ডিৰাক সীমান্ত : মৰাণ জনগোষ্ঠীক জনজাতিকৰক, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসন প্ৰদান, শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে জাৰী কৰা ভূমি নীতি অধ্যাদেশ-২০২০ বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক, কাকপথাৰ, ডুমডুমা, তালাপ-কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়াৰ জিলাৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। “মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক”, “বিজেপি চৰকাৰৰ কাম নাই”, “বিজেপি গ’বেক”, “বিজেপি চৰকাৰ হুঁচিয়াৰ” আদি বিভিন্ন শ্লোগানেৰে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদৰ আকাশ বতাহ কঁপাই তোলে। কাৰ্যসূচীটোত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ মৰাণ, উপ সভাপতি হেম বৰুৱা, সাধাৰণ সম্পাদক নৱ মৰাণ, সহকাৰী সাধাৰণ সম্পাদক হেমন্ত চুতীয়া, আলোচনী সম্পাদক গিৰীণ মৰাণ, ডিৰাক আঞ্চলিক সমিতিৰ উপদেষ্টা কুলজিত মৰাণ, সভাপতি চৌবিক মৰাণ, উপ সভাপতি ভীমন্ত মহন্ত, সম্পাদক প্ৰশান্ত মৰাণ, কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি মৃদুল দহোতিয়া, ডুমডুমা আঞ্চলিক সমিতিৰ সভাপতি থমেন মৰাণ, তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ সম্পাদক শিৱ বৰুৱাৰ লগতে কেউখন আঞ্চলিক সমিতিৰ শতাধিক কৰ্মকৰ্তা।
খৈৰাবাৰীত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সংবাদমেল । অতি শীঘ্রেই বেগম জান ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধ কৰক নহ’লে আইনমুখী হ’ব বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদ : গোস্বামী।
টংলা : সমগ্র বিটিচি অঞ্চলৰ ব্ৰাহ্মণসকলক প্ৰতিনিধিত্ব কৰা ব্ৰাহ্মণ সকলৰ একমাত্র সামাজিক অনুষ্ঠান সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত শুকুৰবাৰে খৈৰাবাৰীত এক সংবাদমেল সম্বোধন কৰে বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্রীয় সভাপতি তীৰ্থ ৰঞ্জন গোস্বামীয়ে। সংবাদ মেলত অসমত বৰ্তমান ব্যাপকভাৱে সামাজিক মাধ্যমত চৰ্চা হৈ থকা ৰেঙনী টিভিৰ ধাৰাবাহিক (বেগম জান)ৰ সন্দৰ্ভত তীব্র ক্ষোভ প্রকাশ কৰি সভাপতি গোস্বামীয়ে কয় যে অসমত বসবাস কৰা সকলো হিন্দু-মুছলমানৰ মাজত যি ভাতৃত্ববোধৰ সম্বন্ধ আছে তাক এচাম দুষ্ট চক্ৰই বিনষ্ট কৰিবৰ বাবে ষড়যন্ত্রত লিপ্ত হৈছে। বৰ্তমান অসমৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি কেইবাগৰাকীকৈ হিন্দু ভনী প্ৰতাৰণাৰ বলি হৈছে। এই জটিল সময়ত কিছু ঠাইত এনে বিষয়বোৰ গা কৰি উঠিছে আৰু কিছু ঠাইত এনে সমস্যাবোৰ বেয়া দিশলৈকে গতি কৰিছে, ঠিক তেনে সময়তে যোৱা ৬ জুলাই ২০২০ৰ পৰা অসমীয়া মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনী টিভিয়ে “বেগম জান” নামৰ এখন নতুন ধাৰাবাহিকৰ আৰম্ভণি কৰিছে য’ত হিন্দু সমাজৰ আৰাধ্য দেৱতা গণেশক দলিয়াই অপমান কৰাৰ লগতে এগৰাকী হিন্দু ব্ৰাহ্মণ কুলৰ ছোৱালীৰ কাহিনী উপস্থাপন কৰি অসমৰ সমগ্র হিন্দু আৰু মুছলমানৰ মাজত বিষবাষ্প বিয়পাব বিচাৰিছে। অনৈতিকভাৱে হিন্দু বিৰোধী বিষয়বোৰ প্ৰচাৰ কৰি সনাতন হিন্দু ধর্মৰ ভনীসকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে তাক বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ পৰা তীব্র ভাষাৰে গৰিহণা দিয়ে লগতে ৰেঙনী চেনেলক সকীয়াই দিয়ে যে অতি শীঘ্রেই বেগম জান ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধ কৰক নহ’লে বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদে আইনি ব্যবস্থা গ্রহণ কৰিবলৈ বাধ্য হ’ব।
ক’ৰোনাতকৈ বেছি মানুহ মৃত্যু অনাহাৰ, দৰিদ্ৰতাত : এপ্ৰিলত ক’ৰোনত ১০ হাজাৰ, অনাহাৰত প্ৰতিদিনে ১২ হাজাৰৰ মৃত্যু ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকত ত্ৰস্তমান ৷ এই ভাইৰাছত বহুলোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ কিন্তু ক’ৰোনাত যিমান সংখ্যক লোকৰ মৃত্যু হৈছে তাতকৈ ভয়াৱহ দৰিদ্ৰতা আৰু ক্ষুধাত বেছি মানুহৰ মৃত্যু হৈছে ৷ ক’ৰোনাক ৰোধ কৰিবলৈ বিভিন্ন দেশে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে বিশ্বৰ লাখ লাখ মানুহ তীব্ৰ দৰিদ্ৰ হৈ ভোগ কৰিছে বুলি সতৰ্ক কৰি দিছে আন্তর্জাতিক খাদ্য সুৰক্ষা বিষয়ক স্বেচ্ছাসেৱী সংস্থা অক্সফামে ৷ দৰিদ্ৰ বিষয়টোক গুৰুত্ব নিদিলেও ক’ৰোনাতকৈ বেছি মানুহ অনাহাৰত মৃত্যু হৈছে বুলি আশংকা কৰিছে এই সংস্থাটোৱে ৷ সংক্রমণ ৰোধ কৰিবলৈ লকডাউন দিয়াত মানুহৰ খাদ্য সমস্যা হৈছে ৷ বিশ্বত বহু মানুহে কাম হেৰুৱাইছে ৷ আৰ্থিকভাৱে দুৰ্বল দেশবোৰত খাদ্য সৰবৰাহ ব্যাহত হৈছে ৷ ফলত তীব্ৰ খাদ্য সংকট হৈছে ৷ যুদ্ধবিধ্বস্ত য়েমেনত দুই তৃতীয়াংশ মানুহ চৰম দাৰিদ্ৰতাৰ মাজত আছে ৷ সেই দেশত কোনো অৰ্ধাহাৰ আৰু কোনো অনাহাৰত দিন কটাইছে ৷ আফগানিস্তানৰ পৰিস্থিতি দিনক দিনে বেয়াৰ দিশলৈ গৈছে ৷ এইখন দেশৰ ১০ লাখ মানুহ দুৰ্ভিক্ষৰ কৱলত পৰিছে ৷ অক্সফামৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে ৷ যোৱা বছৰ ছেপ্টেম্বৰ মাহত আফগানিস্থানত ২৫ লাখ মানুহ দুৰ্ভিক্ষৰ কৱলত পৰিছিল ৷ এই বছৰ মে’ মাহত সেই সংখ্যা বাঢ়ি ৩৫ লাখ হয়গৈ ৷ যোৱা এপ্ৰিল মাহত বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ ১০ হাজাৰ মানুহৰ মৃত্যু হৈছিল ৷ কিন্তু ক’ৰোনাৰ পৰিস্থিতিৰ মাজতে প্ৰতিদিনে ১২ হাজাৰ মানুহ অনাহাৰত মৃত্যু হৈছে বুলি অক্সফামৰ প্ৰতিবেদনত প্ৰকাশ ৷ আনহাতে কংগু, ভেনিজুৱেলা, আফ্ৰিকাৰ ইথিওপিয়া, ছুদান, দক্ষিণ ছুদান, মধ্য প্ৰাচ্যৰ ছিৰিয়া আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ হাইতিৰ দৰে দেশ বৰ্তমান চূড়ান্ত দৰিদ্ৰতাৰ কেন্দ্ৰ বিন্দুত পৰিণত হৈছে বুলি অক্সফামে জনাইছে ৷
বৃহৎ নদীবান্ধৰ সামগ্ৰী কঢ়িয়াই নিয়া তিনিখনকৈ গাড়ী জামুগুৰিহাটত জব্দ কৰিলে ছাত্ৰ সন্থাই।
জামুগুৰিহাট : সোৱনশিৰি নদীৰ ওপৰত গেৰুকামুখত নিৰ্মীয়মান হৈ থকা বৃহৎ নদীৰ বাবে সামগ্ৰী কঢ়িয়াই নিয়া তিনিখনকৈ ট্ৰাক কালি সন্ধিয়াৰ ভাগত সদৌ জামুগুৰি ছাত্ৰ সন্থাই জব্দ কৰিবলৈ সক্ষম হয়। লকডাউনৰ সুযোগ গ্ৰহণ কৰি বৃহৎ নদীবান্ধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে পশ্চিম বংগৰ পৰা গোপনে গেৰুকামুখলৈ সৰবৰাহ কৰা এই সামগ্ৰীসমূহ জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ সভাপতি অভিজিৎ নাথৰ নেতৃত্বত ছাত্ৰ সন্হাৰ দলটোৱে জব্দ কৰে। ঘটনাস্থলিত বৰ্তমান জামুগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বৃহৎ নদীবান্ধৰ সামগ্ৰীসমূহ নিজৰ কবজাত আনিবলৈ সক্ষম হয়। ইফালে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে লকডাউনৰ সময়ছোৱাত এইদৰে বৃহৎ নদী বান্ধৰ বাবে সামগ্ৰী কঢ়িয়াই নিয়া কাৰ্যৰ বাবে বৃহৎ নদী বান্ধ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ লগতে শাসকীয় চৰকাৰখনক দোষাৰোপ কৰে।
আয়ুর্বেদৰ জৰিয়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ আমেৰিকাৰ : সংগী ভাৰত ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
এইবাৰ আয়ুর্বেদৰ জৰিয়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰিব আমেৰিকাই ৷ সংগী হ’ব ভাৰত ৷ আমেৰিকাত আয়ুর্বেদিক ঔষধৰ সূত্ৰ (ফৰ্মূলা) পৰীক্ষা হ’ব বুলি জনালে দেশখনত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধুৱে ৷ সেই পৰীক্ষাত আছে দুয়োখন দেশৰ বিজ্ঞানী ৷ ক’ৰোনাক হৰুৱাবলৈ এতিয়াও উপায় ওলোৱা নাই ৷ কিন্তু বিশ্বজুৰি এই ৰোগ ৰোধ কৰিবলৈ আয়ুৰ্বেদ ব্যৱহাৰ কৰা হৈছে ৷ সুফল পোৱা গৈছে ৷ এইবাৰ ভাৰতৰ পথত আমেৰিকাতো ক’ৰোনা ৰোগীৰ ওপৰত আয়ুৰ্বেদ পৰীক্ষামূলক প্ৰয়োগ কৰা হৈছে ৷ দেশত ক’ৰোনা চিকিৎসাত আয়ুর্বেদিক থেৰাপিত সন্মতি দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ আয়ুস মন্ত্ৰালয়ৰ তত্ত্বাৱধানত আয়ুর্বেদিক উপাদানৰ পৰীক্ষাৰ বাবে তৈয়াৰ হৈছে টাস্ক ফ’ৰ্চ ৷ দেশৰ ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰিত ১৯ বিধ আয়ুর্বেদিক উপাদানৰ পৰীক্ষামূলক প্রয়োগৰ বাবে অনুমোদন দিয়া হৈছে ৷ এইবাৰ সেই ট্ৰায়েল হ’ব আমেৰিকাত৷ এই বিষয়ি টুইট কৰিছে ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধুৱে ৷ তেওঁ লিখিছে, ক’ৰোনা ৰোধত যৌথভাৱে কাম কৰিব ভাৰত আৰু আমেৰিকাৰ বিজ্ঞানীয়ে ৷ ক’ভিড সংক্ৰমণ নিৰ্মূল কৰাত কিদৰে আয়ুর্বেদ, সিদ্ধা, ইউনানিৰ ফৰ্মূলা কামত লগোৱা যায় তাক লৈ গৱেষণা কৰিব দুয়োখন দেশৰ বিজ্ঞানীয়ে ৷ তেওঁ লগতে জনায় যি এই ট্ৰায়েলৰ নেতৃত্বত থাকিব ইন্দো-মাৰ্কিন ছায়েন্স টেকন’লজী ফ’ৰাম৷ ভাৰতত ক’ৰোনা চিকিৎসাত ১৯টা উপাদানৰ ট্ৰায়েলৰ বাবে অনুমতি দিয়া হৈছে ৷ তাৰ মাজত আছে অশ্বগন্ধা, যষ্টিমধু আদি ৷
বাতিল হ’ল এছিয়া কাপ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ক’ৰোনা ভাইৰাছৰ বাবেই বাতিল হ’ল এছিয়া কাপ ৷ বুধবাৰে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা নিশ্চিত কৰে ৷ গাংগুলীয়ে কয়, ছেপ্টেম্বৰত এছিয়া কাপ হোৱাৰ কথা আছিল ৷ এইবাৰ এছিয়া কাপৰ আয়োজক আছিল পাকিস্তান ৷ শ্ৰীলংকাত এই টুৰ্ণামেণ্ট আয়োজনৰ চেষ্টা কৰিছিল আয়োজক পিচিবিয়ে ৷ আইপিএলক বাদ দি পাকিস্তানে এই টুৰ্ণামেণ্ট আয়োজনৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু সেয়া নহ’ল ৷ আনহাতে টি-২০ বিশ্ব কাপও প্রায় বাতিল হোৱাৰ পথত ৷ উল্লেখ্য যে যোৱা এছিয়া কাপত ভাৰত চেম্পিয়ন হৈছিল ৷ তেতিয়া বিৰাট কোহলিৰ বিশ্ৰামৰ বাবে ৰোহিত শৰ্মাই দলৰ নেতৃত্বৰ ভাৰ লৈছিল৷ গ্ৰুপ পৰ্যায়ত দুবাৰ পাকিস্তানক ভাৰতে পৰাস্ত কৰিছিল ৷ ফাইনেলত বাংলাদেশক হৰুৱাই ভাৰত চেম্পিয়ন হৈছিল ৷
ৰাজনৈতিক ক্ষমতাৰ অপ-ব্যৱহাৰেৰে ষড়যন্ত্ৰমূলক ভাৱে সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু মন্ত্ৰী যোগেন মহনৰ । মুখ্যমন্ত্ৰী, প্ৰেছ কাউন্সিলৰ হস্তক্ষেপ দাবী, নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়া।
নাজিৰা : নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ বিভিন্ন কুকীৰ্তি উদঙাই সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ পাছতেই সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে মন্ত্ৰীজনে থানাত গোচৰ ৰুজু কৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে নাজিৰাৰ সাংবাদিক সকল। খবৰ অনুসৰি শেহতীয়াকৈ অসম চৰকাৰৰ ৰাজহ আৰু গড়কাপ্তানী বিভাগৰ দ্বায়িত্ব লাভ কৰাৰ পাছতেই বিভাগীয় বিভিন্ন নিবিদাত মন্ত্ৰীজনে হস্তক্ষেপ কৰি একাধিক দুৰ্নীতি সংঘটিত কৰা বুলি যোৱা ১ জুলাইত তথ্য সহ এক বাতৰি প্ৰকাশ পায়। উক্ত বাতৰি প্ৰকাশৰ পাছতেই খড়্গহস্ত হৈ পৰা মন্ত্ৰী মহনে নাজিৰাৰ সাংবাদিকজনৰ বিৰুদ্ধে মৰাণহাট আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ 120(বি)/384/500/501/502/506 ধাৰাত 99/2020 ধাৰাত এক গোচৰ ৰুজু কৰে। সাধাৰণতে যিকোনো বাতৰিৰ সত্যতা খণ্ডন কৰি আইনী জাননী প্ৰেৰণ কৰাটো গণতান্ত্ৰিক অধিকাৰ যদিও মন্ত্ৰীজনে তাকে নকৰি ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰেৰে সংবাদকৰ্মী জনৰ বিৰুদ্ধে আৰক্ষী থানাত পোনপটীয়াকৈ জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰাটো সহজভাৱে লোৱা নাই নাজিৰাৰ সংবাদকৰ্মী সকলে। ৰাজনৈতিক ক্ষমতাৰে সাংবাদিকৰ মুখ বন্ধ কৰাৰ চক্ৰান্তত মন্ত্ৰীজন নামি পৰা বুলি নাজিৰাৰ সংবাদকৰ্মী সকলে বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। মুক্ত সাংবাদিক সন্থা নাজিৰাৰ সভাপতি খাইৰুল হাছানৰ সভাপতিত্বত অনুষ্ঠিত এক ভিডিঅ কনফাৰেঞ্চত মিলিত হৈ নাজিৰাৰ সাংবাদিক সকলে মন্ত্ৰী জনে গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভৰিৰে মোহাৰি আক্ৰোশমূলক ভাৱে সাংবাদিকৰ কলম ৰুদ্ধ কৰাৰ প্ৰচেষ্টাক গৰিহণা দিয়াৰ লগতে মন্ত্ৰী জনৰ দুৰ্নীতিৰ সমূহ তথ্য মুখ্য মন্ত্ৰীৰ লগতে গৃহ বিভাগক অৰ্পণ কৰাৰ সিদ্ধান্ত লয়। ইফালে সমগ্ৰ ঘটনাক নাজিৰাৰ বিভিন্ন দল সংগঠনে গৰিহণা দিছে।
লংকাত নকল সোণসহ আটক দুই প্ৰৱঞ্চক ।
লংকা : লংকা আৰক্ষী থানাৰ অধীনৰ পশ্চিম ডাবলঙত গাঁৱত মাটিৰ তলৰ পৰা সোণ উলিয়াই দিয়াৰ প্ৰলোভনেৰে ধন লুটিবলৈ আহি হাতে লুটে ৰাইজৰ হাতত আটক হ’বলগীয়া হ’ল দুজন প্ৰৱঞ্চক। প্ৰৱঞ্চক দুজন হ’ল নগাঁৱৰ জুৰিয়াৰ শিঙাৰীৰ ইদ্ৰিছ আলী আৰু হিফজুৰ ৰহমান। দুয়োজনৰ পৰা দুটা সোণৰ ৰঙৰ প্ৰলেপ দিয়া বিস্কুট আকৃতিৰ ধাতু, দুটা কলহ আৰু এখন ৰঙা ৰঙৰ কাপোৰ উদ্ধাৰ কৰা হৈছে। জব্দ কৰা হৈছে এখন চুইফট ডিজায়াৰ গাড়ীও। জানিব পৰা মতে, দুয়ো প্ৰৱঞ্চকে কালি নিশা AS 02M1646 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে পশ্চিম ডাবলঙৰ তাজ উদ্দিন নামৰ এজনৰ ঘৰলৈ আহিছিল। ঘৰত থিতাপি লোৱা অশাৰিৰীক আত্মাক ঘৰখনৰ পৰা খেদি পঠিওৱাৰ লগতে মাটিৰ তলত থকা সোণ উলিয়াই দিয়াৰ প্ৰলোভনৰ নাটক ৰচনা কৰিছিল দুয়োজনে। কিন্তু গাঁৱৰ ৰাইজৰ সন্দেহ হোৱাত সোধাপোছা কৰাত ওলাই পৰে উৰহি গছৰ ওৰ। লগে লগে হাতে লুটে আটক কৰি লংকা আৰক্ষীক গতাই দিয়ে দুয়োজনকে। উল্লেখ যোগ্য যে, কিছুদিন পূৰ্বে তাজ উদ্দিনৰ পৰিয়ালৰ এজন লোক আকস্মিকভাৱে মৃত্যু হৈছিল। মৃত্যুৰ কাৰণ ঘৰত থকা অশাৰীৰিক আত্মা বুলি দুই প্ৰৱঞ্চকে প্ৰতিয়ন নিয়াইছিল। তাজ উদ্দিনৰ পৰা তিনিটা মান কিস্তিত ১ লাখ ২৬ হেজাৰ টকাও সৰকাইছিল দুই প্ৰৱঞ্চকে। অৱশেষত জেল হাজে পাবলগীয়া হ’ল দুই প্ৰৱঞ্চক।
প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি ৷ উজ্জয়িনীৰ মন্দিৰত গ্ৰেপ্তাৰ ম’ষ্ট ৱানটেড গেংষ্টাৰ ৷ পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু ৷
দৈনন্দিন বাৰ্তা :
প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি পৰিল৷ কানপুৰত বিষয়াসহ ৮ আৰক্ষীক হত্যা কৰা ম’ষ্ট ৱানটেড গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ উজ্জয়িনীৰ এটা মন্দিৰৰ পৰা এই দুৰ্ধৰ্ষ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে প্ৰায় একে সময়তে হোৱা দুটা পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বৃহস্পতিবাৰে উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত পুৱা আঠ বজাত এই অপৰাধীটোক দেখা পায় ৷ মন্দিৰৰ চৌহদৰ এখন দোকানৰ পৰা ফুলৰ মালা কিনিবৰ সময়তে দোকানীয়ে বিকাশক চিনি পালে ৷ তাৰ পাছত তেওঁ মন্দিৰৰ নিৰাপত্তাৰক্ষীক কথাটো জনায় ৷ লগে লগে আৰক্ষীলৈ খবৰ যায় ৷ নিৰাপত্তাৰক্ষীয়ে বিকাশক মন্দিৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে ৷ কিন্তু বিকাশে ভুৱা পৰিচয়পত্ৰ দেখুৱায় ৷ নিৰাপত্তাৰক্ষী নিশ্চিত আছিল যে এই ব্যক্তি বিকাশেই ৷ তাতে বিকাশৰ লগত হতাহতি আৰম্ভ হয় ৷ কিন্তু শেষ ৰক্ষা নহ’ল ৷ মন্দিৰৰ নিৰাপত্তাৰক্ষীয়ে বিকাশক আটক কৰি ৰাখে ৷ পাছত আৰক্ষীৰ হাতত অপৰাধীটোক তুলি দিয়া হয় ৷ এই মন্দিৰৰ চিচিটিভি ফুটেজত দেখা যায় যে কেইজনমান আৰক্ষীয়ে বেৰি ৰাখিছে মাস্ক পিন্ধা বিকাশক ৷ আৰক্ষীৰ জেৰাত অপৰাধীটোৱে স্বীকাৰ কৰে কানপুৰৰ বিকাশ ডুবে বুলি ৷ তাৰ পাছতে অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে নিশা বিকাশক ধৰিবলৈ গাঁৱলৈ যোৱা আৰক্ষীৰ ওপৰত গুলী বৰ্ষণ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ কানপুৰত হোৱা সেই ঘটনাত ঘটনাস্থলীতে বিষয়াসহ আঠজন আৰক্ষী নিহত হৈছিল ৷ তাৰ পাছতে বিকাশৰ সন্ধানত আছিল আৰক্ষী ৷ বুধবাৰে হাৰিয়ানাৰ ফৰিদাবাদৰ এখন হোটেলত আছিল বুলি জনাৰ কিছু সময়ৰ পাছতে বিকাশ পলাই গৈছিল ৷ কিন্তু উজ্জয়িনীৰ মন্দিৰৰ পৰা পলাব নোৱাৰিলে গেংষ্টাৰ বিকাশ ৷ আনহাতে একেটা দিনতে পুৱা আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত বিকাশৰ দুই সহযোগীৰ মৃত্যু হয় ৷ তাৰে এটাক বুধবাৰে ফৰিদাবাদৰ হোটেলত বিকাশক ধৰিবলৈ যাওতে গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰৰ পাছত অপৰাধীটোক কানপুৰলৈ নিয়া হৈছিল ৷ ইপিনে গৈ থকা অৱস্থাত গাড়ীৰ চকা ফুটাত আৰক্ষীৰ আগ্নেয়াস্ত্র লৈ পলাবলৈ চেষ্টা কৰিছিল প্ৰভাত নামৰ অপৰাধীটো ৷ তেতিয়া আৰক্ষীয়ে গুলী চালনা কৰে ৷ ফলত গুৰুতৰভাৱে আহত অপৰাধীটোক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ৷ আনহাতে বিকাশৰ আন এক সহযোগী প্ৰবীন ওৰফে বৌবা ডুবেৰ আৰক্ষীৰ গুলীত মৃত্যু হয় ৷ উত্তৰ প্ৰদেশৰ এয়াৱাৰ ওচৰত দিনৰ ৩ বজাত এখন ছুইফট ডিজায়াৰ চাৰিটা দুষ্কৃতিকাৰীয়ে চুৰি কৰিছিল ৷ তাৰ প্ৰায় এঘণ্টাৰ পাছত আৰক্ষীয়ে সেই অপৰাধীক আটক কৰে ৷ তেতিয়া আৰক্ষীলৈ লক্ষ্য কৰি গুলী কৰিছিল ৷ আৰক্ষীয়ে তাৰ প্ৰত্যুত্তৰ দিয়ে৷ এই অপৰাধী চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ৷ এই অপৰাধীটোৰ পৰিচয় পোৱা নাই আৰক্ষীয়ে ৷ উল্লেখ্য যে প্ৰবীনক ধৰিবৰ বাবে আৰক্ষীয়ে ৫০ হাজাৰ টকা ঘোষণা কৰিছিল ৷
তথ্য ফাদিল হোৱা ৰোধ কৰাৰ পদক্ষেপ জোৱানৰ ম’বাইল ফোনৰ ৮৯টা এপ ডিলিট কৰিবলৈ ক’লে সেনাবাহিনীয়ে ৷
দৈনন্দিন বাৰ্তা :
ভিতৰৰ পৰা তথ্য ফাদিল হোৱা ৰোধ কৰিবৰ বাবে কৰ্মীসকলৰ ফোনৰ পৰা ৮৯টা এপ ডিলিট কৰিবলৈ কৈছে সেনাবাহিনীয়ে ৷ এই এপবোৰৰ মাজত আছে ফেচবুক, টিণ্ডাৰ, পাবজী, স্নেপশ্বট, ইনষ্টাগ্ৰাম, হেল’, ক্লাব ফেক্টৰী আদিৰ দৰে জনপ্ৰিয় এপবোৰ ৷ লাডাখ কাণ্ডৰ পাছত টিকটক, কেমস্কেনাৰ আদিৰ দৰে ৫৯টা এপ নিষিদ্ধ কৰিছিল কেন্দ্ৰই ৷ উল্লেখ্য যে যি ৮৯ টা এপ সেনাবাহিনীয়ে তেওঁলোকৰ কৰ্মীৰ স্মার্টফোনৰ পৰা ডিলিট কৰিবলৈ কৈছে সেইবোৰ বিভিন্ন ভাগত বিভক্ত ৷ ইয়াৰ ভিতৰত উই, চাট, হেল’, শ্বেয়াৰ চাট, আইএমঅ’ৰ দৰে এপবোৰ মেছেজিং এপ ৷ টিকটক, ছাম’চাৰ আদি ভিডিঅ’ হ’ষ্টিং এপ, জেণ্ডাৰ, শ্বেয়াৰৰেল্টা দৰে কণ্টেণ্ট শ্বেয়াৰিং এপ, ইউচি ব্ৰাউজাৰ আৰু ইউচি ব্ৰাউজাৰ মিনিৰ দৰে৷ৱেব ব্ৰাউজাৰ, জুম, লাইভমি, আপলাইভ ভিডিঅ’ এণ্ড লাইভ ষ্ট্ৰিমিং এপ, কেমস্কেনাৰ, ট্ৰু কলাৰ, বিউটি প্লাছ আদি ইউটিলিটি এপ, ডেইলি হাণ্ট আৰু নিউজ ডগৰ দৰে নিউজ এপৰ উপৰি মিউজিক এপ, ডেটিং এপ আদি এপবোৰে তথ্য ফাদিল কৰাৰ আশংকা কৰিছে সেনা প্ৰশাসনে ৷ তাৰ ফলতে এই পদক্ষেপ লোৱা হৈছে ৷ কূটনৈতিক মহলৰ অনুমান, অত্যাধুনিক প্রযুক্তি সমৃদ্ধ চীনৰ সৈতে টনাআজোৰা চলাৰ বাবেই এই উদ্যোগ লৈছে চৰকাৰে৷ যাতে কোনো কাৰণতে ভাৰতীয় সেনাৰ ফোনৰ যোগেদি ভাৰতৰ অভ্যন্তৰীণ খবৰ জানিবলৈ নাপায় ৷










