Home Blog Page 3244

চি বি এচ ই পৰীক্ষাত নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দুই কৃৰ্তিমানে

নগাঁও, ১৯ জুলাই: সদ্যঘোষিত চি বি এচ ই পৰীক্ষাত মেধাৰ দৌৰত পুনৰ  প্ৰত্যাশিতভাৱে জিলিকিছে নগাঁও জিলাৰ কেইবাগৰাকীও ছাত্র-ছাত্ৰী। চি বি এচ চি পৰীক্ষাত নগাঁৱৰ নেচনেল একাডেমিৰ পৰা প্ৰথম স্থান দখল কৰি ৯৮ শতাংশৰে এনিশা পৰাশৰ আৰু  ৯৭ শতাংশৰে দ্বিতীয় স্থান দখল কৰি হিৰক জ্যোতি বিকাশে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে । নগাঁও চহৰৰ নিবাসী অংকুৰ শৰ্মা আৰু অনুভা শৰ্মাৰ জীয়ৰী এনিশা পৰাশৰ আৰু খনিন্দ্ৰ মোহন দাস আৰু হীৰা দাসৰ পুত্ৰ হীৰক জ্যোতি বিকাশৰ সাফল্যত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে নগাঁওবাসীয়ে কৃৰ্তিমান দুগৰাকীক শলাগ লয়।

ওৰাঙত ২০ গৰাকী কৃতিমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান সমাজ সেৱক অমৰ বৰুৱাৰ

ওৰাং : ওদালগুৰি জিলাৰ ওৰাঙৰ ধনশ্ৰীঘাটত ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আৰ্থিক সাহাৰ্য বিতৰণ সমাজ সেৱক অমৰ বৰুৱাৰ । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মুঠ ২০ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰত্যেককে বিতৰন কৰে ৫০০০ হাজাৰ কৈ আৰ্থিক সাহাৰ্য। মহামাৰী কৰোনা ভাইৰাছৰ সময়ত নিজৰ উপাৰ্জিত ধনেৰে পৰীক্ষাত ভাল ফলাফল লাভ কৰা অতি দৰিদ্ৰ পৰিয়ালৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰন কৰে আৰ্থিক এই সাহাৰ্য । লগতে ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাও জনায় উক্ত অনুষ্ঠানত । পিছপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰেৰণা যোগোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে সমাজ সেৱক অমৰ বৰুৱাই । অতি পিছপৰা অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণত কিছু সকাহ দিয়াৰ বাবে এই আৰ্থিক সাহায্য আগবঢ়াই সমাজ সেৱক অমৰ বৰুৱাই। ছাত্ৰ ছাত্ৰী সকলে অমৰ বৰুৱাই আগবঢ়োৱা সহায় আৰু সম্বৰ্ধনা গ্ৰহণ কৰি সুখী হোৱাৰ লগতে ধন্যবাদ জনায় অমৰ বৰুৱাক। আৰ্থিক দৰিদ্ৰতাই যাতে মেধাবী ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে তাৰ বাবে অমৰ বৰুৱাই আগবঢ়োৱা সাহাৰ্য গ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰে ছাত্ৰ ছাত্ৰী সকল। আৰ্থিক সাহায্যৰ উপৰিও পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰী সকলে অমৰ বৰুৱাই ছাত্ৰ ছাত্ৰী সকলক উৎসাহ জগোৱাত অনুপ্ৰাণিত হয়। অমৰ বৰুৱাৰ এই প্ৰশংসনীয় পদক্ষেপক সকলোৱে এতিয়া শলাগ লৈছে । অমৰ বৰুৱাৰ এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক কৃষ্ণ বৰা, অৱসৰ প্ৰাপ্ত শিক্ষক মন্টু বসুমতাৰী, নলবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক দীনেশ্বৰ বৰুৱা, গেলাবিল হাই স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ দে, ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি।

বিভিন্ন সমস্যাৰে জৰ্জৰিত তৰুন নগৰ : নিৰ্মীয়মাণ পথৰ বুজ ললে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ তৰুন নগৰ অঞ্চলত কৃত্ৰিম বান নতুন কথা নহয় ৷ বছৰ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলত বাসিন্দাই কৃত্ৰিম বানৰ সমস্যাত দুৰ্ভোগ ভুগি আহিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰ খনে মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমধানৰ বাবে বৃহৎ পৰিকল্পনা গ্ৰহন কৰিছে ৷ এই ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ, গুৱহাটী পৌৰনিগম, গড়কাপ্তানি বিভাগে অতি ক্ষীপ্ৰতাৰে কাম কৰি আহিছে ৷ ইতিহাস তৰুন নগৰ অঞ্চলত বিভিন্ন নলা – নৰ্দমাৰ লগতে পথ সমুহ নিৰ্মাণ কৰি থকা হৈছে ৷ সাম্প্ৰতিক লকডাউন বাবে কাম সমুহ নিয়ৰীকৈ আগবঢ়াই নিব পৰা নাই ৷ অৰ্ধনিৰ্মিত কামৰ বাবেই এই অঞ্চলত বিগত বৰ্ষত কৈ চলিত বৰ্ষত কৃত্ৰিম বানৰ পৰিমান যঠেষ্ট বৃদ্ধি পাইছে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আজি গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তৰুন নগৰ অঞ্চল পৰিদৰ্শন কৰে ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্মীয়মাণ পথ – নলা – নৰ্দমা সমুহ পৰিদৰ্শন কৰে ৷ অৰ্ধনিৰ্মিত নলা , নৰ্দমা ,পথ সমুহৰ সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে স্হানীয় ৰাইজে কৃত্ৰিম বানৰ বাবে বিভিন্ন সমস্যা সন্মুখীন হৈছে ৷ বিশেষকৈ অৰ্ধনিৰ্মিত বাট পথ সমুহ সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে পানী সমুহ ওলাই যাব পৰা নাই ৷ সেইবাবেই এই বৰ্ষত তৰুন নগৰ অঞ্চলত কৃত্ৰিম বানৰ পানী কেইবাদিনো ধৰি ৰৈ আছে ৷ লকডাউনৰ বাবেই শ্ৰমিকৰ সমেস্যাৰ সৃষ্টি হৈছে ৷ সেই বাবেই প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে যদিও ৪০ শতাংশ কাম সমাপ্ত হোৱা নাই ৷ অহা এমাহৰ ভিতৰত সম্পূৰ্ণ কাম কৰিবলৈ নিৰ্মীয়মাণ প্ৰতিষ্ঠানক নিৰ্দেশ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ তেওঁ লগতে কয় যে যোৱা ১৪ বছৰৰ তুলনাত এই বছৰ বৰষুণৰ পৰিমান যঠেষ্ট বেছি ৷ সেইবাবে মহানগৰীৰ কিছু অঞ্চলত কৃত্ৰিম বান হোৱা দেখা গৈছে ৷তথাপি তাৎক্ষণিক ভাবে সমধানৰ বাবে পাম্পৰ জৰিয়তে পানী নিস্কাষন কৰা হৈছে ৷ মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময় চোৱাত স্হানীয় বাসিন্দা তথা কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহন বিষয়া গৌতম দাসে বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰী গৰাকীক অবগত কৰে ৷ উল্লেখ্য যে মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময়ছোৱাত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিকা, মুখ্য অভিযন্তা দেবজিত দাস, জি এম ডি এৰ মুখ্য কাৰ্য্যবাহী বিষয়া উমানন্দ দলে, গড়কাপ্তানি বিভাগৰ কাৰ্য্যকাৰী অভিযন্তা হেমান্ত দেউৰী ভৰালী , অতিৰিক্ত আয়ুক্ত পুলক মহন্ত , জলবৰ্ডৰ উচ্চপদস্থ বিষয়াৰ লগতে অ , এছ ডি নাৰায়ন আগৰৱাল উপস্থিত থাকে ৷ ইপিনে মন্ত্ৰী গৰাকীয়ে তৰুন নগৰ অঞ্চলত সমস্যাৰ বুজ লোৱাৰ বাবেই স্হানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷

মাজুলীৰ ৰাজহ চক্ৰ বিষয়াৰ খহনীয়া এলেকা পৰিদৰ্শন : সাহাৰ্য সামগ্ৰী বিতৰন

উজনি-মাজুলীঃ মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাই শণিবাৰে আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হোতাৰৰ খহনীয়া আক্ৰান্ত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত চক্ৰ বিষয়া গৰাকীয়ে হোতাৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ টাৰ্পোলিন আৰু সাহাৰ্য সামগ্ৰী আগবঢ়ায়। চক্ৰ বিষয়া বৰুৱাই ইয়াৰ পাছতে আঁহতগুৰি হাইস্কুলৰ বান-সাহাৰ্য শিবিৰো পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। একেদিনাই চক্ৰ বিষয়াগৰাকীয়ে দক্ষিণ আঁহতগুৰিৰ নমাটি, দালিজলিয়া আৰু নৰমাৰীৰ খহনীয়া আক্ৰান্ত এলেকাও পৰিদৰ্শন কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগু দেহত কৰ’না পজিটিভ । উপায়ুক্ত কাৰ্যালয়, বাংলো কণ্টেনমেণ্ট জ’ন ঘোষনা।

তিনিচুকীয়া : কৰনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তিনিচুকীয়াত। তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ধৰা পৰিছে কৰনা ভাইৰাছ । কালি সন্ধিয়া উপায়ুক্ত গৰাকীৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ পিচতে তেওঁক বাংলোতে আইছলেশ্যনত ৰখা হৈছে । আজি উপায়ুক্তৰ কাৰ্যালয় আৰু বাংলো কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষনা কৰা হয় । উপায়ুক্ত ভাস্কৰ পেগু আৰোগ্য নোহোৱালৈকে জিলা উন্নয়ন আয়ুক্ত সাৰাংগপানি ৰ্শমাক ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত হিচাপে দ্বায়িত্বভাৰ দিয়া হৈছে । অন্যহাতে কালি দিনৰ ভাগত বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তক মন্ত্ৰী সঞ্জয় কিষান, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে অইলৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত চেক বিতৰণ কৰিছিল উপায়ুক্ত ভাষ্কৰ পেগুৱে। ইফালে উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী সাংবাদিকো উপস্থিত আছিল।উপায়ুক্ত গৰাকীৰ কৰনা পজিটিভ ধৰা পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু জিলাখনত অহা বুধবাৰৰ পৰা নগৰাঞ্চলত সম্পূৰ্ণ ল’কডাউন হোৱাৰ পূৰ্ণ সম্ভাবনা আছে ।

ক’ৰোনাত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি : পশ্চিম বংগ, বিহাৰ, ওড়িশ্যা, অসমলৈ পত্ৰ কেন্দ্ৰৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

দিনক দিনে ক’ৰোনাত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে দেশৰ চাৰিখন ৰাজ্যত ৷ পশ্চিম বংগ, বিহাৰ, ওড়িশ্যা আৰু অসমত ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰই চিঠি দিছে ৷ চিঠিত কনটেনমেণ্ট জ’নত কঠোৰ হৈ লকডাউন কৰিবলৈ আৰু মৃত্যুৰ হাৰ এক শতাংশৰ তলত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাটত যিদৰে গড় হিচাপত দিনে দুহেজাৰকৈ সংক্ৰমিত হৈছে, সেইবোৰৰ বিপৰীতে এই চাৰিখন ৰাজ্যলৈ চিঠি দিয়াক লৈ ৰাজনীতি আছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ চিঠিত প্ৰতি এক লাখৰ ভিতৰত নূন্যতম ১৪ জনৰ ক’ৰোনা পৰীক্ষা কৰিবলৈ কোৱা হৈছে ৷ লগতে সেই পৰীক্ষাত ১০ শতাংশৰ বেছি মানুহ যাতে আক্ৰান্ত নহয় তাৰ প্ৰতিও দৃষ্টি দিবলৈ কোৱা হৈছে ৷ এই সংক্ৰমণ কমাবৰ বাবে কেইটামান ঔষধৰ কথা উল্লেখ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচাব লৱ আগৰৱালাই৷ পত্ৰখনত উল্লেখ কৰিছে যি কনটেনমেণ্ট জ’নত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব ৷ একেদৰে তীক্ষ্ণ নজৰ ৰাখিব লাগিব বাফাৰ জ’নতো ৷ তাৰ লগতে ক’ৰোনা পৰীক্ষা বঢ়াব লাগিব৷ যোৱা কেইটামান দিনত যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ সংস্পৰ্শলৈ অহা ব্যক্তিক তৎকালে চিনাক্ত কৰিব লাগিব ৷ অহা তিনি দিন তেওঁলোকক আইচলেচনত ৰখা হ’ব ৷ তেওঁলোকৰ মাজত উপসৰ্গ দেখা দিছে নেকি সেয়া নজৰত ৰখা হ’ব ৷ 

হোজাইত গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।

হোজাই : হোজাইৰ পূব আমতলা গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছোনিয়া দেৱী নামৰ এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী ছমাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে। ইফালে স্বামী দিলীপ কুমাৰৰ বিৰুদ্ধে উঠিছে পত্নীক হত্যা কৰাৰ অভিযোগ। পত্নীক হত্যা কৰি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ আনিছে  মৃতকৰ আত্মীয়ই। আত্মীয়ৰ অভিযোগ, স্বামী দিলীপে প্ৰায়েই মাৰপিট কৰি আহিছিল পত্নী ছোনিয়াক। ইতিমধ্যে মৃত গৰ্ভৱতী মহিলাৰ পৰিয়ালে স্বামী পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত তথ্য উদঘাটনৰ বাবে চলাই গৈছে তদন্ত।

খাদ‍্য সংকটত বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকূল।

দৈনন্দিন বাৰ্তা ডেস্ক :

গঁড়, হাতী, পহুৰ অবাধ বিচৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান। বয়ষ্ক অসুস্থ গঁড়ৰ অৱস্থা ৰাষ্ট্ৰীয় পথৰ কাষত খাদ‍্যৰ অভাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকূল এতিয়া দিশহাৰা। খাদ‍্য বিচাৰি জীৱকূলৰ জনাঞ্চলত অবাধ বিচৰণ।বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভাগৰ জলস্তৰ হ্ৰাস হৈছে যদিও কমা নাই জীৱকূলৰ বিপদ। বিশেষকৈ পহু, হাতী আৰু গঁড় ৰাষ্ট্ৰীয় উদ‍্যানখনত খাদ‍্যৰ অভাৱ হোৱাৰ বাবে উদ‍্যানখনৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে অৱস্থান লোৱা দেখা গৈছে।শনিবাৰে পুৱাৰে পৰা কুঠৰী অঞ্চলৰ বাঘমাৰীত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা জলাশয়ত এটা গঁড়ে অৱস্থান লৈ আছে। ভোকাতুৰ বয়ষ্ক আৰু অসুস্থ গঁড়টোৰ বাবে খাদ‍্য আৰু ভিটামিনৰ যোগান ধৰাৰ লগতে নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই। গঁড়টোৰ সুৰক্ষাৰ বাবে যান-বাহন নিয়ন্ত্ৰণত বনৰক্ষী আৰু আৰক্ষী প্ৰশাসন ব‍্যস্ত হৈ পৰিছে। বিয়লি বেলালৈ গঁড়টো কিছু সুস্থ হৈ ঘাঁহ খাইছে যদিও সেই ঠাইৰ পৰা আঁতৰি যোৱা নাই।উল্লেখযোগ‍্য যে, ঠিক একে স্থানতে স্থানীয় বাসিন্দাৰ পাকঘৰৰ পৰা এজনী ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ কৰাৰ পিছত শুকুৰবাৰে বিয়লি দেওচুৰত এটা প্ৰকাণ্ড গঁড় ৰাষ্ট্ৰীয় পথত বিচৰণ কৰিছিল।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত সামগ্ৰী বিতৰণ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

বিশ্বসন্ত্ৰাস সৃষ্টিকাৰী কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত তিনি সপ্তাহ ধৰি একেৰাহে গুৱাহাটী মহানগৰীত প্ৰযোজ্য হৈ আছে লকডাউন ৷ যাৰ ফলস্বৰূপে এচাম শ্ৰমজীৱী মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে ৷ একাংশ দৰিদ্ৰ পৰিয়ালে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সেইবাবেই মহানগৰীৰ বিভিন্ন অঞ্চলত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী যোগান ধৰে ৷ আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত ৰূপনগৰ, জনকপুৰ, বিৰুবাৰী’ চোলাপাৰ, অঞ্চলত প্ৰায় ছয় শতাধিক পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীব দাস, কাৰ্য্যকৰী সভাপতি দেৱশিষ সেনগুপ্ত, যুৱ ব্যৱসায়ী বিজয় ৰাজবংশীৰ উপস্থিতিত চাউল, দাইল, মিঠাতেল, নিমখৰ লগতে অন্যান্য সামগ্ৰী বিতৰণ কৰে ৷ এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকে বিশেষ সহযোগিতা আগবঢ়ায় ৷

ৰোগতকৈ ভোকহে হ’বগৈ চ’ৰা।

অংশুমান ভূঞা

বিগত বৰ্ষৰ শেষৰ পিনে চীনদেশত উদ্ভৱ হোৱা কালান্তক কৰ’নাৰ সংহাৰী ৰূপৰ ফলত আজি বিশ্ববাসী থৰহৰি কম্পমান।দিন অতিক্ৰম যিমানেই কৰিছে ইয়ো যেন সিমানেই খুঁ‌টি পুতি বহিছেহি।ফলত এই অচিন শত্ৰুৱেই আজি সমগ্ৰ বিশ্বৰ বাবেই ২০২০চনটো এক অভিশপ্ত বৰ্ষত পৰিগণিত কৰিছে।আমাৰ দেশলৈ ইয়াৰ সংক্ৰমণ হোৱাৰ পাছতো আমাৰ ৰাজ্যখন ভালেমান দিনলৈ আশ্বস্ত হৈ আছিলো।কিন্তু আজি সেই পৰিৱেশ নাই।ৰাজ্যৰ চাৰিওফালে ইয়াৰ সংহাৰী ৰূপ।দিনক দিনে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইহে আছে।স্বাস্থ্য বিভাগ, প্ৰশাসন সকলো যুঁ‌জি যুঁ‌জি ভাগৰি পৰিছে, দিশহাৰা হৈছে। তেওঁলোকৰ অক্লান্ত শ্ৰম আৰু প্ৰচেষ্টাৰ পাছতো ৰাজ্যখনক সুৰক্ষিত ৰাখিব পৰা নাই। এই অদৃশ্য ভাইৰাছটোক প্ৰতিহত কৰাৰ উপায়স্বৰূপেই দেশব্যাপী তলাবন্ধ দিয়া হৈছিল। কোনো ধৰণৰ পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ দিয়া এই তলাবন্ধই মানুহক অবৰ্ণনীয় যন্ত্ৰণা দিলে। জনতাৰ দুৰ্ভোগৰ সীমা-সংখ্যা নোহোৱা হৈ পৰিল।সকলো উদ্যোগ-প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায় বন্ধ হৈ পৰাত অগণন লোকে কাম হেৰুৱালে। দিন হাজিৰা কৰা লোক, শ্ৰমিক, সৰু-সুৰা ব্যৱসায়ী, বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী, পৰিবহণ কৰ্মী আদি কৰ্মহীন হৈ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। খেতি পথাৰতে বহু কষ্টৰে উৎপাদিত ফচল গেলি-পচি গ’ল।বহুজনে হঠাতে এই কালধুমুহাত দিকবিদিক হেৰুৱাই আত্মহত্যাৰ দৰে কৰুণ পন্থাও হাতত ল’লে।ৰাজ্যখনৰ বাহিৰত কৰ্মৰত লোকসকলো কাম হেৰাই নিজ ৰাজ্যলৈ উভতি আহিল।এওঁ‌লোকে যে পৰিস্থিতি স্বাভাৱিক হ’লে আকৌ উভতি যাবলৈ ইচ্ছা কৰিব তাৰ কোনো আশা নাই। কিছুসংখ্যক ঘৰত পৰিয়ালৰ আটাইকেইজন থাকিবলৈয়ে ঠাইৰ অভাৱ হোৱাতো বাহিৰলৈ ওলাই গৈ থকা-খোৱাৰ দিহা কৰাৰ লগতে ঘৰখনকো আৰ্থিক সকাহ দিছিল।এতিয়া কৰ্মহীন হৈ পৰা এই লোকসকল আৰু পৰিয়ালবোৰ চৰম দুৰ্দশাত পৰিছে।এই দুৰ্বিষহ পৰিস্থিতিত তাৎক্ষণিক কৰ্মসংস্থাপন আকাশ কুসুম।প্ৰত্যাৱৰ্তন কৰা এই বৃহৎ সংখ্যক লোকে কি কৰি জীৱন যুঁজত বৰ্তি থাকিব তাকে ভাবি দিশহাৰা হৈ পৰিছে।এনেয়ে নিবনুৱা সমস্যাত ককবকাই থকা ৰাজ্যখনৰ বাবে ই এক চূড়ান্ত প্ৰত্যাহ্বান।দীৰ্ঘদিনীয়া তলাবন্ধই জনসাধাৰণলৈ কঢ়িয়াই অনা অবৰ্ণনীয় দুৰ্দশাৰ বাবেই তলাবন্ধত পৰ্যায়ক্ৰমে শিথিলতা অনা হ’ল যদিও মানুহক দুৰ্দশাই পাছ নেৰিলে।চাৰিওফালে মূল্যবৃদ্ধিৰ জোৱাৰ উঠিল।অতদিনৰ ব্যৱসায়িক লোকচান পূৰোৱাৰ যেন প্ৰতিযোগিতাতহে নামি পৰিল ব্যৱসায়ীসকল।চৰকাৰ নিৰ্ধাৰিত মূল্য ক’ৰবাত পৰি থাকিল, খাদ্য যোগান বিভাগটো যে অস্তিত্বহীন তাক আকৌ এবাৰ প্ৰমাণ কৰিলে।এনেয়ে কৰ্মহীন তাতে আকৌ মূল্যবৃদ্ধি, সাধাৰণ মানুহতো বাদেই এতিয়া আৰ্থিকভাৱে স্বচ্ছল মানুহখিনিৰো লাহে লাহে ক্ৰয় ক্ষমতা কমি আহিছে। নিত্য প্ৰয়োজনীয় বস্তুকেইপদৰ যোগাৰো বিলাসিতা যেন হৈ আহিল। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু নীতি-নিৰ্দেশনাৰ ভৰত যাতায়ত ব্যৱস্থাও পূৰ্বতকৈ দুগুণ-তিনিগুণ খৰচী হৈ পৰিল।বৰ্তমানলৈ চৰকাৰী কৰ্মচাৰীখিনিয়ে নিয়মিত দৰমহা পাই আহিছে যদিও এই দুৰৱস্থাৰ আশু সমাধান নহ’লে তাৰো মুদা পৰাৰ আশংকা আছে।চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ বিভিন্ন চমকপ্ৰদ আঁ‌চনি হাতত লৈছে যদিও সেয়া দুৰ্নীতিপৰায়ণ ৰাজ্যখনত প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ গৈ পোৱাৰ আগতেই অন্তৰ্ধান যে হ’ব খাটাং।তাৰ নমুনা ইতিমধ্যে পোৱা গৈছেই। আটা, দালি, চাউল আদি বিতৰণৰ যোগেদিও বৰ্তমান সাময়িক সকাহহে পাইছে।ইফালে পৰিস্থিতিৰ জটিলতাই উঠাই লোৱা তলাবন্ধ পুনৰাই ঠায়ে ঠায়ে প্ৰয়োগ কৰিবলগীয়া কৰিছে।সেয়ে সাধাৰণ মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছে। কিন্তু তলাবন্ধয়ো কৰ’নাক বশ কৰিব নোৱাৰাত এতিয়া ইয়াৰ ওপৰত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে।বাৰে বাৰে দি থকা তলাবন্ধই মানুহৰ দুৰৱস্থা দিনক দিনে কল্পনা কৰিব নোৱৰা পৰ্যায়লৈ নি আছে। তলাবন্ধ যে শেষ সমাধান নহয় তাক যুকিয়াই চাবলগীয়া হৈছে।তাতে আকৌ ৰাজ্যখনৰ বছৰেকীয়া বানৰ তাণ্ডৱ ৰাজ্যবাসীৰ মূৰৰ ওপৰত চলিয়ে আছে। এইবাৰৰ বানতো ২৮ খন জিলাৰ অগণন লোক ক্ষতিগ্ৰস্ত হৈছে।ঘৰ-দুৱাৰ, বাট-পথ, পশুধন উটুৱাই বিস্তৰ ক্ষতিসাধন কৰিছে। বহুজনৰ কৰুণ মৃত্যুও ঘটিছে।উপায়ন্তৰ হৈ মানুহে-জন্তুৱে একেলগে সহবাস কৰি লঘোণে-ভোকে দিন কটাবলগীয়া হৈছে। চৰকাৰী-বেচৰকাৰী সাহায্যৰ ব্যৱস্থা হৈছে যদিও সেয়া পৰ্যাপ্ত মুঠেও নহয়।বছৰি বানত কৃষিজীৱী জনতাৰ শেষ সম্বল কৃষিভূমি নিঃশেষ হৈ গৈ আছে নাইবা বানৰ তাণ্ডৱত উৰ্বৰা শক্তি হেৰাই কৃষিৰ অনুপযোগী হৈ পৰিছে। কৰ’নাৰ সমান্তৰালকৈ এতিয়া বানপানীজনিত বেমাৰবোৰৰো আগমন ঘটিব।কিন্তু এতিয়া বেমাৰতকৈও ভয়াবহ হৈ আহিছে মানুহৰ পেটৰ ক্ষুধা নিবাৰণহে।বিশ্বত্ৰাসত পৰিণত হ’লেও কৰ’নাত মৃত্যুৰ হাৰ বহু কম।সম্পূৰ্ণ তলাবন্ধৰ সময়তো কৰ’নাৰ পৰিৱৰ্তে ভোকে-পিয়াহে ভালেমান লোকে মৃত্যুক আঁ‌কোৱালি লোৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছিল।এতিয়াও মানুহ নাখাই মৰিব সেয়া মানি ল’ব নোৱাৰি।সততে ডিজিটেল, বিকশিত অসমৰ শ্লোগান আওৰোৱা চৰকাৰখনৰ অন্ততঃ এজনো মানুহ যাতে নাখাই মৰিবলগীয়া নহয়, তাক নিশ্চিত কৰাটো এক নৈতিক দায়িত্ব। আমাৰ ৰাজ্যৰ পৰিহাস যে এফালে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিকৰ, সুষম আহাৰ গ্ৰহণৰ আহ্বান আৰু আনহাতে এটা চামৰ এসাঁজ ভাতৰ যোগাৰৰ বাবে হাহাকাৰ। লগতে সকলো পক্ষৰে মতামত নোলোৱাকৈ খৰতকীয়াকৈ বাৰে বাৰে তলাবন্ধ দি থকা ব্যৱস্থাটোৰ পৰিৱৰ্তে আন যথাবিহিত ব্যৱস্থা লোৱাহে এতিয়া সময়ৰ দাবী,কাৰণ যিমানে লকডাউন বাঢ়িব সিমানেই মানুহ ভোকাতুৰ হৈ থাকিব লাহিব।ফলত জনতা জনাৰ্দনৰ আশাৰ শেষ বন্তিগছিও স্তিমিত হ’বলৈ বেছিপৰ নালাগিব।ক্ষুধাৰ তাড়নাই যে মানুহক লকডাউন উলঙ্ঘা কৰিবলৈ বাধ্য কৰাব তাকো নুই কৰিব নোৱাৰি।গতিকে চৰকাৰে কৰ’না যুঁজৰ সমান্তৰালকৈ দুৰ্গত মানুহখিনিৰ জীৱন-জীৱিকাৰ সুচলতাৰ দিশটোৰো কাৰ্যকৰী ব্যৱস্থা হাতত লওক।ঔদ্যোগিক দিশৰপৰা ৰাজ্যখন বিশেষভাবে অগ্ৰসৰ নহ’লেও আত্মনিৰ্ভৰ হ’ব পৰাকৈ অন্যান্য বহু ৰাস্তা এতিয়াও খোলা আছে।চৰকাৰী উদ্যোগত আৰ্থিক সহায়েৰে তাত কৰ্মহীনসকলক নিয়োজিত কৰাৰ দিহা কৰক।এই ব্যৱস্থাই ক্ষুধাৰ সমস্যাক মষিমূৰ কৰাৰ লগতে আৰ্থিক মন্দাৱস্থালৈও সুস্থিৰতা অনাত সহায়ক হ’ব।