Home Blog Page 3228

চীনা এপৰ পাছত ৰঙীন টিভি আমদানিত নিষেধাজ্ঞা ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ বিৰুদ্ধে পুনৰ পদক্ষেপ ল’লে ভাৰতে৷ ইয়াৰ আগতে ভাৰতে চীনৰ এপ নিষিদ্ধ কৰিছিল৷ এইবাৰ চীনৰ ৰঙীন টেলিভিছন আমদানিৰ ওপৰত বিধিনিষেধ আৰোপ কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে চীনৰ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷ তদুপৰি বিদেশী পণ্য আমদানি কমাই ভাৰতীয় পণ্যৰ উৎপাদন আৰু চাহিদা বাঢ়িব৷ তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বপ্ন আত্মনির্ভৰ ভাৰত হোৱাত সফল হ’ব৷ ডিৰেক্টৰ জেনেৰেল অব ফৰেইন ট্ৰেড (ডিজিএফটি)ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে ৰঙীন টিভি আমদানি নীতি সংশোধন কৰা হৈছে৷ আগতে টেলিভিছন আমদানিৰ বাবে কোনো লাইচেন্সৰ প্ৰয়োজন নাছিল৷ এইবাৰ ডিজিএফটিৰ পৰা এই বিষয়ত অনুমতি ল’ব লাগিব৷ অৱশ্যে কিহৰ ভিত্তিত অনুমতি দিয়া হ’ব সেয়া স্পষ্ট নহয়৷ ৩৬ ইঞ্চিৰ পৰা ১০৫ ইঞ্চি স্ক্ৰীণৰ ৰঙীন টিভিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা  জাৰি কৰা হৈছে৷ এই বিধিনিষেধৰ আওতাত আছে ৬৩ চেণ্টিমিটাৰৰ তলৰ এলচিডি টিভিও৷ উল্লেখ্য যে ভাৰতে সকলোতকৈ বেছি ৰঙীন টিভি চীনৰ পৰা আমদানি কৰে৷ ২০১৯-২০ বিত্তীয় বছৰত ৭৮১ মিলিয়ন ডলাৰৰ ৰঙীন টিভি ভাৰতে আমদানি কৰিছিল৷ চীনৰ পৰা ২৯৩ মিলিয়ন ডলাৰৰ ৰঙীন টিভি আমদানি কৰিছিল ৷

আইপিএল : আমিৰশ্বাহিত ক্ৰিকেটাৰে মানিব লগা নিয়ম প্ৰকাশ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত সিদ্ধান্ত দিবলৈ বাকী যদিও আসন্ন আইপিএলৰ বাবে সকলো কথাই হৈ গৈছে৷ সংযুক্ত আৰৱ আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই মেগা টুৰ্ণামেণ্ট৷ ফাইনেল খেলখন ৮ বা ১০ ছেপ্টেম্বৰত হ’ব৷ দেওবাৰে আইপিএলৰ গভৰ্ণিং কাউন্সিলৰ সভাত সূচীসহ বাকী বিষয় চূড়ান্ত হোৱাৰ কথা৷ আইপিএলৰ সভাপতি ব্ৰিজেছ পেটেলে জনোৱা মতে এই মেগা টুৰ্ণামেণ্ট ডুবাই, শ্বাৰজাহ আৰু আবুধাবিত অনুষ্ঠিত হ’ব৷ ৮টা ফ্ৰেঞ্চাইজিৰ লগত শনিবাৰে সভা হোৱাৰ পাছত কেতবোৰ কথা পৰিষ্কাৰ হ’ব৷ ইয়াত সবাতোকৈ ডাঙৰ বিষয় হ’ল ক্ৰিকেটাৰসকলৰ স্বাস্থ্য৷ যাৱতীয় স্বাস্থ্য বিধি মানিয়ে আইপিএল আয়োজন কৰা হ’ব৷ জানিব পৰা মতে আঠটা ফ্ৰেঞ্চাইজিয়ে আমিৰশ্বাহিত যাৱতীয় সুৰক্ষা খুঁটিনাটি মাৰি চাব৷ ক্ৰিকেটাৰসকলৰ নিৰাপত্তাৰ বাবে কেতবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰ ভিতৰত আছে কোৱাৰেণ্টাইন বিধি৷ ডুবাইৰ বৰ্তমান স্বাস্থ্যবিধি মতে ক’ভিড নিগেটিভ ৰিপৰ্ট দেখুৱাব পাৰিলে কোৱাৰেণ্টাইনত থকাৰ প্ৰয়োজন নাই৷ কিন্তু ৰিপৰ্ট নাথাকিলে পৰীক্ষা হ’ব৷ আনহাতে ক্ৰিকেটাৰসকলে দেশ এৰাৰ আগতে দুবাৰ ক’ৰোনা পৰীক্ষা হ’ব৷ ডুবাই পোৱাৰ পাছত আকৌ দুবাৰ পৰীক্ষা হ’ব৷ ক্ৰিকেটাৰৰ উপৰি ছাপৰ্ট ষ্টাফ আৰু আনসকলৰ ৰিপৰ্ট বাধ্যতামূলক৷ তদুপৰি প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ ক্ৰিকেটাৰৰ বাবে জৈৱ সুৰক্ষা বলয় তৈয়াৰ কৰিব লাগিব৷ সীমিত সংখ্যক ব্যক্তিৰ বাদে আন কাৰো লগত দেখা বা কথা পতা নিষিদ্ধ৷ ইয়াৰ উপৰি যিসকলে আইপিএল খেলিবলৈ আমিৰশ্বাহি যাব, তেওঁলোকে প্ৰত্যেকে ডিএক্সবি এপ ডাউনলড কৰি ল’ব লাগিব৷ ই এটা আৰোগ্য সেতু এপৰ দৰে৷ ইয়াত সামাজিক দূৰত্ব বিধিৰ উপৰি যাৱতীয় নিয়ম দেখুওৱা থাকিব৷ ফ্ৰেঞ্চাইজিবোৰে নিজেই হোটেলৰ ব্যৱস্থা কৰিব লাগিব৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ক্ষেত্ৰত ফ্ৰেঞ্চাইজিবোৰক সহায় কৰিব৷ তদুপৰি ড্ৰেচিং ৰোমত একেলগে ১৫ জনৰ বেছি ক্ৰিকেটাৰ থাকিব নোৱাৰিব৷

লকডাউন : মদ নাপাই ছেনিটাইজাৰ পান কৰি মৃত্যু ৯

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউনৰ বাবে মদৰ দোকান বন্ধ৷ সেয়ে মদ্যপান কৰিবলৈ নাপায় এলকহলযুক্ত ছেনিটাইজাৰ পান কৰে৷ ফলত মৃত্যুৰ মুখত পৰে ৯জনকৈ লোক৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ বাবে অন্ধ্ৰপ্ৰদেশত যোৱা ১৮ জুলাইৰ পৰা লকডাউন ১৪ দিনৰ বাবে বঢ়াই দিয়া হয়৷ তাৰ মাজতে ৰাজ্যখনৰ কুৰিছেদু এলেকাত এই ঘটনাটো সংঘটিত হয়৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে লকডাউনৰ বাবে কুৰিছেদু আৰু কাষৰীয়া এলেকাৰ সকলো দোকান বন্ধ আছিল৷ বন্ধ আছিল মদৰ দোকান৷ সেয়ে সেই ৯ জন লোকে ছেনিটাইজাৰকে পান কৰে৷ এই নিহত লোককেইজনৰ মাজত আছে ২৫ বছৰীয়া শ্ৰীনু, ৩৭ বছৰীয়া বি তিৰুপাতাইয়া, ৬০ বছৰীয়া জি ৰামিৰেড্ডী, ২৯ বছৰীয়া কে ৰামনাইয়া, ৬৫ বছৰীয়া ৰামনাইয়া, ৬৫ বছৰীয়া ৰাজিৰেড্ডী, ৪০ বছৰীয়া বাবু, ৪৫ বছৰীয়া চাৰ্লচ আৰু ৪৭ বছৰীয়া অগাষ্টাইন৷ মৃত্যু হোৱা সকলৰ ভিতৰত তিনিজন পেশাত ভিক্ষাৰী বুলি জানিব পৰা গৈছে৷ মৃত্যুৰ হোৱা লোককেইজনৰ হাতত ছেনিটাইজাৰ আছিল বুলি প্ৰকাশ ৷ 

সোণতলীৰ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ ঈদৰ সামগ্ৰী বিতৰণ

সোণতলী : সমগ্ৰ বিশ্বৰ লগতে অসমতো ১ আগষ্টত উদযাপন হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা৷ কৰোনা আতংকৰ মাজতে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ৰাজ্যবাসীয়ে ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পন্ন কৰা দেখা গৈছে৷ উল্লেখ্য যে, ৰাজ্যত ইতিমধ্য তিনিবাৰকৈ হৈ যোৱা বানপানীয়ে দক্ষিণ কামৰূপৰ সোণতলীৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্তিতিৰ সৃষ্টি হৈছে৷ বান আৰু খহনীয়াই আপোন ঘৰখন হেৰুৱাই মথাউৰি অথবা পথৰ দাঁতিত ভোকে লগোণে দিন পাৰ কৰিবলগীয়া হৈছে সোণতলীৰ নৈপৰীয়া ৰাইজে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ চাপি অহাৰ লগে লগে খহনীয়াগ্ৰস্থ দুখীয়া পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইয়াৰ মাজতে সোণতলী অঞ্চলৰ স্বেচ্চাসেৱী সংগঠন বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা  পৰিলক্ষিত হৈছে ৷ বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ উদ্যোগত এটি সজাতি দলে বানে ঘৰ-বাৰী উটুৱাই নিয়া দুখীয়া পৰিয়ালৰ মাজত ঈদৰ সামগ্ৰী বিতৰণ কৰে৷ ক্লাৱৰ সভাপতি জাহিদুল ইছলামৰ নেতৃত্বত প্ৰায় ৩৫ ঘৰ পৰিয়ালৰ মাজত চেনি, সেৱাই, গাখীৰ, কিচমিচ, বাদাম, মিঠাতেল, চাবোন আদি বিতৰণ কৰে৷ স্মৰ্তব্য যে, বৰঘোল আঞ্চলিক বাগান বজাৰ ক্লাৱৰ বিষয়-ববীয়াসকলে  চৰকাৰী নিৰ্দেশনা অনুযায়ী পৱিত্ৰ ঈদৰ নামাজ ঘৰতে আদায় কৰিবলৈ আহ্বান জনাইছে৷ ক্লাৱখনৰ এনে মহানুভৱতাক স্থানীয় সচেতন মহেল ভূয়সী প্ৰশংসা কৰে ৷

আগষ্ট মাহত ছবিগৃহ খোলাৰ পৰিকল্পনা লগতে বলিউড ছবিৰ চিত্ৰগ্ৰহণ

ভিকি শৰ্মা

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ভয়ংকৰ ত্ৰাসৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰ জীৱন জীৱিকা। সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দৰে বলিউড উদ্যোগটিয়েও চৰকাৰে বান্ধি দিয়া ল’কডাউন তিনি মাহ ধৰি ঘৰতেই আৱদ্ধ হৈ থকাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল। কিন্তু ক্ৰমান্বয়ে যেন বলিউড উদ্যোগটিৰ ক্ষেত্ৰত কিছু শিথিলতা আহি পৰিছে যাৰ বাবে বিভিন্ন ছবিৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা এক পৰিকল্পনা হাতত লৈছে নিৰ্মাতা সকলে। যদিওবা তেওঁলোকে ছবিসমূহ চিত্ৰগ্ৰহণ কৰিব পাৰিব তথাপি মানি চলিব লাগিব ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ নিয়মাৱলী, যি নিয়মাৱলী তৈয়াৰ কৰিছে উদ্যোগটিক পুনৰ সজীৱ কৰাৰ ক্ষেত্ৰত FCWI আৰু উদ্যোগটিৰ সৈতে জড়িত প্ৰতিনিধি সকলে। উদাহৰণ স্বৰূপে ৬৫ বছৰৰ ঊৰ্দ্ধৰ যি সকল অভিনয় শিল্পী তেওঁলোকক চিত্ৰগ্ৰহণ স্থলীলৈ অহা নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে চুম্বন বা অতিৰঞ্জিত ৰোমাঞ্চিত দৃশ্য সমূহ আঁতৰাবলৈও নিৰ্দ্দেশ জাৰি কৰিছে সামাজিক ব্যৱধান মানি চলি। তাৰোপৰি সকলো অভিনয় শিল্পীয়ে স্বগৃহতে ৰূপ-সজ্জাৰ সকলো যাৱতীয় কাম-কাজ কৰি আহিব লাগিব দৃশ্যগ্ৰহণ স্থলীলৈ। সকলো ছবিৰে নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ সময়ত কৰ্মৰত সদস্য সমূহক ১২ ঘন্টাৰ ভিতৰত চাৰিখনকৈ মাস্ক প্ৰদান কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে। প্ৰতিটো দৃশ্যগ্ৰহণ স্থানত উপলদ্ধ থাকিব লাগিব এম্বুলেন্স, চিকিৎসক আৰু নাৰ্ছ। ইতিমধ্যে এই সকলো ১৬ পৃষ্ঠা যোৰা নিয়মাৱলী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে FCWI য়ে আৰু সেই অনুপাতে এই মাহৰ শেষৰ পিনে এই সকলোবোৰ নিয়ম পালন কৰি শিল্পীসকলে চিত্ৰগ্ৰহণ কৰাৰ এক সম্ভৱনা প্ৰকট হোৱা দেখা গৈছে। ইতিমধ্যে অভিনেতা অনিল কাপুৰে তেওঁৰ আহিবলগীয়া ছবিৰ বাবে ফটোশ্বুট কৰাৰ কথাও পোহৰলৈ আহিছে। এইপিনে সদা ব্যস্ত অভিনেতা খিলাড়ী কুমাৰ অৰ্থ্যাৎ অক্ষয় কুমাৰে তেওঁৰ আহিবলগীয়া ছবি বেল বুট’মৰ দৃশ্যগ্ৰহণৰ কামত চলিত মাহৰ শেষ ভাগত ব্যস্ত হ’ব বুলি সদৰী কৰিছে। জানিবলৈ পোৱা মতে অক্ষয় কুমাৰ আৰু তেওঁৰ দলটিয়ে অহা সপ্তাহত স্কটলেণ্ডলৈ ৰাওনা হ’ব তেওঁৰ ব্যক্তিগত জেটেৰে যিহেতু আন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছে। যেনেকৈ নহওঁক কিয় অক্ষয় কুমাৰে নিজৰ অনুৰাগীসকলক মনোৰঞ্জন প্ৰদানৰ হেতু চেষ্টা অব্যাহত ৰাখিছে সংকটময় পৰিস্থিতিৰ মাজতো। ছবিখনৰ পৰিচালক ৰঞ্জিত এম তিৱাৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে সকলো ধৰণৰ সাৱধনতা অৱলম্বন কৰিয়ে ছবিৰ চিত্ৰগ্ৰহণৰ কাম কৰা হ’ব। বেল বুট’মৰ উপৰিও অক্ষয় কুমাৰ অভিনীত তথা ৰোহিত চেট্টী পৰিচালিত সৌৰবংশী দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুক্তিৰ দিন পিছুৱাই এই বৰ্ষৰ দীপাৱলীত চিত্ৰগৃহলৈ অহাৰ এক সিদ্ধান্ত হাতত লৈছে। লগতে প্ৰতিখন ৰাজ্যৰ ছবিগৃহ সমূহ ৪-৫ মাহ ধৰি বন্ধ হৈ থকাৰ ফলশ্ৰুতিতে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে চলচ্চিত্ৰ উদ্যোগটি। যাৰ বাবে উদ্যোগটিৰ লগতে ছবিগৃহত কৰ্মৰত কৰ্মীসকলৰ জীৱনলৈ দুৰ্বিহ নামি পৰিছে। কাৰণ এইদৰে থাকিলে ছবি উদ্যোগটি বহুখিনি পিছুৱাই যাব। এই কথাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন নিয়মাৱলীৰ মাজেৰে অহা আগষ্ট মাহত পুনৰ ছবিগৃহ সমূহ খোলাৰ এক পৰিকল্পনা হাতত লৈছে। আই.বিৰ সম্পাদক অমিত খাৰে জনাইছে যে গৃহ মন্ত্ৰালয়ৰ সম্পাদক অজয় ভাল্লাই ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ কৰিব অচিৰেই। সামাজিক ব্যৱধান মানি চলি চিনেমা হ’ল সমূহ আগষ্ট মাহৰ ভিতৰত খোলাৰ সম্ভাৱনা অধিক।

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতাৰ মৃত্যু, তিনিদিনীয়া শোক পালন

তিনিচুকীয়া : ৰে’ল শ্ৰমিকসকলৰ দুৰন্ত তথা আপোচহীন নেতা ৰূপে পৰিচিত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহ:সাধাৰণ সম্পাদক ভজন চন্দ্ৰ দে ৬৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। আজি পুৱতি নিশা ৩-২০ বজাত বদৰপুৰৰ ৰে’লৱে চিকিৎসালয়ত মৃত্যুবৰণ কৰা শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তিনিচুকীয়া ডিভিজনৰ লগতে সমগ্ৰ এন এফ ৰে’লৱে অন্তৰ্গত ৰে’ল শ্ৰমিক সকলৰ মাজত শোকৰ বন্যা বৈছে। শ্ৰমিক নেতাজনৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰি এক প্ৰেছ বাৰ্তাত কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে কয় যে, ২০১২ চনত ৰে’লৱে চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰা ৰে’ল শ্ৰমিক দৰদী নেতা ভজন চন্দ্ৰ দেই দহ বছৰ কাল বদৰপুৰ শাখাৰ শাখা সম্পাদক আৰু ২০১০ চনৰ পৰা মৃত্যু পৰ্যন্ত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰে’ল শ্ৰমিক সকলৰ ন্যাৰ্য্য প্ৰাপ্য আদায়ৰ সংগ্ৰামখনৰ এজন বলিষ্ঠ নেতা হেৰুৱালে বুলি গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ভজন চন্দ্ৰেৰ মৃত্যুত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তায়ো গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখৰ মৃত্যুত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে কেন্দ্ৰীয় কমিটীৰ লগতে ইউনিয়নৰ সকলো শাখাই পতাকা অৰ্ধনমিত কৰি ১ আগষ্টৰ পৰা ৩ আগষ্টলৈকে তিনিদিনীয়া শোক দিৱস ৰূপে পালন কৰিব বুলি ঘোষণা কৰিছে। একেদৰে  মজদুৰ ইউনিয়নৰ বদৰপুৰ শাখাৰ নেতা উত্তম দাসকে ধৰি কেন্দ্ৰীয় নেতা সজল চক্ৰৱতী, মহিলা নেত্রী সুমনা বেনাৰ্জী, পেঞ্চনাৰ এছ’চিয়েচনৰ কৰ্মকৰ্তা সকলৰ উপৰি অনেক গুণমুদ্ধই শোকাকুল পৰিবেশত নশ্বৰ দেহত মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পন কৰে শ্ৰমিক নেতা জনক। ৰে’ল শ্ৰমিক নেতাজনে  মৃত্যুৰ সময়ত এজন পুত্র আৰু বোৱাৰীকে ধৰি দুগৰাকী জী জোঁৱাই আৰু  নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে। 

নাজিৰা, জয়সাগৰত ক’ৰোনা ত্ৰাসৰ মাজত কেনেদৰে চলিছে ঈদ-উল জোহাৰ প্ৰস্তুতি

গেলেকী : সমগ্ৰ ৰাজ্য তথা শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা আৰু জয়সাগৰত অনুষ্টুপীয়াকৈ ঈদ-উল জোহাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঈদ-উল জোহালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷ ক’ৰোনা ত্ৰাসৰ বাবে নাজিৰা, জয়সাগৰত পৱিত্ৰ ঈদ-উল জোহা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ঈদ উপলক্ষে গ্ৰামাঞ্চলৰ যুৱতী ও মহিলাসকলে ঘৰতে ৰং বিৰঙী পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। বজাৰসমূহতো ভিৰ নাই পূৰ্বৰ দৰে৷ ঈদগাহ ময়দান আৰু মছজিদ সমূহতো পূৰ্বৰ দৰে নাই কোনো জাক জমকতা। কিয়নো চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঈদগাহ নাইবা মছজিদত হ’ব নোৱাৰিব জন সমাগম। ইছলাম ধৰ্মাৱলম্বী লোকসকলে জনোৱা অনুসৰি চৰকাৰ নীতি নিৰ্দেশনাক সন্মান জনাই এইবাৰ সকলোৱে ঘৰতেই আদায় কৰিব ঈদৰ নামাজ। পূৰ্বতকৈ এইবাৰ কমিব কুৰবানীৰ সংখ্যাও। মুঠতে ৰাজ্যখনৰ মুছলমান লোকসকলে চৰকাৰৰ নীতি নিৰ্দেশনা মানি পৱিত্ৰ ঈদ-উল জোহা পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুছলমান লোকসকলৰ এনে সিদ্ধান্তই সঁচাকৈ কঢ়িয়াই আনিছে এক শুভবাৰ্তা ৷

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন ৰহস্য

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে নতুন ৰহস্য। সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লৌক্ষণ্ডেৰ এটা মন্তব্যই সৃষ্টি কৰিছে আন এক ৰহস্যৰ। অংকিতাৰ মন্তব্যৰ পাছতেই এতিয়া পুনৰ তীব্ৰ চৰ্চালৈ আহিছে বলীউদৰ প্ৰখ্যাত অভিনেতা জনৰ মৃত্যুৰ প্ৰসংগ। অংকিতাই মন্তব্য কৰিছে যে,”সুশান্তই হতাশাত ভোগা নাছিল। তেওঁ এনেকুৱা মানুহ নহয় যে তেওঁ আত্মহত্যা কৰিব। মই জীৱনত সুশান্তৰ দৰে ব্যক্তি লগ পোৱা নাই। তেওঁ তেওঁৰ নিজৰ সপোন নিজেই ৰচিছিল….।” উল্লেখ কৰিব পাৰি যে, সুশান্তৰ মৃত্যুৰ বাবে জগৰীয়া কৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

আত্ম নিৰ্ভৰশীল ভাৰতৰ কথা কোৱা চৰকাৰ নিজেই আত্ম নিৰ্ভৰশীল নহয়

জিতু দাস

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ এনিডএ নেতৃত্বাধীন চৰকাৰৰ বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখত আখৈ ফুটাদি ফুটিল ২০ লাখ কোটি টকাৰ এটি বৃহৎ পেকেজ। পেকেজ মানে সাহাৰ্য্য নহয়, এয়া সৰু সুৰা লঘু উদ্যোগ সমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে ঋণ প্ৰদান প্ৰক্ৰিয়াহে। লকডাউনে মূৰত কোব মৰা সাধাৰণ ব্যৱসায়ীসকলৰ এই ঋণ কিমান গণতান্ত্ৰিক হ’ব সময়ত গম পোৱা যাব। যিটো সময়ত সকলোবোৰ ব্যৱসায়ী প্ৰতিষ্ঠান ধ্বংসৰ গৰাহত, দোকান পোহাৰ বন্ধৰ ফলতো মালিক পক্ষক ভাড়া দিবলগীয়া হৈছে, বেংকৰ পূৰ্বৰ ৠণ পৰিশোধ কৰিব পৰা টান হৈছে তাতেই আকৌ ইমান ডাঙৰ পেকেজেৰে সাধাৰণ লোকক সাহাৰ্য্য পৰিৱৰ্তে ঋণৰ বোজা ল’বলৈ আগ্ৰহী হ’ব জানোঁ? নিঃসন্দেহে এইবোৰ ঋণ সাধাৰণ লোকৰ বাবে গ্ৰহণযোগ্য নহয়। গাঁৱৰ হোজা মানুহ খিনিৰ পৰা পূৰ্বতে ক্ৰয় কৰা বনিক সকলক শক্তিশালী কৰি সেউজীয়া পৰিৱেশ ম্লান কৰি বহিৰাগত কোম্পানীক বৰপীৰা পাৰি দিয়াৰ ষড়যন্ত্ৰ সৰ্বজনবিদিত। অলপতে অসমৰ উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মুখত নতুন উদ্যোগ নীতিত এই কথা স্পষ্ট। কিয়নো গাঁৱৰ কৃষি ভূমি সমূহত কোনো অনুমতিৰ অবিহনে যিকোনো কোম্পানী বা উদ্যোগ তিনিমাহৰ ভিতৰত প্ৰতিষ্ঠা কৰিব পাৰিব। গতিকে আত্ম নিৰ্ভৰশীল ভাৰতৰ কোটি টকাৰ আঁচনিৰ ঋণ এই বৃহৎ গোষ্ঠীৰ বাবেহে সংৰক্ষিত। এইবাৰ আহিছোঁ বিশেষ কেইটামান কথা লৈ আমি সকলোৱে জানোঁ আত্মনিৰ্ভৰশীল মানে নিজেৰ নিজৰ ভৰিত থিয় হৈ আগুৱাই যোৱা আৰু সংগ্ৰামিত জীৱন সাৰ্থকিত কৰা। চৰকাৰে নিজেই আত্মনিৰ্ভৰশীল হয় জানোঁ? নৰেন্দ্ৰ মোডী আসনৰ গাদীত বহাৰে পৰা এটাৰ পিছত এটাকৈ সকলোবোৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰিলে। এল আই চি, বিদ্যুত বিভাগ, বিমান সেৱা, ৰে’ল, বিএছএনএল, কাগজ কল, কয়লা খনি, বেংক ইত্যাদি ভাৰতৰ সকলোবোৰ আগশাৰীৰ উদ্যোগ ব্যক্তিগত খণ্ডক গোটাই দি কেনে ধৰণৰ আত্মনিৰ্ভৰশীল ভাৰতৰ জয় গান গাব ওলাইছে সাধাৰণ জনতা সহজেই অনুমান কৰিব পাৰিছে নিশ্চয়। যিখন দেশৰ চৰকাৰে নিজৰ ৰাজহুৱা সম্পত্তিবোৰ পুনৰ উদ্ধাৰ কৰাৰ বিপৰীতে কেইটিমান টকাৰ বাবে সকলো শেষ কৰিব খুজিছে তেন্তে দেশৰ সুস্থ অৰ্থনৈতিক কৰ পৰা জন্মিব?

নাজিৰা বিধানসভা সমষ্টি দখলৰ বাবে শাসকীয় কুচকাৱাজ আৰম্ভ : কংগ্ৰেছৰ দুৰ্গ আখ্যা

গেলেকী : নাজিৰা বিধানসভা সমষ্টি শক্তিশালী ভেটি স্বৰূপে দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা ৰাইজে প্ৰত্যক্ষ কৰিছে। অপেক্ষা নহয়, শাসকীয়ৰ বাবে গভীৰ প্ৰত্যাহ্বানৰ বিষয় হ’ব নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ ভেটি উৎখাত কৰাটো। সমাগত ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দুৰ্গ আখ্যা বিভিন্ন মহলৰ। সম্প্ৰতি ১০৪ নং নাজিৰা বিধান সভা সমষ্টিটো বিজেপি দলে দখল কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে৷ ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাইঁ নাজিৰাত উপস্থিত হৈ জন সম্পৰ্ক ৰক্ষাৰ অভিযান চলাই গৈছে৷ সমান্তৰালভাৱে চৰাইদেউ জিলা। বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন শিক্ষক, প্ৰকৃতিপ্ৰেমী হিচাপে ধৰ্মেশ্বৰ কোঁৱৰে বিজেপিৰ হৈ সমষ্টিটোত বানপানী, লক ডাউনৰ সময়ত ঘৰে-ঘৰে গৈ সহায়ৰ হাত আগবঢ়োৱাৰ দৰে বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি ময়ূৰ বৰগোহাঁইয়েও সমষ্টিটোৰ বিভিন্ন ৰাইজক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ তেনেদৰে শিমলুগুৰি নগৰ সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন ৱাৰ্ড সদস্য ও বৰ্তমান শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক পলাশ পবন শইকীয়ায়ো সমষ্টিৰ বিভিন্ন ৰাইজৰ সহযোগত সমষ্টিটোৰ জনসাধাৰণৰ বাবে কাম কৰি আছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ভাতৃ টংকেশ্বৰ শইকীয়াৰ পুত্ৰ পলাশ শইকীয়াৰ একাংশ কংগ্ৰেছ নেতা-কৰ্মীৰ লগত সু-সম্পৰ্ক থকাৰ বাবে কংগ্ৰেছক আঘাত দিব পাৰিব বুলি বিজেপিৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীয়েও মন্তব্য কৰা দেখা গৈছে ৷ সংসদীয় নিৰ্বাচন, ত্ৰিপুৰাৰ নিৰ্বাচনত ওতঃপ্ৰোত ভাৱে জড়িত পলাশ শইকীয়া টিকটৰ দাবীদাৰ হিচাপে ৰাইজৰ আহ্বানত আত্মপ্ৰকাশ কৰিছে। যদিহে পলাশ শইকীয়াই দলীয় প্ৰাৰ্থীত্ব লাভ কৰে তেনেহ’লে এইবাৰ দুই ভাতৃৰ যুঁজ দেখিবলগীয়া হ’ব। উল্লেখ্য যে বিগত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই প্ৰায় ১৮হাজাৰ ভোটত বিজেপিৰ প্ৰাৰ্থী চাহ জনগোষ্ঠীৰ নেতা প্ৰহ্লাদ গোৱালাক পৰাস্ত কৰিছিল ৷ বিজেপিৰ সত্বেও প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাটৰ বাবে বিজেপি দল পৰাস্ত হোৱা বুলি প্ৰচাৰ হৈছিল। যদিও এইবাৰ পুনৰ বিজেপি দলত কেইবাগৰাকীও প্ৰাৰ্থীত্ব প্ৰয়াসী হোৱাত পুনৰ বিজেপি বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াক পৰাস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব শাসকীয় প্ৰাৰ্থী।