Home Blog Page 3253

নামখলাৰ পাথৰিঘাট আলিখাপাৰাত ননৈ নদীৰ চিঙিল মথাউৰি ৷

নামখলা : উত্তৰ পূৰ্বাঞ্চলত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দৰং জিলাৰ প্ৰায় সকলো নদী ফেনেফুটুকাৰে বাঢ়ি থকাৰ ফলত নদী কাষৰীয়া অঞ্চলত লোকসকল ভীতিগ্ৰস্ত হৈ থকাৰ সময়তে দেওবাৰে দোকমোকালি পুৱাতে দৰঙৰ ঐতিহাসিক পাথৰিঘাট আলিখাপাৰাত ননৈ নদীৰ পূৱ দিশৰ মথাউৰি প্ৰৱল বানে চিঙি পেলাই। ২৭ জুন পুৱতি নিশা মঙলদৈৰ শাকতোলা নদীৰ কেওঁট পাৰা- কলিতা পাৰাৰ মাজত মথাউৰি চিঙি পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ ৭ খন গাঁৱত বানপানীয়ে তাণ্ডৱ চলোৱা পিছতে দেওবাৰে অৰ্থাৎ ১২ জুলাইৰ পুৱাতে ননৈ নদীৰ মথাউৰি তীব্ৰ বেগী বানে চিঙি পেলোৱাত ছিপাঝাৰ উন্নয়ন খণ্ডৰ পাথৰিঘাটৰ দাঁতিকাষৰীয়া দহখনতকৈ অধিক গাওঁ বানপানীয়ে বুৰাই পেলাই। আনহাতে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই উপস্থিত হৈ বানপানীত ল’বলগীয়া সাৱধানতাৰ বিষয়ে জনাই আৰু সজাগ হ’বলৈ আহবান জনায় ৷ ইতিমধ্যে প্লাৱিত গাঁওসমূহৰ লোকসকল আৰু পোহনীয়া জীৱ-জন্তু বানত আবদ্ধ হৈ পৰিছে। জনসাধাৰণক উদ্ধাৰৰ বাবে প্ৰশাসনৰ পৰা একো ব্যৱস্থা লোৱা দেখা পোৱা নাই যদিও স্থানীয় ৰাইজে কলৰ ভূৰ সাজি দূৰ্গত লোকসকলক উদ্ধাৰ কৰা পৰিলক্ষিত হয় ৷

কামপুৰত বছৰৰ তৃতীয় বানৰ তাণ্ডৱ, কৃষকৰ হাহাকাৰ।

নগাঁও : বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰৰ বিস্তৃৰ্ণ অঞ্চল। কামপুৰত কপিলী আৰু বৰপানী নৈৰ বাঢ়নী পানীয়ে এতিয়া তাণ্ডৱৰ সৃষ্টি কৰিছে৷ বিগত দুটা মাহত হোৱা বাঢ়নী পানীৰ ফলত কেইবাঠাইতো ছিঙিছিল কপিলী আৰু বৰপানী নৈৰ মথাউৰি। সেই মথাউৰিসমূহ মেৰামতি নকৰাৰ ফলতেই ভগ্ন মথাউৰিৰে এতিয়া হোৰাহুৰে সোমাইছে পানী৷ প্লাবিত হৈছে বহু গাঁও, বাসগৃহ, ৰাজপথ আৰু বিস্তৃৰ্ণ কৃষি পথাৰ৷ কামপুৰ যমুনামুখ সংযোগী গড়কাপ্টানি পথৰ ওপৰত একঁকাল পৰ্যন্ত পানী৷ বন্ধ যাতায়ত৷ বছৰৰ তৃতীয়টো বানৰ কৱলত কামপুৰ ৰাজহ চক্ৰৰ বকুলগুৰি, নলাপাৰা, মাধৱপাৰা, জুৰিপাৰ, পটিয়াপাম, কচুৱাকে ধৰি কেইবাখনো গাঁও। উল্লেখযোগ্য যে মাধবপাৰা অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বানে ভাঙি নিয়াৰ ফলত এতিয়া গৃহহীন হৈ পৰিছে পৰিয়ালকেইটা৷ শালি খেতিৰ সময়ত বানে সন্ত্ৰাস চলোৱাত মূৰে কঁপালে হাত দিছে কৃষক সকলে৷ অদ্যাপি বৰ্নাত্য সকলৰ কাষ চপা নাই জিলা প্ৰশাসনৰ প্ৰতিনিধিৰ লগতে জনপ্ৰতিধি। ৰাইজৰ অভিযোগ তেওঁলোকৰ সমষ্টিৰ জনপ্ৰতিনিধিক বিগত চাৰিটা বছৰে দেখিয়ে পোৱা নাই।

মীন পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে দৰঙৰ গৌৰাংগ কৃষি সমবায় সমিতিয়ে । সমবায়ৰ অন্তৰ্গত মীনপালকৰ মাজত বিনামূলীয়াকৈ পোনা মাছ বিতৰণ।

দলগাঁও : মীন পালনেৰে সৈতে শিক্ষিত নিবনুৱা যুবক, উদ্যোমী সকলক জড়িত কৰি সুফল অৰ্জন কৰিবলৈ সমৰ্থ হৈছে দৰঙৰ কৌপাটিৰ বাগিচা কাষ গাৱঁৰ গৌৰাংগ কৃষি সমবায় সমিতিয়ে। ৫১জন সদস্যৰে গঠিত কৃষি সমবায় সমিতিখনৰ অন্তৰ্গত ভূমিৰ পৰিমাণ প্ৰায় দুশ বিঘা। ইয়াৰে ৫ হেক্টৰ কালিৰ ডাঙৰ আৰু সৰু একাধিক পুখুৰীত মাছ পোহাৰ লগতে পাছৰ পোণা উৎপাদন আৰু বিজ্ঞান সন্মতভাৱে পোহাৰ ব্যৱস্থা আছে। গৌৰাংগ কৃষি সমবায় সমিতিৰ বৰ্তমানৰ সভাপতি বীৰেশ্বৰ ভদ্ৰ আৰু সম্পাদক জয়ন্ত দাসৰ পৰা জানিব পৰা মতে, মীন পালনৰ যাবতীয় কাৰিকৰী দিশত দৰঙৰ মীন বিভাগে সহযোগিতা কৰি আহিছে। মীন পালনৰ বাবে চৰকাৰী বিভিন্ন আঁচনি যথা সম্ভৱ সমূহ সফলভাৱে ৰূপায়ন কৰা হোৱা বুলিও জানিবলৈ দিয়ে। মীন পালনৰ জৰিয়তে সমবায় সমিতিখনৰ বহুকেইজন হিতাধিকাৰী স্বাৱলম্বী হ’ব পাৰিছে। বৰ্তমানে সমবায় সমিতিখনৰ অধীনত মীনপালক হিতাধিকাৰী সকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন প্ৰকাৰৰ পোণা মাছ বিতৰণৰ কাৰ্যসূচী চলাই থকা হৈছে। মুখ্যমন্ত্ৰীৰ ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ অধীনত আজি এই কাৰ্যসূচী মুকলি কৰে দলগাৱঁৰ ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰী আৰু শৰৎ গগৈয়ে। দীৰ্ঘদিনীয়া লক ডাউনৰ সময়ছোৱাত মৎস পালনে অন্য নিবনুৱা সকলক আৰ্থিক সকাহ দিব বুলি আশা কৰা হৈছে।

জামুগুৰিহাটৰ দক্ষিণাঞ্চলত হৰিণা উদ্ধাৰ । বানৰ কৱলত পৰা বন্যজন্তুক সহায়ৰ আহ্বান বনবিভাগৰ ।

জামুগুৰিহাট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি চতিয়াৰ দক্ষিণ প্ৰান্তৰ ভোজমাৰীৰ ১ নং কলাইকাটিত আশ্ৰয় লোৱা এটা হৰিণা কালি স্বেচ্ছাসেৱী সংগঠন ‘উপত্যকা’ৰ সদস্যসকলে উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। বানৰ কৱলত পৰি ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি উদ্ধাৰ হোৱা হৰিণাটো পিছত বনবিভাগৰ লোকে বিহালীৰ সমীপৰ লাহৰিজান বনাঞ্চলত এৰি দিয়ে। ইফালে বানপানীৰ সময়ত বনাঞ্চলৰ পৰা ওলাই আহি দিগবিদিগ হেৰুৱাই জনাঞ্চলত প্ৰৱেশ কৰা বন্য জীৱ-জন্তু দেখিলেই বনবিভাগক তৎকালে খৱৰ দিবলৈ বনবিভাগৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছে।

বিজেপিত অন্তঃ কন্দল : ৰাজনীতিৰ পৰা অৱসৰ লম-‘শিলাদিত্য দেৱ’।

নগাঁও : বিজেপি দলৰ ভিতৰচৰাত চলিছে অন্ত:কন্দল। ইয়াৰে বহি:প্ৰকাশ ঘটালে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। পদত্যাগ নকৰিলেও বিধায়ক শিলাদিত্য দেৱে ৰাজনিতীৰ পৰা ল’ব অৱসৰ। কালি হোজাইত এখন সংবাদমেল সম্বোধন কৰি ঘটালে কেতবোৰ বিস্ফোৰণ। শিলাদিত্যই কলে বিগত ৩০ বছৰ ধৰি বিজেপি দলত আছো কিন্তু মুখপাত্ৰৰ বাহিৰে একো পোৱা নাই। আমাৰ ভেলো নাই। মন্ত্ৰীৰ বাবে ষড়যন্ত্ৰ কৰা নাই। আমাৰ অভিজ্ঞতা আছে। কিন্তু পদবীৰ বাবে লবি কৰা নাই। লগতে বিধায়ক গৰাকীয়ে সংবাদমেলত কয় যে অহা ১০ মাহ বা ১ বছৰ ভিতৰত মোক হত্যা কৰা হ’ব। গতিকে আঁতৰি যোৱা ভাল বুলি ভাবি অৱসৰ লম। মই কোনো আন দলত যোগদান নকৰোঁ। কিন্তু ৰাইজৰ কাম কৰি যাম। মই অকলে খোজ দিম যুজঁ দিম অকলে কাম কৰি যাম। ১৪ জুলাইত অৱসৰ লম ভাৰতীয় জনতা পাৰ্টীৰ পৰা। দলৰ সভাপতিক ৱাটছ এপৰ জৰিয়তে অৱগত কৰিছোঁ। দলৰ সভাপতিক ফোন কৰিছো কিন্তু উঠোৱা নাই। অসমত লিডাৰ নাই। চবেই লিডাৰ হ’ব বিচাৰে। মই অনফিট গতিকে আঁতৰি যাম। মোনা লৈ ফুৰা ব্যক্তিজনে ধ্বংস কৰিছে বিজেপিক। ৰিপৰ্ট কাৰ্ড অক্টোবৰ মাহত দি দিম। অৱসৰ লোৱাৰ পিছত দলৰ পৰা দায়িত্ব নলয় বুলিও ঘোষণা। বিধায়ক হিচাপে থকা কৰ্তব্য পালন কৰি যাম। দলত কোনো ধৰণৰ কন্টল নাই। মোনা লোৱা জন বহুত শক্তিশালী তেওঁ অসম বিজেপিত বিভাজন কৰি ৰাখিছে। মোনা লৈ ৰাতি আহি যায় ঠায়ে ঠায়ে। ৰাজেন গোহাঁই, আৰ পি শৰ্মা, ৰমেন ডেকাক নি:শেষ কৰা হ’ল। এতিয়া মোনা লোৱা ব্যক্তিজনে মোক হত্যা কৰিব বুলিও গুৰুতৰ মন্তব্য কৰিলে বিধায়ক শিলাদিত্য দেৱে।

জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত ।

অংশুমান ভূঞা

অসম কেবিনেটৰ ঘোষণা অনুসৰি এতিয়াৰে পৰা চৰকাৰৰ আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো লোকেই অসমৰ কৃষি ভূমিত উদ্যোগ স্থাপন কৰিব পাৰিব। অৰ্থাৎ পূৰ্বতে প্ৰয়োজন হোৱাৰ দৰে এতিয়া আৰু সংশ্লিষ্ট কোনো বিভাগৰে একো অনুমতিৰ দৰকাৰ নহ’ব। কেৱল স্ব-ঘোষিত এখন শপতনামা আৰু উদ্যোগ স্থাপনৰ উদ্দেশ্য সম্বলিত এখন পত্ৰই যথেষ্ট। ইয়াৰ দ্বাৰা কৃষিভূমি কোনো বাধা অবিহনেই ঔদ্যোগিক ভূমিলৈ পৰ্যৱসিত হ’ব আৰু পূৰ্বৰ ভূমি সংৰক্ষণৰ সকলো নীতি-নিয়মক অসাৰ কৰি তুলিব। সদ্যঘোষিত এই ভূমি নীতি একে আষাৰেই থলুৱাৰ প্ৰতি কৰা এক চৰম অন্যায় বুলি ক’ব পাৰি। জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখলৰ পাছত সাধাৰণ ৰাইজক এটাৰ পাছত এটা জনবিৰোধী সিদ্ধান্তৰে দিশহাৰা কৰা দলটোৰ তাৰেই এয়া শেহতীয়া নিদৰ্শন। জনতাই বহু আশাৰে দলটোক শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও এতিয়া দলটোৰ কথা আৰু কামৰ মাজত আকাশ-পাতাল পাৰ্থক্য এই কামবোৰৰ মাজেৰেই পৰিস্ফূট হৈছে। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তাহানিতেই কৈ গৈছিল যে যি জাতিয়ে পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। এতিয়া চৰকাৰী পৃষ্ঠপোষকতাতেই তাৰেই কুচকাৱাজ আৰম্ভ হৈ গৈছে। যি সময়ত জাতিটোৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত কৃষকৰ ভূমি সংৰক্ষণৰ ব্যৱস্থাটোকহে শক্তিশালী কৰাৰ দৰকাৰ আছিল ,সেই সময়তে এনেহেন এক সিদ্ধান্তই সকলোকে হতচকিত কৰি তোলাই স্বাভাৱিক। জনসংখ্যা বৃদ্ধি, বৰ্ধিত সমস্যাৰ ফলত কৃষিভূমি হ্ৰাস হৈ আহিছেই। বেদখলকাৰীৰ কৱলত হেজাৰ হেজাৰ হেক্টৰ মাটি সোমাই আছে। বৰ্তমানৰ অনাহূত পৰিস্থিতিয়েও বহুজনক নিবনুৱা কৰি তোলাত কৃষিভূমিৰ গুৰুত্ব বৃদ্ধি পাইছে। গতিকে সৰ্বত্ৰ এতিয়া প্ৰতিবাদৰ ঢৌ উঠিব যদিও চৰকাৰে জানো জনতাৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ প্ৰয়াস কৰিব। চৰকাৰে আত্মনিৰ্ভৰশীলতা, উদ্যোগ স্থাপনেৰে নিবনুৱা সমস্যাৰ সমাধান আদিৰ কথা কৈছে যদিও থলুৱাৰ যে লাভ হ’ব সেয়া আশা কৰা বৃথা। গতিকে কাৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত লৈছে সেয়া জলজল পটপট। ৰাজ্যখন উন্নয়নৰ দিশত আগুৱাই যোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে উদ্যোগ স্থাপনৰ বিৰোধিতা কোনেও নকৰে যদিও খিলঞ্জীয়াৰ ভূমি কিনি লোৱাটো মুঠেও গ্ৰহণযোগ্য নহয়। মাটিৰ মালিকীস্বত্ব খিলঞ্জীয়াৰ হাতত থাকিবই লাগিব। তেতিয়াহে আমাৰ জাতি-মাটি-ভেটি ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব। অতদিনে আত্মনিৰ্ভৰশীলতা, ঔদ্যোগিক বিকাশ আদিৰ শ্লোগান আওৰাই থাকিল যদিও কোনো ধৰণৰ তেনে কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা দেখা নগ’ল। ‘এডভানটেজ অসম’ৰ নামত কৰা কোটি কোটি টকাৰ খৰচে আমাক কি লাভ দিলে আমি দেখিছোৱেই। জনতাৰ হিয়াৰ বেদনাক উপলব্ধি কৰিব নোৱৰা চৰকাৰখনৰ অলপ হ’লেও সুমতি আহক আৰু দুৰ্দশাগ্ৰস্ত কৃষিজীৱি অসম সন্তানৰ শেষ সম্বলকণ ৰক্ষা পৰক। অন্যথা অসমীয়াই অসমতে ভগনীয়া হ’বলৈ আৰু বেছি দিন নাই।

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উন্মোচন কৰিলে ড° বাণীকান্ত কাকতী বৈদ্যুতিক শ্মশান ।

গুৱাহাটী : লকাডাউনৰ মাজতে আজি গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত ৰামকৃষ্ণ মিছন পথত অৱস্থিত ড° বাণীকান্ত কাকতী বৈদ্যুতিক শ্মশান উন্মোচন কৰা হয়৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি দিনৰ ১২ বজাত আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ মন্ত্ৰী ভট্টাচাৰ্যই শ্মশান উন্মোচন কৰি কয় যে জি এম ডি এৰ অধীনত প্ৰায় ৫ কৌটি ৯ লাখ টকা ব্যায় সাপেক্ষে এই অত্যাধুনিক বৈদ্যুতিক শ্মশান নিৰ্মাণ কৰা হৈছে৷ কৰোনা আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ শহদেহ শতকাৰ কৰাৰ যথেষ্ট অসুবিধা সন্মুখীত হৈছিল৷ ইয়াৰ বাবেই স্বাস্থ্য বিভাগে জিএমডিএক বৈদ্যুতিক শ্মশানখন ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবেই অনুৰোধ জনাই আহিছিল৷ সেয়েহে জি এম ডিয়ে আজি আনুষ্ঠানিকতাৰে ৰাইজৰ মাজত মুকলি কৰি দিয়ে বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে৷ উল্লেখ্য যে এতিয়াৰ পৰা গুৱাহাটী পৌৰনিগমে শ্মশানখনৰ দায়িত্ব গ্ৰহণ কৰিব৷ এই ক্ষেত্ৰত জি এম ডিএৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলেই গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিকাক চুক্তিবদ্ধ ভাৱে দায়িত্ব অৰ্পণ কৰে৷ ৰামকৃষ্ণ মিছন শ্মশান সমিতিৰ মুখ্য উপদেষ্টা বিৰাজ চক্ৰৱৰ্তীয়ে পৌৰহিত্যত কৰা সভাখনত বিশিষ্ট ব্যক্তি হিচাপে জি এম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা, জিএম ডিএৰ মুখ্য কাৰ্যবাহী বিষয়া উমানন্দ দলৈ, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেবজ্যোতি হাজৰিকা, শ্মশান সমিতিৰ সভাপতি সন্জীব ডেকা উপস্থিত থাকে৷ আনহাতে উন্মোচনী সভা অন্ত পৰাৰ পিছত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শ্মশানখনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে।

সোণতলীত দ্বিতীয়টো বানৰ ভয়ংকৰ ৰূপ : ওখ মথাউৰিত আশ্ৰয় নৈপৰীয়া ৰাইজৰ ৷

সোণতলী : এফালে কোৰোনাৰ আতংক আনফালে ৰাজ্যত বানৰ বিভীষিকা৷ বানে শংকিত কৰি তুলিছে ৰাজ্যৰ বানপীড়িত ৰাইজক৷ লকডাউন চলি থকা মাজতে কিছুদিন পূৰ্বে হৈ যোৱা বানপানীত নৈপৰীয়া ৰাইজক জুৰুলা কৰিছে৷ কৃষকে উৎপাদন কৰা সামগ্ৰীবোৰ পথাৰতে গেলি পচি গৈছে৷ ইপিনে কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ উফন্দি উঠাত‌ নৈপৰীয়া ৰাইজ বানত ককবকাই আছে। ৰাজ্যখনৰ কেবাখনো জিলাত দ্বিতীয়টো বানে কালৰূপ ধাৰণ কৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত দ্বিতীয়টো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ প্ৰায় অৰ্ধশতাধিক গাঁও বানপানীৰ কৱলত পৰিছে৷ সোণতলীকে ধৰি জতিয়া দিয়া, পানীখাতী, গৰৈমাৰী বিলৰজান, বৰদিয়া নয়াপাৰা, লটুৰা দিয়া, আৰিকাটি, কাছাৰিপাম, পল্লিমংগল, চতুৰাপাৰা, ডেকাচাং দক্ষিণ ডেকাচাং, মালিবাৰী, মন্দিৰা, নতুন কাঠমী, নিজ কাঠমী, কিচমত কাঠমী, জাওকাটা দিয়া, বটিয়ামাৰী, দুৰামাৰী আদি কৰি প্ৰায় অৰ্ধশতাধিক গাঁও বানপানীৰ কৱলত পৰাত কৃষি ভুমি আৰু মৎস পালকৰ যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, বানপানীয়ে কালৰূপ ধাৰণ কৰাত সপোনৰ ঘৰখন এৰি ওখ ঠাই, শিবিৰ আৰু আন কিছুমানে মথাউৰিত আশ্ৰয় ল’ব লগা হৈছে৷ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা ধান, মৰাপাট, কুঁহিয়াৰৰ লগতে বিভিন্ন ধৰণৰ শাক-পাঁচলিৰ খেতি সম্পূৰ্ণ বানপানীৰ কৱলত পৰিছে৷ আনহাতে খাদ্যৰ অভাৱত কৃষকসকলৰ বহু পশুধনৰ মৃত্যু হৈছে উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ ইতিমধ্য কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ লুইতৰ বুকুত জাহ গৈছে বুলি স্থানীয় ৰাইজে জনাইছে৷ স্মৰ্তব্য যে, বানপানীত নৈপৰীয়া সকলে দুবাৰকৈ ৰদ বৰষুণ নেওচি মথাউৰিত আশ্ৰয় লৈ থকাৰ পিছতো স্থানীয় বিধায়িকা নন্দিতা দাসে বানপিড়ীত মানুহবোৰৰ খবৰ এটা লবলৈ সময় নাপালে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ ইপিনে খাদ্যৰ অভাৱত যাতে পশুধনৰ মৃত্যু নহয় তাৰ বাবে অচিৰেই খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে বান বিধস্ত নৈপৰীয়া ৰাইজে ৷

স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত চিকিৎসা অবিহনে ঢুকাল উত্তৰ গুৱাহাটীৰ নাগৰিক উত্তম । ধিক্কাৰ স্বাস্থ্যমন্ত্ৰীক।

চাংসাৰি : এতিয়া আৰু মৃত্যু শিল্প নহয়, নাই মানবতাৰ প্ৰশ্ন। কভিড ৰোগক দোহাই আন ৰোগৰ চিকিৎসা সেৱা বাতিলৰ বাবেই বহু সাধাৰণ ৰোগীৰ চিকিৎসা অবিহনে মৃত্যু ঘটিছে। স্বাস্থ্যখণ্ডৰ ঢাক ঢোল বজাই থকাৰ মাজতে শনিবাৰে নিশা স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তম বৰুবা নামৰ এজন লোকৰ বিনা চিকিৎসাই মৃত্যুক লৈ ক্ষোভিত হৈ পৰিছে আত্মীয় স্বজনৰ লগতে স্হানীয় ৰাইজ। খবৰ অনুসৰি শনিবাৰে আবেলি শৰীৰ অসুস্থ হোৱা সত্ত্বেও পত্নীৰ সতে উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাত উত্তম বৰুৱাৰ  কভিড লক্ষণ নাই বুলি কলে চিকিৎসকে। ইয়াৰ পিছত উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰৰ উত্তম বৰুৱা নামৰ ৪৮ বছৰীয়া লোক জনৰ ডায়েবেটিছ ৰোগ চিকিৎসাৰ বাবে নিয়া হৈছিল নাৰায়ণা হাস্পটালত। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই পোনে পোনে ৰাখিবলৈ অস্বীকাৰ কৰাত আয়ুস চন্দা হাস্পটাললৈ নিয়া হ’ল। একেদৰেই প্ৰত্যাখ্যান কৰাত জি এম চি লৈ নিয়া হ’ল উত্তম বৰুৱাক। কিন্তু জি এম চিতো যথেষ্ট পলম হোৱাত কৰুণ মৃত্যুক সাবটিলে উত্তমে। পৰিয়ালৰ সূত্ৰে জানিব দিয়া মতে চিকিৎসালয়ৰ বাহিৰতে বহু সময় অপেক্ষাৰ পিছত জি এম চিৰ চিটিস্কেন বিছনাত ভৰোৱাৰ পিছতে কৰুণ মৃত্যুক সাবটিলে উত্তম বৰুৱাই। এজমা আৰু মধুমেহ ৰোগত আক্ৰান্ত উত্তমৰ হঠাতে চুগাৰ নিম্নগামী হৈছিল আৰু স্কেনাৰত সোমোৱাৰ পিছত হাৰ্ট বিকল হৈ মৃত্যু হ’ব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে।  কিন্তু পৰিয়ালৰ আক্ষেপ কি ৰোগত উত্তম ঢুকাল চিকিৎসকে নজনালে। পৰিয়াল তথা একাংশ ৰাইজৰ আক্ষেপ জি এম চি এইচত মানবীয় দৃষ্টিৰে চিকিৎসাত পলম নকৰা হ’লে এজন সুঠাম যুবকৰ  জীবন আধাতে সামৰিব লগা নহ’লহেতেন।  উত্তম গুচি গ’ল কৰুণভাৱে আৰু ইতিকিং কৰি গ’ল অসমৰ স্বাস্থ্যখণ্ডক। দুই সন্তানৰ মাতৃয়ে এতিয়া যেন নিয়তিক ধিয়াই কন্দাৰ বাহিৰে উপায় নাই। উত্তৰ গুৱাহাটীত এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশই স্বাস্থ্য খণ্ডৰ উন্নতিৰ জয়ঢোল বজোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ প্ৰদান কৰি অতিশীঘ্ৰেই এনে কৰুণ ঘটনা দুনাই নহ’বলৈ কৰোনাৰ উপৰিও অন্য ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কানষাৰ দিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে।

হোজাইৰ বিধায়ক শিলাদিত্যই অৱসৰ লৱ বিজেপিৰ পৰা ; ১৪ জুলাইত আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব বিধায়ক গৰাকীয়ে ।

লংকা : সততে বিৰ্তকিত মন্তব্য কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে বিজেপি দলৰ পৰা লৱ অৱসৰ । অহা ১৪ জুলাইত তেখেতে আনুষ্ঠানিক ভাৱে পদত্যাগ পত্ৰ কৰিব প্ৰেৰণ । ইতিমধ্যেই তেখেতে বিজেপিৰ জেষ্ঠ নেতা সকলৰ লগতে সভাপতি ৰঞ্জিত দাসক হোৱাটছআপ যোগেদি ইতিমধ্যেই জনাইছে । হিন্দুত্ববাদী চিন্তাধাৰাৰে সদায় আগবঢ়া আগন্তক নিৰ্বাচনৰ প্ৰাকমূৰ্হতত শিলাদিত্য দেৱৰ এই মন্তব্য ই ইতিমধ্যে বিশেষ তাৎপর্য বহন কৰিছে। আজি শিলাদিত্য দেৱে সংবাদমাধ্যমক জনোৱা মতে বিজেপি দলত পুৰণি দলীয় কৰ্মীক কোনো গুৰুত্ব প্ৰদান নকৰে বুলি গুৰুতৰ অভিযোগ আনিছে । বিজেপিত বৰ্তমান কোনো নেতৃত্ব নাই। অনুশাসন নাই। আনহাতে আন এক গুৰুতৰ অভিযোগ কৰি কয় যে সভাপতি ৰঞ্জিত দাসে তেওঁৰ কথাত কোনো গুৰুত্ব নিদিয়ে। তেওৰ ফোন কৰিলেও ফোন ৰিচিভ নকৰে আৰু হোৱাটচআপও নাচায় । সেয়হে শিলাদিত্যই ১৪ জুলাই তাৰিখে অৱসৰ লʼৱ । যদিও বিধায়ক হিচাপে সময়সীমা থকা লৈকে তেওঁ নিজৰ সমষ্টিত ৰাইজৰ হকে কাম কৰি যাৱ । ভবিষ্যতে শিলাদিত্যই কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলিও ষ্পষ্ট কৰি দিয়ে ।নীতি আদৰ্শ ভংগ হ’লে দল জীয়াই নাথাকে । অসমৰ বিজেপি দলত নীতি আদৰ্শ নাইকীয়া হৈছে বিপদত পৰিলে বহু কেইজনক ৰাজ্যিক নেতাক কথাবোৰ কৱ লাগে । অসমৰ বিজেপিত দলকেন্দ্ৰীক ৰাজনীতি চলি আছে সেয়হে বিপদত পৰাত কৈ আৰু ৰাইজৰ আগত লাজ পোৱাতকৈ আতৰি যোৱাটোৱেই ভাল হʼৱ । ৰাজ্যিক বিজেপিৰ কান্ধত মোনা লৈ থকা ব্যক্তি জনেই ধংস কৰিব অসমৰ বিজেপি দল । কান্ধত মোনা লোৱা ব্যক্তি জনৰ নাম নকও যদিও দলে গম পাই কাৰ কথা কোৱা হৈছে । অৱসৰ লোৱাৰ পিছত পুনৰ বিজেপিলৈ আনিবলৈ উৰ্ধতম কৰ্তৃপক্ষই কলেও অহাৰ কথা ভাৱা নাই বুলি সাংবাদিকৰ আগত স্পষ্ট কৰে বিধায়ক গৰাকীয়ে ।