Home Blog Page 3216

যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি দোকান বন্ধ কৰা উচিত !

“আপুনি আপোনাৰ আদৰ্শ কিয় বাদ দিব লাগে। যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি হয় দোকান বন্ধ কৰা উচিত, বা আপুনি অপেক্ষা কৰিব লাগে। ভোটাৰক সৈমান কৰিবলৈ, সময় লাগিব,” শ্বলমান খুৰ্শিদ।

বিহাৰৰ নিৰ্বাচন আৰু বিধানসভা উপ-নিৰ্বাচনত দলৰ দুৰ্বল প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত কংগ্রেছৰ অৱস্থাকলৈ দলৰে কিছুমান নেতাৰ সমালোচনাৰ পিছত জ্যেষ্ঠ নেতা শ্বলমান খুৰ্শিদে আজি কয় যে “দলত কোনো নেতৃত্বৰ সংকট নাই, ছোনিয়া গান্ধী আৰু ৰাহুলৰ প্ৰতি সৰ্বত্ৰসমৰ্থন আছে।‘’

মত সম্প্ৰসাৰণৰ বাবে কংগ্ৰেছত পৰ্যাপ্ত মঞ্চ আছে বুলি দাবী কৰি খুৰ্শিদে কয়, “নেতৃত্বই মোৰ কথা শুনে, মোক এটা সুযোগ দিয়া হৈছে, তেওঁলোকক (যিসকলে মিডিয়াত সমালোচনা কৰিছে) এটা সুযোগ দিয়া হব,  য’ৰ পৰা এই কথা আহে যে নেতৃত্বই আমাৰ কথা শুনি থকা নাই : শ্বলমান খুৰ্শিদ

শেহতীয়াকৈ,  কংগ্ৰেছৰ বৰ্ষীয়ান নেতা কপিল চিব্বালে সংবাদ মাধ্যমৰ আগত কৈছিল যে দলটোক ৰাইজৰ সন্মুখত “কাৰ্যকৰী বিকল্প” হিচাপে দেখিব পৰা নাই আৰু কয় যে নেতৃত্বই বিষয়টো সমাধান কৰা নাই। তেওঁ কয়, আমি সন্মুখীন হোৱা সমস্যাবোৰৰ লগতে উত্তৰবোৰ জানে, কিন্তু তেওঁলোকক চিনাক্ত কৰিবলৈ ইচ্ছুক নাছিল।

চিব্বাল আৰু অন্যান্য নেতাসকলে কৰা মন্তব্যৰ বিষয়ে সোধাত, খৰ্শিদই কয় যে,

“বিশ্লেষণ সকলো সময়তে কৰা হয়, বিশ্লেষণৰ বিষয়ে কোনো বিবাদ নাই ।“

কিছুমান নেতাই পূৰ্ণসময়ৰ সভাপতি হোৱাৰ বাবে আগ্ৰহী বুলি সোধাত তেওঁ কয় যে তেওঁলোকে আগবাঢ়ি আহি দলৰ ভিতৰত ইয়াৰ বিষয়ে কথা পাতিব লাগে।”

বহুজন সমাজ দলত কোনো সভাপতি নাই, বাওঁদলত কোনো সভাপতি নাই,  কেৱল সাধাৰণ সচিব… প্ৰতিটো দলে একেমডেল অনুসৰণ কৰিব নোৱাৰি,” : শ্বলমান খুৰ্শিদ

লগতে তেওঁ কয় যে ‘দীৰ্ঘদিন ধৰি যুঁজৰ বাবে কংগ্ৰেছ সাজু থাকিব লাগে আৰু চৰ্টকাটৰ পথ লোৱাৰ সলনি ভোটাৰক সৈমান কৰিবলৈ চেষ্টা কৰিব লাগে। “আপুনি আপোনাৰ আৰ্থবাদ কিয় বাদ দিব লাগে। যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি হয় দোকান বন্ধ কৰা উচিত, বা আপুনি অপেক্ষা কৰিব লাগে। আমি ভোটাৰক সৈমান কৰোঁ, সময় লাগিব,” তেওঁ কয়। “আমি কিয় ইমান চিন্তিত যে আমি শক্তি হেৰুৱাইছোঁ । আমি সপ্তাহ বা মাহ বা বছৰ পিছত পুনৰ শক্তিশালী হৈ উভতি যাব লাগিব। যদি এয়া কিবা সময়ৰ বাবে নঘটে, আমি কাম কৰি মৰিম। আমি আমাৰ কাৰণ অনুসৰণ কৰিব লাগিব আৰু আমি আমাৰ কাৰণ অনুসৰণ কৰিম,” ক্ষেদীয়ে কয় ।

এইবাৰ ভাৰতীৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB-এ

বলীউদৰ বহু কেইগৰাকী তাৰকা মাদক দ্ৰৱ্য সেৱন কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ পিছত বহুকেইজন তাৰকাক বৰ্তমান আৰক্ষীয়ে জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কিৰিছে ।NCB-এ জনপ্ৰীয় কমেড়িয়ান ভাৰতী সিংৰ বাসগৃহত অভিযান চলাই তালাচীত ভাৰতীৰ ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোধা–পোছাৰ বাবে ভাৰতী আৰু স্বামীক এনচিবিৰ কাৰ্যালয়লৈ নিয়া হয়। । তাৰ পিছতে ভাৰতী সিংক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

আনহাতে দেওবাৰে পুৱা ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ই। ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বিৰুদ্ধে নিষিদ্ধ ড্ৰাগছ সেৱনৰ অভিযোগ উঠিছিল। দীৰ্ঘ সময় জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় হৰ্ষ লিম্বাচিয়াক। ভাৰতীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৮৬.৫ গ্ৰাম গাঞ্জা । দুয়োজনেই গাঞ্জা সেৱন কৰে বুলি স্বীকাৰো কৰিছে আৰক্ষীৰ সন্মুখত।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা এনচিবিয়ে বলীউদৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে চলাইছিল তীব্ৰ অভিযান। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদৰ এজনৰ পিছত আনজন তাৰকাৰ মাদক দ্ৰৱ্য সেৱৰ তথ্য পোহৰলৈ আহিছে। সেই যোগসূত্ৰৰ আঁত ধৰি তদন্ত আগুৱাই নিছে এনচিবিয়ে। এইবাৰ তালিকাত নতুন সংযোজন ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়া।

ইয়াৰ উপৰি বহু তাৰকাৰ নাম মাদক দ্ৰৱ্য সেৱনত সাঙোৰ খাইছে । বিখ্যাত প্ৰযোজক ফিৰোজ নাদিওৱালা, তেওঁৰ পত্নী শাবানাক মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। ইয়াৰ উপৰি দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং, ছাৰা আলী খানসহ বহুকেইজন ।

কামৰূপ মহানগৰৰ নতুন জিলা পৰিবহণ বিষয়া গৌতম দাস

ৰাজ্যৰ কেবাখনো জিলাৰ জিলা পৰিবহন বিষয়াক বদলি কৰা হৈছে। গৌতম দাসক কামৰূপ মহানগৰৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।তাৰোপৰি পূৰ্বৰ কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। মাজুলীৰ জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। কাছৰৰ জিলা পৰিবহণ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে। শিৱসাগৰৰ ডিটিঅ’ সঞ্জীৱ হাজৰিকাক ডিব্ৰুগড়লৈ বদলি কৰা হৈছে ।

চাওঁক সবিশেষ তলৰ তালিকাতঃ

বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীৰ

আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি বিজেপি যোগদান কৰে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দললৈ আদৰণি জনালে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক।

বিজেপিত যোগদান কৰাৰ পিছতেই আজিৰে পৰা বিজেপিৰ হৈ প্ৰচাৰ চলাব বিশ্বজিৎ দৈমাৰীয়ে বুলি মন্তব্য কৰে দৈমাৰীয়ে।  ‘বিটিএডিৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিপিফে। বিটিএডিৰ ৰাইজে এইবাৰ বিচাৰিছে । তাৰোপৰি ‘হাগ্ৰামাক ছীফ হোৱাৰ প্ৰস্তাৱ মইয়ে দিছিলোঁ’।’এতিয়াও চৰকাৰৰ অংশ বিপিএফ, মিত্ৰতা থাকে নে নাথাকে বিপিএফে সিদ্ধান্ত ল’ব’ -এই মন্তব্য দৈমাৰীৰ।

ইয়াৰ লগে লগে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ যোগদানে বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে।

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয়  দুলীয়াজান ক্লাবত।

দুপৰ নিশা হাস্পতালত উপস্থিত জুবিন গাৰ্গ, কিন্ত কিয় ?

কালিৰে পৰা অসমৰ প্ৰাক্তন মুন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো উন্নতি নাই । নিশা দুপৰলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চৌহদত ভিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সহশ্ৰাধিক গুণমুগ্ধৰ।নিশা প্ৰায় ১ মান বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত জুবিন গাৰ্গ। সকলো সময়তে চিকিত্‍সকৰ দলে তদাৰক কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ।

প্ৰায় একে সময়তে ৰিপুন বৰাও উপস্থিত হয় গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত । ৰকিবুল হুছেইনো নিশাই উপস্থিত হৈ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়। সকলোৱে প্ৰাৰ্থনা কৰিছে অতি সোনকালেই সুস্থ হৈ উঠক তৰুণ গগৈ ।

তৰুম গগৈ সন্দৰ্ভত জুবিনে, ‘মই খুব ভাল পাওঁ তেওঁক, মই খুব মৰম কৰোঁ, মই আহিব বিচাৰিছিলো, কোভিডৰ বাবে মই আহিব পৰা নাছিলোঁ, ছাৰ্কিট হাউছত মই শেষৰ বাবে লগ পাইছিলোঁ, একেলগে দুঘণ্টা কটাইছিলোঁ’

পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ’ল জামুগুৰিহাটৰ পানপুৰঘাট : পৰ্যটকৰ বাবে মুকলি হ’ল পানপুৰ বনাঞ্চল

জামুগুৰিহাট,২১ নৱেম্বৰ : কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা, বাগৰী এই নাম দুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ ৷ য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল ৷ ৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ দিনত সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মাটি দিয়া হৈছে আৰু সেই মাটিৰ পৰিমাণ অনুপাতত কহঁৰা-বাগৰীতকৈও গুৰুত্বপূৰ্ণ স্থান এই পানপুৰ হ’ব ৷ কাৰণ বৰ্তমান কাজিৰঙাৰ জীৱ-জন্তু এই দিশলৈ বেছিকৈ আহিবলৈ লৈছে ৷ তদুপৰি এই পৰ্যটনস্থলীত জীপ চাফাৰি হাতী চাফাৰীৰ ব্যৱস্থা কৰাত যথেষ্ট সম্ভাৱনা পূৰ্ণ হৈ পৰিল পানপুৰ ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ অসমৰ পৰ্যটন মানচিত্ৰত আজিৰ পৰা নতুনকৈ সংযোজন হোৱা জামুগুৰিহাটৰ পানপুৰঘাটৰ পৰ্যটনস্থলীৰ লগতে জীপ চাফাৰি মুকলি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বিধায়ক হাজৰিকাই ৷ পানপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানটোত অলপতে কাজিৰঙাৰ নৱম সংযোজনৰ অন্তৰ্ভুক্ত বৃহৎ ভূমিৰাশিৰ মাটিসমুহ কিদৰে সেই অঞ্চলসমুহত চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক প্ৰশাসনৰ জৰিয়তে উচ্ছেদ চলাই বহু বাধাবিঘিনি নেঁওচি মুক্ত কৰিবলগীয়া হৈছিল সেই সময়ৰ ঘটনাসমুহৰো সভাত ৰোমন্থন কৰে বিধায়ক হাজৰিকাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ  অন্তৰ্গত পানপুৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰখনৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত বিধায়ক  পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটনৰ বাবে মুকলি কৰি দিয়াৰ পাছতে শোণিতপুৰ জিলাৰ উপাযুক্ত  মানবেন্দ্ৰ প্ৰতাপ সিং, বিশ্বনাথৰ উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল প্ৰাধিকাৰি  মুকুট  দাসকে ধৰি সকলোৱে ১১খন জীপ চাফাৰিৰ জৰিয়তে পানপুৰ বনাঞ্চলৰ ভিতৰভাগ পৰিভ্ৰমণ কৰি নৈসৰ্গিক দৃশ্যও উপভোগ কৰে। বৰ্তমান জীপ আৰু হাতী চাফাৰিৰ জৰিয়তে পৰ্যটকে পানপুৰ বনাঞ্চলৰ  ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চল মুকলি কৰা অনুষ্ঠানটিত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি পাৰিপাৰ্শ্বিকতাৰ হেতু কাম কৰা জামুগুৰিহাটত ৫ টাকৈ সংগঠণক মুঠ ২৫ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক হাজৰিকাই ৷

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় বৰ্ধিত কাৰ্যনিৰ্বাহক আহ্বান

জামুগুৰিহাট, ২১ নবেম্বৰ: অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়ন হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ২৯ নৱেম্বৰ, দেওবাৰে পুৱা ১১ বজাত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ উত্তৰ পূব ব্যৱসায়ী সন্থাৰ প্ৰেক্ষাগৃহত আহ্বান কৰা হৈছে। সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া মতে উক্ত সভাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিবেশনৰ হিচাপ দাখিলৰ লগতে আগন্তুক ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ সহযোগত অসম নগাৰাজ্যৰ সীমান্তৱৰ্তী দৈয়াং শাখা সন্মিলনীৰ আতিথ্যত অনুষ্ঠিতব্য পঞ্চম  দ্বি-বাৰ্ষিক অধিবেশন সম্পর্কে আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। সভাখনত সমূহ বিষয়ববীয়া, কেন্দ্রীয় কাৰ্যনিৰ্বাহ সদস্য, জিলা আৰু আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু দুয়োখন উদ্ যাপন সমিতিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিবলৈ ইয়াৰ দ্বাৰাই আহ্বান জনাইছে প্ৰধান সম্পাদক মিংকু কলিতাই। উল্লেখ্য যে শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হ’বলহীয়া সভাখনতে সন্মিলনীৰ ভৱিষ্যত কাৰ্যপন্থা সম্পর্কে ও বিস্তৃতভাৱে আলোচনা কৰি সন্মিলনীৰ বাৰ্ষিক বঁটাসমূহ প্ৰদানৰ দিন নিৰ্ধাৰণ, আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া প্ৰমুখ্যে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰো সম্ভাৱনা আছে বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

বিলাসীপাৰাত মহিলাৰ মাজত চিলাই মেচিন, ফিল্টাৰ বিতৰণ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, ফিল্টাৰ বিতৰণ কৰে বিজেপি দলৰ কৰ্মৰাজি বিধায়ক অশোক কুমাৰ সিংহীয়ে।

সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি মৃদুল যাধৱ ।

পুৰণি শৰাইঘাট দলং দুদিনৰ বাবে বন্ধ থাকিব

মেৰামতিৰ বাবে আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । এই সিদ্ধান্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ । উক্ত বন্ধৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যান-বাহন চলাচল কৰিব ।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই জনোৱা অনুসৰি সোমবাৰে ৰাতিপুৱালৈ চলিব দলং মেৰামতিৰ কাম । প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে দলংখন মেৰামতি কৰা হ’ব। পৰীক্ষামূলক মেৰামতি ফলপ্ৰসু হ’লে পৰৱৰ্তী সময়ত দলং মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব ৰে’লৱে বিভাগে।