হোজাই : হোজাইৰ পূব আমতলা গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ছোনিয়া দেৱী নামৰ এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী ছমাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে। ইফালে স্বামী দিলীপ কুমাৰৰ বিৰুদ্ধে উঠিছে পত্নীক হত্যা কৰাৰ অভিযোগ। পত্নীক হত্যা কৰি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ আনিছে মৃতকৰ আত্মীয়ই। আত্মীয়ৰ অভিযোগ, স্বামী দিলীপে প্ৰায়েই মাৰপিট কৰি আহিছিল পত্নী ছোনিয়াক। ইতিমধ্যে মৃত গৰ্ভৱতী মহিলাৰ পৰিয়ালে স্বামী পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। বৰ্তমান আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত তথ্য উদঘাটনৰ বাবে চলাই গৈছে তদন্ত।
খাদ্য সংকটত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল।
দৈনন্দিন বাৰ্তা ডেস্ক :
গঁড়, হাতী, পহুৰ অবাধ বিচৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বয়ষ্ক অসুস্থ গঁড়ৰ অৱস্থা ৰাষ্ট্ৰীয় পথৰ কাষত খাদ্যৰ অভাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল এতিয়া দিশহাৰা। খাদ্য বিচাৰি জীৱকূলৰ জনাঞ্চলত অবাধ বিচৰণ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভাগৰ জলস্তৰ হ্ৰাস হৈছে যদিও কমা নাই জীৱকূলৰ বিপদ। বিশেষকৈ পহু, হাতী আৰু গঁড় ৰাষ্ট্ৰীয় উদ্যানখনত খাদ্যৰ অভাৱ হোৱাৰ বাবে উদ্যানখনৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে অৱস্থান লোৱা দেখা গৈছে।শনিবাৰে পুৱাৰে পৰা কুঠৰী অঞ্চলৰ বাঘমাৰীত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা জলাশয়ত এটা গঁড়ে অৱস্থান লৈ আছে। ভোকাতুৰ বয়ষ্ক আৰু অসুস্থ গঁড়টোৰ বাবে খাদ্য আৰু ভিটামিনৰ যোগান ধৰাৰ লগতে নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। গঁড়টোৰ সুৰক্ষাৰ বাবে যান-বাহন নিয়ন্ত্ৰণত বনৰক্ষী আৰু আৰক্ষী প্ৰশাসন ব্যস্ত হৈ পৰিছে। বিয়লি বেলালৈ গঁড়টো কিছু সুস্থ হৈ ঘাঁহ খাইছে যদিও সেই ঠাইৰ পৰা আঁতৰি যোৱা নাই।উল্লেখযোগ্য যে, ঠিক একে স্থানতে স্থানীয় বাসিন্দাৰ পাকঘৰৰ পৰা এজনী ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ কৰাৰ পিছত শুকুৰবাৰে বিয়লি দেওচুৰত এটা প্ৰকাণ্ড গঁড় ৰাষ্ট্ৰীয় পথত বিচৰণ কৰিছিল।
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত সামগ্ৰী বিতৰণ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
বিশ্বসন্ত্ৰাস সৃষ্টিকাৰী কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত তিনি সপ্তাহ ধৰি একেৰাহে গুৱাহাটী মহানগৰীত প্ৰযোজ্য হৈ আছে লকডাউন ৷ যাৰ ফলস্বৰূপে এচাম শ্ৰমজীৱী মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে ৷ একাংশ দৰিদ্ৰ পৰিয়ালে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সেইবাবেই মহানগৰীৰ বিভিন্ন অঞ্চলত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী যোগান ধৰে ৷ আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত ৰূপনগৰ, জনকপুৰ, বিৰুবাৰী’ চোলাপাৰ, অঞ্চলত প্ৰায় ছয় শতাধিক পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীব দাস, কাৰ্য্যকৰী সভাপতি দেৱশিষ সেনগুপ্ত, যুৱ ব্যৱসায়ী বিজয় ৰাজবংশীৰ উপস্থিতিত চাউল, দাইল, মিঠাতেল, নিমখৰ লগতে অন্যান্য সামগ্ৰী বিতৰণ কৰে ৷ এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকে বিশেষ সহযোগিতা আগবঢ়ায় ৷
ৰোগতকৈ ভোকহে হ’বগৈ চ’ৰা।
✍ অংশুমান ভূঞা
বিগত বৰ্ষৰ শেষৰ পিনে চীনদেশত উদ্ভৱ হোৱা কালান্তক কৰ’নাৰ সংহাৰী ৰূপৰ ফলত আজি বিশ্ববাসী থৰহৰি কম্পমান।দিন অতিক্ৰম যিমানেই কৰিছে ইয়ো যেন সিমানেই খুঁটি পুতি বহিছেহি।ফলত এই অচিন শত্ৰুৱেই আজি সমগ্ৰ বিশ্বৰ বাবেই ২০২০চনটো এক অভিশপ্ত বৰ্ষত পৰিগণিত কৰিছে।আমাৰ দেশলৈ ইয়াৰ সংক্ৰমণ হোৱাৰ পাছতো আমাৰ ৰাজ্যখন ভালেমান দিনলৈ আশ্বস্ত হৈ আছিলো।কিন্তু আজি সেই পৰিৱেশ নাই।ৰাজ্যৰ চাৰিওফালে ইয়াৰ সংহাৰী ৰূপ।দিনক দিনে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইহে আছে।স্বাস্থ্য বিভাগ, প্ৰশাসন সকলো যুঁজি যুঁজি ভাগৰি পৰিছে, দিশহাৰা হৈছে। তেওঁলোকৰ অক্লান্ত শ্ৰম আৰু প্ৰচেষ্টাৰ পাছতো ৰাজ্যখনক সুৰক্ষিত ৰাখিব পৰা নাই। এই অদৃশ্য ভাইৰাছটোক প্ৰতিহত কৰাৰ উপায়স্বৰূপেই দেশব্যাপী তলাবন্ধ দিয়া হৈছিল। কোনো ধৰণৰ পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ দিয়া এই তলাবন্ধই মানুহক অবৰ্ণনীয় যন্ত্ৰণা দিলে। জনতাৰ দুৰ্ভোগৰ সীমা-সংখ্যা নোহোৱা হৈ পৰিল।সকলো উদ্যোগ-প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায় বন্ধ হৈ পৰাত অগণন লোকে কাম হেৰুৱালে। দিন হাজিৰা কৰা লোক, শ্ৰমিক, সৰু-সুৰা ব্যৱসায়ী, বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী, পৰিবহণ কৰ্মী আদি কৰ্মহীন হৈ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। খেতি পথাৰতে বহু কষ্টৰে উৎপাদিত ফচল গেলি-পচি গ’ল।বহুজনে হঠাতে এই কালধুমুহাত দিকবিদিক হেৰুৱাই আত্মহত্যাৰ দৰে কৰুণ পন্থাও হাতত ল’লে।ৰাজ্যখনৰ বাহিৰত কৰ্মৰত লোকসকলো কাম হেৰাই নিজ ৰাজ্যলৈ উভতি আহিল।এওঁলোকে যে পৰিস্থিতি স্বাভাৱিক হ’লে আকৌ উভতি যাবলৈ ইচ্ছা কৰিব তাৰ কোনো আশা নাই। কিছুসংখ্যক ঘৰত পৰিয়ালৰ আটাইকেইজন থাকিবলৈয়ে ঠাইৰ অভাৱ হোৱাতো বাহিৰলৈ ওলাই গৈ থকা-খোৱাৰ দিহা কৰাৰ লগতে ঘৰখনকো আৰ্থিক সকাহ দিছিল।এতিয়া কৰ্মহীন হৈ পৰা এই লোকসকল আৰু পৰিয়ালবোৰ চৰম দুৰ্দশাত পৰিছে।এই দুৰ্বিষহ পৰিস্থিতিত তাৎক্ষণিক কৰ্মসংস্থাপন আকাশ কুসুম।প্ৰত্যাৱৰ্তন কৰা এই বৃহৎ সংখ্যক লোকে কি কৰি জীৱন যুঁজত বৰ্তি থাকিব তাকে ভাবি দিশহাৰা হৈ পৰিছে।এনেয়ে নিবনুৱা সমস্যাত ককবকাই থকা ৰাজ্যখনৰ বাবে ই এক চূড়ান্ত প্ৰত্যাহ্বান।দীৰ্ঘদিনীয়া তলাবন্ধই জনসাধাৰণলৈ কঢ়িয়াই অনা অবৰ্ণনীয় দুৰ্দশাৰ বাবেই তলাবন্ধত পৰ্যায়ক্ৰমে শিথিলতা অনা হ’ল যদিও মানুহক দুৰ্দশাই পাছ নেৰিলে।চাৰিওফালে মূল্যবৃদ্ধিৰ জোৱাৰ উঠিল।অতদিনৰ ব্যৱসায়িক লোকচান পূৰোৱাৰ যেন প্ৰতিযোগিতাতহে নামি পৰিল ব্যৱসায়ীসকল।চৰকাৰ নিৰ্ধাৰিত মূল্য ক’ৰবাত পৰি থাকিল, খাদ্য যোগান বিভাগটো যে অস্তিত্বহীন তাক আকৌ এবাৰ প্ৰমাণ কৰিলে।এনেয়ে কৰ্মহীন তাতে আকৌ মূল্যবৃদ্ধি, সাধাৰণ মানুহতো বাদেই এতিয়া আৰ্থিকভাৱে স্বচ্ছল মানুহখিনিৰো লাহে লাহে ক্ৰয় ক্ষমতা কমি আহিছে। নিত্য প্ৰয়োজনীয় বস্তুকেইপদৰ যোগাৰো বিলাসিতা যেন হৈ আহিল। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু নীতি-নিৰ্দেশনাৰ ভৰত যাতায়ত ব্যৱস্থাও পূৰ্বতকৈ দুগুণ-তিনিগুণ খৰচী হৈ পৰিল।বৰ্তমানলৈ চৰকাৰী কৰ্মচাৰীখিনিয়ে নিয়মিত দৰমহা পাই আহিছে যদিও এই দুৰৱস্থাৰ আশু সমাধান নহ’লে তাৰো মুদা পৰাৰ আশংকা আছে।চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ বিভিন্ন চমকপ্ৰদ আঁচনি হাতত লৈছে যদিও সেয়া দুৰ্নীতিপৰায়ণ ৰাজ্যখনত প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ গৈ পোৱাৰ আগতেই অন্তৰ্ধান যে হ’ব খাটাং।তাৰ নমুনা ইতিমধ্যে পোৱা গৈছেই। আটা, দালি, চাউল আদি বিতৰণৰ যোগেদিও বৰ্তমান সাময়িক সকাহহে পাইছে।ইফালে পৰিস্থিতিৰ জটিলতাই উঠাই লোৱা তলাবন্ধ পুনৰাই ঠায়ে ঠায়ে প্ৰয়োগ কৰিবলগীয়া কৰিছে।সেয়ে সাধাৰণ মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছে। কিন্তু তলাবন্ধয়ো কৰ’নাক বশ কৰিব নোৱাৰাত এতিয়া ইয়াৰ ওপৰত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে।বাৰে বাৰে দি থকা তলাবন্ধই মানুহৰ দুৰৱস্থা দিনক দিনে কল্পনা কৰিব নোৱৰা পৰ্যায়লৈ নি আছে। তলাবন্ধ যে শেষ সমাধান নহয় তাক যুকিয়াই চাবলগীয়া হৈছে।তাতে আকৌ ৰাজ্যখনৰ বছৰেকীয়া বানৰ তাণ্ডৱ ৰাজ্যবাসীৰ মূৰৰ ওপৰত চলিয়ে আছে। এইবাৰৰ বানতো ২৮ খন জিলাৰ অগণন লোক ক্ষতিগ্ৰস্ত হৈছে।ঘৰ-দুৱাৰ, বাট-পথ, পশুধন উটুৱাই বিস্তৰ ক্ষতিসাধন কৰিছে। বহুজনৰ কৰুণ মৃত্যুও ঘটিছে।উপায়ন্তৰ হৈ মানুহে-জন্তুৱে একেলগে সহবাস কৰি লঘোণে-ভোকে দিন কটাবলগীয়া হৈছে। চৰকাৰী-বেচৰকাৰী সাহায্যৰ ব্যৱস্থা হৈছে যদিও সেয়া পৰ্যাপ্ত মুঠেও নহয়।বছৰি বানত কৃষিজীৱী জনতাৰ শেষ সম্বল কৃষিভূমি নিঃশেষ হৈ গৈ আছে নাইবা বানৰ তাণ্ডৱত উৰ্বৰা শক্তি হেৰাই কৃষিৰ অনুপযোগী হৈ পৰিছে। কৰ’নাৰ সমান্তৰালকৈ এতিয়া বানপানীজনিত বেমাৰবোৰৰো আগমন ঘটিব।কিন্তু এতিয়া বেমাৰতকৈও ভয়াবহ হৈ আহিছে মানুহৰ পেটৰ ক্ষুধা নিবাৰণহে।বিশ্বত্ৰাসত পৰিণত হ’লেও কৰ’নাত মৃত্যুৰ হাৰ বহু কম।সম্পূৰ্ণ তলাবন্ধৰ সময়তো কৰ’নাৰ পৰিৱৰ্তে ভোকে-পিয়াহে ভালেমান লোকে মৃত্যুক আঁকোৱালি লোৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছিল।এতিয়াও মানুহ নাখাই মৰিব সেয়া মানি ল’ব নোৱাৰি।সততে ডিজিটেল, বিকশিত অসমৰ শ্লোগান আওৰোৱা চৰকাৰখনৰ অন্ততঃ এজনো মানুহ যাতে নাখাই মৰিবলগীয়া নহয়, তাক নিশ্চিত কৰাটো এক নৈতিক দায়িত্ব। আমাৰ ৰাজ্যৰ পৰিহাস যে এফালে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিকৰ, সুষম আহাৰ গ্ৰহণৰ আহ্বান আৰু আনহাতে এটা চামৰ এসাঁজ ভাতৰ যোগাৰৰ বাবে হাহাকাৰ। লগতে সকলো পক্ষৰে মতামত নোলোৱাকৈ খৰতকীয়াকৈ বাৰে বাৰে তলাবন্ধ দি থকা ব্যৱস্থাটোৰ পৰিৱৰ্তে আন যথাবিহিত ব্যৱস্থা লোৱাহে এতিয়া সময়ৰ দাবী,কাৰণ যিমানে লকডাউন বাঢ়িব সিমানেই মানুহ ভোকাতুৰ হৈ থাকিব লাহিব।ফলত জনতা জনাৰ্দনৰ আশাৰ শেষ বন্তিগছিও স্তিমিত হ’বলৈ বেছিপৰ নালাগিব।ক্ষুধাৰ তাড়নাই যে মানুহক লকডাউন উলঙ্ঘা কৰিবলৈ বাধ্য কৰাব তাকো নুই কৰিব নোৱাৰি।গতিকে চৰকাৰে কৰ’না যুঁজৰ সমান্তৰালকৈ দুৰ্গত মানুহখিনিৰ জীৱন-জীৱিকাৰ সুচলতাৰ দিশটোৰো কাৰ্যকৰী ব্যৱস্থা হাতত লওক।ঔদ্যোগিক দিশৰপৰা ৰাজ্যখন বিশেষভাবে অগ্ৰসৰ নহ’লেও আত্মনিৰ্ভৰ হ’ব পৰাকৈ অন্যান্য বহু ৰাস্তা এতিয়াও খোলা আছে।চৰকাৰী উদ্যোগত আৰ্থিক সহায়েৰে তাত কৰ্মহীনসকলক নিয়োজিত কৰাৰ দিহা কৰক।এই ব্যৱস্থাই ক্ষুধাৰ সমস্যাক মষিমূৰ কৰাৰ লগতে আৰ্থিক মন্দাৱস্থালৈও সুস্থিৰতা অনাত সহায়ক হ’ব।
১৯-২১ জুলাইলৈ অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি পশ্চিম বংগত অহা ১৯ জুলাইৰ পৰা ২১ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ৷ উত্তৰ, উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসম, মেঘালয় আৰু পশ্চিম বংগ এই তিনিখন ৰাজ্যক ৰেড এলাৰ্ট জাৰি কৰিছে ৷ আনহাতে অহা ১৯-২০ জুলাইত ৰেড এলাৰ্ট জাৰি কৰিছে অৰুণাচল প্ৰদেশকো ৷ আনহাতে ২১ জুলাইত অৰুণাচল প্ৰদেশক সতৰ্ক কৰিছে বিভাগটোৱে৷ এই আগ জাননীয়ে আতংকৰ সৃষ্টি কৰিছে অসমক ৷ যিহেতু কিছুদিনৰ আগতে প্ৰৱল বৰষুণৰ বাবে ৰাজ্যখনত বানৰ সৃষ্টি হয় ৷ এই বানত ৩৩ খন জিলাৰ ভিতৰত ২৭ খন জিলাৰ ৩৯.৮ লাখৰো অধিক লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ৷ এতিয়া পুনৰ আগজাননী দিয়াত অসমৰ বানাক্ৰান্ত চিন্তাত পৰিছে ৷
উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত মুম্বাইত গ্ৰেপ্তাৰ হেমা চৌধুৰী ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত নাগালেণ্ড আৰক্ষীয়ে বন্যপ্ৰাণী অধিকাৰ কৰ্মী হেমা চৌধুৰীক মুম্বাইৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে৷ হেমা চৌধুৰীক পশ্চিম মুম্বাইৰ অ’শ্বিৱাৰাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে হেমা চৌধুৰীয়ে ইউটিউবত এটা মতামত প্ৰকাশ কৰিছিল৷ এই মতামতৰ বিৰুদ্ধে নাগালেণ্ড আৰক্ষীৰ অপৰাধ শাখাত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত এটা গোচৰ ৰুজু হয়৷ শুকুৰবাৰে হেমা চৌধুৰীৰ বাসগৃহত নাগালেণ্ড আৰক্ষী উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰে৷ তেওঁক নাগালেণ্ডলৈ আনি মন্তব্যৰ ওপৰত প্ৰমাণ দিবলৈ দিব৷ অ’শ্বিৱাৰাৰ আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক দয়ানন্দ বানগাৰে এই কথা জনাইছে ৷
বাঘজানত অইলৰ জুইয়ে ঘৰ বাৰী ধ্বংস কৰা পৰিয়ালক ২০ লাখকৈ আৰ্থিক সাহাৰ্য।
তিনিচুকীয়া : অইলৰ বাঘজান ৫ বিজিআৰৰ জুইয়ে ঘৰবাৰী ধ্বংস কৰা ১১ টা পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত ২০ লাখকৈ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে। অইল ইণ্ডিয়াই প্ৰদান কৰা সাহাৰ্যৰ জিলা প্ৰশাসনে ক্ষতিগ্ৰস্থ পৰিয়ালৰ জৰীপ কৰি আজি ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষান, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, ডুমডুমা ৰাজহ চক্ৰ বিষয়া নন্দিতা ৰয় গোঁহাইৰ উপস্থিতিত উপায়ুক্ত ভাস্কৰ পেগুৱে ক্ৰমে পাপুল চুতীয়া, ৰিতু মৰান, হৰুফুল পাংগিং, দ্বীপ শইকীয়া, অমল শইকীয়া, বিকাশ শইকীয়া, সহদেব মৰান, হেমন্ত মৰান, লক্ষীন্দ্ৰ মৰান, মুনু মুড়া আৰু লাবন্য শইকীয়াক জিলা উপায়ুক্তৰ কাৰ্যালয়ত ২০ লাখকৈ মুঠ ২ কোটি ২০ লাখ টকাৰ চেক প্ৰদান কৰে। আনহাতে আৰু একাধিক পৰিয়াল আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হৈ থকা বুলি বাঘজানৰ স্থানীয় ৰাইজে অভিযোগ অভিযোগ তুলিছে। অবশ্যে বঞ্চিত পৰিয়াল কেইটাই আৰ্থিক সাহাৰ্য লাভ কৰিব নে নাই সেই বিষয়ে প্ৰশাসনে স্পষ্ট মতামত দিয়াৰ পৰা বিৰত আছে।
নলবাৰীৰ দহকণীয়া গাঁৱৰ ভগ্ন মথাউৰিৰ তদন্ত তথা মেৰামতিৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা নলবাৰী জিলা উপাযুক্তক দাবী জনাই নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।
নলবাৰী : নলবাৰী জিলা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকণীয়া গাঁৱৰ মথাউৰি ভাঙি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি ২৭ জুনত দহকণীয়া গাঁৱৰ মৰা পাগলদিয়া নদীৰ মথাউৰিটো ভাঙি যায়। যাৰ বাবে কোনো অচিনাক্ত দুৰ্বৃত্তই মথাউৰিটো কাটি দিয়া বুলি জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰে টিহু থানাত এজাহাৰ দাখিল কৰে। কিন্তু জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে এই মথাউৰিটো ভাঙি যোৱা বুলি লগতে জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰজন নিম্ন দণ্ডৰ কৰা কামৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এক পৰিকল্পিত কাহিনী সজাই টিহু থানাত এজাহাৰ দাখিল কৰে বুলি স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, নলবাৰীয়ে অভিযোগ উত্থাপন কৰিছে। নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দ্বীপেন কলিতাই স্বাক্ষৰিত এখন প্ৰেছ বিবৃতি পত্ৰত উল্লেখ কৰে যে জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে আজি মথাউৰিটো ভাঙি দহকণীয়া গাঁৱৰ লগতে প্ৰায় ২০-২৫ খন গাঁৱৰ ৰাইজৰ খেতি মাটি ঘৰ দুৱাৰ নষ্ট হোৱাৰ লগতে বিভিন্ন বিপদৰ সন্মুখীন হবলগীয়া হৈছে। জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰ জনে সংঘটিত কৰা সকলো দিশৰ ওপৰত সংবাদ মাধ্যমৰ দ্বাৰা নলবাৰী জিলা উপাযুক্তক যথাযোগ্য তদন্ত বিচাৰি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাই লগতে ভগ্ন মথাউৰিবোৰ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ ও দাবী জনায়।

মৃত্যুৰ ধাৰা বিৱৰণী আৰু আমি মূঢ়মতি।
✍ ৰাজীৱ কমল শইকীয়া
আজি প্ৰায় চাৰিমাহ আমি কেৱল মৃত্যুৰ ধাৰাভাষ্য শুনি আছোঁ। উপায়ো নাই। অনুজীৱৰ ত্ৰাসত নিৰূপায় মানৱ কুল। দেশ-বিদেশৰ চিকিৎসা বিজ্ঞানী ব্যস্ত গৱেষণাগাৰত, যিমান পাৰি সোনকালে ৰোগটো নিৰ্মূল কৰি দিব পৰা ভেকচিন উদ্ভাৱনৰ, গৱেষণাত। চৰকাৰ-প্ৰশাসন নিৰবিচ্ছিন্নভাৱে ব্ৰতী দৰৱ নহালৈকে কভিড-১৯ৰ অতি দ্ৰুত সংক্ৰমণক, কি উপায়েৰে ৰোধ কৰিব পৰা যায় তাৰ কামত, তাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত, ৰূপায়ণ কৰাত। অৰ্থনীতিক গতি দিবলৈ লকডাউন ক্ৰমাৎ ঠাই বিশেষে শিথিল কৰা হৈছে। বেছিকৈ মানুহ আক্ৰান্ত হোৱা ঠাই সমূহত লকডাউন কঠোৰ কৰাও হৈছে। দেশো চলিব লাগিব, মানুহো বাচিব লাগিব।
খাটি খোৱা মানুহৰ কষ্ট বাঢ়িছে, চৰকাৰৰ লগতে প্ৰতি সামৰ্থ্যবান তথা দায়িত্ববান প্ৰতিবেশীয়ে চকু দিব লাগিব, তেখেতসকলক। যিমান পাৰোঁ সুৰক্ষিত হৈ, স্বাস্থ্য বিভাগ তথা চৰকাৰে দিয়া নীতি-নিয়ম সমূহ পালন কৰিছোঁ, সহাৱস্থান কৰি, চলি আছোঁ, আমি। কিন্তু তাৰ মাজতে একাংশ লোক মুখাবৰণ অবিহনে বজাৰলৈ ওলাইছে, বেংক কিম্বা বজাৰত শাৰী পাতোতে শাৰীৰিক দূৰত্বৰ কথা পাহৰি গাত গা লগাই, ছৰী বা বেয়া নাপাব বুলি কৈ মৃদু-কৃত্ৰিম হাঁহি এটি ওঁঠৰ কোণত বিৰিঙাই আতৰি গৈছে। একাংশ লোকে, ভিৰ সৃষ্টি কৰা বিভিন্ন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিয়েই আছে। ইমানৰ পিছতো যদি আমি নুবুজোঁ, কেতিয়া বুজিম? এফালে বাতৰি-কাকত, ইলেকট্ৰনিক মেডিয়া, ডিজিটেল মেডিয়াত বৰ্দ্ধিত মৃত্যুৰ সংবাদ অথবা ধাৰাবিৱৰণী পঢ়ি আছোঁ, শুনি আছোঁ, চাই আছোঁ। আনফালে তাৰ পৰিপেক্ষিতত ল’ব লগা সাৱধানতা বাদ দিছোঁ। এতিয়া মাথোঁ, আমি নিজৰ লগতে বাচি থকা জীৱনবোৰহে বচাব লাগে। ভিৰ সৃষ্টি কৰি কৰিব লগা কামবোৰ ভেকচিন লোৱাৰ পিছত নিৰ্ভয় হৈ কৰি থাকিব পৰা হ’ব। ভৱিষ্যত দ্ৰষ্টা বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতি পালন কৰাটো অতি প্ৰয়োজনীয়, বৰ্তমান। নিজৰ স্বাৰ্থ সুৰক্ষিত থাকিলে আমাৰ একাংশই আনৰ বিপদ যে নিজৰোঁ বিপদ সেয়া পাহৰি থাকোঁ। যেতিয়া চিনাকি বা আত্মীয় এজনৰ বিপদ দেখোঁ, তেতিয়া হে সম্বিৎ আহে। প্ৰকৃততে হৈ আছে কি… আমি ভাবোঁ। আমি ভাবি চাব লাগিব- আমি য’ত বাস কৰোঁ তাত জনসংখ্যা অনুপাতে হস্পিতালৰ বিচনা বা আই চি ইউৰ সংখ্যা কিমান? ঈশ্বৰে নকৰক, যদি আমাৰ অসাৱধানতাৰ ফলত সৰহ সংখ্যক মানুহ ক’ৰ’নাত আক্ৰান্ত হয়? সকলোৱে সমানে চিকিৎসা পোৱাৰ সম্ভাৱনা থাকিব নে? আমাৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা? সন্তান সম্ভৱা আৰু প্ৰসূতি মাতৃৰ পৰিসংখ্যা? শিশুৰ? মধুমেহ? ৰক্তচাপ জনিত? বৃক্কৰ ৰোগ, বিষ-বেদনাত পীড়িত তথা অন্য গুৰতৰ ৰোগত ইতিমধ্যে ভোগী থকা মানুহৰ আনুমানিক সংখ্যা? ইত্যাদি!জীৱ-শ্ৰেষ্ঠ আমি, এই অহংকাৰ বাদদি স্বাভিমানেৰে সৈতে পণ লোৱা ভাল যে, এই ধাৰাবিৱৰণী সোনকালে বন্ধ কৰিবলৈ আমি নীতি-নিয়ম পালিম। আনলকত থাকিলেও, প্ৰয়োজনৰ বাদে ওলাই নুফুৰি আমি অনুজীৱ ত্ৰাসৰ প্ৰসাৰতা কমাই আনি নাইকিয়া কৰি দিম। নিজৰ লগতে, অন্য জীৱনকো সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব ল’ম। খবৰ ওলাইছে- আশা কৰা হৈছে, যে আগষ্ট-ছেপ্টেম্বৰত Covaxin আৰু ZyCoV-D ভেকচিন সকলোৰে বাবে সাজুহৈ উঠিব। গতিকে, তেতিয়ালৈকে অন্ততঃ আমি মূঢ়মতি, সমূহ মানৱৰ মংগলাৰ্থে সচেতন হওঁ আহক।
নগাঁৱৰ ধিং গেটৰ ব্যৱসায়িক গুদামত অগ্নিকাণ্ড। ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।
নগাঁও : কালি পুৱতি নিশা নগাঁৱৰ ধিং গেটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ধিং গেটৰ এটা ব্যৱসায়িক গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। জগত শইকীয়া নামৰ ব্যৱসায়ীগৰাকীৰ এ চি বৰ্ডৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ পিছত ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, পথৰ অসুবিধাৰ বাবে দুখন গাড়ী প্ৰৱেশ কৰিব নোৱাৰাত এখন গাড়ীৰ সহায়তেই জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ফলত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে বৃহৎ ব্যৱসায়ীক এলেকাতো।









