Home Blog Page 3216

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড : ৱেব ৰ্পটেলৰ সাংবাদিক বীজেন দ্বীপক হত্যা

তিনিচুকীয়া : তিনিচুকীয়া ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টী কৰিছে। নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপক সাংবাদিক হত্যা কৰি দুদিন পুৰ্বে পেলাই যোৱা বুলি অনুমান কৰা হৈছে। জ্যোতিনগৰৰ এটা ভাড়াঘৰত ৰ্পটেলৰ নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিনিচুকীয়াত সংবাদ মাধ্যমৰ লগতে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিন প্ৰতিদিন নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী আছিল সাংবাদিক গৰাকীৰ আজি পুৱা পৰিয়ালৰ লোকৰ ফোন ৰিচিপ নকৰাত স্থানীয় কচুজানত থকা পৰিয়ালৰ লোকে আহি মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীক ঘটনাত জড়িত লোকক চিনাক্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে তিনিচুকীয়া প্ৰেছ ক্লাৱ, জিলা সাংবাদিক সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, জিলা আছু, এ যে ৱাই চি পি, মটক সন্মিলন, মৰান ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনে।

নগাঁও বন বিভাগৰ দ্বাৰা জব্দ চোৰাং কাঠ ভৰ্তি বাহন

নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত এটি অভিযানকাৰী দলে যোৱা নিশা প্ৰায় ৯:৩০ বজাত জিলাখনৰ মিছা আৰক্ষী নিৱেশৰ সমীপত অতৰ্কিতে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা কাঠ ভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি কাৰ্বিআংলং জিলাৰ লাংখ্ৰাং বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যবান কাঠসমূহ এনেদৰে নিশাৰ ভাগত প্ৰায়ে চাপানলা-শালনা-মিছা অঞ্চলৰ মাজেৰে চোৰাং কাঠ ব্যৱসায়ীয়ে সৰবৰাহ কৰাৰ খবৰ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে বিভিন্ন মাধ্যমৰ পৰা লাভ কৰি আহিছিল৷ সেই উদেশ্য নিশা উক্ত অঞ্চলত নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ, বন পালক নিপেন বৰা, বন কৰ্মী গৌতম বৰা, গুপ্ত বৰা, মুক্তাৰ হুছেইন, দীনেশ ৰাজবংশীয়ে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু তিতাচঁপা ভৰ্তি চোৰাং কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ০৫এ ১২৮৬ আৰু জব্দ কৰা মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ পৰিমাণ প্ৰায় ৫ চি এম হোবাৰ বিপৰীতে এই মাকৈ শাল আৰু তিতাচঁপা কাঠখিনিৰ বজাৰ মূল্য লক্ষ্যাধিক হ’ব বুলি বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

টংলাৰ পলাহগড়ত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ : শতাধিক মহিলাই নিৰ্মাণ কৰিলে খহনীয়াত ক্ষতিগ্রস্ত পথৰ দলং

টংলা : ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলাৰ নিকটবর্তী পলাহগড়ত পথৰ দুৰৱস্হাত অতিষ্ঠ ৰাইজ ৩ খন গাওঁ সংযোগী শ্বহীদ প্ৰবীণ ডেকাৰ নামত উৎসৰ্গিত পথেৰে নাযায় এম্বুলেন্স ফলত বিভিন্ন ৰোগীৰ লগতে গৰ্ভৱতী মহিলাও ১.৫ কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হয়। বছৰ বছৰ ধৰি পলাহগড়, চাটিয়াপাৰা, মাজগাঁওবাসীয়ে খাইছে যমৰ যাতনা। অৰ্ধ শতাধিক মহিলাৰ শ্ৰম দানেৰে খহনীয়াত ভাঙি যোৱা পথৰ ওপৰত শনিবাৰে নিৰ্মাণ কৰিলে দলং। পলাহগড় কুলশীনৈৰ দলঙৰ পৰা আৰম্ভ হোৱা পথটি পলাহগড়ত, চাটিয়াপাৰা, মাজগাঁও আদি গাৱঁৰ ৰাইজে বিভিন্ন সময়ত মেৰামতি কৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় সেয়ে সকলোৰে আহ্বান অতিশীঘ্রেই অসম চৰকাৰৰ গড়কাপ্তনী বিভাগ তথা জলসম্পদ বিভাগে মেৰামতি কৰক পথটি। পথটি মেৰামতি কৰি থকা সময়তে ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে এই পথটিৰে দৈনিক প্ৰায় ৫ৰ পৰা ১০ খন গাঁৱৰ ৰাইজে যাতায়াত কৰে আৰু ইয়াৰ পৰা বৰ্তমান এজন ৰোগী চিকিৎসালয়লৈ লৈ যাবলৈ কোনো যান-বাহন আহিব নোৱাৰে আৰু এই পথটিয়েই এই কেইখন গাৱঁৰ একমাত্র পথ সেয়ে অসম চৰকাৰ তথা জলসম্পদ বিভাগে অতিশীঘ্রেই পথটিৰ মেৰামতিৰ ব্যবস্থা গ্রহণ কৰক। আনফালে স্হানীয় পলাহগড়, চাটিয়াপাৰা, মাজগাঁৱৰ আগৰণুৱা মহিলা চন্দ্রপ্ৰভা ডেকাই কয় যে আমি আজি তিনিখন গাৱঁৰ প্ৰায় ৫০ গৰাকী মহিলা লগ লাগি সমূহীয়াকৈ ওলাই আহি পথটিৰ মেৰামতিৰ লগতে খাৱৈত বাঁহ কাঠ আদিৰে এখন দলঙৰ ব্যবস্থা কৰিছো আৰু ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছো যে অতিশীঘ্রেই পথটিৰ মেৰামতিৰ ব্যবস্থা গ্রহণ কৰক।

কা, ই আই এ বাতিলৰ দাবীত পানীতোলাত আছুৰ অবস্থান ৰ্ধমঘট

তিনিচুকীয়া : তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই পানীতোলাত নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু ই আই এ বাতিলৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই উপস্থিত থাকি কা আৰু ই আই এ বাতিলৰ দাবীত বক্তব্য আগবঢ়ায়। পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক চেলু হুছেইন, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁই, পানীতোলা আছুৰ উপদেষ্টা বৈদ্য জ্যোতি চেতিয়া, মটক যুৱ ছাত্ৰ সন্মিলন বৰুৱাহোলা আঞ্চলিক সমিতিৰ তনুশ্যাম দিহিঙিয়া, পল্লৱ চেতিয়া, দিপাংকৰ ৰাজখোৱা, সদৌ মটক যুৱ ছাত্ৰ পৰিষদৰ নিযুত বৰা, বেংগলি যুৱ ছাত্ৰ ফেডাৰেছন পংকজ চৰকাৰ, ভোজপুৰী ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা কৰা কাৰ্যসূচীটিত সংশোধিত নাগৰিকত্ব আইন আমি নামানো, ই আই এ খচৰা বাতিল কৰক, বিজেপি গ’ বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে আজি উত্তাল হৈ পৰে পানীতোলা। তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ শেষত বক্তব্য প্ৰদান অনুষ্ঠানটোৰ পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰক্তিম দাসে আঁত ধৰে বুলি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম বৰুৱা আৰু সাধাৰণ সম্পাদক দিপান কিশোৰ চেতিয়াই জানিবলৈ দিয়ে।

মথুৰাপুৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা, স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

গেলেকী :  নাজিৰা মহকুমা সমীপৰ মথুৰাপুৰত ৭ আগষ্টৰ নিশা এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। মথুৰাপুৰ বিছানগৰত উক্ত ঘটনাটো সংঘটিত হৈছে৷ মহিলাগৰাকীৰ শৰীৰত কিছু আঘাতৰ চিন পোৱাত এই মৃত্যু ৰহস্যজনক বুলিও মন্তব্য কৰিছে স্থানীয় লোকে৷ মৃত মহিলাগৰাকী নাম সুকান্তি মুড়া (৩৮) বুলি জানিব পৰা গৈছে৷ তিনিটা সন্তানৰ মাতৃ সুকান্তি মুড়াক শুকুৰবাৰে নিশা স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ৷ যাক লৈ আজি অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হৈছে।

চেৰেকাপাৰ হলিনেম বিদ্যালয়ৰ ছাত্ৰৰ বৈজ্ঞানিকতাৰ চমক

গেলেকী : শিৱসাগৰ জিলা অন্তৰ্গত তথা চেৰেকাপাৰস্থিত হলিনেম বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰৰ অভিনৱ প্ৰচেষ্টাত গঢ়ি উঠিছে কিছু নতুনত্ব ৰাজহুৱা আৱিস্কাৰ। লকডাউনৰ বাবে অফুৰন্ত সময় লাভ কৰা প্ৰতিজনে ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কাৰ্যত৷ প্ৰতিভা বিকাশ কৰিছে ভাল লগা কামৰ জৰিয়তে৷ তেনে এগৰাকী ছাত্ৰ হৈছে গীতাৰ্থ বৰগোঁহাই৷ হলিনেম বিদ্যালয়ৰ ছাত্ৰ গীতাৰ্থ বৰগোঁহাইৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ একাণপতীয়া অধ্যয়ন আৰু সদিচ্ছাৰ বলতে ছাত্ৰগৰাকীয়ে সাজি উলিয়াইছে এখন ড্ৰোণ৷ ৰিম’ৰ্টৰ সহায়েৰে আকাশত উৰুৱাব পাৰি ড্ৰোণখন৷ ইতিপূৰ্বে গীতাৰ্থই বৰগোঁহাইয়ে সাজি উলিয়াইছে অন্য বহু সামগ্ৰী৷ বিদ্যুত চালিত ডাষ্টবিন, ভেকুৱাম ক্লিনাৰ, বেটাৰীবিহীন টৰ্চ, কণীৰ পৰা পোৱালী জন্ম দিব পৰা অত্যাধুনিক ইনকুৱেটৰ ইত্যাদি উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে৷ অষ্টম শ্ৰেণীত থাকোতে ছাত্ৰ গৰাকীয়ে সাজি উলিয়াইছিল এখন ইলেট্ৰ’নিক বাই চাইকেল৷ এই সকলোবোৰৰ মাজতে গীতাৰ্থই অব্যাহত ৰাখিছে নিয়মীয়া সংগীত চৰ্চা৷ ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা আশা পুহি ৰখিছে ছাত্ৰগৰাকীয়ে।

বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ মুকেশ আম্বানিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ এমাহৰ কম সময়তে সপ্তম স্থানৰ পৰা তেওঁ চতুৰ্থ স্থান পালেহি৷ শনিবাৰে ব্লুমবার্গ বিলিনিয়াৰৰ তালিকা অনুযায়ী ৰিলায়েন্সৰ কৰ্ণধাৰৰ সম্পত্তিৰ মূল্য ৮০.৬ বিলিয়ন ডলাৰ৷ অথচ ২৩ জুলাইত তেওঁ আছিল পঞ্চম স্থানত৷ মাত্ৰ ১০-১২ দিনৰ ভিতৰত আন এটা ঢাপ উঠিল মুকেশ আম্বানি৷ এতিয়া তেওঁৰ আগত আছে মাত্ৰ তিনিজন৷ যোৱা ১০ জুলাইত বিশ্বৰ সপ্তম ধনী ব্যক্তি আছিল ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ কৰ্ণধাৰ৷ বাৰ্কছায়াৰ হাথাৱেৰ চিইঅ’ ৱাৰেন বাফেটক পিছ পেলাই তেওঁ এই স্থান দখল কৰিছে৷ মাত্ৰ ১২ দিনতে ৭৫ মাৰ্কিন বিলিয়ন ডলাৰেৰে পঞ্চম স্থান লাভ কৰিছিল মুকেশ আম্বানিয়ে৷ তেতিয়া ভাৰতীয় মুদ্ৰাত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৫.৬১ লাখ কোটি টকা৷ এতিয়া ৮০.৬ বিলিয়ন ডলাৰ মূল্য সম্পত্তিৰ গৰাকী মুকেশ আম্বানি৷ তেওঁৰ আগত আছে জেফ বেজছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গ৷ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ হ’ল যথাক্রমে ১৮৭ বিলিয়ন, ১২১ বিলিয়ন আৰু ১০২ বিলিয়ন ডলাৰ৷

প্ৰধানমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী আইএমএৰ : দেশত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ১৯৬ চিকিৎসকৰ

দৈনন্দিন বাৰ্তা ডেস্ক : সন্মুখৰ শাৰীৰ পৰা ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে চিকিৎসকসকলে৷ ইয়াৰ মাজতে চিকিৎসকো ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে৷ এনে পৰিস্থিতিত দেশত দুশজন চিকিৎসকৰ মৃত্যু হৈছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন (আইএমএ)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে দেশজুৰি মাৰাত্মক ভাইৰাছৰ সংক্ৰমণত ১৯৬ জন চিকিৎসকৰ মৃত্যু হৈছে৷ অথচ জুলাই মাহৰ মাজভাগত এই সংখ্যা এশজনৰো কম আছিল৷ যোৱা কেইটামান মাহত দেশৰ বিভিন্ন প্ৰান্তত থকা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীৰ মৃত্যুৰ খবৰ আহি আছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ তথ্য মতে এই পৰ্যন্ত দেশত ১৯৬ জন চিকিৎসকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত ১৭০ জন ৫০ বছৰৰ অধিক৷ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সুৰক্ষা ব্যৱস্থাক লৈ বাৰম্বাৰ অৱগত কৰা হৈছে৷ তেওঁলোকৰ সুৰক্ষাত অৱহেলা কৰা হৈছে বুলি অভিযোগ উঠিছে৷ কিন্তু তাত কোনো গুৰুত্ব দিয়া নাই৷ এনে পৰিস্থিতিত এই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনে প্ৰধানমন্ত্ৰীৰ ওচৰত আবেদন কৰিছে৷ এই প্ৰসংগত আইএমএৰ তৰফৰ পৰা জনাইছে যে পৰিস্থিতি উদ্বেগজনক৷ চিকিৎসকৰ সুৰক্ষা নিশ্চিত নকৰিলে স্বাস্থ্য পৰিকাঠামোত ভয়ংকৰ বিপদ আহি পৰিব৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ সৰ্বভাৰতীয় সভাপতি ডাঃ ৰাজন শৰ্মাই কয়, নিজৰ পৰিয়ালক এৰি চিকিৎসকে চিকিৎসালয়ত মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰি আছে৷ ক’ৰোনা ৰোগীৰ ৱাৰ্ডত ঘণ্টাৰ পাচত ঘণ্টা আছে৷ তেওঁলোকৰ সুৰক্ষা সকলোতকৈ আগত হোৱাৰ প্ৰয়োজন৷ দ্ৰুত কাৰ্যকৰী পদক্ষেপ নল’লে অধিক বিপদৰ মুখামুখি হ’ব পাৰে৷

জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ ৬ অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অ’পাৰেচন গ্ৰুপ (এছঅ’জি)ৰ অভিযানত শনিবাৰে পাকিস্তানৰ সমৰ্থনপুষ্ট লস্কৰ-ই-তৈবাৰ সন্ত্ৰাস-আৰ্থিক দিশত জড়িত অভাৰ গ্ৰাউণ্ডৰ ৬ কৰ্মীক গ্ৰেপ্তাৰ কৰে৷ জম্মুৰ আৰক্ষী মহা পৰিদৰ্শক মুকেশ সিঙে জনায় যে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাস-আৰ্থিক দিশত কাম কৰা মুদাছিৰ ফাৰুক ভাটক গ্ৰেপ্তাৰ কৰি জেৰা কৰে৷ জেৰাত এলইটিৰ লগত জড়িত থকাৰ কথা প্ৰকাশ কৰে৷ আৰক্ষী মহা পৰিদৰ্শক সিঙে লগতে জনায় যে ভাটৰ তথ্য মতে এছঅ’জিয়ে আন ৫ ব্যক্তিক গ্ৰেপ্তাৰ কৰে৷ এই ব্যক্তিসকল এলইটিৰ লগত জড়িত ৷ গ্ৰেপ্তাৰ কৰা কেইজন হ’ল টাকিৰ আহমেদ ভাট, আছিফ ভাট, খালিদ লটিফ ভাট, গাজি ইকবাল আৰু টাৰিক হুছেইন মিৰ বুলি চিনাক্ত কৰা হৈছে৷ 

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ৰাজগড়ত তাঁতশাল বিতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলীত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্হিতিত তাঁতশাল বিতৰণ কৰা হয়৷ ৫৩ নং পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত চানমাৰি, লাচিত নগৰ, ৰাজগড়, ভঙাগড়কে ধৰি বিভিন্ন অঞ্চলৰ অতি প্ৰতিভাসম্পন্ন প্ৰায় ২৫ গৰাকী মহিলাৰ মাজত তাঁতশালৰ লগতে আৱশ্যকীয় অন্যান্য সামগ্ৰী বিতৰণ কৰা হৈছে৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অনুষ্ঠানত উপস্থিত থাকি কয় যে একাংশ প্ৰতিভাবান মহিলাই নিজৰ কৰ্মদক্ষতাৰ অটুট আছে৷ তেওঁলোকে উপযুক্ত সামগ্ৰীৰ অভাৱত নিজৰ কৰ্মত আগুৱাই যোৱত যঠেষ্ট বাধাৰ সন্মুখীন হয়৷ ইয়াৰ বাবেই যি সকল মহিলা হস্তশিল্পত আগবঢ়া সেইসকলক সামান্য সহায়ৰ বাবেই আজি তাঁতশালৰ লগতে যাৱতীয় সামগ্ৰী দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে আজি তাঁতশাল বিতৰণ অনুষ্ঠানত বিজেপি চেন্ট্ৰেল কমিটীৰ সভাপতি অসীম হাজৰিকা, পূৱ গুৱাহাটী মণ্ডল সভাপতি সঞ্জীৱ গোশ্বামীৰ লগতে ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷