Home Blog Page 3252

জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু : দৈনন্দিন বাৰ্তা’ কাকতৰ কাৰ্যালয়ত বন্তি প্ৰজ্বলন

জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু

গুৱাহাটী

অসমৰ এজন জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ বুধবাৰে নিশা ১০ বজাত মৃত্যু হয়৷ যোৱা চাৰি দশক ধৰি গুৱাহাটীত সাংবাদিকতা কৰা জ্যেষ্ঠ সাংবাদিকজন প্ৰায় ডেৰ মাহ ধৰি চিকিৎসালয়তে আছিল৷ মৃত্যুৰ পূৰ্বে দুদিন ধৰি সাংবাদিকজনক আইচিইউত ৰখা হৈছিল৷ বিগত বৰ্ষত সাংবাদিক পেঞ্চন লাভ কৰা পদ্মেশ্বৰ চিত্ৰকৰে ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ এজন নিৰ্ভিক সাংবাদিক হিচাপে ৰাজ্যখনত বিশেষ স্থান লাভ কৰা সাংবাদিক চিত্ৰকৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷ সংবাদিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বৃহস্পতিবাৰে ‘দৈনন্দিন বাৰ্তা’ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰে৷ ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞিৰ লগতে কাকতখনৰ সাংবাদিক আৰু কৰ্মচাৰীসকলে পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যুত শোক প্ৰকাশ কৰি বন্তি প্ৰজ্বলন কৰে৷

মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি গকুল ভৰালীৰ দেহাৱসান

নাজিৰা

 গুৱাহাটীৰ খানাপাৰাত অৱস্থিত হেল্প চিটি চিকিৎসালয়ত বৃহস্পতিবাৰে দিনৰ ৩.৩০ বজাত দেহাৱসান হয় মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ পূৰ্বৰ প্ৰতিষ্ঠাপক আৰু  নৱনিৰ্বাচিত সভাপতি গকুল ভৰালীৰ। গুৱাহাটী ফটাশিল আমবাৰীৰ বাসিন্দা আছিল গকুল ভৰালী। মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ পূৰ্বৰ প্ৰতিষ্ঠাপক আৰু নৱ নিৰ্বাচিত সভাপতি গকুল ভৰালীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মহাপুৰুষীয়া সমাজ শিৱসাগৰ জিলা সমিতিয়েও।মহাপুৰুষীয়া সমাজ জিলা সমিতিয়েও গকুল ভৰালীৰ মৃত্যুত শোক প্ৰকাশ কৰি নাজিৰাৰ হাঁ‌হচৰা লাটুম গাঁৱত অৱস্থিত মহাপুৰুষীয়া সমাজৰ নামঘৰত বৃহস্পতিবাৰে পুৱাই নামঘৰৰ বিষয়ববীয়াই মহাপুৰুষীয়া সমাজৰ ধৰ্মধ্বজা অৰ্ধনমিত কৰে।তেওঁৰ মৃত্যু মহাপুৰুষীয়া সমাজৰ কাৰণে এক অপূৰণীয় ক্ষতি হৈ ৰ’ল বুলি মন্তব্য কৰে মহাপুৰুষীয়া সমাজ শিৱসাগৰ জিলা সমিতিয়ে।

নাজিৰাত কেচুসাৰৰ সলনি পলসুৱা মাটি, শিল

নাজিৰা

 সমগ্ৰ দেশতে লকডাউনত। লকডাউনত সৰ্বস্বান্ত কৃষক। কৃষক শ শ বিঘা খেতি হৈছে নষ্ট। আনফালে কৃষি বিভাগে যোগান ধৰা কেচুসাৰতো এতিয়া দেখা গৈছে ব্যাগোম কেলেংকাৰি। জিলা কৃষি বিভাগলৈ এই কেচুসাৰ প্ৰদান কৰি পঞ্চায়তৰ জৰিয়তে কৃষকলৈ যোগান ধৰা হৈছে এই কেচুসাৰ।কেচুসাৰত থাকিবলগীয়া উৎকৃষ্ট মানণ্ডৰ উচিত পৰিমাণ দ্ৰৱ্যৰ সলনি কেচুসাৰত ওলাইছে কেৱল নদীকিনাৰৰ পলসুৱা মাটি অৰ্থাৎ বালি, লগতে শিল।এই ঘটনা সংঘটিত হয় নাজিৰাৰ হাঁ‌হচৰা লাটুম গাঁৱত৷ শিৱসাগৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা হাঁ‌হচৰা পঞ্চায়তলৈ যোগান ধৰা হৈছিল উক্ত কেচুসাৰখিনি। কিন্তু এজন কৃষকে কেচুসাৰখিনি তেওঁ কৰা খেতিত প্ৰয়োগ কৰিবলৈ লওতেই উলাই পৰে উৰহি গছৰ উৰ। কেচুসাৰৰ ভৰ্ত্তি বেগত কেচুসাৰৰ পৰিৱৰ্তে ওলাই পলসুৱা মাটি অৰ্থাৎ বাল আৰু শিল। ৰাইন’ নামৰ এটা ৫০ কেজিৰ বেগত কেচুসাৰৰ পৰিৱৰ্তে ওলাইছে এই কেচুসাৰৰ পৰিৱৰ্তে কেৱল পলসুৱা মাটি আৰু শিল। এই বৃহৎ কেলেংকাৰীত প্ৰকৃততে কোন জড়িত, লকডাউনত শ শ বিঘা খেতি-বাতি নষ্ট হোৱাৰ পিছতো যদি কৃষি ভাগে এনেদৰে কৃষকক প্ৰৱঞ্চনা কৰি আহে তেন্তে দৈনিক ৰাজ্যত আৰু অধিক শ শ বিঘা মাটি নষ্ট হৈ পৰিব।

সেনাই আটক কৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সত্যব্ৰতৰ বিৰুদ্ধে গোচৰ

টিংখাং

ভাৰতীয় সেনা বাহিনীৰ এটা দলে মঙলবাৰৰ নিশা আটক কৰা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কুঁৱৰীগাঁৱৰ সত্যব্ৰত বুঢ়াগোঁহাই নামৰ যুৱকজনক যোৱা নিশা আৰক্ষীক গতাই দিয়ে। আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত আটক কৰা যুৱকজনক বৃহস্পতিবাৰে আৰক্ষীয়ে টিংখাং থানাৰ পৰা মুকলি কৰি দিয়া বুলি প্ৰকাশ কৰিছে। অৱশ্যে যুৱকজনৰ বিৰুদ্ধে টিংখাং আৰক্ষী থানাত ৯৯/২০/ইউ/এছ১২০বি/১২১/১২১এ আ ই পি চি/ডব্লিউ ১০/১৩ইউ এ(পি) আইন অধীনত এটা গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ সত্যব্ৰত বুঢ়াগোঁহাই আলফাৰ প্ৰতিষ্ঠাপক সভাপতি বুদ্ধেশ্বৰ গগৈৰ জ্যেষ্ঠ পুত্ৰ। আৰক্ষীৰ পৰা জানিব পৰা মতে সত্যব্ৰতক মুকলি কৰি দিছে যদিও আৰক্ষীয়ে নজৰত ৰখা উপৰি যি কোনো মুহূৰ্তত সোধা পোছাৰ কৰিব পাৰিব বুলি জনায়। ইপিনে সত্যব্ৰতক অতৰ্কিতে সেনা বাহিনীৰ দলে নিজা বাসগৃহৰ পৰা আটক কৰা পাছৰে পৰা বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ছোৱাইন ফিভাৰ : বোকাখাতত ১৪৪ ধাৰা, দ্ৰোনৰ জড়িয়তে পৰ্যৱেক্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

বোকাখাত

ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে বোকাখাত মহকুমাতো দেখা দিছেহি গাহৰিৰ মহামাৰীয়ে। এই মহামাৰীৰ লক্ষণৰ পৰা আফ্ৰিকান গাহৰিৰ জ্বৰ বুলি ঠাৱৰ কৰাৰ অৱকাশ আছে। এই ভয়াবহ সংক্ৰমক মহামাৰী এতিয়া সমগ্ৰ মহকুমাটোৰ পশুধনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুললৈকো বিয়পি পৰি জীৱকুলৰ বিপুল ক্ষতি হোৱাৰ শংকা হৈ দেখা দিছে।  ইতিমধ্যে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত ব্ৰহ্মপুত্ৰত উটি অহা ২৮ গাহৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত কাজিৰঙাৰ পাশ্বৱৰ্তী গাঁৱত সজাগতাও আৰম্ভ কৰিছে বন বিভাগে৷ কাজিৰঙাৰ দাঁতি কাষৰ গাঁৱৰ গাহৰী পালকসকল সচেতন হৈ পৰিছে৷ পশুচিকিৎসা বিভাগৰ লগতে প্ৰশাসনেও চোৱাই ফিভাৰ ৰোধৰ বাবে তৎপৰ লৈ পৰিছে৷ যদিহে গাহৰীৰ ছোৱাইন ফিভাৰ কাজিৰঙাৰ বন্য গাহৰীৰ দেহলৈ সংক্ৰমিত হয় তেতিয়া সমগ্ৰ বন্যকুললৈ বিপদ অহাটো নিশ্চিত৷ পোহনীয়া গাহৰীৰ পৰা বনৰীয়া গাহৰীলৈ ৰোগ সংক্ৰমণ নহ’বৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি মুকলিত গাহৰী নেমেলিবলৈ গাহৰী পালকক আহ্বান জনাইছে৷ গাহৰী পালকসকলে প্ৰশাসনৰ নিৰ্দেশ মানিছে নে নাই তাক পৰীক্ষা কৰিবৰ বাবে উদ্যান কতৃপক্ষই দ্ৰোণৰ দ্বাৰা পাশ্বৱৰ্তী গাঁৱত গাহৰীৰ চলাচল পৰীক্ষা কৰিছে৷ আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত মহকুমা প্ৰশাসনে এতিয়া মহকুমাটোত ১৪৪ ধাৰা জাৰি কৰিছে আৰু বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে স্বাক্ষৰ কৰা এক জাননী যোগে তাৎক্ষনিকভাৱে প্ৰযোজ্য হোৱাকৈ পশুধনৰ লগত জড়িত কেতবোৰ জৰুৰী নিৰ্দেশনা বলৱৎ কৰা হৈছে। এই মৰ্মে মহকুমাধিপতি স্বাক্ষৰিত বি এম জে -৬/২০১৮/২৮৭ নং জাননী অনুসৰি বোকাখাতৰ পথ, পথাৰ, আন মুকলি আৰু ৰাজহুৱা কিম্বা ব্যক্তিগত স্থানত গাহৰিৰ বিচৰণ বন্ধ কৰাৰ লগতে গাহৰিৰ সংস্পৰ্শলৈ কোনো মানুহ নাহিবলৈ, গাহৰি মাংসৰ কটা, বিক্ৰী আৰু ক্ৰয় নকৰিবলৈ, গাহৰিৰ মৃতদেহ পথাৰ অথবা নদী, বিলৰ পাৰত নেপেলাবলৈ আৰু গাহৰিৰ গাত আফ্ৰিকান জ্বৰৰ লক্ষণ দেখিলে লুকুৱাই নথৈ তৎক্ষনাৎ মহকুমাধিপতি অথবা পশু চিকিৎসা বিভাগৰ বিষয়াক খবৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৎক্ষনিকভাৱে প্ৰযোজ্য হোৱাকৈ দিয়া এই জৰুৰী নিৰ্দেশ পৰবৰ্তী নিৰ্দেশ নিৰ্দ্ধাৰণ হোৱা পৰ্যন্ত বলৱৎ থাকিব আৰু এই নিয়ম উলংঘা কৰা লোক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত আইনমতে জগৰীয়া হ’ব বুলিও নিৰ্দেশনা খনত উল্লেখ আছে।

শিৱসাগৰৰ সাংবাদিকক মাস্ক, ছেনিটাইজাৰ বিতৰণ ৰটাৰী ক্লাবৰ

শিৱসাগৰ ৰটাৰী ক্লাবে সংবাদ কৰ্মীসকলক একোখনকৈ মাস্ক আৰু একোটাকৈ ছেনিটাইজাৰ প্ৰদান কৰে।

শিৱসাগৰ

 ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো চলি আছে লকডাউন। এনে এক আতংকময় পৰিবীৱেশৰ মাজত নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত ৰাইজক সজাগ কৰি ৰখাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বা-বাতৰি প্ৰচাৰ কৰি দেশ আৰু জাতিৰ স্বাৰ্থত কাম কৰি যোৱা সংবাদ কৰ্মীসকলক সন্মান জনোৱাৰ লগতে উৎসাহিত কৰিবৰ বাবে শিৱসাগৰ ৰটাৰী ক্লাবে বৃহস্পতিবাৰে একোখনকৈ মাস্ক আৰু একোটাকৈ ছেনিটাইজাৰ প্ৰদান কৰে। শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ অনুষ্ঠানৰ আঁতধৰে ড° প্ৰশান্ত প্ৰতিম শৰ্মা আৰু ডাঃ অঞ্জনা শৰ্মাই৷

লংকাত বজৰং দলৰ জৰুৰীকালীন কৰ্মত নিয়োজিত কৰ্মীক মাস্ক,গামোচা বিতৰণ

লংকাত বজৰং দলৰ জৰুৰীকালীন কৰ্মত নিয়োজিত কৰ্মীক মাস্ক,গামোচা বিতৰণ

লংকা

সমগ্ৰ দেশত লকডাউন চলি থকা সময়তে আজি লংকাত বজাৰং দলে এক প্ৰসংসনীয় পদক্ষেপ  লোৱা পৰিলক্ষিত হয়। দেশৰ সংকটকালীন সময়ত লংকা চহৰৰ জৰুৰীকালীন সেৱাত নিয়োজিত সকলো চিকিৎসক-নাৰ্চ, আৰক্ষী-জোৱান, চৰকাৰী কৰ্মচাৰী, চাফাই কৰ্মী আৰু সাংবাদিকক দুপৰীয়া এসাজ আহাৰ, এখনকৈ বিহুবান আৰু মাস্ক বিতৰণ কৰে। বজৰং দলৰ উক্ত কৰ্মৰাজীক লংকাৰ সচেতন মহলে প্ৰসংশা কৰা পৰিলক্ষিত হৈছে।

টিংখাঙত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ভুৱা হিতাধিকাৰী : তদন্তৰ দাবী

টিংখাং

শূন্য সহনশীলতাৰ নীতিৰে পৰিচালিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক এইবাৰ কৃষি বিভাগত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যৰ সৰ্বত্ৰে তুমুল জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ সঠিকভাৱে ৰূপায়ণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। টিংখাঙত সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ অকৰ্মন্যতাৰ লগতে কৃষি বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে আঁচনিখনৰ ৰূপায়ণত অনিয়ম হোৱাৰ অভিযোগ উঠিছে। জিলাখনৰ অন্যতম কৃষি প্ৰধান বিধান সভা সমষ্টিটোৰ অন্তৰ্গত লেঙেৰী আৰু টিংখাং মৌজাৰ প্ৰকৃত কৃষকৰ সলনি একাংশ ভুৱা কৃষকৰ নাম আঁচনিখনৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে সমষ্টিটোৰ দুয়োটা মৌজাৰ শ’লগুৰি, দিল্লীবাৰীকে ধৰি প্ৰায় প্ৰতিখন গাঁও পঞ্চায়ততে ভুৱা কৃষকৰ নাম সন্নিবিষ্ট হোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰী অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগটোৰ জৰিয়তে ৰাজ্যৰ কৃষকসকলক আৰ্থিক সাহায্য আগবঢ়োৱা আঁচনিখনৰ হিতাধিকাৰী বাচনি কৰাত শাসক দল ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মী জড়িত থকাৰ বাবে ব্যাপকভাৱে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। তদুপৰি শাসকীয় মিত্ৰদল অসম গণ পৰিষদ দলৰ একাংশ নেতা কৰ্মীয়ে হিতাধিকাৰী বাচনি প্ৰক্ৰিয়াত জড়িত থকাৰ অভিযোগ উঠিছে।হিতাধিকাৰীৰ তালিকাত একেটা পৰিয়ালৰ কেবাজনোলোকৰ লগতে শাসক দলৰ নেতা-কৰ্মীৰ নাম ব্যাপক হাৰত অন্তভূক্ত হৈছে। ইয়াৰ উপৰি একাংশ হিতাধিকাৰীয়ে বিভিন্ন বেংকত থকা একাউণ্টৰ জৰিয়তে একাধিকবাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। আঁচনিখনৰ বাবে হিতাধিকাৰীৰ তালিকাত অচিনাকী লোকৰ নাম অন্তৰ্ভূত হোৱাৰ লগতে এজন লোকৰ নাম দুবাৰ কৈ সন্নিবিষ্ট হৈছে। জানিব পৰা মতে অঞ্চলটোৰ বহুলোকে বেংক একাউণ্টৰ পৰা আঁচনিখনৰ ধন উলিয়াই খৰচ কৰিছে। এই ব্যাপক অনিয়মত কৃষি বিভাগৰ বিষয়া কৰ্মী জড়িত থকাৰো অভিযোগ উঠিছে। অঞ্চলটোত বিভাগটোৰ বিষয়া কৰ্মীয়ে ক্ষেত্ৰ পৰিদৰ্শন নকৰাৰ বাবে একাংশ লোকে অবাধে অনিয়ম সংঘটিত কৰিবলৈ সুবিধা লাভ কৰি চৰকাৰী আঁচনিখনক প্ৰহসনত পৰিণত কৰি তুলিছে।জিলাখনৰ পিছপৰা অঞ্চলটোৰ একাংশ কৃষকে মাটিৰ ভুৱা নথি পত্ৰ জৰিয়তে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰত টিংখাং ৰাজহ চক্ৰৰ একাংশ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উঠিছে। এডৰাও খেতি পথাৰ নথকালোকেও কৃষকৰ বাবে আৱণ্টিত ধন লাভ কৰা কাৰ্যই প্ৰকৃত খেতিয়কসকলক ক্ষোভিত কৰি তুলিছে। অঞ্চলটোৰ ক্ষোভিত কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত সংঘটিত চূড়ান্ত অনিয়মৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক দাবী কৰিছে। শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যখনতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ৰূপায়ণ সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাই এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰী কৰা বুলি জানিব পৰা গৈছে। এই তদন্তৰ আওতাত পৰিলে কৃষি প্ৰধান টিংখাং বিধান সভা সমষ্টিত বহু ৰৌ বৰালি জালত পৰা সম্ভাৱনা আছে।ইপিনে টিংখাং অঞ্চলত আঁচনিখনৰ বাবে বাচনি কৰা হিতাধিকাৰীৰ তালিকাখনত আসোঁৱাহ থকাৰ কথা কৃষি বিভাগে স্বীকাৰ কৰা বুলি জনিব পৰা গৈছে।

ধুলা গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত অনিয়ম : তদন্তৰ দাবী সাংগঠনিক সম্পাদকৰ

ধুলা গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত অনিয়ম

খাৰুপেটীয়া

ধুৱা চাঙত পৰিণত হৈছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক্য। ৰাজ্যখনৰ শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কামৰ প্ৰতি ৰাইজ সন্তুষ্ট হলেহে মুকলাই দিয়া হ’ব আঁচনিৰ ধন। সেই কথাষাৰ ধোৱা চাঙত পৰিণত হ’বলৈ ধৰিছে ধুলা গাঁও পঞ্চায়তত। আঁচনি ৰূপায়ণৰ নামত কেৱল লুণ্ঠন চলাইছে পঞ্চায়ততখনত। গাওঁ পঞ্চায়তখনত এমজিএনৰেগা আৰু চতুৰ্দশ বিত্তীয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদে। অভিযোগ অনুযায়ী দৰং জিলাৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুলা  গাঁও পঞ্চায়তৰ ১নং মাগুৰমাৰী গাঁৱৰ মজিবুৰ আলী ঘৰৰ পৰা মেহেৰ আলীৰ ঘৰলৈ যোৱা পথ পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ নামত ৩,৬৭,২৩২  টকা আৰু  ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ নামত জলফু আলীৰ ঘৰৰ পৰা ভিক্কু আলীৰ ঘৰলৈ যোৱা পথ পুনৰ নিৰ্মাণৰ বাবে মুঠ ৬,৮৭,৪,৭৮ টকা আৱন্টন দিয়ে। জনসাধাৰণৰ সুবিধাৰ্থে গাঁৱলীয়া বাট পথবোৰ সুচল কৰিবৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ধন আৱণ্টন দিছে যদিও ঠিকাদাৰৰূপি জনপ্ৰতিনিধিসকলে চৰকাৰী নিয়ম নীতিক জলাঞ্জলি দি নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰিছে উক্ত আঁচনি দুখনত৷ তাৎপৰ্যপূৰ্ণ যে আঁচনি ৰূপায়ণৰ নামত  আৱণ্টিত হোৱা টকাৰ বেছি পৰিমানে গাঁও পঞ্চায়তৰ সদস্য সচিব, কম্পিউটাৰ সহায়ক, জি আৰ এছ আৰু কণিষ্ঠ অভিযন্তাৰ পকেটলৈ যোৱা বুলি অভিযোগ উত্থাপিত কৰিছে একাংশই। ফাইলৰ লগতে প্ৰতিখন টেবুলত ধন নিদিলে পাছ নহয় কোনো আঁচনিৰ বিল। এক গোপন সূত্ৰে জানিব পৰা মতে আঁচনিবোৰৰ প্ৰত্যেকখন বিল পাছ কৰাৰ সময়ত পঞ্চায়তৰ সচিব, কম্পিউটাৰ সহায়ক, জিআৰএছকে আদি কৰি কণিষ্ঠ অভিযন্তাজনকো শতাংশ হিচাপত টকা দিয়াৰ পাছত কাম নেদেখাকৈ ঘৰত বহিয়েই বিল পাছ কৰা বুলি জানিব পৰা গৈছে। বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধুলি দি এই সকল দুৰ্নীতিগ্ৰস্থ বিষয়াসকলে পঞ্চায়তখনত চলাইছে ব্যাপক লুণ্ঠন। যাৰ ফলত অৰ্ধ নিৰ্মিত পথ চোৱাৰে বাৰিষা কালত পথযাত্ৰীসকলে বাইকতো বাদেই খোজকাঢ়িও যাতায়াতৰ ক্ষেত্ৰত বাধা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে ধুলা গাঁও পঞ্চায়তত ৰূপায়ণ হোৱা আঁচনিবোৰত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।

সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ

 শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে। সতী ৰাধিকা হ’ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল। সেইগৰাকী মহিয়সী নাৰীক স্মৰণ কৰি বৃহস্পতিবাৰে সতী ৰাধিকা দিৱসত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামডাংস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্ত্তিৰ তলত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰে। সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সম্পাদক মৃদুল দাস আৰু উপসভাপতি বিদ্যুৎ দাস। উল্লেখযোগ্য যে সতী ৰাধিকা দিৱসৰ দিনা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজক নিজা বাসগৃহতে বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিৱস পালন কৰাৰ আহ্বান জনাইছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বৃহস্পতিবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ জিলা সমিতি, আঞ্চলিক সমিতি, মহকুমা সমিতি, শাখা সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নিজা নিজা বাসগৃহত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱস পালন কৰিছে। তদুপৰি সন্থাৰ আহ্বানক সঁহাৰি জনোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।