Home Blog Page 3234

নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে

নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত এডাল কাঠত অসমৰ সমস্যাৰাজিক প্ৰকাশ কৰাৰ চেষ্টাত নিৰ্মাণ কৰিছে এটি সুন্দৰ মুৰ্ত্তি। নগাঁও চহৰৰ নিকটৱৰ্তী শেণছোৱাৰ দেৱকান্ত কলিতা নামৰ ব্যক্তিগৰাকীৰ শিল্পকলাই এতিয়া আকৰ্ষিত কৰিছে সকলোকে। স্কুলীয়া জীৱনতে নিজে সৰস্বতীৰ মুৰ্ত্তি সাঁজি পূজা অনুষ্ঠিত কৰা দেৱকান্ত কলিতাই এগৰাকী পেইণ্টাৰ হিচাপে নৱম অসম আৰক্ষী বাহিনীত যোগদান কৰিছিল যদিও তেঁও পিছলৈ সশস্ত্ৰ জোৱান হিচাপেহে আৰক্ষীত সেৱা আগবঢ়াই। কিন্তু ব্যস্ততাৰ মাজতো কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বহু শিল্পকলাই। দেৱকান্ত কলিতাই কৰ্মজীৱনত তেঁওৰ সৃষ্টিৰাজিৰ বাবেই সৰ্বভাৰতীয় পৰ্য্যায়ত আৰক্ষী বিভাগে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত দুবাৰকৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈকো সক্ষম হৈছিল। ২০১৩বৰ্ষত আৰক্ষী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা দেৱকান্ত কলিতাই হৃদৰোগত আক্ৰান্ত হৈ বাইপাছ চাৰ্জাৰী কৰিব লগা হয়। কিন্তু তাৰ পিছতো তেঁও থমকি ৰোৱা নাই। শাৰিৰীক অসুস্থতাৰ মাজতো দেৱকান্ত কলিতাই ঘৰতে বাঁহ, কাঠ আৰু চিমেন্টৰে সৃষ্টি কৰিলে বহু সুন্দৰ শিল্পকলাৰ। সুন্দৰ অইল পেইণ্টিঙৰ বাবেও আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হোৱা দেৱকান্ত কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বহু সুন্দৰ পেইণ্টিং। ইয়াৰ মাজতে দেৱকান্ত কলিতাই বৃহত্তৰ হাতীচোং, বেবেজীয়া, হয়বৰগাঁও আদি অঞ্চলৰ ৰাইজক নিজ হাতৰে সঁজা বহু দেব-দেৱীৰ মুৰ্ত্তি বিনামূলীয়াকৈ উপহাৰ হিচাপে আগবঢ়াই ৰাইজৰ মাজত সমাদৃত হৈছে। বৰ্তমানেও শাওন মাহ উপলক্ষে ভগৱান শিৱৰ মুৰ্ত্তি তেঁও বিনামূলীয়াকৈ ৰাইজক প্ৰদান কৰাৰ মানসৰে নিৰ্মাণ কৰাত ব্যস্ত। দেৱকান্ত কলিতাৰ নিখুত শিল্পকলা প্ৰত্যক্ষ কৰা প্ৰতিজন ব্যক্তিয়ে বৰ্তমান তেঁওৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। কিন্তু আক্ষেপৰ বিষয় এইগৰাকী মহান শিল্পীক স্বীকৃতি দিবলৈ বৰ্তমানলৈকে আগবাঢ়ি অহা নাই চৰকাৰ অথবা দল-সংগঠন। সেয়ে এইগৰাকী শিল্পীক শীঘ্ৰেই উচিত সন্মান দিয়াৰ বাবে অসমৰ শিল্পী সমাজক আহ্বান জনাইছে বৃহত্তৰ হাতীচোং তথা বেবেজীয়া অঞ্চলৰ ৰাইজে।

সোণতলীৰ মালিবাৰীত বিদ্যুত স্পৃষ্ট হৈ এজন নিহত, দুজন গুৰুতৰভাৱে আহত

সোণতলী : দক্ষিণ কামৰূপৰ বকো বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত তথা সোণতলী এলেকাধীন মালিবাৰী জাৰপাৰা গাঁৱত কালি সন্ধিয়া বিদ্যুতস্পৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে দুগৰাকী যুৱক আহত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে মালিবাৰী জাৰপাৰা গাঁৱৰ আলিম উদ্দিনৰ লগত মালিবাৰী সত্ৰৰ শ্বহিদুল হক আৰু ১নং মালিবাৰী গাঁৱৰ নুৰুল ইছলামে মঙলবাৰে সন্ধিয়া যন্ত্ৰচালিত নাৱত মাইক বান্ধি বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ জাননি দি আছিল। জাননি দি থকা  অৱস্থাত হঠাৎ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাৰ মাইকৰ লগত স্পৰ্শ হোৱাত দুৰ্ঘটনাটো সংগঠিত হয় বুলি জানিব পৰা যায়। পাছত স্থানীয় ৰাইজে আলিম উদ্দিনৰ সৈতে আহত দ্বয় শ্বহিদুল হক আৰু নুৰুল ইছলামক উদ্ধাৰ কৰি বকো খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। ইফালে চিকিৎসকে আলিম উদ্দিনক পৰীক্ষা-নিৰীক্ষা কৰি  মৃত বুলি ঘোষণা কৰে। আনহাতে আহত দ্বয়ৰ শাৰিৰীক অৱস্থা অধিক অৱনিত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি এম ছি এইচ লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, নিহত আলিম উদ্দিনৰ লগতে গুৰুতৰ ভাবে আহত নুৰুল ইছলামো  বকো বিদ্যুত উপ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আছিল। নিহত আলিম উদ্দিন তিনি সন্তানৰ পিতৃ থকাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বুলি জানিব পৰা যায়।  তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে শোকত ভাগি পৰিছে ৷

নগাঁও বন বিভাগৰ বালি ভৰ্তি ট্ৰাক জব্দ

ননৈ : নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ বকুলগুৰী দলঙৰ সমীপৰ পৰা অভিযান চলাই তিনিখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, এএছ ০৯ এচি ২২৫৮, এএছ ০৯ এচি ১৪৯০, এএছ ০২ চিচি ২২৯০ নম্বৰৰ ট্ৰাক কেইখনে অবৈধভাৱে দীৰ্ঘদিনধৰি বালি সৰবৰাহ কৰি থকাৰ কথা জানিব পাৰি আজি পুৱাৰ ভাগত এক অভিযান চলাই নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়াৰ তৎপৰতাত এই তিনিখনকৈ বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

ঢুলীয়াপাৰৰ ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে ১০ লাখ টকা ধনদাবী, মহিলা গ্ৰেপ্তাৰ

গেলেকী : শিৱসাগৰ জিলা তথা ৰাজ্যৰ এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে (বাবুজান)। নাজিৰা মহকুমা সমীপৰ জয়সাগৰস্থিত ঢুলীয়াপাৰৰ বাসিন্দা হাজৰিকা জিলা ও অসমবাসী ৰাইজৰ বাবে আছে সমাজসেৱাৰ এক উল্লেখনীয় অৱদান। জিতু এণ্টাৰপ্ৰাইজৰ স্বত্ত্বাধিকাৰী ৰফিকুল হাজৰিকাৰ পত্নী চাবিহা চাহিনৰ ২০১৪ বৰ্ষত মৃত্যু হৈছিল। চাহিন আছিল, এগৰাকী অভিনেত্ৰী। ঠিক তাৰ পাছৰে পৰা এটি সন্তানৰ মাতৃ স্মৃতিৰেখা চেতিয়া নামৰ স্বামীহাৰা এগৰাকী বিধৱা মহিলা জিতু এণ্টাৰপ্ৰাইজৰ স্বত্ত্বাধিকাৰ ৰফিকুল হাজৰিকাৰ সৈতে পৰিচিত হয়। উদ্দেশ্য হানি ট্ৰেপিং, টাৰ্গেট পুঁজিপতি ব্যৱসায়ী। সম্প্ৰতি ৰহস্যময়ী মহিলা গৰাকীয়ে ব্লে’কমেলিং কৰি বিভিন্ন সময়ত তেখেতৰ পৰা ল’ৰা স্কুল খৰছকে আদি কৰি দৈনন্দিন জীৱন অতিবাহিত কৰিবৰ বাবে মুনাফা সংগ্ৰহ কৰি ঘনিষ্টতা ৰক্ষা কৰি আহিছিল। কিন্তু সময়ে যেন লাহে-লাহে ক্ৰমাৎ নিজৰ গতিপথ সলনি কৰিব ধৰিলে। বিগত এপ্ৰিল মাহত উক্ত বিধৱা মহিলা গৰাকীয়ে ৰহস্যজনকভাৱে হাজৰিকাৰ বিৰুদ্ধে নানা ধৰণৰ মনে সঁজা অভিযোগ তুলি সংবাদ-মাধ্যমৰ শিৰোনাম দখল কৰাৰ বিপৰীতে ছ’চিয়েল মিডিয়াত তোলপাৰ সৃষ্টি কৰি আনন্দত মতলিয়া হৈ পৰে। এই অভিযোগ ভুক্তভূগীৰ। লগতে কৌতুকসনা মহিলা গৰাকীয়ে বাবুজানৰ বিৰুদ্ধে আৰক্ষী থানাত তৰে এক গোচৰ। কোটিপতি ব্যৱসায়ী ৰফিকুল হাজৰিকা উক্ত গোচৰত জামিনত মুকলি হয়। অভিযোগ অনুসৰি শাৰীৰিক, মানসিক ভাৱে হেঁচাত আছিল মহিলা গৰাকী। কিন্তু অৱশেষত ওলাই পৰিল জোলুঙাৰ মেকুৰী। ভাইৰেল হৈ পৰিল সেই সময়ত অভিযুক্ত মহিলা গৰাকীৰ কৰা ভালে কেইটা টিক টক ভিডিঅ’ আৰু ৰফিকুল হাজৰিকাক ৱাটছাপ যোগে দহ লাখ টকা ধনদাবী কৰাৰ সকলো তথ্য ফাদিল। ভুক্তভুগীৰ অভিযোগ তেখেতৰ ব্যৱসায় সম্বন্ধীয় জৰুৰী বহু গোপনীয় তথ্য, যাৱতীয় নথি-পত্ৰ বাহিৰৰ কোনো অজ্ঞাত লোকক অভিযুক্ত মহিলা গৰাকীয়ে ফাদিল কৰি আহিছিল। যাৰ বাবে সংবাদ-মাধ্যমৰ আগত নিজৰ কু-কৰ্ম আঁৰত ৰাখিবৰ বাবে হাজৰিকাৰ বিৰুদ্ধে নাৰী সৰৱৰাহ, অ’ এন জি চি বিষয়াক নাৰী যোগান ধৰা বুৰি অভিযুক্তই সংবাদ-মাধ্যমৰ আগত দাবী কৰি অহা বুলি গুৰুত্বৰ অভিযোগ উঠিছে। অৱশেষত ৰফিকুল হাজৰিকা নামৰ লোকজনে অভিযুক্ত মহিলা গৰাকীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এখনি এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি গোচৰ নং ৮৬৯/২০২০ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৮৪, ৩৮৮ আই পি চিৰ ধাৰা অনুযায়ী তদন্ত আৰম্ভ কৰে। সামান্তৰালভাৱে অভিযুক্ত মহিলা গৰাকীক আজি পুৱাই সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰামতে এটা চক্ৰই উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰি অভিযুক্ত মহিলা গৰাকীক থানাৰ পৰা জামিনত মুকলাই অনাৰ অ-প্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮,৫১৩

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে ৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিলে ৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৮,৫১৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৫ লাখ ৩১ হাজাৰ ৬৬৯ জন ৷ যোৱা ২৪ ঘণ্টাত দেশত মুঠ সংক্ৰমণৰ হাৰ হ’ল ১১.৮৭ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে  যোৱা ২৪ ঘণ্টাত ৭৬৮ জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ ৩৪,১৯৩ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৪,১৬৫ জনৰ মৃত্যু হৈছে৷ দিল্লীত ৩৮৮১, তামিলনাডুত ৩৬৫৯, গুজৰাটত ২৩৭২ জন লোক ক’ৰোনাত মৃত্যু হৈছে ৷

মুস্কান – ৰং অথবা হাঁহিৰ বৰণ

ৰাজীৱ কমল শইকীয়া

মুস্কান এটা মিঠা শব্দ। মূল উৰ্দু। হিন্দী ভাষাৰে  আহি আমাৰ স্পন্দনত বিয়পি কলিজাৰ আপোন হৈ পৰা সুমিষ্টতাৰে ভৰপূৰ,  লৱণু কোমল এই শব্দৰ আমাৰ মাতৃভাষাত অৰ্থ হৈছে- মিচিকণি অৰ্থাৎ হাঁহি। হাঁহিৰ বিভিন্ন- স্মিতহাস, প্ৰাণখোলা হাঁহি ইত্যাদি অনেক। পিছে আজি, ইয়াৰ ভাগবোৰৰ কথা আলোচনা নকৰি, মূলতঃ হাঁহিৰ কথাহে পাতিম। তাহানিতে ৰূপকোঁৱৰে যে আমালৈ থৈ গৈছিল-

“হাঁহা সখী মোৰ

হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা…।” 

এই অমৃত সম্পত্তিৰ উত্তৰাধিকাৰী আমি বোৰে, ইয়াৰ যথোপযুক্ত আপডাল কৰিছোঁনে বাৰু?  ব্যৱহাৰিক অৰ্থত- আমি হাঁহি আৰু হঁহুৱাই আছোঁনে?  নিজক সুখী কৰাৰ লগতে সমাজ-মুখত বিয়াপাই থ’ব পাৰিছোনে অম্লান মুচকান? সখী পতাৰ সলনি,  আমি বাৰু প্ৰতিদ্বন্দী কিম্বা শত্ৰু বেছিকৈ গোটাইছোঁ নেকি? ইত্যাদি প্ৰশ্নৰ আতিসহ্যৰ চিকাৰ হয়নে আপোনাৰ মন-মস্তিষ্ক? যদি হয়, তেন্তে দেৰি নকৰিব। সময় তথা অতি ব্যস্ততাৰ অচেতনতাৰ তাগিদাত সন্তুষ্টি সূৰ্য্যৰ কক্ষপথৰ পৰা সামান্য বিচ্যুতি ঘটিছিল যদিও আপোনাৰ হৃদয়খন এতিয়াও নিভাঁজ তথা নিৰ্মলতাৰে সৌন্দৰ্য্যময় হাঁহি-নক্ষত্ৰ কেন্দ্ৰীক হৈয়েই আছে। ধমনি, অলিন্দ, নিলয়েৰে প্ৰৱাহিত, স্পন্দনৰ সমস্ত সৌন্দৰ্য্যশালী অদাহ্য অনুভূতিৰ ৰঙ ওঁঠত বিৰিঙাই ৰাখক| দেখিব- প্ৰতিদ্বন্দী কমি আহি অনেক সখীয়ে আৱৰি ধৰিব। কৃত্ৰিম হাঁহি সুলকি, নিৰ্মল হাঁহিৰ ফাকু খেল চলি থাকিব অন্তহীন… লগতে সেই অমৃত সম্পত্তিৰো আপডাল আপোনাআপুনি হ’ব। আহকচোন আমি মুস্কানৰ মিতালী পাতোঁ। হাঁহিৰে ফাকু খেলোঁ। আমাৰ হাততে আৰু এনেকুৱা অজস্ৰ অমৃত সম্পত্তি আছে। সেইবোৰ অন্তঃকৰণেৰে জুকিয়াই চাই হৃদয়ঙ্গম কৰি গৈ থাকোঁ আহক। ইয়ো হ’ব তেতিয়া মুখত মুস্কাকান চিৰস্থায়ী কৰি থ’বলৈ অভিনৱ ফাকু খেলা। আনক নিজৰ লগত বলেৰে বন্ধাৰ, তুলনা কৰাৰ হাবিয়াসৰ কি দৰকাৰ আছে। আপোনাৰ অনিঃশেষ মৃদু হাঁহি বা প্ৰাণখোলা হাঁহিতেই দেখোন জগতখন যোগ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে! হাঁহিত কৈ ডাঙৰ হাথিয়াৰ আৰু একো নাই। আপোনাৰ-মোৰ মুখত ই জিলিকি থাকিলে, ঘোৰ শত্ৰুও প্ৰেমিক হৈ যাব পাৰে পলকতে। প্ৰত্যেকেই হাঁহিক জীৱন জুৰি স্থায়ী কৰাৰ কিটিপটো আয়ত্ব কৰি ল’ব জানিলেই, উচুপনি, কান্দোনে কিম্বা কান্দোনৰ কাৰণসমূহে স্বনিৰ্বাসন ল’বলৈ মজবুৰ হৈ পৰিব… এদিন। 

CAA বিৰোধী শক্তিবোৰ একগোট হ’বনে ?

দৈনন্দিন বাৰ্তা ডেস্ক : নাগৰিকত্ব সংশোধনী বিল বা আইনৰ বিৰুদ্ধে অসমত আৰম্ভ হোৱা প্ৰৱল প্ৰতিবাদী কাৰ্যসূচীৰ কথা অসমৰ জনতাই বোধহয় পাহৰা নাই৷ কোনো সংগঠনৰ বেনাৰ নোলোৱাকৈ মূলত ছাত্ৰসমাজে আৰম্ভ কৰা এই আন্দোলনত অসমৰ প্ৰায় সৰ্বস্তৰৰ লোকে অংশগ্ৰহণ কৰিছিল৷ অসমৰ বিভিন্ন দল-সংগঠন, শিল্পী, শিক্ষক, বুদ্বিজীৱিয়ে অংশ লোৱা প্ৰতিবাদী কাৰ্যসূচী সমূহ দেখি ৰজাঘৰ একপ্ৰকাৰ গণবিচিন্ন হোৱাৰ ভয়ত কম্পমান হৈছিল৷ আমাৰ দৰে সাধাৰণ মানুহবোৰৰ ভাৱ হৈছিল জনতাৰ ইচ্ছাৰ বিপৰীতে যোৱা শাসকীয় চৰকাৰখনক যেন এইবাৰ অতি সহজে ওফৰাই পেলাব৷ কিন্তু দিন যোৱাৰ লগে লগে কৰ’না মহামাৰীৰ বাবেই হওক বা অন্য কোনো কাৰনতে হওঁক দল-সংগঠনবোৰৰ মাজত সমন্বয় গঢ়ি তোলাৰ বাবে কোনোৱে যেন আগভাগ নোলোৱা হ’ল৷ সকলোৱে এক উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঢ়ি জনবিৰোধী চৰকাৰখনক এশিকনি দিয়াৰ পৰিৱেশ আজি ধূসৰ হৈ পৰিল৷ নিৰ্বাচনত জয় লাভ কৰি চৰকাৰ গঠন কৰিব পাৰিলেই ’কা’ বাতিল কৰিব পাৰিব তেনে নহয়৷ দিল্লীৰ নিৰ্দেশত উঠা-বহা কৰা চৰকাৰবোৰে ইচ্ছা কৰিয়েই ৰাইজৰ ওপৰত যিকোনো আইন জাপি দিলে অসমৰ জনতা চুপ হৈ বহি নাথাকে – এই কথা প্ৰমাণ কৰি অসমীয়াৰ স্বাভীমানক জীয়াই ৰখাৰ এই সুৱৰ্ণ সুযোগটো যাতে হাতৰ পৰা হেৰাই নাযায় তাৰ বাবে ’কা’ বিৰোধী আন্দোলনত জড়িত প্ৰতিটো দল সংগঠনৰ নেতৃত্বই সতৰ্ক হোৱা দৰকাৰ৷ ৰাইজে সকলো নজৰ কৰি আছে৷

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন ৰহস্য, গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাকলৈ সৃষ্টি হৈছে নতুন ৰহস্যৰ। সুশান্তৰ পিতৃয়ে পুত্ৰৰ আকস্মিক মৃত্যুক এতিয়াও সহজে ল’ব পৰা নাই। অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে দাখিল কৰা এজাহাৰত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত। সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে এজাহাৰত তেওঁৰ পুত্ৰৰ মৃত্যুৰ কাৰণে ৰিয়া চক্ৰৱৰ্তীক দায়ী বুলি উল্লেখ কৰিছে। সুশান্তক আত্মহত্যা কৰিবলৈ উচতিন দিয়াৰ অভিযোগ তুলি সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন দুজনৰ বিৰুদ্ধে গোচৰ তৰিছে সুশান্তৰ পিতৃ কে কে সিঙে। এজাহাৰত উল্লেখ কৰা অনুসৰি ৰিয়া চক্ৰৱৰ্তীয়ে বিগত এবছৰত তেওঁ চিনি নোপোৱা কোনো অজ্ঞাত ব্যক্তিলৈ সুশান্তৰ একাউণ্টৰ পৰা ১৫কোটি টকা ট্ৰেঞ্চফাৰ কৰিছে। আনহাতে সুশান্তক পাগল প্ৰতিপন্ন কৰি মানসিক ৰোগীৰ ঠিকনালৈ পঠিয়াবলৈ পূৰ্ণ প্ৰয়াস কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে। ইয়াৰ কাৰণে মানসিক অস্থিৰতাৰ ঔষধ খোৱাবলৈ আৰম্ভ কৰিছিল সুশান্তক। তাৰ পিছত ড্ৰাগছ অভাৰডোজৰ জোৰত লাহে লাহে মানসিক স্থিতাৱস্থা হেৰুৱাই পেলাইছিল সুশান্তই।উল্লেখযোগ্য যে, পিতৃৰ এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১, ৩৪২, ৩৮০, ৪০৬, ৪২০, ৩০৬, ৫০৬ আৰু ১২০ বি ধাৰাত এফ আই আৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

বান আহে বাৰে বাৰে…

✍️অংশুমান ভূঞা

অসম এখন সুজলা সুফলা, শস্য শ্যামলা, প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সম্পদতো চহকী ৰাজ্য। তথাপি কিন্তু এই ৰাজ্যখনৰ সমস্যাৰ আদি-অন্তই নাই। এইবাৰ আকৌ নতুন শত্ৰু কৰ’নাই অথাই সাগৰত পেলাই ৰাজহাঁ‌ড় বেঁ‌কা কৰি পেলাইছে। তাৰ লগে লগে প্ৰতিবছৰে অহাৰ দৰে এইবাৰো বানে সংহাৰী ৰূপ ধাৰণ কৰি ৰাইজৰ আলাই-আথানিৰ আদি-অন্ত নোহোৱা কৰিছে। প্ৰতি বছৰেই অসমবাসী এই যমৰ-যাতনাৰ মুখামুখি হৈ আহিছে। ঘৰ-বাৰী, খেতি-পথাৰ সকলো ধ্বংস কৰাৰ লগতে প্ৰতিবছৰৰ সংহাৰী বানত বনৰীয়া-ঘৰচীয়া জীৱ-জন্তুৰ উপৰিও মানুহৰো প্ৰাণহানি হৈ আহিছে। কৃষিনিৰ্ভৰ ৰাজ্যখনত বছৰি ক’ত কৃষি মাটি নৈৰ বুকুত জাহ গৈছে নাইবা কৃষিৰ অনুপযোগী হৈ পৰিছে। নদীয়ে যেনেদৰে অসম ভূমিক প্ৰাণ দিছে, ঠিক তেনেদৰে প্ৰাণ কাঢ়িও আছে। খৰালি শান্ত-শিষ্ট আৰু বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা লুইতক নিয়ন্ত্ৰণ কৰি ইয়াৰ শকতিৰে ৰাজ্যখনক উন্নয়নৰ দিশলৈ আগুৱাই লৈ যোৱাৰ ভালেমান থল আছিল যদিও অসমৰ এই গুৰুতৰ সমস্যাটোৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো গুৰুত্ব নাই। ভাৰত ৰাষ্ট্ৰৰ সকলো সমস্যাৰ বোজা অসম ৰাজ্যৰ ওপৰত পৰে যদিও ৰাজ্যখনৰ সমস্যাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাব চিৰকলীয়া। এতিয়াও চীনা আগ্ৰাসনত সন্ত্ৰস্ত হৈ ব্ৰহ্মপুত্ৰৰ বুকুভেদি সুৰংগ নিৰ্মাণৰ আঁ‌চনি লোৱা হৈছে যদিও অতদিন ৰাইজৰ দুখত পৰিণত হোৱা লুইতক সম্পদৰূপত গঢ় দিবলৈ কোনো সদিচ্ছা নেদেখুৱালে। হাজাৰ কাকূতি-মিনতি কৰাৰ পাছতো আজিলৈকে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ৰূপেই ঘোষিত নহ’ল। নিয়মমাফিক কেতিয়াবা সময় পালে হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাই দুখৰ সমভাগী হৈ ঘঁ‌ৰিয়ালৰ চকুপানী টোকে আৰু ক্ষয়-ক্ষতিৰ তুলনাত নামমাত্ৰ আৰ্থিক সাহায্যৰে নিচুকায়। অন্য ৰাজ্যৰ ক্ষেত্ৰত দৌৰ মাৰি যাবলৈ সময় পোৱাৰ লগতে সাহায্যৰ পেকেজো ডাঙৰ হয়। ৰাজ্যিক পৰ্যায়তো সেই একেই আওকণীয়া মনোভাব। বিগত সময়ছোৱাত কেইবাটাও ৰাজনৈতিক দলে শাসনৰ গাদীত বহিলে যদিও কোনো এটা দলেই সমস্যাটোৰ ফলপ্ৰসূ সমাধানৰ ক্ষেত্ৰত আন্তৰিকতাৰে দিহা নকৰিলে। ফলত সমস্যা হৈয়েই ৰৈছে, বৰঞ্চ আগতকৈ ই বেছি ভয়াবহহে হৈ গৈ আছে। প্ৰতি বছৰৰ বানে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোত ৰামটাঙোন শোধাই আহিছে। ৰাজনৈতিক দলবোৰৰ বাবে ই এক শক্তিশালী ৰাজনৈতিক হাথিয়াৰ হৈ আহিছে। প্ৰতি নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ সুৱদি সুৰীয়া ভাষণে চৌদিশ ৰজনজনাই যায় যদিও সময়ত সেই একেই যমৰ-যাতনা। ৰাজনৈতিক পাশাখেলত কৃষিজীৱী-শ্ৰমজীৱী সাধাৰণ জনতাৰ সপোন-জীৱন বন্দী হৈ ৰয়। এনে অসহনীয় দুখ-দুৰ্দশা দেখিও নেতাগণৰ গাৰ নোম নলৰে। বান অহাৰ পাছতেই পৰৱৰ্তী বৰ্ষৰ বাবে ভালেমান চমকপ্ৰদ আঁ‌চনি ঘোষণা কৰা হয় যদিও খৰালিটো বিভাগবোৰ শুই থাকি বাৰিষাৰ আগমুহূৰ্তত খদমদম লগায়। মাজে মাজে আকৌ বিদেশ ভ্ৰমণ কৰি অহা নেতাৰ মুখত শুনা যায় বিদেশৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বানপানী ৰোধৰ কথা। কিন্তু সময়ত সকলো ফুটুকাৰ ফেন। তাৰ পৰিৱৰ্তে বাস্তৱত দেখিবলৈ পালো ‘নমামি’ উৎসৱৰ। পূজা-পাতলেৰে নদী কি নিয়ন্ত্ৰণ কৰিলে ৰাইজে নিজ চকুৰে দেখিলেই। ৰাইজৰ কোটি কোটি টকাৰ শৰাধ ঘটিল। সেই টকাখিনি যদি সততাৰে ৰাইজৰ কামত খটুৱালেহেঁ‌তেন, অন্ততঃ কিছু ৰাইজে সকাহ পালেহেঁ‌তেন। তাৰ মাজতে যিখিনি কাম হয় তাতো দুৰ্নীতিৰ হাতোৰা, বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ। ফলত পানী বাঢ়িলেই প্ৰতিবাৰে বান্ধ, মথাউৰি সকলো ভাঙি-ছিঙি যায়। এনেদৰে প্ৰতি বছৰে ৰাইজৰ কষ্টৰ টকাবোৰ অথলেহে গৈ আছে। এচামৰ বাবে বানপানী খীৰতী গাইত পৰিণত হৈছে বাবেই এই অৱহেলা। এই দুৰ্নীতিৰ হাতোৰা ওপৰ মহলালৈ বিয়পি থাকে বাবেই দোষীৰ শাস্তিৰো উম-ঘাম পোৱা নাযায়। এইবাৰ সংশ্লিষ্ট বিভাগ, চৰকাৰে কৰ’না আৰু লকডাউনক বান নিয়ন্ত্ৰণত বাধাস্বৰূপে দেখা দিয়া বুলি গা সাৰিব খুজিছে। তেনে পলায়নবাদী মনোভাবৰ পৰিৱৰ্তে এই সমস্যাটিৰ এক স্থায়ী সমাধানৰ বাবে আন্তৰিকতা দেখাওক। পৰিকল্পনাহীন পাল মৰা কাম আৰু ঘঁ‌ৰিয়ালৰ চকুপানীয়ে ৰাজ্যখন বচাব নোৱাৰে, ডুবাবহে।    

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্ক : কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজা মদনগোপাল নায়ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ তেওঁ ৰাজ্যখনৰ উত্তৰাঞ্চলৰ কালাবুৰাগিৰ এখন চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ৷ প্ৰাক্তন মন্ত্ৰীজন যোৱা সোমবাৰে ক’ৰোনাত আক্ৰান্ত হোৱাত ইএছআই হাস্পতালত ভৰ্ত্তি কৰায়৷ তাৰ পাছত ২৩ জুলাইত তেওঁক নিজৰ ঠাই য়াদিগিৰ জিলাৰ সুৰপুৰলৈ লৈ যোৱা হয়৷ উল্লেখ্য যে কালাবুৰাগি এলেকাটো ৰাজ্যখনৰ উত্তৰাঞ্চলৰ আৰু বেংগালুৰুৰ পৰা ৬৩০ কিলোমিটাৰ নিলগত৷ তেওঁ ১৯৯২-৯৪ চনত বীৰাপ্পা মৈলী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ এজন মন্ত্ৰী আছিল৷ তেওঁ নিউমোনিয়া আৰু হৃদৰোগত আক্ৰান্ত হয়৷ উল্লেখ্য যে তেওঁ হ’ল ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাজ্যখনৰ প্ৰথম ৰাজনীতিবিদ৷