ডিজিটেল ডেস্কঃ জনপ্ৰিয় শিল্পী কুমাৰ চানু আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমান হোম কোৱাৰেন্টাইনত থকা শিল্পীগৰাকী নিজৰ ফেচবুক পেইজত কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে৷ শিল্পীগৰাকীৰ বিভিন্নজন অনুৰাগীয়ে তেওঁ আশু আৰোগ্য কামনা কৰিছে।
দুৰ্গাপূজা সন্দৰ্ভত মহানগৰ প্ৰশাসনৰ নতুন নীতি-নিৰ্দেশনা
ডিজিটেল ডেস্কঃ দুৰ্গাপূজা সন্দৰ্ভত গুৱাহাটী মহানগৰ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিব নোৱাৰিব৷ পূজা পাতিবলৈ ল’ব লাগিব প্ৰশাসনৰ অনুমতি৷ স্থানীয় থানাৰ অ’চিৰ জৰিয়তে ল’ব লাগিব আৰক্ষী আয়ুক্তৰ অনুমতি। দূৰ্গা পূজাৰ বাবে কেৱল অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব পাৰিব পূজা কমিটীসমূহে। এইবাৰ মূল পথৰ ওপৰত কোনেও পেণ্ডেলষ বনাব নোৱাৰিব৷ পূজাৰ পেণ্ডেলৰ ভিতৰত অতি কমেও এক মিটাৰৰ দূৰত্ব বজাই ৰাখিব লাগিব৷ একে সময়তে পূজাৰ পেণ্ডেলত ৩০ জনতকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব।
চলচিত্ৰ প্ৰেমীৰ বাবে সুখবৰ, ছবিগৃহলৈ আহিব ‘ড০ বেজবৰুৱা-২’
ডিজিটোল ডোস্কঃ চলচিত্ৰ প্ৰেমীৰ বাবে সুখবৰ, ছবিগৃহলৈ আহিব ‘ড০ বেজবৰুৱা-২’। এ.এম. টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ’ব লগীয়া ছবিখনৰ বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত শুভ মহুৰত হয়। শুভ মহুৰত অনুষ্ঠানত উপস্থিত জনপ্ৰিয় অভিনেতা আদিল হুছেইন, জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ৷ নিপন গোস্বামীৰ পৰিচালনাৰে নিৰ্মাণ হ’ব লগীয়া ‘ড০ বেজবৰুৱা-2’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা আদিল হুছেইনে।
আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই কোৰোনা আক্ৰান্ত
ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। শেহতীয়াকৈ কোৰোনা পৰীক্ষাত আন্তৰাষ্ট্ৰীয় বক্সাৰ গৰাকীৰ দেহত পোৱা হৈছে কোৰোনাৰ উপস্থিতি। আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৭৬৯ গৰাকীৰ লোকৰ দেহত পোৱা হৈছে কোৰোনা ভাইৰাছ। বিগত ২৪ ঘন্টাত ৰাজ্যত ১২৬৩ গৰাকী লোক কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে।
অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৯৮২১৩ জনলৈ পাইছে বৃদ্ধি
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ১৪২৭ জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৯৮২১৩ জনলৈ পাইছে বৃদ্ধি। বুধবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ সুস্থ হয় ১০১৩ জন লোক। বৰ্তমানলৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৬৮০৬৯ জনলৈ বৃদ্ধি পাইছে লগতে চিকিৎসাধীন হৈ আছে ২৯৩০৭ জন ৰোগী। আনহাতে এতিয়ালৈ ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৮৩৪ জন লোকৰ মৃত্যু হৈছে।
১৫ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰত মেট্ৰ’ ৰেলৰ চলাচলৰ অনুমতি
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ চৰকাৰে ‘বিগিন এগেইন’ অভিযানৰ অধীনত মুম্বাইত পুনৰ মেট্ৰ’ ৰে’ল চলাচলৰ অনুমতি প্ৰদান কৰিছে। আজিৰে পৰা ৰাজ্যখনত আৰম্ভ হ’ব মেট্ৰ’ ৰে’লৰ। চৰকাৰী নীতি-নিৰ্দেশনা মানি মহাৰাষ্ট্ৰত সকলো চৰকাৰী আৰু ব্যক্তিগত পুথিভঁৰাল সমূহো পুনৰ খোলাৰ বাবে অনুমতি দিছে মহাৰাষ্ট্ৰ চৰকাৰে।
অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ
ডিজিটেল ডেস্কঃ অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ৷ ৰহস্যজনকভাৱে উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰে ড০ মালিনী গোস্বামীয়ে৷ বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত ড০ মালিনী গোস্বামীয়ে মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল৷ ড০ গোস্বামীৰ পদত্যাগ এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে৷ ড০ মালিনী গোস্বামীয়ে পদত্যাগ কৰাৰ কাৰণ ৰাজহুৱাকৈ বৰ্তমানলৈকে সদৰী কৰা নাই৷
ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰি ৭৩ লাখৰ সীমা
ডিজিটেল ডেস্কঃ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰি ৭৩ লাখৰ সীমা৷ বিগত ২৪ ঘণ্টাত ১১.৩ লাখ ক’ভিড টেষ্ট সম্পন্ন হৈছে আৰু বিগত ২৪ ঘণ্টাত ৬৮০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৭,৭০৮ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে৷ আনহাতে ভাৰতত ৬৩.৮ লাখ ক’ভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ লগতে এই পর্যন্ত ৮.১২ লাখ লোক চিকিৎসাধীন অৱস্থাত আছে।
‘বিএআৰচি’য়ে তিনি মাহৰ বাবে নিষিদ্ধ কৰিলে টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং
ডিজিটেল ডেস্কঃ ৰেটিং এজেঞ্চি ব্ৰডকাষ্ট অডিঅ’ৰ ৰিচাৰ্চ কাউন্সিলয়ে আগন্তুক তিনি মাহৰ বাবে টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং নিষিদ্ধ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ফেক ৰেটিঙৰ অভিযোগৰ ওপৰত নিজৰ চিষ্টেম ভালদলে পৰ্যপেক্ষণ কৰি এক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা পৰ্যন্ত বিএআৰচিয়ে সকলো বাতৰি চেনেলৰ বাবে পৃথক পৃথককৈ জাৰি কৰা সাপ্তাহিক ৰিপৰ্ট বন্ধ কৰিব জানিব পৰা গৈছে৷ ৰেটিঙৰ এই নতুন নিয়ম ইংৰাজী, হিন্দী, আঞ্চলিক ভাষা আৰু ব্যৱসায়িক নিউজ চেনেলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ লগতে দুটা মাৰাঠী টেলিভিছন চেনেলৰ বিৰুদ্ধে ধনৰ বিনিময়ত টি আৰ পি মেনেজ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত ঘোষণা কৰিছে৷
২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ডিজিটেল ডেস্কঃ কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অহা ২১ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ২১ অক্টোবৰৰ দিনৰ ১১ বজাত ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব। কোৰোনাৰ বাবেই যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল উদ্যানখন৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব লগতে পৰ্যটক সকলৰ বাহনসমূহ প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰা হ’ব৷ প্ৰথমেত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।











