Home Blog Page 3244

নাছাৰ সতৰ্কতা : ২৪ জুলাইত বিশাল গ্ৰহাণু পাবহি পৃথিৱীৰ কাষলৈ

দৈনন্দিন বাৰ্তা ডেস্ক :

নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অৰ্থাৎ নাছাই সতৰ্কতা জাৰি কৰিছে যে ২৪ জুলাইত এটা বিশাল গ্ৰহাণু যাক “গ্ৰহাণু ২০২০ এনডি” বুলি কোৱা হৈছে, পৃথিৱী পাৰ হৈ যাব৷ ইয়াৰ লগতে জনাইছে যে দুটা গ্ৰহাণু আছে যি দেওবাৰে আমাৰ গ্ৰহটো পাৰ হ’ব বুলি আশা কৰা হৈছে ৷ নাছাই নামকৰণ কৰা গ্ৰহাণু দুটা হ’ল ২০১৬ ডিৱাই ৩০ আৰু ২০২০ এমই ৩ ৷ “সম্ভাব্য ক্ষতিকাৰক এষ্টেৰয়ডছ (পিএইচএ)” বৰ্তমানে পৃথিৱীৰ নিকটৱৰ্তী ভাবুকিস্বৰূপ গ্ৰহাণুবোৰৰ সম্ভাব্যতা পৰিমাণ কৰি এনে পেৰামিটাৰবোৰৰ ওপৰত ভিত্তি কৰি সংজ্ঞায়িত কৰা হৈছে৷ বিশেষকৈ ০.০৫ এই বা তাৰ কম নূন্যতম কক্ষপথ ছেদ কৰাৰ দূৰত্বসহ সমগ্ৰ গ্ৰহাণু পিএইচএ হিচাপে বিবেচিত হয় ৷ নাছাৰ এক বিবৃতিত এই কথা কোৱা হৈছে৷ নাছাৰ মতে গ্ৰহাণু ২০২০ এনডি প্ৰায় ১৭০ মিটাৰ দীঘল আমাৰ গ্ৰহৰ ০.০৩৫ জ্যোতির্বিদ্যা ইউনিট (৫,০৮৬,৩২৮ কিলোমিটাৰ) ওচৰত থাকিব৷ গ্ৰহাণুটোৱে প্ৰতি ঘণ্টাত ৪৮,০০০ কিলোমিটাৰ তীব্ৰ গতিত ভ্ৰমণ কৰিছে ৷ পৃথিৱীৰ দূৰত্বই এই গ্ৰহাণুটোক “সাম্ভাৱ্য বিপদজনক” হিচাপে চিহ্নিত কৰিছে৷ ২০১৬ ডিৱাই ৩০ প্ৰতি ঘণ্টাত ৫৪,০০০ কিলোমিটাৰ গতিত পৃথিৱীৰ দিশে আহিছে, ২০২০ এমই ৩ প্ৰতি ঘণ্টাত ১৬,০০০ কিলোমিটাৰ বেগত ভ্ৰমণ কৰিছে৷ ২০১৬ ডিৱাই ৩০ হ’ল ১৫ ফুট প্ৰস্তৰ বায়ুৰ ওপৰেৰে যোৱা সৰু গ্ৰহাণু ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত। গঁড়টোৰ চিকিৎসাৰ বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত ব‍্যস্ত এটা চিকিৎসকৰ দল।

কলিয়াবৰ : শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো কিছু সুস্থ হৈ উঠিছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত অৱস্থান লৈ থকা অসুস্থ গঁড়টো বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী ডা০ কুশল কুমাৰ শৰ্মাৰ তত্বাৱধানত এটি চিকিৎসকৰ দলে পৰ্য‍্যবেক্ষণ কৰি আছে।ডা০ শৰ্মাই প্ৰকাশ কৰা মতে, গঁড়টো ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও চকুৰ বিসঙ্গতি থকাৰ  বাবে কিছু অসুবিধাত পৰিছে। কালিৰে পৰা খাদ‍্য গ্ৰহণ কৰাৰ লগতে গঁড়টোক পৰ্য‍্যাপ্ত চিকিৎসা সাহাৰ্য‍্য আগবঢ়োৱাৰ ফলত যথেষ্ট সুস্থ দেখা গৈছে। প্ৰায় ২৭ বছৰ বয়সৰ বয়ষ্ক গঁড়টো পুৱা কিছু দুৰ সাঁতুৰিছিল বুলিও প্ৰকাশ কৰে ডা০ শৰ্মাই। সেয়ে গঁড়টৈ বিশেষ ব‍্যৱস্থাৰে উদ্ধাৰৰ পৰিকল্পনা সদ‍্যহাতে পৰিহাৰ কৰিছে বুলিও চিকিৎসক গৰাকীয়ে কয়। কুঠৰীৰৰ সমীপৰ বাঘমাৰীত অৱস্থান লৈ থকা গঁড়টোৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে উদ‍্যান কৰ্তৃপক্ষ, বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী প্ৰশাসন।

প্ৰিয় চহৰ খন হঠাৎ অপ্ৰিয় হৈ পৰিল- “গুৱাহাটী”

সকলোৰে যেন প্ৰিয় চহৰ খন আজি হঠাৎ অপ্ৰিয় হৈ পৰিল।  কাৰণ এটাই- কৰণাৰ আতংক। গুৱাহাটী ত বৃদ্ধি পোৱা কভিড ১৯ পজিতিভ ৰোগী ৰ বাবে এতিয়া যেন সকলোৱে আপোন চহৰ খনৰ পৰা আঁতৰি থাকিব বিচাৰিছে। কোনোবা যদি গাঁৱৰ ঘৰৰ গুচি আহিছে,কোনোবাই আন ঠাইলৈ ৰাওনা হৈছে। ইতিমধ্যে গুৱাহাতীৰ বহুত কেইটা অঞ্চলত কৰণাই সংহাৰী ৰূপ ধাৰণ কৰিছে।যাৰ বাবে লক ডাউন ৰ দৰে সিদ্ধান্ত চৰকাৰে লব লগা হৈছে।
দিনক দিনক কৰণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও। সকলো ফালেই যেন গণ সংক্ৰমণৰ আশংকা। ইতিমধ্যে ৰাজ্যৰ ১০ খনৰো অধিক জিলাই গুৱাহাটী ৰ সৈতে অহা যোৱা বন্ধ কৰিছে।  সেই জিলা সমূহলৈ কোনো ব্যক্তি গুৱাহাটীৰ পৰা আহিব নোৱাৰিব।লগতে গুৱাহাটী লৈ যাব ও নোৱাৰিব। যাৰ ফলত এলাগী হৈ পৰিছে গুৱাহাটী।।সকলোৰে প্ৰিয় চহৰ খন আজি হঠাৎ অপ্ৰিয় হৈ পৰিল। কোনোৱে যেন গুৱাহাটী ক যোৱা ৰ কথা শুনিব য়ে নোখোজে। সকলোৱে যেন গুৱাহাটীৰ পৰা দূৰত থাকিব হে বিচাৰে। আপোন চহৰ খনৰ সুস্থ পৰিবেশ অতি সোনকালে ভাৰতবৰ্ষৰ ঘূৰি আহক তাৰেই কামনা কৰিছোঁ।। সকলো যেন আগৰ দৰেই হয়, সকলোৱে যেন আকৌ প প্ৰিয় চহৰ খনলৈ যাবলৈ মন মেলে।তাৰেই অপেক্ষা প্ৰতিজনৰ।

অভিজিত মজুমদাৰ (অংকু) বেলশৰ, নলবাৰী 9101003298 Email: abhijitmazumdar99@gmail.com

কৰিমগঞ্জত গৰু চোৰ কৰিবলৈ অহা বাংলাদেশী ৰাইজৰ প্ৰহাৰত মৃত্যু

 কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমৰ কৰিমগঞ্জ জিলাত অবৈধভাৱে প্ৰৱেশ কৰি গাঁৱৰ পৰা গৰু চোৰ কৰিবলৈ অহা তিনিজন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ৰাইজে প্ৰহাৰ কৰি নিহত কৰে৷ আৰক্ষীয়ে এই কথা জনাইছে৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই এক লিখিত বিবৃতিত কয় যে পাথৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বগৰীজান চাহ বাগিচাত কেতবোৰ অজ্ঞাত আততায়ীয়ে যোৱা নিশা তিনিজন সন্দেহজনক বাংলাদেশী নাগৰিকক হত্যা কৰে৷ অনুসন্ধান কৰি জানিব পৰা মতে এই বাংলাদেশী নাগৰিককেইজনে সীমান্ত পাৰ হৈ বগৰীজান এলেকাত গৰু চোৰ কৰিবলৈ প্ৰৱেশ কৰিছিল বুলি আৰক্ষী অধীক্ষকজনে লগতে কয়৷ আৰক্ষীয়ে জনোৱা মতে এই নিহত লোককেইজনৰ পৰা ৰচী, ফেঞ্চিং কাটাৰ আৰু তাঁৰৰ লগতে খাদ্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী অধীক্ষকজনে জনাইছে ৷

মুখ্যমন্ত্ৰীৰ নামত অপপ্ৰচাৰ। ছ’ছিয়েল মিডিয়াত সক্ৰিয় অপৰাধী চক্ৰ । জনসংযোগৰ মতে এয়া ‘ফেইক নিউজ’

গুৱাহাটী : টকা নাই ! বানাক্ৰান্তক   সাহাৰ্য দিব লাগিব ৰাইজেই। আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰজন দুৰ্গতৰ মুখত হাঁহি। ঠিক  এইদৰে জনোৱা হৈছে আহ্বান। এফালে মুখ্যমন্ত্ৰীৰ হাস্যময়ী ফটো,আনফালে জনসংযোগ বিভাগৰ লগ’ সহ সচিবালয় শাখাত থকা ষ্টেট বেংক অৱ  ইণ্ডিয়াৰ বেংক একাউণ্ট নম্বৰ। অতি পৰিকল্পিত আৰু নিখুঁত ভাবে প্ৰস্তুত কৰা বিজ্ঞাপনটো আকৌ প্ৰচাৰ কৰা হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ হাততে থকা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা।বিভিন্ন জনৰ হাত বাগৰি ছ’চিয়েল মিডিয়াত ব্যাপক ভাৱে প্ৰচ্চলন হোৱাৰ পিছত চকু পৰিল জনসংযোগ বিভাগৰ।লগেলগে এই বিজ্ঞাপনটোযে আচল নহয়, এক ভূৱা বিজ্ঞাপনহে,জনসংযোগে  স্পষ্ট কৰিলে।বিভাগীয় ভাবে দায়িত্ব পালন কৰি জনসংযোগে স্পষ্ট কৰিলেও দুষ্ট চক্ৰৰ অপপ্ৰচাৰে ইতিমধ্যে বহু দূৰ শিপালেগৈ।ডিজিটেল যুগত সকলোৰে হাতে হাতে থকা স্মাৰ্টফোনত বিয়পি পৰিচে এই অপপ্ৰচাৰ।কিন্তু কোনে চলাইছে এই অপপ্ৰচাৰ ? ৰাজনৈতিক কাৰণত নে মুখ্যমন্ত্ৰীৰ ভাৱমুৰ্তী নাশ কৰিবলৈ,চৰকাৰখনৰ ব্যৰ্থতা উদঙাই দূৰৰ পৰা ৰং চাবলৈ কৰা হৈছে অপচেষ্টা?ৰাইজ এতিয়া বিভ্ৰান্ত।ডিজিটেল ব্যৱস্থাৰ সুযোগ লৈ বহুতে লেকাম নথকা ছ’চিয়েল মিডিয়াত বিভিন্ন উৰা-বাতৰি,অপ-প্ৰচাৰ চলাই আহিছে।আইনে ঢুকি পোৱাৰ আগতেই অপপ্ৰচাৰ চলোৱা পক্ষ আত্মগোপন কৰিবলৈ সক্ষম হৈছে।কংগ্ৰেছৰ আমোলত বিসম্বাবৰ সময়ত একাংশই তেতিয়াৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজনৈতিক উচ্চাকাংক্ষী ঘনিষ্ঠৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অহৰহ অপ-প্ৰচাৰ চলাইছিল।সেইচক্ৰটো এতিয়া কংগ্ৰেছ এৰি শাসকীয় পক্ষত আছে।গতিকে ৰাইজে এনে অপ-প্ৰচাৰ তথা ভুৱাসংবাদৰ বাবে সকলো পক্ষকে সন্দেহ কৰিছে,শাসক আৰু বিৰোধী দুয়োপক্ষকে।দোষীক বিচাৰি উলিওৱাৰ ভাৰ চৰকাৰৰ হাততে আছে।চৰকাৰেই ৰাইজক  আশ্বস্ত কৰিব লাগিবযে মুখ্যমন্ত্ৰীৰ নামত অপ-প্ৰচাৰ চলোৱা পক্ষ কাৰ দ্বাৰা আৰু কি উদ্দেশ্যৰে পৰিচালিত হৈছে,সেই কথা।লগতে তথ্য আৰু জনসংযোগ বিভাগৰো দায়িত্ব বাঢ়িৰ।ফেইক নিউজ বুলি কৈয়েই দায়িত্বৰ ইতি নেপেলাই নিজ চৰকাৰ আৰু বিভাগীয় মুৰব্বীৰ বিৰুদ্ধে চলা এনে অপপ্ৰচাৰৰ আঁৰৰ ৰহস্য উদঙাই দিব লাগিব।।

৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক :

৫ আগষ্টত অযোধ্যাত হ’ব লগা ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী অযোধ্যাত সেইদিনা দিনৰ ১১ বজাৰ পৰা দিনৰ ১.১০ বজালৈকে থাকিব৷ প্ৰাপ্ত তথ্য মতে সেইদিনা পুৱা ৫ বজাৰ পৰা ভূমি পূজনৰ প্ৰাৰ্থনা আৰু আন কাৰ্যসূচী আৰম্ভ হ’ব ৷ ভূমি পূজা কাশী আৰু বাৰানসীৰ পূজাৰীয়ে কৰিব, য’ত প্ৰধানমন্ত্ৰী মোডীৰ সংসদীয় অঞ্চলতো ‘ভূমি পূজা’ অনুষ্ঠানত অংশ থাকিব ৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আদেশপ্ৰাপ্ত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে শনিবাৰে অযোধ্যাত সভাৰ আহ্বান কৰে আৰু দুটা তাৰিখ ক্ৰমে ৩ আগষ্ট আৰু ৫ আগষ্টত একমত হয়৷ এই সভাত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ গুৰুত্বপূৰ্ণ সদস্যৰ লগতে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়, ট্ৰাষ্টৰ সভাপতি নৃত্য গোপাল দাস, গোবিন্দ দেৱ গিৰি, স্বামী পৰমানন্দ, কামেশ্বৰ চৌপাল, ড° অনিল মিশ্ৰ, ভীমেলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰ, মহন্ত দিনেন্দ্ৰ দাস, অনুজ ঝা, ডি এম অযোধ্যা, কৃষ্ণ গোপাল ছাংঘ শ্ৰী কাৰয়াভাস, নৃপেন্দ্ৰ মিশ্ৰ, কে কে শৰ্মা, কমল নয়ন দাস, নৃত্য গোপাল দাস উপস্থিত থাকে ৷ ট্ৰাষ্টৰ সভাপতি নৃত্য গোপাল দাসৰ মুখপাত্ৰ মহন্ত কমল নয়ন দাসে কয় যে তেওঁলোকে গ্ৰহ আৰু নক্ষত্ৰৰ গণনা কৰি প্ৰধানমন্ত্ৰী অহাৰ সন্দৰ্ভত ৩ আৰু ৫ আগষ্ট, এই দুটা দিন ধাৰ্য কৰিছিল ৷ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰয়ে জনোৱা মতে বাৰিষাৰ পাছত দেশৰ ১০ কোটি পৰিয়ালৰ পৰা ৰাম মন্দিৰৰ বাবে সহায় ল’ব আৰু তিনিৰ পৰা চাৰে তিনি বছৰৰ ভিতৰত মন্দিৰৰ নিৰ্মাণৰ আৰ্হি সম্পূৰ্ণ হৈ উঠিব ৷

চি বি এচ ই পৰীক্ষাত নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে দুই কৃৰ্তিমানে

নগাঁও, ১৯ জুলাই: সদ্যঘোষিত চি বি এচ ই পৰীক্ষাত মেধাৰ দৌৰত পুনৰ  প্ৰত্যাশিতভাৱে জিলিকিছে নগাঁও জিলাৰ কেইবাগৰাকীও ছাত্র-ছাত্ৰী। চি বি এচ চি পৰীক্ষাত নগাঁৱৰ নেচনেল একাডেমিৰ পৰা প্ৰথম স্থান দখল কৰি ৯৮ শতাংশৰে এনিশা পৰাশৰ আৰু  ৯৭ শতাংশৰে দ্বিতীয় স্থান দখল কৰি হিৰক জ্যোতি বিকাশে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে । নগাঁও চহৰৰ নিবাসী অংকুৰ শৰ্মা আৰু অনুভা শৰ্মাৰ জীয়ৰী এনিশা পৰাশৰ আৰু খনিন্দ্ৰ মোহন দাস আৰু হীৰা দাসৰ পুত্ৰ হীৰক জ্যোতি বিকাশৰ সাফল্যত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে নগাঁওবাসীয়ে কৃৰ্তিমান দুগৰাকীক শলাগ লয়।

ওৰাঙত ২০ গৰাকী কৃতিমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান সমাজ সেৱক অমৰ বৰুৱাৰ

ওৰাং : ওদালগুৰি জিলাৰ ওৰাঙৰ ধনশ্ৰীঘাটত ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আৰ্থিক সাহাৰ্য বিতৰণ সমাজ সেৱক অমৰ বৰুৱাৰ । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মুঠ ২০ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰত্যেককে বিতৰন কৰে ৫০০০ হাজাৰ কৈ আৰ্থিক সাহাৰ্য। মহামাৰী কৰোনা ভাইৰাছৰ সময়ত নিজৰ উপাৰ্জিত ধনেৰে পৰীক্ষাত ভাল ফলাফল লাভ কৰা অতি দৰিদ্ৰ পৰিয়ালৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰন কৰে আৰ্থিক এই সাহাৰ্য । লগতে ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাও জনায় উক্ত অনুষ্ঠানত । পিছপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰেৰণা যোগোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে সমাজ সেৱক অমৰ বৰুৱাই । অতি পিছপৰা অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণত কিছু সকাহ দিয়াৰ বাবে এই আৰ্থিক সাহায্য আগবঢ়াই সমাজ সেৱক অমৰ বৰুৱাই। ছাত্ৰ ছাত্ৰী সকলে অমৰ বৰুৱাই আগবঢ়োৱা সহায় আৰু সম্বৰ্ধনা গ্ৰহণ কৰি সুখী হোৱাৰ লগতে ধন্যবাদ জনায় অমৰ বৰুৱাক। আৰ্থিক দৰিদ্ৰতাই যাতে মেধাবী ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে তাৰ বাবে অমৰ বৰুৱাই আগবঢ়োৱা সাহাৰ্য গ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰে ছাত্ৰ ছাত্ৰী সকল। আৰ্থিক সাহায্যৰ উপৰিও পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰী সকলে অমৰ বৰুৱাই ছাত্ৰ ছাত্ৰী সকলক উৎসাহ জগোৱাত অনুপ্ৰাণিত হয়। অমৰ বৰুৱাৰ এই প্ৰশংসনীয় পদক্ষেপক সকলোৱে এতিয়া শলাগ লৈছে । অমৰ বৰুৱাৰ এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক কৃষ্ণ বৰা, অৱসৰ প্ৰাপ্ত শিক্ষক মন্টু বসুমতাৰী, নলবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক দীনেশ্বৰ বৰুৱা, গেলাবিল হাই স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ দে, ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি।

বিভিন্ন সমস্যাৰে জৰ্জৰিত তৰুন নগৰ : নিৰ্মীয়মাণ পথৰ বুজ ললে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ তৰুন নগৰ অঞ্চলত কৃত্ৰিম বান নতুন কথা নহয় ৷ বছৰ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলত বাসিন্দাই কৃত্ৰিম বানৰ সমস্যাত দুৰ্ভোগ ভুগি আহিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰ খনে মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমধানৰ বাবে বৃহৎ পৰিকল্পনা গ্ৰহন কৰিছে ৷ এই ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ, গুৱহাটী পৌৰনিগম, গড়কাপ্তানি বিভাগে অতি ক্ষীপ্ৰতাৰে কাম কৰি আহিছে ৷ ইতিহাস তৰুন নগৰ অঞ্চলত বিভিন্ন নলা – নৰ্দমাৰ লগতে পথ সমুহ নিৰ্মাণ কৰি থকা হৈছে ৷ সাম্প্ৰতিক লকডাউন বাবে কাম সমুহ নিয়ৰীকৈ আগবঢ়াই নিব পৰা নাই ৷ অৰ্ধনিৰ্মিত কামৰ বাবেই এই অঞ্চলত বিগত বৰ্ষত কৈ চলিত বৰ্ষত কৃত্ৰিম বানৰ পৰিমান যঠেষ্ট বৃদ্ধি পাইছে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আজি গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তৰুন নগৰ অঞ্চল পৰিদৰ্শন কৰে ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্মীয়মাণ পথ – নলা – নৰ্দমা সমুহ পৰিদৰ্শন কৰে ৷ অৰ্ধনিৰ্মিত নলা , নৰ্দমা ,পথ সমুহৰ সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে স্হানীয় ৰাইজে কৃত্ৰিম বানৰ বাবে বিভিন্ন সমস্যা সন্মুখীন হৈছে ৷ বিশেষকৈ অৰ্ধনিৰ্মিত বাট পথ সমুহ সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে পানী সমুহ ওলাই যাব পৰা নাই ৷ সেইবাবেই এই বৰ্ষত তৰুন নগৰ অঞ্চলত কৃত্ৰিম বানৰ পানী কেইবাদিনো ধৰি ৰৈ আছে ৷ লকডাউনৰ বাবেই শ্ৰমিকৰ সমেস্যাৰ সৃষ্টি হৈছে ৷ সেই বাবেই প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে যদিও ৪০ শতাংশ কাম সমাপ্ত হোৱা নাই ৷ অহা এমাহৰ ভিতৰত সম্পূৰ্ণ কাম কৰিবলৈ নিৰ্মীয়মাণ প্ৰতিষ্ঠানক নিৰ্দেশ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ তেওঁ লগতে কয় যে যোৱা ১৪ বছৰৰ তুলনাত এই বছৰ বৰষুণৰ পৰিমান যঠেষ্ট বেছি ৷ সেইবাবে মহানগৰীৰ কিছু অঞ্চলত কৃত্ৰিম বান হোৱা দেখা গৈছে ৷তথাপি তাৎক্ষণিক ভাবে সমধানৰ বাবে পাম্পৰ জৰিয়তে পানী নিস্কাষন কৰা হৈছে ৷ মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময় চোৱাত স্হানীয় বাসিন্দা তথা কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহন বিষয়া গৌতম দাসে বিভিন্ন সমস্যাৰ বিষয়ে মন্ত্ৰী গৰাকীক অবগত কৰে ৷ উল্লেখ্য যে মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময়ছোৱাত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিকা, মুখ্য অভিযন্তা দেবজিত দাস, জি এম ডি এৰ মুখ্য কাৰ্য্যবাহী বিষয়া উমানন্দ দলে, গড়কাপ্তানি বিভাগৰ কাৰ্য্যকাৰী অভিযন্তা হেমান্ত দেউৰী ভৰালী , অতিৰিক্ত আয়ুক্ত পুলক মহন্ত , জলবৰ্ডৰ উচ্চপদস্থ বিষয়াৰ লগতে অ , এছ ডি নাৰায়ন আগৰৱাল উপস্থিত থাকে ৷ ইপিনে মন্ত্ৰী গৰাকীয়ে তৰুন নগৰ অঞ্চলত সমস্যাৰ বুজ লোৱাৰ বাবেই স্হানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ৷

মাজুলীৰ ৰাজহ চক্ৰ বিষয়াৰ খহনীয়া এলেকা পৰিদৰ্শন : সাহাৰ্য সামগ্ৰী বিতৰন

উজনি-মাজুলীঃ মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাই শণিবাৰে আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হোতাৰৰ খহনীয়া আক্ৰান্ত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত চক্ৰ বিষয়া গৰাকীয়ে হোতাৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ টাৰ্পোলিন আৰু সাহাৰ্য সামগ্ৰী আগবঢ়ায়। চক্ৰ বিষয়া বৰুৱাই ইয়াৰ পাছতে আঁহতগুৰি হাইস্কুলৰ বান-সাহাৰ্য শিবিৰো পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। একেদিনাই চক্ৰ বিষয়াগৰাকীয়ে দক্ষিণ আঁহতগুৰিৰ নমাটি, দালিজলিয়া আৰু নৰমাৰীৰ খহনীয়া আক্ৰান্ত এলেকাও পৰিদৰ্শন কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰে।