Home Blog Page 3251

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : মঙলবাৰ পৰ্যন্ত কোনো ব্যৱস্থা ল’ব নোৱাৰিব শচীন পাইলট-অনুগামীৰ বিৰুদ্ধে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

মঙলবাৰ পৰ্যন্ত শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ‘‌দলবিৰোধী কাম’‌ৰ অভিযোগত পাইলট আৰু তেওঁৰ সংগীৰ বিধায়ক পদ খাৰিজ কৰাক লৈ কংগ্ৰেছ আৰু পাইলট শিবিৰৰ মাজত আইনি যুদ্ধ তুংগত উঠিছে৷ শচীন পাইলট আৰু তেওঁৰ অনুগামীসকলক বিধানসভা সদস্য পদ খাৰিজৰ জাননী দিছিল অধ্যক্ষই ৷ সেই জাননীৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰে শচীন পাইলটে ৷ আবেদনখন লৰালৰিকৈ লিখাত বহু ভুলভ্ৰান্তি আছিল৷ হৰিশ ছালভেৰ আৰ্জিৰ ভিত্তিত বৃহস্পতিবাৰৰ ৰায়ত পাইলট শিবিৰক নতুন আবেদন জমা দিবলৈ সময় দিয়ে উচ্চ ন্যায়ালয়ে ৷ তাৎপর্যপূর্ণ যে পাইলট শিবিৰৰ পক্ষে গোচৰ চলাইছে বিজেপিৰ দুই ঘনিষ্ঠ অধিবক্তা মুকুল ৰোহতগি আৰু হৰিশ ছালভেয়ে৷ দুয়োজন বিজেপি আমোলাৰ অধিবক্তা আছিল ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পক্ষত গোচৰটো চলাইছে কংগ্ৰেছ নেতা মন সিংভিয়ে ৷ শুকুৰবাৰে অধিবক্তা হৰিশ ছালভেয়ে কয় যে এজন বিধায়ক যিজনে তেওঁৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিছে আৰু হাইকমাণ্ডক বিষয়টো জনাবলৈ চেষ্টা কৰিছে, সেইটো তেওঁৰ বাক স্বাধীনতা৷ বিদ্ৰোহ নহয় ৷ যদি চৰকাৰ পতন নিয়াবলৈ চেষ্টা কৰিছে তেনেহ’লে সেইটো দোষ হ’ব, কিন্তু দলৰ মাজত এজন দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰীক বিৰোধিতা কৰাৰ স্বাধীনতা অৱশ্যে আছে৷ বিধানসভাৰ সদস্য পদ খাৰিজ কৰা জাননী সম্পূৰ্ণ বেআইনী৷ নিজৰ বক্তব্য দিবৰ বাবে তেওঁক তিনিদিন সময় দিছে কংগ্ৰেছ শিবিৰে ৷ সিই অনুমতি দিছে আদালতে৷ সেয়ে এই তিনিদিন শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাযাব৷ এই কথা আদালতে পৰিষ্কাৰ কৰি দিছে ৷

স্তব্ধ যান-বাহন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ পঠিওৱাৰ চেষ্টা বনৰক্ষী আৰু আৰক্ষীৰ।

কলিয়াবৰ : কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এটা প্ৰকাণ্ড গঁড়ৰ অৱস্থান। দুই পাৰৰ যান-বাহন স্তব্ধ। গঁড়ে পথ এৰাৰ নামেই নলয়। বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা। গঁড়ো নাচোৰবান্দা পথ নেৰেহে-নেৰে। অৱশ‍্যে গঁড়টোৱে কাৰো ক্ষতি নকৰাকৈ প্ৰায় দুঘণ্টা মানৰ অন্তত কাজিৰঙাৰ হাবিৰ ফালে ধীৰ খোজেৰে গতি কৰে। অন্ত পৰে দুঘণ্টা যোৰা শ্বাসৰুদ্ধ পৰিৱেশৰ। বানত বিধস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই আহিছিল বুলি বন বিভাগে সদৰি কৰিছে।

নগাঁৱত ৰাজপথত দপদপকৈ জ্বলিল এখন ট্ৰাক ।

নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টীত আজি ৰখাই থোৱা এখন ট্ৰাকত অগ্নিসংযোগ হোৱাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ইছলামপট্টীৰ জ্যোতি ফ্ল’ৰ মিলৰ সন্মুখত মেৰামতিৰ বাবে পথৰ দাঁতিত ৰখাই থোৱা এ এছ ০৯ চি ৭৩৮৮ নম্বৰৰ ট্ৰাকখন আজি দুপৰীয়া হঠাৎ দপ দপকৈ জ্বলি উঠে। পাছত তাত উপস্থিত থকা একাংশ লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় হয়বৰগাঁও আৰক্ষী আৰু আগ্নিনিৰ্বাপক নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিওঁ ট্ৰাক খনৰ অধিকাংশ জুইত ভস্মীভূত হয়। ট্ৰাকখনত জুই লগাৰ কাৰণ স্পষ্ট হোৱা নাই যদিওঁ কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

লুইতৰ উগ্ৰমুৰ্ত্তিয়ে নিদ্ৰা হৰিছে নগাঁওবাসীৰ, জলসম্পদ মন্ত্ৰীৰ গৃহজিলাত বিপদ ডংকা ।

 নগাঁও : নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ লুইতৰ বানে বুৰাই পেলোৱাৰ আশংকাই বৰ্তমান আতংকিত কৰিছে জিলা দুখনৰ নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নগাঁও জিলাৰ নৈপৰীয়া ৰাইজক লুইতৰ বানৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মান কৰা শিলঘাট-ধিং মথাউৰিৰ সঠিক মেৰামতি নোহোৱাৰ ফলতেই পুনৰ ২০১২বৰ্ষৰ দৰে ভয়ংকৰ বানৰ পুনৰাবৃত্তি হোৱাৰ আশংকাই দেখা গৈছে। উল্লেখযোগ্য যে ২০১২ বৰ্ষত শিলঘাট-ধিং মথাউৰিৰে পানী বাগৰাৰ ফলতে নগাঁও জিলাৰ চামগুৰি, ৰূপহী, জুৰিয়া আদি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে ন ন অঞ্চলত বাবে সংহাৰলীলা চলাইছিল। পৰৱৰ্তী সময়ত নগাঁৱৰ ৰাইজৰ সুৰক্ষা কৱচ স্বৰূপ শিলঘাট-ধিং মথাউৰিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ বাবেই বহু আসোঁৱাহ ৰৈ গৈছিল। এইবেলি পুনৰ লুইতৰ পানীয়ে ১৯৯৮ৰ অভিলেখ ভংগ কৰিছে। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা মুষলধাৰ বৰষুণৰ ফলতেই লুইতৰ বুকু উফন্দি উঠাৰ লগতে ফেনে-ফুটুকাৰে বাঢ়ি অহা উপনৈ সমূহৰ পানীয়ে লুইতক অধিক সংহাৰী কৰি তুলিছে। ফলত উজনি অসমৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়াবহ ৰূপ ধাৰণ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভুৰবন্ধা আৰু লাওখোৱাতো বানে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। কিন্তু আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে নগাঁও জিলাৰ হালধিয়াআটি আৰু কলাডোবাত থকা ৰিং বান্ধৰ ওপৰেদি পানী নিগৰিছে। এই বান্ধ দুটা ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত নিৰ্মান কৰা গৈছিল যদিও বৰ্তমান দুয়োটা বান্ধৰে অৱস্থা শোচনীয়। আনকি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ বৰঘূলিৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলাইছে। অৱশ্যে বৰ্তমানেও হাতীমূৰা বান্ধ সম্পূৰ্ণ অক্ষত অৱস্থাত আছে। কিন্তু তথাপিও শিলঘাট-ধিং মথাউৰিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিয়ে নিদ্ৰা হৰিছে নগঁঞা ৰাইজৰ। সেয়ে যদিহে জলসম্পদ বিভাগৰ অমনযোগিতাৰ বাবে পুনৰ শিলঘাট-ধিং মথাউৰিৰ হানি-বিঘিনি ঘটে তেনেহ’লে ২০১২ত কৈও ভয়ংকৰ বানৰ সৃষ্টি হ’ব পাৰে নগাঁৱত।

দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি । ভাৰাতীয়া জবকাৰ্ডৰে আঁচনিৰ ধন আত্মসাত ফকিৰপাৰা গাওঁ পঞ্চায়তত ।

দলগাঁও : লকডাউনৰ সময়ত জবকাৰ্ড শ্ৰমিকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজিএনৰেগাৰ অধীনত বুজন পৰিমাণৰ টকা আৱন্টণ দিছে ঠিকেই কিন্তু দৰং জিলাৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত একাংশ কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি ট্ৰেক্টৰেৰে সামান্য পৰিমাণৰ মাটি পেলায়ে অধিকাংশ ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। গাওঁ পঞ্চায়তখনৰ সদস্য সচিব, গ্ৰাম ৰোজগাৰ সহায়ক, এগ্ৰিকেটেড ইঞ্জিনীয়াৰ(এ,ই)কণিষ্ঠ অভিযন্তা আদি কৰ্মচাৰীৰ লগত গোপন বুজাবুজিত পঞ্চায়তৰ প্ৰতিনিধিয়ে আঁচনিৰ নামত কেৱল নাম ফলক আৰিয়েই অধিকাংশ ধন নিজৰ পকেটত তুলাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে ফকিৰপাৰা গাওঁ পঞ্চায়তৰ ভুটপুখুৰী গাঁৱত ২০১৯-২০ বৰ্ষত এমজিএনৰেগা আঁচনিত “ফিল্ড ডেভলপমেন্ট এট হাফিজীয়া এণ্ড খাৰেজিয়া মাদ্ৰাছা এট ভুটপুখুৰী” নামৰ আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ভুটপুখুৰী গাঁৱৰ উক্ত মাদ্ৰাছা খনত এমজিএনৰেগা আঁচনিৰ অধীনত বিভাগীয় কৰ্তৃপক্ষই ১ লাখ ৯০ হাজাৰ ৭ শ টকা আবন্টণ দিয়ে। আঁচনি গ্ৰহণৰ পাছত ট্ৰেক্টৰেৰে সামান্য মাটি পেলাইয়ে কাম সামৰে ৷ বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত জনপ্ৰতিনীয়ে মাদ্ৰাছাখনৰ ফিল্ডৰ আধা অংশত মাটি দিয়েই উক্ত আঁচনিখনৰ অধিকাংশ ধন আত্মসাত কৰে। তাৎপৰ্যপূৰ্ণ কথা হল স্থানীয় দৰিদ্ৰ শ্ৰমিকক বঞ্চিত কৰি পঞ্চায়তৰ সহকাৰী অভিযন্তাই মিলি ভাৰাতীয়া জবকাৰ্ড যোগে জবকাৰ্ড শ্ৰমিকৰ সম্পূৰ্ণ টকা উঠাই উদৰস্থ কৰিছে৷ এই সংক্ৰান্তত স্থানীয় ৰাইজে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত এখন লিখিত অভিযোগ দাখিল কৰে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ। পঞ্চায়তখনৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা আৰু এ.ই জনে আঁচনি পৰ্যবেশন কৰি সেইমতেহে বিল দাখিল কৰিব লাগে যদিও টকাৰ লোভত অন্ধ হৈ কোনো দিনে আঁচনি নেদেখিয়ে বিল দাখিল কৰে৷ এক কথাত ক’বলৈ গলে গ্ৰামাঞ্চলৰ বাট পথৰ উন্নয়নৰ বিপৰীতে আঁচনিৰ নামত কেৱল টকা ঘটাৰ কাৰ্যালয়ত পৰিণত হৈছে ফকিৰপাৰা গাওঁ পঞ্চায়ত খনত।

অনুৰাগীৰ আশাত চেঁচাপানী, সুশান্তৰ মৃত্যুক লৈ নহয় চি বি আই তদন্ত, স্পষ্ট কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ বলিউড অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যুক লৈ নহয় চি বি আই তদন্ত। সামাজিক মাধ্যমত বিগত প্ৰায় এমাহ ধৰি সুশান্তৰ অনুৰাগীসকলে কৰি অহা চি বি আই তদন্তৰ দাবী নস্যাৎ কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, গৃহমন্ত্ৰী গৰাকীয়ে চি বি আই তদন্তৰ দাবী খাৰিজ কৰিছে। প্ৰকাশিত খবৰৰ মতে, গৃহমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত কয়, সুশান্তৰ আত্মহত্যাক লৈ চি বি আই তদন্তৰ প্ৰয়োজন নাই। মুম্বাই আৰক্ষীয়ে সকলো দিশৰ পৰা তদন্ত কৰিছে। যথাসময়ত মুম্বাই আৰক্ষীয়ে সকলো তথ্য ৰাজহুৱা কৰিব। গতিকে আমি ভাৱো এই কেছৰ তদন্তৰ বাবে মুম্বাই আৰক্ষী সক্ষম।

হঠাৎ সুৰ সলনি ট্ৰাম্পৰ, কেৱল ভাৰতকে নহয়, চীনকো ভালপায় মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ হঠাৎ সুৰ সলনি কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিছুদিনৰ আগতে চীন-ভাৰতৰ মাজত যদিহে সংঘৰ্ষ হয়, আমেৰিকা সদায়েই ভাৰতৰ কাষত থিয় দিব বুলি কোৱা ট্ৰাম্পে দিন বাগৰাৰ লগে লগে কথাও সলনি কৰিছে। শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে, মই ভাৰতীয় সকলকো ভাল পাও আৰু চীনৰ সকলকো সমানেই ভাল পাও। পোনপতীয়াকৈ নকলেও মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ভাষ্যই পুনৰ প্ৰমাণ কৰিলে ট্ৰাম্পৰ দুমুখীয়া স্থিতি। কিছুদিনৰ আগলৈকে ভাৰতৰ পক্ষত থকা ট্ৰাম্পে আওপকীয়াকৈ চীনক সমৰ্থন কৰি এই মন্তব্য কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে হোৱাইট হাউছৰ চেক্ৰেটৰী কলেঘ মেকে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ট্ৰাম্পে লগতে চীন ভাৰতৰ মাজত সংঘাত অন্ত পেলাই শান্তি স্থাপনৰ কামনা কৰিছে বুলিও সদৰি কৰে হোৱাইট হাউছৰ চেক্ৰেটৰী কলেঘ মেকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

জনজাতিকৰণৰ দাবীত মটক যুৱ ছাত্ৰৰ মানব শৃংখল, মাহযোৰা আন্দোলন ঘোষণা ।

তিনিচুকীয়া : মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান আৰু স্বায়ত্ত শাষণ প্ৰদানৰ দাবীত স্থানীয় তিনিকোনীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মানব শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। এঘণ্টাযোৰা কাৰ্যসূচীত বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হুচিয়াৰ, no s t no rest, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, অখিল গগৈক মুক্তি দিয়ক, জনজাতি আমাৰ নাৰ্য দাবী আদি শ্ল’গানেৰে উত্তাল কৰি তোলে। মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত জিলা সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে দুৰ্জয় বৰুৱা, কমলদ্বীপ বৰুৱাৰ নেতৃত্বত শতাধিক কৰ্মীয়ে অংশ লোৱাৰ বিপৰীতে ডিব্ৰুগড় চকিডিং চাৰিআালিত ডিব্ৰুগড় জিলা সমিতিয়ে জনজাতিকৰণৰ দাবীত মানব শৃংখল কাৰ্যসূচী পালন কৰে। ইয়াৰোপৰি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বান গৰাখহনীয়াৰ স্থায়ী সমাধান, নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিল কৰা, অখিল গগৈক মুক্তিৰ দাবী ২০ জুলাইত প্ৰতিখন জিলাত ৩ ঘণ্টীয়া ‘অৱস্থান ধৰ্মঘট’ ৰূপায়ণ কৰা, ২৭ জুলাইৰ পৰা ৩১ জুলাইলৈকে (গ্ৰামাঞ্চল)ত মটৰ চাইকেল ৰেলী আৰু ১০ আগষ্টৰ পৰা ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ৰূপায়নৰ কথা কেন্দ্ৰীয় সভাপতি সাধাৰণ সম্পাদক ডেভিদ চেতিয়া আৰু ধৰণী গোঁহাইয়ে ঘোষণা কৰে।

ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, সময় থাকোতেই ঠিক হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দুটাকৈ ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। মুখ্যমন্ত্ৰীক ভাবুকি, সময় থাকোতেই শুধৰণি হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ। বৃহস্পতিবাৰে এনেদৰে ইমেইল যোগে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে । ভাবুকিৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ অধিক চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ প্ৰশাসন, তদন্তৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে চি আই ডিক। মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ নিৰাপত্তাৰ দায়িত্বত থকা সকলো নিৰাপত্তাৰক্ষীক অধিক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

২৮৪ বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ড ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

এখন আদালতে বৃহস্পতিবাৰে ২১ খন দেশৰ ২৮৪ জন বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ এই সন্দৰ্ভত যোৱা ৬ জুলাইত আবেদন দাখিল কৰা হৈছিল, য’ত ছাকেট আদালতে জামিতৰ সদস্যসকলক ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰ জৰিমনা বিহিছে৷ প্ৰাপ্ত তথ্য মতে ২১ খন দেশৰ তগলিবি জামাতৰ সদস্যসকলে দেশৰ ৰাজধানীত ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে দিয়া লকডাউন অমান্য কৰাৰ বাবে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই আদালতত গোচৰ তৰিছিল৷ সেই অপৰাধৰ বাবে সদস্যসকলৰ ওপৰত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত অভিযুক্ত কৰা হৈছিল৷ তগলিবি জামাতৰ বিভিন্ন দেশৰ সদস্য আছিল৷ তাৰ ভিতৰত মালয়েছিয়াৰ ১২১, ছৌদি আৰবৰ ১১, ছুডানৰ ৫, আলজেৰিয়াৰ ৮, ইংলেণ্ডৰ ২, বেলজিয়ামৰ ১, ইজিপ্তৰ ১, ফিলিপাইনৰ ৬, চীনৰ ৭, মৰোক্কোৰ ২, ইউক্ৰেইনৰ ১, ফিজিৰ ১৪, ব্ৰাজিলৰ ৭, আফগানিস্থানৰ ৪, অষ্ট্ৰেলিয়াৰ ২, মালিৰ ২, দগবুটিৰ ২, কেনিয়াৰ ২, শ্ৰীলংকাৰ ১৭, ম্যানমাৰৰ ৪৭ আৰু নেপালৰ ২২জন সদস্য আছিল ৷