Home Blog Page 3245

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট

গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত ‘ইকুইনক্স’ নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। বিশ্বজিৎ পূজাৰী,  চাইদ নেকিব,  শৰৎ চেতিয়া আৰু সমৰ শৰ্মা নামৰ যুৱক চাৰিজনৰ দ্বাৰা গঠিত ইকুইনক্সৰ উদ্যোগত ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ‘snap era 1.0’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। মূলতঃ প্ৰকৃতি বিষয়ক আলোকচিত্ৰ ম’বাইল যোগে আবদ্ধ কৰি প্ৰেৰণ কৰিবলৈ দিয়া এই প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ বহুতো প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।  উদ্যোক্তাসকলে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি প্ৰথম স্থান অধিকাৰ কৰে নতুন দিল্লীৰ জাকিৰ হুছেইন কলেজৰ স্নেহাংশু ভট্টাচাৰ্য, দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় গোলাঘাট ৰিলায়েন্স কলেজৰ ছাত্ৰ জ্ঞানদীপ দুৱৰা আৰু তৃতীয় স্থান অধিকাৰ কৰে দেৰগাঁৱৰ আজাদুৰ ৰহমানে। বিজয়ীসকলক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।  উল্লেখ্য যে ইকুইনক্সৰ দ্বাৰা যোৱা ৩ মে’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি অনলাইন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল যিখনে যথেষ্ট আশাব্যঞ্জক সঁহাৰি লাভ কৰা দেখা গৈছিল।

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

লংকা

সমগ্ৰ অসমতে  ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা সময়তে জৰুৰীকালীন সেৱাত ব্ৰতী থকা আৰক্ষী প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মী লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজক সেৱা কৰি আছে।এনে এক সময়ত গোটেই দিনটো সংবাদ সংগ্ৰহত ব্যস্ত সাংবাদিকসকলে আগন্তুক দিনসমূহত দুগুণ উৎসাহেৰে প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে  আজি লংকা বিজেপি মণ্ডলে লংকাৰ সকলো সাংবাদিকক   একোখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱ, জিলা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতা, লংকা মণ্ডলৰ সভাপতি পাপ্পু দে, লংকা মণ্ডল যুৱ মৰ্চাৰ সভাপতি খুকন শীলকে ধৰি বহু কাৰ্যকৰ্তা। সভাপতি অনুপ দেৱে সাংবাদিকসকলে এনে জটিল সময়ত নিষ্ঠা আৰু  দুগুণ কর্ম উদ্যোমেৰে আগবাঢ়ি যোৱাৰ বাবে  ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তক দিনবোৰতো   নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাবলৈ আহবান জনায়৷

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী

                           
অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক, প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা(কভিড-১৯)ই হওঁক। চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা উৎপন্ন হোৱা এই ভাইৰাছ বিধে বিশ্বজুৰি তোলপাৰ লগাইছে। চীনৰ সৰু প্ৰদেশ এখনৰ পৰা আৰম্ভ হোৱা ক’ৰণাই(কভিড ১৯) এতিয়া বনজুইৰ দৰে বিয়পি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।এই মহামাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্সৰ দৰে প্ৰথম বিশ্বৰ দেশসমূহকো আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে। বিজ্ঞান প্ৰযুক্তি তথা চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ পিছতো মানৱজাতিয়ে এই মহামাৰীক ৰোধিব পৰা নাই। প্ৰকৃতিৰ আগত মানৱজাতি যে কিমান নিৰুপায়, ক’ৰণাই যেন সেইয়াই প্ৰমাণ দিলে।   
যদিও এই মহামাৰীয়ে হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিছে, মানুহৰ মাজত ভয় আৰু আশংকাৰ সৃষ্টি কৰিছে, মানুহৰ স্বাভাৱিক জীৱন যাপনত প্ৰভাৱ পেলাইছে, মানৱজাতিক সকলো ফালৰ পৰাই বিপদাপন্ন কৰি তুলিছে, যদিও এই বিভীষিকাই মানুহৰ মন মগজু নেকিবাচক চিন্তা আৰু আশংকাৰে জুৰুলা কৰি তুলিছে , কিন্তু এই মহামাৰীৰ কিছুমান ইতিবাচক দিশো নোহোৱা নহয়। এক কথাত, যান্ত্ৰিকতাৰ পয়োভৰত একো একোটা যন্ত্ৰলৈ পৰিৱৰ্তিত হোৱা মানৱজাতিক এই কভিড ১৯ মহামাৰীয়ে নীতি শিক্ষা প্ৰদান কৰিছে। উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ সমূহ আজি মানৱজাতিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে।বৰ্তমান সমগ্ৰ বিশ্ব স্তব্ধ। সকলো মানুহ গৃহবন্দী হৈ নিজ নিজ বাসস্থানতে আবদ্ধ। স্তব্ধ আজি দিনে ৰাতিয়ে চলি থকা কল কাৰখানা, যান বাহন ইত্যাদি। ফলত প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে। প্ৰকৃতিয়ে যেন ন সাজত নিজকে সজাই তুলিছে। গছ বন, বন্যপ্ৰাণী সকলো সজীৱ হৈ পৰিছে। প্ৰকৃতিয়ে মুক্ত মনে নিজৰ সৌন্দৰ্য্যৰ সঁফুৰা চাৰিওদিশে ছটিয়াই দিছে। কল কাৰখানা তথা যান বাহনৰ স্তব্ধতাৰ ফলত বায়ুমণ্ডল পৰিষ্কাৰ হৈ পৰিছে। প্ৰদূষণে পঙ্গু কৰি পেলোৱা প্ৰকৃতি জগতখন পুনৰ জীপাল হৈ উঠিছে।বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ ক্ৰমান্বয়ে কমি আহিছে আৰু পৃথিৱীৰ আয়ুস যেন বাঢ়ি গৈছে। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে পৰিভ্ৰমী চৰাই। আনকি বনৰীয়া জীৱ-জন্তুয়েও এতিয়া ৰাজপথলৈ ওলাই আহি মুক্ত মনে বিচৰণ কৰিছে। ধোৱা, প্ৰদূষিত বায়ু আদিৰ চামনি পৰি ক’লা হোৱা বায়ুমণ্ডল এতিয়া মুকলি হৈছে। ফলত পাঞ্জাবৰ জালন্ধৰ চহৰৰ পৰাই হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতমালাৰ সৌন্দৰ্য্য মানুহে উপভোগ কৰিব পাৰিছে। তদুপৰি ২৯/০৪/২০২০ তাৰিখে বিশেষ লেনচৰ সহায়ত ডিগবৈ মহাবিদ্যালয়ৰ কেম্পাচৰ পৰাও প্ৰত্যক্ষ কৰা হয় হিমালয় পৰ্বতমালাৰ কিছু অংশ।এই মহামাৰীয়ে পৰিয়ালৰ মানুহৰ মাজত একতাৰ সৃষ্টি কৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ-ভাষা তথা ভৌগোলিক পৰিসীমা নিৰ্বিশেষে একাত্ম হৈ থাকিবলৈ শিকালে। বৰ্তমান দেশসমূহ ভৌগোলিক ভাবে পৃথক যদিও মানৱীয় মূল্যবোধৰ ফালৰ পৰা সকলো একাকাৰ। এখন দেশে আন এখন দেশক বিনা দ্বিধাই সহায়ৰ হাত আগবঢ়াইছে। খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতেই হওঁক বা চিকিৎসা জনিত সহায়েই হওঁক, এখন দেশে আন এখন দেশক সহায় কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই। আজি সমগ্ৰ বিশ্বৰে, সমগ্ৰ মানৱজাতিৰেই ধৰ্ম একেই “মানৱীয়তা”। আজি সকলোৰে জাতি একেই “মানৱীয়তা”। এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সকলো আজি একগোট হৈছে।
মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা আন এক শিক্ষা হ’ল, এই মহামাৰীয়ে উন্নত তথা উন্নয়নৰ দিশে ধাৱমান দেশসমূহক শিক্ষা দিলে যে ধ্বংসকাৰী পাৰমাণৱিক বোমা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে শক্তিশালী কৰাতকৈ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নিজকে অধিক শক্তিশালী কৰিব লাগে। অৰ্থাৎ মাৰাত্মক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াত মনোনিবেশ কৰাৰ সলনি বিশ্ব শান্তি বজাই ৰাখি প্ৰতিখন দেশে চিকিৎসা সেৱা তথা শিক্ষাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে উন্নয়নৰ শিখৰ চুব পাৰিব।
এই মহামাৰীৰ পৰা হাত সাৰিবলৈ লোৱা অন্যতম সাৱধানতা হ’ল পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰা আৰু সামাজিক ব্যৱধান মানি চলা। গতিকে এই ভাইৰাছ বিধে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাটো যেন অভ্যাসত পৰিণত কৰিলে। তদুপৰি হুলস্থূলীয়া পৰিৱেশ ‌তথা জনসমাগমৰ পৰা সামান্য ব্যৱধান বজাই ৰাখিলেই যে বহু ধৰণৰ ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি সেই কথাও মানৱজাতিয়ে বুজি উঠিছে। এই মহামাৰীয়ে মানুহক সজাগ তথা সচেতন কৰি‌ তুলিছে।
 জীৱ জন্তু, চৰাই চিৰিকটি আদি সজাত বন্দী কৰি থৈ সিহঁতৰ স্বাধীনতা খৰ্ব কৰি নিজৰ মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা জীৱ শ্ৰেষ্ঠ মানুহে আজি গৃহবন্দী হৈ প্ৰতিটো মূহুৰ্ততে অনুভৱ কৰিছে সেই নিষ্পাপ জীৱ জন্তুৰ বুকুৰ বেদনা।আজি জীৱ জন্তু মুক্ত আকাশৰ তলত আৰু মানৱজাতি চাৰিবেৰৰ মাজত আবদ্ধ। যদি আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ, তেন্তে দেখিম যে সকলো বস্তুৰে ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশ থকাৰ দৰে এই মহামাৰী ভাইৰাছেও প্ৰকৃতিৰ ওপৰত কিছুমান ধনাত্মক প্ৰভাৱ পেলাইছে। জগতৰ প্ৰতিটো বস্তুৱেই মানুহক কিবা নহয় কিবা শিক্ষা দিয়াৰ দৰে এই দুৰ্যোগেও মানুহৰ মনত মানৱীয় মূল্যবোধৰ বীজ ৰোপন কৰাৰ লগতে সকলোকে একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিবলৈ শিকালে। সদৌ শেষত, ক’ৰণা নিপাত যাওঁক। মানুহৰ স্বাভাৱিক দিনবোৰ ঘূৰি আহক। মানৱজাতিৰ জয় হওঁক। মানুহে এই মহামাৰীক এক শিক্ষা হিচাপে লৈ এখন সুস্থ পৃথিৱী পুনৰ নিৰ্মাণ কৰক।

      ‌ ‌         
ফোন নং- ৮৪০৪০৩৩৩১৮

আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠ

ৰাজীৱ কমল শইকীয়া

বোধহয়, গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী, সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই | শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল- দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেচনেল বৰ্ড ফ’ৰ ৱাইল্ড লাইফে অনুমোদন জনাইছে |  দিহিং পাটকাই বৰ্ষাৰণ্য বা অভয়াৰণ্য কি ? ক’ত ? কিয় বিখ্যাত ? তাৰ ব্যাখ্যা নিশ্চয় আপোনাসৱৰ আগত নতুনকৈ দাঙি নধৰিলেও হ’ব। পৰিবেশ বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ অন্তৰ্গত উল্লেখিত অনুষ্ঠাটোৱে হেনো যোৱা সাত এপ্ৰিলত অনুষ্ঠিত কৰা এক বৈঠকত অৰণ্যখনৰ প্ৰায় এশ হেক্টৰৰ ওচৰা-ওচৰি মাটিত কয়লা খনন কৰিবৰ বাবে আলোচনাৰ অন্তত বিষয়টোত অনুমোদন দিছে বুলি, বাতৰি প্ৰকাশ পাইছিল |  এনে কাৰ্যয়ে সচেতন সকলক উদ্বেগজনকভাৱে বিব্ৰত কৰি তোলাটো স্বাভাৱিক কথা | তাৰ বিৰোধত তৎক্ষণাত সামাজিক মাধ্যমত গঢ়ি উঠিছিল এক অভিলেখ সৃষ্টিকাৰী জনমত | যাৰ জোৱাৰ এতিয়াও অব্যাহত| ভাল লগা কথাটো হ’ল,  ক’ৰনাৰ প্ৰভাৱে অনা বহু প্ৰতিকূলতা থকাৰ স্বত্বেও বিৰোধৰ অৰ্থে বিদুৎক্ষিপ্ৰ গতিত সৃষ্টি হোৱা বিশাল জনমত | এই অভূতপূৰ্ব জনমত দেখি, ভৱিষ্যত অসমৰ এখন উদীপ্ত ছবি মননত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে | কিয়নো যি মাটি বা মাতৃৰ জাগ্ৰত সন্তানৰ সংখ্যা অধিক, সেই আইৰ আগত থিয় হ’ব খোজা দুৰ্যোগ-বিপত্তি দূৰতে বিদূৰ হৈ ৰয়| ক’ৰনাৰ ত্ৰাসত জনতা একপ্ৰকাৰ গৃহবন্দী| ৰাজপথ, বজাৰ, ফিল্ড শূণ্য প্ৰায়| সামাজিক দূৰত্ব, অযথা ভিৰ ইত্যাদিৰ খাতিৰত তাত প্ৰবেশ নিষিদ্ধ, সেই ক্ষেত্ৰসমূহ ব্যৱহাৰ নকৰাকৈয়ে কেনেকৈ পৰিশীলিতভাৱে ফলপ্ৰসূ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা যায়, অসমীয়াই সেয়া গ্লবেলি  কৰি দেখুৱালে, তাকো অভিনৱ পন্থাৰে | যাৰ প্ৰভাৱত মাননীয় মূখ্য মন্ত্ৰী ডাঙৰীয়াই বিষয়টোৰ গুৰুত্ব বুজি, ইতিহাস সৃষ্টিকাৰী জনতাৰ দৃঢ় জনমতৰ প্ৰতি সন্মান জনাই বন মন্ত্ৰী গৰাকীক ঘটনাৰ বুজ লবলৈ অভয়াৰণ্যখনলৈ প্ৰেৰণ কৰাৰ কথা টুইট কৰি জনালে| | ইয়াৰ ফলাফল কি হ’ব সেয়া সময়ে নিশ্চয় আমাক দেখুৱাব। তথাপিও, তাৎক্ষণিক বিপুল-বিৰোধৰ প্ৰতিক্ৰিয়ায়ে যে প্ৰথমতেই সঁহাৰি পাইছে, সেয়াই এই বিষয়ৰ বাহিৰেও অন্য বিভিন্ন উপলক্ষৰ হেতু যোগাত্মক কিম্বা আশাব্যঞ্জক কথা | এই জোৱাৰ স্তিমিত নহওক | পখিলা বোৰৰ লগতে সেই অৰণ্যবাসী সমূহ জীৱ কুশলে থাকক | নিৰ্যাতিত হ’বলৈ ওলোৱা নিমাত তৰু-তৃণে কৰিব লগা প্ৰতিবাদৰ ভাষা সংবেদনশীল উশাহ গ্ৰহণ কৰোতাই বিনম্ৰ-বলিষ্ঠ কন্ঠেৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখি, হৃদয় ভৰি উঠিল| আজিৰ মানুহে অন্ততঃ উশাহৰ ধাৰ সুজিবলৈ শিকিছে| এই কথা ঠিক, প্ৰকৃতিৰ কন্ঠ আমিয়েই হৈ থাকিব লাগিব কিয়নো আমি ইয়াৰ অন্যতম শ্ৰেষ্ঠ সৰৱ অংশ |

 ফোন- ৮৬৩৮৭৮২৫৫৪

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰং

দৰঙত জলসম্পদ বিভাগৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা মঠাউৰিত ব্যাপক অনিয়ম হোৱা অভিযোগ উত্থাপন হৈছে৷ প্ৰায় ৩২.৪১ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে এইবাৰ পুনৰ নৈপৰিয়া লোকসকলে ভোগ কৰিব লাগিব বানপানীৰ সমস্যাত৷ মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে জাঙুৰ খাই উঠিছে জাতীয় সংগঠন আৰু গঞা ৰাইজ৷ ইফালে নেৰানেপেৰা বৰষুণত ফেনে ফোটোকাৰে বাঢ়িছে ননৈ নদীৰ বাঢ়নী পানী৷ এনে সময়তে নিৰ্মীয়মান মথাউৰীৰ কামকাজৰ ৰেহৰূপ দেখি চিন্তিত হৈ পৰিছে নৈৰ দাঁতি কাষৰীয়া ৰাইজ৷ কিয়নো বৰষুণে খহাবলৈ ধৰিছে নৱনিৰ্মীত মথাউৰিৰ মাটি৷ ননৈ নদীৰ পশ্চিম পাৰৰ কুমাৰপাৰাত যোৱা বৰ্ষত বাঢ়নী পানীয়ে চিগি নিয়া মথাউৰিৰ অংশ এটি পুনৰ নিৰ্মাণত হোৱা কৰ্তৃপক্ষৰ গাফিলতিয়ে বিপদ ঘণ্টা বজাইছে ৰাইজৰ৷ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত  ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ জৰিয়তে প্ৰায় ৩২.৪১ কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি পুনৰ নিৰ্মাণ কৰিছে গুৰুত্বপূৰ্ণ তিনিটা মথাউৰি। বছৰে বছৰে একাংশ প্ৰভাৱশালী ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ এচাম আমোলা-অভিযন্তাৰ ক্ষীৰতি গাইলৈ পৰিণত হোৱা ননৈ নদীৰ পূৱ আৰু পশ্চিম মথাউৰিৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণৰ কাম চলিত বৰ্ষত কৰা হৈছিল আৰম্ভ। ননৈ নদীৰ মথাউৰি নিৰ্মাণৰ ঠিকা লাভ কৰা আৰ শ‌ইকীয়াৰ জেদ ইঞ্জিনীয়াৰ্ছৰ কামৰ বহুৱালি দেখি চকু কপালত উঠিছে নৈপৰীয়াৰ। আনকি ননৈ নদীৰ পশ্চিম দিশৰ মথাউৰিটোৰ কুমাৰপাৰাত বিগত বৰ্ষতে বানপানীয়ে চিঙি পেলোৱা অংশৰ নিৰ্মীয়মান কামে উন্মোচিত কৰিছে লুণ্ঠনৰ প্ৰকৃত ছবি। কিয়নো বিগত বৰ্ষতে পানীয়ে চিগা অংশটো এইবাৰ মেৰামতি কৰোতে সমুখত থকা বান্ধটোৰ কিছু অংশ ঠিকাদাৰৰ আদেশ মতে ট্ৰেক্টৰ চলোৱাৰ সুবিধাৰ বাবে ভাঙি দিয়ে৷ কিন্তু ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কৰ্তৃপক্ষই সমুখৰ বান্ধটো পুনৰ মেৰামতি নকৰিলে৷ ফলত সমুখৰ বান্ধৰ ভঙা অংশটোৰে বৰ্তমান বাঢ়ি অহা নদীৰ পানী সোমাই খহাবলৈ আৰম্ভ কৰিছে নৱনিৰ্মিত মূল মথাউৰি৷ তাৎপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১ মে ৰ পূৰ্বে মথাউৰিসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক কঠোৰ নিৰ্দ্দেশ দিয়াৰ পিছতো ছিপাঝাৰত সমগ্ৰ মথাউৰীৰ ৩৬ শতাংশ‌ও কাম নোহোৱাটোৱে বিভাগীয় মন্ত্ৰী, আমোলা, অভিযন্তা আদিৰ চৰম ব্যৰ্থতা বুলি একাংশ সচেতন ৰাইজে অভিযোগ প্ৰকাশ কৰে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী, স্থানীয় প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিৰ ঠিকাদাৰক লেকাম লগোৱাৰ সাহস হ’বনে বুলি ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰশ্ন কৰে৷

অসমীয়া লোককৃষ্টি আৰু আমাৰ সমাজ

  • ধৰ্মেন্দ্ৰ বৰা

সময় পৰিবৰ্তনশীল | পৰিবৰ্তনশীল সময়ৰ সৈতে যিসকলে নিজকে খাপ খুৱাব নোৱাৰে সেইসকল সময়ৰ সোঁতত হেৰাই যায় | উদাহৰণস্বৰূপে আমি ড’ড নামৰ চৰাইবিধৰ কথা সকলোৱে জানো | কিন্তু এনে কিছুমান বস্তু আছে যিবোৰ সময়ৰ সোঁতত বিচৰা ধৰণে সলনি কৰিব পৰা নাযায় বা কৰিলেও সেয়া সমাজে বিকৃত অথবা অপভ্ৰংশ বুলি ক’ব খোজে | অৱশ্যে সমাজৰ একাংশই আকৌ সেয়া বিচাৰে য’ত সময়ৰো দাবী থাকে | এইখিনিতে অসমৰ লোককৃষ্টি-সংস্কৃতিৰ কথাকে ক’ব বিচাৰিছোঁ | শ শ বা হাজাৰ বছৰৰ পৰা চলি অহা চহকী অসমীয়া জাতিৰ যিবোৰ লোককৃষ্টি আছে সেইবোৰ বিগত দিনত অসমীয়াক নিজস্ব গুণ গৰিমা থকা বুলি চিনাকি দি আহিছে | বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিয়ে আমাৰ পৰিচয়,আমাৰ সংস্কৃতি কিমান বৈচিত্ৰতাৰে ভৰা | কিন্তু সময়ৰ পৰিবৰ্তনশীলতাই যেন ক’ৰবাত এই লোককৃষ্টি সমূহলৈ কিছু জটিলতা নমায় আনিছে | আজিৰ প্ৰজন্মই কিমানে আমাৰ এই সমূহ সমল আগুৱাই নিছে অথবা চৰ্চা কৰিছে সি এটা ডাঙৰ প্ৰশ্ন | পশ্চিমীয়া সংস্কৃতি বা ভাৰতৰ আন ৰাজ্যৰ পৰম্পৰা সংস্কৃতিৰ প্ৰতি সততে আকৃষ্ট হোৱা আমাৰ আজিৰ প্ৰজন্মই লোককৃষ্টিৰ প্ৰতি কৰা অবহেলাৰ কাৰণ কি ? এয়া অপ্ৰিয় হ’লেও সত্য যে আজি বহু তথাকথিত আধুনিক অভিভাৱকে ভাবে সন্তানে এইবোৰ চৰ্চা কৰিলে জীৱনৰ গতিপথেই যেন স্তব্ধ হৈ যাব ! খুব বেছি হয়তো এখন স্থুল মঞ্চ লাভ কৰিবলৈ সক্ষম হ’ব য’ত বৰ্তমান সময়ৰ দৰে জনপ্ৰিয়তাৰ কোনো বিশেষ প্ৰভাৱ নপৰিব | আচলতে তেওঁলোকৰ চিন্তাকো এক কথাত ভুল বুলিও ক’ব নোৱাৰি | কাৰণ এয়াই এতিয়া বাস্তৱ সত্য | সময়ৰ সৈতে পাঠক,শ্ৰোতা,দৰ্শক সকলোৰে ৰুচি অনুযায়ী নিৰ্মাণৰ চিন্তাধাৰাৰ প্ৰয়োগ পৰিলক্ষিত হৈছে | সেয়া সমাজৰ আহ্বান | কিন্তু সকলোৱে কৰিলেও সলনি কৰিব নোৱাৰা এই লোককৃষ্টি সমূহ আমাৰ বাবে পৰম্পৰা,জাতিৰ চিনাকী,সমাজৰ দলিল | এইয়াই আমাৰ বাবে চহকী চানেকী,যিবোৰ সলনি কৰাৰ লগে লগে পুৰণি ঐতিহ্য বা বৈচিত্ৰৰ যি ভেঁটি সেয়া যেন ক’ৰবাত খহি পৰিব খোজে | কেৰোণটো হয়তো এইখিনিতে যাৰ বাবে আমাৰ মাজৰ পৰা ক্ৰমে জনপ্ৰিয়তা বা আজিৰ প্ৰজন্মৰ আগ্ৰহ হেৰাইছে লোককৃষ্টি-সংস্কৃতিৰ প্ৰতি | সমাজৰ এনে অৱহেলা আজি প্ৰায়বোৰ ক্ষেত্ৰতে দেখিবলৈ পায় আছো | বৰ্তমান সময়ত একাংশ পুৰণি শিল্পীয়ে হাজাৰ হাজাৰ বাধাৰ মাজতো এনেবোৰ পৰম্পৰাক জীয়াই ৰাখিছে | তেওঁলোকে ব্যক্তিগত সমস্যাকো আওকান কৰি অসমীয়া কলা-কৃষ্টিৰ অক্লান্ত সাধনা কৰি গৈছে | তাৰ অধিকাংশই আজি তীব্ৰ আৰ্থিক সংকটৰ মাজেৰে নিজৰ দায়িত্ব বুলি ভবা কামবোৰ কৰি গৈছে | এটা জাতি নিজস্ব স্বকীয়তাৰে জীয়াই থাকিবলৈ সাহিত্য,কলা-সংস্কৃতিৰে উজ্বলি থাকিব লাগিব ; যাক জাতিটোৰ বাবে প্ৰাণ আৰু মূল ভেঁটি বুলিব পাৰি | ঘৰ এটা নিৰ্মাণত যিমানে ধুনীয়া আৰু মজবুত নহওক লাগিলে তলৰ মূল ভেঁটিটো যদি দুৰ্বল হয় তেন্তে যিকোনো সময়তে ভাঙি পৰিব পৰাৰ দৰে নিজস্ব ভাষা,সাহিত্য,কলা-সংস্কৃতিক নিচিনিলে আমি যিমানেই আনৰবোৰ আয়ত্ব নকৰো কিয় সেয়া এদিন নিষ্ফল হৈ পৰিব | কাৰণ তেতিয়া আমি নিজৰটো আনৰ আগত দেখুৱাবলৈ একো নাথাকিব | এই ক্ষেত্ৰত আমাৰ সমাজৰো কৰণীয় বহুত আছে | জাতিৰ এই প্ৰাণস্পদ লোককৃষ্টিৰ শিল্পীসকলক আমি যেন এতিয়াও আওকান কৰি আছোস| হয়তো বহু ক্ষেত্ৰতে তেওঁলোকে পাব লগা মূল্য আৰু মৰ্যাদা পোৱা নাই | আজি সততে দেখি থাকো যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান সমূহত আধুনিক কৃষ্টি সংস্কৃতিৰ পয়োভৰ সৰ্বাধিক | বিভিন্ন নকৈ আদৰা সংস্কৃতিয়ে বিৰাজ কৰিছে | তথাকথিত সংস্কৃতিৰ একাংশ পালকসকলেই আমাৰ লোক-সংস্কৃতিৰ সাধকসকলক অৱহেলা কৰি আহিছে | আনকি অসমীয়াৰ জাতীয় উতসৱ বিহুটো পালন কৰাকে ধৰি আন আন তেনে অনুষ্ঠানসমূহতো লোক সংগীত বা লোককৃষ্টি সমূহ অৱহেলিত হৈ থাকে | সাংস্কৃতিক মঞ্চ এটা উদ্বোধন কৰোতে আমি বিভিন্ন ব্যক্তিৰ দ্বাৰা উদ্বোধন কৰোঁ | সেয়া কেতিয়াবা ৰাজনৈতিক নেতা হয়,কোনোবা ধনবান অথবা গ্লেমাৰ ব্যক্তি হ’ব পাৰে কিন্তু সেয়া কোনোবা লোক সংগীত শিল্পী এজন হ’ব নোৱাৰাৰ কাৰণ কি থাকিব পাৰে | কিন্তু আমি সেই দৃশ্য প্ৰায় নেদেখাৰ দৰেই | লাখ লাখ টকা দি গায়ক মাতি নিশা দুপৰলৈ নাচি থকা সেই একেখিনি মানুহে কোনোবা লোক সংগীতৰ শিল্পী এজনক আমন্ত্ৰণ কিয় কৰিব নোৱাৰে ? গুৰুজনাৰ এটি বৰগীতেৰে মঞ্চ এখন উদ্বোধন কিয় হ’ব নোৱাৰে ? এটি সত্ৰীয়া নৃত্য অথবা শিল্পী গৰাকীৰে কিয় হ’ব নোৱাৰে ? বিশ্বখ্যাত অসমৰ মুখা শিল্পৰ শিল্পীজনে কিয় স্থান পাব নোৱাৰে ? এইখিনি কৰাৰ ফলত তেওঁলোক কিমান ধৰণে উপকৃত হ’ব সেয়া প্ৰকৃতাৰ্থত আমি পূৰামাত্ৰাত হয়তো উপলব্ধিয়ে কৰিব নোৱাৰিম ! চিধা চিধি ভাৱে আমি সকলোৱে বহু ধৰণে লাভান্বিত হ’ম | প্ৰথমতেই সেইসকল শিল্পীয়ে তেওঁলোকৰ সংগ্ৰাম ভৰা জীৱনটোত আৰু অধিক সৃষ্টিৰ কাম কৰি যাবলৈ প্ৰেৰণা আৰু সাহস পাব | অধিকাংশ আৰ্থিকভাৱে জুৰুলা হৈ থকা শিল্পীয়ে বহু পৰিমাণে সকাহ পাব | প্ৰায় পাহৰিবলৈ ধৰা পৰম্পৰা আৰু জাতীয় চানেকীসমূহৰ উচিত ভাৱে চৰ্চা হ’ব লগতে আজিৰ প্ৰজন্মই তাক ভালদৰে চিনিব পাৰিব,বুজিব পাৰিব  আৰু শিকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব | গতিকে বৰ্তমান পৰিস্থিতিত আমি কৰিবলগীয়া বহুখিনি আছে;যাৰ বাবে ক্ৰমে সুপ্ত হৈ পৰা লোক কলা-কৃষ্টিসমূহৰ পূৰ্ণমাত্ৰাত চৰ্চাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ হ’ব | তেতিয়াহে অসমীয়া জাতিটো কৃষ্টি চহকী,সংস্কৃতি চহকী হৈ সৰ্বাংগসুন্দৰ হৈ বিশ্বৰ আগত মেৰুদণ্ড পোনহৈ নিজস্ব গৌৰৱেৰে থিয় হৈ থাকিব পাৰিব | 

দূৰভাষঃ ০৯৭০৬১৮২৬৫৭

টিংখাঙত শোৱাপাটীৰ পৰা মাজ নিশা চাহ জনজাতি নেতাক আটক : তীব্ৰ প্ৰতিক্ৰিয়া, মুক্তিৰ দাবী

টিংখাং

মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে বলবৎ হৈ আছে লকডাউন। এই সময়ছোৱাতে চৰকাৰৰ ৰোষত পৰি নিৰাপত্তা বাহিনীৰ হাতত আটক হৈছে এগৰাকী চাহ জনজাতি তথা আদিবাসী যুৱ নেতা। সদৌ অসম আদিবাসী সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ সভাপতি তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোনৰ নেতা বলদেৱ তেলীক যোৱা নিশা ডিব্ৰুগড় জিলাৰ ৰাজগড়ত থকা এটা ভাড়াঘৰৰ পৰা সেনা-আৰক্ষীৰ দল এটাই আটক কৰি লৈ যায়। জানিব পৰা মতে নিশা প্ৰায় ৯ বজাত আদিবাসী নেতাগৰাকীক শুই থকা অৱস্থাৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে এখন গাড়ীত তুলি লৈ যায়। ভাড়াঘৰটোৰ মালিকৰ পৰা এখন কাগজত চহী কৰাই নিয়ে যদিও আটক কৰাৰ কাৰণ জনোৱাৰ পৰা নিৰাপত্তা বাহিনীৰ দলটোৱে বিৰত থাকে। এই পৰ্যন্ত বলদেৱ তেলীক নিৰাপত্তা বাহিনীয়ে ক’ত ৰাখিছে পৰিয়ালৰ লোকে জানিব পৰা নাই। টিংখাং আৰু ৰাজগড় আৰক্ষীয়ে বলদেৱ তেলীক আটক কৰা সন্দৰ্ভত পৰিয়ালৰ লোকক   অজ্ঞতা প্ৰকাশ কৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগৰিকত্ব সংশােধনী আইন বিৰোধী ঐক্যমঞ্চ, টিংখাঙৰ এগৰাকী সম্পাদকৰো দায়িত্বত থকা বলদেৱ তেলীক অতি শীঘ্ৰে মুক্তি দিবলৈ প্ৰশাসনক বিভিন্ন দল-সংগঠনে দাবী জনাইছে। আজি স্থানীয় টিংখাং ৰাজহ চক্ৰ বিষয়াক নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্যমঞ্চ টিংখাং সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, টিংখাং চৰ্কোল বিনোদ মূড়া , অসম চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি দীপক মাঝী, কৃষক মহাসংঘ বলিন্দ্ৰ শইকীয়া, বিপ্লৱী যুৱ সন্থা কুন্তী তাঁতী আৰু আইছাৰ অনিতা হাচাই বলদেৱ তেলীক মুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই যৌথভাৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। আনহাতে বলদেৱ তেলীক নিৰাপত্তা বাহিনীয়ে অতৰ্কিতে আটক কৰাৰ কাৰণ অদ্যপি জানিব পৰা নাই। অৱশ্যে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে আটক কৰা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত অঞ্চলটোৰ কেবাজনো লোকক নিৰাপত্তা বাহিনীৰ দলে আটক কৰি সোধাপোছাৰ পিছত মুকলি কৰি দিছে৷

গৌৰীপুৰত এক মৰ্মান্তিক ঘটনা : লকডাউনত পানীত হাঁহ নচৰা অৱস্থা, প্ৰাণ গ’ল দম্পত্তিৰ

গৌৰীপুৰ

গৌৰীপুৰত ঈদৰ আনন্দৰ সময়তে এক মৰ্মান্তিক ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত৷ ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী গাঁও পঞ্চায়তৰ এলেকাধীন বেগুতলী গাঁৱত এক দম্পত্তিয়ে নিজ বাসভৱনত চিপ লৈ আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। উল্লেখ্য যে চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে বেগুতলী গাঁৱৰ স্থায়ী বাসিন্দা বাচ্চু সেখৰ পুত্র ছাইদুল ৰহমান (৩৫)ৰ আৰ্থিকভাৱে জৰুলা হৈ পৰাত ঈদৰ বজাৰ কৰিব নোৱাৰি বিমোৰত পৰে। ৰাতি বিছনাত শুই পৰে যদিও ৰাতিপুৱা প্ৰায় পাঁচ বজাত ছাইদুল ৰহমানৰ পত্নীক বিছনাত মৃত্যু অৱস্থাত পৰি থকাৰ লগতে ছাইদুল ৰহমান বাৰান্দাত চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তথাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে৷ মৃত্যুৰ কাৰণ বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই৷ স্মৰ্তব্য যে দীৰ্ঘদিন ধৰি লকডাউন চলি থকাত দিন হাজিৰা কৰা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনৰ ফলত আৰ্থিকভাৱে জৰুলা হৈ এক দম্পত্তিয়ে কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া ঘটনাই মৰ্মাহত কৰি তুলিছে সমগ্ৰ গৌৰীপুৰবাসী ৰাইজক৷

সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰ্তব্য।

  • দীপশিখা হাজৰিকা বৰুৱা

মানৱ সমাজৰ সৰ্বদিশ সামৰি থকা অৱধাৰণা এটা হৈছে সংস্কৃতি।সংস্কৃতিৰ সংজ্ঞা বিশাল।অতীতৰে পৰা চলি অহা লোক সংস্কৃতি বিলাকৰ পৰাই আহি আহি আজিৰ বিশাল সংস্কৃতিৰ সৃষ্টি হৈছে।ইয়াৰ উপাদানো অসংখ্য।এইবোৰৰ ভিতৰত ভাষা,ধৰ্ম,বিভিন্ন ৰীতি-নীতি,কথা-বাৰ্তা,কলা-বিজ্ঞান,নৃত্য-নাট অভিনয়,নৈতিকতা,মানৱীয় প্ৰমূল্যবোধ আদি উপাদান উল্লেখ কৰিব পাৰি।সংস্কৃতিত নিহিত হৈ থকা উপাদানবোৰ কেতিয়াও আত্মনিৰ্ভৰশীল নহয়।ইয়াৰ সংখ্যা কমি গ’লেই যেন আনটোৰ অসুবিধা।এই উপাদানবোৰৰ অতি নিম্নমানৰ উপাদানৰে আৰম্ভ কৰি কোমল ভাষাবোৰৰ মাজেৰে সমাজৰ গুণগত মানদন্দৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে। 

১।অবস্তবাদী সংস্কৃতি।

২।বস্তবাদী সংস্কৃতি।

অবস্তবাদী সংস্কৃতি সমাজৰ অদৃশ্যমান উপাদানবোৰেৰে গঠিত,য’ত মূল্যবোধ অতি নিবিড়ভাৱে জড়িত প্ৰকৃত মূলৈবোধৰ উপলদ্ধিৰেহে অবস্তবাদী সংস্কৃতিৰ মূল গাঁথনি সংৰক্ষণাত্মক কৰি ৰাখিব পাৰে।অন্যথা মানুহৰ মাজৰ পৰা নৈতিকতা,সহানুভূতি,সহনশীলতা ধৰ্মৰ প্ৰকৃত ৰূপ সমন্বিতে সংস্কৃতিৰ জ্ঞানো মানৱীয় প্ৰমূল্যবোধ বাচি নাথাকিব।আনহাতেদি দ্বিতীয়বিধ সংস্কৃতি সম্পূৰ্ণ বস্তুবাদী ভাবধাৰাৰে পৰিচালিত।ইয়াত মানুহৰ জীৱন সংগ্ৰামৰ বৈষয়িক উন্নতি কৰিবলৈ চেষ্টা কৰা দৃশ্যমান উপাদানবোৰে স্থান পায়। এই দুয়োটাৰে উদ্দেশ্য তথা গুণ দেখাত পৃথক যদিও প্ৰকৃততে দুয়োটা সংস্কৃতিকে এক সামাজিক জীৱন প্ৰতালীয়ে একেলগ কৰি ৰাখিছে।সেয়ে মানৱ সমাজ আজিলৈকে সুকলমে জীয়াই আছে।প্ৰতিটো বস্তুৰে মূল্য সকলোৰে সমানে উপলদ্ধি নকৰে।সংস্কৃতিৰো একো একোটা উপাদানৰ গুৰুত্ব তথা অন্তৰ্নিহিত মূল্যবোধ সমানে সকলোৱে উপলদ্ধি কৰিব নোৱাৰাৰ ফলত আমাৰ মাজত কিছুমান অপসংস্কৃতিয়ে খোপনি পুতিছে যেনেদৰে নীতিৰ বিৰুদ্ধে কাম কৰাটোক দুনীৰ্তি বুলিব পাৰি ঠিক তেনেকৈ সংস্কৃতিৰ অপ-প্ৰয়োগকেই অপসংস্কৃতি বুলিব পাৰি।আমি এই কথা স্বীকাৰ কৰিব লাগিব যে,আমি আহি শূন্য মধ্যবিন্দুত উপস্থিত হৈছোঁহি।প্ৰথমে আমি কোনবোৰ কাম কাজে সংস্কৃতি বুজাব কোনবোৰে অপসংস্কৃতিক বুজাব তাক ভালদৰে বুজি পাব লাগিব।যেনেদৰে সংস্কৃতিৰ উপাদানৰ সংখ্যা যথেষ্ট বেছি ঠিক তেনেদৰে কোনবোৰ উপাদানৰ প্ৰতি অপসংস্কৃতিয়ে পোখা মেলিছে তাৰ হিচাপ লোৱাও সহজ নহয়।বিজ্ঞান আৰু কলাৰ সমান্তৰাল বিকাশ হোৱা সত্বেও এটা কথা স্বীকাৰ কৰিব লাগিব যে কলা আৰু বিজ্ঞানৰ মাজৰ যাতায়ত এতিয়ালৈকে সম্পূৰ্ণৰূপে সুগম হৈ উঠা নাই অপসংস্কৃতিৰ কবলত পৰি কলা আৰু বিজ্ঞানৰ মাজত কৃত্ৰিম বিভাজন আহিব পৰা বাবেই ই সম্ভৱ হৈ  উঠা নাই।

কৃষিখণ্ডৰ উন্নতিতহে নিৰ্ভৰ কৰে সবল অৰ্থনীতিৰ বুনিয়াদ

  • ফুকন ৰাজবংশী

স্বাধীন ভাৰতৰ বিগত দশককেইটাত বিভিন্ন দলৰ চৰকাৰ গঠন হ’ল, ভংগও হ’ল৷ কিছুমান একঘেয়ামি পৰিকল্পনাকে নতুন নতুন ৰূপ দি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ মনোকামনা পূৰ কৰি গ’ল৷ তাৰ মাজতে নকৰিলে নহয় বাবে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কামো কৰিবলৈ অৱশ্যে পাহৰা নাই৷ হ’লেও এই কথাত কাৰো দ্বিমত নাই যে ভাৰতবাসীয়ে প্ৰতীক্ষিত উন্নয়নৰ ধাৰা এতিয়াও দেখিবলৈ পোৱা নাই৷ দলবোৰৰ নামসমূহ বেলেগ বেলেগ কিন্তু ৰাজনৈতিক আদৰ্শৰ ফালে চাবলৈ গ’লে কি আঞ্চলিক কি সৰ্বভাৰতীয়, আটাইবোৰ দলৰে যেন বৰ এটা তফাৎ নাই৷ গাদী আৰু ক্ষমতা দখলেই সকলোৰে মূল লক্ষ্য আৰু তেওঁলোকৰ ভাষাত ৰাজনীতিৰ অৰ্থ৷ ৰাজনীতি তেওঁলোকৰ দেহত, ৰাজনীতি তেওঁলোকৰ তেজত, ৰাজনীতি তেওঁলোকৰ নিচা৷ ৰাজনীতিৰ পৰা আতৰত থাকি তেওঁলোকে জীৱনৰ এটা পলো যেন অতিবাহিত কৰিব নোৱাৰে৷ তাৰমাজতে ইটো দলৰ লগত আনটো দলৰ বোকা চটিওৱাৰ খেল৷ প্ৰতিটো দলৰে এটাই ভাষ্য, দেশখনত যিমানবোৰ ভাল বা সফল কাম হৈছে সেই আটাইবোৰ অকল তেওঁলোকৰ দলটোৰ চৰকাৰ চলি থকাৰ সময়তহে হৈছে৷ আনহাতে, আটাইবোৰ বেয়া বা বিফল কাম আন দলসমূহৰ চৰকাৰৰ দিনতহে হোৱা৷ আজি 2020 চনত যিখন “ভাৰত” দেশ আমাৰ সন্মুখত আছে, সেয়া নিসন্দেহে সেই ৰাজনৈতিক দলবোৰৰ পৰিকল্পনা আৰু কৰ্মৰে ফল৷ পকীপথ, দলং, স্কুল, কলেজ, মেডিকেল, ষ্টেডিয়াম, ৰেলসেৱা, বিমানসেৱাকে আদি কৰি আজি আমি ভোগ কৰি থকা প্ৰযুক্তিবিদ্যাৰ আটাইবোৰ ফচল বিগত সময়ত যিকোনো এটা দলৰ চৰকাৰৰ দিনতে হোৱা৷ কিন্তু এই উপকৰণসমূহ দেশবাসীৰ অধিকাৰ আৰু কাম্য৷ ইয়াৰ কৃতিত্বৰ সিংহভাগ অকল দেশবাসীৰ৷ ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হৈ ৰাজপাট দখল কৰিলেও, ৰাইজৰ হকে কাম কৰিবলৈ প্ৰতিনিধিসকল সকলো সময়তে দায়বদ্ধ৷ এইখিনিতে আমাৰ সৰহসংখ্যক নেতাৰে মনোভাৱ ওলোটা৷ তেওঁলোকে মানি চলা দৰ্শন হ’ল যিয়ে লংকালৈ যায়, সিয়ে ৰাৱণ৷ ৰাইজৰ দ্বাৰা তেওঁলোক নচলে, তেওঁলোকেহে ৰাইজক চলাব৷ তেওঁলোকৰ ৰাজনীতিৰ মূল আহিলা হ’ল দেশৰ জনতাৰ নিৰক্ষৰতা আৰু দৰিদ্ৰতা৷ সেইবাবেই দেশৰ অৰ্ধশিক্ষিত বা অশিক্ষিত মানুহখিনিক, দৰিদ্ৰ শ্ৰমিক আৰু কৃষকখিনিক তেওঁলোকে শিক্ষিত আৰু ধনী হোৱাতো নিবিচাৰে৷ কাৰণ এই শ্ৰেণীটোৱেই হৈছে এতিয়াৰ ৰাজনীতিৰ মূল কেন্দ্ৰবিন্দু৷ এই শ্ৰেণীটো শিক্ষিত আৰু ধনী হ’লে তেওঁলোকৰ সান্দহ খোৱা বালি তল নপৰিব জানো ? নহ’লেনো যোৱা সাতটা দশকত ভাৰতৰ চৰকাৰৰ ওপৰত কৃষকসকল কিয় ভৰষা কৰিব পৰা নহ’ল ? কৃষকসকলে কৰা কৃষিকৰ্মৰ ফচলেই হৈছে আমাৰ দেশৰ অৰ্থনীতিৰ বুনিয়াদ৷ খেতিয়কসকলে হাড়ভঙা পৰিশ্ৰম কৰি উৎপাদন কৰা শস্যসমূহেই আমাৰ জীৱন ৰক্ষক, শৌৰ্য্য- বীৰ্য্যৰ আধাৰ, সভ্যতাৰ গৌৰৱ৷ কিন্তু, বিগত সাতটা দশকত আমাৰ দেশৰ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰোতে কৰোতে এবাৰলৈও কৃষক সকলৰ দুখ- দুৰ্গতি দূৰ কৰাৰ পথ উলিয়াবলৈ আহৰি নাপালে৷ আধুনিক আৰু কৃত্ৰিম জলসিঞ্চনটো বাদেই পৰ্যাপ্ত পৰিমাণে নদ- নদীৰে ভৰা দেশখনত খেতিপথাৰ সমূহলৈ পৰম্পৰাগত পদ্ধতিৰ জলসিঞ্চনৰ ব্যৱস্থাও নিশ্চিত কৰিব নোৱাৰিলে৷ যাৰ ফলত খৰাঙৰ সময়ত পানীৰ অভাৱত আৰু পৰিকল্পিত নদী সংযোগ আৰু জলসিঞ্চনৰ অভাৱৰ বাবে বাৰিষা বানপানীৰ বাবে কৃষি নষ্ট হৈ থাকিল৷ কৃষিকাৰ্যত খটুওৱা মূলধনৰ বিপৰ্যয়ত তিস্থিব নোৱাৰি কিমান কৃষকে যে এইখন দেশত প্ৰাণত্যাগ কৰিলে তাৰ লেখ – জোখ হয়তো কাৰো হাততে নাই৷ তথাপি কিন্তু আমাৰ দেশৰ কৃষকসকলে খেতি কৰিবলৈ এলাহ প্ৰকাশ কৰা নাই৷ প্ৰতিটো ঋতুতে প্ৰকৃতিয়ে নৰূপ লোৱাদি প্ৰতিজন কৃষকে নউদ্যমেৰে কৰি গ’ল কৃষিকৰ্ম৷ কৃষকসকলে কেতিয়াও হাৰ মনা নাই৷ ইমানবোৰ দেখি শুনিও আমাৰ চৰকাৰবোৰে নীৰৱ দৰ্শকৰহে ভূমিকা পালন কৰি গ’ল৷ খেতিপথাৰত উৎপাদিত শস্যসমূহ বেচিবলৈ কৃষকে এতিয়াও পোৱা নাই একোখন উপযুক্ত বজাৰ৷ শস্য – পাচলিবোৰ দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব পৰাকৈ স্থাপন নহ’ল পৰ্যাপ্ত পৰিমাণৰ সংৰক্ষণ ব্যৱস্থা৷ কৃষকসকলক ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত শিক্ষা দিবলৈ আজি পৰ্যন্ত লোৱা নহ’ল কোনো দক্ষতা বিকাশৰ লেখতলবলগীয়া পদক্ষেপ৷ এইবোৰ কাৰণতো কৃষকে প্ৰতিবাৰেই উৎপাদন কৰা ফচলৰ বিনিময়ত উপযুক্ত বিনিময় পোৱা নাই আৰু লোকচানৰ ভাৰ বব নোৱাৰি বিভিন্ন নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য আৰু উদ্যত হ’ল৷ এনেকুৱা কাৰণত আমাৰ সমাজত সংঘটিত হৈ থকা নানান অনৈতিক কাৰ্যৰ আৰৰ সঁচা কাহিনীবোৰ কেতিয়াও উদ্ঘাটন কৰিবলৈ চেষ্টা কৰা নহ’ল৷ দোষীক শাস্তি দিয়া হ’ল, কিন্তু দোষৰ প্ৰাথমিক কাৰণটো কাৰণ হৈয়ে থাকিল৷ দেশৰ অন্য প্ৰান্তৰ কথা নকলোৱেই যেনিবা, আমাৰ অসমখনৰে খেতিয়কৰ অৱস্থা গত তলাবন্ধৰ সময়চোৱাত কি হ’ল আমি সকলোৱে দেখিবলৈ পালোঁ৷ সাম্প্ৰতিক কালৰ এবিধ অতি মূল্যবান ফল ষ্ট্ৰ’বেৰী বিঘা বিঘা হিচাপত ফচল নষ্ট হৈ গ’ল বা পানীৰ দৰত বেচিবলগীয়া হ’ল উপযুক্ত বজাৰ আৰু সংৰক্ষণ ব্যৱস্থাৰ অভাৱৰ বাবে৷ বন্ধাকবি, ফুলকবি, বিলাহী, জলকীয়া, বীন গছতে নষ্ট হৈ গ’ল৷ এক পৰিকল্পিত বজাৰ ব্যৱস্থা য’ত কৃষকৰ পৰা কিনি আনি উপভোক্তাৰ মাজলৈ যোগান ধৰাৰ পদ্ধতিগত গাঁথনি থাকে, তেনেকুৱা ব্যৱস্থা যদি আমাৰ ইয়াত থাকিলহেঁতেন, গেলামালৰ ক্ষেত্ৰত হোৱাৰ দৰে পাচলিৰ ক্ষেত্ৰতো নিশ্চিতভাৱে তলাবন্ধৰ নিয়মো ভংগ নহ’লহেঁতেন, সামাজিক দূৰত্ব বজাই ৰাখিবলৈয়ো প্ৰশাসনৰ সহজ হ’ল হেঁতেন৷ কৃষকসকলেও উপযুক্ত বিনিময় লাভ কৰি আৰ্থিক দিশত নিৰাপদে থাকিলহেঁতেন৷ ফাগুন- চ’ত মাহৰ শুকান বতৰকো নেওচি সময়তকৈ আগতেই জিকা, তিয়ঁহ, কেৰেলা, ভেণ্ডি, লেচেৰা, কোমোৰা আদি পাচলি উৎপাদন কৰাতো কিমান কষ্টকৰ, সেই কথা এজন খেতি কৰি নোপোৱা লোকে কেনেকৈ অনুধাৱন কৰিব পাৰিব ? ফলস্বৰূপে উপযুক্ত যোগান ব্যৱস্থাৰ অভাৱ আৰু মধ্যভোগীৰ হস্তক্ষেপত পাচলিবজাৰৰ বৃহত্তম উপভোক্তা নগৰবাসীয়ে পাচলিৰ নামত মাত্ৰাধিক ধন ভৰিবলগীয়া হৈছে, অথচ কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ মূল্য পাইছে নগণ্য৷ এইবোৰ কাৰণতে নৱপ্ৰজন্মৰ গৰিষ্ঠসংখ্যক শিক্ষিতই কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে৷ ভাৰত চৰকাৰৰ দ্বাৰা সদ্যঘোষিত ব্যয়বহুল আচনি “স্বনিৰ্ভৰ ভাৰত অভিযান”ৰ খবৰে কিন্তু তেনেকুৱা একাংশ হতাশাগ্ৰস্ত যুৱকৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিছে৷ আচনিখনৰ ৰূপায়ণ কিমান দূৰ ফলপ্ৰসূ হ’ব সেই কথাটো এতিয়াই ক’ব পৰা হোৱা নাই যদিও সকলোৱে কিন্তু বিচাৰিছে কৃষকসকলৰ বাবে চৰকাৰে এক পৰিকল্পিত দীৰ্ঘম্যাদী আচনি হাতত লওক আৰু দেশৰ কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়ক৷ এই কথা নিশ্চিত যে যদিহে চৰকাৰে এনেকুৱা এক আচনি হাতত লয়, তেতিয়া অৰ্থনীতিৰ মন্দাবস্থা, নিবনুৱা সমস্যাৰ সিংহভাগেই লাঘৱ হ’ব৷ কাৰণ আমাৰ দেশৰ ভৌগোলিক পৰিৱেশত অৰ্থনীতিৰ সবল ভেটি কৃষিখণ্ডতহে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে৷ এই কথাক গুৰুত্ব নিদিলে স্বনিৰ্ভৰ অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰাৰ সপোন “স্বনিৰ্ভৰ ভাৰত অভিযানে” সাকাৰ ৰূপযে  নাপাব সেয়া ধুৰূপ ৷

  লেখকৰ ফোন নং- 9864939209