আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে।
ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
আজি পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মণিপুৰৰ সেনাপতিত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে।
ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।
বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানে সকিয়াই দিছে যে, COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ প্রতিহত কৰিব পৰাকৈ ভাইৰাছবিধৰ প্রতিষেধক উপলব্ধ নহ’বও পাৰে। শ্ৰী ৰেয়ানে কয় যে, ক’ৰ’ণাৰ প্রতিষেধক উপলব্ধ হ’বলৈ কমেও চাৰিৰ পৰা ছয় মাহ লাগিব।
বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানৰ এই কথাৰ পৰা ধাৰণা কৰিব পাৰি যে COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।
অনলাইন বাৰ্তা,২০ নৱেম্বৰঃ পুৱ গুৱাহাটী সমষ্টিৰ অন্তৰগত উলুবাৰী স্হিত দক্ষিণ শৰনীয়াত আজি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় ৷ গান্ধী মন্ডপ পথত অৱস্হিত দক্ষিণ শৰনীয়া নামঘৰ – শিৱমন্দিৰৰ চৌহদত স্হানীয় বিধায়ক তথা গুৱাহাটী উন্নয়নমন্ত্ৰী ভট্টাচাৰ্যই মন্দিৰ পৰিচালনা সমিতিৰ লগত বৈঠকত মিলিত হয় ৷ মন্দিৰ পৰিচালনা সমিতিয়ে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে ৷ এই ক্ষেত্ৰত মন্ত্ৰী ভট্টাচাৰ্যই অতিশীঘ্ৰেই সমেস্যা সমুহৰ সমধান কৰাৰ আস্বাস প্ৰদান কৰে ৷ উল্লেখ্য যে মতবিনিময় অনুষ্ঠানত ৰাজ্যচৰকাৰ অতিৰিক্ত মুখ্য সচিব মুনিন্দ্ৰৰ সিং, অ এছ দি নাৰায়ন আগৰৱাল, মন্দিৰ পৰিচালনা সমিতিৰ পৰেশ মহন্ত, ফটিক শৰ্মা,দুৰ্গা ডেকা, কমল চৌধুৰী, মনোজ ডেকা, জয়ন্ত শৰ্মাৰ লগতে ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷
বৰ্তমান সময়ত জম্মুত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। নাগৰোটাৰ ৱান টোপ প্লাজাত এখন ট্ৰাকত আত্মগোপণ কৰি আছিল সন্ত্ৰাসবাদীয়ে। সেই ঠাইতে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। ঘটনাটোত এজন জোৱানো গুৰুতৰ ভাবে আহত হৈছে। ঘটনাৰ পিছতে হাইৱে’ টোল প্লাজাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।
নাগৰোটা এনকাউণ্টাৰকলৈ গৃহমন্ত্ৰীৰ মন্তব্য,
“এন এছ এ, বিদেশ সচিব লগতে ইণ্টেলিজেন্স ব্যুৰ’ৰ শীৰ্ষ বিষয়াৰ সৈতে শুকুৰবাৰে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খবৰ অনুসৰি, ২৬/১১ ঘটনাৰ ১২তম বৰ্ষপূৰ্তিত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদীয়ে। ফলস্বৰূপে এতিয়া অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। বৃহস্পতিবাৰে নিশা সন্ত্ৰাসবাদীয়ে আত্মগোপণ কৰি থকাৰ খবৰ লাভ কৰি অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে। আনকি ঠায়ে ঠায়ে তালাচী চলোৱা হৈছিল। সেই সময়তে নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰে লুকাই থকা সন্ত্ৰাসবাদীৰ দলে। ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ। জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ দলটোৱে জম্মুৰ পৰা কাশ্মীৰলৈ যোৱাৰ যো-জা চলাইছিল। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িক ভাবে বন্ধ কৰি দিয়া হৈছে। সন্ত্ৰাসবাদীৰ দলটোৰ পৰা বিস্ফোৰক আৰু মাৰাণস্ত্ৰ জব্দ কৰা হৈছে।
ডবকা, ২০ নৱেম্বৰঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ডবকা প্ৰেছ দিৱস উদযাপন সমিতিয়ে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মদাৰতলি এইছ আৰ গ্ল’ৱেল ছিনিয়ৰ চেকেণ্ডেৰী স্কুলত আজি এখন মুকলি সভা অনুষ্ঠিক কৰে ৷ ডবকা প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল হান্নানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নীলবাগান মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ আনোৱাৰ হুছেইন চৌধুৰী , বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা সমাজসেৱক মনোৱাৰ হুছেই(বকুল) , হাম হস্পিতালৰ প্ৰশাসনিক বিষয়া ওৱাহিদ তালুকদাৰ ওৰফে মানিক, চাংমাজি গাওঁপঞ্চায়তৰ সভানেত্ৰী মিনাক্ষী বাগলাৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ সাধাৰন সম্পাদক জাইদুল লস্কৰ, বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতি ফৰিদ উদ্দিন,NSUI ৰ হোজাই জিলা সভাপতি মহবুব আলম বৰভুঞা ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সাংবাদিক বাবুল তালুকদাৰে বৰ্তমান সময়ত সাংবাদিক সকলে ভূগী অহা সমস্যাৰাজিৰ বিষয়ে আলোচনা আলোকপাত কৰে ৷ তাৰো পৰি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই নিৰ্দ্ধাৰন কৰি দিয়া ” কৰুনা কালত সাংবাদিকৰ ভূমিকা” সন্ধৰ্ভত আলোচনা কৰিবলৈ সকলোকে আহবান জনায় ৷ সভাত আমন্ত্ৰিত অতিথি সকলে কৰুনা কালত সাংবাদিক সকলে কিদৰে যুদ্ধংদেহী মনোভানেৰে কাম কৰি গৈছে সেই বিষয়ে বিষদভাবে ভাষন প্ৰদান কৰে ৷ সভাত ডবকাৰ জেষ্ঠ সাংবাদিক আব্দুল হাকিমে বৰ্তমান সময়ত সাংবাদিক সকলে নিজৰ কৰ্তব্য পালনৰ সময়ত কিদৰে চৰকাৰী পক্ষই হওঁক বা দালাল শ্ৰেণীৰ নিৰ্য্যাতনৰ বলি হব লগা হল তাৰ বিষয়ে বিশধ ভাবে বক্তব্য দাঙি ধৰে৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো সাংবাদিক সকলে নিজৰ নিৰাপত্তা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল তাৰ বিষয়েওঁ বিশধ ভাবে আলোচনা কৰা হয় ৷ শ্বহীদ সাংবাদিক সকলৰ তালিকাওঁ ক্ৰমাম্বয়ে দীঘলীয়া হবলৈ ধৰিছে ৷ এইটো সমাজৰ বাবে এক অশুভ লক্ষন বুলি সাংবাদিক সকলে অবিহত কৰে ৷ সভাত সকলোৱে বৰ্তমান সময়ত সাংবাদিক সকলৰ নিৰপত্তা বিচাৰি চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে ৷ সভাৰ আৰম্ভনিতে শ্বহীদ সাংবাদিক সকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ সভাত কৰুনা কালত একনিষ্ঠ ভাৱে ৰাইজৰ সেৱা আগবঢ়োৱা ডাঃ আনোৱাৰ হুছেইন চৌধুৰী, হাম হস্পিতালৰ প্ৰশাসনিক বিষয়া ওৱাহিদ তালুকদাৰ, কে,আৰ,চি, ফাউণ্ডেচন, আশাকৰ্মী চুপাৰভাইজাৰ মিনাৰা বেগম, শাৰিৰীক প্ৰবন্ধকতাকো নেওঁচি লক-ডাউনৰ সময়ত দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰন কৰা প্ৰতিবন্ধী যুৱক অমৰ দেৱনাথ , মৰণোত্তৰভাবে সৰবৰহী যুৱক তথা প্ৰতিস্থিত ঔষধ বিক্ৰেতা প্ৰয়া আজাদ হুছেইন আৰু ডবকা সমবায় সমিতিৰ প্ৰাক্তন সম্পাদক প্ৰয়াত নজিৰ আহমেদ লস্কৰ কভিড’ যোদ্ধা হিচাপে সম্বাৰ্ধনা জনোৱা হয় ৷ লগতে হোজাই জিলাৰ বিভিন্ন সমস্যা ৰাজিৰ ওপৰত প্ৰতিতো পলতে মাত মাতি অহা ছাত্ৰ সংগঠন , আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোৱাৰ হুছেইন লস্কৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰন সম্পাদক জাইদুল লস্কৰক সম্বৰ্ধনা জনোৱা হয় ৷ লগতো ডবকা ,মোৰাঝাৰ অঞ্চলৰ তিনি উদীয়মান যুৱ সাংবাদিক ক্ৰমে জেনিভ জেৰি, এবাদুৰ ৰহমান আৰু হাচনুল ইছলামকো সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ সমান্তৰালকৈ বৃহত্তৰ ডবকা অঞ্চলৰ ২০ গৰাকীকৈ লোকক সাংবাদিক সকলৰ ফালৰ পৰা কম্বল বিতৰন কৰা হয় ৷ উল্লেখ্য যে যোৱা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা ডবকা প্ৰেছ দিৱস উদযাপন সমিতিয়ে উক্ত দিনা কেইটিমান কাৰ্য্যসূচী ৰূপায়িত৷কৰি হোজাই জিলা প্ৰশাসনে লামডিংত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অংশগ্ৰহন কৰিব লগা হোৱাৰ বাবে মুকলি সভাখন অনুষ্টিত কৰিব পৰা হোৱা নাছিল ৷ সেয়েহে প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি এই মুকলি সভাখন অনুষ্ঠিত কৰা হয় ৷


গুৱাহাটী, ২০ নৱেম্বৰ : গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিবলৈ দাবী জনাইছে কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰামে। ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ দাযিত্বত থকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীক ফৰামৰ প্ৰতিনিধি দল এটাই শুকুৰবাৰে সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে। ফৰামে আয়ুক্ত সচিব গৰাকীক এই সন্দৰ্ভত এখন পত্ৰও প্ৰদান কৰে । ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই পত্ৰখনত উল্লেখ কৰে যে বৰ্তমানৰ কোভিড জনীত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা, আইচিএমআৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিন যুক্ত গুটকা, পান মছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰিব লাগে । নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট , গুৱাহাটীৰ পৰিচালন সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই ফৰামৰ এই দাবীৰ সমৰ্থনত কয় – সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰতি বছৰে ৩৯ হেজাৰ লোক কৰ্কট ৰোগৰ নতুনকৈ আক্ৰান্ত হয়। ইয়াৰে কেৱল অসমতে ২৯ হেজাৰ লোক প্ৰতি বছৰে নতুনকৈ কৰ্কট ৰোগৰ আক্রান্ত হয়। ধঁপাতৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলতে অসম কৰ্কট ৰোগৰ অভিকেন্দ্ৰ হৈ পৰিছে। সমগ্র দেশত গঢ় হিচাপে ২৮.৬% লোকে ধঁপাত সেৱন কৰাৰ বিপৰীতে অসমত ধঁপাত সেৱন কৰা লোকৰ গড় পৰিমাণ ৪৮.২% । সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত ধঁপাত সেৱনকাৰীৰ সংখ্যা দুগুণ। ৰাজ্যৰ ৪১.৭% লোকে ধোঁৱাবিহীন ধঁপাত সেবন কৰাৰ বিপৰীতে ১৩.৩% লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে । অসমত ধোঁৱাবিহীন ধঁপাত সেৱনকাৰীৰ সংখ্যা ধোঁৱাযুক্ত ধঁপাত সেৱনকাৰীৰ সংখ্যাতকৈ তিনিগুন অধিক । ভাৰতত প্রায় ৮-৯ লাখ লোক ধঁপাত সেৱণৰ ফলত প্ৰতিবছৰে মৃত্যু মুখত পৰে । সমগ্ৰ বিশ্বত প্ৰতিবছৰে ৮০ লাখত কৈ অধিক লোকৰ মৃত্যু ধঁপাত সেৱনৰ ফলত হয়। ৰাজ্যত ধঁপাত আৰু নিকোটিন যুক্ত গুটকা আৰু পানমছলাৰ ওপৰত নিষেধাজ্ঞা ম্যাদ পুনৰ এবছৰ বৃদ্ধিৰ সপক্ষে দৃঢ় মত প্ৰকাশ কৰি ডনবস্ক ইনষ্টিটিউট , যোৰহাটৰ ছাত্ৰী দৰ্শনা শইকীয়া আৰু বৰ্ষা গগৈয়ে কয় – গ্লোবেল এডাল্ট টবেক’ সাৰ্ভে (গেট) ৰ তথ্য অনুসৰি অসমৰ ২৫.৩% পুৰুষ আৰু ০.৮% মহিলাই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। আনহাতে ৫০.৫% পুৰুষ আৰু ৩২.৫% মহিলাই ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। গেট-১ ৰ সমীক্ষা অনুসৰি ৰাজ্যত ৩৯.৩% লোকে ধঁপাত সেৱন কৰিছিল যদিও গেট-২ ৰ সমীক্ষাৰ মতে অসমত ধঁপাত সেৱণকাৰীৰ সংখ্যা ৯% বৃদ্ধি পাই ৪৮.২% হয় । আনকি অসমত কম বয়সত প্ৰথম বাৰৰ কাৰণে ধঁপাত সেৱন কৰা যুৱ প্ৰজন্মৰ পৰিমান পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ।
নলবাৰী, ২০ নৱেম্বৰ: হিন্দী বোলছবিৰ কায়দাৰে নলবাৰী জিলাত সংঘটিত হল বেংক ডকাইতি । এখন হাতত পিস্তল এখন হাতত টকাৰ বেগলৈ পলাল ডকাইতৰ দল । ঘটনা অনুসৰি নলবাৰী জিলাৰ অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত আজি দিন-দুপৰতে এটা চাৰিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই বেংকৰ পৰা নিলে প্ৰায় ৬০ লাখ টকা লুটি নিয়ে । ডকাইতি কাণ্ড সংঘটিত কৰি চাৰিজনীয়া ডকাইতৰ দলটোৱে যোৱাৰ সময়ত বাহিৰত তিনিজাইকৈ গুলী ফুটাই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি ডকাইতৰ গুলীত এজন লোক আহত হয় ৷ আহত ব্যক্তি গৰাকী অময়াপুৰৰ এলেঙ্গী দলৰ নয়ন দাস বুলি জানিব পৰা গৈছে ৷ পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষী অধিক্ষক অমনজিৎ ক’ৰ সহ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । বাতৰি লিখা সময়লৈকৈ বৰ্তমানলৈ কোনো এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰীৰ আৰক্ষী ৷ আনহাতে বেংকৰ ভিতৰত এটা সক্ৰিয় নাইন এম এমৰ গুলী উদ্ধাৰ কৰা হয় ৷


নগাঁও, ২০নৱেম্বৰ: লকডাউন আৰু ক’ৰোণাৰ আতংকৰ মাজতে এন এইচ পি চিয়ে প্ৰায় সম্পূৰ্ণ কৰিছে বৃহৎ নদীবান্ধ নিৰ্মানৰ কাম। গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি-সোৱণশিৰি বৃহৎ নদীবান্ধৰ সামগ্ৰী মজুতৰ বাবে এন এইচ পি চিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ পৰা ভাড়াত লৈছিল নগাঁৱৰ শেণছোৱা জংছনৰ কাষতে বৃহৎ ভূমি। এন এইচ পি চিয়ে শেণছোৱাত মজুত কৰিছিল বহু টাৰ্বাইন তথা নদীবান্ধৰ নিৰ্মানৰ বাবে বহু সা-সৰঞ্জাম। শেহতীয়াকৈ এন এইচ পি চিয়ে গুদামৰ পৰা সামগ্ৰী কোনো কাৰণতে সৰবৰাহ কৰিবলৈ দিয়া ন’হব বুলি হুংকাৰ দিছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সংগঠন কেইটিয়ে এন এইচ পি চিয়ে গুদামৰ সন্মুখত গ্ৰহণ কৰিছিল কেইবালানিও প্ৰতিবাদী কাৰ্যসূচী। অৱৰোধ কৰিছিল সামগ্ৰী সৰবৰাহৰ কৰা বাহনো। পিছে অতি গোপনে এন এইচ পি চিয়েসম্পূৰ্ণ কৰিলে নদী-বান্ধৰ সামগ্ৰী সৰবৰাহৰ কাৰ্য। বৰ্তমান সম্পূৰ্ণ ৰূপে খালী হ’ল শেণছোৱাস্থিত এন এইচ পি চিৰ গুদাম। খালী হৈ পৰিছে বৃহৎ বৃহৎ টাৰ্বাইন থকা এন এইচ পি চিৰ পথাৰ। কাৰণ ইতিমধ্যে সকলো টাৰ্বাইন সৰবৰাহ কৰা হৈছে গেৰুকামুখলৈ। আনকি শেণছোৱাৰ মাটিও ৰেলৱেক পুনৰ চমজাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে। অতি শীঘ্ৰেই এন এইচ পি চিয়ে ৰেলৱেক চমজাই দিব এই ভূমি। লগতে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে গুদামৰ নিৰাপত্তাত নিয়োজিত বহু নিৰাপত্তাৰক্ষীক। সেয়ে অতি শীঘ্ৰেই যে গেৰুকামুখৰ নদী বান্ধৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ উঠিব সেয়া নিশ্চিত। কাৰণ লকডাউন আৰু ক’ৰোণাৰ বাবে থকা চৰকাৰী শিথিলতাৰ পূৰ্ণ সুযোগ লৈ নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে সম্পূৰ্ণ কৰিছে সামগ্ৰী সৰবৰাহৰ কাম।
উজনি-মাজুলী, ২০ নৱেম্বৰঃ বুধবাৰে মাজুলী জিলা টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে আৰু এম-এ-চি ৰ সহযোগত ৰঙাচাহী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ত JEE( mains& advance 20 আৰু NEET UG (MBBS) স্থান লাভ কৰা মাজুলীৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন পত্ৰ, মিচিং মাৰ্ফলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটি আঁত ধৰে মাজুলী জিলা শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগনে। উক্ত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত বিক্ৰম কৈৰী , মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া , ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গামে শিক্ষাময় জীৱনৰ পৰামৰ্শ আগবঢ়াই । সভাত উপস্থিত থাকে টি-এম-পি-কে ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰামগোবিন দলে, শিক্ষা সম্পাদক ৰিদিপ জেক দলে, কেন্দ্ৰীয় এম-এম-কে ৰ সম্পাদক প্ৰেমধৰ দলে,মাজুলী জিলা টি-এম-পি-কে ৰ সভাপতি ৰাজু চিন্তে, এম-এম-কে ৰ সভাপতি ৰাজীৱ পেগু, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা ,এম-এ-চি ৰ জি-এম ত্ৰৈলোক্য পামেগাম, নীল দলে, উমা পাঠৰী, আদি সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাত জিলা উপায়ুক্তই মাজুলীত স্থায়ীভাৱে APSC/UPSC ক’ৰ্চিংৰ ব্যৱস্থা কৰিৱ বুলি আশ্বাস প্ৰদান কৰে। এম-এ-চি ৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰী সকলকৰ আৰ্থিক অনুদান আগবঢ়া বুলি এম-এ-চি ৰ প্ৰতিনিধি তিনিও গৰাকীয়ে ঘোষণা কৰে। শেষত মাজুলী জিলা টি-এম-পি-কে ৰ শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগনে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কয় – জ্ঞানৰ সাধনাই হ’ল জীৱনৰ সাধনা ; মহৎ সাধনা। সাধনাই প্ৰতিজন মানুহক কৰি তোলে সুন্দৰ আৰু মহান। মাজুলী জিলাৰ মিচিং জাতীয় সংগঠন টি-এম-পি-কে ৰ উদ্যোগত এম-এম-কে আৰু টি-এম-এম-কে আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সহযোগত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি বিৰল কৃতিত্ব অর্জন কৰা 2020 বৰ্ষৰ JEE ( Advance 20)/ NEET UG( MBBS) প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকলক কৃতজ্ঞতা জনাই। লগতে কেন্দ্ৰীয়, জিলা সতীৰ্থ বিষয়ববীয়া আৰু স্থানীয় কাৰ্কিচুক,কলিয়া, ৰঙাচাহী, ঠাকুৰসুঁতি আঞ্চলিক টি-এম-পি-কে, এম-এম-কে আৰু টি-এম-এম-কে ৰ বিষয়-ববীয়াৰ বহুমূলীয়া সময়ৰে সহায় সহযোগিতাই অভিনন্দন অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ বাবে কেন্দ্ৰীয় জিলা-আঞ্চলিক সমূহ বিষয় ববীয়ালৈ বৈপ্লৱিক অভিনন্দন ও আন্তৰিকতাৰে বিভাগীয় সম্পাদকৰ ফালৰ পৰা শলাগৰ শৰাই আগবঢ়াই।
উজনি-মাজুলী ,১৯ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ভ্ৰাতৃৃ সংগঠন জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ নিৰ্দেশনা মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলা সমিতিয়ে ১৩ নবেম্বৰত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষত জিলা খনত দুটাকৈ কাৰ্যসূচীৰ ৰূপায়ন সফল ভাৱে সম্পন্ন কৰে। প্ৰথম কাৰ্যসূচীত অসমৰ সাতামপুৰুসীয়া ঐতিহ্যৰ ধ্বজা বাহী শৈল্পীক নিদৰ্শণ তথা মাজুলী অন্যতম চহকী পৰম্পৰা বৰ্তাই ৰখা বৃহত্তৰ শালমৰা মৌজাৰ উজনি শালমৰা চুপহা নামঘৰত মাজুলী জিলা যুৱ মৰ্চাৰ সভাপতি ঋতুপৰ্ণ শৰ্মা উপস্থিত হৈ স্থানীয় বুথ সমিতিৰ সভাপতি তথা দলৰ জেষ্ঠ কৰ্মী মানিক কলিতাৰ সভাপতিত্বত স্থানীয় পাচঁ গৰাকী জেষ্ঠ মৃৎ শিল্পীক সম্বৰ্ধনা জনায়। লগতে পৰম্পৰা গত শিল্পৰ প্ৰচাৰ-প্ৰসাৰ তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰে গ্ৰহণ কৰা মৃৎ শিল্পৰ উত্তৰণৰ ওপৰত আলোকপাত কৰাৰ পাছত মাজুলীৰ এই মৃৎ শিল্পৰ লগত জড়িত প্ৰতিটো পৰিয়ালে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আত্ম নিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম শ্লোগানৰ ফলসমূহ সচাঁ অৰ্থত এই শিল্পী সকলৰ যোগেদিয়েই প্ৰকাশিত হোৱাত সচেতন ৰাইজে বিশেষ সন্তোষ্টি ব্যক্ত কৰিছে। চীনা সামগ্ৰী বৰ্জন আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ, প্ৰদুষণ মুক্ত অসম গঢ়াৰ যি সংকল্প মুখ্যমন্ত্ৰী গৰাকীৰ এই বাণীকে সৰোগত কৰি জিলা যুৱ মৰ্চাই আগন্তুক দীপাৱলী সমূহতো ৰাইজৰ মাজত বিশেষ সজাগতা আৰু সচেতনতাক অধিক গুৰুত্ব আৰোপ কৰি কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি যাব বুলি সাংবাদিকৰ আগত যুৱ মৰ্চাৰ মাজুলী মেডিয়া তত্ত্বাৱধায়ক দুষ্মন্ত ৰেগনে জানিবলৈ দিয়ে ।