গুৱাহাটী : গুৱাহাটী মহানগৰীত লকডাউন চলি থকা সময়তে এচাম অসাধু ব্যৱসায়ীয়ে আৰক্ষীক মেনজ কৰি নিজৰ ব্যৱসায় সুচাৰুৰূপে চলায় আছে ৷ মহানগৰীৰ লকডাউনৰ সময়ছোৱাত মাছ – মাংসৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ যদিও এচাম ব্যৱসায়ীয়ে অধিক চৰা দামত মাছ – মাংস বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে আজি পুৱা ৯ বজাত চানমাৰি আৰক্ষীয়ে বয়লাৰ মুৰ্গী কঢ়িয়াই অনা পিক-আপ ভেন এখন জব্দ কৰে ৷ চানমাৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে নাম্বাৰ বিহীন বলেৰো পিক-আপ ভেন খনে বকোৰ পৰা খানাপাৰালৈ বয়ালাৰ মুৰ্গী কঢ়িয়াই আনি থকা অৱস্থাত শিলপুখুৰী অঞ্চলত আৰক্ষীয়ে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰিফুল ইছলাম নামৰ গাড়ীচালক জনে গাড়ীখন চলাই আনিছিল ৷ পিছত গাড়ীৰ সৈতে চালকক আৰক্ষীয়ে চানমাৰি থানলৈ আনে ৷ চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গাড়ী খন নতুন ৷ সেইবাবেই নম্বৰ প্লেট সংলগ্ন হোৱা নাই ৷ ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা গাড়ীখনৰ স্বত্বাধিকাৰী আৰু চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷
১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বৃক্ষৰোপন ।
দৈনন্দিন বাৰ্তাৰ সেৱা :
নলবাৰী : গুৰগ্ৰামস্থিত চি আৰ পি এফ বাহিনীৰ কাদৰপুৰ একাডেমীত আজি গৃহ মন্ত্ৰী অমিত শ্বাহে বৃক্ষৰোপন কৰে । আৰু সেইমৰ্মে দেশৰ বিভিন্ন প্ৰান্তত থকা চি আৰ পি এফ বাহিনীৰ সৈতে নলবাৰীৰ ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ নিজৰ মুখ্য কাৰ্যালয়ৰ উপৰিও জিলা খনৰ বিভিন্ন এলেকা সমূহত থকা চি আৰ পি এফ বাহিনীৰ চাউনীত বৃক্ষৰোপন কৰা হয় । বৃক্ষৰোপনৰ এই কাৰ্যসূচীৰ উদ্দেশ্য বাখ্যা কৰি ১৩৬ নং বেটেলিয়নৰ কামানডেন্ট পি চি চৌহানে কয় যে বৰ্তমান সময়ত বিশ্বত এতিয়া প্ৰকৃতিৰ ভাৰসাম্য দূষিত হৈ যায় আছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ মানৱ জীৱনতো পৰিছে । এই কাৰ্যসূচীৰ উদ্দেশ্য অনুসৰি জনসাধাৰণৰ প্ৰকৃতিৰ প্ৰতি দায়িত্ব বঢ়োৱা, গ্লোৱেল ৱাৰ্মিং তথা জংঘল সমূহত কটাৰ ফলত ভৱিষ্যতে আহিব লগা বিপদ সমূহৰ পৰা অৱগত কৰোৱা, সৰ্বস্তৰৰ ৰাইজক যিমান পৰিমাণে সম্ভৱ হয় সেই অনুসৰি বৃক্ষৰোপন কৰিবলৈ প্ৰেৰণা তথা উৎসাহ জগোৱা, মানৱ জীৱনত স্বাস্থ্য আৰু সেউজীয়া পৰিবেশৰ মহত্ব বুজোৱা আৰু এই সকলোবোৰৰ কাৰণে জনসাধাৰণক সেউজীয়া পৰিবেশৰ প্ৰতি থকা নিজৰ নিজৰ দায়িত্ব সমূহ অৱলম্বন কৰোৱা । আজিৰ এই বৃক্ষৰোপন কাৰ্যসূচীত উপস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বিষয়ববীয়া সকলৰ লগতে প্ৰত্যেকজন চি আৰ পি এফ জোৱানে নিজৰ শ্ৰমদান কৰি বৃক্ষৰোপন কৰে ।
কাজিৰঙাত দুষ্প্ৰাপ্য ‘সোণালী বাঘ’ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
জাতিৰ চৌদিশত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীয়ে পূৰ্ণ কৰি ৰাখিছে৷ ইয়াৰ লগতে বিভিন্ন ৰঙৰ বৃক্ষ-গুল্মই জাতিষ্কাৰ কৰি ৰাখিছে ৷ ইপিনে ক’ভিড-১৯ৰ বাবে অব্যাহত থকা লকডাউনৰ বাবে বাহিৰ হ’ব পৰা নাই মানৱ জাতি৷ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈছে ৷ এই সময়চোৱাত জগতখনত কি হৈছে তাক কোনেও ভালদৰে জানিব পৰা নাই৷ ফলত প্ৰকৃতিৰ সৌন্দৰ্য কোনেও উপভোগ কৰিব পৰা নাই ৷ এটা মাৰাত্মক ভাইৰাছৰ বাবে লকডাউন অব্যাহত আছে ৷ এই সময়তে প্ৰকৃতিৰ সৌন্দৰ্য নতুন ৰূপত প্ৰকাশ পাইছে ৷ তাৰে এক সৌন্দৰ্য শেহতীয়াকৈ কেমেৰাত বন্দী হৈছে ৷ কেমেৰাত বন্দী হোৱা দৃশ্যটো সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্নজনে প্ৰত্যক্ষ কৰি অভিভূত হৈছে ৷ উল্লেখ্য যে কিছুদিনৰ আগতে কৰ্ণাটকৰ কাবিনী অভয়াৰণ্যত উদ্ধাৰ হৈছিল এক ক’লা ৰঙৰ অজগৰ ৷ এই ছবিখন বিভিন্নজনৰ মাজত ভাইৰেল হৈ পৰিছিল৷ এইবাৰ আন এক দৃষ্টিনন্দন দৃশ্যই মোহিত কৰিছে বিভিন্নজনক৷ সেয়া হ’ল এক দুষ্প্ৰাপ্য প্ৰাণীৰ দৃশ্য, যাক জনা যায় ‘সোণালী বাঘ’ বা ইংৰাজীত ‘গ’ল্ডেন টাইগাৰ’ ৷ এই বাঘক ‘টাড্ডী টাইগাৰ’ বা ‘ট্ৰবেৰী টাইগাৰ’ বুলিও জনা যায়৷ অসমৰ কাজিৰঙাত পোৱা গৈছে এই মেকুৰী প্ৰজাতিটো৷ উল্লেখ্য যে এইটোৱেই দেশৰ একমাত্ৰ ‘সোণালী বাঘ’ ৷ এই বাঘৰ ছবি ভাৰতীয় বন সেৱা বিষয়া প্ৰৱীণ কুমাৰে টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰি দিয়ে ৷ বিষয়াজনে ছবিখন প্ৰচাৰৰ সময়ত ময়ূৰেশ হেনডৰী বুলি উল্লেখ কৰিছিল ৷ প্ৰকৃতিৰ এই অন্যান্য সৌন্দৰ্য এতিয়া বিভিন্নজনে উপভোগ কৰিছে ৷
প্ৰথমবাৰলৈ মুখত মাস্ক পিন্ধিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
প্ৰথমবাৰৰ বাবে মুখত মাস্ক পিন্ধিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ উল্লেখ্য যে ক’ভিড-১৯ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে যিসময়ত মাস্ক পৰিধান কৰি আছে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে পৰিধান নকৰাকৈ আছিল ৷ কিন্তু শনিবাৰে তেওঁ সেনাৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰিবৰ বাবে ৱাশ্বিংটনৰ বাহিৰলৈ যায়৷ তেতিয়া ট্ৰাম্পে প্ৰথমবাৰৰ বাবে মাস্ক পৰিধান কৰে ৷ ট্ৰাম্পে মেৰীলেণ্ডৰ বিদাছহাত সেনা আৰু স্বাস্থ্য কৰ্মীক সাক্ষাৎ কৰে ৷ ট্ৰাম্পে সেই সময়ত ক’লা ৰঙৰ এখন মাস্ক পৰিধান কৰিছিল ৷ আনহাতে কৰ্মচাৰীসকলৰ সৈতে মাস্ক পিন্ধি পৰ্যৱেক্ষণ কৰে৷ কৰ্মচাৰীসকলেও তেতিয়া মাস্ক পৰিধান কৰি আছিল ৷ আনহাতে মাস্ক পিন্ধি ৰাষ্ট্ৰপতিজনে সাংবাদিকৰ লগত কথা পাতিব বিচৰা নাছিল ৷ উল্লেখ্য যে ট্ৰাম্পে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা এয়াই প্ৰথম ৷
মাজবাটৰ গছেনপুৰ গাঁৱত গৰ্ভৱতী মহিলাৰ দেহত ক’ৰোনা পজিটিভ ।
ওদালগুৰি : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ গছেনপুৰ গাঁৱত ১১ জুলাই তাৰিখে টাৰ্ছিলা কান্দুলনা (২৪) নামৰ এগৰাকী মহিলাৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ লগতে সমগ্ৰ ওদালগুৰি জিলাতে ১১ জুলাই তাৰিখে ৯ গৰাকী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ আতংকিত কৰি তুলিছে । স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে জিলা খনৰ মাজবাটৰ গছেনপুৰ গাঁৱৰ উক্ত মহিলা গৰাকী কেইদিনমানৰ আগতে দিল্লীৰ পৰা আহিছিল । ক’ ৰোনা পজিটিভত আক্ৰান্ত সাত মাহৰ গৰ্ভৱতী মহিলা গৰাকীক মাজবাটৰ গছেনপুৰ গাঁৱৰ পৰা স্বাস্থ্য বিভাগৰ লোক আৰু আৰক্ষী প্ৰশাসনে প্ৰায় আঢ়ৈ কিলোমিটাৰ দূৰ খোজ কাঢ়ি প্ৰৱল বৰষুণ আৰু বানপানীকো নেওচি আনিছে স্বাস্থ্য কৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ এটি দলে ।সাত মহীয়া গৰ্ভৱতী ক’ৰোনাত আক্ৰান্ত মহিলা গৰাকীক স্বাস্থ্য বিভাগৰ লোক সকলে প্ৰৱল বৰষুণৰ মাজতে ছাতিৰে সাহসৰে আগুৱাই নি সযতনে ১০৮ নং গাড়ীত উঠাবলৈ সক্ষম হয় । উক্ত অভিযানত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিপিএম পংকজ কুমাৰ সভাপন্ডিতৰ লগতে অতুল শইকীয়া ,আশা ছুপাৰভাইজাৰ অৰ্চনা ডেকা আৰু ৰঞ্জনা দাস ৰাভাৰ উপৰিও স্বাস্থ্য কৰ্মী বিপ্লবজ্যোতি ডেকা আছিল । ইয়াৰ লগতে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদৰ লগত আৰক্ষীৰ লোকও স্বাস্থ্য কৰ্মী সকলৰ লগত উপস্থিত হয় ক’ৰোনা পজিটিভ আক্ৰান্ত গৰ্ভৱতী মহিলা গৰাকীক নিৰাপদে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলৈ সক্ষম হয় । এই গৰ্ভৱতী মহিলাৰ সৈতে নতুনকৈ ক’ৰোনা পজিটিভত আক্ৰান্ত ৮ গৰাকী লোককো ১১ জুলাই তাৰিখে ওদালগুৰি অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰা হয় । আক্ৰান্ত লোকসকল হ’ল ক্ৰমে উমা শংকৰ (২৪), তাপস পাল (৪৫), জাইউল হক (৩১), ৰোহন আলি (২৪), ফীৰদাস ৰহমান (৩৭), তেৰচিলা কান্দুলনা (২৫),পল্টন মূৰমূ (৪০) আৰু পুপেন চাওঁৰা (৩০) । এতিয়ালৈ সমগ্ৰ ওদালগুৰি জিলাত মুঠ আক্ৰান্তৰ সংখ্যা ২৩৬ গৰাকী , ইয়াৰে ১৯৭ গৰাকী লোক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ৩৮ গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৮ জুলাই তাৰিখে ক’ৰোনাত আক্ৰান্ত মাজবাটৰ যুৱক জিতেন্দ্ৰ প্ৰসাদ (৩০) ৰ মৃত্যু হৈছে।
মুখ্যমন্ত্ৰী সমষ্টিৰ কৰতিপাৰ পঞ্চায়তৰ সাৰআটীত বৃহৎ খহনীয়া।
উজনি-মাজুলী : বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধত একেবাৰে বিফল হোৱা বুলি দাবী কৰা মাজুলী জিলা কংগ্ৰেছ দলৰ নেতৃত্বই শুকুৰবাৰে নামনি মাজুলী কৰতিপাৰ গাঁও পঞ্চায়তৰ সাৰআটীৰ খহনীয়াৰ সন্মুখীন হোৱা দুৰ্ভগীয়া পৰিয়াল সমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যুৱ কংগ্ৰেছৰ সদস্য সকলে শাৰীৰিকভাবে ও কিছু সহায় আগবঢ়াই । প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কিছু গুৰুত্ব প্ৰদান কৰি কাম কৰিলে এতিয়াও খহনীয়া প্ৰতিৰোধ কৰিব পৰা অৱস্থাত আছে বুলি দাবী জনাই দলটোৱে কয় , এইয়া একেবাৰে দুৰ্ভাগ্যৰ কথা যে বিভাগীয় কৰ্তৃপক্ষই যেনেদৰে এই অঞ্চল সমূহত কাম কৰিব লাগিছিল তেনেদৰে কৰা পৰিলক্ষিত হোৱা নাই । সেয়ে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত মাজুলী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি দাবী জনাইছো ,অতি শীঘ্ৰে খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়াল সকলক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে তৎকালীনভাৱে খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। কংগ্ৰেছৰ উক্ত দলটোত উপস্হিত আছিল মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে , মাজুলী বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণু কমল পায়েং , যুৱ বিগ্ৰেডৰ সভাপতি দিনমণি দত্ত , মাজুলী জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱকান্ত দাসকে ধৰি প্ৰায় ২জ গৰাকী সদস্য ।
ফুলনি গাওঁ পঞ্চায়ত আৰু ৰঙাচাহী গাওঁ পঞ্চায়তত বিজাণুনাশকক স্পে ।
উজনি-মাজুলী :
ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাজুলী জিলা পেয়জল আৰু অনাময় সমিতিৰ উদ্যোগত অব্যাহত ৰখা চৰকাৰী কাৰ্যালয়, হস্পিতাল চৌহদ তথা ৰাজহুৱা স্থান আদি বীজাণুমুক্তকৰণ অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে ফুলনি আৰু ৰঙাচাহী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ লগতে ফুলনি আৰক্ষী চকীত বীজাণুনাশক স্প্ৰে’ কৰি ছেনিটাইজ কৰা হয়। এই বীজাণুমুক্তকৰণ অভিযানত জিলা পেয়জন আৰু অনাময় সমিতিৰ স্বচ্ছতাগ্ৰাহীসকলে অংশগ্ৰহণ কৰে।
ভাৰতত প্ৰৱেশৰ বাবে অপেক্ষাত পাকিস্তান সমৰ্থিত ২৫০-৩০০ সন্ত্ৰাসবাদী ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ বাবে ২৫০-৩০০ সন্ত্ৰাসবাদী অপেক্ষা কৰি আছে বুলি শনিবাৰে ভাৰতীয় সেনাই সতৰ্ক কৰি দিছে ৷ জম্মু আৰু কাশ্মীৰ সীমান্তৰ দুটা ছেক্টৰত ভাৰতীয় জোৱানৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানৰ বৰ্ডাৰ একচন টিমে ৷ সম্প্ৰতি চোৰাংচোৱাৰ সূত্ৰত এই খবৰ পোৱাৰ পাছত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে তীব্ৰ দৃষ্টি নিক্ষেপ কৰিছে ৷ পাকিস্তানৰ আৰ্শীবাদপুষ্ট বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ভাৰতত অনুপ্ৰৱেশৰ বাবে এই পৰিকল্পনা লৈছে বুলি জানিব পৰা গৈছে ৷ চোৰাংচোৱা সূত্ৰৰ মতে জম্মু আৰু কাশ্মীৰৰ ভীমবাৰ গালি আৰু নৌসেৰা ছেক্টৰত বহু সংখ্যক সন্ত্ৰাসবাদী ভাৰতত সোমাবৰ বাবে অপেক্ষা কৰি আছে৷ সন্ত্ৰাসবাদীবোৰক এই কামত সহায় কৰিছে পাকিস্তানী সেনাই ৷ সেই কাৰণে বৰ্ডাৰ একচন টিমৰ সদস্যসকলক সেই এলেকাবোৰত মোতায়েন কৰা হৈছে ৷ ইতিমধ্যে এই বিষয়ত ভাৰতীয় সেনা আৰু বিএছএফক সতৰ্ক কৰি দিয়া হৈছে ৷ বিএছএফৰ এজন উচ্চ পদস্থ বিষয়াই জনোৱা মতে কেইটামান সপ্তাহৰ আগতে এনে সতৰ্কবাৰ্তা অহা নাছিল ৷ আগৰ দৰেই তীক্ষ্ণ দৃষ্টি দি থকা হৈছিল৷ কিন্তু চোৰাংচোৱাৰ এই খবৰ পোৱাৰ পাছত পৰিস্থিতি সলনি হৈ গৈছে ৷ সীমান্তত থকা জোৱানসকলক সতৰ্ক কৰাৰ লগতে তীক্ষ্ণ নজৰ দিবলৈ কোৱা হৈছে৷ বিশেষকৈ ভীমবাৰ গালি আৰু নৌসেৰা ছেক্টৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ় তুলি জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ পাকিস্তানে যদি কোনো দুঃসাহস দেখুৱাই তেতিয়া যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি বিষয়াজনে কয় ৷
নেপালত ভূমিস্খলনত নিহত ১৫ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
বৰষুণৰ ফলত পশ্চিম নেপালত শনিবাৰে হোৱা ভূমিস্খলনত ১৫জন লোক নিহত হয় ৷ এনেদৰে ভূমিস্খলনত যোৱা ৪৮ ঘণ্টাত দেশখনত মুঠ ৩৭ জন লোক নিহত হয় ৷ দেশখনৰ গৃহ মন্ত্ৰালয়ে এই কথা জনাইছে৷ নিহত হোৱা ১৫ জন লোক মাইয়াদি জিলাৰ বুলি প্ৰকাশ ৷ আনহাতে ১৫ জন লোক সন্ধানহীন বুলি জানিব পৰা গৈছে ৷ আনহাতে শুকুৰবাৰে আন এক ভূমিস্খলনত নেপালত ২২ জন লোক নিহত হৈছিল ৷ দেশখনত যোৱা ৪৮ ঘণ্টাত মুঠ ৩৭ জন লোক ভূমিস্খলনত মৃত্যু হয় ৷ চৰকাৰে সেনা আৰু আৰক্ষী নিয়োগ কৰি উদ্ধাৰ কাৰ্য চলাই আছে ৷
কৃষক নেতা অখিল গগৈ মুক্তি আৰু ভূমি নীতি বাতিলৰ দাবী গ্ৰামীণ শ্ৰমিক সন্থাৰ।
তিনিচুকীয়া : সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে “আত্মনিৰ্ভৰশীল অসম” গঢ়ি তোলাৰ নামত ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ স্থাপন সম্পৰ্কিত প্ৰস্তাৱিত ভূমি অধ্যাদেশ, ২০২০ বাতিলৰ দাবীত তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ সহ সকলো ৰাজনৈতিক বন্দীৰ বিনাচৰ্তে মুক্তিৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই আহ্বান জনোৱা ৰাজ্যব্যাপী প্ৰতিবাদ দিৱস পালন কাৰ্যসূচী গ্ৰামীণ শ্ৰমিক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে নিজৰ সাংগঠনিক এলেকাধীন পানীতোলা ব্লকৰ লেংৰাই, ৰংচঙী, চাবুৱা-পোলোঙা গাঁও পঞ্চায়ত আৰু গুঁইজান ব্লকৰ পানীতোলা পঞ্চায়তত লকডাউনৰ সকলো বিধি পালনেৰে ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে “কৃষক বিৰোধী প্ৰস্তাৱিত ভূমি অধ্যাদেশ বাতিল কৰক”, “কৃষক নেতা অখিল গগৈসহ সকলো ৰাজনৈতিক বন্দীক বিনাচৰ্তে মুক্তি দিয়ক”, “অধ্যাদেশ সংশোধনীৰ নামত আভুৱাভাঁৰা নচলিব”, “ক’ৰ’নাৰ আঁৰ লৈ গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত দমন-নিপীড়ন বন্ধ কৰক” আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। বৰ্ধনে আৰু কয় যে যোৱা ৯ জুলাইত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত উক্ত অধ্যাদেশত যি আংশিক সংশোধনী অনা হৈছে সেয়া ৰাইজৰ প্ৰতিবাদলৈ লক্ষ্য ৰাখি আভুৱাভাঁৰাৰ এক কৌশলহে। কাৰণ এই চৰকাৰৰ দিনতেই ২০১৫ চনত কৃষক বিৰোধী অসম কৃষি ভূমি (অ-কৃষি উদ্দ্যেশত পুনৰ শ্ৰেণীকৰণ আৰু হস্তান্তৰৰ নিয়ন্ত্ৰণ) আইন বনোৱা হয়। যাৰ বিৰোধিতা খিলঞ্জীয়াৰ ভূমি অধিকাৰ ৰক্ষাৰ প্ৰশ্নত গঠন কৰা হৰিশঙ্কৰ ব্ৰহ্ম কমিটীয়ে আৰু বিপ্লব কুমাৰ শৰ্মা নেতৃত্বাধীন ছয় নং দফা সমিতিৰ অন্যতম সদস্য খ্যাতনামা অধিবক্তা নিলয় দত্তয়ো কৰিছে। এই চৰকাৰখনে উক্ত দুয়ো সমিতিৰ প্ৰতিবেদন আজিকোপতি ৰাজহুৱা নকৰিলে। আচৰিত হ’বলগীয়া বিষয় এয়াই যে ক’ভিড-১৯ৰ ফলত হোৱা অসমৰ সংকটজনক অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠিত উপদেষ্টা সমিতিৰ পৰাও কোনোধৰণৰ পৰামৰ্শ নোলোৱাকৈয়েই কেৱল মাত্ৰ বৃহৎ বণিয়াৰ স্বাৰ্থত খৰখেদাকৈ এই অধ্যাদেশ জাৰি কৰা হৈছে। বৃটিছৰ দিনত উৰ্বৰ বাম কৃষিভূমি কোম্পানীবোৰে দখল কৰিছিল এতিয়া দ’ কৃষিভূমিবোৰ কোম্পানীৰ দখলত নিয়াৰ ষড়যন্ত্ৰ কৰিছে। বৰ্তমানৰ বিপৰ্যস্ত অৰ্থনৈতিক দুৰ্দশাৰ সময়ত দৰিদ্ৰ প্ৰান্তিক খেতিয়কে সংকটত পৰি কম দামত (Distress Sale) কৃষি ভূমি বিক্ৰী কৰিবলৈ বাধ্য হ’ব। খৰখেদাকৈ অনা এই অধ্যাদেশৰ জৰিয়তে সোণোৱাল চৰকাৰে অসমৰ কৃষক ৰাইজৰ লগত চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে আৰু নিজৰ কৰ্প’ৰেটপ্ৰীতি উদঙাই দিছে। কেৱল এয়াই নহয় – এই ভূমিত স্থাপন কৰা উদ্যোগত পৰিবেশ আইন, ফেক্টৰী আইন, শিল্পবিবাদ আইনো কাৰ্যকৰী নহ’ব। যি দেখদেখকৈ বৃহৎ বণিয়াৰ স্বাৰ্থবাহী। সেয়েহে আমি সম্পূৰ্ণৰূপে এই অধ্যাদেশ প্ৰত্যাহাৰৰ দাবী তুলিছোঁ। আনফালে এই চৰকাৰে নিজৰ ব্যৰ্থতা আৰু বিশ্বাসঘাতকতা ঢাকিবলৈ গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত দমনমূলক অভিযান চলাই তেওঁলোকক কাৰাবন্দী কৰিছে। “কা” বিৰোধী তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰখাটো উক্ত ৰাজনৈতিক জিঘাংসা চৰিতাৰ্থৰ এক ফেচিস্ট প্ৰকল্প। গতিকে কোম্পানীৰাজ গঢ়ি তুলিব খোজা এই ফেচিস্ট চৰকাৰৰ জনবিৰোধী, দমনমূলক নীতিৰ বিৰুদ্ধে সকলো বিজেপি বিৰোধী ৰাজনৈতিক শক্তি আৰু সংগঠন ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান বুলি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ জিলা সভাপতি শুভ্ৰজ্যোতি ৰ্বদ্ধনে এক বিবৃতি যো গে জানিবলৈ দিছে।










