Home Blog Page 3255

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮ লাখ অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আঠ লাখ অতিক্ৰম কৰিলে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ শনিবাৰে এই বৃদ্ধিৰ পৰিমাণ ২৭ হাজাৰ পালেগৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৭১১৪ জন লোক আক্ৰান্ত হয় ৷ যিটো এই পৰ্যন্ত সৰ্বাধিক ৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৮২০৯১৬ জন ৷ আনহাতে দেশত যোৱা ২৪ ঘণ্টাত ৫১৯ জন লোকৰ মৃত্যু হয় ৷ ইয়াকে লৈ দেশত মুঠ ২২১২৩ জন লোকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৯৮৯৩ জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে দিল্লীত ৩৩০০, গুজৰাটত ২০২২, তামিলনাডুত ১৮২৯ জন লোকৰ মৃত্যু হৈছে ৷ দেশৰ আন ৰাজ্যতো ক’ৰোনাত মৃত্যু হৈছে ৷ আক্ৰান্ত দ্ৰুত হাৰত বৃদ্ধি হ’লেও ভাৰতত সুস্থ হোৱা লোকৰ সংখ্যাই স্বস্তিৰ নিঃশ্বাস পেলাইছে ৷ দেশত পাঁচ লাখৰ অধিক লোক সুস্থ হৈছে ৷ যোৱা ২৪ ঘণ্টাত ১৯৮৭৩ জন লোক সুস্থ হয়৷ ইয়াকে লৈ দেশত ৫১৫৩৮৫ জন লোক সুস্থ হৈছে ৷ মুঠ আক্ৰান্তৰ ভিতৰত সুস্থ হোৱা লোকৰ পৰিমাণ হ’ল ৬২ শতাংশ ৷

মাজুলী জিলা আপকু আৰু উপায়ুক্তৰ সৌহাদ্যমূলক বৈঠক সম্পন্ন, সাংবাদিকৰ সমস্যা সমাধানত আগ্ৰহী উপায়ুক্ত ।

উজনি-মাজুলী : আছাম প্ৰেছ ক’ৰেচপণ্ডেণ্টছ ইউনিয়নৰ (আপকু) মাজুলী জিলা সমিতি আৰু মাজুলী জিলা উপায়ুক্তৰে মাজত বৃহস্পিতবাৰে অনুষ্ঠিত হয় এক সৌহাদ্যমূলক বৈঠক। উপায়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত বৈঠকত  জিলাৰ  উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে  নৰেন দাস, উৎপল দলে, মাজুলী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া ৰাজেন্দ্ৰ বৰুৱা মাজুলী জিলা আপকুৰ সভাপতি জীৱন বৰুৱা, সম্পাদক জ্যোতিষ কুমাৰ তামুলী, সহকাৰী সম্পাদক ভাস্কৰ বৰা, সদস্য পুলক শইকীয়া আৰু বিতু বৰা উপস্থিতিত অনুষ্ঠিত বৈঠকত উপায়ুক্তই আপকুৰ সংবাদিক সকলৰ সমস্যা সন্দৰ্ভত জানিব বিচাৰে। আপকুৰ সভাপতি জীৱন বৰুৱাই মাজুলীৰ আপকুৰ সতীৰ্থ সাংবাদিক সকলে মাজুলীৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত জিলাখনৰ পৰা বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন সময়ত  সংবাদ  পৰিবেশন কৰি দৈনন্দিন কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত ভোগ কৰি অহা নানান অসুবিধা আৰু সমস্যাৱলী সন্দৰ্ভত আৰু তাৰ সমাধানাৰ্থে আঠ দফীয়া এখন দাবী পত্ৰ পাঠ কৰি উপায়ুক্তৰ হাতত দাখিল কৰে। উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ এই সমস্যা  সমূহ আন্তৰিকতাৰে হৃদয়ঙ্গম কৰে। আলোচনাত উপায়ুক্তই   মাজুলীত  তেখেতৰ তৰফৰ পৰা কৰিব পৰা খিনি কৰি দিয়াৰ লগতে সমস্যা সমাধানৰ আশ্বাস দিয়াৰ উপৰিও আন অসুবিধা সমূহ দূৰীকৰণৰ কাৰণে দাবী সমূহ অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ  আশ্বাস প্ৰদান কৰে। দাবী পত্ৰত মাজুলীৰ আপকুৰ সাংবাদিক সকলৰ লগতে অসমৰ সাংবাদিক সকলৰ কাৰণে অসম চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা জীৱন বীমা আঁচনি আৰু সাংবাদিকক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান আঁচনি দুখন সোনকালে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়।

নিৰাপত্তাৰক্ষীৰ অভিযানত অৰুণাচলত ৬ এনএছচিএন (আইএম) উগ্ৰপন্থী নিহত ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অৰুণাচল প্ৰদেশত শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ অভিযানত ৬ নগা সন্ত্ৰাসবাদী নিহত হয় ৷ অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যৌথ অভিযানত এই ৬ নগা সন্ত্ৰাসবাদীৰ নিহত হয়৷ এই গুলীয়াগুলীত এজন অসম ৰাইফলৰ জোৱান আহত হয় ৷ উল্লেখ্য যে শনিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ লংডিং জিলাত এই ঘটনাটো সংঘটিত হয় ৷ মন কৰিব লগা যে কিছুদিন ধৰি অৰুণাচল আৰু অসমৰ বিভিন্ন জিলাত চীনৰ আশীৰ্বাদপুষ্ট নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড আই এম (এনএছচিএন-আইএম)ৰ সদস্য সক্ৰিয় হৈ উঠাৰ খবৰ পোৱা গৈছিল৷ শুকুৰবাৰে ৰাতি চোৰাংচোৱাৰ সূত্ৰে খবৰ পায় অৰুণাচলৰ লংডিং জিলাৰ এনগিনু গাঁৱত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ বাহিনীয়ে অভিযান চলায়৷ শনিবাৰে এই সন্ত্ৰাসবাদীৰ সন্ধান লাভ কৰে৷ তাতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়৷ সেই সংঘৰ্ষত ৬ সন্ত্ৰাসবাদীৰ নিহত হয়৷ লগতে এজন অসম ৰাইফলছৰ জোৱান আহত হয়৷ অঞ্চলটোত আন সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান অব্যাহত আছে৷ ঘটনাস্থলীৰ পৰা চাৰিটা এ কে ৪৭ ৰাইফেল আৰু চীনত নিৰ্মিত দুখন ড্রোণ উদ্ধাৰ হয়৷ অৰুণাচল প্ৰদেশৰ ডিজিপি আৰ পি উপাধ্যায়ে এই তথ্য সদৰি কৰিছে ৷

নামখলাত ক’ভিড-১৯ত আক্ৰান্ত ৰূপম শইকীয়া ৷

নামখলা : দৰং জিলাত শুকুৰবাৰে ১৭ জনৰ দেহত ক’ভিড ধনাত্মকৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে৷ বৃহস্পতিবাৰে দৰঙৰ ২ জন লোক  ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে পুনৰ ১৭ জন লোক আক্ৰান্ত হৈছে ক’ভিডত।  আক্ৰান্ত লোকসকলৰ ভিতৰত এগৰাকী চিকিৎসক থকাৰ বিপৰীতে এগৰাকী আৰক্ষীৰ লোক, ৩জন জোৱান, দুগৰাকী বেংকৰ কৰ্মচাৰী আৰু এজন ডাকঘৰৰ কৰ্মৰত লোক আছিল। উল্লেখযোগ্য যে এই লোককেইজনক ধৰি এতিয়ালৈকে দৰঙত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে। আনহাতে ১৪৬ জন লোক চিকিৎসাধীন হৈ আছে। তেনে সময়তে নামখলাৰ বজাৰ চ’কত ক’ভিড ধনাত্মক পোৱাত  আতংকিত হৈছে স্থানীয় ৰাইজ৷ কিয়নো নামখলা বজাৰ চ’কৰ প্ৰতিষ্ঠিত গেলামাল ব্যৱসায়ী তাৰেনী শইকীয়াৰ জেষ্ঠ পুত্ৰ ৰূপম শইকীয়াৰ দেহত পালে ক’ভিড পজিটিভ৷ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পোৱা মাত্ৰকে ৰূপম শইকীয়াক স্বাস্থ্য বিভাগৰ লোকে ক’ভিড হাস্পতাললৈ স্থানান্তৰিত কৰে৷ জানিব পৰা মতে ৰূপম শইকীয়া ব্যৱসায় সুত্ৰে গুৱাহাটীৰ ফাছীবজাৰ পৰা সঘনাই অহা যোৱা হৈ আছিল৷ আনহাতে সেই গেলামাল দোকানখনৰ লগত জড়িত হৈ আছে আন এখন হোটেল৷ ইফালে গেলামাল দোকানখনৰ পৰাই স্থানীয় সৰু বৰ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে খুচৰা আৰু পাইকাৰী হিচাপে৷ সেয়ে বৰ্তমান স্থানীয় ৰাইজ গণসংক্ৰমণৰ আশংকাত আতংকিত ৷

গুৱাহাটীত কৃত্ৰিম বানৰ ফলত বিভিন্ন স্থানত বোকাময় পৰিবেশঃ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত পৌৰনিগমে চাফ কৰিলে গীতানগৰ-চানমাৰি পথ।

গুৱাহাটী : বিগত কেইদিনমান ধৰি  অভাবনীয়ভাবে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত মহানগৰীৰ কেইবাস্হানত বোকাময় পৰিবেশৰ সৃষ্টি হৈছে৷ বিশেষকৈ গীতানগৰ, চানমাৰি, শিলপুখুৰী অঞ্চলত পথত অধিক বোকা-পানীৰে উপচি পৰিছে৷ যাৰ বাৰে পথচোৱাৰে গাড়ী-মটৰ অহা-যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবেই গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি গীতানগৰ, চানমাৰি, শিলপুখুৰী অঞ্চলত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে৷ মন্ত্ৰী ভট্টাচাৰ্যৰ উপস্থিতিত গুৱাহাটী পৌৰনিগমে তাৎক্ষণিকভাৱে পথসমূহ চাফ কৰা পৰিলক্ষিত হয়৷ মন্ত্ৰী গৰাকীৰ লগত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱ্যজ্যেতি হাজৰিকা, মুখ্য অভিযন্তা দেৱজিত দাস, অতিৰিক্ত আয়ুক্ত দ্বীজেন্দ্ৰ সিং, অ’ এছ’ ডি নাৰায়ন আগৰৱাল উপস্থিত থাকে৷ এইক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে আগৰ বছৰ সমূহতকৈ চলিত বৰ্ষত বৰষুণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে৷ এচাম পাহাৰত বসবাস কৰা মানুহে কিছু মাটি কাটি বাৰিষালৈ দম কৰি ৰাখে৷ বাহিৰা অহাৰ লগে লগে মাটি সমূহ পানীৰ সোঁতত তললৈ নামি আহি পথ সমূহ আবদ্ধ হৈ পাৰে৷ যাৰ বাবেই পথসমূহ বোকাময় পৰিবেশৰ সৃষ্টি হয়৷ ইয়াৰ বাবেই পাহাৰত বসবাস কৰা সমূহ জনসাধৰাণক পাহৰৰ মাটি নাকাটিবলৈ অনুৰোধ জনায়।

অশ্বিনী চেতিয়াৰ মৃত্যুত সদৌ মৰাণ ছাত্ৰ সন্থাৰ শোক প্ৰকাশ।

গুৱাহাটী : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সুসংগঠক তথা বলিষ্ঠ নেতা অশ্বিনী চেতিয়াৰ মৃত্যুত আমি অতিকে মৰ্মাহত হৈছো। আমি এজন সহযোদ্ধাক অকালতে হেৰুৱালো। তেওঁৰ মৃত্যুত কেৱল তাই আহোম জনগোষ্ঠীয়েই নহয় সমগ্ৰ অসমে এটা সংগ্ৰামী সত্তাক হেৰুৱালে। তেখেতৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুত সদৌ মৰাণ ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পত্নী আৰু পুত্ৰ সন্তানটিৰ উপৰিও পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।

পলসৰ ৰচনা প্ৰতিযোগিতাৰ দিন বৃদ্ধি ।

উজনি-মাজুলী : মাজুলীৰ যুৱ কবি ,সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত দ্বি -মাসিক কাব্যালোচনী পলসৰ উদ্যোগত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ দিন ১২ জুলাইৰ পৰিৱৰ্তে ১৫ জুলাইলৈকে বৃদ্ধি কৰা হৈছে। অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পৱিত্ৰ স্মৃতিত আয়োজিত ৰচনা প্ৰতিযোগিতাখনিৰ নিম্ন শাখাত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু উচ্চ শাখাত নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ অন্তৰ্ভুক্ত কৰা হব। উল্লেখ্য নিম্ন শাখাৰ ৰচনাৰ বিষয়বস্ত হৈছে “মাজুলীৰ বানপানীৰ সমস্যা”আৰু উচ্চ শাখাৰ বিষয়বস্ত হৈছে”মাজুলী নিমাতী সংযোগী দলং “আগ্ৰ্হী ছাত্ৰ-ছাত্ৰী সকলে ৫০০ শব্দৰ ভিতৰত পাপু বৰা, সম্পাদক পলস, নতুন খলিহামাৰী, ডাক -ভুৰামৰা, মাজুলী, পিন ৭৮৫১০৪ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে পলসৰ সম্পাদকৰ লগত ৭০০২৬২৪৭৫২ নম্বৰত যোগাযোগ কৰিব পাৰিব।

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন : ২০০ বছৰীয়া শিৱ মন্দিৰৰ বাঁহৰ জেওৰা ধ্বংস দুৰ্বৃত্তৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

বাংলাদেশৰ পিৰোজপুৰ জিলাৰ দিঘিৰজান গাঁৱৰ এটা ২০০ বছৰীয়া শিৱ মন্দিৰ আৰু ব্যক্তিগত মালিকানাধীন মাটিৰ সীমাত থকা বাঁহৰ জেওৰা যোৱা সোমবাৰে দুৰ্বৃত্তই ধ্বংস কৰে ৷ এই ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হয় ৷ সেই ভিডিঅ’টোত দেখা গৈছিল যে নীলা পোচাক পৰিহিত এজন লোকে বাঁহৰ জেওৰাখন এডাল লাঠীৰে ভাঙি আছে ৷ বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ ছবি এই ভিডিঅ’টোত স্পষ্টকৈ প্ৰকাশ পাইছে ৷ এই লোকসকল বহু বছৰ ধৰি তাত আছে কিন্তু তেওঁলোকে সেইলোক সকলৰ জেওৰা ধ্বংস কৰিছে ৷ এই দৃশ্যই আৱামী লীগ চৰকাৰৰ আইন শৃংখলা পৰিস্থিতি সম্পূৰ্ণভাৱে প্ৰকট কৰিছে ৷ এনেদৰে এজন হিন্দু লোকে ক্ষোভ প্ৰকাশ কৰিছে ৷ আন এজন লোকে কয় যে ভাঙিচিঙি এয়া ‘লুটপাট কাম’ কৰিছে আৰু তেওঁলোকৰ অনুভূতিত আঘাত কৰাৰ চেষ্টা চলাইছে ৷ প্ৰাপ্ত তথ্য মতে সেই অঞ্চলৰ প্ৰভাৱশালী মাটি দখলদাৰীয়ে হিন্দু সম্পত্তিৰ মাটিত চকু দিছে ৷ তালৈ তেহছিলদাৰ মহম্মদ ছাহজাহান শ্বেখ, মহম্মদ হেদায়েট শ্বেখ আৰু মহম্মদ কামৰুল শ্বেখ আহি বেআইনীভাৱে মাটি দখলৰ বাবে বাঁহৰ বেৰা ধ্বংস কৰিছিল ৷ উল্লেখ্য যে এই সম্পত্তিটোৰ গৰাকী হ’ল শ্বাহিদ জাননী কলেজৰ অধ্যক্ষ দ্বীপেন মজুমদাৰৰ ৷ উল্লেখ্য যে মজুমদাৰ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ইউনিটি কাউন্সিলৰ উপ সভাপতি৷ তথ্য মতে শিৱ মন্দিৰৰ নামত ১০ শতাংশ আৰু মজুমদাৰৰ পৰিয়ালৰ মাটিৰ নামত ১১ শতাংশ বাঁহ আৰু বাৰবেদ ৱায়াৰেৰে বেৰা আছে ৷ চৰকাৰী তথ্য মতে মাটি আৰু মন্দিৰ তেওঁৰ পৰিয়ালৰ নামত আছে৷ এই এলেকাটো নাজিপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত ৷ 

টেনিছৰ পৰা অৱসৰ লোৱাৰ সময় চাপি আহিছে ৰ’জাৰ ফেদেৰাৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

২০ বাৰ গ্ৰেণ্ড শ্লাম চেম্পিয়ন ৰ’জাৰ ফেদেৰাই স্বীকাৰ কৰিছে যে তেওঁ টেনিছৰ পৰা অৱসৰ লোৱাৰ সময় চাপি আহিছে ৷ কিন্তু জোৰ দিছিল যে তেওঁৰ দুৰ্দান্ত কেৰিয়াৰ শেষ হৈ গ’লে এই খেল বহু পৰিমাণে হেৰুৱাই পেলাব ৷ অহা মাহত ৩৯ বছৰ বয়সত উপনীত হ’ব লগা ছুইছ টেনিছ তাৰকাজন এটিপিৰ শীৰ্ষক খেলুৱৈ হৈ আছে আৰু এতিয়াও ডাঙৰ টুৰ্ণামেণ্টত জয়ে হ’বলৈ সক্ষম হৈ আছে৷ এই বছৰ অষ্ট্ৰেলিয়া অপেনত ছাৰ্বিয়ান তাৰকা ন’ভাক জোকোভিকক পোনপটীয়া ছেটত পৰাস্ত কৰি ছেমিফাইনেলত উপনীত হৈছিল ৷ ২০ বাৰকৈ গ্ৰেণ্ড শ্লাম লাভ কৰা ফেদেৰাই ৩১০ সপ্তাহ এটিপিৰ পুৰুষৰ শীৰ্ষ স্থান লাভ কৰি আছে ৷ তেওঁ অলিম্পিকত পুৰুষৰ ছিংগলছত ২০০৮ চনত সোণৰ পদক আৰু ২০১২ চনত লাভ কৰিছিল ৷ দুৰ্দান্ত ৰেকৰ্ডৰ অধিকাৰী ফেদেৰাই এতিয়া স্বীকাৰ কৰিছে যে তেওঁৰ পক্ষে এতিয়া পৰাস্ত কৰা সহজ নহয় ৷ এক সাক্ষাৎকাৰত ফেদেৰাই কয় যে তেওঁ অৱসৰৰ সময় চাপি আহিছে আৰু এতিয়া তেওঁ যিমান পাৰে কৰ্টত তেওঁ সময় উপভোগ কৰিব ৷ তেওঁ কয় যে অৱসৰৰ সময় আহিছে আৰু মই টেনিছক বহুল পৰিমাণে হেৰুৱাম ৷ এতিয়া অৱসৰ লোৱা মোৰ বাবে সহজ হ’ব ৷

শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত বিশিষ্ট সত্ৰীয়া শিল্পী মাজুলীৰ প্ৰফুল্ল বৰা ।

উজনি-মাজুলী : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত প্ৰদান কৰা শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত হৈ আছে ৭৪ বছৰীয়া বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰফুল্ল বৰা| মাজুলী জিলাৰ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত বেজগাঁৱৰ নিবাসী বিশিষ্ট খোলবাদক, বৰগীতৰ প্ৰশিক্ষক প্ৰফুল্ল বৰাই আজিও অব্যাহত ৰাখিছে অসমীয়া সংস্কৃতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা মহাপুৰুষ গুৰু দুজনাৰ অমিয়া সৃষ্টি বৰগীত, সত্ৰীয়া সংগীতৰ ব্যাপক চৰ্চা| নিচেই সৰুতে পিতৃহাৰা হোৱা প্ৰফুল্ল বৰাই নানা দুৰ্যোগৰ মাজতো সংগীত সাধনাৰ প্ৰতি আকৃষ্ট হয়| কম বয়সৰে পৰা পৰিয়ালৰ ভৰণ-পোষণৰ কথা চিন্তা কৰিবলগীয়া অৱস্থা এটা থকাৰ পিছতো গাঁৱৰ প্ৰসিদ্ধ বায়ন বিষ্টুৰাম শইকীয়াৰ অধীনত খোলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে| একেজন গুৰুৰ তত্বাৱধানতে ঢোল বাদনৰো প্ৰশিক্ষণ গ্ৰহণ কৰি সময়ত জনাজাত ঢুলীয়া হিচাপে পৰিচিত হয়| প্ৰশিক্ষক শইকীয়াই প্ৰফুল্ল বৰাৰ আগ্ৰহ দেখি বাদ্যৰ প্ৰশিক্ষণৰ লগতে বৰগীত আৰু অন্য সংগীতৰো প্ৰশিক্ষণ প্ৰদান কৰে| সত্ৰীয়া সংগীতৰ বিশেষ শিল্পী আৰু ওজাপালি গায়ক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰৰ বুঢ়াভকত প্ৰয়াত বকুল ওজাৰ তত্বাৱধানত সত্ৰীয়া সংগীতৰ শিক্ষা গ্ৰহণ কৰে| একে সময়তে এই সত্ৰৰে বিশিষ্ট গায়ন প্ৰয়াত লক্ষীৰাম নেওগ গায়নৰ অধীনতো সংগীত শিক্ষা গ্ৰহণ কৰে| ঢোল-খোল বা তালৰ শিক্ষা-বিদ্যাতে ক্ষান্ত নাথাকি প্ৰফুল্ল বৰাদেৱে তবলা আৰু হাৰমনিয়াম শিক্ষাৰ বাবে মাজুলীৰ বুঢ়াকলিতা গাঁৱৰ প্ৰয়াত চিদানন্দ গায়ন ওস্তাদৰ ওচৰত শিক্ষা গ্ৰহণ কৰি সময়ত তেৱোঁ ওস্তাদ হিচাপে স্বীকৃত হয়| প্ৰসিদ্ধ বায়ন বিষ্টুৰাম শইকীয়াৰ তত্বাৱধানত চৈধ্য প্ৰসংগৰ শিক্ষাৰে সত্ৰীয়া আৰ্হি-পৰম্পৰাৰে নাম-প্ৰসংগৰ শিক্ষা গ্ৰহণ কৰি সময়ত নতুনচাম শিকাৰুক ইয়াৰ শিক্ষা প্ৰদান কৰি আছে| সম্প্ৰতি, অঞ্চলৰ সমীপৰ আইদেউ সন্দিকৈ ৰঙ্গমঞ্চত ৰাস মঞ্চায়ণত শিল্পীসকলক সত্ৰীয়া নৃত্যৰ গীতৰ প্ৰশিক্ষণ, অংকীয়া নাটৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে| অঞ্চলৰ প্ৰায় সকলো সাংস্কৃতিক অনুষ্ঠানৰ লগতে কল্পতৰু কৃষ্টিসংঘ, বুঢ়া কলিতা জনগোষ্ঠীয় ৰূপালী কৃষ্টি সংঘ, কমাৰগাঁও, শঙ্কৰদেৱ কলা-কৃষ্টি কেন্দ্ৰ, কমাৰগাঁও ইত্যাদিত নতুন প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষা দান কৰি আহিছে| শ্ৰীশ্ৰী ভোগপুৰ সত্ৰৰ ৰঙ্গমঞ্চৰ স্থায়ী শিল্পী হিচাপে বৰ্তমানো সেৱা আগবঢ়াই অহা প্ৰফুল্ল বৰাই অসমৰ বিভিন্ন মঞ্চ-সাংস্কৃতিক অনুষ্ঠানত নিজৰ শিল্পীসত্বাৰ পৰিচয়, বিকাশ কৰাৰ লগতে প্ৰশিক্ষণো প্ৰদান কৰি আহিছে| বিশেষকৈ তিনিচুকীয়া জিলাৰ সদৰ অঞ্চল তুলসীৰাম পথ নামঘৰত কেইবা বছৰো গায়ন-বায়ন, বৰগীত, দিহানাম, প্ৰসংগীয়া নামৰ প্ৰশিক্ষণ প্ৰদান কৰি শিল্পী গৰাকীৰ অনবদ্য প্ৰতিভা বিকাশ কৰাৰ লগতে অসমত মাজুলীৰ সাংস্কৃতিক সুষমা বিলাই আহিছে| সমগ্ৰ অসমতে প্ৰসংগীয়া নামৰ অন্যতম এজনা শ্ৰেষ্ঠ শিল্পী বুলি পৰিচিত প্ৰফুল্ল বৰাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সংবৰ্ধনা জনোৱা হৈছে| জীৱনৰ ভাটী বয়সতো শিল্প সাধনাৰে গুৰু দুজনাৰ অমিয়া সৃষ্টিক নতুন প্ৰজন্মৰ মাজত বিলাই ফুৰা, গীত-বাদ্যৰে উদ্বুদ্ধ কৰি অহা প্ৰফুল্ল বৰা আজিও চৰকাৰৰ দৃষ্টিত নপৰাতো পৰিতাপৰ কথা| চৰকাৰী শিল্পী পেঞ্চনৰ আওতালৈ আনিবলৈ চৰকাৰক অনুৰোধ জনাইছে শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী প্ৰমুখ্যে মাজুলীৰ বিশিষ্ট সংগীত পৰিচালক, সংগঠক দীপক বৰুৱা, বিশিষ্ট সংগীত প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰা, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মানিক বৰা বৰবায়ন প্ৰমুখ্যে শিল্পীপ্ৰাণ ৰাইজে| সকলো সচেতন ৰাইজে চৰকাৰৰ এক হিতৈষী পদক্ষেপৰ দ্বাৰা প্ৰফুল্ল বৰা দেৱক শিল্পী পেঞ্চন বাবে মনোনীত কৰিবলৈ অনুৰোধ জনাইছে|