Home Blog Page 3242

৮ নবেম্বৰত গুৱাহাটী কবি চক্ৰৰ বটা প্ৰদান অনুষ্ঠান

দৈনন্দিন বাৰ্তা সেৱাঃ অসম কবি সন্মিলনৰ অন্তৰ্গত “গুৱাহাটী কবি চক্ৰ”ই যোৱা ডিচেম্বৰ মাহত এখনি স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। উক্ত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ সমূহ অহা ৮ নৱেম্বৰত পল্টনবজাৰস্থিত “শ্ৰীমন্ত শংকৰ বিকাশ কৃষ্টি কেন্দ্ৰ”ত আয়োজিত গাম্ভীৰ্যপ্ৰদান অনুষ্ঠান ত প্ৰদান কৰা হব।

দিনযোৰা কাৰ্যসূচীৰে আয়োজিত অনুস্থানত “গুৱাহাটী কবি চক্ৰ”ৰ পৰা “জীৱনজোৰা সাধনা বটা”ৰ লগতে মাহটোৰ শ্ৰেষ্ঠ কবিতা শিতানৰ কবি সকলকো তেখেতসকলৰ বঁটা সমূহ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বভাৱ কবি গোপীকান্ত তালুকদাৰ সোঁৱৰণী “জীৱন যোৰা সাধনা বঁটা” যোৰহাট নিবাসী প্ৰণৱৰঞ্জন শইকীয়ালৈ কবিচক্ৰৰ মুখ্য উপদেষ্টা অনুপ কুমাৰ তালুকদাৰে।

“মাহটোৰ শ্ৰেষ্ঠ কবিতা”ৰ শিতানৰ কবি সকল ক্ৰমে ড০লোহিত শৰ্মা, ড০গিৰিণ চন্দ্ৰ বৰা, বিপুল নাথ, প্ৰণৱ ৰঞ্জন শইকীয়া, ৰঞ্জিত পাটগিৰি। কবিতা প্ৰতিযোগিতাত “স্বৰ্গীয় গীৰেন্দ্ৰ চন্দ্ৰ শৰ্মা সোৱৰণি বটা” প্ৰতিযোগী সকললৈ আগবঢ়াইছে কবি চক্ৰৰ কাৰ্যকৰী সভাপতি গোপাল শৰ্মাই।

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম ঘোষণা

দৈনন্দিন বাৰ্তা সেৱাঃ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম সোমবাৰে বিচিচিআইয়ে ঘোষণা কৰে। সুনীল যোশী নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়েঅষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা নৱেম্বৰ–ডিচেম্বৰত খেলিবলগীয়া ৩খন টি-২০, ৩খন এদিনীয়া,আৰু ৪ খন টেষ্ট শৃংখলালৈ ঘোষণা কৰিলে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম৷ আনহাতে চলিত বৰ্ষৰ আইপিএলৰ পিছতে আৰম্ভ হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে ঘোষিত দলকেইটাৰ পৰা বাহিৰ হৈছে অ’পেনাৰ ৰোহিত শর্মা৷

হেমষ্ট্রিঙৰ আঘাতৰ বাবে তাৰকা বেটছমেন গৰাকীক দলত অন্তর্ভুক্ত কৰা নাই বুলি নির্বাচক মণ্ডলীয়ে জানিবলৈ দিছে৷ ৰোহিত শৰ্মাৰ বিপৰিতে স্থানত মায়ংক আগৰৱালে টি–২০ আৰু এদিনীয়া দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ চলিত বৰ্ষৰ আইপিএলত কলকাতা নাইট ৰাইডার্ছৰ হৈ চমকপ্রদ প্রদর্শন কৰা উদীয়মান স্পিনাৰ বৰুণ চক্রৱর্তীয়েও স্থান লাভ কৰিছে ভাৰতীয় টি–২০ দলত৷

মনকৰিবলগীয়া যে, উইকেটৰক্ষক ঋষভ পণ্ট অ’ভাৰৱেটৰ বাবে টি–২০ আৰু এদিনীয়াত দলৰ পৰা বাদ পৰিছে৷ নতুনকৈ ঘোষণা কৰা দলত কেৱল মাত্ৰ এজন উইকেটৰক্ষক (কে.এল.ৰাহুল) থকাক লৈ কিছু সংখ্যাক ক্ৰীকেট সমালোক তথা অৱসৰী খেলুৱৈ চিন্তিত হোৱা দেখা গৈছে।

কোন খেলুৱৈ কোন দলতঃ

টি–২০ দলটোঃ বিৰাট কোহলি(অধিনায়ক), কে.এল.ৰাহুল (সহঃ অধিনায়ক, উইকেটৰক্ষক), শিখৰ ধাৱন, মায়ংক আগৰৱাল,  শ্রেয়াছ আয়াৰ, মনীষ পাণ্ডে, হার্দিক পাণ্ডিয়া, সঞ্জু ছেমছন, জাদেজা, ৱাশ্বিংটন সুন্দৰ, ছাহাল, বুমৰাহ, মহম্মদ ছামি, নৱদীপ ছাইনী, দীপক চহৰ আৰু বৰুণ চক্রৱর্তী।

এদিনীয়া দলটোঃ কোহলি(অধিনায়ক), ধাৱন, শুভমন, ৰাহুল, আয়াৰ, পাণ্ডে, হার্দিক, মায়ংক, জাদেজা, ছাহাল, কুলদীপ, বুমৰাহ, ছামি, ছাইনী আৰু ছার্দুল।

টেষ্ট দলটোঃ কোহলি(অধিনায়ক), মায়ংক, পৃথ্বিশ্ব, ৰাহুল, পূজাৰা, ৰাহানে, বিহাৰী, শুভমন, শ্বাহা, পণ্ট, বুমৰাহ, ছামি, উমেশ, ছাইনী, কুলদীপ, জাদেজা, ৰবিচন্দ্রন অশ্বিন, আৰু মহম্মদ চিৰাজ৷

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ বিশেষ সন্মান

দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক প্ৰেছ এমব্লেম কেম্পেইন  চমুকৈ পিইচি নামৰ আন্তৰ্জাতিক সংস্থাৰ  ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰা হৈছে। কেবাইখনো দেশৰ জ্যেষ্ঠ সাংবাদিকৰ উদ্যোগত ২০০৪ চনত  জন্ম  লাভ কৰা  চুইজাৰলেণ্ডৰ জেনেভাস্থিত সংস্থাটোৱে সমগ্ৰ  পৃথিৱীতে ঘটি থকা  সাংবাদিক হত্যা, সংবাদকৰ্মীৰ ওপৰত হোৱা নিগ্ৰহ  আৰু শেহতীয়াকৈ  ক’ভিডত মৃত্যু হোৱা সাংবাদিকৰ তালিকা প্ৰস্তুত কৰি আহিছে।

সংস্থাটোৰ সম্পাদক প্ৰধান ব্লেইজ্  লেম্পেনে নৱ ঠাকুৰীয়াক এই দায়িত্ব অৰ্পণৰ বিষয়ে অৱগত কৰায়। সংস্থাটোৱে  জাৰ্নেলিষ্ট ফ’ৰাম অসমৰ সভাপতি ৰূপম বৰুৱাক সহযোগী সংগঠক হিচাপে মান্যতা প্ৰদান কৰিছে। ২০১০  চনৰ পৰা ৰাষ্ট্ৰসংঘত নিজৰ বক্তব্য উপস্থাপন কৰি  অহা সংস্থাটোৱে ভাৰতবৰ্ষৰ  বিভিন্ন প্ৰান্তত কৰ্মৰত   সাংবাদিকৰ আৰ্থিক  অৱস্থা  সম্পৰ্কতো  অধ্যয়ন  কৰিব বুলি জানিব পৰা গৈছে।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ঠাকুৰীয়াই অসমীয়া কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল। সম্প্ৰতি তেখেতে বহুকেইখন  ৰাষ্ট্ৰীয় আৰু   আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ  কাকতত সাংবাদিকতা কৰাৰ লগতে সাংবাদিকৰ বিভিন্ন সমস্যাৰ ওপৰত প্ৰবন্ধ  লিখি আহিছে।

নৱ ঠাকুৰীয়া  জেএফএৰ সম্পাদকৰ লগতে নৰ্থ ইষ্ট ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট আৰু প্ৰেছ ক্লাব অৱ অসমৰ কাৰ্যকৰী সভাপতি হিচাপেও  কাৰ্যনিৰ্বাহ কৰি আহিছে। 

৩১ অক্টোবৰত আকাশ দেখা যাব ব্লু মুন

দৈনন্দিন বাৰ্তা সেৱাঃ সৌৰজগতত এক দুৰ্লভ ঘটনা সংঘটিত হোৱাৰ ফলত অহা ৩১ অক্টোবৰত আকাশত দেখা পোৱা যাব নীলা চন্দ্ৰ অৰ্থাৎ ব্লু মুন। এই ব্লু মুন দেখা পোৱা যাব উত্তৰ আৰু দক্ষিণ আমেৰিকা, ভাৰত, এছিয়া আৰু ইউৰোপৰ দেশসমূহত।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ প্ৰকাশিত খবৰ অনুসৰি প্ৰায় ৭৬ বছৰ পূৰ্বে ব্লু মুন দেখা পোৱা গৈছিল। আনহাতে পুনৰ ১৯ বছৰ পাছতহে পুনৰ দেখা পোৱা যাব এই ব্লু মুন।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪৩৮৬ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২১৫ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪৩৮৬ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ২৮৩২ জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৮৮৫৮৪ জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান চিকিৎসাধীন হৈ আছে ১৪৮৯১ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯০৮ জন লোকৰ।

তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনসন ভংগ

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ সম্পূৰ্ণ ৯ দিনৰ অন্তত ভংগ তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনশন। তেজস্বিনীৰ অধক্ষ্যা নমিতা চাহুয়ে নাৰী ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি ফাঁচী দিয়া আইন বলৱৎ হোৱাৰ দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দৃষ্টিগোচৰ কৰিবলৈ চলিত মাহৰ ১৭ তাৰিখৰ পৰা ২৫ অক্টোবৰ লৈকে হোজাই জিলাৰ সদৰ শংকৰ দেৱ নগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আমৰণ অনশন বহিছিল।

হোজাই বিধায়ক শিলাদিত্যৰ আশ্বাসৰ অন্তত সম্প্ৰতি ভংগ কৰে অনশন, হোজাই বিধায়ক অনশন স্থলিত উপস্থিত হৈ দুঃসাহসিক মহিলা গৰাকীক যৎপৰোনাষ্টি চেষ্টা চলোৱাৰ আশ্বাস দিয়াৰ লগতে তেখেতৰ সকলো দাবী সমূহ বিধানসভাৰ সদনত উত্থাপন কৰাৰ লগতে লোকসভাৰ অধক্ষ্যৰ দৃষ্টিগোৰ কৰাৰ আস্বাস দিয়ে।

বিধায়কৰ গৰাকীয়ে মন্তব্য আগবঢ়াই কয় যে দূৰ্গা পূজাত মা দূৰ্গা অসুৰক বধ কৰে কিন্তু আজিৰ দিনৰ অসুৰক বধ কৰিবলৈ হলে কঠোৰ আইনৰ ব্যৱস্থা লাগে। বিধায়ক গৰাকীয়ে দুঃসাহসিক মহিলা গৰাকীৰ এনে কাৰ্য্যক ধন্যবাদ জনোৱাৰ ওপৰিও পুৰ্ণ সমৰ্থন আগঢ়ায়। বিধায়কৰ অনুৰোধ মৰ্মে দুৰ্গাপূজাৰ নৱমী দিনা অধক্ষ্যা নমিতা চাহুয়ে বিধায়কৰ হাতেৰে অ.আৰ.এচ খাই ভঙ্গ কৰে অনশন।

উল্লেখ্য যে নাৰী ধৰ্ষণকাৰী একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবীৰে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে প্ৰধান মন্ত্ৰীলৈ পঠোৱাৰ উদ্দেশ্যে চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই ৯ কি. মি যোৰা কাপোৰত হস্তাক্ষৰ অভিযান অব্যাহত ৰাখিছে। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে হোজাই জিলাৰ শংকৰদেৱ নগৰস্হিত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত চলিত মাহৰ যোৱা ১৭ তাৰিখৰ পৰা ১৯ লৈকে ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছিল আৰু চৰকাৰ ফালৰ পৰা কোনো সহাৰি নোপোৱাত ২০ তাৰিখৰ পৰা তেজস্বিনীৰ অসম প্ৰদেশ অধক্ষ্যা নমিতা চাহুয়ে জল আৰু অন্ন ত্যাগ কৰি অব্যাহত ৰাখিছিল আমৰন অনসন।

প্ৰত্যকজন নাৰীৰ নিশ্চিত ভাৱে সুৰক্ষিত ৰখাৰ দাবীৰে নাৰী নিৰ্যাতন কাৰীৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰখাৰ লগতে অতিশীঘ্ৰে অন্ধ্ৰপ্ৰদেশৰ দৰে “দিষা আইন” প্ৰণয়ন কৰাৰ দাবীৰ লগতে চৰকাৰে যদি কথোৰ আইন বলবৎ নকৰে তেন্তে পূণৰ কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰে সমিতিৰ অধ্যক্ষা নমিতা চাহুৱে। পূজাৰ সময়ত দুঃসাহসিক মহিলা গৰাকীয়ে কৰা এনে প্ৰচেষ্টাক হোজাই বিধায়কৰ লগতে অনান্য সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ মৃত্যুত শোক

দৈনন্দিন বাৰ্তা সেৱা, হোজাইঃ অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতি, প্ৰাক্তন অধ্যাপক ড০ কাৰাম ইবুঙহন সিংহ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যৰ খবৰ পাই হোজাই নতুন বজাৰৰ গীতামন্দিৰ স্থিত নিজ বাসবভনত আত্মীয়স্বজন তথা অসংখ্য গুণমুদ্ধই ভিৰ কৰে, পিছত তেখেতৰ নশ্বৰদেহ অন্তিম দৰ্শনৰ বাবে মণিপুৰী সাহিত্য পৰিষদৰ জিলা কাৰ্য্যালয় লৈ অনা হয়।

প্ৰয়াত সভাপতি গৰাকীৰ নশ্বৰ দেহত পৰিষদৰ কেন্দ্ৰীয়, জিলা নেতৃত্ব তথা অনান্য গুণমুদ্ধ সকলে পুষ্পাঞ্জলি দি অন্তিম দিবায় জনায়। প্ৰয়াত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিধ গৰাকীৰ বিদেহী আত্মাৰ সদগতি কানমনা কৰি তথা শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰি অসম মণিপুৰী সাহিত্য পৰিষদৰ হোজাই জিলা কমিটিৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হয়।

তেখেতৰ মৃত্যুত মণিপুৰী সমাজৰ অপুৰনীয় ক্ষতি বুলি বিভিন্ন জনে অভিহিত কৰে। ড০ কাৰাম ইবুঙহন সিংহ অধ্যাপকৰ লগতে মণিপুৰী সাহিত্য পৰিষদৰ ওপৰিও নগাওঁ জিলা মণিপুৰী ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক উপ-সভাপতিৰ লগতে অনান্য সামাজিক কাম সমূহৰ লগত জৰিত আছিল।

মৃত্যৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। হোজাই প্রেছ ক্লাবৰ সভাপতি তথা “হোজাই দৰ্পন” সাপ্তাহিক কাকতৰ মূখ্য সম্পাদক সঞ্জিত সৰকাৰেও প্ৰয়াত শিক্ষাবিধ ড০ কে আই সিংহৰ বিদেহী আত্মাৰ সাদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

বিলাসীপাৰাত এইবাৰ অনুষ্টপীয়াকৈ দেৱী-দূৰ্গাৰ বিসৰ্জন

দৈনন্দিন বাৰ্তা সেৱা, বিলাসীপাৰাঃ সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো এইবাৰ অনুষ্টপীয়াকৈ দেৱী -দূৰ্গা বিসৰ্জন। কোৰোনা মহামাৰী সংক্রামনৰ ভয়াবহতাৰ বাবে আজি বিজয়া দৰ্শমীৰ দিনাখনতো, হিন্দু ধৰ্মলন্বী লোক সকলৰ মাজত নাই আগৰ দৰে উল্লাস-উদ্দীপনা।

বিগত বছৰ সমূহৰ তুলনাত বিলাসীপাৰা বানিয়া পাৰা ঘাটত ৰেড ক্রচ চচাইটিৰ সহযোগত এইবাৰ অনুষ্টপীয়াকৈ দেৱী-দূৰ্গাক বিসৰ্জন দিয়া হয়।

দেৱী-দূৰ্গাৰ বিসৰ্জনৰ সময়ত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহী, মহকুমাধিপতি মৃদুল যাধৱ, মহকুমা আৰক্ষী প্ৰশাসন, বিলাসীপাৰা মহকুমাৰ বিভিন্ন বিভাগৰ বিষয়া বৰ্গৰ লগতে হিন্দু ধৰ্মলন্বী ৰাইজ উপস্থিত থাকে।

বিধায়ক শ্বেৰমান আলিৰ মিঞা মিউজিয়ামৰ প্ৰস্তাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ আজি জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয় কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তৱ্য কৰা বিষয়কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক পদ্ম হাজৰিকাই৷

বিধায়ক গৰাকীৰ কয় মোৰ নাম তালিকাত আছে যদিও মই কোনো মিটিংত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞাঁ সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই৷ মই উপস্থিত নথকাকৈয়ে মোৰ নামটো একাংশ সংৱাদ ক্ষেত্ৰত প্ৰকাশ কৰি থকাটোত মই আশ্চৰ্য্য প্ৰকাশ কৰিছো৷ মই থকা কোনো সভাত মিঞাঁ সংগ্ৰাহলয়ৰ প্ৰস্তাৱ লবলৈ নিদিলোহেতেঁন৷

বিধায়ক গৰাকীয়ে লগতে কয় শ্বেৰমান আলিহঁতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হব পৰা কোনো কাৰ্য্য আমি অসমত হবলৈ নিদিওঁ৷ অসমৰ সকলো দল সংগঠন এনে কাৰ্য্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ অজিত ভূঞাঁৰ দৰে এজন সাংসদে বদৰুউদ্দিনৰ দৰে মানুহক মূখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত মই এজন ভাল অসমীয়া হিচাপে লজ্জা অনুভৱ কৰিছো৷

আজি জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত এক সংবাদমেল যোগে বিধান সভাৰ বিভাগীয় সংসদীয় কমিটিত বিধায়ক গৰাকী উপস্থিত থকা বুলি একাংশ ৰাজনৈতিক ব্যক্তিয়ে মন্তৱ্য কৰা বিষয়কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তালিকাত পদ্ম হাজৰিকাৰ নামটোক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক পদ্ম হাজৰিকাই৷ বিধায়ক গৰাকীৰ কয় মোৰ নাম তালিকাত আছে যদিও মই কোনো মিটিংত উপস্থিত নাই আৰু শংকৰদেৱ কলাক্ষেত্ৰত মিঞাঁ সংগ্ৰাহলয় স্থাপনৰ প্ৰস্তাৱো দিয়া নাই৷

মই উপস্থিত নথকাকৈয়ে মোৰ নামটো একাংশ সংৱাদ ক্ষেত্ৰত প্ৰকাশ কৰি থকাটোত মই আশ্চৰ্য্য প্ৰকাশ কৰিছো৷ মই থকা কোনো সভাত মিঞাঁ সংগ্ৰাহলয়ৰ প্ৰস্তাৱ লবলৈ নিদিলোহেতেঁন৷ বিধায়ক গৰাকীয়ে লগতে কয় শ্বেৰমান আলিহঁতে আমাৰ বৰঘৰত হাত দিয়াৰ সাহস গোটাইছে৷ খিলঞ্জীয়াৰ অস্তিত্ব বিঘ্নিত হব পৰা কোনো কাৰ্য্য আমি অসমত হবলৈ নিদিওঁ৷

অসমৰ সকলো দল সংগঠন এনে কাৰ্য্যৰ বিৰুদ্ধে ওলায় নাহিলে অসমৰ অস্তিত্ব বিপন্ন হোৱাটো নিশ্চিত বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ অজিত ভূঞাঁৰ দৰে এজন সাংসদে বদৰুউদ্দিনৰ দৰে মানুহক মূখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি কোৱা বিষয়টোত মই এজন ভাল অসমীয়া হিচাপে লজ্জা অনুভৱ কৰিছো৷ 

কয়লা কেলেংকাৰীত অভিযুক্ত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক ৩ বছৰৰ কাৰাদণ্ড

দৈনন্দিন বাৰ্তা সেৱাঃ ১৯৯৯ চনত ঝাৰখণ্ডত কয়লা কেলেংকাৰীত অভিযোগত আজি প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক তিনি বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয়। দিলীপ ৰয়ৰ বাহিৰেও চিবিআইৰ বিশেষ আদালতে অন্য দুজন লোকক তিনিবছৰৰ বাবে কাৰাদণ্ড দিয়ে।

বিশেষ ন্যায়াধীশ ভাৰত পৰাশৰে দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে প্ৰত্যেকৰে ১০ লাখ টকাৰ জৰিমনা ঘোষণা কৰে। ১৯৯৯ চনত ঝাৰখণ্ডৰ গিৰিডিহস্থিত ব্ৰহ্মডিহা কয়লা ব্লকৰ চিটিএলৰ স’তে সম্পৰ্কিত ঘটনাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ নাম সাঙুৰ খাইছিল।