উজনি-মাজুলী : ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি মাজুলী জিলাতো দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে মাজুলী জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত বুধবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিত্বকাৰী বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু চৰকাৰী বিভাগসমূহৰ মুৰব্বীসকলক লৈ জিলা প্ৰশাসনে এখন বৈঠক অনুষ্ঠিত কৰে। উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আয়োজিত এই বৈঠকত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ একাধিক কাৰ্যবাহী দণ্ডাধীশেও অংশগ্ৰহণ কৰে। ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আগবঢ়োৱা স্বাধীনতা দিৱস উদযাপন সম্পৰ্কীয় বিশেষ নীতি-নিৰ্দেশনাৰ আধাৰত জিলা সদৰ গড়মূৰৰ কাছাৰী ময়দানত ১৫ আগষ্টত অনুষ্টুপীয়া কাৰ্যসূচীৰে এইবেলি স্বাধীনতা দিৱসৰ মাজুলী জিলাস্তৰীয় অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰা হৈছে।
প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা অভিযোগত নলবাৰী জিলা কংগ্ৰেছ কমিটীয়ে বিধায়ক অশোক শৰ্মা আৰু পৰ্যটক বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত দাখিল কৰিলে গোচৰ
নলবাৰী : প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা অভিযোগৰ ভিত্তিতে আজি জনপ্ৰতিনিধিৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে নলবাৰীত দাখিল কৰা হ’ল গোচৰ। প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা বাবে নলবাৰীৰ বিধায়ক অশোক শৰ্মা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে। নলবাৰী সদৰ থানাত এই গোচৰ দাখিল কৰিলে নলবাৰী জিলা কংগ্ৰেছ কমিটীয়ে। উল্লেখযোগ্য যে কালি পুৱা নলবাৰীত অশোক শৰ্মাৰ উদ্যোগত খাৰজাৰা দুধনাথ আশ্ৰমত অনুষ্ঠিত হৈছিল ৰাজহুৱা বিষ্ণু যজ্ঞ আৰু সন্ধিয়া জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হৈছিল সামূহিক বন্তি প্ৰজ্বলন। দুয়োটা অনুষ্ঠানত বহু মানুহৰ সমাগম হৈছিল আৰু কভিড সংক্ৰমণ ৰোধ কৰাৰ নীতি-নিৰ্দেশনাবোৰ উলাই কৰিছিল। কভিড সংক্ৰমণ ৰোধৰ নীতি-নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা কংগ্ৰেছে। নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজোতি হালৈয়ে এই অভিযোগ উত্থাপন কৰি আজি নলবাৰী সদৰ থানাত গোচৰ দাখিল কৰে। তদুপৰি কালিৰ এই অনুষ্ঠানত যদি নলবাৰী জিলা আৰু আৰক্ষী অধীক্ষকে যদি অনুমতি প্ৰদান কৰিছিল তেন্তে বিধায়ক অশোক শৰ্মা আৰু পৰ্যটক বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই মুখ্য সচিবে জাৰি কৰা নিয়ম উলংঘা কৰাৰ সময়ত কিয় চকু দিয়া নাছিল আৰু যদি জিলা উপাযুক্ত আৰু আৰক্ষী অধীক্ষকে অনুমতি দিয়া নাছিল তেন্তে জিলা প্ৰশাসনৰ নাকৰ তলত কেনেকৈ এই অনুষ্ঠান আয়োজন কৰিলে বুলি কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।
গাহৰি পালনেৰে স্বাৱলম্বী নগাঁৱৰ ভুৱন বসুমতাৰী
নগাঁও : যি সময়ত ৰাজ্যখনৰ লাখ-লাখ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে সেই সময়তে কোনো ধৰণৰ চৰকাৰী চাকৰিক ভৰসা নকৰি একমাত্ৰ নিজৰ ঐকান্তিক প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্ট সহিষ্ণুতাৰ বলত গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী বৰবাৰী কছাৰীগাঁৱৰ জীৱন চন্দ্ৰ বসুমতাৰী আৰু মাখনী বসুমতাৰীৰ পুত্ৰ বিশ্ব ভুৱন বসুমতাৰীয়ে। আজিৰ পৰা প্ৰায় ৯ মাহৰ আগতে ১০ টা পোৱালি গাহৰিৰে আৰম্ভ কৰা বিশ্ব ভুৱন বসুমতাৰীৰ গাহৰি ফাৰ্মখনে বৰ্তমান সমগ্ৰ বঢ়মপুৰৰ লগতে বৰবাৰী অঞ্চলৰ ভিতৰত এখন আগশাৰীৰ ফাৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা ২০১৫ চনত স্নাতক ডিগ্ৰী লাভ কৰি এই গৰাকী শিক্ষিত যুৱকে এসময়ৰ মহাবিদ্যালয়খনৰ উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল। কলেজীয়া শিক্ষা সমাপ্ত কৰি ঘৰতে এনেই হাত সাৱটি বহি নাথাকি চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান ১০ টা পোৱালি গাহৰি আৰু ১১ টা উন্নত প্ৰজাতিৰ গাহৰি আছে। বিশ্বই জানিবলৈ দিয়া মতে, এবাৰত এটা গাহৰিয়ে ১০-১৫ টা পৰ্য্যন্ত পোৱালিৰ জন্ম দিয়ে আৰু এই পোৱালিসমূহ প্ৰায় ৫০ দিন ৰখাৰ পাছত একোটাৰ পৰা প্ৰায় ৪,৫০০ টকা উপাৰ্জন হয়। বৰ্তমান হিমচেয়াৰ আৰু ইয়ৰ্কচেয়াৰ প্ৰজাতিৰ গাহৰি বৰ্ণসংকৰ কৰাই এক উন্নত প্ৰজাতিৰ গাহৰি জন্ম দিয়া হয় এই ফাৰ্মখনত। ২৮ বছৰীয়া এই কৰ্মোদ্যমী যুৱকজনে জানিবলৈ দিয়া মতে, গাহৰি পালন এক পৰ্য্যাবৰণ অনুকূল ব্যৱসায়। ৰাস্তাৰ দাঁতিত থকা কচু, তুহগুৰি, শুকান মাছৰ গুৰি, খলিয়হ, মিনাৰেল মিক্সাৰ আদি সামগ্ৰী তেওঁ গাহৰিক খাদ্য হিচাপে যোগান ধৰে। উদ্যমী যুৱকজনে জনোৱা মতে, অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰ পৰা আজি পৰ্য্যন্ত তেওঁক কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই। ইফালে, গাহৰিৰ সততে হোৱা কিছুমান সংক্ৰামক ৰোগৰ চিকিৎসাও চৰকাৰী সা-সুবিধা অবিহনে নিজা খৰচত কৰিবলগা হয়। উক্ত ফাৰ্মখনৰ পৰা বিশ্বই ১০ টা গাহৰি বিক্ৰীৰে নিৰ্দিষ্ট এটা সময়ৰ মূৰে-মূৰে ৪৫,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰে আৰু এই উপাৰ্জনৰ ধনেৰে ফাৰ্মখনত থকা আন এগৰাকী কৰ্মচাৰীৰ লগতে নিজৰ পৰিয়ালটোকো আৰ্থিকভাৱে সকাহ দিব পাৰিছে।
লকডাউনৰ সুযোগত চাউল চুৰিৰ অভিযোগ : হোজাইৰ বিভিন্ন প্ৰান্তত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান
হোজাই : হোজাই জিলাৰ ডবকা সমবায় সমিতিৰ কাৰ্য্যালয়, লংকা দগাঁও আৰু হোজাই জন কল্যাণ সমবায় সমিতিত মঙলবাৰে অতৰ্কিতে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ পাচজনীয়া এটি দলে অভিযান চলায় বিভিন্ন নথিপত্ৰ জব্দ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ পৰা অৰ্থনৈতিক অপৰাধ শাখাৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই দলটিত কেইবাজনো যোগান বিভাগৰ বিষয়াও আছিল৷ দলটিয়ে সমবায় সমিতিৰ গুদাম ঘৰৰ উপৰিওঁ কাৰ্য্যালয়ৰ বিভিন্ন নথি পত্ৰওঁ পৰীক্ষা কৰে৷ বহু কেইজন সমবায় এজেন্টক, সুলভ মূল্যৰ দোকানীক দলটিয়ে সোধপোচো কৰে৷ অৱশ্যে দলটিৰ এই অভিযান কালত কাকো আটক কৰা নাই যদিওঁ তদন্তৰ বাবে বহু নথি পত্ৰ জব্দ কৰি গুৱাহাটী লৈ যায়৷ সংবাদ মাধ্যমৰ আগত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ দলটিয়ে মুখ খোলা নাই যদিও আমাৰ ফালৰ পৰা চলোৱা অনুসন্ধানত লক ডাউনৰ সময়ত চৰকাৰে দুখীয়া লোকৰ বাবে আবন্টন দিয়া প্ৰধান মন্ত্ৰী গৰীব যোজনাৰ চাউল তথা অন্যান্য চৰকাৰী আঁচনিৰ চাউল বিতৰণত বহু সুলভ মূল্যৰ দোকানী, এজেন্ট সকলে ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ তাৰোপৰি বহু এজেন্ট, সুলভ মূল্যৰ দোকানীয়ে নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণে চাউল দুখীয়া লোকক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ এই সমস্ত অভিযোগৰ ভিত্তিত দলটিয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ এই অভিযান কালত দলটিক হোজাই জিলাৰ যোগীন বিভাগৰ পৰিদৰ্শক নেগীব খনেও সহযোগ আগবঢ়ায়৷
জুবিন গাৰ্গৰ আদৰ্শৰে পৰিচালিত ৰুমাল লাইভৰ উদ্যোগত বান সাহাৰ্য দিয়াৰ প্ৰস্তুতি
উজনি-মাজুলী : অসমৰ জনপ্ৰিয় তথা ব্যতিক্ৰমী ফেচবুক পেজ ৰুমাল লাইভে মাজুলীৰ বানপীড়িত ৰাইজৰ মাজত কিছু পৰিমাণে সাহাৰ্য দিয়াৰ বাবে প্ৰস্তুতি চলাইছে। কালি মাজুলী “সোনাৰিআটী চাৰিআলিৰ পৰা আৰম্ভ কৰি গড়মূৰ, কমলাবাৰীকে আদি কৰি বিভিন্ন ঠাইৰ পৰা ৰুমাল লাইভৰ মাজুলী জিলাৰ কৰ্মীসকলে বান সাহায্যৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰে। ৰুমাল লাইভৰ কাৰ্য্যসূচীলৈ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন লোকে সহায়-সহযোগিতা আগবঢ়াইছে লগতে তেখেত সকলৰ তৰফৰ পৰা সকলো ৰাইজলৈ আহ্বান জনাইছে সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে যাতে এই বান সাহাৰ্য অভিযানত সহায় সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ আদৰ্শেৰে পৰিচালিত এই ফেচবুক পেজটোৱে বিগত সময়ত বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আহিছে।
সৰযূ নদীৰ তীৰত স্বৰ্ণযুগৰ সূচনা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
দৈনন্দিন বাৰ্তা ডেস্ক : সৰযূ নদীৰ তীৰত স্বৰ্ণযুগৰ সূচনা হ’ল৷ অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোত এনেদৰে ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, বহু দিনৰ প্ৰতীক্ষা শেষ৷ অ’ত দিনে তম্বুৰ তলতে আছিল ৰামলালা৷ এইবাৰ তেওঁৰ বাবে সুবিশাল মন্দিৰ নিৰ্মাণ হ’ব৷ বহু শতক ধৰি যি ভঙা-পতাৰ খেল চলি আছিল, আজি ৰাম জন্মভূমিত সেয়া মুক্ত হ’ল৷ সৰযূ নদীৰ তীৰত সূচনা হ’ল স্বৰ্ণযুগৰ৷ ২৯ বছৰৰ পাচত এই দিনটোত অযোধ্যাত ভৰি দিছিল নৰেন্দ্ৰ মোডীয়ে৷ ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোক স্বাধীনতা দিৱসৰ লগত তুলনা কৰি তেওঁ কয়, সমগ্ৰ দেশে স্বাধীনতা সংগ্ৰামত যোগ দিছিল৷ মন্দিৰৰ বাবেও বহুৱে বলিদান দিছে৷ অ’ত দিনৰ অপেক্ষা শেষ হ’ল৷ আজিৰ দিনটো ত্যাগ, সংকল্প আৰু সংঘৰ্ষৰ প্ৰতীক বুলি মোডীয়ে কয়৷ কেৱল ভাৰতেই লহয়, সমগ্ৰ পৃথিৱীতে আজি ৰামৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে বুলি মোডীয়ে দাবী কৰে৷ তেওঁ কয়, আজি দেশ ৰামময়, ৰোমাঞ্চিত৷ পৃথিৱীৰ সৰ্বত্ৰে ৰামৰ ধ্বনি শুনিবলৈ পোৱা গৈছে৷ এই ৰাম মন্দিৰ আমাৰ সংস্কৃতিৰ আধুনিক প্ৰতীক৷ আমাৰ ৰাষ্ট্ৰীয় চিন্তাৰ প্ৰতীক৷ সমগ্ৰ পৃথিৱীৰ মানুহ আহিব৷ এই মন্দিৰৰ মাধ্যমত বৰ্তমানৰ সৈতে অতীতৰ যোগসূত্ৰ স্থাপিত হ’ব৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে কয়, ৰামে আমাৰ মনত স্থায়ী ঠাই লৈছে৷ সকলো কামত ৰামেই আমাৰ প্ৰেৰণা৷ আজি সমগ্ৰ দেশৰ মানুহ ৰাম মন্দিৰ নিৰ্মাণত একত্ৰিত হৈছে৷ ৰামৰ চৰিত্ৰৰ কেন্দ্ৰবিন্দু হ’ল সত্যপালন৷ জীৱনৰ এনে কোনো ক্ষেত্ৰ নাই য’ত ৰাম আমাৰ কাষত প্ৰেৰণা নহয়৷ বৈচিত্ৰ্যৰ মাজত ঐক্যই ভাৰতৰ বৈশিষ্ট৷ ভাৰতৰ বিভিন্ন প্ৰদেশত ৰামায়ণৰ বিভিন্ন মালিতা আছে৷ ভাৰতৰ বাহিৰেও বিভিন্ন দেশত ৰামায়ণ আছে৷ সকলোতে ৰাম একেদৰে পূজনীয়৷ দেশৰ সংস্কৃতিৰ সৈতে ৰাম এনেভাৱে জড়িত যে কোনো ভাৱে তেওঁক আঁতৰ কৰা সম্ভৱ নহয় বুলি কয় প্ৰধানমন্ত্ৰী মোডীয়ে৷ তেওঁ কয়, ৰাম আমাৰ মনৰ মাজত আছে৷ আমাৰ সৈতে একান্ত হৈ গৈছে৷ প্ৰভুৰ কি অদ্ভুত শক্তি৷ তেওঁ আমাৰ সংস্কৃতিৰ আধাৰ৷ দেশবাসীৰ সমৰ্থন আছিল বাবেই ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত হ’ল বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে যিদৰে দলিত আৰু জনজাতি মানুহৰ সমৰ্থন পাইছিল সেইদৰে দেশৰ সকলো মানুহৰ সমৰ্থন আছিল বাবেই ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ প্ৰত্যেকেই ৰাম৷ প্ৰত্যেকৰ মাজতে ৰাম আছে৷ ক’ৰোনা পৰিস্থিতিত ৰাম মন্দিৰ নিৰ্মাণক লৈ সমালোচনাৰ সন্মুখীন হৈছিল কেন্দ্ৰ৷ আজি অনুষ্ঠানত সামাজিক দূৰত্ব মানি অতিথিসকলক বহাৰ ব্যৱস্থা কৰা হয়৷ মাস্ক পিন্ধি ভূমি পূজাত অংশ লয় প্ৰধানমন্ত্ৰীয়ে৷
নাথাকো বুলি কৈ উপস্থিত উমা ভাৰতী
দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে বিজেপিৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে জনাইছিল যে তেওঁ অযোধ্যাৰ ভূমি পূজাত উপস্থিত নাথাকে ৷ ক’ৰোনা সংক্ৰমণৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছিল ৷ কিন্তু বুধবাৰে যথা সময়ত ৰাম মন্দিৰৰ অনুষ্ঠানত উপস্থিত হ’ল বিজেপিৰ নেত্ৰী উমা ভাৰতী ৷ ৰাম জন্মভূমিত উপস্থিত হোৱাৰ কিছু সময়ৰ আগতে তেওঁ টুইট কৰি হিন্দীতে লিখে, মৰ্যাদা পুৰুষোত্তম ৰামৰ মৰ্যাদা ৰক্ষা কৰিবলৈ মই বাধ্য ৷ ৰাম জন্মভূমিৰ এজন প্ৰবীন বিষয়াই অনুৰোধ কৰিছিল ভূমি পূজাত থাকিবলৈ৷ সেয়ে মই এই অনুষ্ঠানলৈ আহিলো ৷ আনহাতে ৬১ বছৰীয়া এই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷
য’ত ঘৃণা, নৃশংসতা আছে, তাত ৰাম নাই : ৰাহুল গান্ধী
অনলাইন বাৰ্তা, ৫ আগষ্ট : য’ত ঘৃণা, নৃশংসতা আছে, তাত ৰাম নাই৷ ভূমি পূজাৰ পাচত মুখ খুলিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে৷ লগতে অভিনন্দন জনাই ৰাহুল গান্ধীয়ে টুইটাৰত লিখে, ৰাম মানে প্ৰেম৷ ঘৃণাৰ মাজত তেওঁক কেতিয়াও প্ৰকাশ কৰা নাযায়৷ ৰাম মানে সহানুভূতি৷ নৃশংসতাৰ মাজত তেওঁৰ বিকাশ নহয়৷ ৰাম মানে ন্যায়৷ অন্যায়ৰ মাজত তেওঁ প্ৰতিফলন নহয়৷ আনহাতে ৰাম মন্দিৰৰ ভূমি পূজাৰ ঐতিহাসিক মুহূৰ্তৰ আগতে টুইট কৰি অভিনন্দন জনায় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ উত্তৰ প্ৰদেশত কংগ্ৰেছৰ দায়িত্বত থকা প্ৰিয়ংকাই কয়, অযোধ্যাত ৰামলালা মন্দিৰৰ ভূমি পূজা ৰাষ্ট্ৰীয় একতা, সংহতি আৰু সংস্কৃতিৰ প্ৰতীক হৈ উঠক৷ ৰাম সকলোৰে লগত আছে৷ ৰাম সৰ্বত্ৰ বিৰাজমান৷
ৰামায়ণৰ মাহাত্ম্য উল্লেখ কৰি প্ৰধানমন্ত্ৰী : মুছলিম প্ৰধান দেশতো ৰামৰ উপাসনা হয়
দৈনন্দিন বাৰ্তা ডেস্ক : বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাৰ পাচত দিয়া ভাষণত বিশ্বজুৰি ৰামায়ণৰ প্ৰাসংগিকতা তুলি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত, আনকি মুছলিম দেশতো ৰামায়ণৰ অস্তিত্বৰ কথা তুলি ধৰে মোডীয়ে৷ প্ৰধানমন্ত্ৰী মোডীয়ে জনায়, ৰাম ঐক্যৰ প্ৰতীক৷ ইয়াৰ লগতে মোডীয়ে কয়, যিদৰে ভগৱান ৰামৰ জয় সকলোৱে একেলগে প্ৰচেষ্টা কৰিছিল, সেইদৰে স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ লগত আছিল৷ ঠিক একেদৰেই আজি দেশবাসীৰ প্ৰচেষ্টাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম সম্পন্ন হ’ল৷ আনহাতে ৰামৰ সর্বজনীনতা তুলি ধৰে প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰ ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, সেই ৰিম তুলসীৰ ৰাম, সেই ৰাম গুৰু নানকৰ ৰাম, সেই ৰাম কবীৰৰ ৰাম, সেই ৰামেই জড়িত ভগৱান বুদ্ধৰ সৈতে, সেই ৰামই স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভজনত ৰাম হিচাপে মনোবল পাইছিল৷ ৰাম প্ৰকৃততে বিভিন্নতাৰ মাজত ঐক্যৰ প্ৰতীক৷ আনহাতে দেশৰ বিভিন্ন ভাষাত লিখা ৰামায়ণৰ কথা তুলি ধৰে প্ৰধানমন্ত্ৰীয়ে৷ কেৱল তাকেই নহয়, দেশৰ বাহিৰতো নানান ভাষাত ৰামায়ণ লিখা হৈছে৷ সেই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ মোডীয়ে কয়, বিশ্বৰ সৰ্বাধিক ইছলাম অধ্যুষিত দেশ ইন্দোনেছিয়া৷ এইখন দেশত যোগেশ্বৰ ৰামায়ণ, সোমেশ্বৰ ৰামায়ণৰ দৰে ৰচনা ৰচিত হৈছে৷ কেৱল সেয়াই নহয়, ইৰান আৰু চীনতো ৰামকথাৰ বিবৰণ আছে বুলি জনায় প্ৰধানমন্ত্ৰীয়ে৷ এই বাবেই ৰামায়ণ আৰু ৰাম কেৱল এই দেশৰ নহয়, সমগ্ৰ বিশ্বৰ ওচৰত ঐক্যৰ নাম৷
দুৰ্যোগৰ সময়তো অব্যাহত বি পি চি এলৰ এল পি জি সেৱা। হোৱাটচ এপ্ গ্ৰুপৰ মাধ্যমৰে সেৱা আগবঢ়াইছে বসুন্ধৰা গেছ এজেঞ্চীয়ে
দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট : মহামাৰী ক’ভিড-১৯ৰ বাবেই দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ বজাৰ সমাৰকে আদি কৰি সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হােৱাৰ সময়তে বি পি চি এলৰ এল পি জি প্লান্ট,এল পি জি বিতৰক আৰু ডেলিভাৰী বয় আদিয়ে অসমৰ ৰাইজৰ কাৰনে ক’ৰনা মহামাৰিক প্ৰত্যাহ্বান স্বৰূপে লৈ নিৰলস ভাবে কাম কৰি আহিছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত বসুন্ধৰা গেছ এজেঞ্চীয়েও গ্ৰাহকৰ সুবিধাৰ্থে প্ৰায় সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এজেঞ্চীটোৰ স্বত্বাধিকাৰী সত্যব্ৰত বৰুৱাই জানিবলৈ দিয়ামতে বত্তৰ্মান সময়ত ক’ভিড ১৯ৰ কাৰনে কোনো গ্ৰাহকে চিলিণ্ডাৰ লোৱাৰ সময়ত নগদ ধনৰ পৰিবৰ্ত্তে নগদ বিহীন ভাবে মূল্য পৰিশোধ কৰি চিলিণ্ডাৰ সংগ্ৰহ কৰিবলৈ এটা হোৱাটচ ৱাপ নম্বৰ ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিছে লগতে তেওঁ তিনি ছাৰিটাকৈ হোৱাট ৱাপ গ্ৰুপ খুলি গ্ৰাহক সকলক এই বিষয়ে অৱগত কৰি অাহিছে। এটা বুটাম টিপিয়েই গ্ৰাহক সকলে অতি সহজতে এল পি জি বুক কৰাৰ লগতে অনলাইনযোগে মূল্য পৰিশোধ কৰিব পৰাকৈ হোৱাটচ্ আপত অতি উপযোগীকৈ এটা নম্বৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে।এই নম্বৰৰ পৰা চিলিণ্ডাৰ ডেলিভাৰি বৰ্ত্তমান কোন পৰ্য্যায়ত অাছে, চিলিণ্ডাৰৰ মুল্য ,সুৰক্ষা সৰ্ম্পকীয় ভি ডিঅ পৰিবেশন, গ্ৰাহকৰ প্ৰতিক্ৰিয়া জনোৱা তথ্য পৰামৰ্শ অাগবঢ়োৱা ইত্যাদি কিছুমান অতিৰিক্ত সুবিধা হোৱাটচ অাপত উপলব্ধ কৰা বুলিও উল্লেখ কৰে। ক’ভিড-১৯ আতংকই বিৰাজ কৰি থকাৰ সময়তে জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেঞ্চীৰ চিলিণ্ডাৰ সংগ্ৰহ কৰিবলৈ হলে ১৮০০২২৪৩৪৪ নম্বৰত hello লিখি হোৱাটচ ৱাপত মেচেজ পঠাই দিয়াৰ পাছতে উল্লেখিত সেৱা সমুহ লাভ কৰিব পাৰিব বুলি স্বত্বাধিকাৰী গৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ প্ৰকাশ কৰা মতে হোৱাটচ্ আপৰ উপৰিও অান বহুতো নতুন ডিজিটেল সেৱা অসমৰ ভাৰত গেছৰ গ্ৰাহক সকলৰ বাবে উপলব্ধ কৰিছে, এইক্ষেত্ৰত আমেজন পেই(Amazonpay), জিপেই (Gpay), পেই টি এম (paytm), ফোনেপেই (Phonepe), ইউ পি আই (Upi) ইত্যাদি। উল্লেখ্য যে বৰ্ত্তমানে চলি থকা অাঁচনিৰ অন্তৰ্গত বি পি চি এলে ৬.২৭ লাখ মানুহক বিনামূলীয়া চিলিণ্ডাৰৰ যোগান ধৰিছে। এই সংখ্যাৰ মুঠ হিতাধিকাৰী প্ৰায় ৯৩% (শতাংশ)। অতি দূৰৈৰ পিছপৰা গাওঁৰ গ্ৰাহক সকলে যাতে ঘৰতে চিলিণ্ডাৰ পায় তাৰ কাৰনে গাও পৰ্য্যায়ৰ প্ৰতিষ্ঠানৰ সহযোগত নিয়মীয়াকৈ চিলিণ্ডাৰ বিতৰণৰ ব্যৱস্থা কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী যোগানধাৰী হিচাপে ভাৰত পেট্ৰলিয়ামৰ অকল বসুন্ধৰা গেছ এজেঞ্চীয়েই নহয় অসমৰ প্ৰতিটো এজেঞ্চীৰ লগতে এন আৰ এলৰ প্লান্টৰ উপৰিও এই ব্যৱস্থাৰ লগত জড়িত প্ৰতি জন কৰ্ম কৰ্তাৰ সজাগতাৰ ক্ষেত্ৰত বি পি চি এলে গুৰুত্ব দিয়াৰ লগতে কিবা কাৰনত যদি এই ব্যৱস্থাত জড়িত কাৰোবৰ ক’ভিড ১৯ত আক্ৰান্ত হয় তেতিয়া সেই ব্যক্তিৰ কাৰনে বি পি চি এল কোম্পানীয়ে ভাৰত অাৰোগ্য যোজনাৰ লগতে এক্সগ্ৰেছিয়া অাঁচনিৰ ব্যৱস্থা কৰিছে বুলি এটা প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জানিবলৈ দিছে। উল্লেখ্য যে লকডাউনৰ সময় ছোৱাত পৰিবহন অাৰু বিতৰণৰ ক্ষেত্ৰত সমস্যা আহিছে যদিও বি পি চি এল কোম্পানীৰ প্ৰতিজন গ্ৰাহকে যাতে নিয়মিত ভাৱে চিলিণ্ডাৰ পাই তাৰ ওপৰত অধিক গুৰুত্ব দি অাহিছে চেলচ অফিচাৰ দেৱাশিস ডেই। অকল ক’ৰণা মহামাৰিয়েই নহয় অসমৰ প্ৰধান সমস্যা বিধ্বংসী বানত জুৰুলা হোৱা ৰাইজকো বিপিচিএলৰ ডেলিভাৰি বয় সকলে নাৱৰে হলেও চিলিণ্ডাৰৰ সেৱা অাগবঢ়াই অাহিছে।নতুন প্ৰযুক্তিৰ প্ৰয়োগৰে নতুন নতুন উদ্ভাবনাৰে গ্ৰাহক সকলক উত্তম সেৱা অাগবঢ়োৱাৰ ক্ষেত্ৰত বি পি চি এলেই পথ প্ৰদৰ্শক বুলি উল্লেখ কৰিব পাৰি।এই দুৰ্যোগৰ সময়ত বি পি চি এলৰ এজেঞ্চী সমুহে স্বাভাৱিক ভাবেই সেৱা অাগবঢ়াইছে।লগতে কোম্পানীটোৱে গেছ চিলিণ্ডাৰ বুকিং,সময়মতে গেছ যোগান ধৰা,নগদ বিহীন ভাবে মূল্য পৰিশোধ কৰা,গ্ৰাহকৰ প্ৰতিক্ৰিয়াৰ খবৰ লোৱা আৰু যোগাযোগ ৰখা ইয়াৰ উপৰিও সুৰক্ষা সম্পৰ্কে অৱগত কৰা ইত্যাদি কাৰ্য্য সমুহো কৰি অহিছে।














