তিনিচুকীয়া : মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান আৰু স্বায়ত্ত শাষণ প্ৰদানৰ দাবীত স্থানীয় তিনিকোনীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মানব শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। এঘণ্টাযোৰা কাৰ্যসূচীত বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হুচিয়াৰ, no s t no rest, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, অখিল গগৈক মুক্তি দিয়ক, জনজাতি আমাৰ নাৰ্য দাবী আদি শ্ল’গানেৰে উত্তাল কৰি তোলে। মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত জিলা সন্মিলনৰ সভাপতি সম্পাদক ক্ৰমে দুৰ্জয় বৰুৱা, কমলদ্বীপ বৰুৱাৰ নেতৃত্বত শতাধিক কৰ্মীয়ে অংশ লোৱাৰ বিপৰীতে ডিব্ৰুগড় চকিডিং চাৰিআালিত ডিব্ৰুগড় জিলা সমিতিয়ে জনজাতিকৰণৰ দাবীত মানব শৃংখল কাৰ্যসূচী পালন কৰে। ইয়াৰোপৰি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বান গৰাখহনীয়াৰ স্থায়ী সমাধান, নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিল কৰা, অখিল গগৈক মুক্তিৰ দাবী ২০ জুলাইত প্ৰতিখন জিলাত ৩ ঘণ্টীয়া ‘অৱস্থান ধৰ্মঘট’ ৰূপায়ণ কৰা, ২৭ জুলাইৰ পৰা ৩১ জুলাইলৈকে (গ্ৰামাঞ্চল)ত মটৰ চাইকেল ৰেলী আৰু ১০ আগষ্টৰ পৰা ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ৰূপায়নৰ কথা কেন্দ্ৰীয় সভাপতি সাধাৰণ সম্পাদক ডেভিদ চেতিয়া আৰু ধৰণী গোঁহাইয়ে ঘোষণা কৰে।
ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, সময় থাকোতেই ঠিক হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ ।
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দুটাকৈ ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। মুখ্যমন্ত্ৰীক ভাবুকি, সময় থাকোতেই শুধৰণি হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ। বৃহস্পতিবাৰে এনেদৰে ইমেইল যোগে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে । ভাবুকিৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ অধিক চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ প্ৰশাসন, তদন্তৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে চি আই ডিক। মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ নিৰাপত্তাৰ দায়িত্বত থকা সকলো নিৰাপত্তাৰক্ষীক অধিক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
২৮৪ বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ড ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
এখন আদালতে বৃহস্পতিবাৰে ২১ খন দেশৰ ২৮৪ জন বিদেশী তগলিবি জামাতৰ সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ এই সন্দৰ্ভত যোৱা ৬ জুলাইত আবেদন দাখিল কৰা হৈছিল, য’ত ছাকেট আদালতে জামিতৰ সদস্যসকলক ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰ জৰিমনা বিহিছে৷ প্ৰাপ্ত তথ্য মতে ২১ খন দেশৰ তগলিবি জামাতৰ সদস্যসকলে দেশৰ ৰাজধানীত ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে দিয়া লকডাউন অমান্য কৰাৰ বাবে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই আদালতত গোচৰ তৰিছিল৷ সেই অপৰাধৰ বাবে সদস্যসকলৰ ওপৰত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত অভিযুক্ত কৰা হৈছিল৷ তগলিবি জামাতৰ বিভিন্ন দেশৰ সদস্য আছিল৷ তাৰ ভিতৰত মালয়েছিয়াৰ ১২১, ছৌদি আৰবৰ ১১, ছুডানৰ ৫, আলজেৰিয়াৰ ৮, ইংলেণ্ডৰ ২, বেলজিয়ামৰ ১, ইজিপ্তৰ ১, ফিলিপাইনৰ ৬, চীনৰ ৭, মৰোক্কোৰ ২, ইউক্ৰেইনৰ ১, ফিজিৰ ১৪, ব্ৰাজিলৰ ৭, আফগানিস্থানৰ ৪, অষ্ট্ৰেলিয়াৰ ২, মালিৰ ২, দগবুটিৰ ২, কেনিয়াৰ ২, শ্ৰীলংকাৰ ১৭, ম্যানমাৰৰ ৪৭ আৰু নেপালৰ ২২জন সদস্য আছিল ৷
বিহাৰত ২৬৪ কোটি টকীয়া দলঙৰ সলিল সমাধি ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
বিহাৰত এখন দলঙৰ সলিল সমাধি ঘটিছে৷ এই দলংখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উদ্বোধন কৰিছিল৷ উদ্বোধনৰ পাছত এমাহো নগ’ল দলংখন৷ উল্লেখ্য যে যোৱা ১৬ জুনত গণ্ডক নদীৰ ওপৰৰ সাত্তাৰঘাট নামৰ সেতুখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উদ্বোধন কৰিছিল৷ বৰ্তমান বাৰিষাত নদীখন ফেনেফুটুকাৰে বাঢ়িছে৷ বিহাৰৰ বহু জিলা পানীৰ তলত আছে৷ তাৰ মাজতে ২৬৪ কোটি টকাৰে নিৰ্মাণ কৰা এই দলংখনৰ এটা অংশ নদীৰ পানীত ভাঙি পৰি উটি যায়৷ এইখন দলঙে গোপালগঞ্জৰ সৈতে চম্পাৰণ, ছিৱান আৰু ছৰণ জিলাৰ লগত সংযোগ স্থাপন কৰিছিল৷ কিন্তু বুধবাৰে দলংখনৰ সলিল সমাধি ঘটে৷ এই ঘটনাত কংগ্ৰেছ আৰু আৰজেডিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷
বানাক্ৰান্তৰ কাষত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈ : বানাক্ৰান্তৰ বিপৰীতে শিশুৰ মাজত বিতৰণ কৰিলে চিপছ , পপকৰ্ণ, চানাৰ পেকেট ৷
নগাঁও : ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে । ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ প্লাৱনভূমিত বসতি কৰা বহুলোকৰ ঘৰ- বাৰী বানত জাহ যোৱাৰ ফলত বৰ্তমান মথাউৰি অথবা ওখ ঠাইত আশ্ৰয় ল’ব লগীয়া হৈছে ৷আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা,ভূৰবন্ধাৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শাৰ খবৰ লবলৈ অঞ্চল দুটা পৰিভ্ৰমণ কৰে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ উল্লেখ্য, এটা কৃষি বান্ধ মাত্ৰ দুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়াত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ বহু পৰিয়ালে এতিয়া ঘৰ-বাৰী এৰি দিন কটাইছে আশ্ৰয় শিৱিৰত । এইসকল লোকৰ খবৰ ল’বলৈ আজি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ উক্ত অঞ্চললৈ আহে। আনহাতে নিজ সমষ্টিৰ দুৰ্গত ৰাইজৰ খবৰ লবলৈ যোৱা জনপ্ৰতিনিধি দুগৰাকীয়ে যৎকিঞ্চিত বান সাহাৰ্য লগত লৈ নোযোৱাৰ বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ তেওঁলোকে আনকি সমীপৰে কৃষিবান্ধটোৰ ভগ্নাংশও প্ৰত্যক্ষ নকৰিলে । আনহাতে পূৰ্বতে বাইক-চাইকেল চলাই, নাও বাই বানাক্ৰান্তক চমক দিয়া এই দুই জনপ্ৰতিনিধিয়ে এইবাৰ বাচি ল’লে কেইপেকেটমান পপকৰ্ণ-চানা-চিপচ্ । অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত দলীয় সাহাৰ্য বিতৰণৰ বিপৰীতে একাংশ শিশুৰ মাজতহে বিতৰণ কৰিলে দহ-পাঁচ টকীয়া কেই পেকেটমান প’পকৰ্ণ-চানা আৰু চিপচ । লাওখোৱাৰ বন্যাৰ্তৰ দুখ দুৰ্দশা দেখি অন্তৰ ভাগি পৰা যেন হোৱা ৰকিবুল-গৌৰৱৰ এই কাৰ্যক লৈ আক্ষেপ স্থানীয় ৰাইজৰ ৷ উল্লেখ্য যে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ এক বৃহত্তৰ অঞ্চলৰ ব্যাপক ক্ষতিসাধন কৰি আহিছে । বছৰি বানাক্ৰান্ত অঞ্চলটো এপাক হ’লেও দেখা দি বন্যাৰ্ত ৰাইজৰ খা-খবৰ লয় গৃহ সমষ্টি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰকিবুল হুছেইনে ।সেয়ে এইবাৰো অঞ্চলটোত বান পৰিস্থিতিৰ বুজ ল’বলৈ আহে জনপ্ৰতিনিধি দুজন।তেওঁলোকে চামগুৰি বন্যাৰ্তৰ দুখত সমভাগী হোৱাৰ লগতে কলিয়াবৰ বৰঘূলি আদি ঠাইত কংগ্ৰেছ দলৰ উদ্যোগত বান সাহায্য বিতৰণ কৰে ।অবশ্যে কলিয়াবৰ সমষ্টিৰ বান-গৰাখহনীয়াৰ কথা কৈ নিজৰ সমষ্টিৰ শোচনীয় অৱস্থা ঢাকি ৰাখিবলৈ চেষ্টা কৰা বিধায়ক ৰকিবুল হুছেইনে বানাক্ৰান্ত লাওখোৱা অঞ্চলত বান সাহাৰ্য প্ৰদানৰ দ্বায়িত্ব মূলতঃ চৰকাৰৰ বুলিহে ৰাইজৰ আগত মন্তব্য কৰে । মুঠতে লাওখোৱাৰ বন্যাৰ্তই কিবা সাহাৰ্য লাভ কৰক বা নকৰক বানত প্লাৱিত লাওখোৱাৰ ৰাইজৰ মাজত চমক সৃষ্টিৰ ধাৰাবাহিকতা এইবাৰো ৰক্ষা কৰিলে সমষ্টিৰ দুই জনপ্ৰতিনিধিয়ে ৷
নগাঁৱৰ বেবেজীয়াৰ মাহৰিআতিত পথ দূৰ্ঘটনাত নিহত ১, আহত ২ ৷
ননৈ : নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআতি বাইপাছত আজি দিনৰ এঘাৰ বজাত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুত্বৰভাৱে আহত হয়৷ জানিব পৰা মতে, মাহৰিআতি বাইপাছত ৰৈ থকা এ এছ ০১ এফ চি ৪৯৩৬ চিমেন্ট ভৰ্তি ট্ৰাকখনত যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এইছ চি ৭৮৬২ নম্বৰৰ মালবাহী ট্ৰাক খনে তীব্ৰ বেগত খুন্দা মৰাত সংঘটিত হয় এই পথ দূৰ্ঘটনাটো৷ পথ দূৰ্ঘটনাটোত আহত লোক দুজন ক্ৰমে ডকমকা ডেকা চাং বস্তি (কাৰ্বি আংলং)ৰ জেফ্ৰৰিক কেৰকটা (২১) আৰু পুকৌ- ইম্ফলৰ দিগেন্দ্ৰ সিংহা (২৯) বুলি জানিব পৰা গৈছে৷ দূৰ্ঘটনাত নিহত এছ ০১ এইছ চি ৭৮৬২ নম্বৰৰ ট্ৰাক খনৰ হেণ্ডিমেনজনক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷
অচিৰেই আউটডেটেড 4G, গুগলৰ হাতত ধৰি ভাৰতত আৰম্ভ হ’ব 5G সেৱা ।
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ
অচিৰেই আউটডেটেড হৈ পৰিব পাৰে 4G ইণ্টাৰনেট ! গুগলৰ হাতত ধৰি ভাৰতত 5G সেৱা আৰম্ভ কৰিবলৈ ওলাইছে আম্বানিৰ ৰিলায়েন্স জিঅ’ই। ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত 4G ইণ্টাৰনেট তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি কৰা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানিয়ে অহা ২০২১ বৰ্ষৰ পৰা পূৰ্ণগতিত 5G সেৱাৰ কাম আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আম্বানিয়ে লগতে 5G সেৱাৰ পৰীক্ষামূলক কাম আৰম্ভ কৰিবৰ বাবে প্ৰয়োজনীয় অনুমতি বিচাৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ অনুমতি জনোৱাৰ কথাও সদৰী কৰে।
4G তকৈ 5Gৰ বিশেষত্বসমূহ কি কিঃ
গুগলৰ হাতত ধৰি জিঅ’ই ভাৰতত আগন্তুক ২০২১ বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ ওলোৱা 5G সেৱা বৰ্তমানৰ সকলো 4G সেৱাতকৈ বহু বেছি গুণে শক্তিশালী হ’ব। ডাউনলোড বা সন্ধানৰ ক্ষেত্ৰত সুবিধাজনক হ’লেও 5G ইণ্টাৰনেট প্ৰযুক্তিৰ অসুবিধা নোহোৱাও নহয়। বেয়া বতৰেও 5G সেৱাক বহু পৰিমাণে বিঘ্নিত কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰি বিজ্ঞানীসকলে 5G ইণ্টাৰনেটৰ তৰংগদৈৰ্ঘ্য ৩০০ মিটাৰতকৈ অধিক দূৰলৈ নাযায় বুলি উল্লেখ কৰে লগতে দূৰলৈ নেটৱৰ্ক পোৱাৰ ব্যৱস্থা কৰিবলৈ একাধিক ট্ৰান্সমিটাৰ বহুওৱাৰ প্ৰয়োজন হ’ব বুলি কয় । জানিব পৰা মতে জিঅ’ প্লেটফৰ্মৰ ৭.৭ শতাংশ অংশীদাৰিত্ব গুগলে ক্ৰয় কৰিছে৷ গুগলৰ সৈতে সম্পন্ন হোৱা চুক্তিৰ ফলত জিঅ’ত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই ১৫২,০০০ কোটি টকা হৈছেগৈ। উল্লেখ্য কৰিব পাৰি যে, গুগলৰ পূৰ্বে ফেচবুকে জিঅ’ প্লেটফৰ্মৰ ৯.৯৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে।
চৰকাৰৰ বিভিন্ন আচঁনিৰ উপৰি শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত সুদক্ষ অভিনেতা উপেন বৰা। নাট-ভাওনাত সুন্দৰ অভিনয়ৰে দৰ্শক ৰাইজৰ মন জয় কৰা আজন্ম শিল্পী উপেন বৰাৰ জীৱন গাথা।
দৈনন্দিন বাৰ্তা ডেস্ক :
নিজৰ সুদক্ষ অভিনয় আৰু নাট-ভাওণাত কাৰুকাৰ্যৰ চমকৰে এটা সময়ত ৰাইজৰ নয়নৰ মণি আছিল উপেন বৰা। নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলিৰ ৰঙীয়া গাঁও নিৱাসী উপেন বৰাই “মিনেণ্ডাৰ ভাৰত আক্ৰমণ”, “আলেকজেণ্ডাৰ আৰু পুৰু”, “মুঞ্চি ইকৱাল”, “কালাপাহাৰ”, “উপপথ”, “আগমনি”, “কিয়”, “চত্ৰপতি শিৱাজী”, “আলিবাবা চল্লিশ চোৰ”, “মছজিদ মন্দিৰ”, “দেউতা”কে ধৰি ডেৰ কুৰিখনৰো অধিক নাটকত বলিষ্ঠ অভিনয় কৰি পুৰণিগুদাম অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। কেলৱ পুৰণিগুদাম অঞ্চলতেই তেওঁৰ অভিনয়ৰ ক্ষেত্ৰখন সীমাবদ্ধ নাছিল। অভিনয়ৰ বাবে তেওঁ বিভিন্ন ঠাইলৈকো আমন্ত্ৰিত হৈছিল। তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকা কালৰে পৰাই অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল। পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা স্কুলত পঢ়ি থকাৰ সময়তে বিদ্যালয়ৰ সাহাযাৰ্থে পুৰণিগুদাম বাপূজী হলত “মিনেণ্ডাৰ ভাৰত আক্ৰমণ” নাটকখন মঞ্চস্থ কৰিছিল। সেই নাটকত তেওঁ কৰা অভিনয়ে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। নাটকখনত তেওঁ “ধুমকেতু”ৰ চৰিত্ৰত বলিষ্ঠ অভিনয় কৰিছিল। সেই নাটকত তেওঁ ধুমকেতুৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰে পৰাই ৰাইজৰ মাজত “ধুমকেতু” নামেৰে খ্যাত হৈ পৰিছিল। তেওঁ আশীৰ দশকত জিলা খনৰ চলচলি অঞ্চলত কেইজনমান সংস্কৃতিৱান ডেকাৰ লগ লাগি চলচলি পীতাম্বৰ দেৱগোস্বামী হাইস্কুলৰ সাহাৰ্যাৰ্থে খৰালি বতৰত দুই তিনি দিনীয়াকৈ নাট মঞ্চস্থ কৰিছিল। সেই নাট মঞ্চস্থ কৰিবলৈ অস্থায়ী প্ৰেক্ষাগৃহ মঞ্চসজ্জা, দৃশ্য সজ্জাৰ কাম তেওঁ নিজেই কৰিছিল। মঞ্চ আৰু নাটকৰ মাজতেই জীৱনৰ ছন্দ বিচাৰি পোৱা চহা শিল্পী গৰাকীয়ে জীৱিকাৰ তাড়নাত ১৯৬৩ চনতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল যদিও প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাকৈয়ে ঘৰলৈ গুচি আহি কৃষি কৰ্মত মনোনিৱেশ কৰে। তাৰ পাছত তেওঁ অসম চৰকাৰৰ গৃহৰক্ষী বাহিনীত যোগদান কৰে। নাটক-ভাওনাৰ বাবেই সেই কামতো তেওঁ বেছিদিন টিকি থাকিব নোৱাৰিলে। তেওঁ খাদ্য আন্দোলন, ভাষাৰ মাধ্যম আন্দোলন, বিদেশী বহিষ্কৰণ আন্দোলনতো সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা হাইস্কুলত পঢ়ি থকা সময়তে বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত ছৰ্ড ফাইট অৰ্থা তৰোৱাল যুঁজ কৰি বিখ্যাত হৈ পৰিছিল। পিছলৈ জিলা খনৰ বিভিন্ন মঞ্চত এই তৰোৱাল যুদ্ধ জনপ্ৰিয় হৈ পৰে।তৰোৱাল যুঁজ দেখুৱাবলৈ তেওঁ অন্য ঠাইলৈকো আমন্ত্ৰিত হৈছিল। নাম-যশ নিবিচৰা এই এগৰাকী মাটিৰ শিল্পীয়ে গাঁৱত নিবেদন কৰা অসমীয়া ভাওণাতো তাৰকা ৰাক্ষসিনী, দশানন ৰাৱন আদিৰ বলিষ্ঠ অভিনয়ৰ লগতে ৰাৱনে পুষ্পক ৰথেৰে প্ৰৱেশ কৰা, তাৰকা ৰাক্ষসিনীয়ে পাহাৰ বগাই তললৈ নামি অহা আদি দৃশ্য বিশেষ কাৰুকাৰ্যৰ দ্বাৰা কৰি গঞা ৰাইজক তাহানিতেই চমক দিছিল তেওঁ। তেওঁৰ অভিনয় দক্ষতাই গাঁৱৰ নামঘৰৰ ভাঁওনালৈ দৰ্শকক টানি আনিব পাৰিছিল। কিন্তু ওৰেটো জীৱন অসমীয়া নাটক, ভাওনাৰে জড়িত হৈ থাকি অসমীয়া সংস্কৃতিলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা এই শিল্পী গৰাকী আজি বৃদ্ধ বয়ষত ৰজাঘৰ-প্ৰজাঘৰ ওভয়ৰ দ্বাৰাই চৰম উপেক্ষিত হৈ থাকিব লগীয়া হৈছে। তেওঁ ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন, শিল্পীৰ এককালীন সাহাৰ্য আদিতো নাপালেই জীৱনৰ বিয়লি বেলা চলচলিৰ ৰঙীয়া গাঁৱৰ এটা উৱলি যোৱা জৰাজীৰ্ণ জুপুৰি সদৃশ পুৰণা ঘৰতেই পত্নীৰ সৈতে এক প্ৰকাৰৰ নিঃসংগ জীৱন যাপন কৰিব লগীয়া হৈছে। সীমাহীন দুখ আৰু দৰিদ্ৰতাৰ ভৰত কূজা হৈ পৰিছে আশীৰ উৰ্ধৰ শিল্পী গৰাকী। নিজৰ বাৰীখনৰ তামোল-পান, শাক-পাচলি বিক্ৰী কৰি তেওঁ পেট প্ৰৱৰ্তাৱ লগীয়া হৈছে। অৱশ্যে তেওঁৰ দুই বিবাহিতা জীয়ৰীয়েও সাধ্য অনুযায়ী সহায় কৰি আহিছে। শিল্পী গৰাকীয়ে এটা বাসগৃহৰ বাবে পুৰণিগুদাম গাঁও পঞ্চায়তত বহুবাৰ আবেদন নিবেদন কৰিও এটা ইন্দিৰা আৱাস যোজনাৰ বাসগৃহ কিম্বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ লাভ কৰিবলৈ সক্ষম নহ’ল।যাৰ বাবে বতাহ-ধুমুহা আহিলে তেওঁ বিনিদ্ৰ ৰজনী কটাব লগীয়া হয়। শিল্পী গৰাকীৰ তেওঁৰ পত্নীয়েও পেট প্ৰৱৰ্তাবলৈকে তাঁতশালত আনৰ কাপোৰ ব’বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। তেখেতে এবছৰ আগলৈকে চলচলি ৰঙীয়া গাঁও বৰ নামঘৰৰ “নামঘৰীয়া” হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দুখ-দৰিদ্ৰতাৰ ভৰত সৰ্বস্বান্ত হ’লেও জীৱন যুঁজত আজিও হাৰ মনা নাই চহা শিল্পী উপেন বৰাই।এতিয়াও অভিনয়ৰ বাবে তেওঁ ব্যাকুল যদিও দেহে নামানে।তেওঁ চৰকাৰৰ পৰা বঁটা বাহন বিচৰা নাই, বিচাৰিছে ৰ’দে বৰষুণে মূৰটো গুজি থাকিব পৰাকৈ এটা বাসগৃহ।বিচাৰিছে কিছু আৰ্থিক সকাহ। এই দুৰ্ভগীয়া শিল্পী জনৰ প্ৰতি সদয় হ’বনে চৰকাৰ? এইয়া এক উত্তৰ বিহীন প্ৰশ্ন।
সাংসদ, মন্ত্ৰী, বিধায়ক সমন্বিতে মুখ্যমন্ত্ৰীৰ বানে গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প পৰিদৰ্শন । কাজিৰঙাৰ জীৱকূলৰ দুৰৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে।
কলিয়াবৰ : ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আজি দুপৰীয়া উপস্থিত হৈ যন্ত্ৰচালিত নাৱেৰে মৰা-ডিফলুৰ বুকুৰে বানে ধোৱা কাজিৰঙাৰ বিস্তৃত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত কৰ্তৃপক্ষই নিৰ্মাণ কৰা কেইবাটাও ‘উচ্চ ভূমি’ত বানৰ পৰা পৰিত্ৰাণ বিচাৰি আশ্ৰয় লৈ থকা গঁড় প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। বানৰ কৱলত থকা দুটা বন শিৱিৰ ক্ৰমে মৰফুলনি আৰু গৰাকাটিৰ বন সুৰক্ষা কৰ্মীৰে নাৱৰে পৰা বাৰ্তালাপ কৰি উচ্চ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে।সংবাদসেৱীৰে হোৱা বাৰ্তালাপত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সুৰক্ষা কাৰ্য্যত সন্তুষ্টি প্ৰকাশ কৰে। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্পৰ সুৰক্ষাৰ বাবে দাঁতিকাষৰীয়া নগাঁও, গোলাঘাট, শোণিতপুৰ, কাৰ্বি-আংলং আৰু বিশ্বনাথ জিলাৰ বাসিন্দাৰ সচেতনতাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে। বহু জীৱ-জন্তু বিশেষকৈ সহস্ৰাধিক পহু কাৰ্বি পাহাৰৰ পৰা সুৰক্ষিত অৱস্থাত উভতাই আনিবলৈ কাৰ্বি-আংলং জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিয়া বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত, কৃষি মন্ত্ৰী তথা বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰা, লহোৱালৰ বিধায়াক ঋতুপৰ্ণ বৰাই।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদত নিৰ্বাচিত ভাৰত : ১৭ জুলাইত গুৰুত্বপূৰ্ণ ভাষণ প্ৰধানমন্ত্ৰী মোডীৰ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
নৰৱে, আয়াৰলেণ্ড আৰু মেক্সিকোৰ লগতে ভাৰত অহা ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে দুবছৰৰ বাবে নিৰ্বাচিত হৈছে৷ ভাৰতে বৃহৎ পৰিমাণৰ ভোট লাভ কৰি এই সদস্যপদ লাভ কৰে৷ এছিয়া-পেচিফিক ৰাষ্ট্ৰবোৰৰ সমৰ্থনত ভাৰতে ১৯২ টা ভোটৰ ভিতৰত ১৮৪ টা ভোট লাভ কৰি নিৰাপত্তা পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্যপদ লাভ কৰে৷ উল্লেখ্য যে ভাৰতে এইবাৰৰ সৈতে অষ্টমবাৰৰ বাবে নিৰাপত্তা পৰিষদৰ সদস্যপদৰ বাবে নিৰ্বাচিত হয়৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ ৭৫তম বাৰ্ষিকী উপলক্ষে অহা ১৭ জুলাইত এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াব৷ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি এছ ত্ৰিমূৰ্তিয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘৰ ৭৫ তম বাৰ্ষিকীৰ কাৰ্যসূচীত নিউয়ৰ্কত ভাষণ আগবঢ়াব৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ জয়ৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম ভাষণ হ’ব ৷














