Home Blog Page 3255

পৰ্য্যটকৰ আৰ্কষণ কেন্দ্ৰবিন্দু কনকা ভিলেজ ৰিজৰ্ট, গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা

ওদালগুৰিৰ নব কুমাৰ ডেকাৰ ডেকাৰ প্ৰতিবেদনঃ যি সময়ত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ যুৱক সকলে কৰ্ম সংস্থাপনৰ বিচাৰি বহি ৰাজ্যলৈ ঢাপনি মেলিছে তেনে সময়তে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিলৈ এটা নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে এখন ভিলেজ ৰিজৰ্টে। বিকল্প গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰৰ বাবে ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ গাওঁত এদল শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন আকৰ্ষণীয় ৰিজ’ৰ্ট। কনকা ভিলেজ ৰিজ’ৰ্ট নামেৰে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা লাভ কৰা ৰিজৰ্টখনলৈ বৰ্তমান বৃদ্ধি পাই আহিছে পৰ্যটকৰ সংখ্যা। ৰিজৰ্ট খনত ৰাজ্য তথা দেশৰ লগতে ইউ.কে., আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, পোলেণ্ড, টাইৱান, ফ্ৰান্স, ব্ৰাজিল, নেডাৰলেণ্ড, লণ্ডন, চীন ,ইউ.এ.ই আদি বিভন্ন দেশৰ পৰা পৰ্যটকৰ আগমন হোৱা দেখা যায়। গুৱাহাটী মহানগৰীৰ পৰা ১৩৫ কিল’মিটাৰ দূৰত্বত ওদালগুৰি-শোণিতপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলিৰ পৰা উত্তৰে প্ৰায় ১৬ কিল’মিটাৰ দূৰৈত পাঁচনৈ গাওঁৰ এক নিভাজ গ্ৰাম্যাঞ্চল পৰিৱেশৰ মাজত অৱস্থিত কনকা ভিলেজ ৰিজ’ৰ্ট’ৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই প্ৰতিজন পৰ্যটকক হাত বাউলি দি মাতি আহিছে৷

যান্ত্ৰিক জীৱনৰ পৰা আতৰি এক নিভাজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশত দেশী-বিদেশী পৰ্যটকে উপভোগ কৰিব পৰা সকলো উপাদানে আছে কনকাত৷ এখন অসমীয়া গাওঁৰ ঘৰত থকা বাটচৰাৰ পৰা আৰম্ভ কৰি খেৰি ঘৰ, পাকঘৰ, ফুলৰ বাগিচা, চাহ বাগিচা তথা গছৰ মুঢ়াৰ চকী-মেজ ইত্যাদি সকলোৰে অভিজ্ঞতা পৰ্যটকসকলে সহজে উপভোগ কৰিব পৰাকৈ ৰিজৰ্ট খন সাজি উলিয়াইছে কনকা ৰিৰ্জট কতৃপক্ষই। কন-কন শিশুহতঁৰ বাবে খেল-ধেমালিৰ উদ্যান, নাও চলোৱা, বৰশী বোৱা ইত্যাদিৰ আনন্দও উপভোগ কৰাৰ সুবিধাও আছে ৰিজৰ্ট খনত। ৰিজ’ৰ্টখনৰ সন্মুখৰ প্ৰায় প্ৰতিজোপা তামোলৰ গছত ফুলি থকা কপৌ ফুলৰ দৃশ্যই সকলোৰে মন স্পৰ্শ কৰি যায়। কনকা ৰিজ’ৰ্টত কলপাতত দিয়া টোপোলা ভাত, খৰিকাৰ লগতে প্ৰতিবিধ থলুৱা খাদ্যই তাহানিৰ গাওঁ অঞ্চলৰ থলুৱা খাদ্যৰ স্মৃতি সোৱৰাই আনে সকলোকে। বৰ্তমান প্ৰায় একেলগে ২০ জনকৈ লোকে নিশা কটোৱাৰ সু-ব্যৱস্থা আছে যদিও পৰৱৰ্তী সময়ত পৰ্যটকৰ আগমণৰ ওপৰত লক্ষ্য ৰাখি ইয়াক বৃদ্ধি কৰা হব বুলি জনিবলৈ দিয়ে ৰিৰ্জট কতৃপক্ষই। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ ৰিজ’ৰ্টখনতে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা উল্লেখ কৰি পৰ্যটকসকলক কলপাতত আহাৰ পৰিৱেশন কৰে বুলি জানিবলৈ দিয়ে ৰিজৰ্ট খনৰ মুখ্য পৰিচালক অনন্ত নাথে৷ কনকা ৰিজ’ৰ্টখনতেই কাম কৰি পাঁচনৈ গাওঁৰ প্ৰায় ৫০টাকৈ পৰিয়ালৰ জীৱন-জীৱিকা চলাবলৈ সক্ষম হৈছে৷ আসামিকা এগ্ৰো প্ৰাইভেট লিমিটেডৰ অধীনত আৰম্ভ হোৱা ৰিজ’ৰ্টখনৰ পৰিচালক সঞ্চালকৰ পদত মনময়ুৰী দেৱী আৰু সঞ্চালক অনন্ত কুমাৰ নাথ কৰ্মৰত৷

স্থানীয় দুখীয়া লোকসকলক জীৱিকাৰ বাট তথা এখন অতি পিছপৰা ভিতৰুৱা অঞ্চলতো যে পৰ্যটনৰ সম্ভাৱনা থকা ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই লক্ষ্যৰে প্ৰায় ৬৫ বিঘা ভূমিৰে আগুৰা অঞ্চলত মুকলি কৰা হয় কনকা ৰিজ’ৰ্টখন। অৱশ্যে বৰ্তমান সমগ্ৰ ভূমি ৰিজ’ৰ্টখন নিৰ্মাণত ব্যৱহাৰ হোৱা নাই যদিও ভৱিষ্যতে পৰিসৰ বৃদ্ধিৰ লক্ষ্য আগত ৰাখিছে ৰিজ’ৰ্টখনৰ পৰিচালকে৷ কোনো লোকে ৰিজ’ৰ্টখনলৈ আহি ইয়াৰ পৰিৱেশ উপভোগ কৰিবলৈ বিচাৰিলে আগটীয়াকৈ অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব৷ পঞ্জীয়নৰ বাবে গৌৰৱ বৰা – মেনেজাৰ 9707749547 আৰু info@kanokavillageresort.com, www.kanokavillageresort.com বুকিং কৰিব পাৰিব বুলি কনকাৰ পৰিচালকে জনায়। প্ৰতিগৰাকী পৰ্যটকক নিজৰ ভ্ৰমণৰ অন্তত এখন অসমীয়া ফুলাম গামোচাৰে ধন্যবাদ জ্ঞাপন কৰা কাৰ্যক ব্যতিক্ৰমী পদক্ষেপ বুলি ৰিজৰ্ট খনত অহা পৰ্যটক সকলে জানিবলৈ দিয়ে। এতিয়া কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে পৰ্যটকক সম্পূৰ্ণ গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ সুবিধা প্ৰদান কৰা কনকা ৰিজ’ৰ্টঅ খন হব গ্ৰাম্য অৰ্থনীতিৰ এক নতুন বিকল্প। গাঁওৰ অৰ্থনীতি মানে যে কেৱল খেতিয়েই নহয় এইয়া প্ৰমান কৰিছে ৰিজৰ্ট খনৰ লগত জড়িত প্ৰতিজন লোকে।

আই পি এল’ত আজি বেঙ্গালুৰ বনাম পঞ্জাৱ

ডিজিটেল ডেস্কঃ আই পি এল’ত আজি ৰয়েল চেলেঞ্জৰ বেঙ্গালুৰ (Royal Challengers Bangalore) মুখামুখি হ’ব কিংছ এলেভেন পঞ্জাৱ (Kings XI Punjab) ৷ চলিত বৰ্ষত বেঙ্গালুৰে ৭ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত ৩ নম্বৰত থকাৰ বিপৰীতে পঞ্জাৱে ৭ খন খেলৰ মাত্ৰ ১ খনত জয়ী হৈ একেবাৰে শেষত অৱস্থান কৰিছে ৷ আজি খেলত জয়ী হ’লে ৰয়েল চেলেঞ্জৰ বেঙ্গালুৰে শীৰ্ষ দ্বিতীয় স্থান দখল কৰিব ৷ আনহাতে কিংছ এলেভেন পঞ্জাৱ জয়ী হ’লে পইন্ট তালিকাত আগুৱাবলৈ সক্ষম নহয় যদিও শৃংখলাত অৰ্ন্তভূক্ত হৈ থাকিবৰ বাবে পঞ্জাৱে জয়ী হবই লাগিব বুলি ক্ৰীয়া সমালোচক সকলৰ পৰা জানিব পৰা গৈছে ৷ আজিৰ খেল শাহজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷ আনহাতে কালিৰ দিল্লী কেপিটেলছে বনাম ৰাজস্থান ৰ’য়েলছৰ খেলত দিল্লীয়ে ১৩ ৰানেৰে জয় লাভ কৰি পইন্ট তালিকাত শীৰ্ষ স্থান দখল কৰে ৷

তেলেংগানাত ধাৰাসাৰ বৃষ্টিপাত, নিহত ৩০ জন

ডিজিটেল ডেস্কঃ ক’ৰবাত যদি বানপানী আন ক’ৰবাত আকৌ ভূমিকম্পৰ জোকাৰণী ৷ চলিত বৰ্ষত বিপদে লগ নেৰা হৈছে জীৱ-কুলৰ ৷ কৰোনা ভাইৰাছৰ আতংকৰ মাজতে তেলেংগানাত বুধবাৰে ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ৩০ জনকৈ লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যখনৰ প্ৰায় সকলোবোৰ স্থানতে বৃষ্টিপাতৰ ফলত বহু বাট-পথ, ঘৰ-দুৱাৰ পানীত ডুব যায়। কেৱল হায়দৰাবাদতে ১৫ জনকৈ লোকৰ মৃত্যু হৈছে আৰু ইয়াৰে ভিতৰত আছিল এটি ২ মহীয়া শিশু আছিল বুলি বাতৰি যোগুতোৱাৰ পৰলৈ জানিব পৰা গৈছে ৷

এপিজে আব্দুল কালামৰ জন্ম বাৰ্ষিকী, দেশবাসীৰ মহান বিজ্ঞানী গৰাকীক স্মৰণ

ডিজিটেল ডেস্কঃ দেশৰ ১১ তম ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড০ এপিজে আব্দুল কালামৰ আজি অৰ্থাৎ বৃহস্পতিবাৰে ৬৯ সংখ্যক জন্ম বাৰ্ষিকী। ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত আব্দুল কালামৰৰ জন্ম হৈছিল। মিছাইল মেন খ্যাত এপিজে আব্দুল কালামৰ জন্মবাৰ্ষিকী অনুষ্ঠানত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লগতে সমগ্ৰ দেশবাসীয়ে মহান বিজ্ঞানী গৰাকীক স্মৰণ কৰে।

চবিলাল উপাধ্যায়ৰ নামত নামকৰণ হ’ব বিহালিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালিত প্ৰতিষ্ঠা হব লগা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নাম ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী চবিলাল উপাধ্যায়ৰ নামত নামকৰণ কৰাৰ কথা ঘোষণা কৰে। গোৰ্খা সম্প্ৰদায়ৰ স্বাধীনতা সংগ্ৰামীয়ে সমাজৰ শিক্ষাৰ বাবে বহুখিনি কমি কৰিছিল ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল চবিলাল উপাধ্যায় ৷ বিহালিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ নাম হব “চবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়, বিহালি”।

কিংবদন্তী খেলুৱৈ ৰোনাল্ডোৰ ৰেকৰ্ড ভংগ কৰি নেইমাৰৰ নতুন অভিলেখ

ডিজিটেল ডেস্কঃ কিংবদন্তী ফুটবল খেলুৱৈ ৰোনাল্ডোৰ ৰেকৰ্ড ভংগ কৰি ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে গঢ়িলে নতুন অভিলেখ ৷ বৰ্তমান পেৰিছ চেইণ্ট জাৰ্মান দলৰ খেলুৱৈ নেইমাৰে ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হব ফুটবল বিশ্বকাপৰ বাবে যোগ্যতা অর্জনৰ এখন খেলত পেৰুৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰি ব্ৰাজিলৰ হৈ সৰ্বাধিক গ’ল দিয়াৰ তালিকাত ২য় স্থান লাভ দখল কৰিছে। খেলখনত ব্ৰাজিলে পেৰুক ৪-২ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়। ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে ব্ৰাজিলৰ কিংবদন্তী খেলুৱৈ ৰোনাল্ডোৰ ব্ৰাজিলৰ হৈ কৰা দ্বিতীয় সৰ্বাধিক গলৰ ৰেকৰ্ড ভংগ কৰে। কিংবদন্তী ফুটবল খেলুৱৈ ৰোনাল্ডোয়ে ব্ৰাজিলৰ হৈ মুঠ ৯৮ খন খেলত ৬২ টা গল কৰাৰ বিপৰীতে নেইমাৰে মুঠ ১০৩ খন খেলত ৬৪ টা গল কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ঃ ভাৰতত অন্য ৰোগত আক্ৰান্ত প্ৰতি ৫ জনৰ ভিতৰত এজনৰ ক’ৰোনাত আক্রান্তহৈ মৃত্যু

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত জানিব পৰা গৈছে ভাৰতত কোৰোনা ভাইৰাছৰ ফলত ৫ জনৰ আক্ৰান্তৰ মাজত এজন অন্য ৰোগত আক্ৰান্ত এজন লোকৰ মৃত্যু হয়৷ এতিয়ালৈকে মৃত্যু হোৱা লোকৰ মৃত্যুৰ সংখ্যা মুঠ কোৰোনাত মৃত্যু হোৱা লোকৰ ১৭.৯ শতাংশ। এজন ব্যক্তি স্বাস্থ্যৱান ব্যক্তিৰ তুলনাত ইতিমধ্যে বেলেগ ৰোগত আক্ৰান্ত হৈ আছে আছে, তেন্তে তেওঁ কৰোনাৰ পৰা মৃত্যু হোৱাৰ সম্ভাৱনা ১৫ গুণ অধিক। কোৰোনাত সংক্ৰমিত হোৱাৰ পিছত ৰোগীৰ উচ্চ ৰক্তচাপ, ডায়বেটিচ, হৃদযন্ত্ৰ, যকৃত বা বৃক্কৰ ৰোগ থাকে, তেন্তে তেওঁৰ মৃত্যু হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। চৰকাৰে প্ৰথমবাৰৰ বাবে ভাৰতত কোৰোনাত মৃত্যুৰ লগতে অন্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তথ্য মুকলি কৰিছে।

আইএমএফ তথ্যঃ বাংলাদেশে জিডিপি বৃদ্ধিৰে পৰাজিত কৰিব ভাৰতক

ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ এক প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ ব্যক্তি প্ৰতি মুঠ ঘৰুৱা উত্পাদনে ভাৰতক অতিক্ৰম কৰিবলৈ গৈ হৈছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ডব্লিউইঅ’ অনুসৰি, ২০২০ বৰ্ষত বাংলাদেশৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ৮ শতাংশৰ বৃদ্ধি হৈ ১,৮৮৮ ডলাৰ হব বুলি আশা কৰা হৈছে। আনহাতে ভাৰতৰ প্ৰতি জন ব্যক্তিৰ জিডিপি ১০.৩ শতাংশৰ হ্ৰাসেৰে ১,৮৭৭ ডলাৰ হব বুলি আশা কৰা হৈছে। ভাৰতবৰ্ষৰ এই সংখ্যা বিগত চাৰি বছৰৰ ভিতৰত আটাইতকৈ নিম্নতম। আইএমএফে চলিত বছৰ ভাৰতৰ জিডিপি ১০.৩ শতাংশ হ্ৰাস পাব বুলি মন্তব্য কৰিছে।

চলচিত্ৰ প্ৰেমীৰ বাবে ভাল খবৰ, ১৫ অক্টোবৰৰ পৰা খুলিব ছবিগৃহ

ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীৰ আতংকৰ মাজতে ১৫ অক্টোবৰৰ পৰা পুনৰ মুকলি কৰিব ছবি গৃহসমূহ। কিন্তু কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ছবিগৃহসমূহত ৫০ শতাংশ আসনহে ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷ ছবি গৃহসমূহ খোলাৰ পাছত চলিত সপ্তাহত Tanhaji The Unsung Warrior, Shubh Mangal Zyada Saavdhan, Malang, সুশান্ত সিং ৰাজপুতৰ Kedarnath, Thappad আদি ছবিসমূহ মুক্তি পাব ৷ মনোৰঞ্জন জগতৰ খবৰ অনুসৰি বিবেক অৱেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনো ছবিগৃহত পুনৰ দৰ্শকৰ কাৰণে মুক্তি দিব ৷ ইয়াৰ আগতে ছবিখন ২০১৯ত ২৪ মে’ত মুক্তি লাভ কৰিছিল ৷

১৪ মাহ গৃহবন্দীৰ পাছত মুকলি আকাশৰ তললৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি

ডিজিটেল ডেস্কঃ যোৱা বৰ্ষৰ ৪ আগষ্টত জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰাৰ লগতে বিশেষাধিকাৰ লৈ লোৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক গৃহবন্দী কৰিছিল চৰকাৰে ৷ অৱশেষত ১৪ মাহৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহিল জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি ৷ এই কথা সদৰী কৰিছে জম্মু কাশ্মীৰৰ চৰকাৰৰ প্ৰবক্তা ৰোহিত কঞ্চলে ৷ মুক্তিৰ পিছতেই মেহবুবাই কয় যে “দিল্লীয়ে ৫ আগষ্টত অবৈধ আৰু অগণতান্ত্ৰিকভাৱে আমাৰ পৰা কি কি লৈছিল এতিয়া সেয়া মনত পেলোৱাৰ সময় ৷ মই যি হেৰুৱালো সেয়া মোক পুনৰ লাগে ৷” গৃহবন্দীৰ পৰা মুক্তি লাভ কৰিয়ে টুইটাৰ জৰিয়তে মুফতিয়ে কয় ‘‘মই প্ৰায় এবছৰতকৈ অধিক সময় গৃহবন্দী হৈ থাকিলো। ২০১৯ ৰ ৫ আগষ্টৰ সেই ক’লা দিনটোৱে মোৰ হৃদয় আৰু আত্মাক সদায় বিন্ধি থাকে। মই জানো মোৰ দৰে পৰিস্থিতি জম্মু কাশ্মীৰীৰ প্ৰায় জনতাৰে হৈছে। কাৰণ সেই দিনটোৰ স্মৃতি কোনেও পাহৰিব নোৱাৰে’’ ৷