দিন বাৰ্তা ডেস্ক : মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে যে তেওঁৰ ৰাজ্যত চৰকাৰী খণ্ডত নিয়োগৰ ক্ষেত্ৰত কেৱল ৰাজ্যখনৰ যুৱকৰ বাবে সংৰক্ষিত৷ সেয়া নিশ্চিত কৰিবৰ বাবে তেওঁ আইনী পদক্ষেপ ল’ব৷ উল্লেখ্য যে স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা বিষয়বোৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে চৌহানে তেওঁৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে৷ ‘আমাৰ চৰকাৰে আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ মধ্য প্ৰদেশৰ স্থানীয় যুৱকৰ চৰকাৰী চাকৰি দিবৰ বাবে চৰকাৰে প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰিছে৷’ এইদৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীজনে কয়৷ স্বাধীনতা দিৱসৰ ভাষণত ১৫ আগষ্টৰ দিনা চৌহানে কৈছিল যে ৰাজ্যখনত চৰকাৰী চাকৰিত স্থানীয় যুৱকক অগ্ৰাধিকাৰ দিব৷ তেওঁ লগতে কয় যে ৰাজ্যৰ লোকসকলে যাতে প্ৰতিটো আঁচনিত পৃথকে পঞ্জীয়ন নকৰে তাৰ বাবে এটা একক ডাটাবেচ প্ৰস্তুত কৰিছে ৷
দুৰ্ণাচাৰ্য বঁটা, ধ্যানচান্দ বঁটাৰ বাবে নাম অনুমোদন বাচনি সমিতিৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ক্ৰীড়া মন্ত্ৰালয়ৰ বাচনি সমিতিয়ে সোমবাৰে দুৰ্ণাচাৰ্য বঁটাৰ বাবে ১৩ জন আৰু ধ্যানচান্দ বঁটাৰ বাবে ১৫ জনৰ নাম অনুমোদন কৰিছে ৷ উল্লেখ্য যে চলিত বছৰৰ দুৰ্ণাচাৰ্য বঁটাৰ বাবে অনুমোদন হোৱা ১৩ জনৰ ভিতৰত আছে জুডে ফিলিক্স, ৰমেশ পাঠানিয়া, যশপাল ৰানা আৰু কুলদীপ হানদু ৷ ইপিনে মঙলবাৰে অৰ্জুন বঁটা আৰু ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে বাচনি সমিতিৰ সভা অনুষ্ঠিত হোৱাৰ কথা ৷ যোৱা মাহত চলিত বছৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৰাজীৱ গান্ধী খেল ৰত্ন, দুৰ্ণাচাৰ্য বঁটা, অৰ্জুন বঁটা, ধ্যানচান্দ বঁটা, ৰাষ্ট্ৰীয় খেল প্ৰশংসা পুৰস্কাৰ আৰু মৌলানা আব্দুল কালাম আজাদ ট্ৰফীৰ বাবে বাচনি সমিতি গঠন কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকুন্দকাম শৰ্মাক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছিল ৷ এই সমিতিত আছে বীৰেন্দ্ৰ সেৱাগ (ক্ৰিকেট), ছৰ্দাৰ সিং (হকী), মনালিছা বৰুৱা মেহতা (টেবুল টেনিছ), দীপা মালিক (পেৰা-এথলেটিকছ), ভেংকটেচন দেভাৰ্জান (বক্সিং)৷ ইয়াৰ লগতে ক্ৰীড়া সাংবাদিক অশোক সিনহা আৰু নীৰু ভাটিয়াকো এই সমিতিত অন্তভূক্ত কৰা হয় ৷
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলনিত ৰাষ্ট্ৰপতিৰ অনুমোদন
দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই সোমবাৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰালয় কৰাত অনুমোদন কৰিছে ৷ উল্লেখ্য যে নতুন শিক্ষানীতিৰ বাবে খচৰা প্ৰস্তুত কৰাৰ সময়ত ৱহুৱে এই দপ্তৰৰ নাম সলনি কৰিবলৈ উল্লেখ কৰিছিল ৷ আনহাতে জুলাইত হোৱা কেন্দ্ৰীয় কেবিনেটৰ সভাত এই কথা পৰিষ্কাৰ হৈ পৰে ৷ সোমবাৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নামটো সলনি কৰি শিক্ষা মন্ত্ৰালয় কৰাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ঘোষণা কৰি গেজেট জাননী দিয়ে ৷ উল্লেখ্য যে ১৯৮৫ চনত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত শিক্ষা মন্ত্ৰালয়ৰ নামটো সলনি কৰি মানৱসম্পদ উন্নয়ন মন্ত্ৰালয় কৰা হৈছিল ৷ আনহাতে ১৯৮৬ চনত নতুন শিক্ষানীতি প্ৰয়োগ কৰা হৈছিল আৰু ১৯৯২ চনত ইয়াৰ সংশোধন কৰা হৈছিল ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰথম মানৱসম্পদ উন্নয়ন মন্ত্ৰী হিচাপে পি ভি নৰসিংমহা ৰাওক দায়িত্ব দিছিল ৷
এইমছত ভৰ্ত্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
দৈনন্দিন বাৰ্তা ডেস্ক : চাৰি দিনৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই টুইট কৰি জনাইছিল যে তেওঁ ক’ৰোনা নিগেটিভ আৰু সম্পূৰ্ণ সুস্থ ৷ গুৰুগ্ৰামৰ চিকিৎসালয়ৰ পৰা তেওঁ ঘৰলৈ ওভতি গৈছিল ৷ কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সোমবাৰে নিশা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)ত ভৰ্ত্তি কৰোৱা হয় ৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে, যোৱা সন্ধিয়া এখন বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা কৰোতে অমিত শ্বাহৰ বুকুৰ অসুস্থতা ভোগ কৰে ৷ ইয়াৰ পাচতে তেওঁক এইমছত ভৰ্ত্তি কৰা হয় ৷ প্ৰাথমিক পৰীক্ষাৰ পাচত চিকিৎসকে তেওঁক ২৪ ঘণ্টা পৰ্যৱেক্ষণত ৰখাৰ সিদ্ধান্ত লয় ৷ এইমছৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে যে যোৱা ৩-৪ দিন ধৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী বিষ আৰু ক্লান্তিজনিত সমস্যাত পৰিছে ৷ ক’ৰোনাৰ পৰৰ্ৱতী চিকিৎসাৰ বাবে তেওঁক ভৰ্ত্তি কৰা হৈছে ৷ যোৱা ২ আগষ্টত অমিত শ্বাহ ক’ৰোনা পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ ধৰা পৰিছিল ৷ তাৰ পাচত তেওঁক দিল্লীৰ গুৰুগ্ৰামৰ মেদান্ত ছুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্ত্তি কৰিছিল ৷
ডিজিটেল ভোটদান
✍ অংশুমান ভূঞা
ভোটদান নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ। এই অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ মাজত উৎসাহ লক্ষ্য কৰা যায়। কাৰণ এটা এটা মূল্যবান ভোটে জনগণৰ ভৱিষ্যৎ ভাগ্য নিৰ্ণয় কৰে। সেই মূল্যৰ বাবেই বিষয়টোক গুৰুত্ব দি ঘৰৰ বাহিৰত থকাজনো যথা সময়ত ভোট দিবলৈ নিজ গৃহত উপস্থিত হয়। বৰ্তমান কথাই কথাই ‘ডিজিটেল যুগ’ৰ কথা কোৱা হয়। সাম্প্ৰতিক কৰ’নাই স্বাভাৱিক জীৱন আৰু কৰ্ম ব্যাহত কৰি পেলোৱাৰ সময়তো আমাৰ ইণ্টাৰনেট নিৰ্ভৰতা স্পষ্ট হৈ উঠিছে। এতিয়া কথা হ’ল যে ভোটদান প্ৰক্ৰিয়াও যদি হাততে থকা মোবাইলটোৰ জৰিয়তেও সম্পন্ন কৰিব পৰা হয়, তেন্তে বহু লোকৰে সুবিধা হ’ব। যিসকল লোক ঘৰৰ পৰা দূৰত থকাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হয়, তেওঁলোকে অনায়াসে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিৰ কমাৰ ফলত দীঘলীয়া শাৰীত বোন্দাপৰ দি থকাৰ সমস্যাও কমিব। বহুসংখ্যক লোকে নিজৰ ঘৰৰ পৰাই ভোটদান কৰাৰ ফলত কেন্দ্ৰবোৰত দলীয় সমৰ্থকৰ দাদাগিৰি, হতাহতি, ৰিগিঙৰো কিছু অৱসান আশা কৰিব পাৰি। ভোটদানৰ প্ৰতি গা কৰি উঠা উদাসীনতা নাশতো ই সহায়ক হ’ব। অৱশ্যে বৰ্তমান চাইবাৰ অপৰাধৰ ক্ষেত্ৰখন অবিশ্বাস্য। দুষ্ট চক্ৰই এই ব্যৱস্থাক কু-পথে নিয়াৰ চেষ্টা নিশ্চয় চলাব। গতিকে এই ব্যৱস্থাৰ ফলপ্ৰসূ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা নিশ্চয় থাকিব।সেয়ে সুবিধা-অসুবিধা এই সকলোবোৰ দিশ চালি-জাৰি চাই বিশেষজ্ঞসকলে বিষয়টোৰ কথা ভাবিব পাৰে। ডিজিটেল ইণ্ডিয়াৰ কথা কৈ অহা নেতাগণে তেওঁলোকক নিৰ্বাচন কৰা প্ৰক্ৰিয়াটোক আৰু অলপ ডিজিটেল কৰাৰ কথা চিন্তিব পাৰে।
ক’ৰোনাৰ নতুন প্ৰজাতি : ১০ গুণ বেছি সংক্ৰমণ
দৈনন্দিন বাৰ্তা ডেস্ক : মালয়েছিয়াত নতুন প্ৰজাতিৰ ভাইৰাছৰ আবিষ্কাৰ হৈছে ৷ মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতি আক্ষৰিক অৰ্থত ‘ছুপাৰ স্প্ৰেডাৰ’৷ স্বয়ং মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিছাম আব্দুল্লাই যোৱা শনিবাৰে তেওঁৰ ফেচবুকত প’ষ্ট কৰিছে, সদ্য সন্ধান পোৱা ‘ডি৬১৪জি’ নামৰ নতুন প্ৰজাতিৰ ভাইৰাছটো ১০ গুণ বেছি সংক্ৰমণ হয় ৷ কেৱল মালয়েছিয়াতে নহয়, ইউৰোপ, আমেৰিকাতো নতুন এই প্ৰজাতিৰ অস্তিত্ব পোৱা গৈছে বুলি বিজ্ঞানীসকলৰ একাংশই দাবী কৰে৷ অৱশ্যে এই ভাইৰাছক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি বিশ্ব স্বাস্থ্য সংস্থাই কয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ভাইৰাছ বহু বেছি সংক্ৰামক ৷ মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰে যে অন্তত দুটা ক্লাষ্টাৰত ‘ডি৬১৪জি’ সংক্ৰমণ পোৱা গৈছে ৷ তাৰ মাজত সম্প্ৰতি ভাৰতৰ পৰা ঘূৰি অহা মালয়েছিয়াৰ ৰেস্তোৰাৰ মালিক আছে ৷ ফিলিপাইন ভ্ৰমণ কৰা দুজন লোক এই নতুন প্ৰজাতিত সংক্ৰমিত হৈছে বুলি তেওঁ দাবী কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই নতুন বিপদৰ গোন্ধ পাইছে ভাৰতসহ কেইখনমান দেশত ৷ মালয়েছিয়া প্ৰশাসনে দেশবাসীক উদ্দেশ্য কৰি কয়, এই ভাইৰাছৰ পৰিৱৰ্তিত প্ৰজাতিৰ সংক্ৰমণৰ পৰা বাচিবলৈ অধিক সচেতন হ’ব লাগিব ৷
আশাৰ বাৰ্তা কঢ়িয়াই আনিছে বাঘজানলৈ
তিনিচুকীয়া : অভিযানকাৰী দলে বাঘজানৰ ৫নং খাদত কালি ৮৩ দিনৰ অন্তত বি অ পি স্থাপন কৰিবলৈ সক্ষম হ’ল। এতিয়া এই বি অ পিটোৰ দ্বাৰা সমগ্ৰ খাদটোৰ জুই নিয়ন্ত্ৰণলৈ আনিব পৰা যাব। ইয়াৰ পূৰ্বেও দুবাৰকৈ বি অ পি স্থাপনৰ বাবে চেষ্টা কৰিও বিফল হৈছিল বিশেষজ্ঞৰ দল। এতিয়া আৰম্ভ হ’ব খাদৰ কিলিং প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ দ্বাৰা বাঘজানৰ জুই ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত নিৰ্বাপিত কৰা হ’ব। সকলোৰে অপেক্ষা জুই নিৰ্বাপিত হোৱালৈ৷ ইতিমধ্যে ৬ জনকৈ বিদেশী বিশেষজ্ঞ, অইল আৰু অএনজিচিৰ লোকে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।

‘কা’ আৰু ই আই এ বাতিলৰ দাবীত নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী
নগাঁও : নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ। ‘কা’ আৰু ই আই এ বাতিল কৰাৰ দাবীৰে কালি নগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি ‘কা’ বাতিলৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে গৃহীত কৰিবলৈ লোৱা ই আই এ গৃহীত নকৰিবলৈ দাবী জনাই যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত চহৰখনৰ নগাঁও মহাবিদ্যালয়ৰ সমীপত সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি এক মানৱ শৃংখলৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে, “কা আমি নামানো”, “ই আই এ গৃহীত কৰাৰ সিদ্ধান্ত বাতিল কৰক” আদি বিভিন্ন শ্লোগান দি চহৰখনৰ ৰাজপথ উত্তাল কৰি তোলে। এই মানৱ শৃংখল কাৰ্যসূচীত পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰায় আটাইকেইজন নেতাই অংশগ্ৰহণ কৰে। মানৱ শৃংখলৰে পৰিষদে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে ই আই এ গৃহীত কৰিব বিচৰা হঠকাৰী সিদ্ধান্তক অতিশীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় অন্যথা আগন্তক দিনত ৰাইজৰ সহযোগত এক বিশাল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।











