Home Blog Page 3243

ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ উপ-সভাপতি পদত লক্ষ্য কোঁৱৰ

দৈনন্দিন বাৰ্তা সেৱাঃ অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ উপ-সভাপতি হিচাপে নির্বাচিত হৈছে৷ যোৱা ২০ অক্টোবৰত দিল্লীৰ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ সভাত লক্ষ্য কোঁৱৰে উপ-সভাপতি পদৰ বাবে নির্বাচনত অংশগ্রহণ কৰি মনোনয়ন পত্র দাখিল কৰিছিল৷ লক্ষ্য কোঁৱৰ উপ-সভাপতি হিাচপে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷

লক্ষ্য কোঁৱৰ ফেডাৰেশ্যনৰ পাঁচগৰাকী উপ-সভাপতিৰ ভিতৰত অন্যতম সদস্য হ’ব৷ উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত ফেডাৰেশ্যনত এনে শীর্ষ পদ লাভ কৰা একমাত্র ব্যক্তি হিচাপে পৰিগণিত হৈছে লক্ষ্য কোঁৱৰ৷ লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ লগতে অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক উপদেষ্টা সমিতিৰ সদস্য সচিব হিচাপে কার্যনির্বাহ কৰি আছে৷

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পৱাৰ আক্ৰান্ত হৈছে কোৰোনাত

দৈনন্দিন বাৰ্তা সেৱাঃ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পৱাৰ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। সোমবাৰে স্বাস্থ্য ৰৰীক্ষাৰ পিছতেই তেওঁৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। অজিত পৱাৰক বৰ্তমান মুম্বাইৰ এখন হস্পাতালত ভৰ্তি কৰোৱা হৈছে।

শেহতীয়াকৈ নিজৰ টুইটাৰযোগে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৰোনা টেষ্ট কৰাবলৈ আহ্বান জনায় তেওঁৰ স্বাস্থ্য বৰ্তমান যথেষ্ট উন্নত বুলি উল্লেখ কৰিছে।

পিয়াজে নহয়, এইবাৰ পিয়াজৰ মূল্যই কন্দোৱাব আপোনাক

দৈনন্দিন বাৰ্তা সেৱাঃ দৈনন্দিন জীৱনত লাগতিয়াল সামগ্ৰী মূল্য বৃদ্ধিয়ে দেশৰ জনগনক জুৰুলা কৰাৰ সময়তে পুনৰ মূল্য বৃদ্ধি হল বহু কেইবিধ অত্যাবশ্যকীয় সামগ্ৰীৰ। কোনো সামগ্ৰীৰ দাম তেতিয়াই বৃদ্ধি পাই, যেতিয়া সেই সামগ্ৰী বিধৰ উত্‍পাদন কমি যায়। পিঁয়াজৰ লগতো অনুৰূপ ঘটনাই সংঘটিত হৈছে। আমাৰ দেশত পিঁয়াজ সৰ্বাধিক উত্‍পাদন হয় মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰৰ নাচিক, আহমদনগৰ, পুণে, ধুলে. শোলপুৰত সৰ্বাধিক পিঁয়াজৰ খেতি হয়। মহাৰাষ্ট্ৰৰ পিছত কৰ্ণাটক, গুজৰাট, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধপ্ৰদেশত পিঁয়াজৰ খেতি প্ৰচুৰ পৰিমানে কৰা হয়। চলিত বৰ্ষত হোৱা তীব্ৰ বৃষ্টিপাতৰ ফলত লাখ-লাখ একৰ ফচল নষ্ট পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰৰ যি ঠাইত পিঁয়াজ সৰ্বাধিক উত্‍পাদন হয়, সেই ঠাইতো অধিক পৰিমাণে এইবাৰ বৰষুণ হৈছে। যদিও কোৰোনা মহামাৰীৰ ফলত হোৱা ল’কডাউনৰ বাবে হোটেল, ধাবা আদি বন্ধ আছিল।

ইয়াৰ বাবে পিঁয়াজৰ মূল্য স্থিতাৱস্থাত আছিল। এতিয়া লাহে-লাহে হোটেলসমূহ খোলাৰ পিছত সমগ্ৰ দেশতে পিঁয়াজৰ দাম আচৰিত বৃদ্ধি হৈছে। বৰ্তমান ৭০-৮০ টকা বিক্ৰী হোৱা পিঁয়াজৰ মূল্য বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতি কেজিত ১২০ৰ পৰা ১৫০ টকা পৰ্যন্ত বাঢ়িব পাৰে। পিঁয়াজৰ উত্‍পাদন কৰা ৰাজ্যত বানপানী আৰু বৰষুণৰ বাবে ফচল সমূহ নষ্ট হৈ গৈছে।

মাস্কৰ নিপিন্ধিলে নাপাব চৰকাৰী সুবিধা

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দেশে কোৰোনাৰ বিৰুদ্ধে যুজিঁবলৈ বিভিন্ন পন্থা অৱলম্বন কৰা দেখা গৈছে। শেহতীয়াকৈ বাংলাদেশ চৰকাৰে গ্ৰহন কৰিছে এক সুন্দৰ প্ৰদক্ষেপ। বাংলাদেশ চৰকাৰে আৰম্ভ কৰিছে ন মাস্ক-ন চাৰ্ভিছ নীতি।

যদিহে কোনো লোকে চৰকাৰ কোনো ধৰণৰ সেৱা গ্ৰহণ কৰিব বিচাৰে তেন্তে মাস্ক পৰিধান কৰিবই লাগিব। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বহা কেবিনেটে বাংলাদেশত ন মাস্ক-ন চাৰ্ভিছ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে লগতে কোনো লোককে মাস্ক নিপিন্ধাকৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলিও সিদ্ধান্ত লয়।

আজি বিজয়া দশমী, ধৰা এৰি আজি দেৱী দুৰ্গাই গমন কৰিব

Idol of Goddess Durga being immersed in the river Brahmaputra during Vijaya Dasami in Guwahati on Tuesday.

দৈনন্দিন বাৰ্তা সেৱাঃ মহামাৰী কোৰোনাৰ আতংকৰ মাজতে স্বাস্থ্য বিধি মানি জাক জমকতা অবিহনেই আধ্যাত্মিকতাক প্ৰাধান্য দি দেৱী দূৰ্গাৰ পূজা অনুষ্ঠিত কৰা হয়। কোৰোনাই ম্লান কৰা এইবাৰ পূজা সেমেকাই তুলিছে বৰষুণে। এইবাৰ মা দুৰ্গাৰ দোলাত ধৰালৈ আগমন হৈছিল আৰু দেৱী দুৰ্গাই গমন কৰিব হাতীৰে।

কোৰোনাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ লগতে ৰাজ্যৰ সকলো জিলাতে দুৰ্গাৰ বিৰ্সজনৰ বাবে প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰা দেখা গৈছে। গুৱাহাটী মহানগৰ প্ৰশাসনে প্ৰতিখন পুজা সমিতিৰ পৰা মূৰ্তি বিসৰ্জনৰ বাবে কেৱল মাত্ৰ ১০ জন লোকহে যাব পাৰিব বুলি নিয়ম বান্ধি দিছে। আনহাতে সাজু হৈ উঠিছে আভ্যন্তৰিন জল পৰিবহন বিভাগ।

প্ৰতিখন পূজা সমিতিৰ প্ৰতিমা বিসৰ্জনত ৫ জনকৈ জল পৰিবহনৰ লোকে সহায় কৰিব বুলি জানিব পৰা গৈছে। মহানগৰীত দেৱী বিসৰ্জনৰ বাবে ৫ খন ঠাই বা বিসৰ্জন ঘাট সাজু কৰা হৈছে। তিনি দিনৰ বাবে এই ঘাট সমূহত কমিটি সমূহে দেৱীৰ প্ৰতিমা বিসৰ্জন দিব পাৰিব বুলি প্ৰশাসনে জানিবলৈ দিছে।

সেই ঘাট সমূহ ক্ৰমে- পাণ্ডু ঘাট, কাচমাৰী ঘাট, চুনচালী ঘাট, সাউকুছি ঘাট আৰু আজাৰা ঘাট। এইবাৰ দেৱী বিসৰ্জনৰ সময়ত সমিতি সমূহে কোনো ধৰনৰ শোভাযাত্ৰা কৰিব নোৱাৰিব। পূৱা ১০ বজাৰ পৰা ৬ বজালৈ এই ঘাট সমূহত দেৱী বিসৰ্জনৰ ব্যৱস্তা কৰা হৈছে।

আই পি এল’ত আজি কলকতা বনাম পাঞ্জাৱ

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি কলকতাৰ মুখামুখি হ’ব পাঞ্জাৱ। চলিত বৰ্ষত কলকতাই ১১ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ১১ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৫ নম্বৰত স্থানত অৱস্থান কৰিছে৷

আজিৰ কলকতা বনাম পাঞ্জাৱ খেলখন শাৰজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

জামুগুৰিহাটত প্ৰকাণ্ড দতাল হাতীৰ মৃত্যু, খাদ্যত বিষক্ৰীয়াৰ সন্দেহ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীৰ গাড়ীবাটত কালি এটি  প্ৰকাণ্ড দতাল বনৰীয়া হাতী মৃত অৱস্থাত পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত নিশা জনাঞ্চললৈ ওলাই আহি খলিহামাৰীৰ সমীপত মৃত্যু হোৱা হাতীটো পুৱা স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি বনবিভাগক অৱগত কৰে। পিছত ঘটনা স্হলীত বনবিভাগৰ লোক উপস্থিত  হৈ  হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।

বনবিভাগৰ লোকে  প্ৰকাণ্ড দতাল হাতীটো খাদ্যত হোৱা বিষ ক্ৰীয়াৰ ফলতেই মৃত্যু হোৱা  বুলি সন্দেহ প্ৰকাশ কৰিছে। মৃত্যু হোৱা হাতীটোৰ বয়স  আনুমানিক ৪৫বছৰ বুলি বনবিভাগে জানিবলৈ দিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটৰ দক্ষিণাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই নিশাৰ ভাগত ওলাই অহা কেইবাটাও হাতী মৃত্যুৰ মুখত পৰিছে।

টিংখাঙৰ বৰবাম গাঁও পঞ্চায়ত সদস্যৰ মৃত্যু

দৈনন্দিন বাৰ্তা  সেৱা, টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ বৰবাম গাঁও পঞ্চায়তৰ সদস্য তথা কেছেৰুগুৰি গাঁৱৰ সৰবৰহী যুৱক প্ৰাঞ্জল গগৈৰ(৪০)শনিবাৰৰ পুৱা প্ৰায় ৪-৩০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। উচ্চৰক্ত চাপত গুৰুতৰভাৱে আক্ৰান্ত হোৱাৰ বাবে শুক্ৰবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল। প্ৰাঞ্জল গগৈ কভিড ১৯-ত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত পত্নী একমাত্ৰ সন্তানসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। অতি অমায়িক স্বভাৱৰ প্ৰাঞ্জল গগৈ পঞ্চায়তখনৰ দুই নং কেছেৰুগুৰি ৱাৰ্ডৰ সদস্যৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। প্ৰাঞ্জল গগৈৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ পানীবিল বগাদাত অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। ভাৰতীয় জনতা পাৰ্টী, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰাঞ্জল গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

কোনো কাৰণত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’বঃ অতুল বৰা

দৈনন্দিন বাৰ্তা সেৱাঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰা প্ৰসংগক লৈ বিতৰ্কত  শেহতীয়াকৈ মুখ খুলিছে অতুল বৰাই। অগপৰ সভাপতি গৰাকীয়ে কয় যে, শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ সাংস্কৃতিক সত্ত্বাৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ অসম চুক্তিৰ ফলত হোৱা শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব৷

মন্ত্রী গৰাকীয়ে লগতে কয়, শ্বেৰমান আলীক ভৱিষ্যতে তেনে মন্তব্য নিদিবৰ বাবেও আহ্বান জনায়৷ মিঞা সংগ্ৰহালয় স্থাপনৰ কথা ক’বলৈ অজিত ভূঞাৰ দৰে লোকৰ বাবেহে সাহস কৰিছে।

দেশবাসীক বিজয়া দশমীৰ শুভকামনা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

দৈনন্দিন বাৰ্তা সেৱাঃ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক বিজয়া দশমীৰ শুভকামনা জ্ঞাপন কৰে। কোৰোনা ভাইৰাছৰ প্ৰভাৱৰ পৰা ভাৰতৰ সকলোকে ৰক্ষা কৰি সমৃদ্ধিৰ আৰু আনন্দৰে ভৰি পৰাৰ কামনা কৰি নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে শুভকামনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।